ৰূপহী ভার্জিনীয়া, ব্লু ৰিডজ পার্কৱে আৰু নেচাৰেল ব্ৰীজ (তিৰুজ্যোতি বৰা দাস)

ৰূপহী ভার্জিনীয়া, ব্লু ৰিডজ পার্কৱে আৰু নেচাৰেল ব্ৰীজ
তিৰুজ্যোতি বৰা দাস

 

 

অনুপম প্ৰাকৃতিক সৌর্ন্দয্যই আটোম-টোকাৰীকৈ ভার্জিনীয়াখনক গঢ় দিছে বাবে এই লেখাত ভার্জিনীয়াখনক (Virginia) ৰূপহী ভার্জিনীয়া বোলাই যুগুত হ’ব। সাধাৰণতে ভার্জিনীয়াখনক প্ৰেমীসকলৰ কাৰণে বুলি কোৱা হয় (Virginiais for lovers)। ভার্জিনীয়াৰ বাবে আমাৰ যাত্ৰা আৰম্ভ হৈছিল ২০১১ চনৰ মে মাহত। আনবোৰ যাত্ৰাৰ দৰেই এই যাত্ৰাটো মোৰ সংগী আছিল মোৰ জীৱনসংগী মানস। যাত্ৰাৰ প্ৰথমদিনা আমি ভার্জিনীয়াৰ লুৰে কের্ভাৰনছ (Luray Caverns ) ,কাৰ এন্দ কেৰেজ কেৰেভান মিউজিয়াম চালোঁ আৰু ৰাতিটো হোটেলত কটাই ২য় দিনা আমি ব্লু ৰিডজ পার্কৱেৰে নেচাৰেল ব্ৰীজলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ।
এপালেচিয়ান পর্বতমালাৰ মাজেৰে প্ৰায় ৪৬৯ মাইল জুৰি আছে ব্লু ৰিডজ পার্কৱে (Blue Ridge parkway)। ইয়াৰ দুয়োমূৰে আছে চেনানদহ নেচনেল পার্ক (Shenandoah National park) আৰু গ্ৰেট স্মোকী মাউনটেইন নেচনেল পার্ক (Great Smoky mountain national park)। আমাৰ যাত্ৰা আৰম্ভ হৈছিল চেনানদহ নেচনেল পার্কৰ পৰা নেচাৰেল ব্ৰীজলৈকেহে। এই যাত্ৰাত ৰড’ড্ৰেনডন ফুলবোৰে বতাহত হালি জালি আমাক স্বাগতম জনাইছিল। কেতিয়াবা আমাৰ কৃষ্ণচূড়াৰ দৰে ৰঙা,কেতিয়াবা গুলপীয়া ৰঙ লৈ থোপা থোপাকৈ ফুলি আকাশখন চাট মাৰি ধৰিছিল। দুই এঠাইত চেৰীফুলবোৰেও ভূমুকি মাৰিছিলহি। আমাৰ ছিলঙৰ যাত্ৰাৰ দৰে এই যাত্ৰাও আছিল পাহাৰৰ মাজেৰে অকোৱা-পকোৱাকৈ কৰা যাত্ৰা। মাজে মাজে অনুভব হৈছিল আকাশৰ মেঘবোৰ যেন তললৈ নামি আহিছিল, খুউব ওচৰত দেখা গৈছিল সেইয়া। এজেলীয়া ফুলৰ সুবাসেৰে যাত্ৰাটো মুখৰিত হৈ পৰিছিল। নাম নজনা অচীন চৰাইৰ কিচিৰ মিচিৰ শব্দ, দুকাষৰ সেউজ অৰণ্য, বিভিন্ন ৰঙৰ বনৰীয়া ফুল আৰু আৰু ৰঙা ফাকুগুৰি সানি আকাশ মুখৰিত কৰা ৰড’ড্ৰেনডন ফুলবোৰ যে কেনে সুন্দৰ আছিল সেই কথা লিখিবলৈ লৈ মই অসফল হৈছোঁ। ৰড’ড্ৰেনড্ৰন আৰু এজেলিয়া ফুলবোৰ দেখি ডেফেনু ডু মাৰিয়াৰ “ৰেবেকা” উপন্যাসৰ মেণ্ডাৰলীৰ বর্ণনা দিওঁতে ব্যৱহাৰ কৰা জুইৰ দৰে ৰঙা ৰড’ড্ৰেনড্ৰন ফুলবোৰলৈ মনত পৰি গৈছিল।

 

জি পি এচে দিয়া নির্দেশত দুবাৰমান ৰাস্তা ভুল কৰি আমি দুপৰীয়া নেচাৰেল ব্ৰীজ(Natural Bridge) ওলালোঁগৈ। নেচাৰেল ব্ৰীজ চোৱাৰ আগতে আমি তিনিটা সংগ্ৰহালয় চাই ল’লোঁ। সেইকেইটা হৈছে Butterflies at the Bridge ,Toy museum আৰু Wax museum। ইয়াৰে প্ৰথমটোত বিভিন্ন প্ৰজাতিৰ জীৱন্ত পখিলা আছিল। Toy museum টো আছিল পুতলাৰ আৰু Wax museum টোত মমৰ বিভিন্ন মূর্তি থকাৰ উপৰি কেনেকৈ শিল্পীসকলে মমৰ মূর্তি নির্মাণ কৰে তাৰ বহুল বর্ণনা দেখুওৱা হৈছিল, প্ৰথমৰ পৰা শেষলৈকে। জর্জ ৱাচিংটন,থমাছ জেফাৰচনকে ধৰি ওবামালৈকে প্ৰায় সকলোবোৰৰে এই সংগ্ৰহালয়ত মূর্তি ৰখা হৈছিল। এই সংগ্ৰহালয়ত The Last Supper ৰৰো দৃশ্যাংশ দেখুওৱা হৈছিল।

এই তিনিওটা সংগ্ৰহালয় চোৱাৰ পিছত আমি নেচাৰেল ব্ৰীজ চাবলৈ আগবাঢ়িলোঁ। আমাক বাচেৰে লৈ যোৱা হৈছিল। গাইডজনে অর্নগল এই ঠাইৰ ঐতিহ্যৰ বিষয়ে কৈ গৈছিল। নেচাৰেল ব্ৰীজ ভার্জিনীয়াৰ এক ঐতিহ্যমণ্ডিত প্ৰতীক। নেচাৰেল ব্ৰীজ চাবলৈ যোৱাৰ আগতে কিতাপত Fredric Edwin Church (১৮২৬-১৯০০) ৰ এখন সুন্দৰ তেল ৰঙৰ ছবি চোৱাৰ সৌভাগ্য আমাৰ হৈছিল। এই ছবিত ৰ’দত  উজলি উঠা আকাশৰ সৈতে নেচাৰেল ব্ৰীজৰ হুবহু প্ৰতিফলন দেখা পোৱা যায়। ছবিখনত বগা চার্ট পিন্ধা এজন মানুহকো অংকন কৰা হৈছিল। ১৮৫২ চনতে কৰা সেই পেইন্টিংখনত নেচাৰেল ব্ৰীজৰ তলত বর্তমান দেখা পোৱা ৰাস্তা অংকিত কৰা হোৱা নাছিল,তাৰ ঠাইত ওখোৰা মোখোৰা শিলাময় পৃষ্ঠাৰ ছবিহে অংকণ কৰা হৈছিল।

নেচাৰেল ব্ৰীজলৈ সোমাই যোৱাৰ সোঁহাতে শাৰী শাৰীকৈ বেঞ্চ সজাই থোৱা আছিল। আমি বহুসময় তাতে বহি নেচাৰেল ব্ৰীজৰ সৌর্ন্দয্য উপভোগ কৰিলোঁ। এক স্বর্গীয় অনুভব সেয়া। ৰ’দৰ পোহৰত আমাৰ সন্মুখত উজলি আছিল ২১৫ ফুট ওখ আৰু ৯০ ফুট বহলৰ নেচাৰেল ব্ৰীজ। এচটা শিলেৰে গঠিত হৈছে এই প্ৰকৃতিৰ দলং। জেমছ নদী(James River)ৰ উপনৈ চেডাৰ গ্ৰীক (Cedar Greek)খন নেচাৰেল ব্ৰীজৰ তলেৰে বৈ গৈছে। ইয়াৰ পানী আছিল পৰিস্কাৰ।পানীৰ তলৰ বিভিন্ন আকৃতিৰ শিলবোৰ স্বচ্ছ পানীৰ মাজেৰে দেখা পোৱা গৈছিল। নেচাৰেল ব্ৰীজৰ এটা অংশৰ প্ৰতিবিম্ব সেই পানীত ফটফটীয়াকৈ দেখা পোৱা গৈছিল, আনকি শিলৰ ৰঙো নিখুঁট ভাবে প্ৰতিফলিত হৈছিল চেডাৰ গ্ৰীকৰ পানীভাগত। দুয়োকাষে থকা কঠিন শিলৰ আবেষ্টনীৰে নেচাৰেল ব্ৰীজখন দূৰৰ পৰা সুৰংগ বা গুহাৰ আকৃতিৰ দৰে দেখা যায়। ৰ’দ পৰি তৰপে তৰপে থকা বিভিন্ন আকৃতিৰ শিলত নানানটা ৰং প্ৰতিফলিত হৈছিল। কিছুমান শিল হৈ পৰিছিল হালধীয়া ৰঙৰ, কিছুমান শেলুৱৈ ভর্তি সেউজ ৰঙৰ, কিছুমান সামান্য মুগা ৰঙৰ। এক নিজম পৰিবেশ বিৰাজ কৰিছিল এই অংশত। নেচাৰেল ব্ৰীজ চাবলৈ অহা মানুহৰ সংখ্যা বহুত আছিল যদিও সকলোৱে আচৰিত ধৰণে মৌনতা অবলম্বন

কৰিছিল। পানীৰ শব্দ, বিভিন্ন চৰাইৰ কিচিৰ-মিচিৰ শব্দইহে মাজে মাজে সেই মৌনতা ভংগ কৰি

তুলিছিল। বিস্ময় আৰু ৰহস্যময় এক আর্কষণে মোকো নেচাৰেল ব্ৰীজৰ সন্মুখত বোবা কৰি তুলিছিল।

নেচাৰেল ব্ৰীজৰ তলেৰে আমি চেডাৰ গ্ৰীক ট্ৰেইলেৰে খোজকাঢ়ি আগবাঢ়িলোঁ। এই ট্ৰেইলৰ কাষতে এখন মনাকন ইণ্ডিয়ানৰ (Monacan Indian) গাঁও দেখুওৱা হৈছিল। তাত পুৰণিকালত তেওঁলোকে কেনেকৈ জীৱন নির্বাহ কৰিছিল তাক দেখুওৱা হৈছিল। তেওঁলোকৰ চিকাৰ কৰাৰ পদ্ধতি ,বাঁহ-বেতেৰে ব্যৱহৃত সঁজুলি নির্মাণ কৰা, কাপোৰচিলাই কৰা, খোৱা বস্তু কেনেদৰে ৰান্ধি খাইছিল, গুহাৰ দৰে ঘৰত কেনেদৰে বাস কৰিছিল এইসকলোবোৰ দেখুওৱা হৈছিল। সেই যুগৰ ঘৰ সজাই ৰখা হৈছিল আৰু সেই যুগৰ কাপোৰ পিন্ধি পুৰুষ আৰু মহিলাসকলে তেওঁলোকৰ কামবোৰ কৰি গৈছিল আৰু আমি সোধা প্ৰশ্নৰো উত্তৰ দিছিল।

চেডাৰ গ্ৰীক ট্ৰেইলেৰে আগুৱাই গৈ থাকিলে একেবাৰে শেষত এটি জলপ্ৰপাত পোৱা যায়। ট্ৰেইলৰ কাষে কাষে চেডাৰ গ্ৰীক নদীখনেও পাহাৰীয়া শিলৰ মাজেৰে খলখলাই বৈ গৈছিল। আমি এনেদৰে খোজকাঢ়ি যাওঁতে এগৰাকী আমেৰিকান মহিলাক লগ পালোঁ। তেওঁ লগত পাচটা ল’ৰা-ছোৱালী লৈ গৈছিল। দুটি শিশু বহি গৈছিল ষ্টলাৰখনত, ডাঙৰটি কাষত খোজকাঢ়ি গৈছিল আৰু দুটা দেখাত একে বয়সৰ শিশুক তেওঁ হাকোটাত ৰচি লগাই (বজাৰত এনে সঁজুলি কিনিবলৈ পোৱা যায়) কঁকালত বান্ধি লৈছিল। কঁকালত এনেদৰে বান্ধি লোৱাৰ ফলত অতি খটাসুৰ যেন লগা শিশু দুটা মহিলাগৰাকীৰ কাষে কাষে যাবলৈ বাধ্য হৈছিল।

সন্ধ্যা হোৱাৰ আগে আগে আমি চেডাৰ গ্ৰীক ট্ৰেইলেৰে উভটি আহি পুনৰ নেচাৰেল ব্ৰীজৰ সন্মুখত বহিলোঁ। চেডাৰ গ্ৰীক নদীখন বুকুত বান্ধি ৰোমাঞ্চকৰ বহু মধুৰ অভিজ্ঞতা লৈ আমি ৰাতি ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ।

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক