ৰূপালীম শেষ হ’ল (দেৱব্ৰত গগৈ)

ৰূপালীম আৰু নাই। অৱশ্যে জ্যোতিপ্ৰসাদৰ ৰূপালীম নহয় , তেখেতৰ জোৱাঁয়েকৰ ৰূপালীমৰ কথাহে কৈছোঁ। শিৱসাগৰ নগৰৰ মাজ-মজিয়াত অৱস্থিত ঐতিহ্যমণ্ডিত ৰূপালীম ছবিঘৰ, যিটো নাম আমাৰ দৰে সাধাৰণৰ মুখত পৰি পৰি “ৰূপালী” হৈছিলগৈ। শিৱসাগৰৰ অন্যতম সম্ভ্ৰান্ত পৰিয়াল “চলিহা-ঘৰৰ” সম্পত্তি আছিল এই ৰূপালীম ছবিঘৰ যিটো স্থাপন কৰিছিল জ্যোতিপ্ৰসাদৰ জোৱাঁয়েক আৰু প্ৰয়াত মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাৰ ভতিজাক সত্যব্ৰত চলিহাই। অৱশ্যে এই মালিকীস্বত্ববোৰৰ কথা বুজন বয়সতহে গম পাইছিলোঁ কিন্তু তাৰ আগতেই আমি “ৰূপালীমক” আমাৰ আপোন কৰি লৈছিলোঁ। কিমান যে চিনেমা নাচালোঁ “ৰূপালীত্”! ১৯৭৭ নে ৭৮ চনত “শ্বোলেও”হেনো চাইছিলোঁ মই, পিছে মাৰ কোলাত উঠিহে, মই কেঁচুৱা তেতিয়া, সেয়ে মনত ৰোৱাৰ কোনো উপায় নাই। তাৰ পাছত অবিৰাম গতিত চিনেমা চাইছোঁ ৰূপালীমত, কেতিয়াবা যদি মাৰ হাতত ধৰি , “আজলী-নবৌ” চাইছোঁ , কেতিয়াবা আকৌ দেউতাৰ হাতত ধৰি চাইছোঁ “মেঘমুক্তি” আৰু মেট্ৰিক পৰীক্ষা দি উঠি মা-দেউতাক এৰি লগৰবোৰৰ লগত চাইছোঁ “খুদা-গাৱাহ”।

“ৰূপালীম” নামটো মনত পৰিলে জোতিপ্ৰসাদলৈ মনত নপৰে, নপৰে তেখেতৰ সেই বিখ্যাত নাটকখনলৈ , তাৰ বিপৰীতে মনত পৰে এটা বৃহৎ প্ৰেক্ষাগৃহলৈ , তাৰ সন্মুখত মুকলি ঠাইখিনিত টিকট বিচাৰি হাহাকাৰ কৰি থকা এজাক মানুহলৈ, চিনেমা আৰম্ভ হোৱাৰ আগতে কাউন্টাৰৰ সন্মুখত লাগি থকা ভয়ংকৰ আৰু বিপদজনক মানুহৰ এটা জুম , টিকট ব্লেক কৰা এটা ব্লেকাৰৰ দল, বেলেগ বেলেগ ল’ৰাৰ “ফাইলৰ” মাজত লগা কাজিয়া , আমাৰ দৰে নিশকতীয়াবোৰৰ ছলে-বলে-কৌশলে টিকট আহৰণ কৰা অভিযান ইত্যাদি ইত্যাদি। মই ভাবোঁ হাউছফুল চিনেমা এখনৰ প্ৰায় দুষ্প্ৰাপ্য হৈ পৰা টিকট এটা আহৰণ কৰাৰ কৌশলটো হৈছে এক অন্যতম কলা। যি এই কলাটো নাজানে তেওঁ কেতিয়াও এখন হাউছফুল চিনেমা চোৱাৰ সঠিক মজাটো পোৱা নাই। আমাৰ দৰে শাৰীৰিক দিশত তুলনামূলক ভাৱে দুৰ্বলবোৰে সেই হাউছফুল চিনেমাখনত টিকট কাউন্টাৰৰ পৰা টিকট আহৰণ কৰা মানে ভোকাতুৰ বাঘৰ মুখৰ পৰা মাংস কাঢ়ি অনাৰ দৰেহে হয়, সেয়ে সেই ফেৰা কামত আগৰে পৰাই পানী এচলু ঢালি থৈছোঁ। তেনেকুৱা দিনবোৰত মই অৱশ্যে বিভোৰ হৈ চাই ৰওঁ , টিকট কাউন্টাৰৰ মুখত কেনে এক কৌশলেৰে ল’ৰাবোৰে মানুহৰ ভিৰ ফালি ফালি, বেৰত নিজকে লিপিট খুৱাই হাতখন সেই বিশেষ সৰু ফুটাটোৰে সুমুৱাই টিকট লৈ ঘামি-জামি উলাই আহে। চিনেমাৰ টিকেট নহয় যেন বিশ্বখনহে জয় কৰি আনিলে! মই ভেবা লাগি চাই ৰওঁ। ওচৰতে লগৰ এটাই ব্লেকাৰৰ লগত দৰদাম কৰি থাকে। ইপিনে ৱাৰ্ণিং বেল মাৰেই , ৰ’বলৈ সময় নাই , চিনেমা আৰম্ভ হ’বই এতিয়া , চাবলৈ নাপালে যে পৃথিৱীখনেই অসাৰ হৈ পৰিব ! সেইয়া, পষ্টাৰত ওলমি ওলমি “ফুল ঔৰ কাঁটে” নতুন নায়ক-নায়িকা অজয় দেৱগণ আৰু মধুয়ে আকুল আহ্বান জনাইছে। ব্লেকত টিকটৰ দাম? দহ টকা! আঠ টকাত দিবিন? নাই নহ’ব। উচাট মাৰি গুচি যায় ব্লেকাৰটো। হ’ব দে দে। দেউতাই চাইকেল ভাল কৰিবলৈ দিয়া বিছটকাৰে দহটকাটো দি দৌৰি দৌৰি আমিকেইটা ৰূপালীমৰ ভিতৰৰ আন্ধাৰখিনিৰ ফালে সোমাই যাওঁ আৰু চিঞৰোঁ, “অই …টৰ্ছ মাৰ….. চিট ক’ত?” কিমান যে উৎকণ্ঠাৰে ভৰা আছিল সেইবোৰ ক্ষণ! এতিয়াৰ অন-লাইন আৰু ফোনেৰে টিকট বুক কৰি চিনেমা চাবলৈ যোৱাৰ ব্যৱস্থাই সেইবোৰ আমেজ নাইকিয়া কৰি পেলালে!

তেনেধৰণৰ অম্ল-মধুৰ স্মৃতিৰে ভৰি থকা ৰূপালীম চিনেমা ঘৰটোত ছবি প্ৰদৰ্শন বন্ধ হোৱাৰ আজি প্ৰায় এক দশক মানেই হ’ল আৰু সিদিনা 23 জানুৱাৰী 2014চনৰ অসমীয়া প্ৰতিদিনত প্ৰথম পৃষ্ঠাত খবৰটো পঢ়িলোঁ আমাৰ “ৰূপালীম” হেনো ভাঙি পেলালে আৰু তাৰ ঠাইত বৃহৎ শ্বপিং কমপ্লেক্স সাজিব। অৱশ্যে পেপাৰত ৰূপালীম ছবিঘৰত শেষ চিনেমাখন ১৯৯৬ চনত প্ৰদৰ্শিত হৈছিল বুলি প্ৰকাশ পোৱা গৈছে যদিও সেয়া ভুল হৈছে বুলি ভাবোঁ , হয়তো চনতো ২০০৬ চনহে হ’ব কাৰণ ব্যক্তিগতভাবে মই ৰূপালীম চিনেমা ঘৰত ২০০০ চনত শেষবাৰৰ বাবে চিনেমা চাইছিলোঁ , চিনেমাখন আছিল সঞ্জয় দত্ত অভিনীত “খুবচুৰত”।

ৰূপালীমত চিনেমা প্ৰদৰ্শন কি কাৰণে বন্ধ হ’ল তাৰ আলোচনা নকৰোঁ , কাৰণবোৰ সকলোৱে জানেই , অসমৰ আন চহৰবোৰত অৱস্থিত পুৰণা চিনেমা হলবোৰ যি যি কাৰণে বন্ধ হ’ল ,সেই একেবোৰ কাৰণেই “ৰূপালীমো” বন্ধ হ’ল বুলি ভাবো, হ’লেও যোৱা পাঁচ দশকৰ শিৱসাগৰৰ প্ৰায় প্ৰতিজন বাসিন্দাৰে স্মৃতি পটত ৰূপালীম কিবা নহয় কিবা প্ৰকাৰে বন্দী হৈ আছে। এই ৰূপালীমত কেৱল চিনেমাই চোৱা নাছিলোঁ , তাত ১৯৯৩ চনত শিৱসাগৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনৰ কেইমাহমান আগতে সুধাকণ্ঠ  ড° ভূপেন হাজৰিকাৰ গীতৰ অনুষ্ঠান প্ৰথমবাৰৰ বাবে উপভোগ কৰাৰ সৌভাগ্য হৈছিল আৰু তেতিয়াই লাভ কৰিছিলোঁ সুধাকণ্ঠৰ অটোগ্ৰাফো।

বেছিভাগ পৰিৱৰ্তন ভাল কাৰণেই হয় , আমাৰ চিনাকি অনুষ্ঠান “ৰূপালীমলৈ” যি পৰিৱৰ্তন আহিছে সেইয়াও হয়তো ভালৰ বাবেই আহিব। আশা কৰোঁ প্ৰেক্ষাগৃহৰ নতুন গৰাকীয়ে নতুনকৈ নিৰ্মাণ কৰিবলৈ লোৱা মেগা মাৰ্কেটৰ নাম “ৰূপালীমেই” ৰাখিব আৰু তাৰ লগতে এটা চিনেমা হলো সাজিব।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক