ৰূপোৱালী মেঘৰ ছায়া (উপন্যাস) খণ্ড-৯ —-মৌচুমী বৰি

:ঐ প্ৰাপ্তি কি কৰিছ’ – চিতপখিলী এজনী হৈ ৰেহেনা প্ৰাপ্তিৰ কোঠালৈ সোমাই আহিল৷
ৰেহেনা নতুনকৈ বিমলৰ প্ৰেমত পৰিছে৷ প্ৰেমত পৰাৰ দিন ধৰি বিমলৰ কথা কৈ শেষ নহয়
তাইৰ৷
:জান’ আজি কি হ’ল?
:কি হ’ল? – প্ৰাপ্তিয়ে সুধিলে
:আজি মই আৰু বিমল একেলগে ৰিক্সাত গৈছিলোঁ৷ বিমলৰ গাটো, হাতখন মোৰ গাত লাগিছিল!
ইচ ৰাম নক’বি কি যে শিহৰণ অনুভৱ কৰিছিলোঁ মই! উস, এই শিহৰণৰ কি নাম দিম মই
ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ….তোৰ এনেকুৱা অভিজ্ঞতা হৈছেনে প্ৰাপ্তি?

ৰেহেনাৰ কথা শুনি মোৰ হাঁহি উঠিল৷ অন্তৰত অনুভৱ কৰা গোপন কথাটিকো এটি শিশুৰ
দৰে ব্যক্ত কৰিছে তাই! মৰম লাগি গ’ল ৰেহেনালৈ মোৰ!
:নিবিড়ৰ হাতখন মোৰ হাতত লাগিলে মোৰ কেনে অনুভৱ হয় মই পিছে তোক নকওঁ – এইবুলি
কৈ মই হাঁহি হাঁহি বিছনাত বাগৰি পৰিলোঁ৷
:যাহ এইজনী! —ৰেহেনাই কৈ উঠিল৷
:জান’ প্ৰাপ্তি, বিমলৰ প্ৰেমত পৰি মই এটা গানৰ উপলব্ধি ভালকৈয়ে কৰিছোঁ৷
:কোনটো গান?
ৰেহেনাই গুণগুণালে –
“হথ’ ছে চু ল’ তুম/মেৰা গীত অমৰ কৰ দ’/বন জাৱ’ মিট মেৰে/মেৰি প্ৰীত অমৰ কৰ
দ’…..”

ৰেহেনাই গাই থকা গানটো শুনি মোৰ ভালেই লাগিল পিছে তাইৰ কথা-কাণ্ড দেখি মোৰ
হাঁহি উঠি থাকিল৷ বিমলৰ ঢেৰ গুণ-গৰিমা গাই অৱশেষত ৰেহেনা গ’লগৈ৷ কৈ থৈ গ’ল-
:প্ৰেমত পৰিলে অনবৰত প্ৰেমিকৰ কথাই পাতি থাকিবৰ মন যায়, তইহে কেনেকুৱা জানো
নিবিড়ৰ কথা নকৱই!
মই গাৰুটো সাৱটি হাঁহি হাঁহি বিছনাত বাগৰ দিলোঁ৷ ভাবিলোঁ—নিবিড়ক ৰেহেনাই গোৱা
গানটো গাই শুনাবলৈ ক’ব লাগিব৷ সি ভাল গান গায়৷

এৰা, ৰেহেনাৰ দৰে মোৰোচোন একেই অনুভৱ হয়৷ নিবিড় মোৰ কাষত থাকিলে গোটেই
পৃথিৱীখনেই মোৰ কাষত থকা যেন লাগে৷ নিবিড়ৰ স্পৰ্শতো বাদেই অকণমান নিশাহ আহি
গাত পৰিলেও মই অনামী সুখ অনুভৱ কৰোঁ৷ সিদিনা চকু দেখুৱাবলৈ নিবিড়ক লৈ ডাক্তৰৰ
ওচৰলৈ গৈছিলোঁ৷ মোৰ চকুৰ পৰা পানী ওলাই আছিল৷ নিবিড়ে তাৰ ৰুমাল খনেৰে আলফুলে
মোৰ চকুপানী মচি দিছিল! হয় হয়, সেই মুহূৰ্তত মই ৰেহেনাৰ দৰেই ভাষাহীন পুলক
অনুভৱ কৰিছিলোঁ৷ কেতিয়াবা ৰেষ্টুৰেণ্টত নিবিড়ে মোক তাৰ ভাগৰ অকণমান খুৱাই
দিছিল! সেইয়াও যে অলৌকিক অনুভৱ আছিল মোৰ! প্ৰতিক্ষণতে নিবিড়ৰ কেয়াৰ অনুভৱ
কৰিছিলোঁ৷ মই হাঁচিটো মাৰিলেও সি ভয় খাইছিল মোৰ বেমাৰ হ’ব বুলি!
০০০০০০০০০০
বহুদিন নীহাৰিকাৰ লগত কথা পতা নাই৷ নিবিড়ৰ লগত ব্যস্ত হৈ পৰাৰ পিছত
বান্ধৱীসকলৰ যেন খবৰ ল’বলৈ পাহৰি পেলাইছোঁ মই৷ সেইদিনা গধূলি নীহাৰিকাৰ কোঠালৈ
গ’লো৷ তাই মনটো মাৰি আছে৷ মোক দেখি বহিবলৈ দিলে৷
ঃকি হ’ল? মন ডাৱৰীয়া? —মই সুধিলোঁ
ঃনিজৰ প্ৰেমিক থাকিলেও অন্ততঃ বন্ধু পাহৰি যাব নাপায়! —নীহাৰিকাই মুখ গোমোঠাই
ক’লে৷
:ছৰি নীহাৰ, পাহৰা নাই কাৰণেই আজি তোৰ খবৰ ল’বলৈ আহিছোঁ – মই ক’লো
:মই তোক কোৱা নাই, মই জ্যোতিৰূপাৰ কথাহে কৈছোঁ
:অ’, কিবা হ’ল তাইৰ লগত? —মই সুধিলোঁ
:আজি তাই আৰু মই তিনিআলিলৈ ওলাই গৈছিলোঁ হঠাতে পবিত্ৰক লগ পাই মোক এৰি দুইটাই
ৰিক্সাত উঠি গুছি গ’ল৷ মোৰ কেনেকুৱা লাগিল এবাৰো অনুভৱ নকৰিলে সিহঁতে! ইয়াকে
বন্ধুত্ব কয় নেকি? মই মনত বহুত দুখ পাইছোঁ

নীহাৰিকাৰ কথা শুনি মোৰো বেয়া লাগিল৷ এৰা, জ্যোতিৰূপাই অন্ততঃ নীহাৰিকাক
অকলশৰীয়া কৰি এৰি যাব নালাগিছিল! প্ৰেম হ’ল বুলিয়েই বন্ধুত্ব পাহৰি যাব লাগিব
নেকি?
:বাৰু, এইবোৰ এৰ, কিছুমান ছোৱালী তেনেকুৱাই অ’৷ কি কৰিবি! পঢ়া-শুনা কেনে
চলিছে? কবিতা লিখিছ’ নাই?
:সুনন্দই কলেজ জাৰ্ণেলৰ বাবে উপন্যাসিকা এখন লিখিবলৈ কৈ আছে৷
:ভাল কথা, লিখ আকৌ!
:আজি তই মোক অলপ মেটেৰিয়েলৰ চেপ্টাৰ এটা চাই দিবিচোন৷
:অ’কে, ৰাতি আহিম৷ মই এতিয়া যাওঁ দেই৷ মন বেয়া কৰি নাথাকিবি, পাহৰি যা বেয়া
লগা কথাবোৰ৷

.. ৰাতিলৈ অহাৰ কথা দি মই নীহাৰিকাৰ পৰা বিদায় ল’লো৷

নিবিড়ৰ ফোন আহিছিল৷ সি কথা পাতি শেষ হোৱাৰ পিছত আজিও কৈছিল –“এক মিনিট ৰ’বা”,
মই পিছে আজি তাক জোৰ কৰিলোঁ কবলৈ “এক মিনিট ৰ’বা”ৰ অৰ্থ কি? মই ওফোন্দ পতা
দেখি সি ক’লে –
“তোমাক সদায়ে শেষত I love you বুলি কব মন যায় কিন্তু কব’ নোৱাৰোঁ”
“আজি কোৱা আকৌ” – মই ক’লো
সি তাৰ হৃদয়ৰ অমৃতময়তাৰে I love you বুলি ক’লে মোক!

০০০০০০০০০০০০০

বৰষুণ, বৰষুণ আৰু বৰষুণ! কেইবাদিন ধৰি মুষলধাৰে বৰষুণ পৰাৰ পিছত হঠাতে সেইদিনা
বতৰ ফৰকাল হৈছিল৷ ফৰকাল বতৰটোৱে যেন সকলোৰে মনবোৰ মুকলিহে কৰিলে! কিন্তু কি
জানো হ’ল, সেইদিনা হঠাতে কাষতে থকা ভোগদৈ নদীখনৰ পানী ফেনেফুটুকাৰে বাঢ়ি আহি
কলেজ কেম্পাছ বুৰাই পেলালে৷ পানীৰ বাবে আমি ক্লাছ কৰিবলৈ যাব পৰা নাছিলোঁ৷
কিন্তু হঠাতে পানী চাবলৈ যোৱা হোষ্টেলৰ দুজনীমান ছোৱালী উধাতু খাই হোষ্টেললৈ
বুলি দৌৰি আহিল আৰু হুৱা-দুৱা লগাই দিলে – দুজন ল’ৰা লেইকৰ পানীত পৰিছে! কথাটো
শুনিৱেই আমি ছোৱালীবোৰ লেইকৰ ফাললৈ দৌৰিলোঁ৷ তেতিয়ালৈ পানী কমি আহিছিল আৰু
ল’ৰাবোৰে পানীত পৰা ল’ৰাদুজনক বিচাৰি থকা দেখিলোঁ৷
“ইচ ইচ পানীৰ পকনীয়াত পৰিল আকৌ ল’ৰা দুজন! ” – কোনোবাই কোৱা শুনা পালোঁ৷
নিবিড়ক দেখোঁ নেকি বুলি মই ইফালে সিফালে চালোঁ কিন্তু তাক ক’তো দেখা নাপালোঁ!
তাৰ লগৰকেইজনক দেখা পালোঁ কিন্তু নিবিড়ক দেখা নাই! সি পানী বঢ়াৰ খবৰটো গম পোৱা
নাই নেকি! কি কৰি আছে সি হোষ্টেলত সোমাই –মই ভাবিলোঁ৷

অৱশেষত আধাঘণ্টাৰ পাছত ল’ৰাদুজনক উদ্ধাৰ কৰা হ’ল!

কিন্তু এইয়া কি? কি দেখিছোঁ এইয়া মই? নিজকে বিশ্বাস কৰিবলৈ টান লাগিল মোৰ!
এইয়া সপোন! সপোনত দেখিছোঁ মই! এইয়া বাস্তৱ হ’বই নোৱাৰে, হ’বই নোৱাৰে! বুকুখন
ভাঙি চূড়মাৰ হৈ গ’ল মোৰ….

নিবিড়ৰ বোকাময় নিথৰদেহ উঠি আহিল লেইকৰ পৰা! লগে লগে আনটো ল’ৰাৰো!

বুকু উজাৰি এক আৰ্তনাদ বাহিৰ হ’ল মোৰ আৰু খুউব কষ্টৰে মাথোঁঁ উচ্চাৰিলোঁ –
নিবিড়………

০০০০০০০০০০০০০০০

মোৰ সংজ্ঞা আহিল মোৰ নিজৰ কোঠাত৷ প্ৰিয়া, মণিমালা, জুৰি, ৰিমা, জেৰিনা,
ৰেহেনাহঁতে মোকে বেৰি মোৰ মুখলৈ চাই আছিল কিন্তু প্ৰত্যেকৰে মুখবোৰ বেদনাত
ক’লা পৰি আছিল৷ সংজ্ঞা ঘূৰাই পোৱাৰ পিছত সকলো কথা মোৰ মনলৈ আহিল আৰু মই
হুকহুকাই কান্দি উঠিলোঁ৷ সেই মুহূৰ্তত কোনেও কাকো সান্ত্বনা দিব পৰা নাছিল৷
কোঠাৰ বায়ুবোৰো যেন বেদনাৰে সিক্ত আছিল৷

এৰা, কেৱল কোঠাৰ বায়ুৱেই নে? গোটেই কলেজ শোকত বুৰ গৈছিল৷ ভৱিষ্যতৰ দুজন
প্ৰতিভাশালী অভিযন্তাক হেৰুৱাইছিল ইঞ্জিনিয়াৰিং কলেজখনে৷ হেৰুৱাইছিল দুটি
পৰিয়ালে সুঠাম সুন্দৰ দুটি ডেকা ল’ৰা আৰু মই …..

নিবিড় আৰু আনজন ল’ৰাক ডাক্তৰে মৃত বুলি ঘোষণা কৰাৰ পিছত মিছন হস্পিতেলৰ পৰা
কলেজ কেম্পাছলৈ লৈ অহা হৈছিল মৃতদেহ দুটা৷ এক শোকাকুল পৰিৱেশত ফুলেৰে দুয়োকে
শেষ শ্ৰদ্ধা জনোৱা হৈছিল৷

নিবিড়ৰ নিথৰ দেহটোত ফুল দি মই কান্দোনত ভাগি পৰিছিলোঁ৷ মণিমালাহঁতে মোক
সেইঠাইৰ পৰা ধৰি লৈ গৈছিল৷ মনৰ মাজত কৈছিলোঁ মাথোঁঁ– “নিবিড়, তুমি এনেকৈ মোক
এৰি যাব নোৱাৰা৷ সপোনতো যাব নোৱাৰা নিবিড়৷”

—-অৰুন্ধতীৰ দুচকু পানীৰে ভৰি পৰিল৷ নিবিড়ক হেৰুওৱাৰ দুখত অৰুন্ধতীৰ হৃদয়খন
মোচৰ খাই গ’ল৷ এটি গধূৰ মন লৈ অৰুন্ধতীয়ে পাত লুটিয়ালে৷ প্ৰাপ্তিৰ প্ৰতি
সহানুভূতিৰে মনটো ভৰি পৰিল৷ নিবিড়ৰ ঘটনাটোৰ কথা কৈ প্ৰাপ্তিয়ে তাইলৈ চিঠি লিখা
মনত পৰে! কেনে এক মৰ্মস্পৰ্শী ঘটনা! প্ৰাপ্তিৰ কথা বাৰু নকওঁৱেই সেই ল’ৰাদুজনৰ
ঘৰত সেই মুহূৰ্তত পৰিস্থিতি কেনে হ’ব লাগিব! ইঞ্জিনীয়াৰিং পঢ়ুৱাই থকা দুজনকৈ
চফল ডেকাক হেৰুৱাই মাক-দেউতাকৰ অৱস্থা কেনে হ’ব লাগিব সেই কথা ভাবিলেই
বুকুভেদি হুমুনিয়াহ ওলাই আহে! মৃত্যুও কেনে ভয়ংকৰ হ’ব পাৰে! প্ৰাপ্তিলৈ ফোন
লগালে অৰুন্ধতীয়ে –
:হেল্ল’ – প্ৰাপ্তিৰ কণ্ঠস্বৰ ভাঁহি আহিল
শোকাকুল হৈ থকা মনটো আৰু ধৰি ৰাখিব নোৱাৰিলে অৰুন্ধতীয়ে৷ ফোনতে কান্দি পেলালে
তাই৷
:কি হ’ল অৰু? কিয় কান্দিছ’? অনুৰাগৰ লগত কিবা লাগিলি নেকি?
:অনুৰাগৰ লগত মোৰ একো হোৱা নাই, নিবিড়ৰ কথা পঢ়ি চকুপানী ওলাল৷ অৰুন্ধতীয়ে
চকুপানী মোহাৰি মোহাৰি ক’লে৷
:অ’, মইনো কেনেকৈ জানো তই যে নিবিড়ৰ কথা পঢ়ি আছ’ বুলি? নিবিড় মোৰ দেহে-প্ৰাণে
বিৰাজমান, নিবিড়ৰ প্ৰেম লৈয়েই মই গোটেই জীৱন জীয়াই থাকিম৷ -প্ৰাপ্তিয়ে ক’লে৷
:বাৰু দুদিনমানৰ বাবে মোৰ তালৈ আহ, ক’ৰবাত ফুৰিবলৈ যাম৷ —অৰুন্ধতীয়ে ক’লে৷
:ভাবি চাওঁ বাৰু
:ঠিক আছে জনাবি, ৰাখিছোঁ এতিয়া, বাই…… টেইক কেয়াৰ

অৰুন্ধতীয়ে ফোনটো কাটি দিলে৷

কলিং বেলটো বাজি উঠিল৷ অৰুন্ধতীয়ে ডায়েৰীখন জপাই উঠি গৈ দুৱাৰ খুলি দিলে৷
অমৃতা, শ্বেতা, অনি, ইন্দ্ৰানী আৰু প্ৰতিভা হুৰমুৰকৈ সোমাই আহিল৷ আটাইকেইগৰাকী
অৰুন্ধতীৰ কলিগ, বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ! আটাইকেইজনীয়ে যে গধূলিৰ সময়কণ
তাইৰ লগত পাৰ কৰিবলৈ আহিছে অৰুন্ধতীয়ে বুজি পালে৷ অৰুন্ধতীয়ে আটাইকেইগৰাকীকে
বহিবলৈ দিলে৷ অনিয়ে ক’লে—“পকৰী বনাই আনিছোঁ, চাহ কৰা”
অৰুন্ধতীয়ে এটি উদাস মন লৈ চাহৰ চচটো তুলি দিলে গেছত৷ তাই যিমান পাৰি সিহঁতৰ
আগত মুখৰ কৰুণতাখিনি ঢাকিবলৈ চেষ্টা কৰিলে আৰু সফলো হ’ল৷ কাৰণ, কোনোজনী
বান্ধৱীয়ে তাই যে দুখী মন এটাৰে ভাৰাক্ৰান্ত হৈ আছে ধৰিব নোৱাৰিলে৷

প্ৰতিভাই ক’লে—“অ’ই গান এটা লগাচোন নাচিব মন গৈছে”
প্ৰতিভাই কোৱাৰ লগে লগেই অমৃতাৰ মবাইলত গান এটা বাজি উঠিলেই –
“……………..
প্যাৰে প্যাৰে লমহে, প্যাৰি প্যাৰি বাতে
স্বপ্ন’ কে দিন হ্যে, স্বপ্ন কি ৰাতে

হ’ গুঞ্জে হ্যে ডিল কে তৰাণে
বজনে হ্যে গীত ছুহানে
বেহকে হ্যে ছাৰে ডিৱানে
ট’হ নাছ লে’ নাছ লে’ অল নাইট

হোৱেৰজ ডা পাৰ্টি টুনাইট……”

গানৰ তালে তালে গোটেইকেইজনী উঠি নাচিবলৈ লাগিল৷ অৰুন্ধতীয়ে চাহ বাকী চেণ্টাৰ
টেবুলত থ’লে৷ সিহঁতৰ বিভিন্ন ভংগিমাৰ নাচোন দেখি অৰুন্ধতীৰ গধূৰ হৈ থকা মনটো
পাতল লাগিল৷ এৰা মিঠা মিঠা এটি এটি পাখিলাহী লহমাবোৰ, মিঠা মিঠা কথাবোৰ, সপোনৰ
এই দিন-ৰাতিবোৰ এদিন ইতিহাস হয় –অৰুন্ধতীয়া ভাবিলে৷ নাচি উঠি গোটেইকেইজনীয়ে
চাহৰ কাপত চুমুক দিলে আৰু কথাৰ ৰসত হাঁহিত ফাটি পৰিল৷
“শ্বেতাৰ বাৰ্থডে’ত আমি সবেই নাচিম হাঁ”—অনিয়ে ক’লে
“অ’কে অ’কে কিয় নানাচিম? ”—অমৃতাই সপ্ৰতিভভাৱে কৈ উঠিল৷
“অৰু, কাইলৈ পুৱা ছয় বজাত ওলাবা ৰংপোৰ দেওবৰীয়া বজাৰলৈ”—অনিয়ে ক’লে৷

আটাইকেইজনী হাঁহি ফূৰ্তি কৰি সেইদিনাৰ বাবে বিদায় ল’লে৷

পিছদিনা পুৱা ছয় বজাতে আটাইকেইজনী দেওবৰীয়া ৰংপো বজাৰ পালেগৈ৷ অৰুন্ধতীৰ এই
দেওবৰীয়া বজাৰখন বৰ ভাল লাগে৷ মানুহেৰে গিজগিজাই থাকে বজাৰ৷ হৰেক ৰকমৰ পাচলিৰ
পৰা ধৰি চেণ্ডেল, কাপোৰৰলৈকে ভৰি থাকে বজাৰ! অৰুন্ধতীহঁতে সপ্তাহটোৰ বজাৰ এইখন
বজাৰৰ পৰাই কৰে৷
০০০০০০০০০০০০০০০০০০০
অৰুন্ধতী, অমৃতাহঁতে বন্ধদিন এটাত ছাংগু লেইকলৈ বুলি ফুৰিবলৈ যাব ওলাল৷
অৰুন্ধতীয়ে প্ৰাপ্তিকো লগ ধৰিলে৷ প্ৰাপ্তিও যাবলৈ মান্তি হ’ল৷ ছাংগু লেইকলৈ
বুলি ফুৰিবলৈ যাবলৈ প্ৰাপ্তিয়ে অৰুন্ধতীৰ কোৱাৰ্টাৰলৈ এদিন আগতেই থকাকৈ আহিল৷
পিছদিনা ৰাতিপুৱাই টোকেন্দ্ৰৰ ভেনখনত আটাইকেইজনীয়ে যাত্ৰা আৰম্ভ কৰিলে ছাংগু
লেইকলৈ বুলি৷ গেংটকৰ বতৰ সদায়ে অসমৰ ডিচেম্বৰ মাহৰ জাৰৰ দৰে-অৰুন্ধতীৰ তেনে
লাগে! ছাংগু লেইক গেংটকৰ পৰা চল্লিশ কিঃমিঃ দূৰৰ পূৱ চিকিমত অৱস্থিত৷
আটাইকেইজনীয়ে গেংটকতে ব্ৰেকফাষ্ট কৰি যাত্ৰাৰ বাবে সাজু হ’ল৷ পাহাৰীয়া অকোৱা
পকোৱা বাটেৰে টুকেন্দ্ৰৰ ভেনখন আগবাঢ়িল আৰু বাজি থাকিল কিশোৰ কুমাৰৰ সুৰীয়া
মধুৰ গানবোৰ৷ আটাইকেইজনী যেন গানত বুৰ গ’ল৷

“জীৱন চে ভৰি তেৰি আঁখে
মজবুৰ কৰে জীনে কে লিয়ে
জীনে কে লিয়ে
সাগৰ ভি তৰচতে ৰহতে হে…..”
সঁচাই কি সুন্দৰ গান! মনত ঝংকাৰ তুলিব পৰা! —অৰুন্ধতীয়ে ভাবিলে৷
তাইৰ অনুৰাগলৈ মনত পৰিল৷ বিয়াৰ পাছতে অৰুন্ধতী-অনুৰাগ ছাংগু লেইক, বাবা
মন্দিৰলৈ ফুৰিবলৈ আহিছিল৷ অৰুন্ধতীয়েই লৈ আহিছিল অনুৰাগক৷ এইবাৰো আহিবলৈ মন
আছিল তাৰ! পিছে ডিউটি লগতে লেডিজ পাৰ্টিত অন্ততঃ অনুৰাগৰ প্ৰৱেশ নিষেধ!
প্ৰাপ্তিয়ে খিৰিকীৰ বাহিৰলৈ চাই গৈছিল আনমনা হৈ! কি ভাবিছে বাৰু প্ৰাপ্তিয়ে?
নিবিড়ৰ কথা? —অৰুন্ধতীয়ে মনে মনে ভাবিলে৷ অৰুন্ধতীৰ মনটো যেন প্ৰাপ্তিয়ে পঢ়ি
পেলালে৷
“জান’ অৰু, আজি নিবিড় থকা হ’লে মই তাক ইয়ালৈ ননাকৈ নাথাকিলোহেঁতেন! বেলেগকৈ
স্বৰ্গ চাবই নালাগে নহয়? চিকিমখন সঁচাই এখন ভূস্বৰ্গ! চাছোন বৰফাবৃত পাহাৰবোৰ
–কেনে মনোমোহা! মনটো একেবাৰে টানি লৈ যায় অ’!” – প্ৰাপ্তিৰ কথা অৰুন্ধতীয়ে
মনোযোগেৰে শুনে৷
“অ’ই অনি, তোৰ ফোনটো চাইলেণ্ট কৰ! এদিন প্ৰেমৰ কথা নাপাতিলে একো নাযাই দে’
তহঁতৰ! ”—অমৃতাৰ কথা শুনি আটাইকেইজনীয়ে গিৰ্জনী মাৰি হাঁহি উঠিল৷ অনি ৰূপমৰ
স’তে এংগেজ হোৱাৰ দিন ধৰি “এছ এম এছ”ত কথা পাতিয়েই ত’ত নাপাই৷ এতিয়াও তাই
ফোনটোত ব্যস্ত হোৱা দেখি অমৃতাই তেনেকৈ ডবিয়াই উঠিল৷ ৰাস্তাতে সিহঁতে এটা
জলপ্ৰপাত পালে৷ জলপ্ৰপাতটোৰ কাষত ৰৈ বিভিন্ন ভংগিমাত ফটো উঠিলে আটাইকেইজনীয়ে৷
বিভিন্ন ঠাইৰ পৰা অহা টুৰিষ্টৰ ভীৰ দেখা পালে অৰুন্ধতীহঁতে৷

তাৰপিছত আকৌ যাত্ৰা আৰম্ভ হ’ল ছাংগু লেইকলৈ বুলি৷ অৰুন্ধতীহঁত যেতিয়া ছাংগু
লেইক পালেগৈ লেইকৰ পানীৰ শান্ত-সৌম্য পৰিৱেশে গোটেইকেইজনীৰ মনবোৰ চুই গ’ল৷
ঠাণ্ডা পৰিছিল, সকলোৱে গৰম কাপোৰ, টুপী আদি লগাইছিল৷ আটাইকেইজনীয়ে চাহ একোকাপ
খাই ফ্ৰেছ হ’ল আৰু লেইকৰ পাৰত শাৰী শাৰীকৈ থকা য়াকৰ পিঠিত উঠি ফটো উঠি ফূৰ্তি
কৰিলে৷ টুৰিষ্টেৰে লেইকৰ পাৰ ভৰি আছিল৷ পাহাৰৰ শুভ্ৰ বৰফে সকলোৰে মনবোৰ টানি
নিছিল৷ ছাংগু লেইকৰ মনোমোহা শোভা চাই আটাইকেইজনী বাবা মন্দিৰলৈ বুলি আগবাঢ়িল৷
চিকিমৰে ছোৱালী প্ৰতিভাই বাবা মন্দিৰটোৰ বিষয়ে ক’বলৈ ধৰিলে —এই বাবা
মন্দিৰটো বাবা হৰভজন সিঙ নামৰ সৈনিকজনৰ নামেৰে প্ৰতিষ্ঠা কৰা হৈছে যিজন সৈনিকৰ
আত্মাই আজিও দেশৰ সীমাত যোৱা পঞ্চলিছ বছৰ ধৰি ডিউতি কৰি আহিছে বুলি বিশ্বাস
কৰা হয়৷ তাত থকা সৈনিক সকলে কয় যে বাবা হৰভজন সিঙৰ আত্মাই আগতীয়াকৈ সীমা বিপদৰ
সংকেত দি সৈনিক সকলক সাৱধান কৰি দিয়ে৷ ভাৰতীয় সৈনিক সকলে বাবা হৰভজন সিঙৰ
আত্মাক ইমানেই বিশ্বাস কৰে যে চীন-ভাৰত সীমা সম্বন্ধীয় মিটিঙতো বাবা হৰভজন
সিঙৰ নামত এখন চকী সন্মানসহকাৰে ৰখা হয়৷ বাবা হৰভজন সিং পাঞ্জাৱ ৰেজিমেণ্টৰ ২৩
নং বেটেলিয়নৰ জোৱান আছিল৷ সেয়া আছিল ১৯৬৮ চনৰ কথা৷ সেই বছৰটোত ভয়ংকৰ প্ৰাকৃতিক
দুৰ্যোগৰ গ্ৰাসত পৰিছিল চিকিম৷ ডাৱৰ বিস্ফোৰণ আৰু প্ৰচণ্ড বৰষুণৰ ফলত হোৱা
ভূমিস্খলন আৰু বানে বহু লোকৰ প্ৰাণনাশ কৰিছিল৷ ১৯৬৮ চনৰ ৪ অক্টোবৰত ভাৰত-চীন
সীমান্তৰ ডেনচুকাত অকলেই পহৰা দি আছিল সৈনিক হৰভজন সিঙে৷ দুৰ্গম পাৰ্বত্য
এলেকাটোত টহল দি থাকোতেই ভৰি পিছল খাই এখন খৰস্ৰোতা নৈত পৰি গৈছিল সৈনিকজন৷
হৰভজন সিঙৰ কোনো শুংসূত্ৰ পোৱা নগৈছিল৷ তেওঁৰ সলিল সমাধি ঘটিল বুলি সকলোৱে ধৰি
লৈছিল৷ ঘটনাৰ পাঁচদিন পাৰ হোৱাৰ পাছত প্ৰীতম সিং নামৰ হৰভজন সিঙৰ সতীৰ্থজনে
নিশা এটা সপোন দেখিলে৷ প্ৰীতম সিঙক সপোনত দেখা দি হৰভজন সিঙে তেওঁৰ মৃতদেহ ক’ত
পোৱা যাব তাৰ আভাস দিলে আৰু সেই স্থানত এটা স্মাৰক নিৰ্মাণ কৰিবলৈ ক’লে৷ সৈনিক
প্ৰীতম সিঙে সপোনটোৰ কথা উৰ্ধতন কৰ্তৃপক্ষক অৱগত কৰিছিল যদিও সেয়া তেওঁৰ মনৰ
ভ্ৰম হ’ব পাৰে বুলিও কৈছিল৷ কিন্তু সপোনত হৰভজন সিঙে আভাস দিয়া স্থানতে উদ্ধাৰ
হৈছিল তেওঁৰ মৃতদেহ৷ ইয়াৰ পিছত সেনাৰ উৰ্ধতন কৰ্তৃপক্ষই প্ৰয়াত সৈনিক হৰভজন
সিঙক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ তেওঁৰ মৃতদেহ উদ্ধাৰ হোৱা “চোক্যা চু” নামৰ
ঠাইত এটা স্মাৰক নিৰ্মাণ কৰিলে৷ সৈনিক হৰভজন সিঙৰ নামত স্মাৰক নিৰ্মাণ কৰাৰ
পিছত কেতবোৰ আজৱ ঘটনা ঘটিবলৈ ধৰিলে৷ সীমান্তত কিবা অঘটন ঘটাৰ কেইদিনমানৰ আগতেই
মৃত সৈনিকজনে সতীৰ্থ সকলক সপোনত দেখা দি তাৰ আভাস দিবলৈ ধৰিলে৷ সীমান্তৰ
সিপাৰে থকা চীনৰ সৈন্য বাহিনীয়েও হৰভজন সিঙৰ অশৰীৰি অৱস্থিতিৰ কথা স্বীকাৰ
কৰিলে৷ প্ৰয়াত সৈনিক হৰভজন সিঙৰ অশৰীৰি অৱস্থিতিৰ কথা জানিব পাৰি সেনাৰ উৰ্ধতন
কৰ্তৃপক্ষই তেওঁৰ স্মাৰকটোৰ পৰা অলপ নিলগত আটকধুনীয়া এটা নতুন স্মাৰক নিৰ্মাণ
কৰিলে যিটো এতিয়া বাবা হৰভজন সিঙৰ মন্দিৰ হিচাপে জনাজাত৷ ”
অৰুন্ধতীয়ে মন কৰিলে – বাবা মন্দিৰটো ঠিক মন্দিৰৰ দৰে নহয়৷ এটা তিনিকোঠলীয়া
ঘৰহে৷ ইয়াৰে ডাঙৰ কোঠাটোত প্ৰয়াত সৈনিক হৰভজন সিঙৰ এখন ডাঙৰ প’ৰ্ট্ৰেইটৰ সৈতে
হিন্দু দেৱ-দেৱীৰ উপৰি শিখ ধৰ্মগুৰু সকলৰ ছবি সজাই ৰখা হৈছে৷ ঘৰটোৰ আন এটা
কোঠাত এজন সৈনিকৰ প্ৰয়োজনীয় বিভিন্ন সামগ্ৰী -ইউনিফৰ্ম, জোতা, চেণ্ডেল, বিছনা
আদি সযত্নে থোৱা হৈছে৷ ঘৰটোৰ তৃতীয়টো কোঠাত আছে এটা কাৰ্যালয়৷ কোঠাটো পানীৰ
বটলেৰে ঠাহ খাই আছে৷ চিকিম আবাসী প্ৰতিভাই আমাক ক’লে – “মন্দিৰ দৰ্শন কৰিবলৈ
অহা লোকসকলে এই পানীৰ বটলবোৰ থৈ যায়৷ তেওঁলোকে বিশ্বাস কৰে যে “বাবা”ই এই পানী
পবিত্ৰ জললৈ ৰূপান্তৰিত কৰিব পাৰে আৰু সেই জল পান কৰিলে যিকোনো ব্যাধি আৰোগ্য
হয়৷ প্ৰতিটো পানীৰ বটলত দৰ্শনাৰ্থীৰ নাম-ঠিকনা লিখা থাকে৷ তদুপৰি এই মন্দিৰলৈ
আহিলে মনৰ আশা পূৰণ হয় বুলি বিশ্বাস কৰা হয়৷ ”

অৰুন্ধতীয়ে বিয়াৰ আগতেও এই মন্দিৰলৈ আহিছিল, চকু মুদি ভাবিছিল সপোনৰ কোঁৱৰজনৰ
কথা৷ ছমাহৰ পাছতেই ধুমধামেৰে অনুৰাগৰ লগত বিয়া হৈ গৈছিল অৰুন্ধতীৰ৷ বিয়াৰ পিছত
অনুৰাগক বাবা মন্দিৰলৈ লৈ আহিছিল অৰুন্ধতীয়ে৷ এৰা, অনুৰাগক পতি বৰণ কৰাটোও
বাবা হৰভজন সিঙৰ আৰ্শীবাদেই আছিল নেকি বাৰু! —অৰুন্ধতীৰ কথাটো ভাবি মনে মনে
হাঁহিৰ ঢৌ খেলি গ’ল৷

বিশ্বাসে মানুহৰ মনৰ ভিতৰত কিমান যে প্ৰভাৱ বিস্তাৰ কৰে এই “বাবা” মন্দিৰো এটা
উদাহৰণ৷
বাবা মন্দিৰ চাই আটাইকেইজনী সেইদিনা উভতিছিল৷ অৰুন্ধতীৰ কোৱাৰ্টাৰত এৰাতি থাকি
প্ৰাপ্তি শিলিগুৰিলৈ গুচি গৈছিল৷

খণ্ড-১০

কোনো এক অৱসৰ মুহূৰ্তত অৰুন্ধতীয়ে প্ৰাপ্তিৰ ডায়েৰীখনৰ পাত লুটিয়ালে–

“অহাৰ দৰে উভতি আঁতৰি গ’লা
বাটে বাটে ফুল সিঁচি থয়
ৰ’দৰ তাপত মৰহি শুকালে
তোমাৰ কথাকে আছে কয়
অহাৰ দৰে উভতি আঁতৰি গ’লা”
– কথাঃ সূৰ্য্য কুমাৰ ৰাজা

নিবিড়ে মোৰ মনৰ গহনত এনেকৈ ঠাই লৈছিল যে নিবিড়ৰ মৃত্যুক মই সহজ ভাৱে ল’ব পৰা
নাছিলোঁ৷ মই অসুস্থ বুলি ঘৰত খবৰ দিয়া হৈছিল৷ সেয়ে মায়ে মোক নিবলৈ আহিছিল৷ মাক
সাৱটি মই উচুপি উচুপি কান্দিছিলোঁ৷ মায়ে মোৰ মনৰ অৱস্থা বুজিছিল৷ নিবিড়ৰ
কথাবোৰ মই মাক কৈছিলোঁ বহুদিন আগতেই৷

প্ৰকৃতিস্থ হ’বৰ বাবে এমাহদিন মই ডাক্তৰী চাৰ্টিফিকেট দেখুৱাই ক্লাছ ক্ষতি কৰি
ঘৰত আছিলোঁ৷ মোৰ ৰাতি ৰাতি টোপনি অহা নাছিল৷ মায়ে মোৰ টোপনি আহিবৰ বাবে
মাজৰাতিও গোসাঁই ঘৰত চাকি জ্বলাইছিল আৰু মোৰ মূৰত হাত ফুৰাই প্ৰাৰ্থনা গাইছিল—
“ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম ৰাম ৰাম ৰাম ৰাম
মায়া শয্যা মাজে আছয় ঘুমটি যাই৷
তুমিহে চৈতন্য সনাতন ৰাম ৰাম ৰাম ৰাম ৰাম
আমি অচেতন নিয়োক নাথ জগাই৷ ৷ ”

মা আৰু দেউতাই পাল পাতি পাতি মোক প্ৰাৰ্থনা গাই শুৱাবলৈ চেষ্টা কৰিছিল৷ মই
“নিবিড়, নিবিড়” বুলি বহু ৰাতি ধৰফৰাই বহি পৰিছিলোঁ৷ মা-দেউতাই বহু কষ্টেৰে
জীৱন দৰ্শন, সান্ত্বনা বাণী আদিৰে মোৰ মন ভৰাই ৰাখিবলৈ চেষ্টা কৰিলে৷

আমাৰ ঘৰৰ পৰা নাতিদূৰত আছিল জীৱন দৰ্শন আধ্যাত্মিক সংগ্ৰহালয় প্ৰজাপিতা
ব্ৰহ্মাকুমাৰী বিশ্ববিদ্যালয়৷ মোৰ মানসিক হতাশা আঁতৰাবৰ বাবে এদিন মোক
সম্বন্ধীয় বাইদেউ এগৰাকীয়ে তালৈ লৈ গ’ল৷ প্ৰজাপিতা ব্ৰহ্মাকুমাৰী
বিশ্ববিদ্যালয়ত ৰাজযোগ মেডিটেচনৰ শিক্ষা দিয়া হয়৷ সাতদিনীয়া এটা কৰ্চৰ যোগেদি
ৰাজযোগ মেডিটেচনৰ আৰম্ভণি কৰা হয়৷ শোকৰ সাগৰত ডুবি থকা মোৰ মনটোক সুস্থিৰ
অৱস্থালৈ আনিবৰ বাবে মই তালৈ যাবলৈ আৰম্ভ কৰিলোঁ৷

শুধ বগাসাজ পৰিহিতা দেৱীৰ দৰে এগৰাকী মহিলাই মোক ৰাজযোগ মেডিটেচনৰ ক্লাছ লোৱা
আৰম্ভ কৰিলে৷ তেওঁ কৈ গ’ল – চোৱা, এই শৰীৰ পঞ্চভূতেৰে গঠিত এটি নিৰ্জীৱ পুতলা
মাত্ৰ আৰু ই অতি ক্ষণভংগুৰ৷ কিন্তু এই দেহৰ ভিতৰত থকা আত্মা অনাদি আৰু
অবিনাশী৷ এই শৰীৰ আৰু আত্মা সম্পূৰ্ণ পৃথক৷ শৰীৰ নিঃশেষ হয় কিন্তু আত্মা
নিঃশেষ নহয়৷ আত্মাই এটি দেহ ত্যাগ কৰি আন এটি দেহত প্ৰৱেশ কৰে৷ প্ৰথমে নিজক
সোধা-মই কোন? …মই এক আত্মা৷ মই এটি জ্যোতিস্বৰূপ বিন্দুৰূপী আত্মা, ভ্ৰুকুটিৰ
মধ্যস্থলত যাৰ নিবাস৷ আত্মা সাতটি গুণেৰে সমৃদ্ধ-জ্ঞান, শুদ্ধতা, প্ৰেম,
শান্তি, ইচ্ছাশক্তি, পৰমানন্দ আৰু সুখ৷ সূৰ্য আৰু তাৰকাৰাশিৰ সিপাৰে যি ৰক্তিম
প্ৰকাশতত্ত্ব বিৰাজমান সেই জ্যোতিৰ দেশৰ পৰা অৰ্থাৎ ব্ৰহ্মলোকৰ পৰা মই এই
মনুষ্য সৃষ্টিলোকলৈ আহিছো৷ সেই ব্ৰহ্মলোকলৈ মই পুনৰ ঘূৰি যাব লাগিব৷ তাত
পবিত্ৰতা আৰু শান্তি বিৰাজমান, তাত আত্মা নিৰ্বিকাৰী হৈ থাকে৷ সেই ব্ৰহ্মলোকেই
আত্মাৰ অৰ্থাৎ আমাৰ প্ৰকৃত বাসস্থান৷ মই আত্মা পৰমাত্মাৰ সন্তান৷ পৰমাত্মাও
জ্যোতিস্বৰূপ, তেৱোঁ এক বিন্দুস্বৰূপ৷ তেওঁ জ্ঞানৰ সাগৰ, শান্তিৰ সাগৰ, প্ৰেমৰ
সাগৰ আৰু সৰ্বশক্তিমান৷ তেৱোঁ ব্ৰহ্মলোকৰ নিৱাসী৷
ঈশ্বৰ চিন্তা মানে হ’ল আত্মাৰ লগত পৰমাত্মাৰ মিলন অৰ্থাৎ একপ্ৰকাৰ কানেকচন বা
যোগসাধন –এইয়াই ৰাজযোগ৷ স্মৃতিৰ দ্বাৰা মনক পৰমাত্মাৰ লগত এনেদৰে মিলন ঘটাব
লাগে –“মই পৰমপিতা পৰমাত্মাৰ সন্তান জ্যোতিবিন্দু আত্মা৷ সৰ্বশক্তিমান
জ্যোতিস্বৰূপ পৰমাত্মাৰ মই প্ৰিয় সন্তান৷ পৰমপিতাৰ জ্যোতিৰে মই আলোকময় হৈছোঁ৷
পৰমপিতাৰ পৰা পোৱা পোহৰ আৰু শক্তি মোৰ আত্মাৰ মাধ্যমেৰে সংসাৰত বিকিৰণ হৈ
চৰাচৰ জগতকো পবিত্ৰ কৰিছে৷ অপাৰ আনন্দময় মই আত্মা জ্যোতিস্বৰূপ, শক্তিস্বৰূপ,
শক্তি আৰু পোহৰৰ ঢৌত মই উটি ভাঁহি ফুৰিছোঁ৷ পৰমপিতা, তুমি মোক আপোন কৰি লৈছা৷
মই সঁচাকৈয়ে বৰ ভাগ্যৱান৷ ”

প্ৰজাপিতা ব্ৰহ্মাকুমাৰী বিশ্ববিদ্যালয়লৈ গৈ মোৰ ভাল লাগিবলৈ ধৰিলে৷ নিজকে আৰু
লগতে পৃথিৱীৰ প্ৰতিজন মানুহেই “এক জ্যোতিবিন্দু আত্মাস্বৰূপ” বুলি ভাবি অলৌকিক
অনুভৱ হ’ল মোৰ৷ পৰমাত্মাৰ কথা ভাবিওচোন মনটোৱে শান্তি আৰু শক্তি অনুভৱ কৰিলে৷

মই নিয়মিতৰূপে যাবলৈ ধৰিলোঁ জীৱন দৰ্শন আধ্যাত্মিক সংগ্ৰহালয়লৈ৷ শুধবগা সাজ
পৰিহিতা দেৱীগৰাকীয়ে কৈ গ’ল—ব্ৰহ্মাকুমাৰী বিশ্ববিদ্যালয়ৰ মূল লক্ষ্য হৈছে
পৃথিৱীত শান্তি স্থাপন কৰা৷ আমাৰ ভাৰতবৰ্ষক স্বৰ্গৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰা৷
ব্ৰহ্মাকুমাৰী কোনো বিশেষ ধৰ্ম নহয়; এইখন এখন আধ্যাত্মিক ভাৱনাৰে পৰিপূৰ্ণ
ঈশ্বৰীয় বিশ্ববিদ্যালয় য’ত আধ্যাত্মিক অধ্যয়নৰ জৰিয়তে নিজৰ পাঁচ বিকাৰ-কাম,
ক্ৰোধ, লোভ, মোহ, অহংকাৰক আহুতি দি নিজকে পবিত্ৰ আত্মাৰূপে গঢ়ি তোলা৷ এই
ঈশ্বৰীয় বিশ্ববিদ্যালয়ে সকলোকে এই জ্ঞান দি আহিছে যে “শান্তি” পবিত্ৰ জীৱনৰ
আধাৰস্বৰূপ৷ পবিত্ৰতা আৰু শান্তিৰ কাৰণে পৰমপিতা পৰমাত্মাৰ পৰিচয় লাভ কৰা আৰু
তেওঁৰ লগত মনৰ সম্বন্ধ স্থাপন কৰাটো অতি প্ৰয়োজনীয়৷ সেয়েহে ব্ৰহ্মাকুমাৰী
বিশ্ববিদ্যালয়ে সকলোকে ৰাজযোগ কেন্দ্ৰ অথবা ঈশ্বৰীয় মনন-চিন্তন কেন্দ্ৰলৈ
আহিবৰ বাবে আমন্ত্ৰণ কৰে৷ এই বিশ্ববিদ্যালয়ত ৰাজযোগৰ অভ্যাস কেনেকৈ কৰিব লাগে
আৰু জীৱন পদুমফুলৰ দৰে পবিত্ৰ কেনেকৈ কৰিব পাৰি তাৰে আৱশ্যকীয় জ্ঞান দিয়া হয়৷
এই জ্ঞান আৰু যোগৰ বিষয়ে জানিলে যিকোনো এজন লোকে কৰ্মস্থলীত অথবা ঘৰত ৰন্ধন
কাৰ্য্য কৰা সময়তো শান্তিৰ সাগৰ পৰমাত্মাৰ লগত নিজৰ সম্বন্ধ স্থাপিত কৰিব পাৰে
আৰু এই ৰাজযোগৰ অভ্যাসেৰে এটি পৰিয়াললৈ স্নেহ আৰু শান্তিৰ নিজৰা বৈ এটি
সুব্যৱস্থাৰ মাজেদি পৰিচালিত সংগঠিত পৰিয়াল হয়৷ দিব্যজ্ঞানৰ দ্বাৰা মানুহে
নিজৰ কু-অভ্যাস ত্যাগ কৰি সৎ গুণ ধাৰণ কৰিবলৈকো সমৰ্থ হয়৷ ইয়াৰ বাবে যি মনোবলৰ
প্ৰয়োজন হয় তাক মানুহে যোগবলৰ পৰা লাভ কৰে৷

মোৰ লগতে আৰু কেইবাগৰাকীও সদস্যই ৰাজযোগ মেডিটেচনৰ শিক্ষা লোৱা আৰম্ভ কৰিছিল৷
এদিন আমাক এটি কোঠালৈ লৈ যোৱা হ’ল৷ মাখনৰঙৰ পৰ্দা লগোৱা পবিত্ৰ পবিত্ৰ অনুভৱ
হোৱা এটি কোঠা য’ত পৰমাত্মাৰ জ্যোতিস্বৰূপ ফটো এখন লগোৱা আছিল৷ আমাক সকলোকে
ৰাজহাড় পোন কৰি বহিবলৈ দিয়া হ’ল আৰু পৰমাত্মাৰ ফালে দৃষ্টি নিবদ্ধ কৰিবলৈ
ক’লে৷ আমি সকলোৱে ৰাজহাড় পোন কৰি পৰমাত্মাৰ ফালে দৃষ্টি নিবদ্ধ কৰিলোঁ৷ সুধবগা
সাজ পৰিহিতা দেৱীগৰাকীৰ কণ্ঠস্বৰ আহি আমাৰ কাণত পৰিলহি –
ঔঁম শান্তি…
মই এক আত্মা৷ মই আত্মা এই সৃষ্টিৰ ৰঙ্গমঞ্চৰ এজন শৰীৰৰূপী অভিনেতা হওঁ৷ মই
আত্মা এই সৃষ্টিত শৰীৰৰূপী বস্ত্ৰ ধাৰণ কৰি অভিনয় কৰি আছোঁ৷ মই আত্মা এই
শৰীৰৰূপী বস্ত্ৰৰ দুই ভ্ৰুকুটিৰ মাজত জিলিকি থকা এটা উজ্জ্বল তৰাৰ দৰে হওঁ৷

মই আত্মা চকুৰ দ্বাৰা দেখোঁতা, কাণৰ দ্বাৰা শুনোতা, মুখৰ দ্বাৰা কওঁতা এক
অবিনাশী সত্ত্বা হওঁ৷ মই আত্মা অজৰ অমৰ হওঁ, মই আত্মা জুইত পুৰিলেও পুৰ
নাখাওঁ, তৰোৱালে কাটিলেও কাট নাখাওঁ, পানীত ডুবালেও ডুব নাযাওঁ, অজৰ অমৰ হওঁ৷
মই আত্মা শান্তস্বৰূপ হওঁ, শান্তি মোৰ স্ব-ধৰ্ম৷ মই আত্মা এতিয়া এই শৰীৰ ৰূপী
বস্ত্ৰৰপৰা ওলাই মন, বুদ্ধিৰ দ্বাৰা মোৰ পিতাৰ কাষলৈ গৈ আছোঁ৷ বায়ু মণ্ডল পাৰ
হৈ নীলা আকাশ পাৰ হৈ চন্দ্ৰ, সূৰ্য, অগণন তাৰকাৰাজ্য পাৰ হৈ মই গৈ আছোঁ৷

এইয়া মই সূক্ষ্ম বতন পালোহি য’ত ব্ৰহ্মা, বিষ্ণু, শংকৰ আছে৷ সূক্ষ্ম বতন পাৰ
হৈ মই আত্মা এতিয়া আত্মাৰ জগতলৈ গৈ আছোঁ৷ মই এতিয়া ৰঙা ৰক্তিমময় জগতৰ মাজেদি
গৈ আছোঁ৷ এতিয়া মই আত্মাৰ জগতৰ মাজেদি গৈ আছোঁ৷

মই এটি উজ্জ্বল পোহৰ দেখিবলৈ পাইছোঁ৷ সেই উজ্জ্বল পোহৰটোৰ কাষলৈ গৈ আছোঁ৷ সেই
উজ্জ্বল পোহৰটোৱেই হৈছে পৰমপিতা পৰমাত্মা৷ মই এতিয়া পিতাৰ কাষত ৰলোহি৷ পিতা,
আপুনি জ্ঞানৰ সাগৰ হয়, শান্তি সাগৰ, আনন্দ সাগৰ, প্ৰেমৰ সাগৰ, সুখৰ সাগৰ৷
এইদৰে মই আত্মাও জ্ঞানস্বৰূপ, প্ৰেমস্বৰূপ, শান্তিস্বৰূপ, আনন্দস্বৰূপ হওঁ৷
পৰমপিতা, আপুনি গতি সদগতি দাতা হয়৷ জীৱন মুক্তি দাতা হয়৷ অপবিত্ৰক পবিত্ৰ
কৰোঁতা হয়, গোটেই বিশ্বক উদ্ধাৰ কৰোঁতা হয়৷ হে পৰমপিতা, আপোনাক পাই মই অনেক
জন্মৰ সুখ দুখ সকলো পাহৰি পেলাইছোঁ৷ মই আপোনাক কিদৰে ধন্যবাদ জনাও৷

পিতা, মই এতিয়া পৃথিৱীলৈ উভতি যাব লাগিব৷ য’ত মোৰ শৰীৰৰূপী বস্ত্ৰ পেলাই থৈ
আহিছোঁ৷ সেই শৰীৰৰূপী বস্ত্ৰ পুনৰ ধাৰণ কৰি যি আধৰুৱা কৰ্ম এৰি থৈ আহিছোঁ
সম্পূৰ্ণ কৰি আপোনাৰ কাষলৈ পুনৰ উভতি আহিম৷ মই এতিয়া আপোনাৰ কাষ এৰিছোঁ৷ লাহে
লাহে এতিয়া মই পৰমধাম এৰি থৈ আহিছোঁ৷ সূক্ষ্ম বতন এৰি থৈ আহি আছোঁ৷ এইয়া মই
পৃথিৱীত প্ৰবেশ কৰিলোঁ৷ মই আত্মা এতিয়া পৃথিৱীত পেলাই থৈ যোৱা শৰীৰৰূপী
বস্ত্ৰৰ দুই ভ্ৰূকুটিৰ মাজত বিৰাজমান হ’লো৷ মই আত্মা শান্তি স্বৰূপ হওঁ৷
ঔঁম শান্তি, শান্তি, শান্তি

তেওঁৰ কথা শেষ হোৱাৰ লগে লগে আমিও নিজৰ মাজলৈ উভতি আহিছিলোঁ৷ পৰম শান্তিময়তাই
মনটো বুৰাই পেলাইছিল৷

এনেকৈয়ে ৰাজযোগ মেডিটেচনৰ অনুশীলন আৰম্ভ হৈছিল মোৰ৷

মনৰ ভিতৰত বহুতো প্ৰশ্নৰ পাহাৰ থূপ খাইছিল মোৰ…..প্ৰশ্নৰ পাহাৰে মোৰ মনটোক
ভাগৰুৱা কৰি তুলিছিল৷ মোক মোৰ সম্বন্ধীয় বাইদেউ গৰাকীয়ে কৈছিল – ইমান বোৰ
প্ৰশ্নৰ উত্তৰ এতিয়া নিবিচাৰিবা৷ মনৰ শক্তিৰ বাবে তুমি মাথোঁঁ ‘ৰাজযোগ
মেডিটেচন’ৰ অনুশীলন কৰা৷ তোমাৰ মনৰ শান্তিৰ বাবে এতিয়া মাথোঁঁ সেইয়াই সমাধান
বুলি ভাবোঁ৷ পিছলৈ লাহে ধীৰে প্ৰশ্নৰ উত্তৰবোৰ বিচাৰিলেও হ’ব৷
দেৱীগৰাকীয়ে কৈছিল- ঈশ্বৰীয় জ্ঞানৰ দ্বাৰা জীৱনলৈ মধুৰতা আহে৷ এই জ্ঞানৰ
দ্বাৰা মায়াৰ তিক্ততা বা বিষ নোহোৱা হয়৷ আমি সকলোৱে সৃষ্টিক এক বিৰাট নাটকৰ
দৃষ্টিত সাক্ষী হৈ চাব পাৰিব লাগিব—“এই নাটক আগতেও হৈছিল, বৰ্তমানো হৈ আছে আৰু
ভৱিষ্যতেও হ’ব৷ সকলোৱে নিজৰ নিজৰ বিভিন্ন সংস্কাৰ অনুসাৰে অভিনয় কৰি আছে৷”
ৰাজযোগ মেডিটেচনে এজন মানুহক আত্মা আৰু পৰমাত্মাৰ অনুভূতি প্ৰদান কৰে, মানুহ
গুণবিশিষ্ট প্ৰাপ্ত হয়, সাকাৰত্মক জীৱনশৈলী গঢ় লৈ উঠে, জীৱনত আন্তৰিক শান্তিৰ
প্ৰবাহ বৈ থাকে, শৰীৰ আৰু মনৰ স্বাস্থ্য অটুট থাকে, মানুহৰ লগত হোৱা সম্বন্ধ
মধুৰ হয়, ব্যৱহাৰিক জীৱনত নৈতিকতাৰ উপলব্ধি অৰ্জন কৰিব পাৰি, একাগ্ৰতা আৰু
মনোবল বৃদ্ধি হয়, সাম্প্ৰদায়িক সদ্ভাৱনা সৃষ্টি হয়, আধ্যাত্মিক শক্তিৰ অধিকাৰী
হোৱাৰ লগতে এটি সুখী পৰম আনন্দময় জীৱন প্ৰাপ্ত কৰিব পাৰে৷

সঁচাকৈয়ে “ৰাজযোগ মেডিটেচনে” মোক হতাশাৰ গহ্বৰৰ পৰা, নিবিড়ক হেৰুৱাই অনুভৱ কৰা
শোক সাগৰৰ পৰা তুলি আনিলে৷ তদুপৰি জীৱনৰ প্ৰতি নতুন দৃষ্টিভংগীয়ে মোক পোহৰাই
তুলিলে৷

এমাহৰ পিছত হোষ্টেললৈ উভতি আহিলোঁ৷ এটি নতুন জীৱনৰ আৰম্ভণি কৰিলোঁ মই৷ এমাহত
ৰৈ যোৱা ক্লাছবোৰ, এছাইনমেণ্ট আদিবোৰ সম্পূৰ্ণ কৰিব লগা হ’ল৷ মোৰ বান্ধৱীসকলৰ
সহযোগিতায়ো মোক জীয়াই থাকিবলৈ নতুন শক্তি দিলে৷ নীহাৰিকাই মোৰ “খোৱা-শোৱা”
সকলোতে মাৰ দৰেই ধ্যান দিবলৈ ধৰিলে৷ সঁচাই, কাহানিও পাহৰিব নোৱাৰোঁ হোষ্টেল
জীৱনৰ অমিয়া সুধা! কাহানিও পাহৰিব নোৱাৰোঁ বান্ধৱীসকলৰ পবিত্ৰ মুখচ্ছবি! শেষ
নিশ্বাস পেলোৱালৈকে হাত বাউল দি মাতিব এই জীৱনৰ স্মৃতিময় সুবাসে!
০০০০০০০০০০০০
ইমান সহজ জানো
হৃদয়ক বিচলিত নহবলৈ কোৱা!
একান্তত যেতিয়াই নিজক পাওঁ
স্মৃতিৰ সাগৰত উটি যাওঁ
নিজক বিচাৰি চোৱাৰ অসফল প্ৰচেষ্টা …
(কবিঃ-মালৱিকা বৰা ব্ৰহ্ম)

একান্ত মুহূৰ্তবোৰত নিবিড়ৰ স্মৃতিয়ে আমনি কৰে প্ৰায়ে৷ কেতিয়াবা নিবিড়ে মোক
সপোনত দেখা দিয়ে আৰু মোক মৰম কৰি থৈ যায়, কিন্তু চুব খুজিলেই আঁতৰি যাই নিবিড়!

ৰাজযোগ মেডিটেচনত যদিও সকলো সময়তে পৰমপিতাৰ স্মৃতিতেই থকাৰ অভ্যাস কৰোৱা হৈছিল
তথাপি নিবিড়ৰ স্মৃতিবোৰ পাহৰি থকাতো মোৰ বাবে কঠিন হৈ পৰিছিল৷ বুজিছিলোঁ-মই
এতিয়াও মনটোক শক্তিশালী কৰি তুলিব পৰা নাই৷ যি নহওক পঢ়া-শুনাত মন দিবলৈ যত্ন
কৰিলোঁ৷ ৰাজযোগ মেডিটেচনৰ অনুশীলনো সমান্তৰালভাৱে চলি থাকিল মোৰ৷

এদিন প্ৰিয়া, মণিমালা আৰু মই নিবিড়ৰ নগাঁৱৰ ঘৰলৈও গ’লো৷ ঘৰখনৰ এটাই মাত্ৰ ল’ৰা
আছিল সি! নিবিড়ৰ মাক-দেউতাকৰ উদাসীন মুখ দুখনে হৃদয়ত শোকৰ ঢৌ তুলিছিল আমাৰ৷
ড্ৰয়িং ৰূমত আঁৰি থোৱা তাৰ ফটোখন দেখা পালোঁ আমি৷ ফুলৰ মালাৰে এইয়া নিবিড়!
মোলৈকে চাই আছিল সি; তাৰ ধুনীয়া চকুহাল কেনেকৈ যে তিৰবিৰাই আছিল! মই চুই
চাইছিলোঁ ফটোখন – এইয়া নিবিড়, যি মোক এইখন ঘৰৰ বোৱাৰী কৰিম বুলি কথা দিছিল!

নিবিড়ৰ মাকে তাৰ সৰুকালৰ ফটো দেখাইছিল, দেখাইছিল সি ব্যৱহাৰ কৰা কোঠাটো! সকলো
আছে অথচ নিবিড় নাই, কিবা যেন এক শোকাকুল নিৰ্জনতা!

একোখন গধূৰ হৃদয় লৈ নিবিড়ৰ মাক-দেউতাকৰ ভৰি চুই সেৱা কৰি বিদায় লৈছিলোঁ আমি
সেইদিনা৷
০০০০০০০০০০

:কংগ্ৰেছুলেশ্যন অৰুন্ধতী, তোমাৰ আৰু মোৰ প্ৰজেক্ট ৰিপৰ্টটো মুম্বাইৰ পৰা
প্ৰকাশ হোৱা বিজ্ঞান জাৰ্ণেল এখনত প্ৰকাশ হ’ব বুলি আজি খবৰ পাইছোঁ আৰু আমাক
কনফাৰেন্সলৈ নিমন্ত্ৰণ কৰিব৷ তোমালৈ মই মেইলটো পঠিয়াই দিছোঁ, চাবা।

ইলেক্ট্ৰনিক্স বিভাগৰ অধ্যাপক সুশান্তদাৰ কথা শুনি অৰুন্ধতী আচৰিত হ’ল৷
“তোমাৰ আৰু মোৰ প্ৰজেক্ট”! সুশান্ত দাৰ লগত তাই কেতিয়া প্ৰজেক্ট কৰিছিল? এইবোৰ
কি কয় তেওঁ?

:দাদা, আজিলৈকেটো মই আপোনাৰ লগত একো প্ৰজেক্ট কৰা নাই? —অৰুন্ধতীয়ে আচৰিত হৈ
কৈ উঠিল৷
অৰুন্ধতীৰ কথা শুনি সুশান্তই মিচিকিয়াই হাঁহিলে৷
:অৰুন্ধতী, নিজৰ কেৰিয়াৰৰ উন্নতি বিচাৰিলে কিছুমান কাম কৰিব লাগে, তেতিয়াহে
সোনকালে প্ৰমোশ্যন পাবা!
:মই একো বুজা নাই দাদা
:তুমি যে মোক তোমাৰ এম টেকৰ প্ৰজেক্টটো চাবলৈ দিছিলা সেই প্ৰজেক্টটোত মই তোমাৰ
লগতে মোৰ নামটোও দি দিছোঁ যাতে মোৰ হ’ব লগা প্ৰমোশ্যনটো সোনকালে হয়৷ ভৱিষ্যতে
মোৰ ৰিচাৰ্ছ পেপাৰত তোমাৰ নামো থাকিব যাতে আগলৈ তোমাৰ প্ৰমোশ্যনত সহায় হয়৷
–এইবুলি কৈ সুশান্ত গ’লগৈ৷ সুশান্ত যোৱাৰ পিছত অৰুন্ধতীয়ে তাইৰ এসময়ৰ
প্ৰজেক্ট গাইড ভট্টাচাৰ্য চাৰলৈ ফোন কৰিলে৷ চাৰক সকলো কথা খুলি ক’লে তাই!
সুশান্ত দাৰ এনে সস্তীয়া মানসিকতা দেখি তাই আহত হ’ল৷ ইমান দিনে এজন দাদা
হিচাপে তেওঁৰ প্ৰতি যি সন্মানবোধ অনুভৱ কৰিছিল সকলো যেন নিমিষতে শেষ হৈ গ’ল৷

ভট্টাচাৰ্য চাৰে অৰুন্ধতীৰ পৰা কথাখিনি শুনাৰ পাছত এনে এটা ইলিগেল কাম কৰিবলৈ
দিয়া নহ’ব বুলি অৰুন্ধতীক জনালে আৰু মুম্বাইৰ পৰা প্ৰকাশিত বিজ্ঞান
জাৰ্ণেলখনলৈ এখন চিঠি লিখি প্ৰজেক্ট ৰিপৰ্টটো কেঞ্চেল কৰোৱাৰ কথা ক’লে৷ যিটো
প্ৰজেক্ট ৰাতি-দিন কষ্ট কৰি ভট্টাচাৰ্য চাৰৰ স’তে লাগি-ভাগি তাই সমাপ্ত কৰিছিল
সেই প্ৰজ

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক