ৰূপান্তৰৰ গদ্য–হিৰন্ময়ী গগৈ কোঁৱৰ

“বাহিৰৰ বাথৰূমটো দেখুৱাই দে৷“
এটা টান মাত আহি তাইৰ কাণত পৰিল৷ টান মাতৰ মানুহবোৰৰৰ অন্তৰখন বোলে কোমল থাকে, গতিকে তাইৰ বেয়া নালাগিল৷

ছোৱালী থ’বলৈ অহা মানুহবোৰ তলত পাৰি থোৱা মেট্ৰেছকেইখনতে শুই আছিল৷ তাইৰো মন গৈছিল আৰু অকণমান ঢেৰাই-মেৰাই শুই থাকিবলৈ৷

হ’লেও তাই উঠিল৷ মাক খুৰীয়েকহঁতে শিকাই পঠিওৱামতে তাই উঠিয়ে ঘৰটো সাৰো বুলি ঝাড়ুটো হাতত ললে৷ এনেতে মানুহ এগৰাকীয়ে “হ’ব থোৱা নিয়মটোহে৷ গাটোকে ধুই লোৱাগৈ যোৱা “ বুলি কোৱাত তাই বৰ সকাহ পালে৷ কেইবাদিনৰ ব্যস্ততা আৰু টোপনি খতিয়ে তাইক লেবেজান কৰি পেলাইছিল৷
ঝাড়ুডাল থৈ কাপোৰজাপ হাতত লওঁতেই টান মাতটো আহি তাইৰ কাণত পৰিছিল৷
তাইৰ এনে লাগিল তেওঁ তাইক দূৰৰ পৰা লক্ষ্য কৰি আছিল৷

“আঁহা এইফালে“ কোঠাটোৰ দুৱাৰমুখৰ পৰা মানুহগৰাকীয়ে মাত লগালে৷ এওঁৰ মাতষাৰ কোমল, তাই মূৰ তুলি চালে৷ তেওঁৰ চকু মুখত ভাগৰৰ চিন স্পষ্ট৷ তাই মন্ত্ৰমুগ্ধৰ দৰে তেওঁৰ পাছে পাছে গ’ল৷ পাছফালৰ পৰা তাই মানুহগৰাকীক লক্ষ্য কৰিলে, তেনেই সাধাৰণ মেখেলা-চাদৰ পৰিহিতা এগৰাকী মধ্যবয়সীয়া মানুহ৷ নিয়মীয়া ওখ৷ কোন হব পাৰে বাৰু!
তাইৰ মনোভাৱ বুজিব পাৰিয়েই হয়তো তেওঁ কলে,
“মোক খুড়ীদেউ বুলি কবা৷“
“হব খুড়ীদেউ৷“

পাছ চোতালত ৰভা দিয়া আছিল আৰু বিয়াঘৰীয়া বস্তু কিছুমান অ’ত ত’ত পৰি আছিল আৰু তাইৰ নৱবিবাহিত স্বামী ৰণে সেইবোৰ গত লগাই আছিল৷ এপাকত তেওঁৰ চকুৱে চকুৱে পৰাত তাই লাজতে চকু আঁতৰাই আনিলে৷

“তই কামত লাগিলিয়ে নেকি!“ খুড়ীদেউৱে তেওঁক মৃদু ভৎসৰ্না কৰিলে৷
চোতালৰ এমূৰে থকা গা-ধোৱা ঘৰটোলৈ আঙুলিয়াই কলে, “যোৱা গাটো ধুই লোৱাগৈ৷“
দুৱাৰখন খুলিলতে হাৰপিকৰ গোন্ধ আহি তাইৰ নাকত লাগিল৷ কালি যে সিহঁতৰ গা-ধোৱা ঘৰটো কেনেকুৱা ভেকেটা-ভেকেট গোন্ধাইছিল ঐ!
ভাবিয়েই তাইৰ ওকালি অহা যেন লাগিল৷
ৰাতিপুৱাই চাফা বাথৰূমটো দেখি তাইৰ ভাল লাগিল!
ভিতৰত কাপোৰকেইটা থৈ দুৱাৰখন বন্ধ কৰিলে তাই৷ বগা টাইলচত তাইৰ চেণ্ডেলত লাগি যোৱা লেতেৰা লাগি অকণমান বোকা যেন লাগিল৷ পানী ঢালি তাই সেইখিনি চাফা কৰি ললে৷

কাপোৰ সলাইহে তাই গম পালে বাথৰূমত চাবোন নাই৷ মহা সমস্যাত পৰিল, তায়ো ঘৰৰ পৰা দি পঠিওৱা চাবোনো উলিয়াবলৈ পাহৰিলে৷ কি হব এতিয়া! ঘৰত হোৱা হলে কাৰোবাক চিঞৰিলেহেঁতেন, এতিয়া কাক মাতিব, তাতে এই অৱস্থাত আৰু চাবোন নোহোৱাকৈ! তাই জ্বৰে ঘামে ঘমাদি ঘামিল৷ অৱশেষত শ্লেপখনৰ চুকৰফালে অকণমানি এটুকুৰা দেখি তাৰে কামটো চলাব বুলি ভাবিলে আৰু যেনেতেনে৷

এনেতে বাথৰূমৰ দুৱাৰত টোকৰ পৰিল৷
“বোৱাৰী এইটুকুৰা লোৱা৷“
সম্বোধনটো শুনি তাইৰ কেনেবা লাগিল৷ একে ৰাতিৰ ভিতৰতে সকলো কেনেকৈ সলনি হৈ যায়! এইখিনিৰ বাবে ইমান আয়োজন! মাতটো বুজি পালে তাই, তাইক বাথৰূম দেখুৱাই দিয়া খুড়ীদেউগৰাকী৷ তাই কেনেকৈ দুৱাৰ খুলিব বুলি ভাবি থাকোঁতেই দেখিলে খুড়ীয়েকে নতুন চাবোন এটুকুৰা পেকেটেৰে সৈতে দুৱাৰৰ তলেৰে ঠেলি ঠেলি সুমুৱাই দিছে৷
ফাঁকটো সৰু আছিল, তাই টানি চাবোনডোখৰ সুমুৱাই আনিলে৷ মনে মনে খুৰীয়েকক তাই ধন্যবাদ জনালে৷ বৰ অস্বস্তিকৰ পৰিস্থিতি এটাৰ পৰা ৰক্ষা পৰিল তাই৷ চাবোন নোহোৱাকৈ গা ধোৱা! ইচ্ ইচ্ তাই ভাবিবই নোৱাৰে তাতে নতুন ঘৰত প্ৰথম দিনাই৷

গা ধুই উঠি দুৱাৰখন খুলিবলৈ তাই বৰ বিপাঙত পৰিল৷ আৰু কোনোবা শুই উঠিছিল চাগৈ৷ বাহিৰত কথাবতৰা পতা শুনিলে৷ এই খমখমীয়া নতুন চাদৰ মেখেলা, হাতত তিয়নি, উৰণি-বাৰণিৰে তাই কেনেকৈ বাহিৰ ওলাই যাব৷ পেটিকোটৰ ৰছীডাল তাই এবাৰ পৰীক্ষা কৰি চালে৷ কাপোৰ-কানিখিনিও সংযত কৰিলে৷ কিছু সময় কাণ উনাই তাই ভিতৰতে ৰ’ল৷ মানুহখিনিৰ গুণগুণনি চলিয়েই আছিল৷ মানুহখিনি অকণমান আঁতৰি দিয়া হলে! সদায় আইনা চাইহে কাপোৰ-কানি পিন্ধাৰ অভ্যাস তাইৰ৷ আজি কেনেকৈ বা পিন্ধি আছে!

কাপোৰ-কানিকেইটা তাই যিমান পাৰি ঠিক কৰি ললে আৰু কিছু সময় তলকা মাৰিলে৷
বাহিৰত মানুহৰ গুণগুণনি নাইকিয়া হোৱা যেন পাই তাই দুৱাৰৰ হুকটো লাহেকৈ খুলিলে৷ বাওঁহাতেৰে তিয়নিখিনি লৈ দুৱাৰখন সোঁহাতেৰে ঠেলি দিওঁতেই খুড়ীদেউগৰাকীক দেখি তাই সকাহ পালে৷

“গা ধুলা?“ তেওঁ কলে৷
“ ধুলো খুড়ীদেউ “ বহুত দেৰি কৰিলে চাগৈ দেই তাই! তাইহে জানে ভিতৰত কি কৰি আছিল!

“কাপোৰখিনি সৌডাল ৰছীত মেলিবা দেই৷“ তেওঁ অলপ আঁতৰত থকা ৰছী এডাললৈ আঙুলিয়াই দেখুৱালে৷ সেইখিনি ঠাইলৈ মানুহ বৰকৈ নাযায় চাগৈ৷ তলৰ বনবোৰ দীঘল হৈ আছিল৷ তাই মেখেলাখন অলপ কোঁচাই কাপোৰখিনি ৰছীডালত মেলি থৈ আহিল৷

খুড়ীদেউ চোতালতে ৰৈ আছিল৷
“তোমালোকৰ ৰুমলৈ গৈ ভালকৈ কাপোৰ কানি পিন্ধি লোৱাগৈ৷“ তেওঁ কলে৷

ভিতৰলৈ সোমাইহে তাইৰ খেলি-মেলি লাগিল৷ তাইৰ ৰূমটো কোনফালে বা আছিল! ৰণলৈ খং উঠিছিল তাইৰ৷ অকণমানো খবৰ লব নালাগেনে তাইৰ! দলনিত পোনা মেলাদি এৰিয়েই দিলেহি৷

খুড়ীদেৱে কথাটো বুজিব পাৰি তাইক ৰূমত সুমুৱাই থৈ গ’লহি৷ তাইৰ বৰ লাজ লাগিল৷ খুড়ীয়েকহঁতো সাৰ পাইছিল৷ সাজি-কাছি যোৱা চকু-মুখ ভাগৰে কেনেবা কৰি পেলাইছিল৷

তিয়নী কাপোৰযোৰ সলাই তাই খমখমীয়া পাটৰ এসাজ পিন্ধিলে৷ মূৰৰ পৰা গামোছাখন আঁতৰাই যিমান পাৰি চুলিখিনি টুকি ললে৷ তিতা চুলিখিনি ফণিয়াই যেনেতেনে খোপা এটা বান্ধিলে৷ শিৰত সেন্দূৰকণ লওঁতে গোটেইজনী কঁপি উঠিল৷ দুফোঁটমান আহি তাইৰ কাপোৰতো পৰিল৷ ড্ৰেছিং আইনাখনৰ আগত ৰৈ তাইৰ নিজকে চাবলৈ লাজ লাগিল৷

আজি বোলে ঘৰৰ পৰা নিয়া জলপানেৰে দিনটো আৰম্ভ কৰিব লাগে৷ মানুহবোৰে কলে৷ মাকেও কৈ পঠাইছে৷ তাইৰ পিছে ভাত কেইটামান খাবলৈহে মন গ’ল৷ কালিৰে পৰা ভালকৈ ভাত খুৱাই নাই বুলিব পাৰি৷ পেটতো পকাই উঠিল তাইৰ৷ ভাত কেইটামান খাবলৈ পোৱা হলে!

নাই নাই আজি তাই জলপানেই খাব৷ সোনকালে খাবলৈ পালেই হ’ল৷ ঘৰত হোৱা হ’লে ইমান পৰে পাকঘৰ লুৰুকিলেগৈহেঁতেন৷ দুফোঁট চকুলো সৰি পৰিল তাইৰ৷

“নছোৱালীয়ে আজি জলপান খোৱাৰ নিয়ম৷ পিচে তুমি ভাতকে কেইটামান খাবা৷“ খুড়ীদেউগৰাকীয়ে আহি কলেহি৷

“নালাগে খুড়ীদেউ হব৷“ তাই মুখেৰে বাধা দি উঠিল, মনেৰে পিছে হ’ব হ’ব কৰি উঠিল৷

“কালিৰে পৰা তোমাৰ খোৱা-বোৱা ভালকৈ হৈছে জানো? গৰম ভাত কেইটামান খালে ভাল লাগিব৷ ৰণে কৈ পঠিয়াইছে দেই মোক! ভাত হলেই তোমাক মাতিমহি৷ “

আৰু এফোঁট চকুলো সৰি পৰিছিল তাইৰ৷ আনন্দতে৷ আবেগতে৷ ■ ■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments