ৰূপোৱালী মেঘৰ ছায়া- মৌচুমী বৰি

পিছদিনা অৰুন্ধতীয়ে মেইল খুলিয়েই অনুৰাগৰ চিঠিখন পালে৷ তাই পঢ়ি গ’ল–
অৰু, মোৰ সোণজনী,
তোমাক বিয়া পতাৰ আগেয়ে মই অফিচৰ পৰা অহাৰ পিছত মায়ে সদায়ে মোলৈ ফোন কৰিছিল৷ কিন্তু তুমি মোৰ জীৱনলৈ অহাৰ পিছত মায়ে মোলৈ ফোন কৰা বন্ধ কৰি দিলে হয়তো তোমালৈ দায়িত্ব এৰিলে বুলি ভাবিলে৷ সেয়ে মই ভাবিবলৈ ল’লো যে মই অফিচৰ পৰা অহাৰ পিছত তুমি দূৰত থাকিলেও মোৰ লগত অলপ সময় হ’লেও কথা পতাটো তোমাৰ কৰ্তব্যৰ ভিতৰত পৰে৷ সেয়ে মোৰ খং উঠিল – তুমি কথাবোৰ বুজি নোপোৱাৰ বাবে৷ তুমি মোক সময় নিদি লৰালৰিকৈ চাহৰ পাৰ্টিলৈ যাব ওলোৱাত মোৰ বৰ বেয়া লাগিছিল৷ যি নহওক –কথাবোৰ এৰা৷ এৰাধৰাৰ মাজেৰেই আমাৰ সংসাৰখন আগবঢ়াই নিব লাগিব৷ বেয়া পাই নাথাকিবা৷

ইতি
তোমাৰ ৰাগ

চিঠিখন পঢ়ি উঠি তাই অনুৰাগলৈ ফোন লগালে৷ ফোনৰ ইটো পাৰে অনুৰাগ উচুপি উঠিল৷
০০০০০০০০০০০

কোনো এক অলস আবেলি এটাত অৰুন্ধতীয়ে প্ৰাপ্তিৰ ডায়েৰীখন পঢ়িবলৈ বুলি মেলি ল’লে৷

ঃহোষ্টেলত থাকি ভালেই লাগিছে চোন ফৰিডা৷ মই ভাবিছিলোঁ কেনেকৈ যে থাকিম? সকলোবোৰ অচিনাকি হ’ব- দিনবোৰ চাগৈ ভয়ানক হ’ব!

মোৰ কথা শুনি ফৰিডাই হাঁহিলে আৰু ক’লে—
ঃমোৰো ভাল লাগিছে৷ ভিন্ন ঠাইৰ পৰা অহা ছোৱালীৰে হোষ্টেল ভৰি পৰে আৰু সকলোৱে এটা পৰিয়ালৰ দৰে একতাৰ ডোলেৰে বান্ধ খাই পৰে, নহয়নে প্ৰাপ্তি? হোষ্টেলত থাকি প্ৰতিজনী ছোৱালীৰে ৰুচিবোধ, স্বভাৱ-চৰিত্ৰ আদিৰ বিষয়ে জানিবলৈ বুজিবলৈ সুযোগ পোৱা যায় আৰু সৰু-বৰ বিভিন্ন অভিজ্ঞতাই ক্ৰমান্বয়ে চহকী কৰি গৈ থাকে জীৱন৷
ফৰিডাৰ কথাত মই মূৰ দুপিয়ালোঁ৷
ঃবাৰু ফৰিডা, কোৱাচোন? তোমাৰ টেবুলত যে যীশুৰ ফটো! ডিঙিত যীশুৰ লকেট?
ঃমোৰ মা খ্ৰীষ্টান! মোৰ মা আৰু দেউতাৰ প্ৰেম বিবাহ!

হঠাতে আমাৰ কোঠাৰ দুৱাৰ খুলি ঈপ্সিতা, মণিমালা, জুৰি আৰু প্ৰিয়া হুৰমুৰকৈ সোমাই আহিল৷
ঃতহঁত দুজনী কি কৰিছ? আমি আড্ডা মাৰিবলৈ আহিছোঁ – প্ৰিয়াই ক’লে
ঃআহ, আমিও কথা পাতিয়েই আছিলোঁ – মই ক’লো

“হাঃ হাঃ হাঃ হুঃ হুঃ হুঃ”
কৰিডৰত কৰিণা আৰু ৰেস্মা বাইদেউৰ বিকট অট্টহাস্য৷
ঃবাপৰে কেনেকৈ যে হাঁহে! বৰ বেলেগ ধৰণৰ হাঁহি ন’? তেনেকৈ হাঁহিব পাৰিবি তহঁতে?
মণিমালাৰ কথা শুনি আমি গোটেই কেইজনী হাঁহি উঠিলো আৰু হাঁহি চালোঁ এবাৰ এবাৰ৷

আমি কথা পাতি থকাৰ মাজতে হঠাতে প্ৰিয়াই নিজৰ দীঘল চুলিকোছা মুখৰ আগলৈ লৈ আহিল আৰু চুলিৰে ঢাকখোৱা মুখখনৰ ওপৰত চছমা এযোৰ লগাই মনে মনে বহি থাকিল৷ মই হঠাতে প্ৰিয়াক দেখি ভয়তে চিঞৰ এটা মাৰিলোঁ আৰু মোৰ চিঞৰ শুনি বাকীকেইজনীও চকখাই চিঞৰি উঠিল৷ আমাৰ এনে প্ৰতিক্ৰিয়া প্ৰিয়াৰ খুব ভাল লাগিল৷ প্ৰিয়াই ফূৰ্তিতে মূৰটো জোকাৰি জোকাৰি হাতেৰে ভিন্ন অংগী-ভংগী কৰি জিভা উলিয়াই আমাক খেদি আহিল৷ প্ৰিয়াক দেখিবলৈ সঁচাকৈয়ে এজনী ভূতুনীৰ দৰে লাগিছিল আৰু গোটেইকেইজনীয়ে ভয় খাই ৰূমটোৰ ভিতৰতে ধুপধুপ ধাপ ধাপ কৰি দৌৰিবলৈ লাগি গ’লোঁ৷ তাৰপিছত আমাৰ এই খেলটো ইমান ভাল লাগিল যে আমি প্ৰতিজনী ছোৱালীয়ে প্ৰিয়াৰ দৰে এবাৰ এবাৰ চুলিকোছা আগলৈ আনি মুখখন ঢাকি চছমা লগাই ভূতুনীৰ দৰে হৈ একেই চিঞৰ-বাখৰ কৰি গোটেইকেইজনীয়ে ফূৰ্তি কৰিবলৈ ধৰিলোঁ পিছে সেই আনন্দত যতি পৰিল যেতিয়া দুৱাৰত সজোৰে শব্দ হ’বলৈ ধৰিলে৷ দুৱাৰৰ ফালৰ পৰা অহা শব্দ শুনি আমাৰ গোটেইকেইজনীৰ মুখৰ মাত সৰিল৷ ভালকৈয়ে যে গালি এচাট খাম আমাৰ আৰু বুজিবলৈ বাকী নাথাকিল৷ মই গৈ দুৱাৰখন খুলি দিলোঁ, বাহিৰত ৰূপালী বাইদেউ খঙৰ মূৰ্তি ধৰি ৰৈ আছে—
ঃকি হৈছে এইবোৰ? কাৰোবাৰ যে পঢ়া-শুনাত ডিষ্টাৰ্ব হ’ব পাৰে সেইবোৰলৈ তহঁতৰ মন-কাণ নাই নেকি? এইবাৰলৈ বাচি গ’লি আকৌ যদি কেতিয়াবা এনে হুলস্থূল শুনোঁ তেন্তে চুপাৰক ৰিপৰ্ট কৰিম, এতিয়াই সকিয়াই দিলোঁ৷
— এইবুলি কৈ ৰূপালী বাইদেউ ফোঁ-ফোৱাই আঁতৰি গ’ল৷ ৰুপালী বাইদেউ যোৱাৰ পিছত গোটেইকেইজনীয়ে ইজনীয়ে সিজনীৰ মুখলৈ চাই চকুটিপ মাৰি হাঁহিলো৷
ঃ এ, হ’ব অলপ বেচি বেচি কৰে৷ এনে পণ্ডিতনীজনী ওলাইছে! —প্ৰিয়াই ক’লে৷

০০০০০০০০০০০০০০০০

মোৰ আৰু ফৰিডাৰ ৰূম সলনি হৈছিল৷ ইতিমধ্যে আমি অভিযান্ত্ৰিক মহাবিদ্যালয়ত এবছৰ অতিক্ৰম কৰিছিলোঁ৷ ফৰিডাই পিছে শিলচৰ এন. আই. টিলৈ চিট পাই গুচি গৈছিল৷ মই আজিও অনুভৱ কৰোঁ মোৰ প্ৰতি থকা ফৰিডাৰ আন্তৰিকতা আৰু মৰম৷ ফৰিডাই শিলচৰৰ পৰা চিঠি পঠাইছিল মোলৈ, চিঠিত কথাৰ মাজে মাজে হিন্দী গানৰ কলিও লিখি পঠাইছিল তাই৷ প্ৰথম চিঠিত লিখিছিল— “খিলতে হ্যে গুল য়হাঁ, খিলকে বিখৰনে ক’/মিলতে হ্যে ডিল য়হাঁ, মিলকে বিছড়নে ক’”

নতুন ছিনিয়ৰ হৈছিলোঁ আমি৷ নতুন চিনিয়ৰ হৈ নতুনকৈ অহা ছাত্ৰীসকলক ৰেগিং কৰাৰ অধিকাৰকণ লাভ কৰিছিলোঁ৷ আমাৰ বেটচটোৱেও নৱাগতা সকলক ৰেগিং কৰিবৰ বাবে কমন ৰূমলৈ মাতিছিল৷

সেইদিনা কমন ৰূমত আমি নতুন চিনিয়ৰ হৈ চোফাত বহিছিলোঁ আৰু নৱাগতা সকলে মজিয়াত বহিছিল৷ আমি নৱাগতা সকলক এজনী এজনীকৈ মাতি মাতি নাম কি, ঘৰ ক’ত, মেট্ৰিকত চিঠি কেইখন পাইছিল, হবি কি ইত্যাদি ইত্যাদি সুধি গৈছিলোঁ কিন্তু পয়মাল লাগিল তেতিয়া যেতিয়া সবিতা নামৰ ছোৱালীজনীয়ে এইবোৰৰ একো এটাৰে প্ৰশ্নৰ উত্তৰ দিব নিবিচাৰিলে৷ তাই তেনে কৰাত সকলোৰে খং উঠিল আৰু আমাৰ পৰা তাই গালি শুনিব লগা হ’ল৷ গালি খাই তাইৰ চকুপানী ওলাল৷ তাই যেতিয়া নিজৰ কোঠা পালেগৈ এগৰাকী চিনিয়ৰে তাই থকা কোঠাটোত ভূত থকা বুলি ভয় খুৱালে৷ পিছদিনা সবিতাই নিজৰ মাক-দেউতাকলৈ ফোন কৰি কান্দি-কাটি সকলো কথা ক’লে আৰু এই হোষ্টেলত থাকিব নোৱাৰাৰ কথা জনালে৷ মাক-দেউতাকে তাইৰ কথা শুনি হোষ্টেল চুপাৰ আৰু মহাবিদ্যালয়ৰ অধ্যক্ষক হোষ্টেল ৰেগিঙ কৰাৰ কথা অৱগত কৰিলে৷ মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু হোষ্টেল চুপাৰ আহি আমাৰ বেটচটোক জেৰা কৰাৰ লগতে হোষ্টেল ৰেগিং সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ আদেশ দি থৈ গ’ল৷ এটা সৰু কথাকে সবিতাই ইমান ডাঙৰ কৰি পেলোৱাত সকলো চিনিয়ৰৰ লগতে সবিতাৰ বান্ধৱী সকলেও সবিতাক নমতা হ’ল৷ একপ্ৰকাৰ বয়কট হোৱা দেখি অৱশেষত তাই মহাবিদ্যালয়ৰ পৰা ট্ৰান্সফাৰ লোৱাটোকে সিদ্ধান্ত ল’লে৷ এইকথা গৈ বাতৰিকাকতৰ সাংবাদিকৰ কাণত পৰিল৷ তাই হোষ্টেল এৰি যোৱাৰ বাতৰিটো পিছদিনাই বাতৰি কাকতত ডাঙৰ ডাঙৰ আখৰেৰে প্ৰচাৰ হ’ল৷ এনে এটি কথাই বাতৰিকাকতৰ শিৰোনাম দখল কৰিব লগা অৱস্থাত পৰাত হোষ্টেলৰ ছাত্ৰীসকল হতাশ হৈ পৰিল আৰু ইতিমধ্যে অধ্যক্ষৰ পৰা নটিচো আহিল যে পুনৰ ৰেগিঙ কৰা বুলি ধৰা পৰিলে উপযুক্ত শাস্তিৰ ব্যৱস্থা হ’ব৷ ইয়াৰ পিছত সাধাৰণ পৰিচয় পৰ্বৰ বাদে ছোৱালী হোষ্টেলৰ ৰেগিঙ বুলি একো নাইকিয়া হ’ল৷ আমি ৰেগিঙ বুলি যি আনন্দ কৰিছিলোঁ সেই আনন্দ হোষ্টেলত বহুখিনি কমি গ’ল৷

০০০০০০০০০০০০০০০

মই থকা কোঠাটোৰ নম্বৰ এফ-৫৷ মোৰ অতি মৰমৰ কোঠা! কোঠাটো চাৰিজনীয়া–চাৰিখন বিছনা, চাৰিখন টেবুল-চকী, চাৰিটা ৱাৰড্ৰৱ৷
সেইদিনা আমাৰ কোঠাত সকলো পঢ়াত ব্যস্ত আছিল৷ মই কিতাপখন মেলি বহি আছোঁ যদিও বেলেগ কথাহে ভাবি আছিলোঁ৷ আজি মই আৰ-তাৰ মুখত শুনিছোঁ কাইলৈ বোলে “ভেলেণ্টাইন ডে” মানে “প্ৰেমৰ দিৱস”৷ মই ৰূমমেট জয়া বাইদেউক সুধিলোঁ —
ঃজয়া বা, ভেলেণ্টাইন ডে’ৰ দিনা অফিচ-চফিচ, কলেজ আদি বন্ধ থাকে নেকি?”
মোৰ প্ৰশ্নত জয়া বাইদেউ হাঁহিত থাকিব নোৱাৰা হ’ল আৰু হাঁহি হাঁহি ক’লে –
ঃ বন্ধ নাথাকে অ’ আইজনী! এইজনী সঁচাই আজলী হৈ আছে দেই৷
জয়া বাইদেউৰ কথাত বাকী ৰূমমেট কেইজনীয়েও হাঁহিত যোগ দিলে৷

হঠাতে মোৰ একে ব্ৰাঞ্চৰ বান্ধৱী ৰুবীয়ে আমাৰ কোঠাৰ দুৱাৰখনৰ এপাট খুলি মুখখন উলিয়াই মোক উদ্দেশ্যি ক’লে —“প্ৰাপ্তি কাইলৈ এনেকুৱা এযোৰ কাপোৰ পিন্ধিবা য’ত অলপ হ’লেও নীলা ৰংটো থাকিব লাগিব৷”
মই ৰুবীৰ ফালে চাই সুধিলোঁ –কিয়?
ঃকাইলৈ ভেলেণ্টাইন ডেৰ বাবে আমাৰ বেটছটোৱে নীলা ৰং ড্ৰেছ ক’ড ৰাখিছোঁ
ঃঠিক আছে, হ’ব বাৰু – মই ক’লো৷

ইয়ালৈ আহিহে ভেলেণ্টাইন ডেৰ কথা শুনা পালোঁ৷ স্কুলত থাকোঁতে কোনোদিন ভেলেণ্টাইন ডেৰ ভ টোও শুনা পোৱা নাছিলো! – মই ভাবিলোঁ৷

পিছদিনা আমাৰ ব্ৰাঞ্চৰ সকলোৱে নীলা ৰঙৰ কাপোৰপিন্ধি কলেজলৈ গ’ল৷ ময়ো এযোৰ নীলা ৰঙৰ চুৰিডাৰ পিন্ধিলোঁ৷ প্ৰতিজনী ছোৱালীকে যৌৱনে ৰং সানি দিয়া এজনী চিতপখিলীৰ দৰে লাগিল৷ “টি ব্ৰেক”ত আমি সকলোৱে “ভেলেণ্টাইন ডে”ৰ নামত ফটো উঠিলোঁ৷ কলেজৰ প্ৰেমিক-প্ৰেমিকা যুটিবোৰে চকু-মুখত লাজ লাজ আভা সানি ধুনীয়াকৈ ঘূৰি ফুৰা দেখা গ’ল৷ “টি ব্ৰেক”ৰ বেল পৰাত সকলো ল’ৰা-ছোৱালী নিজৰ নিজৰ ক্লাছৰূমলৈ বুলি আগবাঢ়িল৷

“বেছিক ইলেক্ট্ৰনিক্স”ৰ ক্লাছ৷ ডেকা চাৰ সোমাই আহিল৷ তেওঁ পি এন জাঙ্কচনৰ ছবি আঁকিলে আৰু ৱৰ্কিং প্ৰিঞ্চিপল ক’লে৷ চাৰে দিয়া নোটচ নিজৰ বহীত লিখিলে সকলোৱে৷ চাৰে মাজতে “ওম’চ ল’” কাক বোলে মোক সুধিলে৷ অসমীয়া মিডিয়ামৰ পৰা পঢ়ি অহা মই ক’লো – “চাৰ, ওমৰ সূত্ৰটো আছিল-” পিছফালৰ পৰা দুজনমান দুষ্ট ল’ৰাই খুকখুকাই হঁহা শুনা পালোঁ৷ মই শুদ্ধ অসমীয়াত ওমৰ সূত্ৰটো কোৱাত ল’ৰা কেইজনৰ হাঁহি উঠিল৷ চাৰ যোৱাৰ পিছত ল’ৰাকেইটা মানে ধ্ৰুৱ, বিশালহঁতে মোলৈ চাই হাঁহি হাঁহি সুধিলে –
ঃ“প্ৰাপ্তি, ওমৰ সূত্ৰটো কি আছিল অ”?
মই সিহঁতলৈ খঙেৰে চাই ক’লো—
ঃহ’ব, ঠাট্টা কৰিব নালাগে, অসমীয়া ছোৱালী, শুদ্ধ অসমীয়াত কৈছো আকৌ৷

০০০০০০০০০০০০০০০০০০০০

অৰুন্ধতীয়ে প্ৰাপ্তিৰ ডায়েৰিখন সামৰি থৈ চকু মোহাৰিলে আৰু সেউজীয়া পাহাৰটোলৈ দৃষ্টি নিক্ষেপ কৰিলে৷ তেনেকুৱাতে কলিং বেলটো বাজি উঠিল৷ তাই বহাৰ পৰা উঠি গৈ দুৱাৰখন খুলি দিলেগৈ৷ বাহিৰত ঠিয় হৈ আছিল পুষ্পা — অৰুন্ধতীৰ কোৱাৰ্টাৰত পাৰ্ট টাইম কাম কৰে তাই৷ পুষ্পাক দেখা পাই অৰুন্ধতী সুখী হ’ল, ক’লে —
“দুকাপ চাহ কৰচোন, একাপ তোৰ বাবে আৰু একাপ মোক দিবি দেই!”
পুষ্পাই “হ’ব ডিডি” বুলি সঁহাৰি দিলে৷

অনুৰাগলৈ ফোন লগালে তাই৷ ক্ষন্তেক সময় ৰিং কৰাৰ পিছতে অনুৰাগে ফোনটো ৰিচিভ কৰিলে —
ঃ কোৱা
ঃ চাইটৰ পৰা ঘূৰিবলৈ হৈছে নে?
ঃ নাই অ’, মেকানিকেলৰ কাম চলি আছে, তাৰপিছতহে ইলেক্ট্ৰিকেলৰ কাম আৰম্ভ হ’ব৷ আজি ঘৰ পাওঁতে মোৰ ৰাতি হ’বগৈ বুজিছা৷
ঃমই এটা কথা ভাবিছোঁ ৰাগ, আমি এইবাৰ পূজাত দাৰ্জিলিং ফুৰিবলৈ যাম দেই
ঃ ঠিক আছে বাৰু, আমি এইবাৰ চেকেণ্ড হনিমুনত যাম!
ঃ ধ্যেৎ, তুমিও যে আৰু! হ’ব, ফোন থোৱা এতিয়া, মই চাহ খাওঁ, তুমি কিবা খালা নে?
ঃ ওচৰৰ কেণ্টিনত ৰুটী খালোঁ

এইবুলি কৈ অনুৰাগ মনে মনে থাকিল৷
ঃ কি হ’ল ৰাগ?
ঃনাই একো হোৱা নাই, ফোন ৰাখিছোঁ
অনুৰাগে ফোনটো কাটি দিলে৷ অনুৰাগৰ যে অভিমানী জগৰ লাগিল অৰুন্ধতীৰ বুজিবলৈ বাকী নাথাকিল৷ তাই আকৌ ফোন লগালে৷
ঃ কোৱা
ঃ আও মহাশয়ৰ চোন সৰু সৰু কথাতে জগৰ লাগে!
ঃ অৰু, তোমাক লগ নোপোৱা সময়খিনি মোৰ কিমান বেয়া লাগি থাকে তুমি জানো বুজিবা…..
অনুৰাগৰ কথাত অৰুন্ধতীৰ মনটো কুমলি গ’ল৷ তাই গভীৰ মমতাৰে কৈ উঠিল —
ঃতোমাৰ মৰমেৰে মই জীয়াই আছো, মোৰ ৰাগ!

অনুৰাগে আৰু একো নক’লে৷ ফোনতে চুমা দিলে অৰুন্ধতীক৷

ঃডিডি, চাহ
পুষ্পাৰ মাতত অৰুন্ধতী অনুৰাগৰ মৰমৰ জগতখনৰ পৰা ঘূৰি আহিল৷

*******************


দেওবাৰৰ আবেলি এটাত অৰুন্ধতীয়ে প্ৰাপ্তিৰ ডায়েৰীখন পঢ়িবলৈ বুলি মেলি ল’লে –

মোৰ ৰূমমেট ৰিমা, জেৰিনা আৰু জয়া বা৷
ৰাতি এঘাৰ বজাৰ পাছত মোৰ আৰু জেৰিনাৰ পঢ়িবলৈ ধৈৰ্য নাথাকে, আঁঠুৱা লগাই শুই যাওঁ দুইজনীয়ে৷ ৰিমাই আকৌ গোটেই হোষ্টেলটোৰ কোঠাই কোঠাই ঘূৰি ঘূৰি এঘাৰ বজাতহে নিজৰ কোঠালৈ আহি পঢ়িবলৈ আৰম্ভ কৰে৷ জয়া বাই গধূলীৰ পৰা একেলেঠাৰিয়ে পঢ়িয়েই থাকে ৰাতি তিনি বজালৈকে, মাথোঁ ৰাতিৰ ভাত সাজ খাওঁতে অলপ জিৰণি লয়৷ জয়া বাৰ সমান কষ্ট কৰা মই আজিলৈ কাকো দেখা নাই৷ তিনি বজাত শুই আকৌ পাঁচবজাত উঠেই৷ জয়া বাৰ ৰুটিন দেখি আচৰিত লাগে মোৰ৷ এদিন টোপনি খতি হ’লেই মোৰ গোটেই দিনটো মূৰ বিষাই থাকে, জয়া বাই যে কেনেকৈ পাৰে ইমান পৰিশ্ৰম কৰিবলৈ! তথাপি জয়াবাৰ পৰিশ্ৰমে মোক প্ৰেৰণা দিয়ে৷ জীৱন যুদ্ধত জিকিবলৈ শক্তি আৰু মনোবল দিয়ে৷ মৰমীয়াল জয়াবাক মই খুব ভাল পাওঁ৷ ৰিমা, জেৰিনাকো মই ভাল পাওঁ কিন্তু জয়া বালৈ যেন মোৰ মৰমটো অলপ বেছি!

আনৰ কোঠাই কোঠাই আড্ডা মাৰি ৰাতি এঘাৰ বজাৰ পৰা পঢ়িবলৈ আৰম্ভ কৰা ৰিমাক জয়া বাই প্ৰায়ে গালি দিয়ে আনৰ পঢ়া সময়বোৰ নষ্ট কৰাৰ বাবে৷ কিন্তু জয়া বাৰ কথাক ৰিমাই গুৰুত্বই নিদিয়ে৷

মই দেখিছোঁ যে অকল ৰিমাই নহয় গীতালী, বিৰিণাহঁতেও ৰাতি এঘাৰ, বাৰ বজালৈকে কিতাপৰ পাত এখিলাও মেলি নাচায়, য’তে সুবিধা পায় ত’তে আড্ডা মাৰি ঘূৰি ফুৰে কিন্তু সিহঁতকেইজনীয়ে যে পিছৰাতি গোগ্ৰাসে পঢ়ে সেইকথা ৰূমমেট বোৰেহে গম পায়৷ গোটেই কেইজনী পঢ়াটো চোকা৷ ৰিমা, গীতালীহঁতৰ দৰে টেঙৰ ছোৱালীৰ পাল্লাত পৰি আঁকৰী কেইজনীৰ পঢ়া-শুনা ভালকৈয়ে নষ্ট হয় কাৰণ সিহঁতে ৰিমাহঁতৰ দৰে ৰাতি পঢ়িব নোৱাৰি শুই যায়৷

আমাৰো ৰাতি আড্ডা চলে কিন্তু ৰিমাহঁতৰ দৰে সদায় আড্ডা নচলে৷

০০০০০০০০০০০০০০০০

সেইদিনা নিশা ন বাজিছিল৷ হঠাৎ মায়াৰ পঢ়া টেবুলখনৰ কাষৰ খিৰিকীখনত কোনোবাই জোৰে জোৰে শব্দ কৰা শুনা পালে মায়াই, লগতে এটি পুৰুষ কণ্ঠ—
ঃজোনালী, খিৰিকীখন খোলচোন মই দিগন্ত!

মায়াৰ ৰূমমেট জোনালী৷ জোনালী ৰূমত নাছিল, আছিল মায়া৷ মায়াই ভয় খাই কৰিডৰত চিঞৰ-বাখৰ লগাই দিলে—“হোষ্টেলত ল’ৰা সোমাল ঐ, ল’ৰা সোমাল!”
মায়াৰ চিঞৰটো শুনি সকলোৱে উধাতু খোৱাদি কৰিডৰলৈ ওলাই আহিল৷ লগে লগে হোষ্টেলত এটা হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হ’ল৷ নাইট চকীদাৰজনে টৰ্চটো হাতত লৈ কোন ফালে ল’ৰা সোমাল মায়াক সুধিলে৷ মায়াই তাইৰ খিৰিকীৰ বাহিৰফালে দেখুৱাই দিয়াত সকলোৱে খিৰিকীৰ বাহিৰৰ দেৱালখনৰ ওচৰ পাওঁতেই দেখা পালে এন্ধাৰতে ছায়ামূৰ্তি এটাই জাপ মাৰি দেৱাল পাৰ হোৱা৷ চকীদাৰজনে “ধৰ, ধৰ, সেইটো” বুলি চিঞৰ এটা মাৰিলে৷ তেতিয়ালৈ ছায়ামূৰ্তিটো এন্ধাৰৰ স’তে মিলি পৰিছিল৷

হুলস্থূল শাম কটাৰ পিছত হোষ্টেল চুপাৰে মায়া, জোনালী আৰু হোষ্টেল মনিট্ৰেছক মাতি পঠালে লগতে মাতিলে নাইট চকীদাৰজনকো৷ মায়াই চুপাৰৰ আগত ঘটনাটোৰ সকলো কথা বিৱৰি ক’লে৷ জোনালীয়ে তল মূৰ কৰি থাকিল৷ নাইট চকীদাৰজনৰ কৰ্তব্যৰ গাফিলতিৰ বাবে এনে এটা কাণ্ড হোৱাত প্ৰথম বাৰৰ বাবে তেওঁক ক্ষমা কৰি দিয়া হ’ল বুলি জনালে যদিও দ্বিতীয় বাৰ এনে কাণ্ড হ’লে তেওঁৰ যে চাকৰী যাব সেই সাৱধান বাণী কৰি দিয়া হ’ল৷ দিগন্ত নামৰ ল’ৰাটোৰ ওপৰত যে উচিত ব্যৱস্থা লোৱা হ’ব সেই কথা জোনালী, মায়াহঁতক চুপাৰে জনালে৷

নিজৰ কোঠাত সোমায়েই জোনালী কান্দোনত ভাগি পৰিল৷ জোনালীৰ খবৰ লবলৈ ইটো সিটো কোঠাৰ পৰা ছোৱালী আহি তাইৰ কোঠা ভিৰ কৰিলেহি৷
ঃজোনালী, দিগন্তই কেনেকৈ গম পালে এইটো তোৰ ৰূম বুলি? —- মায়াই সুধিলে
ঃসি মোক সুধিছিল আৰু মই তাক দেখুৱাই দিছিলোঁ দূৰৰ পৰাই, কিন্তু মইটো তাক হোষ্টেললৈ এনেকৈ মতা নাছিলোঁ৷ সি নিজৰ লগতে মোৰো বদনাম কৰি দিলে৷ – জোনালী উচুপি থাকিল৷
হোষ্টেল মনিট্ৰেছ বাইদেউ গৰাকী আগবাঢ়ি আহি জোনালীক সান্ত্বনা দিলে—
ঃচিন্তা নকৰিবি, যি হ’ব লগা আছিল হ’ল আৰু৷ এতিয়া শুই থাক৷
ছোৱালীহঁত, তোমালোক নিজৰ নিজৰ ৰূমলৈ যোৱা৷ আৰু শুনা, কোনোৱে যাতে নিজৰ নিজৰ বয়ফ্ৰেণ্ডক নিজৰ ৰূমবোৰ দেখুৱাই নিদিয়া, অ’কে?

জোনালীৰ কান্দোন দেখি মোৰো বেয়া লাগিছিল যদিও ছোৱালী হোষ্টেলত ল’ৰা সোমোৱা বুলি মই ভিতৰি ভিতৰি অলপ অস্থিৰতা অনুভৱ কৰিছিলোঁ৷ মায়া আৰু জোনালীক তেনেকৈ এৰি সকলো ছোৱালী নিজৰ নিজৰ কোঠাত সোমাই পৰিল৷

বিছনাত পৰি সেইদিনা মই “জোনালী-দিগন্ত”ৰ যুটিটোৰ কথাই ভাবি থাকিলোঁ৷ সিহঁতক পুখুৰীৰ পাৰত, কেতিয়াবা কেণ্টিনত, কেতিয়াবা উডলেণ্ড ৰেষ্টুৰেণ্টত খুব ঘনিষ্ঠ হৈ কথা পাতি থকা প্ৰায়ে দেখিবলৈ পোৱা যায়৷ এইখন মহাবিদ্যালয়ত এনেকুৱা প্ৰেমিক যুটি বহুতো আছে৷ এৰা, যৌৱনত প্ৰেম নকৰিলে কেতিয়ানো কৰা হয়? যৌৱন মানেইটো সপোনৰ পৃথিৱী! —এইবোৰকে ভাবি থাকোঁতে চিলমিলকৈ টোপনি আহিছিল মোৰ৷ টোপনিতে মই দেখা পালোঁ – অচিন কোনোবা এজন যেন মোৰ ফালেই আহি আছে!

০০০০০০০০০০০০০০০০০০০০

সকলোৱে কয় আমাৰ বেটচৰ আটাইতকৈ ধুনীয়া ছোৱালীজনীয়েই মণিমালা৷ ল’ৰাবোৰে তাইৰ প্ৰেমত পৰিবলৈ হাবুডুবু খাই ফুৰে বোলে৷ আমিও দেখিছোঁ এতিয়ালৈ কিমানটা ল’ৰাই যে তাইক প্ৰ’পজ কৰিছে ঠিক নাই, পিছে তাই কাকো “য়েছ” বুলি কোৱা নাই৷ অৱশ্যে আজি তাই সেই ৰেকৰ্ড ভংগ কৰিলে৷ একেলগৰ প্ৰসেনজিতক হিয়া দিয়াৰ খবৰ গোটেই ছোৱালী হোষ্টেলত বিয়পি পৰিল৷ কেইজনী মানে মণিমালাক বাথৰূমলৈ টানি আনি একবাল্টি পানী আনি তাইৰ মূৰত ঢালি দিলে৷ কোনোজনী ছোৱালী এংগেজ হ’লে এনেকৈ মূৰত পানী ঢলা নিয়ম৷ মণিমালাৰ লগতো সেই নিয়মৰ ব্যতিক্ৰম নহ’ল৷ আজি মণিমালাও পানীৰে জুৰুলি-জুপুৰি হ’ব লগা হ’ল৷

মণিমালা-প্ৰসেনজিতে কাইলৈ “এংগেজমেণ্ট পাৰ্টি” দিব৷ নিজৰ বেটচৰ সকলো ছোৱালীকে নিমন্ত্ৰণ কৰিলে মণিমালাই৷

সকলো ছোৱালীয়ে এংগেজমেণ্ট পাৰ্টিলৈ যাবলৈ বুলি সাজি-কাচি ওলাইছে৷ সকলোকে দেখাত সৰগৰ পৰী যেন লাগিছে৷ ময়ো উলাইছোঁ মণিমালাৰ পাৰ্টিলৈ যাবলৈ৷ মই সাজি-কাচি ওলাই প্ৰিয়াৰ কোঠা পালোগৈ৷ প্ৰিয়া তেতিয়াও ওলোৱাই নাই, মন মাৰি বিছনাত বহি আছে৷
ঃপ্ৰিয়া, তুমি এতিয়াও ৰেডি হোৱা নাই? — মই সুধিলোঁ
ঃমই নাযাওঁ প্ৰাপ্তি, তোমালোকেই যোৱা৷
ঃকিন্তু কিয়?
ঃমোৰ তোমালোকৰ দৰে পাৰ্টি ড্ৰেছ নাই, তোমালোকৰ আগত মই হীনমন্যতাত ভুগো৷ সেয়ে মই নাযাওঁ বুলি সিদ্ধান্ত ল’লো৷
ঃতেনেকৈ কিয় কৈছা? মোৰ পৰা পিন্ধিবা আকৌ৷ মোৰ কাপোৰ তোমালৈ হৈ যাব৷ ব’লা মোৰ ৰূমলৈ৷
ঃনাই অ’, নাযাওঁ প্ৰাপ্তি, মোৰ মনটোও বেয়া
ঃনহ’ব, নহ’ব, সকলোৱে যাব আৰু তুমি নাযাবা, এনে কথা হ’ব নোৱাৰে৷

— এইবুলি কৈ মই প্ৰিয়াক টানি মোৰ ৰূমলৈ লৈ গ’লোঁ৷

হোটেল পেৰেডাইজত আমাৰ বেটচৰ সকলো ল’ৰা-ছোৱালী একগোট হ’ল৷ কথা-বতৰা, ফূৰ্তি-তামাচাৰে মণিমালা-প্ৰসেনজিতে দিয়া এংগেজমেণ্ট পাৰ্টি বেছ জমি উঠিল৷ পাৰ্টিত বহি মই কিয় জানো অনুভৱ কৰি থাকিলোঁ এযুৰি চকুৰ চাৱনিয়ে মোক যেন আমনি কৰি আছে৷ কিন্তু সেই চকুৰ চাৱনিৰ গৰাকীলৈ চাবলৈ মোৰ সাহস নহ’ল৷

পাৰ্টি শেষ কৰি কলেজ বাছত উভতি আহোঁতে সেই একেটা অনুভৱে মোক পিছ এৰা নিদিলে৷ সকলোৱে গান-বাজানা, অন্তাক্ষৰী খেলি হুলস্থূল কৰি আহি থাকিল কিন্তু মই গান বাজনাত ভাগ ল’ব নোৱাৰিলোঁ৷

হোষ্টেললৈ আহি বাথৰূমৰ আইনাত মই নিজৰ মুখখন চালোঁ৷ ভাৱিলোঁ চকুযুৰিৰ কথা৷ পিছে সেই চাৱনিৰ কথা মই নিজৰ মাজতে ৰাখি থ’লো৷

০০০০০০০০০০০০০০০০০০০

সেইদিনা মণিমালাই উচুপি আছিল আৰু আমি সকলোৱে মণিমালাক বেৰি আছিলোঁ৷
ঃপ্ৰসেনজিতে যে এনেকুৱা কৰিব পাৰে সপোনতো ভবা নাছিলোঁ মই! তাক লৈ মই বহুত সপোন দেখিছিলোঁ, প্ৰসেনক মোৰ ভাল লাগিছিল৷ সেয়ে মই তাৰ প্ৰেমত পৰিছিলোঁ৷ সি যে ইমান শস্তিয়া কাম কৰিব পাৰে! ছিঃ
ঃ সঁচাকৈ, সি এনে কৰিব নালাগিছিল৷ – ঈপ্সিতাই দুখেৰে ক’লে
ঃ বহুত লাজ লাগিছে মোৰ! সকলোৱে তাৰ আৰু মোৰ কথা জানিলে৷ সকলোৱে তাৰ আচল ৰূপটো দেখা পালে৷ —মণিমালাই কৈ উঠিল৷
মই ক’লোঁ —
ঃমণিমালা, তুমি ভগৱানক ধন্যবাদ দিব লাগিব যে তুমি ইমানতে বাচি গ’লা৷ ভাবাচোন, তোমালোকৰ সম্বন্ধটো বহুত বেছি আগবঢ়াৰ পিছতহে যদি তাৰ আচল ৰূপটো দেখা পালাহেঁতেন তেতিয়া তোমাৰ কি অৱস্থা হ’লহেঁতেন৷
ঃতুমি ঠিকেই কৈছা প্ৰাপ্তি, সম্বন্ধ গঢ়াৰ আৰম্ভণিতে জোলোঙাৰ মেকুৰী ওলাই পৰিল৷ – মণিমালাই ক’লে

ঃ অ’ই, তহঁতে এনেকৈ জুম পাতি কি কথা পাতিছ? – এইবুলি কৈ কল্পনা বাইদেউ সোমাই আহিল আৰু মণিমালাৰ মুখলৈ চাই ক’লে—
ঃ আৰে, তোৰ চকুত পানী যে? কান্দিছ নেকি? কিবা হ’ল? কি হ’ল কচোন?

ঃকল্পনা বা, আজি প্ৰসেনজিতে বয়জ হোষ্টেলত বেয়াকৈ মাৰ খালে৷ তাৰ তলৰ পাৰিৰ গোটেই কেইটা দাঁত সৰি থাকিল৷
ঃহে হৰি, কিয় ল’ৰাবোৰে এনে কৰিলে?
ঃ আচলতে বা, সি এটা চোৰ৷ সি বোলে প্ৰায়েই ল’ৰাবোৰৰ পৰা ইটো সিটো চোৰ কৰে৷ সিদিনা যে প্ৰসেনজিত আৰু মই পেৰেডাইজত পাৰ্টি দিছিলো, সি তাৰ ৰূমমেটৰ পৰা টকা চুৰ কৰি সেই টকাৰে মোক গিফ্ট দিয়াৰ উপৰিও পাৰ্টিত খৰচ কৰিলে৷ আজি সি ধৰা পৰিল হোষ্টেলত৷ কেইবাটাও ল’ৰাই মিলি তাক উধাই-মুধাই এনেকৈ পিটিলে যে তাৰ অৱস্থা একেবাৰে বেয়া হৈ গ’ল৷ তাৰ স’তে সম্বন্ধও আজিৰ পৰা মই শেষ কৰিলোঁ৷

মণিমালাৰ কথাখিনি শুনি কল্পনা বা ও গহীন হৈ পৰিল, ক’লে–
ঃভালেই হ’ল দে, তাৰ চৰিত্ৰটো যে ওলাই পৰিল৷

০০০০০০০০০০০০০০০০০০০০০০০০

ছোৱালী হোষ্টেলত লুকাই চুৰকৈ সোমোৱাৰ বাবে কলেজৰ পৰা দিগন্ত নামৰ ল’ৰাটোক এবছৰৰ বাবে ৰাষ্টিকেট কৰিলে৷ আচলতে সেইদিনা দিগন্তই লগৰ ল’ৰাকেইটামানৰ লগত মদ খাইছিল৷ মদৰ পাৰ্টিত সিহঁতৰ মাজত প্ৰেমৰ কথা চলিল আৰু নিচা লাগি সি জোনালীৰ বাবে ইমানেই আৱেগিক হৈ পৰিল যে হঠাতে চাইকেলখন চলাই জোনালীক লগ কৰিবৰ বাবে ছোৱালী হোষ্টেল পালেগৈ আৰু দেৱাল পাৰ হৈ সি অনুমানতে জোনালীৰ ৰূম বুলি ভৱা ৰূমৰ খিৰিকী এখন ঢকিয়ালে কিন্তু ভুলবশতঃ খিৰিকীখন মায়া শোৱা ফালে থকা খিৰিকী আছিল৷ হুলস্থূল শুনি সি দেৱাল পাৰ হৈ পলাল কিন্তু যেতিয়া নিচা ফাটিল তেতিয়াহে তাৰ হুঁচ আহিল যে সি এটা বেয়া কাম কৰিলে৷ সি জোনালীৰ ওচৰত, কলেজৰ অধ্যক্ষৰ ওচৰত ক্ষমা খুজিলে কিন্তু কলেজ কৰ্তৃপক্ষই তাক এবছৰৰ বাবে শাস্তি দিবলৈ বাধ্য হ’ল৷ জোনালীয়ে তাক ক’লে- “তুমি এতিয়া এবছৰৰ বাবে ঘৰত থাকাগৈ৷ ময়ো আগতে পঢ়া-শুনা ঠিক কৰি লওঁ, আমাৰ ভৱিষ্যতৰ কথাবোৰ পিছতো ভাবিবলৈ সময় পাম৷”

এটা মাথোঁঁ ভুলৰ বাবে দিগন্তই তাৰ পঢ়া-শুনাৰ এটা বছৰ হেৰুৱাব লগা হ’ল৷ জোনালীৰ প্ৰেম সি ঘূৰাই পালেনে, সেইকথা পিছে মোৰ জনা নহ’ল৷

প্ৰসেনজিতো মাৰ-কিল খাই ঘৰ পালেগৈ৷ সি আৰু পঢ়িবলৈ উভতি নাহিল৷ আমি পিছত শুনা পালোঁ সি বোলে গুৱাহাটীৰ অসম ইঞ্জিনীয়াৰিং কলেজলৈ ট্ৰান্সফাৰ ল’লে৷

০০০০০০০০০০০০০০০০০০০০০০০০০

মহন্ত চাৰৰ “ডিজিটেল চিষ্টেম” ক্লাছ৷ চাৰৰ ক্লাছত সাধাৰণতে ছাত্ৰ-ছাত্ৰী নাথাকেই৷ অতি কম যদি এজন আৰু অতি বেছি যদি দহজনহে থাকে৷ চাৰে ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিক লৈ কোনোদিন কোনোধৰণৰ প্ৰতিক্ৰিয়া দেখুওৱা নাই৷ এজন ছাত্ৰও যদি বহি থাকে সেইজনক লৈয়েই ক্লাছটো কৰাত ব্যস্ত হৈ পৰে৷ আজি চাৰৰ ক্লাছত মাথোঁ পাঁচজন ছাত্ৰ-ছাত্ৰী৷ পাঁচজন ছাত্ৰ-ছাত্ৰী লৈয়ে চাৰে “নাম্বাৰ চিছটেম” শিকাবলৈ আৰম্ভ কৰি দিলে৷ “ডিজিটেল চিছটেম” ক্লাছটো শেষহোৱাৰ পিছতেই “মেথছ” ক্লাছ আৰম্ভ হ’ল৷ হঠাতে পাঁচজন ছাত্ৰ-ছাত্ৰীৰ পৰা ষাঠিজন ছাত্ৰ-ছাত্ৰীৰে শ্ৰেণীকোঠা ভৰি পৰিল৷ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ নামৰ বিপৰীতে নিজৰ উপস্থিতি লিখিবৰ বাবে, চাৰে এটেণ্ডেন্স বহীখন ছাত্ৰ এজনলৈ আগবঢ়াই দিলে৷

ক্লাছটো চলি থকাৰ মাজতে বিৰিণাই মোৰ কাণত ফুচফুচাই ক’লে –

ঃআজি প্ৰাচুৰ্যৰ উপস্থিতি মই দিম৷ সি কোনেনো তাৰ উপস্থিতি দিলে বুলি আচৰিত হৈ থাকিব! — এইবুলি কৈ নিজেই ফূৰ্তি পাই নিজেই খুকখুকাই হাঁহিলে আৰু পুনৰ ক’লে–
ঃমই তাক টাৰ্গেট কৰিছোঁ তাক মই মোৰ জালত পেলাই হে এৰিম৷
ঃহ’ব, হ’ব কি কৰ’ কৰি থাকিবি, ব্লেকবৰ্ডলৈ চা, নহ’লে দুইজনীয়ে গালি খাম এতিয়া৷ – মই চাৰৰ পৰা গালি খোৱাৰ ভয়ত কৈ উঠিলোঁ৷

বিৰিণাজনী যে আৰু! কিমান ল’ৰাক জালত নেপেলাই তাই! প্ৰেম তাইৰ বাবে চিৰিয়াছ বিষয় নহয়৷ তাই কয় –
ঃ ধুৰৰ, হোষ্টেল জীৱনৰ প্ৰেম টাইম পাছ বুজিছ? যিকোনো প্ৰকাৰে মক্কেল এটা পতাই ল’ব লাগে তাৰপিছত ভাল ভাল ৰেষ্টুৰেণ্টত বিনা টকাত কিমান খাৱ খাই থাক, ধুনীয়া ধুনীয়া গিফ্ট পাই থাক৷ আমোৱালে সেই মক্কেলটোক এৰি দিলেই হ’ল বচ!

বিৰিণাৰ কথা শুনি আমাৰ চকু কপালত উঠে৷ তাই যেনেকৈ কৈ তেনেকৈ কৰেও৷ এতিয়ালৈকে কাপোৰ সলোৱাদি দুই তিনিটা বয়ফ্ৰেণ্ড সলালেই৷ এইবাৰৰ টাৰ্গেট প্ৰাচুৰ্য৷ বিৰিণাৰ বয়ফ্ৰেণ্ড হোৱা ল’ৰাকেইটাও ক’ম নহ’ব – সিহঁতো চাগৈ একে পানীৰে মাছ৷

“টি ব্ৰেক”ত আমি এজাক ছোৱালী বাৰাণ্ডাত থিয় হৈ কথা পাতি থাকিলোঁ৷ বিৰিণা ব্যস্ত হৈ পৰিল প্ৰাচুৰ্যক লাইন মৰাত৷ হঠাতে সেই চিনাকি চকুৰ চাৱনিয়ে মোক আমনি কৰিব ধৰিলে৷ মই দেখিলোঁ আমি ৰৈ থকা বাৰাণ্ডাখনৰ বিপৰীতে থকা আনখন বাৰাণ্ডাৰ পৰা এটা ল’ৰাই মোলৈকে চাই আছে৷ বিৰিণাই প্ৰাচুৰ্যক লাইন মৰাৰ দৰে সেই ল’ৰাটোৱেও মোক লাইন মাৰিছে নেকি? মই অস্বস্তি অনুভৱ কৰিলোঁ আৰু সেই চকুৰ চাৱনিৰ পৰা পলাবলৈ ছোৱালীৰ ভিৰৰ মাজত সোমাই পৰিলোঁ৷

“লাঞ্চ ব্ৰেক”ৰ পাছত “মেছিন লেব” আছিল কিন্তু চাৰ ছুটিত থকাত সেইদিনা আমাৰ লেব নহ’ল৷ লেব নথকাৰ বাবে মই, বিৰিণা, প্ৰিয়া, মণিমালা – আটাইকেইজনীয়ে বজাৰ কৰিবলৈ বুলি কলেজ বাছত উঠিলোঁ৷ বাছৰ পিছৰ চিটত প্ৰাচুৰ্যহঁতক বহি থকা আমি দেখা পালোঁ৷ প্ৰাচুৰ্যক দেখা পাই বিৰিণাৰ যেন গা সাতখন-আঠখন হ’ল৷ প্ৰাচুৰ্যহঁতক আকৰ্ষণ কৰিবলৈ বিৰিণাই ডাঙৰ ডাঙৰকৈ আমাৰ লগত বিভিন্ন ধৰণৰ কথা পাতিবলৈ আৰম্ভ কৰিলে৷ ইতিমধ্যে প্ৰাচুৰ্যহঁতেও বিৰিণাৰ কথা গম পাইছিল৷ হঠাতে পিছফালৰ পৰা উফৰি অহা কথোপকথন আহি আমাৰ কাণত পৰিল৷

ঃঅ’ই প্ৰাচুৰ্য, তই বোলে বন্দিতাক হে ভাল পাৱ৷
ঃহাঃ হাঃ হাঃ, ভাল পাওঁ, ভাল পাওঁ এইবাৰ ভেলেণ্টাইন ডে’ত মই তাইক প্ৰ’পজ কৰিম বুলি ভাবি থৈছোঁ!

খিলখিলাই হাঁহি থকা বিৰিণা হঠাতে নীৰৱ হৈ পৰিল৷ তাইৰ দুচকুৰ পৰা দুধাৰি লোতক বৈ আহিল৷ মই বিৰিণাৰ চকুলৈ চালোঁ৷
ঃএইজনী কটা, ঘৰিয়ালৰ চকুপানী বোৱাইছে চোৱা! — মুখৰ মাজতে ভোৰভোৰালোঁ মই!

বাছৰ পৰা নামি গোটেই কেইজনীয়ে বজাৰ-সমাৰ কৰি “কল্পনা”ত দহি বড়া খাই গড়আলিত বাছৰ বাবে আটাইকেইজনীয়ে ৰৈ থাকিলোঁ৷ তেতিয়ালৈ এন্ধাৰ নামিছিল৷ বিৰিণা পিছে ফিউজ হোৱা বাল্বৰ দৰে গোটেই সময়চোৱা মনে মনে ৰ’ল৷

০০০০০০০০০০০০০০০০০০০০০

সকলো ছোৱালীৱে দেখা সপোনৰ কোঁৱৰজনৰ সপোন ময়ো দেখোঁ৷ যাৰ স’তে বিয়াত বহিম, যি মোৰ প্ৰেমিক হ’ব তেওঁ কেনে হ’ব সেইকথা মোৰো মনলৈ কেতিয়াবা নহাকৈ নাথাকে৷ যদিও মই ইঞ্জিনীয়াৰিং শেষ নকৰালৈকে কাৰো প্ৰেমত নপৰাৰ সিদ্ধান্ত লৈছোঁ৷ প্ৰেমত হাবু-ডুবু খাই, পঢ়া-শুনাতো হাবু-ডুবু খাব লাগিলে সকলো শেষ হ’ব৷ প্ৰেমক পিছত ৰাখি পঢ়া-শুনাক আগস্থান দিয়াহে আচল কথা – মই অন্ততঃ এনেকৈয়ে ভাবোঁ৷ সেয়ে সেই গভীৰ চকুৰ চাৱনিয়ে যিমানেই মোক নাচাৱক কিয় মই ভুলতো তেওঁৰ প্ৰেমত নপৰোঁ – এইয়া মোৰ চিধা কথা! মই ভাবিলোঁ৷

তেতিয়া মই ক্লাছ চিক্সত৷ মাৰ স’তে বজাৰলৈ গৈছিলোঁ৷ মই দেখিছিলোঁ মোৰ বয়সৰে এটা শিষ্ট-পুষ্ট ধুনীয়া ল’ৰা, হঠাতে এখন ধুনীয়া গাড়ীৰ দুৱাৰ খুলি গাড়ীৰ ভিতৰৰ পৰা ওলাই আহিছিল৷ মাথোঁ এপলক চাৱনিতে সেই ল’ৰাটোৱে মোৰ বুকুত যেন বিজুলীৰ সঞ্চাৰ কৰি থৈ গৈছিল! ল’ৰাটোক দেখাৰ সেই মুহূৰ্তকণ মোৰ মনত বছৰ ধৰি ৰৈ গৈছিল এনেয়ে৷

জয়া বাইদেউৰোতো কোনো বয়ফ্ৰেণ্ড নাই৷ জয়া বাৰ এইবাৰ ইঞ্জিনীয়াৰিঙৰ শেষৰ বছৰ৷ জয়া বাইদেউৰ বাবে কেৱল পঢ়া, পঢ়া আৰু পঢ়া৷ ছাত্ৰাৱাসত যি ল’ৰাই পঢ়াৰ বাদে একো চিনি নাপাই তেনেকুৱা ল’ৰাক “কবিৰাজ” বুলি কয়৷ আমাৰ জয়াবাইদেউও বয়জ হোষ্টেলত থকা হ’লে কবিৰাজ নামেই পালেহেঁতেন৷

ঃ ঐ মেচিনৰ এচাইনমেণ্ট কৰিলি নেকি? – ৰুবীয়ে কৈ কৈ আমাৰ কোঠালৈ হুৰমুৰকৈ সোমাই আহিল

সেইসময়ত প্ৰেম-ট্ৰেমৰ কথা ভাবি থকা মই মেচিনৰ যে এচাইনমেণ্ট কৰিব লগা আছিল পাহৰিয়েই আছিলোঁ৷
ঃ অ’ নাই কৰা নহয়!
ঃব’ল, প্ৰিয়াৰ ওচৰলৈ যাওঁ, তাই কৰিছে কিজানি!

দুইজনীয়ে হাতত বহী এখন এখন লৈ প্ৰিয়াৰ ৰূম পালোঁগৈ, তেতিয়ালৈ মণিমালা, বিৰিণাহঁতে প্ৰিয়াৰ পৰা এচাইনমেণ্ট কপি কৰাত ব্যস্ত হৈ পৰিছে৷
ঃঐ তহঁতে এচাইনমেণ্ট কৰিলিয়েই, আমাকো কপি কৰিব দেনা – ৰুবীয়ে চিঞৰি ক’লে৷
ঃনিজৰ মগজ নচলাৱ, লোকৰ পৰা কপি কৰিবলৈ লাজ নাই – প্ৰিয়াই কৈ উঠে
ঃহ’ব, তোৰ মগজটো চলিলেই হ’ল! – ৰুবীয়ে কৈ উঠে৷

আটাইকেইজনী এচাইনমেণ্ট কপি কৰাত ব্যস্ত হৈ পৰিলোঁ, তেতিয়াহে মনত পৰিল আমাৰ পিছদিনা মেথছৰ টেষ্ট আছে৷ আটাইকেইজনীয়ে কম্বাইন ষ্টাডি কৰাত লাগি গ’লো পিছদিনাৰ টেষ্টটোৰ বাবে৷ পঢ়ি থকাৰ মাজতে মণিমালাই বিৰিণাক জোকালে –
ঃঐ বিৰিণা, প্ৰাচুৰ্যৰ কি খবৰ?
ঃহেই ৰহ, মই এইবাৰ বেলেগ এটা ল’ৰাৰ কথা ভাবিছো, ফৰ্থয়েৰৰ ল’ৰা, বিৰাট হেণ্ডছাম জান৷ — বিৰিণাই কৈ উঠিল৷
বিৰিণাৰ কথাত আমি আটাইকেইজনী গিৰ্জনি মাৰি হাঁহি উঠিলোঁ৷
ঃআমাকো দেখাই দিবি হাঁ – মণিমালাই ক’লে
ঃদেখিবিয়েই নহয় মই ডেটিং মাৰিবলৈ গ’লে — বিৰিণাই বিশ্বাসেৰে কৈ উঠিল৷
(আগলৈ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments