ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু অসমীয়া নাট্য-সাহিত্য: স্মৃতিৰেখা ভূঞা

(লভিতাৰ মুখৰ এটি সংলাপে মোৰ দৰে বহুতৰ মগজুত ৰেখাপাত কৰি যায়—‘যি ডেকাৰ অন্তৰত বিপ্লৱৰ জুই জ্বলা নাই, সি আজিৰ ডেকা হ’বই নোৱাৰে। ৰজাৰ অন্যায়, আইনৰ অন্যায়, দেশৰ অন্যায়, দেশৰ চলি থকা অন্যায় নিয়ম- কাৰণ, মূর্খ সমাজৰ সংকীৰ্ণ মনৰ মানুহৰ নিৰপৰাধী নিমাখিতৰ ওপৰত অন্যায়-অত্যাচাৰৰ বিৰুদ্ধে নিজৰ সুখ-সম্পদ, আনকি জীৱনকো দি যি ডেকাৰ থিয় হ’বলৈ মনত বল নাই, বুকুত শক্তি নাই, সি আজিৰ ডেকা হ’বই নোৱাৰে।’)ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ আছিল আধুনিক অসমীয়া জাতি গঠন প্রক্রিয়াৰ অন্যতম পূৰোধা ব্যক্তি। ১৯০৩ চনৰ ১৭ জুনত ডিব্ৰুগড় জিলাৰ তামোলবাৰী চাহবাগিচাত জন্মগ্রহণ কৰা এইগৰাকী ব্যক্তি একাধাৰে প্রথম অসমীয়া বোলছবি নির্মাতা, নাট্যকাৰ, সুৰকাৰ, গীতিকাৰ, কবি, ঔপন্যাসিক, প্রবন্ধকাৰ। ১৯৫১ চনৰ ১৭ জানুৱাৰীত অকালতে মৃত্যুবৰণ কৰা জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে অসমীয়া নাট্য-সাহিত্যৰ উন্নতিৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল।
তেওঁৰ ৰচিত নাটকসমূহ হ’ল—শোণিত কুঁৱৰী, কাৰেঙৰ লিগিৰী, ৰূপালীম, নিমাতী কইনা, সোণপখিলী, লভিতা, খনিকৰ সুন্দৰ কোঁৱৰ, কনকলতা।
জ্যোতিপ্রসাদ আগৰৱালাদেৱৰ নাটকৰ বিষয়ে লিখিবলৈ লৈ প্রথমতেই মনলৈ আহিছে “কাৰেঙৰ লিগিৰী” নাটকৰ কেইটামান ৰোমাণ্টিক সংলাপ ।
সুন্দৰ : শেৱালি! তই মোক ভাল পাৱনে?
শেৱালি : (স্বাভাৱিকভাৱে) পাওঁ কোঁৱৰ।
সুন্দৰ : (উগ্র হৈ) মোক-ভা-ল-পাৱ?
শেৱালি : (ভয় খাই নমতা হয়)
সুন্দৰ : (আত্মসম্বৰণ কৰি) কিয়? কিয় ভাল পাৱ?
শেৱালি : এনেয়ে ভাল পাওঁ ।
সুন্দৰ : (তাচ্ছিল্যৰে) এনেয়ে ভাল পাৱ? এনেয়ে ভাল পাৱ!
(শেৱালিয়ে কান্দিবলৈ ধৰে)
এনেয়ে ভাল পাৱ? এনেয়ে ?
শেৱালি : (কান্দি কান্দি) পা-ওঁ । এ-নে-য়ে। (কান্দি)
সুন্দৰ : মিছা-মিছা-মিছা ।
শেৱালি : (কান্দি কান্দি) পা-ওঁ-এ-নে-য়ে।
অন্তৰপৰশা সংলাপৰ যাদুভৰা নাটকখনত শেৱালিৰ চৰিত্ৰত উজলি উঠিছে ভালপোৱাৰ স্বৰ্গীয় ৰূপ। নাটকখনৰ মুখ্য চৰিত্ৰ সুন্দৰ কোঁৱৰ প্রগতিশীল বিপ্লৱী মানসিকতাৰ প্রতীক। নাটকখন যেন সামন্তবাদী সমাজ ব্যৱস্থাৰ বিৰুদ্ধে প্রেমমূলক কাহিনীৰ হাতধৰি উকমুকোৱা বিদ্ৰোহৰ স্ফুলিংগ।
১৪ বছৰ বয়সতে ৰচনা কৰা তেওঁৰ প্রথমখন নাটক ‘শোণিত কুঁৱৰী’ও আছিল ৰোমাণ্টিকধর্মী। নাটকখন মূলতঃ ঊষা-অনিৰুদ্ধৰ প্রেমকাহিনীত আধাৰিত। প্রেম, যৌৱন, সুন্দৰৰ জয়গীত গোৱা নাটকখনত অসমীয়া লোকনৃত্য আৰু শাস্ত্ৰীয় নৃত্যৰ সুন্দৰ সংযোজন হৈছিল।
‘ৰূপালীম” নাটকখনতো ৰূপকোঁৱৰৰ ৰোমাণ্টিক ভাব-বিলাসিতাৰ প্রতিফলন ঘটিছে। নাটকখনৰ মুখ্য চৰিত্ৰ ৰূপালীম আৰু মণিমুগ্ধৰ কথোপকথনত ‘ৰূপালীম’ৰ ‘মায়াব’ৰ প্রতি থকা অপূৰ্ব ভালপোৱা নিগৰি পৰিছে ।
মণিমুগ্ধ : (ভ্ৰূ সংকুচিত কৰি ) ৰূপালীম! মায়াবক তুমি বৰ ভালপোৱা ?
ৰূপালীম : (একে উশাহতে) পাওঁ।
মণিমুগ্ধ : কিমান ?
ৰূপালীম : মই ক’ব নোৱাৰো। খুব ভালপাওঁ। গছত যিমান ফুল আছে, ডালত যিমান পাত আছে, নৈত যিমান পানী আছে। শূইনত যিমান বতাহ আছে, নিশাৰ আকাশত যিমান তৰা আছে – তিমান ।
নাটকখনত ‘মায়াব’ সাহসী, প্রেমিক অথচ অন্যায়ৰ প্রতিবাদ কৰিব নজনা এক ট্ৰেজিক চৰিত্ৰ। জীৱনৰ অসহায়তা, যৌৱনৰ প্রচ্ছদপট অংকণত ৰূপালীম নাট অদ্বিতীয়।
“নিমাতী কইনা” জ্যোতিপ্রসাদৰ এখন গীতিধর্মী শিশুনাট। সাধুকথাৰ ওপৰত আধাৰিত নাটখনত নিমাতী কইনাৰ মুখৰ মাত উলিয়াবলৈ দেশ-বিদেশৰ বহুজনে আপ্রাণ চেষ্টা কৰাৰ পিচত বীণবৰাগীৰূপী ৰূপকোঁৱৰহে কৃতকাৰ্য হয়। সম্পূৰ্ণ কাব্যধর্মী নাটকখনত গীত, কাব্য আৰু নৃত্যৰ সংমিশ্ৰণ অতুলনীয়।
“সোণপখিলী” জ্যোতিপ্রসাদৰ আন এখন ৰূপকধর্মী শিশুনাট । নাটখনত কবিতাকুমাৰ, চিন্তাকুমাৰ, মনীষাকুমাৰ নামৰ চৰিত্ৰকেইটাৰ জৰিয়তে কাব্য, চিন্তা আৰু জ্ঞানৰ সন্ধান কৰা হৈছে ।
জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ “লভিতা”খন দ্বিতীয় মহাসমৰ আৰু ৪২ৰ গণ-আন্দোলনৰ পটভূমিত এখন বলিষ্ঠ সামাজিক নাটক। মুখ্য নায়িকা লভিতা প্রগতিশীল নাৰীশক্তিৰ চানেকি, সাম্যবাদী ভাবধাৰাৰে পৰিচালিত এক চৰিত্ৰ । লভিতাৰ মুখৰ এটি সংলাপে মোৰ দৰে বহুতৰ মগজুত ৰেখাপাত কৰি যায়—‘যি ডেকাৰ অন্তৰত বিপ্লৱৰ জুই জ্বলা নাই, সি আজিৰ ডেকা হ’বই নোৱাৰে। ৰজাৰ অন্যায়, আইনৰ অন্যায়, দেশৰ অন্যায়, দেশৰ চলি থকা অন্যায় নিয়ম- কাৰণ, মূর্খ সমাজৰ সংকীৰ্ণ মনৰ মানুহৰ নিৰপৰাধী নিমাখিতৰ ওপৰত অন্যায়-অত্যাচাৰৰ বিৰুদ্ধে নিজৰ সুখ-সম্পদ, আনকি জীৱনকো দি যি ডেকাৰ থিয় হ’বলৈ মনত বল নাই, বুকুত শক্তি নাই, সি আজিৰ ডেকা হ’বই নোৱাৰে।’
“খনিকৰ” লভিতাৰ দৰেই সামাজিক নাটক নাটকৰ নায়ক নবীন শিল্পী। নাটকখনত সমসা্ময়িক কমিউনিষ্ট আন্দোলনৰ ৰেঙনি দেখা যায়।
“সুন্দৰ কোঁৱৰ” নাটকখন কাৰেঙৰ লিগিৰী নাটকৰ ছিকুৱেল বুলিব পাৰি । নাটকখনত সুন্দৰ কোঁৱৰ চৰিত্ৰটো কাৰেঙৰ লিগিৰী নাটকৰ তুলনাত অধিক সবল। সমাজৰ প্রতি দায়বদ্ধতা, বিদ্রোহাত্মক মানসিকতাৰ সুন্দৰ প্রতিফলন ঘটিছে ।
“কনকলতা” জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ দ্বাৰা ৰচিত শেষ নাটক। কনকলতাক মুখ্য চৰিত্ৰৰূপে লৈ নাটকখন ৰচনা কৰাৰ সময়ত তেওঁ শয্যাশায়ী আছিল আৰু নাটকখন অসমাপ্ত হৈ ৰয়।
জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ নাটকসমূহে তেওঁৰ জাতীয়তাবোধ, আধুনিক প্ৰগতিশীল মানসিক পৰিজগতক প্রতিনিধিত্ব কৰাৰ উপৰিও প্রেমময় ভাৱজগতক প্রতিফলিত কৰে। চৰিত্ৰসমূহৰ জৰিয়তে দেশপ্রেম, ৰাজনৈতিক মতাদর্শ, বিপ্লৱী চেতনা, সাধাৰণ জনতাৰ সুখ-দুখ, জীৱন পৰিক্ৰমাৰ আভাস, থলুৱা কলা-সংস্কৃতিৰ সম্যক ধাৰণা দাঙি ধৰিবলৈ তেওঁ সমর্থ হৈছিল ।
নাট্যকাৰ, সামাজিকভাৱে দায়বদ্ধ নাট্যশিল্পী হিচাপে অসমীয়া নাট্য-সাহিত্যৰ জগতত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ অৱদান চিৰযুগমীয়া হৈ ৰ’ব ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments