ৰূপে কি কৰিব গুণেহে সংসাৰ তৰিব – ড. লোচন শইকীয়া

চিগমাণ্ড ফ্ৰয়েদে কৈছিল- “Beauty has no obvious use; nor is there any clear cultural necessity for it. Yet civilization could not do without it.”তাকে নহয়নো কি?

কোনোবাই ধুনীয়া বুলি কলে মনতো ভাল লাগি যায়৷ ধুনীয়া দেখক বুলিয়ে কি ঘঁহা নাই, কি পিন্ধা নাই, কি খোৱা নাই! ধুনীয়া হবলৈ, ধুনীয়া কৰিবলৈ সাংঘাতিক ডাঙৰ ডাঙৰ বজাৰেই চলি আছে৷ ধুনীয়া নায়িকা, ধুনীয়া নায়কৰ কথানো মই কি কম… ধুনীয়া এটা মাত্ৰ শব্দ৷ বুজাবলৈ বৰ কঠিন৷ ধুনীয়া ফটো৷ ধুনীয়া মানুহৰ কথাহে কৈছো..৷ প্ৰকৃতিৰ আনবোৰ ধুনীয়া কথা কবলৈ বিচৰাই নাই৷ ধুনীয়া কিবাকিবি বিচাৰি মানুহ বলিয়াই হৈ গৈছে. ধুনীয়া ঘৰ, ধুনীয়া গাড়ী, ধুনীয়া পিকনিকৰ ঠাই, ধুনীয়া কাপোৰ, ধুনীয়া আমোদ-প্ৰমোদৰ আহিলা, ধুনীয়া আলি-পদূলি, ধুনীয়া চহৰ, ধুনীয়া দেশ, ধুনীয়া চৰাই, ধুনীয়া পখিলা ইত্যাদি ইত্যাদি৷ মুঠতে শেয নাই৷ সকলো ধুনীয়া হব লাগে৷ ধুনীয়া প্ৰেমিকা, ধুনীয়া বন্ধু-বান্ধবী, ধুনীয়া ঘৈণী, ধুনীয়া স্বামী এইবোৰতো হয়েই, নে কব নেকি নহয় দেই! মানুহ ধুনীয়া হৈ থাকিবলৈ বিউটি পাৰ্লাৰবোৰ চলিয়েই থাকিব৷ চেল্ফিৰ নিগনি দৌৰো চলিয়েই থাকিব৷ নিজৰ নিজৰ টাইমলাইন, নিজ ইচ্ছাৰে যি খুচী কৰিম, কোনে কাক কেয়াৰ কৰিছে!

প্ৰাচীন গ্ৰীচৰ ট্ৰয় নগৰ আৰু হেলেনৰ বিষয়ে কোনে নাজানে? হেলেনৰ কাৰণেই দুখন নগৰ সম্পূৰ্ণ ধ্বংস হৈ হৈছিল৷ আন এক উদাহৰণ- মডেল Cindy Crawford যাক সৌন্দৰ্যৰ সমানুপাতিক ৰাণী বুলি কোৱা হয়৷ বুদ্ধিদীপ্ত জ্ঞানৰ কথা আহিলে চিণ্ডী ক্ৰফৰ্ড কৰবাত থাকি যায়৷ হলেও এথেন্সৰ মানুহ চিণ্ডী ক্ৰফৰ্ড বুলিলে বলিয়া হৈ যায়৷ কিন্তু হেলেনৰ সন্মুখত চিণ্ডী কোনো তুলনাই নহয়৷ কিয় এনেকুৱা হয়?

প্লেটোৱে সৌন্দৰ্যৰ সোণালী অনুপাতৰ সূত্ৰত উল্লেখ কৰিছিল- এখন সুন্দৰ মুখৰ দৈৰ্ঘ্য্য্যৰ তিনি ভাগৰ দুভাগ বহল, দুই চকুৰ মধ্য দুৰত্ব সমান দীঘল নাক হলেই সুগঢ়ী৷ প্লেটোৰ সুত্ৰ এতিয়া অচল৷ সমানুপাতিক জোখ বিচাৰি সৌন্দৰ্যৰ সন্ধান কৰা মানুহে তেতিয়াও একে কৰিছিল, এতিয়াও একে কৰে৷ গ্ৰীক সকলৰ সৌন্দৰ্যৰ জোখ-মাপ আংশিকহে শুদ্ধ আছিল৷ কিয়নো এতিয়াৰ সৌন্দৰ্যৰ মাপ হয় শৰীৰৰ দুই ফালৰ (সোৱে-বাওৱে) জোখত৷ তাকো সমগ্ৰ শৰীৰৰ৷ সমানুপাতিক অংগৰ জোখেৰে ধুনীয়া দেখা কথাতো জন্তুৰ জগততো চলে৷ মতা জেব্ৰাটোৰ ঠেঙৰ কলা আঁচবোৰ যিমানেই সমানুপাতিক হব, সিমানেই মাইকী জেব্ৰাবোৰ আকৰ্ষিত হয়৷ সমানুপাতিক বা ধুনীয়া হোৱা কথাতোৱে জীনিয় সূত্ৰক মানি চলে আৰু ভবিষ্যতৰ বংশধাৰাক চলাই নিয়াতো সহায় আগ বঢ়ায়৷ বিৱৰ্ত্তনৰ সূত্ৰই বিভিন্ন মানুহৰ মাজত সৌন্দৰ্যই ঠাই পোৱা কথাকে ইংগিত দিয়ে৷

University of Louisville ত তেৰ খন দেশ সামৰি কৰা এটা সমীক্ষাত এচিয়ান, লেটিন আমেৰিকান আৰু বগা ছালৰ মানুহৰ পৰা আহৰণ কৰা তথ্যই প্ৰমাণ কৰিছে যে তুলনামূলক সৌন্দৰ্যৰ কথা আহিলে আনুপাতিক তথ্য অবিহনে জুখিবই নোৱাৰি৷ ধুনীয়া জোখা ইমান সহজ নহয়৷ বিভিন্ন দেশৰ বিভিন্ন মানুহৰ ধুনীয়া হবলৈ মত বেলেগ বেলেগ৷ ডাৰউইনে বিশ্বাস কৰিছিল যে বিভিন্ন ঠাইৰ বিভিন্ন স্তৰৰ মানুহৰ মাজত তত্ত্বৰ পৰা দেখা আৰু বাছনিৰ বহুত পাৰ্থক্য আছিল৷ এটা উদাহৰণঃ চীনদেশৰ পুৰুষে সৰু ভৰিৰ নাৰীৰ বেছি ধুনীয়া দেখে৷ শ্বেক্সপীয়েৰৰ ইংলেণ্ডত ভৰিৰ সৰু গাঠিক বহুত গুৰুত্ব দিয়ে৷ আফ্ৰিকাৰ জনজাতীয় পুৰুষে ওঠত বহল ডাঙৰ থালৰ দৰে ৰিং ভৰালেহে সুন্দৰ দেখে৷ পশ্চিমীয়া সংস্কৃতিৰ পুৰুষে নাৰীক সুন্দৰ তেতিয়াহে দেখে যাৰ সৰু হনু, সৰু নাক, ডাঙৰ চকু আৰু দুই গালৰ কাষৰ হাড় স্পষ্ট হয়৷ এনেকুৱা বৈশিষ্ট্য সৰু লৰা-ছোৱালীৰ মুখতহে থাকিব পাৰে৷

আমাৰ খামুচীয়া ককালৰ বিহুনামতো সোঁৱৰাই দিও৷ “পৰ্বতৰ ঢেকীয়া লিহিৰি লিহিৰি দেখিলে লব মন যায়. নাচনীৰ মাজতে তোমাক বাচি ললো ককাল খামুচীয়া পাই”৷ পশ্চিমীয়া সংস্কৃতিতো ককালৰ পৰা তপিনাৰ তললৈ অনুপাত ক্ৰমান্বয়ে কমি অহা বিচাৰে৷ এই তথ্যৰ বিপৰীতে Newcastle University ৰ মনস্তাত্ত্বিক বিশেষজ্ঞই দক্ষিণ পেৰুৰ স্থানীয় মানুহৰ সৌন্দৰ্য-চৰ্চাত ককালৰ পৰা তপিনালৈ ডাঙৰ হৈ যোৱা নাৰীকহে সুন্দৰ বুলি কৈছে৷ লগতে এইটোও উল্লেখ কৰিছে যে ককালৰ পৰা তপিনাৰ তললৈ সৰু হৈ অহা মতবাদ পশ্চিমীয়া সংস্কৃতিৰ উপৰুৱা উত্পাদনহে৷
আমাৰ ভাৰতীয় গবেষণাত কৰিছেনে নাই, কব নোৱাৰোঁ৷ এটা আমেৰিকান সমীক্ষাত পাইছে যে ৭০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ ব্যায়াম শিকোৱা শিক্ষকক আকৰ্ষণীয় দেখে যেতিয়া তেও বন্ধুৰ দৰে ব্যৱহাৰ কৰে৷ বাকী ৩০শতাংশই তেও শান্ত আৰু নিজকে আতৰাই ৰাখিলেহে আকৰ্ষণ অনুভৱ কৰে৷ নাৰীয়ে জীবন লগৰী বিচৰা প্ৰক্ৰিয়াত ধুনীয়া দেখাতকৈ দয়ালু আৰু সতেজ ব্যক্তিত্বৰ মানুহকহে পচন্দ কৰে৷ সেয়েই বোধকৰো কোৱা হয়- Beauty truly is in the eye of the beholder.

ইংলেণ্ডৰ নৰউইচৰৰ University of East Angliaৰ অধ্যাপক Douglas Yu য়ে কৈছে সৌন্দৰ্য দেখোতা জনৰহে কাম৷ একেলগে ব্যক্তিত্ব আৰু গুণী-জ্ঞানী গুণ লগ হৈ সকলোৱে মানি লোৱা সৌন্দৰ্যৰ কথা একেবাৰতে মানিব লব পাৰি৷ আমাৰ ইয়াতে কুৰিতে বুঢ়ী প্ৰবাদতো আগতে সকলোৱে মানি লৈছিল৷ কিন্তু সময়ৰ সোতত প্ৰচাৰধৰ্মী মেডিয়াই এই বয়সৰ তত্ত্বটোক নানা কৌশলেৰে উটুৱাই নিলে৷

যি কাৰণেই দেখুওৱা নহওক, আকৰ্ষণীয় ও ধুনীয়া ব্যক্তিক ধৰি লোৱা হয় সফল বুলি৷ সেইটো সদায় শুদ্ধ নহবও পাৰে৷ সৌন্দৰ্য সদায়েই সুবিধাজনক হবও পাৰে বা নহবও পাৰে৷ কিয়নো বহুতে ধুনীয়া নাৰীক বস্তুবাদী, অহংকাৰী আৰু মুৰ্খ বুলিও ভাবে৷ সেইবুলি ধুনীয়া হলেই সুখী হব তেনেকুৱা কোনো কথা নাই৷ Anne Frank য়ে লিখিছিলঃ“Think of all the beauty still left around you and be happy.”

ফেচবুকতো ধুনীয়া ধুনীয়া D.P. চলিয়েই আছে, চলিয়েই থাকিব৷ সলোৱাই সলাই থাকিব৷ মুখত ঘঁহা কিবাকিবিবোৰ কোনোবাই ঘঁহিয়েই থাকিব৷ আমি এইবোৰকে লৈ লিখিয়েই থাকিম৷ ভাবিছোঁ ভালেমান দিন চোবাবলগীয়া কিবাকিবি লিখা নাই৷ লিখিবলৈ ভয়ে লাগে৷ চিন্তা কৰিবলৈ কাৰ আহৰি আছে! এইবোৰ লিখা খুউব কম মানুহেই পঢ়িব৷ যি ধুনীয়া হয়, তেওঁ ভাবিব মই ধুনীয়া হয়েই দেখোন৷ এওঁ আৰু কি বিধান দিব! যি ধুনীয়া নহয়, তেওৰ মনত অলপ খোকোজা আছে৷ ধুনীয়া নোহোৱাৰ দুঃখ মনত আছেই৷ হাজাৰ যত্নৰ ফলতো সৃষ্টিকৰ্ত্তাই দিয়া ফেচেকা নাকটো প্লাষ্টিক চাৰ্জাৰী নকৰালৈকে ধুনীয়া কৰিব নোৱাৰি৷ হলেও কিনো জাবৰ লিখিছে বুলিয়ে ভুঁমুকি এটা হয়তু মাৰিব পাৰে, নামাৰিবও পাৰে৷ মইয়ো পঢ়ক বুলিয়ে লিখিছোঁ৷ নপঢ়িবও পাৰে৷ পৃথিবীত দেখিবলৈ ধুনীয়া মানুহ নালাগে৷ কামে-কাজেহে ধুনীয়া লাগে বুলিহে মোৰ দৃঢ় বিশ্বাস৷

যদি কোৱা হয়, ধুনীয়া দ্ৰষ্টাৰ চকুত নহয়, কামতহে থাকে৷ ইয়াকে লৈ আহক, অলপ তৰ্ক কৰোঁ৷ কোনোবাই কৈ গৈছে Beauty lies in the mind of the Beholder৷ প্ৰকৃত ৰূপত সৌন্দৰ্যক বুজিবলৈ আধাৰ লাগে৷ চকুৰে বা মনেৰে জানো সৌন্দৰ্য জুখিব পাৰি? এই বাক্যশাৰী যদিও ইংৰাজীত লিখিছোঁ, প্ৰথম গ্ৰীক ভাষাত ৩য় শতাব্দীত প্ৰকাশ হৈছিল৷ লিখাৰ দৰেই প্ৰকাশ হৈ ওলাবলৈ ১৯শ শতিকালৈ ৰব লগীয়া হৈছিল৷ হলেও বিভিন্ন ভাষাত বিভিন্ন ৰূপত একেটা অৰ্থৰে প্ৰকাশ নোহোৱাকৈ থকা নাছিল৷ ১৫৮৮ চনত বৃটিছ নাট্যকাৰ John Lyly, তেওঁৰ Euphues and his England নাটকখনিত লিখিছিলঃ
“…as neere is Fancie to Beautie, as the pricke to the Rose, as the stalke to the rynde, as the earth to the roote“

সৌন্দৰ্য খোৱা বস্তু নে খাই চাম আৰু সোৱাদৰ কথা কম! কওঁতে তেনেকৈ নোকোৱাকৈ এৰিছোঁ জানো! ধুনীয়া কিবা চুই চোৱা বস্তু নে স্পৰ্শ কৰি বুজি উঠিম! তেনেকুৱাও নকৰাকৈ আছোনে? নাই একো নাই৷ এই খন পৃথিবীত আপুনি দেখিবলৈ ধুনীয়া হলে আপুনি সুবিধাজনক স্থিতিত আছে৷ জীৱনৰ প্ৰতিটো খোজত, প্ৰতিটো বয়সত দেখিবলৈ ধুনীয়া মানুহবোৰক তুলনামূলক ভাবে আগভাগেই দিয়া হয়৷ মাকেও নিজৰ কেইবাটাৰ মাজত ধুনীয়া সন্তানটোক বেছি প্ৰাধান্য দিয়ে৷ শিক্ষকেও দেখিবলৈ ধুনীয়া ছাত্ৰ-ছাত্ৰীক বেছি গুৰুত্ব দিয়ে৷ কৰ্ম জীবনতো দেখিবলৈ পাব নিয়োগ কৰোতেও প্ৰথমে ধুনীয়া হলেহে গুৰুত্ব দিয়ে আৰু পাচতহে কাম চায়৷ কৰবাত বোলে আইনী প্ৰক্ৰিয়াতো বোলে ধুনীয়া হোৱাৰ সুবাদতে দোষী প্ৰমাণ হলে লঘু শাস্তিৰ আইন উলিয়াই লয়৷

ব্যক্তিগত পৰ্যায়ত ধুনীয়া কবলৈ কেইবাটাও বাহ্যিক কাৰণ হব পাৰে- আপোনাৰ পোচাক, আপুনি কেনেকৈ প্ৰতিক্ৰিয়া কৰে, আপুনি নিজকে কেনেকৈ আনৰ সন্মুখলৈ আগুৱাই দিয়ে, লগতে সলনি কৰিব নোৱাৰা স্থিতিকো সামৰি লোৱা বিষয় যেনে আপোনাৰ সামাজিক অৱস্থান, আপোনাৰ ধন-সম্পদ, আপোনাৰ জাত-পাত, আপোনাৰ অবয়ব এইবোৰকো টানি লোৱা হয়৷ প্ৰথমেই আমি কোনোবা এজনক লগ পাওঁ, তেওঁৰ প্ৰথমে মুখলৈ চাওঁ৷ নহয়নে বাৰু! ধুনীয়া কেচুৱাটিক দেখিলে মাক-দেউতাকেই একোলা লওঁ যেন কৰে, আনৰ কথা নকওঁৱেই৷ আমি এনেকুৱা ধৰণৰ পক্ষপাতমূলক আচৰণৰ লগত সদা পৰিচিত৷

আমাৰ মগজুৰ বহু কামৰ ভিতৰত এটা উল্লেখনীয় কাম হল দেখা মানুহ বা বস্তু ধুনীয়া হয়নে নহয় সেইটোও তুৰন্তে বিচাৰ কৰি লয়৷ তাৰ মানে আমাৰ মগজু এক Beauty detector৷ আমাৰ মগজুৱে এই বিচাৰ কৰোতে দেখা চেহেৰাটো আগতে দেখা হয়নে নহয় বুলি চিন্তা কৰাৰ আগতেই নিজে গম নোপোৱাকৈয়ে ধুনীয়া হয়নে নহয় সেইটো বিচাৰ আগতেই কৰে৷

ধুনীয়া হয়নে? এটা পৰীক্ষামূলক অনুসন্ধানৰ পটভূমিত লোৱা সিদ্ধান্ত- কিছু সংখ্যক অংশ গ্ৰহণ কৰা মানুহক ধুনীয়া আৰু ধুনীয়া নোহোৱা(কুৰূপা) চেহেৰাৰ মানুহক মাত্ৰ তেৰ মিলিচেকেণ্ডৰ কাৰণে মুখামুখি কৰি ধুনীয়া হয়নে নহয় সোধা হৈছিল৷ এই পৰীক্ষাৰ উত্তৰ শুদ্ধই আছিল তেওঁলোকে দিয়া উত্তৰবোৰৰ ক্ষেত্ৰত উত্তৰদাতা সকলে নিজেই গম পাইছিল যে তেওঁলোকে আন্দাজতে উত্তৰ দিছিল(Olson & Marshuetz, ২০০৫)৷

এইটো সন্দেহাতীত যে আমি কোনোবা আকৰ্ষণীয় বা ধুনীয়া পুৰুষ বা মহিলা বুলি লোৱা সিদ্ধান্ত কিছু পৰিমাণে চকুৰ দৃষ্টিৰ লগত সম্পৰ্কিত৷ কিন্তু ব্যক্তিভেদে বা লোকাচাৰ মতে এটা সৰ্বসিদ্ধান্তত উপনীত হোৱা হৈছে যে এটা চেহেৰা কিমান মৰম লগা বা কিমান আকৰ্ষণীয় বা কিমান ধুনীয়া সেই সিদ্ধান্ত লোৱা ইমান সহজ নহয়৷ বৰং কোৱা হৈছে আমি জীবন যোৰা বয়সৰ অভিজ্ঞতাৰ পৰা লোৱা সিদ্ধান্ত ধুনীয়া বা আকৰ্ষণীয় গুণৰাজীৰ সাধাৰণ বিচাৰ প্ৰক্ৰিয়াও ভুল৷ ধুনীয়াৰ হৈ পক্ষপাতিত্ব কৰা উদাহৰণ মানুহৰ কেচুৱা অৱস্থা৷ কেচুৱাক সকলোৱে ধুনীয়া দেখে৷ বয়সৰ লগে লগে মানুহৰ দেখা চেহেৰা কেনেকৈ সলনি হয় সেইয়া সকলোৱে জানে (Rubenstein, Kalakanis, & Langlois, ১৯৯৯)৷

ধুনীয়াক সততাৰ দৃষ্টিৰেঃ আমি কোৱা ধুনীয়া মানুহৰ অকল ছাল খনৰে কাম নেকি বাৰু? দেখাত ধুনীয়া হলেই মানুহ এজন(পুৰুষ বা মহিলা)ৰ আন ভাল গুণবোৰো দেখা যায় জানো! এৰা কবলৈ গলে সাধাৰণ দৃষ্টিত ধুনীয়া মানে ভালেই বুজায়৷ মনস্ততঃ বিজ্ঞানৰ বিৱৰ্ত্তনৰ ধাৰাটোৱে কয় যে এজন ধুনীয়া মানুহৰ চেহেৰা এখন খিৰিকীৰ দৰে৷ ৰোমাণ্টিক সঙ্গী বা জীবন সঙ্গীৰ চৰিত্ৰৰ কিছুমান প্ৰাথমিক আৰু গুৰুত্বপূৰ্ণ গুণ ফুটাই তোলাত ধুনীয়া হোৱাতো প্ৰয়োজনীয়৷ এজন ধুনীয়া মানুহৰ সুস্থ শৰীৰো থাকিব লাগিব৷ এইয়া বংশতত্ত্বৰ পৰিচয়৷ পৰীক্ষামূলক তথ্যৰ পৰা কোৱা হৈছে মানুহৰ ক্ষেত্ৰত মুখাবয়বৰ পৰা নিৰ্ণীত সুন্দৰতা পুৰুষ আৰু নাৰীৰ ক্ষেত্ৰত বেলেগ বেলেগ৷ নাৰীৰ কাৰণে ধুনীয়া পুৰুষ সেইজন যাৰ মুখৰ গালৰ হনুৰ হাড় স্পষ্ট, কাষ ওলোৱা চেলাউৰী আৰু সামান্য দীঘল মুখ৷ গাভৰু বা নাৰীক সুন্দৰ বুলি কবলৈ চকুত পৰাকৈ মুখৰ দুই গালৰ হনু, ডাঙৰ চকু, সৰু নাক, সামান্য ওখ কপাল, মিহি ছাল আৰু দেখাত কম-বয়সীয়া লগা হলে পুৰুষে বোলে ধুনীয়াই দেখে৷ আমাৰ মুখাবয়ব গঠণ প্ৰক্ৰিয়াত আমাৰ শৰীৰৰ হৰমণে নিয়ন্ত্ৰণ কৰে৷ লিংগভিত্তিক চেহেৰাৰ ক্ষেত্ৰত টেষ্টোটেৰণ আৰু এষ্ট্ৰোজেন এই দুই হৰমণৰ আনুপাতিক কথাবোৰ আছেই৷ সৃষ্টিকৰ্ত্তাই পুৰুষক নাৰীৰ প্ৰতি, নাৰীক পুৰুষৰ প্ৰতি আকৰ্ষিত হোৱাকৈ সৃষ্টি কৰি থৈছে৷ ইয়াত ধুনীয়া হব লাগিব নে নালাগে সিদ্ধান্ততো আপোনালোকেই লওক৷

দুজন মানুহৰ চেহেৰা কেতিয়াও একে নহয়৷ একেদৰে কব পাৰি এজন মানুহৰ চেহেৰাৰ সোঁফাল আৰু বাওঁফাল দেখিবলৈ একে নহয়৷ হিচাব কৰিব নোৱাৰা কৈ সৰু সৰু আনুষঙ্গিক অংশবোৰেই মুখাবয়ব বেলেগ কৰি ৰাখে৷ মানুহৰ দুয়োটা চকু একে নহয়৷ মুখৰ তলৰ পাৰিৰ দাঁতৰ হাড় দুয়ো ফালে একে নহয়৷ হনুৰ হাড় একে ধৰণৰ নহয়৷ মুখত পৰা খোল(ডিম্পোল) মাত্ৰ এফালে বা কেতিয়াবা দুইফালে একে নহয়৷ তদুপৰি ভাগ্যৰ বিড়ম্বনা আছেই৷
অসংখ্য পৰীক্ষা-নিৰীক্ষাৰ তথ্যই কয় যে ধুনীয়া কবলৈ মুখাবয়বৰ সমানুপাতিক গঠণ হবই লাগিব৷ মানুহে অজানিতেই এই সমানুপাতিক বিচাৰ কৰি আছে৷ যেতিয়াই দুটা দিশৰ পৰা দেখুৱা হয় তেতিয়া ধুনীয়া কেনেকৈ ক’ব ধৰিবই নোৱাৰে৷ নাৰীৰ ক্ষেত্ৰত নিজকে ধুনীয়া দেখা তত্ত্বৰ কাৰণে মাহতোতে সলনি হৈ থাকে৷ মেক্সিকো বিশ্ববিদ্যালয়ৰ এচাম গবেষকে পৰীক্ষাৰ অন্তত প্ৰকাশ কৰিছে যে নাৰীৰ এই পৰিবৰ্ত্তনশীল মানসিকতাৰ লগত সন্তান ধাৰণ প্ৰক্ৰিয়া সম্পৃক্ট হৈ আছে৷ সেয়ে ডিম্ব পৰিপক্ব হোৱাৰ সময়ত পুৰুষসুলভ মানুহক বেছি ধুনীয়া দেখে৷ এইয়া বিৱৰ্ত্তনীয় দিশ৷ মাহতোৰ বাকী সময়ছোৱা বেলেগ ধৰণে অনুভৱ কৰে৷
মানুহৰ বুৰঞ্জীত সৌন্দৰ্য আৰু ইয়াৰ প্ৰভাব এই দুই বিষয়ক লৈ বিভিন্ন বহু তৰ্কবাদ হৈছে৷ সৌন্দৰ্যক এক ৰহস্যময় আৰু প্ৰলোভনজনক মনভুলোৱা শক্তি ৰূপে গণ্য কৰা হৈছে৷ সৌন্দৰ্য শক্তিৰ প্ৰভাব ৰাজনীতি, বিবাহ, সামাজিক প্ৰভাবশীল শক্তি আৰু সামাজিক প্ৰতিপত্তি এইবোৰত দেখদেখকৈ প্ৰমাণ হৈ আহিছে৷ পুৰণি অথচ বাৰে বাৰে উনুকিওৱা বাক্যশাৰী “Beauty is in the eye of the beholder” ইয়াকে বুজায় যে আমি যাক ধুনীয়া কওঁ, তাৰ ভিত্তি হল আমি নিজকে কোৱা কথাবোৰ, আমাৰ অবচেতন মনৰ জৰীয়তে ব্যক্তিকেন্দ্ৰিক ও সামাজিক আচৰণৰ দ্বাৰা প্ৰভাবিত৷ নকলেও হয়, দৃষ্টিভঙ্গীত দেখাত ধুনীয়া হলে মনত এটা first impression সৃষ্টি কৰে, তেতিয়া আমি কেতিয়াবা ধুনীয়া হোৱাৰ বাদেও ধৰি লও.. মানুহজন(ী)ৰ সামাজিক প্ৰতিপত্তি, বুদ্ধি, কৰ্মদক্ষতা ধুনীয়া হব বুলি যিটো বাস্তবত হয়তু কেতিয়াবা নহয়েই৷ ইয়াৰ অৰ্থ আমাৰ প্ৰথম ইম্প্ৰেচনৰ ক্ষেত্ৰত আমাৰ দুৰ্বলতাকলৈ সাৱধান হোৱা উচিত৷ নহলে পিচলৈ পস্তাব লগীয়া হয়৷

মনস্তত্ত্ববিদসকলে যোৱা শতক যুৰি কৰা গবেষণাৰ পৰা কৈছে, সৌন্দৰ্যই মানুহক এটা ভুল সিদ্ধান্তৰ প্ৰতি আপোনাআপুনি আকৰ্ষিত কৰে আৰু ইয়াক সৌন্দৰ্যৰ আভাপ্ৰভাব বুলি নামকৰণ কৰিছে৷ দেখা আৰু বিচাৰ কৰা দুটা বেলেগ স্থিতি৷ এই প্ৰক্ৰিয়াত মগজুৱে নিজৰ সংস্কাৰ, আচাৰ-ব্যৱহাৰ, অভিজ্ঞতা আৰু শত শত শতক যুৰি ঘটি অহা বিৱৰ্ত্তনক আওকান কৰিব নোৱাৰে৷
আহক, কিছুমান উদাহৰণৰ পৰা কিছু আভাস লও..৷
সৌন্দৰ্য কিয় অতি শক্তিশালী প্ৰথম প্ৰভাব (প্ৰথম ইম্প্ৰেচন) ৰূপে অৱত্তীৰ্ণ হয়?

১৯৭২ চনত মনস্তত্ত্ববিদ Karen Dion, Ellen Berscheid আৰু Elaine Walster এটা পৰীক্ষা কৰিছিল কিয় সৌন্দৰ্যই আভাপ্ৰভাবৰ জৰীয়তে মানুহক ছলনা কৰে৷ পৰীক্ষা কৰা মানুহখিনিক কোৱা হৈছিল যে এই পৰীক্ষাৰ উদ্দেশ্য first impressionৰ ওপৰত চলিছে৷ উক্ত পৰীক্ষাত প্ৰতিজন ব্যক্তিক তিনিটা খাম দিয়া হল, যাৰ ভিতৰত তিনিখন ফটো ভৰোৱা আছিল আৰু এই তিনিখনকে অতি আকৰ্ষণীয়, মজলীয়া আৰু মোটামুটি ভাগত ভগাই থৈছিল৷ ফটো চাবলৈ দিয়াৰ পাচত প্ৰতিজন ব্যক্তিক ফটোৰ গৰাকীক সাতাইশটা বিভিন্ন ব্যক্তিত্ব কেন্দ্ৰিক গুণৰ দ্বাৰা বিচাৰ কৰিবলৈ কোৱা হৈছিল৷ এই গুণ সমূহৰ ভিতৰত কিছুমান গুণ altruism, stability ইত্যাদিও আছিল৷ ফটোৰ পৰাই কবলৈ কোৱা হৈছিল ফটোৰ গৰাকী সুখী নে, বৈবাহিক জীবনতো সুখীনে, সন্তানৰ লালন-পালনতো সক্ষম নে আৰু কৰ্ম-জীবনতো সফল নে৷

উত্তৰ?
অকল মাত্ৰ ফটোৰ পৰাই বিচাৰ কৰিবলৈ, তাকো তিনিজনকৈ মানুহৰ বিষয়ে! পৰীক্ষিত সকলে বিচাৰ কৰোতে আটাইতকৈ বেছি আকৰ্ষণীয় বা ধুনীয়া জনেই বেছিভাগ সকাৰাত্মক গুণৰ অধিকাৰী বুলি উল্লেখ কৰিলে৷ সেই একে দৰে সেই একে কেইজনকে সুখী, ভাল পিতৃ-মাতৃ, ডাঙৰ কৰ্মত জড়িত আৰু সফল বুলিও লিখিলে৷
নহয়নে বাৰু আচৰিত? এখন মাত্ৰ ফটো৷ আটাইবোৰ উত্তৰ ধাৰণাৰ বাবে ভিত্তি স্বৰূপে মাথোন এখন ফটো৷ একো আচৰিত নহব৷ মানুহ মাত্ৰেই এই ধাৰণাৰ বশৱৰ্ত্তী৷ চকুৰে দেখাকে বিশ্বাস কৰি লোৱা বা তাতকৈও এখোজ আগুৱাই অন্য ধাৰণা কৰি লোৱা মানুহৰে স্বভাব৷ এইটো ঠিক কলা বিতচকু পিন্ধি নিজকে আধুনিক আৰু স্মাৰ্ট বুলি ভবা নিচিনা৷ যদিওবা তেওঁলোক স্মাৰ্ট হয়ো, তেনেহলে ই আমাৰ স্মৃতিক জপটিয়াই ধৰে আৰু আমি পিন্ধা কলা বিতচকুযোৰৰ মিছা প্ৰভাব শুদ্ধ বুলিয়ে প্ৰমাণ হয়৷

১৯৭৪ চনত আন এটা পৰীক্ষাত গবেষকসকলে এখন লিখিত ৰচনাৰ লগতে একোখনি ফটো গাঠি দিলে৷ এই ফটোবোৰৰ কোনো খন ধুনীয়া আকৰ্ষণীয় নাৰীৰ৷ কোনোখন ধুনীয়াও নাছিল, আকৰ্ষণীও নাছিল৷ উত্তৰ দিওঁতা সকলক ৰচনাখনৰ গুণগত মানদণ্ডৰ ওপৰত মন্তব্য দিবলৈ কোৱা হৈছিল৷ লগত গাঠি দিয়া ফটোৰ সম্পৰ্কত একো উল্লেখ কৰা নাছিল৷
উত্তৰ? ?
উত্তৰ দিওঁতা সকলে ধৰি লৈছিল লগত গাঠি দিয়া ফটোখন ৰচনা লিখকৰ বুলি৷ আৰু ৰচনাৰ মানদণ্ড? ধুনীয়া নাৰীয়ে সৃষ্টিমূলক, গভীৰতালৈ গৈ ভাল লিখিছে বুলি মন্তব্য দিলে৷ এতিয়া আচল কথাতো কৈ দিওঁ৷ প্ৰতিটো খামত বেলেগ বেলেগ ফটোৰে সৈতে আটাই কেইখন ৰচনা একেখনেই আছিল৷

এই গোটেই পৰীক্ষা-নিৰীক্ষা কৰোঁতা McRaney য়ে সামৰণি মাৰিছে এই বুলি: উদ্দেশ্যপ্ৰণোদিত ভাবেই লিখা ৰচনাখনক লৈ পোৱা মন্তব্যবোৰত লিখকক বহুত বেছি প্ৰশংসা কৰা হৈছিল৷ তাকেই পিচত আন দুজন মনস্তত্ত্ববিদে লিখিছিল এই পৰীক্ষাৰ পৰা ইয়ে প্ৰমাণ হয় যে আমি ধুনীয়া মানুহৰ পৰা বেছি ভাল আশা কৰোঁ, আৰু যেতিয়া তেওঁলোক অনুত্তীৰ্ণ হয় আমি তেওঁলোকক ইচ্ছা কৰিয়ে ক্ষমাও কৰি দিওঁ৷ অৰ্থাত্ আমি ধুনীয়া মানুহবোৰক এটা আৰু সুযোগ দিওঁ৷ আমাৰ বিচাৰ ধাৰাত সৌন্দৰ্যৰ আভা-প্ৰভাবে কি দৰে ভুল প্ৰভাব পেলায় এই পৰীক্ষা তাৰে প্ৰমাণ৷

এই সৌন্দৰ্যৰ আভা প্ৰভাব অকল স্তৰতে সীমাবদ্ধ হৈ থকা নাই৷ সৌন্দৰ্যকো বজাৰীকৰণ কৰা সামাজ্যত “New York Times Bestseller“বা “Oprah’s Book Club“ বা তেনেকুৱা অন্য মোহৰে মানুহক বিপথে সহজেই পৰিচালিত কৰে৷ যি কোনো বজাৰৰ সামগ্ৰীত লাগি থকা টেগটোৱে মানুহক এটা মানসিক চৰ্টকাট শিকায়৷ লাগিলে সেইয়া ভুলেই প্ৰমাণিত হওক৷ ইও এক সৌন্দৰ্যৰ আভা প্ৰভাব৷

আমি আটাইতকৈ বেয়া আত্মসমালোচকঃ আত্মশ্লাঘা ও সৌন্দৰ্য আমাৰ চকুত থকা কাৰণে মেডিয়াই আমাৰ সৌন্দৰ্য বিচাৰ শক্তিক পনীয়া কৰি পেলাইছে৷ আত্মসচেতনতাবিহীন আমি বোৰক যেতিয়াই মন যায় সৌন্দৰ্য বিচাৰ ধাৰাত সোঁৱে-বাঁৱে ঘূৰাই ফুৰিব পাৰিছে৷ টিভিত বা সুন্দৰ প্ৰচ্ছদ পৃষ্ঠাৰ ছবিবোৰ এবাৰ মনত পেলাওক৷ ক্ষীণ গাভৰু এজনী বা ক্ষীণ যুবক এজনক খাবলৈ নোপোৱা নিচিনা মুখৰ গালৰ হনু ওলোৱাৰ পিচতো এই মেডিয়াবোৰে জোৰ কৈ জাপি দি দেখুৱাই দেখুৱাই বুজাইছে, এইয়াই সৌন্দৰ্য৷ মানুহে Photoshop বা তেনেকুৱা একে কাৰীকৰী যতনবোৰৰ বিষয়ে অবগত হৈছেই৷ এই ধৰণৰ কৃত্ৰিম সৌন্দৰ্য মানদণ্ডৰ প্ৰভাবক আমি পেলনীয়া বুলি নভবা হৈছোঁ আৰু তাৰ লগতে এই ধৰণৰ সহাৱস্থানৰ লগতে নিজৰ প্ৰতি আৰু আনৰ প্ৰতিও সহানুভূতিশীল হৈ পৰিছোঁ৷

Dove নামৰ এজন মনস্ততঃবিদৰ এক আমোদজনক পৰীক্ষা আৰু প্ৰচাৰৰ বিষয়ে অলপ জানো আহক৷ Dove য়ে দেখুৱাইছে আমি নিজে নিজৰ কিমান বেয়া সমালোচক, আনে আমাক কেতিয়া আৰু কেনে ধৰণে ভাবে বৰ্ণনা দিছে, আমাৰ ভালখিনি কৈছে বা আমাক প্ৰশংসা কৰিছে, বা আমি নিজকে কিমান ককৰ্থনাও কৰিছোঁ ইত্যাদিক আমি বেছি গুৰুত্ব দিও..৷ এনেকুৱা ধৰণৰ মিছা কথা এটাৰ প্ৰভাবৰ পৰা মুক্ত হৈ থাকিবলৈ সৌন্দৰ্যক বৈজ্ঞানিক ও মনস্তাত্বিক দৃষ্টিভঙ্গীৰে চাব লাগিব৷

Marilyn Monroe৷ বিশ্বৰ ইতিহাসত সুন্দৰী নাৰীৰ নাম আহিলে Marilyn Monroeৰ নাম নোলোৱাকৈ যাব নোৱাৰি৷ ইমান সুন্দৰ নাৰী গৰাকীৰ সৌন্দৰ্যৰ ওপৰত মত দিছিল- “All little girls should be told they are pretty, even if they aren’t.”

বাৰু এটা সৰু প্ৰশ্ন সুধো৷ ধুনীয়া হলেনো কি বেয়া? ধুনীয়া হোৱা জাক-জমকীয়া পৃথিবীখনে বিচাৰিলে আপোনাৰ দোষ কি? ধুনীয়া হবলৈ কোনে নিবিচাৰে? Aristotle কৈছিল, “Beauty is the best introduction, ” এইটো কাৰণতেই এটা বাস্তব সত্য কওঁ বহু নাৰীয়ে ধুনীয়া হৈ থাকিবলৈ বহু খৰচো কৰে৷ যিমান খৰচ তেওঁলোকে অন্য প্ৰয়োজনীয় কামতো খৰচ নকৰে৷ ফেচন মেগাজিন বিলাকে আটাইতকৈ ধুনীয়া মডেলবোৰৰ আচল ফটোবোৰ Photo-shopৰ সহায়ত সলাই আৰু ধুনীয়া কৰি আকৰ্ষণীয় চেহেৰাৰ কৰি তুলে, তেনে অৱস্থাত নিজকে ধুনীয়া কৰি ৰাখি আত্মশ্লাঘা বঢ়োৱাত কোনো আপত্তি থাকিব নোৱাৰে৷ লগতে এইটো কওঁ যে ইৰ্ষাজনিত কাৰণত এজনী ধুনীয়া নাৰী, নিজৰ নাৰী সমাজত মনৰ পৰা বিসৰ্জিতা৷ বাহ্যিক ভাবে হলি-গলি কৰিব পাৰে৷ যদিহে নাৰীক নাৰীৰ পৰা ভয় কৰা দহোটা কাৰণ কবলৈ কোৱা হয়, তেনেহলে এই তালিকাখনত প্ৰথমেই নিৰ্ঘাট নাৰীৰ সৌন্দৰ্য সোমাব৷ এইটো সঁচা-মিছা কি কম, নিজৰ মানুহজন, প্ৰেমিকাজন বা লৰাবন্ধুজনক আন এজনী ধুনীয়া মানুহ(নাৰী)ৰ উপস্থতিত হেৰুৱাৰ ভয়ত ধুনীয়া নাৰীজনীক পোনচাটেই নাকচ কৰে৷

আৰু এটা প্ৰশ্ন সুধোঁ৷ এজনী ধুনীয়া নাৰী (গাভৰুও হব পাৰে)ক চাবলৈ বা এজনী সিমান ধুনীয়া নহয় নাৰীক নাচাবলৈ- এনেকুৱা কি কি মানসিক স্থিতিৰ প্ৰয়োজন? এই প্ৰশ্নটো নাৰী-পুৰুষ দুয়োলৈ টোৱাইছোঁ৷ লগতে ধুনীয়া নাৰীক জীবন সংগিনী বিচৰাজনক Vampire Academyৰ Richelle Mead ভাষাত কওঁ-
“Do you think I’m pretty?
I think you’re beautiful৷
Beautiful?
You are so beautiful, it hurts sometimes.”

এইয়াই মানুহৰ মন৷ ৷ আমি মিছাতে নাৰীক দোষ দিও নাৰী চৰিত্ৰম দেবা ন জানন্তি, কুত মনুষ্যাঃ৷ Leo Tolstoyয়ে কৈছিল- “It is amazing how complete is the delusion that beauty is goodness.”

ভাল কওক, বেয়া কওক এইটো সঠিক যে ধুনীয়া হলে কাম আছে৷ সেয়ে ধুনীয়া হবলৈ বিচৰাত আপত্তি নাই৷ সেইবুলি প্লাষ্টিক চাৰ্জাৰী একমাত্ৰ বিকল্প নহয়৷ বৰং এটা সুস্থ জীবন যাপন কৰক৷ ইয়ে আপোনাক মোক সকলোকে সুখী কৰি তুলিব৷

কৰ্মৰ পৰিচয়ৰে ধুনীয়া কবলৈ Elisabeth Kübler-Rossৰ ভাষাতে কব পাৰি আমি জনা আটাইতকৈ ধুনীয়া মানুহ সেইবোৰ যি জীবন যুঁজৰ সংঘৰ্ষত অৱতৰণ কৰিছে, পৰাজয় কাক কয় জানে, দুঃখ কাক কয় অতিক্ৰম কৰিছে, লোকচান ভৰিছে, তাৰ পিচতো আকৌ উঠি থিয় দিছে৷ এই ধৰণৰ মানুহবোৰে জীবনক নিজ অনুভবেৰে প্ৰশংসাৰ দৃষ্টিৰে চায়, জীবনক অফুৰন্ত ভৰা চকুৰে চায়, শান্ত হৈ ৰয় আৰু জীবনক প্ৰাণ ভৰি ভাল পায়৷ সেয়ে কোৱা হয়-ধুনীয়া মানুহ সতকাই পোৱা বৰ টান৷

■■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments