ৰূপোৱালী মেঘৰ ছায়া (উপন্যাস) –মৌচুমী বৰি খণ্ড-৫

খণ্ড-৫
সকলোকে আচৰিত কৰি বিৰিণাই সঁচায়ে এদিন ফৰ্থয়েৰৰ প্ৰাঞ্জল নামৰ ল’ৰা এজনৰ লগত ডেটিঙত ওলাল’ৰাজনক কেনেকৈ পতালে সেইয়া বিৰিণাৰ বাদে কোনেও গম নাপালে৷ “প্ৰাঞ্জল-বিৰিণা”ৰ প্ৰেমিক যুটি সকলোতে জনাজাত হৈ পৰিল৷আমি পিছে জানিলোঁ বিৰিণাৰ নতুন “টাইম পাছ”ৰ কথা৷
সেইদিনা আছিল “ভেলেন্টাইন ডে”৷ “ভেলেন্টাইন ডে’”ৰ দিনা নীলা ৰঙৰ কাপোৰ পিন্ধা প্ৰথাটো আমাৰ প্ৰথম বৰ্ষৰে পৰা চলি আহিছিল৷সেইদিনাও ছোৱালীবোৰৰ গাত আছিল নীলা ৰঙ!যি বোৰ ল’ৰাই ভালপোৱা ছোৱালীজনীক প্ৰেমৰ প্ৰস্তাৱ দিম বুলি ভাবি থৈছিল সেই ল’ৰাবোৰে ভেলেন্টাইন ডে’ৰ দিনা সুযোগ হেৰুৱাব বিচৰা নাছিল আৰু লাঞ্চব্ৰেকত অপ্ৰত্যাশিতভাৱে মোৰ হাতত পৰিছিলহি এখন কাৰ্ড৷ আমাৰ হোষ্টেলৰ পিয়ন ডেকাদাই কাৰ্ডখন আনি মোৰ হাতত তুলি দিছিল৷কাৰ্ডখন হাতত লৈ নাৰ্ভাচ হৈছিলোঁ মই!কাণ আৰু গাল দুখনলৈ এসোঁতা গৰম তেজ বৈ আহিছিল৷চুই চাইছিলোঁ মই নিজৰ গৰম হৈ পৰা কাণ আৰু গালদুখন৷কাৰ্ডখন লৈ মই পোনেই জয়া বাইদেউৰ কাষ পাইছিলোঁগৈ৷মৰমীয়াল জয়া বাইদেৱে মোৰ মুখলৈ চাই সুধিছিল—
:তোমাৰো ভাল লাগে নেকি ল’ৰাটো?
:ভাল লগাৰ প্ৰশ্নই নুঠে বা, মই তাৰ নামটো পৰ্যন্ত নাজানো৷
জয়া বাই মিচিকিয়া হাঁহি এটা মাৰি ক’লে—-
:এটা কাম কৰা, কাৰ্ডখন যদি তুমি ৰাখি থোৱা সি ভাবিব তুমি তাক ভাল পোৱা,সেইকাৰণে ডেকাদাকে আকৌ ঘূৰাই দিয়া আৰু ক’বা যে যি জন ল’ৰাই কাৰ্ডখন দিছে তেওঁক কাৰ্ডখন ঘূৰাই দিবলৈ৷
মইও তাকে কৰিলোঁ৷কাৰ্ডখন খুলি নোচোৱাকৈয়ে ডেকাদাৰ হাতত দি ঘূৰাই দিবলৈ কৈ থৈ আহিলোঁগৈ৷লাঞ্চব্ৰেকৰ পিছৰ ক্লাছকেইটাত মোৰ আৰু মন নবহিল৷যন্ত্ৰচালিতভাৱে মই মাথোঁ চাৰসকলে দিয়া নোটচবোৰ লিখি গ’লো৷
গধূলী বিৰিণাই গুণগুণাই গুণগুণাই ৰঙা গোলাপৰ বোকে আৰু টেডি বিয়েৰ এটা হাতত লৈ হোষ্টেল সোমালহি৷মোৰ ৰূমমেট জেৰিণাই বয়ফ্ৰেণ্ডৰ লগত কাজিয়া কৰি কান্দি কাটি ৰূমত সোমালহি৷ “জেৰিনা-অমল” প্ৰেমিক যুটিটোৰ এংগেজ হোৱাৰ দিন ধৰি কাজিয়াৰ অন্তই নপৰে৷সৰু সৰু কথাতে দুইটাই কাজিয়া কৰে কিন্তু দুয়োটাই ইটোৱে সিটোক এৰি থাকিবও নোৱাৰে৷মণিমালাইও ডাকযোগে কেইবাখনো ভেলেন্টাইন কাৰ্ড পালে৷মই কাৰ্ডপোৱা কথাটো ডেকা দা আৰু জয়া বাৰ বাহিৰে কোনেও গম নাপালে৷
সেইদিনাও মই টোপনিতে দেখা পালোঁ — অচিন কোনোবা এজন যেন মোৰ ফালেই আহি আছে!
০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০
ফাগুন মাহ৷ “মহাবিদ্যালয় সপ্তাহ”ৰ যো-জা চলিছে৷সকলো হোষ্টেলতে মাৰ্চ-পাৰ্চৰ অনুশীলন চলিছে৷আমাৰ হোষ্টেলত ৰাতি দহ-এঘাৰ বজালৈকে আৰু ৰাতিপুৱা ছয়-সাত বজালৈকে মাৰ্চ-পাৰ্চৰ অনুশীলন হয়৷কেপ্টেইন নাজনিনা বাই উঠি পৰি লাগিছে যি কোনো প্ৰকাৰে পুৰস্কাৰ এটা আনিবই লাগিব বুলি৷
অৱশেষত প্ৰস্তুতিৰ অন্ত পেলাই “মহাবিদ্যালয় সপ্তাহ”ৰ দিনটো আৰম্ভ হ’ল৷ছাত্ৰী নিৱাসে মাৰ্চ-পাৰ্চত দ্বিতীয় পুৰস্কাৰ লাভ কৰিলে৷হোষ্টেল ছেভেনে প্ৰথম পুৰস্কাৰ আৰু হোষ্টেল পাঁচে তৃতীয় পুৰস্কাৰ পালে৷মাৰ্চ-পাৰ্চৰ ফলাফল ঘোষণাৰ পাছতেই বিভিন্ন ধৰণৰ খেল আৰম্ভ হ’ল৷এফালে দৌৰ,জাম্প, টেকেলি ভঙা,কেৰম,ডবা আদি প্ৰতিযোগিতাবোৰ চলি থাকিল আৰু সমান্তৰাল ভাৱে আনফালে তৰ্ক,আকস্মিক, সাহিত্য প্ৰতিযোগিতা আদি চলি থাকিল৷
মই কেৰম প্ৰতিযোগিতাত ভাগ ল’লোঁ৷কেৰম খেলি থাকোঁতে সেই যুৰি চকুৰ চাৱনিয়ে মোক পুনৰ আমনি দিবলৈ ধৰিলে৷কেৰমত জিকি জিকি মই ছেমি ফাইনেল পালোঁগৈ আৰু চকুৰ চাৱনিৰ গৰাকীও গোটেই সময়চোৱা চকী এখনত বহি মোলৈকে চাই ৰ’ল৷কথাটো মোৰ বান্ধৱী প্ৰিয়াই মন কৰি আছিল৷
:ঐ প্ৰাপ্তি, সেই ল’ৰাটো মন কৰিছ’নে?অথনিৰ পৰা তোলৈকে চাই আছে৷—প্ৰিয়াই ক’লে৷
:দেখিছোঁ — মই অস্বস্তিৰে কৈ উঠিলোঁ৷
ল’ৰাটোৱে তেনেকৈ চাই থকা দেখি মোৰ অস্বস্তি গৈ এইবাৰ খঙত পৰিণত হ’ল৷মই খঙেৰে আৰু সাহসেৰে ল’ৰাটোৰ চকুত চকু থ’লোঁ৷চকুত চকু থৈ মই ৰৈ গ’লোঁ৷ ইমান ধুনীয়া চকু মই কাহানিও দেখা নাই৷দুযুৰি চকুত যেন প্ৰেমৰ আকুলতা!ল’ৰাৰ চকুও ইমান ধুনীয়া থাকিব পাৰেনে?—ভাবিলোঁ মই আৰু সন্তৰ্পনে আঁতৰাই আনিলোঁ মোৰ চকুযুৰি৷
অৱশেষত কেৰমৰ ফাইনেলত উপনীত হ’লো মই৷পিছে ফাইনেল খেলখন পিছদিনালৈ হ’ব বুলি কোৱাত প্ৰিয়া আৰু মই হোষ্টেললৈ বুলি উভতিলোঁ৷
:প্ৰাপ্তি, ল’ৰাজনে তোলৈ কেনেকৈ যে চাই আছিল, তোৰ প্ৰেমত পৰিছে বুজিছ’৷
:প্ৰেমত পৰিল বুলি আৰু এনেকৈ চাই থাকিব লাগেনে?মূৰৰ গণ্ডগোল যেন পাওঁ ল’ৰাটোৰ!
মোৰ কথাশুনি প্ৰিয়াই নাহাঁহি নোৱাৰিলে৷
:ল’ৰাটো কোন ব্ৰাঞ্চৰ তই জান’নেকি? –মই সুধিলোঁ প্ৰিয়াক
:মইও নাজানো, সুধি উলিয়াম বাৰু – প্ৰিয়াই ক’লে
হোষ্টেল গেটত নীহাৰিকা আৰু প্ৰিয়মক লগ পালোঁ৷
:তহঁত ক’ৰপৰা আহিলি? – মই সুধিলোঁ দুইজনীকে
:স্পট ৰাইটিং কম্পিটিছনত ভাগ লৈ আহিলোঁ, কবিতা,গল্প লিখিলোঁ – প্ৰিয়মে হাঁহি হাঁহি ক’লে৷
নীহাৰিকা আৰু প্ৰিয়মক সকলোৱে বুন্দিয়া-ভুজিয়া বুলি কয়,দুইজনী একেলগে ঘূৰি ফুৰে বাবে৷
ৰাতি শুবৰ পৰত, একান্ত ভাৱে পোৱা নিজৰ মুহুৰ্তকণত মোৰ ল’ৰাটোলৈ মনত পৰিল৷সি মোক ভালপাই বাবেই এনেকৈ চাইনে?তাৰ চকুলৈ চাই মই মুহুৰ্তৰ বাবে ৰৈ গ’লো কিয় বাৰু?ধুনীয়া চকুহালৰ বাবে?ভেলেন্টাইন ডে’ৰ দিনা পঠিওৱা কাৰ্ডখন তাৰেই আছিলনে? মইটো খুলিয়েই নাচালো!চকুহালৰ কথা ভাবি ভাবিয়েই টোপনিত ঢলি পৰিলোঁ৷
০০০০০০০০০০০০০
কেৰমৰ ফাইনেল আৰম্ভ হ’ল৷মই মোৰ অজ্ঞাতেই সেই চকুৰ চাৱনিৰ গৰাকীক বিচাৰিলোঁ৷আজিচোন অহা নাই!!তাৰ অনুপস্থিতিত কিবা এক বিৰহ অনুভৱ কৰিলোঁ৷ল’ৰাটোৰ প্ৰতি অকনমান অভিমান এটাই মোৰ মনত যেন টুকুৰিয়াই গ’ল!মই খেলাত মনোনিৱেশ কৰিবলৈ যত্ন কৰিলোঁ৷কিন্তু তালৈ মোৰ মনত পৰি থাকিল৷অৱশেষত কেৰম চেম্পিয়নৰ খিতাপটো মইয়েই লাভ কৰিলোঁ৷সকলোৰে অভিনন্দনে মোক উপচাই পেলালে৷মইও ফূৰ্তিতে উৰি ফুৰা পখিলীজনীৰ দৰে হৈ পৰিলোঁ৷হঠাতে অভিনন্দন জনাবলৈ আগবঢ়াই দিয়া এখন হাত দেখি মই ৰৈ গ’লোঁ৷
:কংগ্ৰেছুলেশ্যন প্ৰাপ্তি – ল’ৰাটোৱে মিচিকিয়াই ক’লে
বিজুলী সঞ্চাৰে গৰম তেজ এসোঁতা মোৰ গাল আৰু কাণলৈ যেন বৈ হে আহিল৷
:থেংকিউ – মই লাহেকৈ ক’লো
:মই নিবিড়
তাৰ কথাত মই মূৰ দুপিয়ালো৷নিবিড় নামৰ ল’ৰাটো অলপ দেৰি মোৰ কাষতে থিয় হৈ ৰ’ল এটি অনুভৱী শিহৰণ হৈ৷
:ঠিক আছে তুমি যাবা দেই — এইবুলি কৈ সি ভীৰৰ মাজত হেৰাই গ’ল৷
প্ৰিয়াই ইংগিতেৰে মোৰ পিঠিত ঢকা এটা দি ক’লে—
:ঐ প্ৰেমত পৰিলি নেকি?মুখখন গুলপীয়া হৈ পৰিছে তোৰ৷
:ধ্যেৎ এইজনী, মই আৰু প্ৰেম—ধুৰৰ!ভুলতো নাভাবিবি৷
:চাবি আকৌ প্ৰেমত নপৰোঁ বুলি ফিতাহি মৰা মানুহবোৰ সোনকালে প্ৰেমত পৰে – প্ৰিয়াই হাঁহি হাঁহি ক’লে৷
মনত বিজয়ৰ আনন্দ লৈ প্ৰিয়াৰ স’তে মই হোষ্টেললৈ আগবাঢ়িলোঁ৷
০০০০০০০০০
গধূলীৰ পৰা বাৰ’জনীমান ছোৱালী কমনৰূমত ব্যস্ত হৈ পৰিছে প্ৰাচীৰ পত্ৰিকা সজোৱাত৷প্ৰাচীৰ পত্ৰিকাৰ থিম কি হ’ব, কোনজনী ছোৱালীয়ে ইংৰাজীত লেখা গল্প-কবিতাবোৰ লিখিব, কোনজনীয়ে অসমীয়াত লেখা গল্প-কবিতাবোৰ লিখিব সেইবোৰ আলোচনা চলিছে৷অৱশেষত সিদ্ধান্ত হ’ল প্ৰথম বৰ্ষত পঢ়ি থকা নাৰ্জীয়ে অসমীয়া লিখিব– খুউব ধুনীয়া আখৰ তাইৰ আৰু প্ৰিয়মে ইংৰাজী লিখিব কাৰণ প্ৰিয়মৰো ইংৰাজী আখৰ খুউব ধুনীয়া৷সম্পাদকীয় লিখিব নীহাৰিকাই৷থিম দিব সুজাতাই৷ইতিমধ্যে নীহাৰিকাই লেখাবোৰ সংগ্ৰহ কৰি থৈছিলেই৷ৰং-তুলিকাৰে প্ৰাচীৰ-পত্ৰিকাৰ থিমতো সজাই তোলাৰ পাছত নাৰ্জী আৰু প্ৰিয়মে নীহাৰিকাই সংগ্ৰহ কৰি থোৱা গল্প, কবিতা, প্ৰবন্ধবোৰ গোট গোট আখৰেৰে লিখিবলৈ ধৰিলে৷এনেকৈয়ে ফূৰ্তি-তামাছাৰে প্ৰাচীৰ-পত্ৰিকাখন সজাই থাকোঁতে যেতিয়া বাহিৰত কাউৰীয়ে কা কা কৰিলে, চৰাইৰ কিচিৰ-মিচিৰ শব্দ শুনা পালোঁ আৰু পোহৰৰ ৰেখা দেখা পালোঁ তেতিয়াহে আমি গম পালোঁ ৰাতিপুৱাল বুলি৷
সেইদিনা পুৱা দহ বজাত “ৱালমেগাজিন কম্পিটিছন” আছিল৷ দহ বজাৰ আগে আগে আমি কেইবাজনীয়েও মিলি হোষ্টেলৰ ৰান্ধনী বৰ্মণ দা আৰু পিয়ন ডেকা দাৰ সহায় লৈ প্ৰাচীৰ-পত্ৰিকাখন কলেজলৈ লৈ গ’লো৷ক্লাছৰূম এটাত ন’খন প্ৰাচীৰ-পত্ৰিকা সজ্জিত হৈ ৰ’ল প্ৰতিযোগিতাৰ বাবে৷
০০০০০০০০০০০০০০০০০০০০০০০০০০০
গধূলী সাত বজাত হোষ্টেল কৰিডৰত প্ৰিয়াই হাতত কাগজ এখন লৈ চিঞৰিলে —“শুনক শুনক ৰাইজ ৱাল মেগাজিনৰ ৰিজাল্ট দিলে, আমাৰ হোষ্টেল ছেকেন্ড হৈছে…..” হোষ্টেলৰ চিৰিয়েদি ঢোপঢোপ ঢোপঢোপকৈ দৌৰি অহা শব্দ শুনা গ’ল৷মণিমালা, মই, নীহাৰিকা, প্ৰিয়ম—আমি সকলোৱে চিঞৰ বাখৰ কৰি হোষ্টেল গৰম কৰি তুলিলোঁ৷প্ৰিয়াই আকৌ চিঞৰিলে —“ আমাৰ নীহাৰিকাই সম্পাদকীয় লিখি ফাৰ্ষ্ট প্ৰাইজ পালে”, ছোৱালীবোৰে ফূৰ্তিতে নীহাৰিকাক ডাঙি ধৰিলে, কেইজনীমানে এই বিমল আনন্দৰ মুহুৰ্তকণক স্মৃতিৰ সঁফুৰাত ৰাখিবলৈ নিজৰ কেমেৰাত বন্দী কৰিলে৷আমাৰ আনন্দতে চকুপানী ওলাল৷ফূৰ্তি-আনন্দ শাম কটাত প্ৰিয়াই ৱাল-মেগাজিনৰ ফলাফলৰ কাগজখন নটিচ বৰ্ডত লগাই থলে৷
সমূহীয়া আনন্দৰ সোৱাদেই বেলেগ – মই ভাবিলোঁ৷নীহাৰিকাৰ কথা ভাবিও মোৰ মনটো ভাল লাগিল, অনবৰতে দুখত থাকিব বিচৰা ছোৱালীজনীৰ মুখত আনন্দৰ পোহৰকণ দেখা পাই মই আনন্দিত হ’লোঁ৷
“মহাবিদ্যালয় সপ্তাহ” বৰ ব্যস্ততাৰে পাৰ হোৱাৰ পিছতেই আমি চতুৰ্থবৰ্ষৰ বিদায়ী বাইদেউসকলৰ বিদায় মিটিং পাতিবৰ বাবে যো-জা চলাব লগা হ’ল৷কলেজতো বিদায়ী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিদায় সভাৰ আয়োজন চলিল৷
জয়া বাইদেউ যাবগৈ;মোৰ লগতে ৰূমমেট বাকীদুগৰাকীৰো মনত সেয়ে বৰ দুখ৷মোৰ আটাইতকৈ মৰমৰ বাইদেউজনী যাবগৈ বুলি বহুদিনৰে পৰাই মোৰ মনটো দুখেৰে ভৰিয়েই আছিল৷বিদায় মিটিঙৰ যো-জা চলাত মোৰ যেন শোকটো আৰু গভীৰ হ’ল৷মই জয়া বাইদেউক মোৰ জীৱনৰ আদৰ্শ বুলি ভাবোঁ৷হোষ্টেল জীৱনৰ দুটা বছৰত জয়া বাইদেৱে মোক চেনেহেৰে আৱৰি ৰাখিলে, কাকো ক’ব নিবিচৰা কথাষাৰো মই জয়া বাইদেউৰ স’তে শ্বেয়াৰ কৰি ভাল পাইছিলোঁ৷জয়া বাইদেউ এদিন হোষ্টেল এৰি মোৰ কাষৰ পৰা যাবগৈ – এইকথা জানিও মই পাহৰি আছিলোঁ৷এৰা, হোষ্টেল জীৱন যেন জীৰণীয়া মৌ – ইয়াত কোনো স্থায়ী নহয়!মানুহে যেনেকৈ মৰণশীল বুলি জানিও মৃত্যুৰ কথা পাহৰি থাকে মইও পাহৰি আছিলোঁ হোষ্টেল জীৱনৰ অস্থায়িত্বৰ কথা৷আজি জয়া বাইদেউ যাব উলাইছে, মইওটো এদিন যাবগৈ লাগিব এই হোষ্টেল এৰি!
হোষ্টেলৰ বিদায় মিটিঙৰ দিনা বিদায়প্ৰাৰ্থী বাইদেউসকলে শাৰী, মেখেলা-চাদৰ আদি পিন্ধি নিজকে সজাই-পৰাই তুলিলে৷বিদায় সভাত দুখৰ মাজতো সকলোৱে আনন্দ কৰিলে৷বিদায়ী বাইদেউসকলক লৈ অন্তাক্ষৰী, মিউজিকেল চেয়াৰ আদি বিভিন্ন ধৰণৰ খেল হ’ল৷বয়জ হোষ্টেলৰ ল’ৰাসকলৰ নাম ধৰি ধৰি বাইদেউসকলক কামোৰ দিয়া হ’ল৷ “কামোৰ” শব্দটো হোষ্টেলৰ এটা প্ৰচলিত স্থায়ী শব্দ!বহু ৰাতিলৈ বিভিন্ন ধৰণৰ খেল-ধেমালি স্মৃতি-ৰোমন্থেনেৰে বিদায়ী সভা চলিল৷বিদায় সভা শেষ কৰি জয়া বাইদেউ যেতিয়া নিজৰ ৰূম পালেহি তেতিয়া মই নিজৰ শোৱা বিচনাৰ আঁঠুৱা লগোৱাত ব্যস্ত আছিলোঁ৷বাকী দুজনী ৰূমমেট তেতিয়াও নিজৰ ৰূমলৈ অহাই নাছিল৷
:বা, আজি ফেয়াৰৱেল কেনে লাগিল?—মই সুধিলোঁ
কাণৰ ওলমা কাণফুলিযোৰ খুলি খুলি জয়া বাইদেৱে মাত লগালে—
:বঢ়িয়া
:মোৰ বেছি জমনি লাগিছিল আপোনাক যে সকলোৱে পৰীক্ষিত দাৰ স’তে জোকাইছিল –মই হাঁহি হাঁহি ক’লো৷
:সুযোগ পালে জোকাওঁ জোকাওঁকৈ থাকে যে, সেইকাৰণে আজি দি দিলে আৰু কামোৰটো৷
জয়া বাৰ কথাত মই পুনৰ হাঁহি পেলালোঁ৷
:আপোনাৰ বিয়ালৈ মোক মাতিব দেই বা
:আয়ৈ দেহি মোৰ সৰু ভনীজনীক নামাতিম নে!
এইবুলি কৈ জয়া বাইদেৱে মোক হঠাতে সাৱটি ধৰিলে, মইও মৰমৰ বাক সাৱটি নিশ্চুপ হৈ ৰ’লোঁ৷গতিশীল জীৱনৰ কেঁকুৰিত ইজনীয়ে সিজনীৰ পৰা দূৰ হৈ যোৱাৰ দুখকণে আমাৰ দুয়ো বাই-ভনীকে আৱৰি ধৰিলে৷যেতিয়া দুইজনীয়ে মৰমৰ আলিংগনৰ পৰা আঁতৰি আহিলোঁ দুধাৰি চকুলোৰ বন্যাই বুৰাই পেলালে আমাৰ দুয়োকে৷
০০০০০০০০০০০০
সকলোৰে পৰীক্ষা শেষ হ’ল৷আৰু মাথোঁ এসপ্তাহৰ পিছতেই জয়া বাইদেউ হোষ্টেল এৰি যাবগৈ৷হোষ্টেলত এইকেইদিন দুখৰ ছাঁ পৰিছে৷এজনী এজনীকৈ ফাইনেল য়েৰৰ ছাত্ৰীসকল হোষ্টেল এৰি একেবাৰে ঘৰলৈ গৈছেগৈ৷ইজনীয়ে সিজনীক ধৰি কান্দোন ৰাখিব পৰা নাই৷হোষ্টেলৰ ৰান্ধনি শৰ্মা দা, বৰ্মণ দা, ৰীনা ডি,বাচন-বৰ্তন ধোৱা হেমা বাইদেউ,চিঠি-পত্ৰ দিয়া পিয়ন ডেকা দা, চকীদাৰ জুলী দা – সকলোৰে মনবোৰত দুখৰ চাপ, দুচকুত পানী৷সঁচাই হোষ্টেল জীৱন — হাতেৰে গণিব পৰা মাথোঁ কেইটামান বছৰ কিন্তু অতিশয় মূল্যৱান কেতিয়াও পাহৰিব নোৱাৰা যেন আপুৰুগীয়া বছৰ৷গতিশীল জীৱন বাটত সদায়ে হাত বাউলি মাতিব হোষ্টেল জীৱনে৷
:ঐ প্ৰাপ্তি, ব’লচোন টাউনৰ পৰা আহোঁগৈ, পাৰ্টিং গিফ্ট কিনোগৈ
মোৰো গিফ্ট কিনিব লগা আছিল সেয়ে মই এবাৰতে মান্তি হ’লো৷দুয়োজনীয়ে কলেজ গেটৰ কাষত ৰৈ থকা বিক্ৰমত উঠিলোঁগৈ৷টাউন পাই বিক্ৰমৰ পৰা নামিলোঁ আৰু বিৰিণাই মোক হাতত ধৰি আৰ্চিছ গেলাৰীলৈ লৈ গ’ল৷গেলাৰীৰ ভিতৰত সোমাই বিৰিণাই কাৰ্ড চাবলৈ লাগিল আৰু এখন কাৰ্ড হাতত উঠাই লৈ মোক সুধিলে –
:অ’ই প্ৰাপ্তি, এইখন কাৰ্ড প্ৰাঞ্জলৰ বাবে কিনিছোঁ, কেনে হ’ব ক’ছোন?
কাৰ্ডখন দেখি মোৰ চকু দুটা ডাঙৰ হৈ গ’ল৷জনা হোৱাৰ পৰা ভাবি অহা এটা প্ৰশ্নৰ মই যেন আজি উত্তৰহে পালোঁ তেনে লাগিল মোৰ!
এহাল প্ৰেমিক-প্ৰেমিকা৷প্ৰেমিকাৰ ওঁঠত প্ৰেমিকৰ ওঁঠ!!— হৰি বিষ্ণু, এনেকুৱা কাৰ্ড দেখিলেই মোৰ লাজ লাগি যায়!কাৰ্ডৰ দোকানত এনে কাৰ্ড দেখিলে মোৰ মনত সদায়ে এটা প্ৰশ্নই খেলা কৰি গৈছিল – এনেকুৱা কাৰ্ড কোনে কাক দিয়ে বাৰু?দিয়াজনৰ বা লোৱাজনৰ লাজ নালাগেনে? এৰা, বিৰিণাৰ দৰে ছোৱালীয়েই এনে কাৰ্ড দিবলৈ সাহস কৰিব পাৰে!—সেইমুহুৰ্তত ভাবিলোঁ মই৷
:প্ৰাঞ্জলক তই এইখন কাৰ্ড দিবি?তোৰ লাজ নালাগে?
মোৰ কথাশুনি বিৰিণাই হাঁহি পেলালে৷
:মাইনা, তোমাৰ ওঁঠ চেপিলে এতিয়াও গাখীৰ ওলাব৷—বিৰিণাই মোক উদ্দেশ্যি কৈ উঠিল৷
বিৰিণাই মোক ঠাট্টা কৰিলে নে কি উদ্দেশ্যত ক’লে মই ধৰিব নোৱাৰিলোঁ৷
:তোৰ লগত আহিয়েই মই ভুল কৰিলোঁ৷
এইবুলি মুখৰ মাজতে ভোৰভোৰাই বিৰিণাক এৰি খৰকৈ খোজ দিব খোজা মোৰ হাতখন বিৰিণাই হঠাতে ধৰি টানিলে-
:ৰ’না প্ৰাপ্তি, তই বৰ কিউট অ’,ধেমালিকৈহে কৈছোঁ … মোক এৰি নাযাবি প্লিজ, আৰু গিফ্ট কিনিবলৈ আছেই দেখোন আমাৰ!
দুইজনীয়ে বজাৰ-সমাৰ কৰি গধূলী প্ৰাৰ্থনাৰ আগে আগে হোষ্টেল সোমালোঁ৷
ছাত্ৰী নিৱাসৰ গে’টৰ সমূখতে কলেজৰ দ্বিতীয়খন গে’ট৷কলেজ বাছৰ প্ৰথম ষ্টপেজটো দ্বিতীয়খন গে’টৰ পৰাই আৰম্ভ হয়৷আজিও চতুৰ্থ বৰ্ষৰ ল’ৰাকেইটামান হোষ্টেল এৰি যাবগৈ৷গধূলী আঠ বজাত বিদায় দিবৰ বাবে বহুতো ছাত্ৰ-ছাত্ৰী গোট খালে৷আমি দূৰৈৰ পৰাই চাই থাকিলোঁ সেই বিদায়ৰ মুহুৰ্ত৷গীটাৰ বজাই বজাই ল’ৰাবোৰে চিঞৰি-বাখৰি ফূৰ্তি কৰিলে৷সকলোৱে বুজিছিল আচলতে সেইয়া ফূৰ্তি নাছিল আছিল বিষাদ ঢকাৰ প্ৰয়াস মাথোঁ৷“অ’ই যাবি আৰু”, “ভালকৈ যাবি দেই”, “আমাক নাপাহৰিবি” আদি টুকুৰা টুকুৰ বাক্য কিছুমান আমাৰ কাণত আহি পৰিলহি৷কোনোবাই কৰমৰ্দন কৰিলে, কোনোবাই আলিংগন কৰিলে আৰু গীটাৰৰ সুমধুৰ ধ্বনিৰে মুখৰিত হৈ থাকিল এন্ধাৰ-পোহৰৰ মাজৰ কলেজৰ দ্বিতীয়খন গে’ট৷বিদায় মুহুৰ্তৰ কৰুণ সাক্ষী হৈ কলেজ বাছখনে ধীৰে ধীৰে গতি ল’লে৷বেথাভৰা হৃদয়বোৰ হোষ্টেল জীৱনৰ বিষাদ-মধুৰ স্মৃতি হৈ গুণগুণাই থাকিল৷

খণ্ড-৬
“পেহলি পেহলি বাৰ বলিয়ে, ডিল গয়ি হাৰ বলিয়ে
ৰাব্বা মেইনু প্যাৰ হ’ গ্যা
হাই, ডিল কা কৰাৰ খ’ গ্যা”…
—- আমাৰ ৱিঙত কোনোবাই গানটো প্ৰয়োজনতকৈ ডাঙৰ ভলিউমত লগাইছে৷মই গেষ্ট ৰূমত বাতৰি কাকতখন পঢ়ি উঠি চিৰিৰে ওপৰলৈ আহি আছিলোঁ৷মই গানটো অনুসৰণ কৰি গান বজোৱা ৰূমটোৰ কাষ পালোঁগৈ৷দুৱাৰ ঠেলি বিৰিণাৰ ৰূমত প্ৰৱেশ কৰিলোঁ মই৷ দেখিলোঁ বিৰিণাই গাৰুত মুখ গুজি কান্দি আছে৷
বিৰিণাৰ পিঠিত হাত থ’লেঁ৷আউলি-বাউলি চুলি, উদভ্ৰান্ত ৰঙা দুচকুৰে তাই মূৰ ডাঙি মোলৈ চালে৷
:আজি প্ৰাঞ্জল গ’লগৈ প্ৰাপ্তি, মোৰ বৰ দুখ লাগিছে৷আজিৰ পৰা কাৰ স’তে ডেটিঙত যাম?মোৰ বুকু খালী কৰি সি গ’লগৈ৷—কথাখিনি কৈ বিৰিণা পুনৰ উচুপি উঠিল৷
:বিৰিণা, তই প্ৰাঞ্জলৰ স’তে প্ৰেম কৰিছ’, তোৰনো বুকু খালী কেনেকৈ হ’ল?সি তোৰ পৰা শাৰীৰিকভাৱে আঁতৰত থাকিব, কিন্তু মনৰ নিচেই কাষত থাকিব, হয় নে নহয়?
মোৰ কথা শুনি বিৰিণা মনে মনে থাকিল, একো নক’লে৷তাই বাজি থকা গানটোৰ পিছে পিছে গুণগুণাই গালে —
“তেৰে লিয়ে তেৰে লিয়ে
মৰতা হ্যে মাহিয়া
ফিৰ ভি জুডাই চে ডিল
দৰতা হ্যে মাহিয়া….
এবুকু বেথাভৰা হৃদয়েৰে আমি জয়া বাইদেউক পিছদিনা বিদায় দিলোঁ৷জয়া বাক নিবৰ বাবে মাক-দেউতাক আৰু ভনীয়েক আহিছিল৷মোৰ এনে লাগিছিল – মৰমৰ জয়া বাক বিদায় দিব নোৱাৰাকৈ সময়বোৰ চিৰদিনৰ বাবে যেন ইয়াতেই ৰৈ যাওক৷কিন্তু শুনিবনে গতিশীল সময়ে মোৰ এই আকুলতা ভৰা আবেদন!নুশুনে,কেতিয়াও নুশুনে….!
০০০০০০০০
“গধূলিৰ কথা নক’বা মোক
গধূলিৰ স’তে আছে মোৰ বহু প্ৰাণময় ভৰুন স্মৃতি”
গধূলী সময়খিনি মোৰ খুব ভাল লাগে৷হোষ্টেলৰ চাদৰ ওপৰত ৰৈ মই উপভোগ কৰোঁ গধূলিৰ মায়া সনা মিঠা বিষাদৰ ৰহস্যময় পৰিৱেশ৷আপেলৰঙী বেলিটো সুদূৰ পাহাৰত মাৰ যোৱাৰ দৰে ইঞ্জিনীয়াৰিং কলেজ বিল্ডিঙত মাৰ যায় বেলি৷পুখুৰীৰ পাৰে পাৰে বহি ৰয় প্ৰেমৰ সাগৰত ডুবি থকা প্ৰেমিক-প্ৰেমিকাৰ যোৰ!দূৰণিৰ মা-ধাবাৰ পৰা ভাঁহি আহে এজাক উচ্ছল ডেকা-গাভৰুৰ খিল খিল হাঁহি৷এনেকুৱা গধূলিবোৰত কেতিয়াবা মোৰ নিজকে নি:সংগ অনুভৱ হয়৷মুঠতে গধূলিটোৱে মোক বহুধৰণৰ অনুভৱেৰে আৱৰি ৰাখে৷
সেইদিনাও মই চাদৰ ওপৰলৈ গ’লো দিনত মেলি দিয়া কাপোৰখিনি সামৰাৰ লগতে গধূলিটো উপভোগ কৰিবলৈ৷জয়াবাৰ অনুপস্থিতিয়েও মোৰ মনটো সেমেকাই ৰাখিছে৷ প্ৰিয় ব্যক্তিৰ অনুপস্থিতি কিমান বেদনা গধূৰ হ’ব পাৰে জীৱনত প্ৰথমবাৰ অনুভৱ কৰিলোঁ মই!চাদৰ ওপৰত নীহাৰিকাক দেখি মই সুধিলোঁ–
:কি খবৰ নীহাৰিকা?
:এ, নকবি আৰু প্ৰাপ্তি মোৰ মন-চন একেবাৰে ভাল নহয়৷
:কি হ’ল নো তোৰ ক’চোন?
:প্ৰাপ্তি, মই আৰু ইঞ্জিনীয়াৰিং নপঢ়ো বুলি ভাবিছোঁ৷ এইবাৰ ঘৰলৈ গ’লে মা-দেউতাক মোৰ সিদ্ধান্তৰ কথা জনাম৷
ইতিমধ্যে ইঞ্জিনীয়াৰিঙৰ দুটাবছৰ অতিক্ৰম কৰিমেই আমি, তেন্তে এই মাজ সাগৰত তাই উভতাৰ কথা কিয় কৈছে মই ধৰিব নোৱাৰিলোঁ৷নীহাৰিকাই হুমুনিয়াহ কাঢ়ি পুনৰ কৈ উঠিল–
:প্ৰাপ্তি, ইঞ্জিনীয়াৰিং মোৰ বাবে একেবাৰে নীৰস বিষয়৷যিমান চেষ্টা কৰিও মই ইয়াত মন বহাব পৰা নাই৷সেইকাৰণে মই ৰিজাল্টো ভাল কৰিব পৰা নাই৷তইটো জানই মই যোৱাবাৰ তিনিটা চাবজেক্টত বেক পাইছোঁ৷যি জনী ছোৱালীয়ে স্কুলত থাকোঁতে প্ৰতিটো শ্ৰেণীতে প্ৰথম স্থান পাইছিলোঁ সেইজনী ছোৱালীয়ে আজি বেক পাই পাছ কৰিব লগা হৈছে৷মই বহুত হতাশ হৈছোঁ অ’ প্ৰাপ্তি৷ এনেকৈ যদি মোৰ ৰিজাল্টবোৰ হৈ থাকে মই হয়তো এদিন আত্মহত্যাৰ পথ বাছি ল’ম৷তাতকৈ মই যদি নিজৰ জীৱনটোক বচাব বিচাৰোঁ তেন্তে মই এই কলেজ এৰি আঁতৰি যাব লাগিব৷
প্ৰাপ্তি, মা-দেউতাহঁতে যদি মোৰ মনৰ কথা অলপ হ’লেও বুজি পালেহেঁতেন!
: নীহাৰিকা, ভালকৈ তই ভাবি চা, কি সিদ্ধান্ত ল’বি৷ কিন্তু আত্মহত্যাৰ কথা ভুলতো নাভাবিবি৷আত্মহত্যা সেইজনেই কৰে যিজন পলায়নবাদী৷মই ভাবো, তই এজনী সাহসী ছোৱালী, তই তোৰ জীৱনটোক জয় কৰিবই লাগিব৷
নীহাৰিকাই দুখেৰে মূৰ দুপিয়ালে আৰু ক’লে—
:ব’ল, মোৰ কোঠালৈ, তোক মই আজি স্পেচিয়েল চাহ খোৱাম৷
মোৰ আৰু সেইদিনা গধূলিটো উপভোগ কৰা নহ’ল৷ দুইজনীয়ে নীহাৰিকাৰ ৰূমৰ ফালে আগবাঢ়িলোঁ৷
০০০০০০০০০০০০০০০০০০০০০
বিচনাত পৰি ভাবিলোঁ – মোৰ জীৱনৰ লক্ষ্য কি আছিল? দেউতাই কৈছিল –“মোৰ আইমানু ডাঙৰ হৈ ডাক্তৰ হ’ব!” মইও ভাবিছিলোঁ ডাক্তৰেই হ’ম মই৷ ডাক্তৰ সকলে ব্যৱহাৰ কৰা ৰঙা যোগ চিনটো ইমান যে ভাল লাগিছিল মোৰ!সৰুতে দেউতাই হোমিওপাথিক ডাক্তৰ এজনৰ ওচৰত মোৰ অসুখ বিসুখ বোৰৰ চিকিৎসা কৰাইছিল৷ হোমিওপাথিক ডাক্তৰজনে ব্যৱহাৰ কৰা টৰ্চটোৰ ওপৰত মোৰ প্ৰায়ে চকু গৈছিল, সেই টৰ্চটোৰ ওপৰত ৰঙা যোগ চিনটো আছিল যিটো চিনে মোক প্ৰতি মুহুৰ্ত্ততে ডাক্তৰ হোৱাৰ সপোন দেখাইছিল৷
সেই হোমিওপাথিক ডাক্তৰজন এদিন হঠাৎ ঢুকাই থাকিল৷ “মৃত্যু” শব্দটোৰ স’তে মোৰ সেয়াই প্ৰথম চিনাকী আছিল৷ মই প্ৰেছক্ৰিপছনত ডাক্তৰজনে লিখা আখৰকেইটালৈ বহুদেৰি চাই ৰৈছিলোঁ আৰু ভাবিছিলোঁ – এজন জীৱন্ত মানুহ হঠাতে কেনেকৈ নাইকীয়া হৈ যাব পাৰে!!এই প্ৰেছক্ৰিপছনৰ আখৰ কেইটা এজন জীৱন্ত মানুহৰ আখৰ আছিল অথচ যি জন এতিয়া প্ৰাণহীন ব্যক্তিলৈ ৰূপান্তৰ হ’ল!এনেকুৱা কিয় হয়? মৃত্যু কিয় হয় মানুহৰ? বহু প্ৰশ্নই মোৰ কিশোৰী মনটোত আগুৰি ধৰিছিল৷
তাৰপিছত বহু মৃত্যু দেখিছোঁ, কিমান যে মৃত্যুৱে বুকুভেদি কৰুণ হুমুনিয়াহ বোৱাইছে!!দেখিছোঁ তেনে মৃত্যুৰো যি মৃত্যুৱে থানৱান কৰি দিব পাৰে কাৰোবাৰ জীৱনৰ কাৰেং!!বৰ কৰুণভাৱে বুজি উঠিছোঁ—জন্মৰ দৰেই মৃত্যুও চিৰন্তন সত্য!!চিৰন্তন সত্য!!
পিছে দেউতাৰ সপোন আৰু নিজৰ সপোনৰ পৰা আঁতৰি আহি মই আজি অভিযন্তা হ’বলৈহে উলাইছোঁ ৷ মইটো ডাক্তৰ হোৱাৰহে সপোন দেখিছিলোঁ!মোৰ বাৰু সন্তুষ্টি আছেনে ইঞ্জিনীয়াৰিঙ পঢ়ি? এৰা, নীহাৰিকাৰ দৰে মই অন্তত: হতাশ হোৱা নাই৷এটা মনে বিচৰা ভাল ৰিজাল্ট কৰি মই যে অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা ওলাই যাব পাৰিম সেই দৃঢ় বিশ্বাস মোৰ আছে ৷
“নিজৰ পছন্দৰ ক্ষেত্ৰখন যি এবাৰ বাছি ল’ব পাৰিছে তেওঁ আৰু পিছলৈ ঘূৰি চাব লগা নহয়, অনুশোচনা আৰু অসন্তুষ্টিত পৰি ককবকাই থাকিবও নালাগে” – এই কথা মই অন্তকৰণেৰে বিশ্বাস কৰোঁ৷নীহাৰিকাজনীলৈ মোৰ দুখ লাগিল৷নীহাৰিকাৰ কথা ভাবি ভাবিয়েই মই শুবলৈ যত্ন কৰিলোঁ৷
০০০০০০০০০০০০০০
মণিমালাৰ জন্মদিন৷তাই “বেলিআমিজ”ত বাৰ্থডে পাৰ্টি দিছে৷ইতিমধ্যে মই নিবিড়ৰৰ বিষয়ে গম পাইছিলোঁ৷আমাতকৈ এক বছৰ ছিনিয়ৰ নিবিড়, মেকানিকেল ব্ৰাঞ্চৰ৷মণিমালাৰো মেকানিকেল ব্ৰাঞ্চ সেয়ে তাই নিবিড়হঁতকো পাৰ্টিলৈ সদায়ে নিমন্ত্ৰণ কৰে৷আজি যে নিবিড় আহিব সেইয়া নিশ্চিত৷
“নিবিড়ৰ বিষয়ে মোৰ ইমানকৈ ভাবিবলৈনো কিটো হ’ল!!”-মই নিজকে ক’লো৷
“মইটো নিবিড়ৰ প্ৰেমত পৰা নাই!! আৰু নপৰোও!”—মই ভাবিলোঁ৷
আইনালৈ চাই যেতিয়া গালত ক্ৰীম লগাওঁ,নিজকে যেন আৰু অলপ ধুনীয়াকৈ সজাই লওঁ তেনে লাগিল মোৰ! “ধ্যেৎ”—নিজকে কৈ উঠিলোঁ৷
প্ৰিয়া কোবাকুবিকৈ ৰূমলৈ সোমাই আহিল৷
“কি হ’ল অ’ এইজনী!নিজকে সজাওঁতে-পৰাওঁতে ইমান যে দেৰি লাগিছে আজি!!ওঁ…ও কোনোবা আহিবটো!!”
“ধ্যেৎ এইজনী, ব’ল মোৰ হ’ল”—মই কৈ উঠিলোঁ৷
আমি যেতিয়া “বেলিআমিজ ৰেষ্টুৰেন্টত” সোমালোঁ, মৃদু ভলিউমত বাজি থকা ৰোমান্টিক হিন্দী গানে গোটেই পৰিৱেশটোকে ৰোমান্টিক কৰি ৰাখিছিল৷সকলো ল’ৰাৰ মাজত মই নিবিড়ক দেখা পালোঁ, আমি দুয়ো কোনো এক মূহূৰ্তত চকুৱে চকুৱেও চালোঁ৷মোৰ গতিবিধি নিৰীক্ষণ কৰি থকা প্ৰিয়াই লাহেকৈ মোক খোঁচ এটা দিলে৷
কেক কটাৰ পিছতে সকলোৱে নিবিড়ক গান গাবলৈ অনুৰোধ কৰিলে ৷সকলোৰে হেঁচাত নিবিড় উঠিল৷
“চাবি, আজি নিবিড়দাই গানৰ মাজেৰে তোক অন্তৰৰ কথা ক’ব”- প্ৰিয়াই মোৰ কাণত ফুচফুচাই ক’লে৷প্ৰিয়াৰ কথা শুনি মোৰ হাঁহি উঠিল৷
নিবিড়ে প্ৰথমে এটি বিহুগীত জুৰিলে –“ঐ জান ঐ আকাশখন ধুনীয়া/ঐ জান ঐ তৰাৰে জিলিকা/ঐ জান ঐ মনৰে সৰগত ঐ জান ঐ তুমি মোৰ মেনকা”
নিবিড়ৰ গানৰ তালে তালে লগৰ বোৰে টেবুলতে ঢোল বজাই আনন্দ কৰিলে৷বিহুগীতটি শেষ হোৱাৰ পিছত সকলোৱে তাক “আৰু এটা” “আৰু এটা” বুলি অনুৰোধ কৰিবলৈ লাগিল৷এই বাৰ সি হিন্দী গান গাবলৈ লাগিল –
“ছু কৰ মেৰে মন ক’ কিয়া তুনে ক্যা ইছাৰা/বড’লা য়ে ম’ছম লগে প্যাৰা জগ ছাৰা….” সকলোৰে হাত তালি ফূৰ্তি আনন্দেৰে নিবিড়ৰ গানৰ সমাপ্তি হ’ল৷গান শেষ হোৱাৰ পিছত নিবিড়ে যেন চুৰকৈ মোলৈ চালে নে মই নিবিড়লৈ চুৰকৈ চালোঁ, ধৰিব নোৱাৰিলোঁ৷
পাৰ্টি শেষ কৰি আমি কলেজ বাছেৰে হোষ্টেললৈ উভতিলোঁ৷
০০০০০০০০০০০০০
দ্বিতীয়বৰ্ষৰ ফাইনেল পৰীক্ষা শেষ হ’ল৷পিছদিনা ঘৰলৈ যাম৷
ঘৰলৈ আহিলে মা-দেউতাৰ সুখী মুখ দুখনে মোক আনন্দিত কৰে লগতে ভন্টী আৰু ভাইটি দুটাৰ স্ফূৰ্তিৰ সীমা নাথাকে৷ মোৰ যমজ ভাই দুটাই “প্ৰাপ্তি বা, জানানে আজি”, “প্ৰাপ্তি বা, জানানে কালি” বুলি কথা কৈ ত’ত নাপায়৷মায়ে মই ভাল পোৱা ধৰণে ৰান্ধি খুৱায়েই ব্যস্ত থাকে, হোষ্টেলৰ খাদ্য খাই ছোৱালীজনী খীনাই গৈছে বুলি দুখ কৰি থাকে৷মোৰ ঘৰত থকা দিনকেইটা ৰাজসুখত পাৰ হয়৷ সেইকেইদিনতে মই পুৰণি বান্ধৱীসকলক লগ কৰোঁ, মাহী,বৰমাহঁতৰ ঘৰলৈ ফুৰিবলৈ যাওঁ, আইতাহঁতৰ ঘৰতো দুদিনমান থাকি আহোঁগৈ৷ওচৰ-চুবুৰীয়া খুৰীহঁতে মোক দেখা পালে উচ্ছাসিত হৈ পৰে আৰু “যেতিয়াই মই ঘৰলৈ আহোঁ তেতিয়াই” সোধা পুৰণি প্ৰশ্নটোকে পুনৰ সোধে —“কিমান দিনৰ বাবে আহিছা?কেতিয়া যাবাগৈ?”
মা-দেউতা, ভনী-ভাইহঁতৰ পৰা দূৰত থকা মোৰ বাবে ঘৰত থকা সেইকেইদিনৰ প্ৰতিটো পল আপুৰুগীয়া যেন লাগে৷প্ৰতিটো ক্ষণ মই উপভোগ কৰিবলৈ যত্ন কৰোঁ৷ভন্টী-ভাইটিহঁতৰ পঢ়া-শুনা চাই দিওঁ আৰু সিহঁতক পঢ়িবলৈ উৎসাহিত কৰোঁ৷মা-দেউতাৰ লগত ঘৰৰ ডাঙৰ হিচাপে ঘৰুৱা আলোচনাত ভাগ লওঁ৷ঘৰৰ পুৰণি এলবাম চাই, নিজৰ পুৰণি ফাইল খুচৰি নষ্টালজিক হৈ পৰোঁ৷
হোষ্টেললৈ উভতি যাবলৈ আৰু এসপ্তাহ বাকী থাকোঁতে মোলৈ ৰূমমেট জেৰিনাৰ পৰা ফোন আহিল—
:প্ৰাপ্তি, ৰিজাল্ট ওলাল ৷কংগ্ৰেছুলেশ্যন! তই এ.চি (অ’ল ক্লিয়েৰ) হৈছ’৷
মই “মেছিন”ত বেক পাম বুলি ভাবিছিলোঁ কাৰণ মোৰ সেইটো বিষয়ৰ পৰীক্ষা বৰ বেয়া হৈছিল পিছে গোটেইকেইটা বিষয়তে পাছ কৰাৰ বাবে ফূৰ্তিতে ফোনটো হাতত লৈয়েই দুজাপ মান মাৰিলোঁ৷
: প্ৰাপ্তি বেয়া খবৰ এটা আছে – জেৰিনাৰ মাতত দুখৰ আভাস ফুটি উঠা অনুভৱ কৰিলোঁ মই৷
: কি বেয়া খবৰ, জেৰিনা? – মই কপাল থুপাই সুধিলোঁ
:নীহাৰিকা আৰু প্ৰিয়মৰ ৰিজাল্ট বেয়া হ’ল৷ সিঁহত দুজনীয়ে পাছ নকৰিলে জাননে!
:কি ??
মোৰ বুকুখন ঢপঢপাই উঠিল৷নীহাৰিকাই সিদিনা আত্মহত্যাৰ কথা কৈছিল৷ৰিজাল্ট পাই তাই এনেকুৱা এটা কাম নকৰেতো?নীহাৰিকাৰ বাবে অস্থিৰ অনুভৱ কৰিলোঁ মই৷মোৰ অস্থিৰ মুখখন দেখা পাই মায়ে কিবা অঘটন ঘটিল বুলি ভাবি মোক কি হ’ল সুধিলে৷ মই সকলোবোৰ কথা মাক ভাঙি পাতি ক’লোঁ আৰু নীহাৰিকা আৰু প্ৰিয়মৰ বাবে দুটোপাল চকুলো ওলাই আহিল৷
নিজৰ ফলাফলতকৈ নীহাৰিকাৰ চিন্তাত মোৰ ৰাতি টোপনি নাহিল৷ ইকাটি সিকাটি কৰি ৰাতিটো পাৰ কৰিলোঁ মই৷
অৱশেষত হোষ্টেললৈ যোৱা দিনটো আহিল৷বাছত উঠাই মা-দেউতা ভাইটি-ভনীহঁতে বিদায় দিলে মোক৷বাছত উঠি বিদায় দিবলৈ ৰৈ থকা মাৰ দুচকুত পানী দেখিলোঁ মই৷পৃথিৱীৰ সকলো মায়েই কিজানি এনেকুৱা, মমতাৰ প্ৰতিমূৰ্ত্তি৷সন্তানৰ বাবে চেনেহ-আৱেগত চকুলো তিয়াই৷
০০০০০০০০০০০০০০০০
জীৱন যুদ্ধত হাৰি যোৱা এখনি বিমৰ্ষ মুখ লৈ নীহাৰিকা হোষ্টেললৈ উভতি আহিল৷মই যেতিয়া নীহাৰিকাৰ খবৰ ল’বলৈ তাইৰ কোঠা পালোঁগৈ নীহাৰিকাই মোক সাৱটি ধৰি উচুপি উঠিল৷মোৰো চকুপানী ওলাল৷
:মৰি মৰি জীয়াই থকাৰ সিদ্ধান্ত লৈ মই উভতি আহিলোঁ প্ৰাপ্তি৷দেউতাই কৈছে – ক’ত পলাবি?তই পলাব নোৱাৰ’৷ –এই বুলি কৈ মোক হোষ্টেলত থৈ গ’লহি৷
:মৰি মৰি জীয়াই থকাৰ কথা নকবা নীহাৰিকা৷ইমান হতাশা ভাল নহয়৷জীৱনটোত হৰা-জিকা থাকেই৷কিমান বিফল মানুহ পিছলৈ কিমান মহান মনিষী হৈছে তুমি জানো কিতাপত পোৱা নাই?তোমাৰ এই বিফলতাক তুমি প্ৰত্যাহবান হিচাপে ল’ব লাগিব৷
:প্ৰাপ্তি,মোৰ খুউব লাজ লাগিছে৷ভিতৰি ভিতৰি মই মানুহজনী যেন মৰি গৈছো তেনে লাগিছে অ’ প্ৰাপ্তি৷জুনিয়ৰখিনিৰ লগত কেনেকৈ যে ক্লাছ কৰিম৷সকলোৱে হাঁহিব মোক৷
:তেনেকৈ নাভাবিবা, তেনেকৈ ভাবিলে তুমি আগবাঢ়িবই নোৱাৰিবা৷নতুন উদ্যমেৰে আগবাঢ়িব লাগিব তুমি৷সাহসী হ’ব লাগিব৷
:প্ৰাপ্তি, তুমি মোক চাপৰ্ট দি থাকিবা,নহ’লে যে মই কি হৈ যাম সপোনতো ভাবিব নোৱাৰোঁ৷
: অস: নীহাৰিকা,মনৰ পৰা সকলো নিগেটিভ কথা আঁতৰাই পেলোৱা৷পাৰিম বুলি ভাবা৷মানুহে যদি এভাৰেষ্ট শৃংগ জয় কৰিব পাৰে, চন্দ্ৰত ভৰি থ’ব পাৰে তুমি ইঞ্জিনীয়াৰিং পাছ কৰিব নোৱাৰিবানে?মানুহে কৰিব নোৱাৰা কাম একো নাই, সকলোবোৰ মনৰ শক্তিৰ ওপৰত নিৰ্ভৰ কৰে৷
নীহাৰিকাক কথাবোৰ কৈ মোৰ নিজকে মহান দাৰ্শনিকৰ দৰে অনুভৱ হ’ল৷তেনেতে দুৱাৰ খুলি প্ৰিয়ম সোমাই আহিল৷
প্ৰিয়মৰ মুখতো দুখৰ চাপ স্পষ্ট কিন্তু তাই নীহাৰিকাৰ দৰে ভাগি পৰা নাই৷এটা দীঘল হুমুনিয়াহ পেলাই প্ৰিয়ম নীহাৰিকাৰ কাষত বহি পৰিল আৰু মোৰ ফালে চাই ক’লে —-
: মই আচলতে এই বছৰটো ভালকৈ পঢ়াই নাছিলোঁ, পিছে ফেইল হ’ম বুলি ভবা নাছিলো প্ৰাপ্তি৷নিজৰ গাতে দোষ, কি ক’ম আৰু!নীহাৰিকা তই চিন্তা নকৰিবি, আমি দুজনী কম্বাইন ষ্টাডি কৰিম৷এতিয়া আমি ইজনীয়ে সিজনীৰ বাবে শক্তি হ’ব লাগিব বুজিছ’৷ ধৰি ল’ তই মোৰ বাবে আৰু মই তোৰ বাবে থাকি গ’লো৷
প্ৰিয়মৰ কথাই মোক আচৰিত কৰি তোলাই নহয় নীহাৰিকাৰ হৈ প্ৰিয়মৰ প্ৰতি কৃতজ্ঞতাত গদ গদ হৈ পৰিলোঁ মই ৷এৰা, পৃথিৱীত আজিও মানৱীয়তা, বন্ধুত্ব, স্নেহ, মমতা আদিবোৰ বৰ্তি আছে আৰু এইবোৰ আছে বাবেই পৃথিৱীখন আজিও ধুনীয়া হৈ আছে ৷ এনেবোৰ কাৰণতে মোৰ হোষ্টেল জীৱন ভাল লাগে৷নীহাৰিকা আৰু প্ৰিয়ম মোৰ মৰমৰ বান্ধৱী৷ তেজৰ সম্পৰ্কৰ দৰেই অথবা তেজৰ সম্পৰ্কতকৈও যেন উৰ্ধত এই বন্ধুত্বৰ এনাজৰী, নহ’লেনো নীহাৰিকাৰ কথা ভাবি মই বিনীদ্ৰ ৰজনী কটাওঁনে, প্ৰিয়মে নিজৰ বিফলতাতো হতাশ নহয় বৰঞ্চ বিফলতাৰ মুখামুখি হোৱা আন এগৰাকী বান্ধৱীৰ বাবে প্ৰেৰণাৰ উৎস হ’বলৈ ইচ্ছা কৰেনে!!
মই প্ৰিয়মৰ দুয়োখন হাত নিজৰ হাতৰ মাজত মৰমেৰে ৰাখি প্ৰিয়মৰ চকুলৈ চাই ক’লো—
: আমাৰ নি:স্বাৰ্থ বন্ধুত্বৰ বাবে আজি মই খুব সুখী আৰু গৌৰৱ অনুভৱ কৰিছো প্ৰিয়ম৷
সজল চকুৰে প্ৰিয়মে মূৰ দুপিয়ালে আৰু ক’লে—“মইও…”৷
মই যেতিয়া হাইস্কুলত আছিলোঁ দুজনী ছোৱালীয়ে ফেইল কৰি কৰি এটা শ্ৰেণীতে কেইবাবছৰো পঢ়িছিল৷সিহঁত দুজনীয়ে নজনাকৈ বহুতে দুইজনীক “গাধা” বুলি কৈ হাঁহিছিল৷মইও ভাবিছিলোঁ পঢ়া-শুনা নকৰা বেয়া ছোৱালী সিহঁত৷কিন্তু এতিয়া মই উপলব্ধি কৰোঁ – পৰীক্ষাত অসফলতাৰ আঁৰত বহুতো কাৰক থাকিব পাৰে –কাৰোবাৰ পঢ়া কৰ্ছটোৰ ওপৰত থকা সীমাবদ্ধতা, কাৰোবাৰ পঢ়াৰ প্ৰতি অৱহেলা, কাৰোবাৰ আৰ্থিক দুৰৱস্থা ইত্যাদি ইত্যাদি৷সেয়ে কাকো হাঁহিব নাপায়৷জীৱনে কোন সময়ত কালৈ সৌভাগ্যৰ দুৱাৰ খুলি দিয়ে সেই কথা কোনেও নাজানে৷
(আগলৈ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments