ৰূপালী বান – শ্ৰীমন্ত শৰ্মা

“খাবলৈ কি আছে অ’?” চকুকেইটা মোহাৰি মোহাৰি পুতুলে ৰূপালীক সুধিলে৷
“কিটো নো থাকিব? কালি কবিতা লিখা মানুহবোৰে দি যোৱা বিস্কুট দুপেকেটহে আছেগৈ৷” ৰূপালীয়ে ক’লে?
“কিয়? চিৰা কেইটামানো দিয়া নাছিল জানো? বৰ ভোক লাগিছে দেখোন!” পুতুলৰ প্ৰশ্নৰ কোনো উত্তৰ নিদি ৰূপালী মনে-মনে থাকিল৷ গিৰিয়েকৰ ভোক লগা বুলি জানি তাইৰ মনটো সেমেকি উঠিল যদিও চিৰাকেইটা উলিয়াই দিবলৈ সত নগ’ল৷
মথাউৰিত টাৰ্প’লিনৰ তলত সংসাৰ আৰম্ভ কৰা আজি এসপ্তাহেই হ’ল সিহঁতৰ৷ বানে হেঁপাহৰ ঘৰখন চকুৰ আগতে মহতিয়াই নিলে৷ অৱশ্যে কেৱল সিহঁতৰেই নহয়, গাঁওখনৰ আটাইৰে একেই অৱস্থা৷ আগে-পিছেও বাৰিষা নৈখনে অকণমান কষ্ট নিদিয়া নহয়; কিন্তু এইবাৰ গোটেই গাওঁখনকে একেবাৰে লাওলোৱা কৰিলে৷ সিটো পাৰৰ মথাউৰিটোৰ এচোৱা খহাই গাঁওখন একেবাৰে বুৰাই পেলালে৷
বিস্কুটৰ পেকেট এটা উলিয়াই ৰূপালীয়ে কেইটামান বিস্কুট পুতুললৈ আগবঢ়াই দিলে৷ পৰহি চহৰৰ পৰা অহা মানুহকেইজনে দি থৈ যোৱা পানীৰ বটল দুটা তাই লুকুৱাই ৰাখিছিল, তাৰে এটা খুলি গিলাচটোত পানী এগিলাচো আনি দিলেহি৷ পুতুলে বিস্কুট খাবলৈ একেবাৰে ভাল নাপায়৷ দিনে-ৰাতিয়ে তেজক পানী কৰি খেতি কৰা মানুহ, পঁইতা ভাত দুটামান ৰাতিপুৱাই চোবাবলৈ নাপালে তাৰ নিজকে দিনটোলৈ কিবা নিশকতীয়া যেন লাগে৷ বিস্কুটকেইটালৈ চাই সি মুখখন বিকটাই দিলে৷
“একো নহয়, খোৱাচোন দুটামান৷ আজি বোলে চৰকাৰী ৰিলিফ আহিব৷ দাইল-চাউলকেইটামান দিলেই হয় আৰু!” ৰূপালীৰ কথাত লুকাই থকা মৰমকণ নেওচিব নোৱাৰি পুতুলে বিস্কুট এডোখৰ মুখত ভৰাই, কেইবাৰমান চোবাই পানী এঢোকাৰে সৈতে গিলি থ’লে৷
“অ’ দে-তা, মোৰো বৰ ভোক লাগিছে অ’৷” কণমাণি কনকৰ মাত শুনি ৰূপালী আৰু পুতুলে তালৈ ঘূৰি চালে৷ নিজৰ ভোকৰ কথা ভাবি থাকোতে পুতুলে শুই থকা পুতেকৰ কথা পাহৰিয়েই গৈছিল৷ কনকৰ শুকাই থকা মুখখনলৈ চাই তাৰ বুকুখন মোচৰ খাই উঠিল৷
“হো, ল৷” পুতুলে হাতত লৈ থকা বিস্কুটকেইটা কনকলৈ আগবঢ়াই দিলে৷ কণমাণিটোৱে ল’বলৈ বুলি হাত মেলোতেই ৰূপালীয়ে বাধা দি উঠিল, “নালাগে, সেইকেইটা দেউতাৰেই খাওক৷ তোলৈ মই বিস্কুট থৈছোঁ নহয়, খা হি আহ৷” মাকৰ কথা শুনি কনকে মেলা হাতখন কোঁচাই ৰূপালীৰ কাষ পালোগৈ৷
কনকক বিস্কুট দুটামান দি ৰূপালীয়েও এটা মুখত ভৰালে৷ বিস্কুটৰ সোৱাদটো জিভাত লগাৰ লগে-লগে তাইৰ মনটো শৈশৱলৈ ঢাপলি মেলিলে৷ এনেকুৱা এটা বিস্কুট খোৱাৰ বাবেই তাইৰ আৰু মাকৰ সেইবাৰ কমখন লটি-ঘটি হৈছিল নে! এৰা, কথাবোৰ মনত পৰিলে তাইৰ গাটো জিকাৰ খাই উঠে৷……………
বিতোপন দেউৰ ঘৰত আজি সকাম৷ ৰেৱতীয়ে পাঁচবছৰীয়া জীয়েক ৰূপালীক কোলাৰ পৰা নমাই মাটিতে থৈ দেউৰ ঘৰখন গোবৰ-পানীৰে মচিবলৈ লৈছে৷ পাকঘৰখন আৰু গোঁসাই ঘৰটোৰ বাহিৰে বাকীবোৰ কোঠালী মচাৰ দায়িত্ব ৰেৱতীৰ৷ দেৱনীয়ে ইতিমধ্যে গোঁসাই ঘৰখন অঁটালেই৷
“সোন কাল কৰ অ’ আই৷” বিতোপন দেৱে মাজতে আহি মাত লগালেহি৷
“হ’লেই আৰু, দেউ৷” ৰেৱতীয়ে ক’লে, ” বাহিৰৰ বাৰান্দাখন মচিলেই কাম শেষ আৰু৷”
এটা সন্তুষ্টিৰ হাঁহি মাৰি দেৱে দেৱনীক ৰিঙিয়াই ক’লে, ” হে’ৰা, এইক চাহ এটোপা দিয়া হে৷ আছে যদি ছোৱালীজনীকো বিস্কুট এখন দিয়া৷”
বিস্কুটৰ নাম শুনিয়েই চোতালত খেলি থকা ৰূপালী মাকৰ ওচৰ চাপি আহিল৷ অকণ পাছতে দেৱনীয়ে প্লাষ্টিকৰ গিলাচ এটাত চাহ এগিলাচ আৰু কাগজৰ প্লেট এখনত বিস্কুট কেইটামান লৈ ওলাই আহিল৷ বিস্কুটকেইটা দেখি ৰূপালী ৰৈ থাকিব নোৱাৰিলে, একে জাঁপেই দেৱনীৰ হাতৰ পৰা থপিয়াই অনাদি আনি এখন মুখত ভৰাই চোবাবলৈ লাগিল৷
সেই বিস্কুটখনে যে ইমান গুৰতৰ মহাভাৰত এখন সৃষ্টি কৰিব, ফুকলীয়া ৰূপালীয়েনো কেনেকৈ বুজিব! নীহকুলীয়া ছোৱালীজনীয়ে এনেকৈ হঠাতে চুই দিয়াত দেৱনী গৰজি উঠিল৷ ৰেৱতীয়ে জীয়েকক দুচৰমান লগাই দোষ মৰিষণ কৰিবলৈ দেৱনীক যিমানেই কাকূতি কৰিলে, দেৱনী সিমানেই জ্বলি-পকি উঠিল৷ অৱশেষত এসপ্তাহৰ মূৰত ৰাইজৰ বিচাৰত ৰেৱতীক দণ্ড বিহা হ’ল৷ নগদ এহাজাৰ টকা ভৰি মানুহজনীয়ে সেইবাৰলৈ ৰেহাই পালে যদিও, দেউৰ ঘৰৰ মোচা-কচা কৰা কামটো তাই চিৰদিনলৈ হেৰুৱাই পেলালে৷
“অ’ মা, আৰু এটা বিস্কুট দেচোন৷” কনকৰ মাতত ৰূপালীৰ সম্বিত ঘূৰি আহিল৷ হ’লেও কুৰি বছৰৰ আগৰ সেই ভয়লগা কথাবোৰে আকৌ এবাৰ ৰূপালীক জোকাৰি থৈ গ’ল৷
অকণমান পাছতে পুতুলে কনকক কান্ধত তুলি মথাউৰিৰ সিটো মূৰে পতা চেঁপাটো চাবলৈ বুলি ওলাই গ’ল৷ সেই সুযোগতে ৰূপালীয়েও চিৰাৰ টোপোলাটো পিন্ধি থকা চাদৰখনৰ আঁচলেৰে লুকুৱাই মথাউৰিটোৰ আনটো দিশলৈ বুলি খোজ ল’লে৷
“দেউ, অ’ দেউ ! উঠকচোন৷” ৰূপালীৰ মাতত মথাউৰিৰ ওপৰতে গছজোপাৰ ছাঁত বস্তা এখনতে পৰি থকা বিতোপন দেউৱে চকু মেলি চালি৷ বুঢ়া চকুহালেৰে ভালকৈ মনিব নোৱাৰি তেওঁ ৰূপালীক সুধিলে, “কোন অ’?”
“মই, ৰূপালী৷”
“কি হ’ল?”
“নহয় মানে, কালি পোৱা চিৰাকেইটামান আপোনালৈ বুলি আঁতৰাই থৈছিলো৷ মিঠৈ অকণো আনিছোঁ৷ উঠকচোন, দুটেপামান খাই লওক৷”
দেৱনী নোহোৱা হোৱাৰ পৰা খোৱা-লোৱাত কষ্ট পাই অহা বিতোপন দেৱে বুঢ়া বয়সত এনেকৈ মথাউৰিত আশ্ৰয় ল’ব লাগিব বুলি সপোনতো ভবা নাছিল৷ আজি তিনিদিন ধৰি পেটলৈ একোৱেই যোৱা নাই বুলিলেও হয়৷ ৰূপালীয়ে আনিছে বুলিয়েই চিৰাকেইটা নোখোৱাকৈ থকাৰ সাহস দেৱে গোটাব নোৱাৰিলে৷
মিঠৈৰ টুকুৰা এটাৰে সৈতে পানীত তিয়াই কোমলাই লোৱা চিৰা এমুঠি সোলা মুখখনত পকটিয়াই পকটিয়াই দূৰৰ পৰা চাই থকা ৰূপালীলৈ চাই দেউৱে ক’লে, “বান আহি ভালেই হ’ল, বুজিছ?”
“এহ্ কিডালনো ভাল হ’ল?” একো বুজি নাপাই ৰূপালীয়ে সুধিলে৷
“নহয় অ’, আন যিয়েই নহওক, বানে অন্ততঃ তোৰ-মোৰ জাতবোৰো উটুৱাই লৈ গ’ল৷”
ৰূপালীয়ে এইবাৰো একো বুজি নাপালে যদিও চিৰা চোবাওঁতে দেউৰ চকুৱে-মুখে ফুটি উঠা সুখকণে তাইৰ মুখতো যেন এচমকা মিচিকিয়া বিজুলী চমকাই দিলে৷

☆ ★ ☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক