ৰূপোৱালী মেঘৰ ছায়া – মৌচুমী বৰি

খণ্ড-৭

প্ৰাপ্তিৰ হোষ্টেলীয়া জীৱনৰ সুখ-দুখৰ মাজত সোমাই পৰা অৰুন্ধতীয়ে ডায়েৰিখন সামৰি থ’লে৷কাৰণ চৈধ্যদিনীয়া ডিউটি শেষ কৰি আজি অনুৰাগ আহিব৷শিৱসাগৰৰ পৰা গুৱাহাটী, গুৱাহাটীৰ পৰা ট্ৰেইনেৰে নিউজলপাইগুৰি তাৰপিছত চিকিম……ইমানদূৰ ভ্ৰমণ কৰি ভাগৰি পৰিব অনুৰাগ – অৰুন্ধতীয়ে ভাবিলে৷

তাই বেলকণিত থিয় হৈ বাট চাই ৰ’ল অনুৰাগলৈ বুলি৷অলপ দেৰিৰ পিছতে এখন ভেন আহি কোৱাৰ্টাৰৰ সন্মূখত ৰ’লহি৷ভেনৰ দুৱাৰ খুলি অনুৰাগ ওলাই আহিল৷ভেনৰ ড্ৰাইভাৰ টুকেন্দ্ৰই অনুৰাগৰ বেগটো ধৰি দিলে৷ড্ৰাইভাৰটোৰ স’তে অনুৰাগ চিৰিৰে চাৰিমহলাৰ ওপৰত থকা কোৱাৰ্টাৰটোলৈ বুলি আহি থাকিল৷

অৰুন্ধতীয়ে দুৱাৰখন খুলি দিলে৷অনুৰাগ যেন এটি মিঠা সুবাস হৈ সোমাই আহিল –অৰুন্ধতীৰ তেনে লাগিল৷টুকেন্দ্ৰই বেগ থৈ অনুৰাগ-অৰুন্ধতীৰ পৰা বিদায় লৈ গ’লগৈ৷
:খুউব ভাগৰ লাগিছে নহয়? – অৰুন্ধতীয়ে সুধিলে অনুৰাগক
অনুৰাগে অৰুন্ধতীক কাষলৈ চপাই আনি চকুত চকু থৈ ক’লে –
:তোমাৰ মুখখন দেখিলে মোৰ যত’ যিমান ভাগৰ সকলো অন্তৰ্ধান হৈ যায় সোণজনী ৷
কিয় জানো হঠাতে অৰুন্ধতীৰ অনুৰাগৰ সন্মূখত ভীষণ লাজ লাগি গ’ল;বগা মুখখনি সেন্দুৰবুলীয়া হৈ পৰিল৷লাজতে চকু নমাই আনি তাই ক’লে–
:তুমি আজৰি হোৱা, মই তোমাৰ বাবে চাহ-জলপান যোগাৰ কৰোঁ৷
অৰুন্ধতীৰ যে লাজ লাগিছে সেইকথা অনুৰাগৰ বুজিবলৈ বাকী নাথাকিল৷
:হঠাতে লাজুকীলতাজনীৰ দৰে হ’লা যে?হা: হা: হা:

হাঁহি হাঁহি অনুৰাগে অৰুন্ধতীৰ গালত চুমা এটা দি হাতত টাৱেলখন লৈ বাথৰূমত সোমাল৷

০০০০০০০০০
পূজাৰ বতৰ৷অৰুন্ধতী কাপোৰ পেকিং কৰাত ব্যস্ত৷বন্ধৰ দিনকেইটা দাৰ্জিলিঙত কটাব অৰুন্ধতী আৰু অনুৰাগে৷ড্ৰাইভাৰ টুকেন্দ্ৰক কৈ থোৱা আছে পিছদিনা পুৱা আহিবৰ বাবে৷

পিছদিনা পুৱা দহ বজাত টুকেন্দ্ৰৰ ভেনখন আহি অৰুন্ধতীৰ কোৱাৰ্টাৰৰ সন্মূখত ৰ’লহি৷লৰালৰিকৈ অনুৰাগ-অৰুন্ধতী হাতত বেগ লৈ চিৰিৰে নামি গ’ল তললৈ৷টুকেন্দ্ৰই দুয়োকে দেখি ভেনৰ দুৱাৰ খুলি দিলে৷দুয়ো ভেনৰ চিটত বহাৰপিছত ভেনখনে গতি ল’লে৷বাজি উঠিল কিশোৰ কুমাৰৰ গান — “পল পল ডিল কে পাছ তুম ৰেহতি হ’/জীৱন মিঠি প্যাস য়ে কেহতি হ’”…..এটি ধুনীয়া ৰোমান্টিক গীত,কাষত প্ৰিয়তম অনুৰাগ আৰু ৰাস্তাৰ কাষে কাষে বৈ থকা অৰুন্ধতীৰ প্ৰিয় তিস্তানদীৰ শোভা …ইয়াতকৈ ভাল লগা মুহুৰ্ত অৰুন্ধতীক আৰু কি লাগিছে!!
:এই, কি ভাবি আছা?—অনুৰাগে সুধিলে অৰুন্ধতীক
:গানটো শুনি আছোঁ, ইমান ধুনীয়া ৰোমান্টিক গান!টুকেন্দ্ৰ ভাইয়া, বৰ ধুনীয়া গান লগাইছা দেই৷
অৰুন্ধতীৰ কথা শুনি টুকেন্দ্ৰই হাঁহিলে৷অকোৱা-পকোৱা ৰাস্তা, কাষে কাষে চকু জুৰাই যোৱা সেউজীয়া বননি—অৰুন্ধতীৰ ভাল লাগে,এনেকুৱা ৰাস্তাত ৰোমাঞ্চ থকা যেন লাগে তাইৰ৷প্ৰকৃতিৰ নীৰৱতাৰ বন্দনাৰে কবিতা কবিতা লগা পৰিৱেশ!দুপৰীয়া এক বজাত অৰুন্ধতীহঁত দাৰ্জিলিং পালেগৈ৷আগৰে পৰাই বুক কৰি থোৱা হোটেল জননী ভিলাত ড্ৰাইভাৰ টুকেন্দ্ৰই অৰুন্ধতী-অনুৰাগক থৈ তেওঁ পুনৰ চিকিমলৈ উভতি গ’ল৷

অসমৰ ডিচেম্বৰ মাহৰ ঠাণ্ডা যেনেকুৱা দাৰ্জিলিঙৰ ঠাণ্ডাও তেনেকুৱাই—অৰুন্ধতীয়ে ভাবিলে৷কোঠাটোত সোমায়েই অৰুন্ধতীৰ কোঠাটোৰ চাৰিওফালে চকু গ’ল–এখন সুধবগা ডানলপৰ বিচনা,শুই শুই চাব পৰাকৈ এটা এল.চি.ডি টিভি, একাষত কাপোৰ থোৱা ৱাৰড্ৰব ইত্যাদি ইত্যাদি৷

ফ্ৰেছ হৈ অৰুন্ধতী বিচনাত আউজি বহিল, লেপখন গালৈ টানি ললে তাই৷অনুৰাগে টিভিটো অন কৰিলে৷
:ৰাগ, চাহৰ অৰ্ডাৰ দিয়াছোন, মূৰটো টিঙটিঙোৱা যেন লাগিছে৷

অৰুন্ধতীৰ কথামতে অনুৰাগে ইন্টাৰকমত চাহৰ অৰ্ডাৰ দিলে আৰু বিচনালৈ উঠি আহি অৰুন্ধতীৰ গাত গা লগাই বহিল৷অৰুন্ধতীয়ে টিভিটোলৈ মনোযোগেৰে চাই থকা দেখি অনুৰাগে অভিমানৰ সুৰত ক’লে –
:অৰু, আমি তেন্তে টিভি চাবলৈকে দাৰ্জিলিং আহিলোঁ?
অনুৰাগৰ কথাত অৰুন্ধতীয়ে হাঁহি পেলালে আৰু অনুৰাগৰ গালত টপককৈ চুমা এটা দিলে৷তেনেতে কলিং বেলটো বাজি উঠিল—
:উহ, এই মৰকেলেপটো এতিয়াহে আহিব লাগেনে? – এইবুলি কৈ অনুৰাগ উঠি গৈ দুৱাৰখন খুলি দিলে৷হোটেল বয়টোৱে টেবুলখনত চাহ দুকাপ থৈ আঁতৰি গ’ল৷

০০০০০০০০০০০
পুৱা দুই বজাতে অনুৰাগে অৰুন্ধতীক জগাই দিলে৷সিহঁতে সূৰ্যোদয় চাবৰ বাবে টাইগাৰ হিললৈ যোৱাৰ কথা ৷পুৱা দুই-তিনি বজাৰ পৰাই মানুহৰ লাইন লাগে বোলে৷অৰুন্ধতীৰ মিঠা টোপনিৰ পৰা একেবাৰে উঠিবৰ মন নাছিলেই, উপায়বিহীন হৈ শুৱাৰ পৰা উঠিল তাই৷ অনুৰাগে ফোনত আগদিনা বুক কৰা টেক্সি ড্ৰাইভাৰৰ লগত কথা পাতিলে৷
:অৰু, সোনকালে সাজু হোৱা, টেক্সি বাহিৰত ৰৈ আছে৷

দুয়ো গৈ হোটেলৰ বাহিৰত উপস্থিত হ’ল৷বাহিৰত ষ্ট্ৰীট লাইটৰ পোহৰত টুৰিষ্টৰ সমাগম দেখা পালে অৰুন্ধতী-অনুৰাগে৷লানি লানি টেক্সি৷অনুৰাগে সিহঁতৰ টেক্সি ড্ৰাইভাৰটোলৈ আকৌ ফোন লগালে৷অলপ পিছতে টেক্সি এখন আহি অনুৰাগ-অৰুন্ধতীৰ কাষত ৰ’লহি৷দুয়ো টেক্সিত বহাৰ পিছত টাইগাৰ হিললৈ বুলি টেক্সিখন আগবাঢ়িল৷ৰাস্তাত অৰুন্ধতীয়ে নিজকে অসুস্থ অনুভৱ কৰিলে, বমি বমি ভাব এটা আহি তাইৰ ডিঙিত ৰ’লহি৷
:ৰাগ, টেক্সিখন ৰাখিব কোৱা,মোৰ বমি আহিছে
লৰালৰিকৈ অনুৰাগে ড্ৰাইভাৰক টেক্সিখন ৰখাবলৈ দি অৰুন্ধতীক ধৰি বাহিৰলৈ লৈ আহিল৷বাহিৰলৈ ওলাই সলসলকৈ বমি কৰিলে তাই৷অনুৰাগে পানীৰ বটলৰ সাফৰ খুলি পানী খাব দিলে তাইক৷তাৰপিছত টেক্সিত বহি অনুৰাগৰ কান্ধত মূৰটো থৈ ক’লে —
:ৰাগ, গাটো খুব বেয়া লাগিছে৷
:অকনমান চকু মুদি দিয়া, ভাল পাবা৷
টেক্সিখন ধীৰে ধীৰে আগবাঢ়িল৷

যেতিয়া অনুৰাগ-অৰুন্ধতী টাইগাৰ হিলত গৈ উপস্থিত হ’ল তেতিয়া সূৰ্যোদয় চাবলৈ লোকে-লোকাৰণ্য হৈ পৰিছিল৷এই সূৰ্যোদয় চাবলৈ বোলে মানুহক ভাগ্য লাগিব৷ভাগ্য ভাল থাকিলেহে সূৰুযে মিচিকি হাঁহি মাৰি ওলাই আহে৷টাইগাৰ হিল পাওঁতে অৰুন্ধতীয়ে অলপ সুস্থ অনুভৱ কৰিলে আৰু দুয়ো টেক্সিৰ পৰা ওলাই সূৰ্যোদয় চাবৰ বাবে মানুহৰ ভীৰৰ মাজত সোমাই পৰিল৷অনুৰাগে কেমেৰাটো কান্ধত লৈ ল’লে৷লাহে লাহে সূৰুয ওলাবৰ হ’ল, মানুহৰ উৎকন্ঠা বাঢ়ি আহিল৷পিছে সকলোৰে আশাত চেচাঁপানী পৰিল যেতিয়া সকলোৱে আকাশত ডাৱৰ দেখিলে৷যি সৌন্দৰ্যৰে ৰূপৱান হৈ সূৰুয ওলাব লাগিছিল তেনেদৰে সূৰুয নোলাল, ডাৱৰৰ আঁৰত ঠেহ পাতিলে সূৰুযে৷তেনেকৈয়ে সকলোৱে ফটো তুলিলে ঠেহ লগা সূৰুযৰ,ফটো তুলিলে অনুৰাগেও৷অদূৰত দেখা গ’ল পৃথিৱীৰ ভিতৰতে তৃতীয় ওখ শৃংগ বৰফময় কাঞ্চনজংঘাৰ জিলিকনি!নিজ সৌন্দৰ্যৰে মূৰ্তমান হৈ কাঞ্চনজংঘাই যেন সকলো টুৰিষ্টক সুপ্ৰভাত জনালে৷কাঞ্চনজংঘাৰ সৌন্দৰ্যত সুৱগা চৰে যেতিয়া সূৰযৰ সোনালী পোহৰ আহি কাঞ্চনজংঘাৰ ওপৰত পৰে৷তেনে এক বিৰল দৃশ্য দেখাৰ পৰাও অৰুন্ধতী-অনুৰাগৰ লগতে তালৈ অহা সকলো লোক বঞ্চিত হৈ ৰ’ল৷অনুৰাগে কাঞ্চনজংঘাৰো ফটো উঠালে৷

টাইগাৰ হিলৰ পৰা উভতি আহি দুয়ো পুৱাৰ আহাৰৰ বাবে হোটেল এখনত সোমাল৷

ব্ৰেকফাষ্ট কৰি উঠি মিৰিক হ্ৰদলৈ বুলি টেক্সি আগবাঢ়িল৷ড্ৰাইভাৰে গাড়ীত ইংলিছ গান লগালে৷শুনি বেয়া নালাগিল অৰুন্ধতীৰ৷অকোৱা-পকোৱা মিহি ৰাষ্টা,পাহাৰৰ শোভা, মানুহৰ ঘৰ মাজে মাজে চাহবাগিচাৰ সেউজীয়া অপূৰ্ব সৌন্দৰ্যই অৰুন্ধতীক উন্মনা কৰি তুলিলে৷পৃথিৱীৰ ভিতৰতে আটাইতকৈ ধুনীয়া ৰাস্তা যেন লাগিল অৰুন্ধতীৰ!

হঠাতে বতৰটো গোমা কৰি আহিল৷ অৰুন্ধতীয়ে দেখিলে টেক্সিৰ সমূখৰ আইনাত এটোপাল,দুটোপাল বৰষুণৰ পানী৷কুঁৱলীময় সেমেকা ৰাস্তাৰে টেক্সিখনে গতি ল’লে৷এখন সৰু বজাৰ দেখা পালে অৰুন্ধতীহঁতে—
:এইখন মিৰিকৰ মূল বজাৰ, Mirik is a small town of untouched natural beauty! – টেক্সি ড্ৰাইভাৰজনে ক’লে৷

তেনেই সৰু বজাৰ, এটা গলিৰে টেক্সিখন গৈ থকা যেনহে লাগিল অৰুন্ধতীৰ৷মিৰিক বজাৰ পাৰ হৈ অলপ দূৰ গৈ ড্ৰাইভাৰজনে সিহঁতক পুলিচ ষ্টেচনটো দেখুৱাই দিলে৷পুলিচ ষ্টেচনটোৰ কাষেৰে অকোৱা পকোৱা ৰাষ্টাৰে টেক্সিখন গৈ থাকিল৷ৰাষ্টাত বহুতো স্কুলৰ ল’ৰা-ছোৱালী দেখি অৰুন্ধতীৰ মনটো এনেয়ে ভাল লাগি গ’ল৷প্ৰায় দুপৰীয়া এক বজাত মিৰিক হ্ৰদ পালেগৈ৷ধুনীয়া শান্ত-সৌম্য হ্ৰদটোলৈ চাই অৰুন্ধতীহঁত অভিভূত হ’ল৷হ্ৰদৰ ইটো পাৰে এখন অৰণ্য৷হ্ৰদটোৰ মাজত এখন দীঘল ব্ৰীজ৷বটিং চিষ্টেমো আছে হ্ৰদটোত৷
:ব’লা, অলপ হ্ৰদৰ পাৰত বহোঁগৈ৷—অনুৰাগে ক’লে৷
অৰুন্ধতী আৰু অনুৰাগ গৈ হ্ৰদৰ পাৰৰ বননিতে বহি ল’লে৷হ্ৰদৰ শান্ত পানীয়ে অৰুন্ধতীৰ মনতো যেন শান্তিৰ এছাটি বা ছটিয়াই গ’ল৷
:কি ভাবি আছা? – অৰুন্ধতীৰ সোঁহাতখন নিজৰ হাতৰ মুঠিত সোমোৱাই অনুৰাগে মৰমেৰে সুধিলে৷অৰুন্ধতীয়ে পানীলৈ গভীৰভাৱে চাই ধেমালিকৈ ক’লে –
:তোমাৰ কথা৷
:তোমাৰ প্ৰেমিক তোমাৰ কাষতে আছে সোনজনী, পানীলৈ নাচাই মোলৈ চোৱা৷
অনুৰাগৰ কথাত অৰুন্ধতীয়ে হাঁহি পেলালে আৰু অনুৰাগক সুধিলে—
:পৰিৱেশটো তোমাৰ কেনে লাগিছে ৰাগ?
:তুমি মোৰ কাষত থাকিলে যি কোনো পৰিবেশেই ভাল লাগে- মাছৰ বজাৰ, পাছলিৰ বজাৰ, চিনেমা হলৰ পৰা ওলাই আহোঁতে হোৱা হাই-উৰুমি সকলো পৰিবেশেই মোৰ প্ৰিয় হ’ব যদিহে তুমি মোৰ কাষত থাকা৷
: আচ্ছা! মিষ্টাৰ ৰোমান্টিক ৰাগ কোৱাছোন বাৰু,তুমি যে মোৰ কাষত ইমান ৰোমান্টিক হৈ থাকা,এনেকৈ গোটেই জীৱন ৰোমান্টিক হৈ থাকিবানে?শুনিছোঁ, সংসাৰ পুৰণি হ’লে বোলে এনেবোৰ ৰোমান্টিক বিলাস নাথাকে৷
:অৰু, আমাৰ এই মধুৰ সময়বোৰত এনেবোৰ চিন্তা মনলৈ কিয় আনা?মই বেয়া পাওঁ… অনুৰাগে মুখ ফুলালে৷অৰুন্ধতীয়ে অনুৰাগৰ নাকতে মৰম অকন কৰি ক’লে-
:হ’ব মোৰ সোণটো, ফটো উঠো ব’লা৷
অৰুন্ধতী ব্ৰীজখনৰ ফালে আগবাঢ়িল৷বহু ফটো উঠিলে দুয়োটাই৷
:বৰ ভোক লাগিছে, ব’লা হোটেল বিচাৰি যাওঁ – অনুৰাগে ক’লে৷

দুয়োজনে হোটেল এখনত দুপৰীয়াৰ ভাত সাজ খাই যাবলৈ ওলাল৷

সেইদিনা হোটেল জননী ভিলা পাওঁতে সিহঁতৰ গধূলী হ’ল৷

ৰাতি শুবৰ পৰত অনুৰাগে অৰুন্ধতীক বুকুৰ মাজলৈ চপাই আনিলে আৰু সুধিলে—
:কাইলৈ ক’ত যাম বুলি ভাবিছা?
:ক’ত যাবা? – ওলোটাই সুধিলে তাই
:ৰক গাৰ্ডেনলৈ যাম দিয়া

অৰুন্ধতীৰ অনুৰাগৰ বুকুৰ মাজত সোমাই মাকলৈ মনত পৰিল৷ঘৰৰ সৰু হোৱা বাবে বিয়াৰ আগলৈকে তাই মাকৰ লগত শুইছিল আৰু টোপনি নোযোৱালৈকে মাকে তাইক বুকুৰ উম দি শুৱাইছিল৷পুৰুষো কেতিয়াবা মাকৰ দৰেই মমতাময়ী হৈ উঠে – অৰুন্ধতীয়ে ভাবিলে৷

অনুৰাগৰ নাকৰ শব্দত তাই গম পালে অনুৰাগ টোপনি গ’ল৷তাই সন্তৰ্পনে অনুৰাগৰ বাহুবন্ধনৰ পৰা ওলাই আহিল আৰু অনুৰাগৰ মুখলৈ চালে – এটি পৱিত্ৰ শিশুৰ দৰে শুই পৰিছে অনুৰাগ৷অনুৰাগৰ কপালত চুমা এটা দি তাই টোপনি যাবলৈ চেষ্টা কৰিলে৷

পিছদিনা হোটেলতে ব্ৰেকফাষ্ট কৰি অনুৰাগহঁত ৰক-গাৰ্ডেন আৰু গংগামায়া পাৰ্ক চাবলৈ বুলি টেক্সিত বহিল৷পাহাৰীয়া অকোৱা-পকোৱা ৰাষ্টাৰে টেক্সি আগবাঢ়িল ৷অৰুন্ধতীয়ে খিৰিকীৰে দূৰৈৰ পাহাৰৰ প্ৰাকৃতিক শোভা চাই ৰ’ল৷এনে লাগিল শুকুলা ডাৱৰবোৰ যেন আকাশৰ ওপৰৰ পৰা পাহাৰলৈ নামিহে আহিছে৷পাহাৰৰ বগাখিনি ডাৱৰ নে বৰফ ধৰিব নোৱাৰিলে তাই৷ “মোহনীয়” শব্দটো যেন প্ৰতিমুহুৰ্ততে দাৰ্জিলিঙৰ আকাশ-বতাহৰ স’তে খাপ খাইহে পৰে৷অৰুন্ধতীহঁত যেতিয়া ৰক গাৰ্ডেন পালেগৈ টুৰিষ্টৰ সমাগমেৰে পৰিবেশটো গিজগিজাই আছিল৷শিলনিৰ মাজে মাজে ওপৰৰ পৰা কলকলাই বৈ অহা এটি জলপ্ৰপাত!অকোৱা-পকোৱাকৈ ওপৰলৈ উঠি যাব পৰা একোখন ব্ৰীজ৷ওপৰে-তলে মানুহেই মানুহ৷অৰুন্ধতী-অনুৰাগেও অকাই-পকাই ওপৰলৈ খোজকাঢ়ি উঠি গ’ল,বিভিন্ন প’জত ফটো উঠিলে সিহঁতে৷ৰক গাৰ্ডেনৰ প্ৰাকৃতিক শোভা সামৰি গংগামায়া পাৰ্ক চাবলৈ গ’ল অৰুন্ধতীহঁত৷গংগামায়া পাৰ্কখন বৰ দীঘল৷খোজকাঢ়ি খোজকাঢ়ি অৰুন্ধতীৰ ভাগৰ লাগিল৷বেঞ্চ এখনত বহি পৰিল তাই৷খোজকঢ়া ভাগৰ কাতি কৰি দুয়োজনে চাহ একাপ খাবৰ বাবে এখন ৰেষ্টুৰেন্টত গৈ বহিলগৈ৷অৰুন্ধতীয়ে লক্ষ্য কৰিলে—টুৰিষ্টৰ সমাগমেৰে পাৰ্কখন সজীৱ হৈ উঠিছে৷চাহ খাই অৰুন্ধতীহঁত আগবাঢ়িল৷এঠাইত নেপালী লোকনৃত্য দেখা পালে৷ অনুৰাগে লোকনৃত্যৰ ভিডিঅ’ কৰিলে৷ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি অৰুন্ধতীয়ে ফটোও উঠিলে৷পিছে পাৰ্কখন ইমানেই দীঘলীয়া আছিল যে অৰুন্ধতীহঁতে শেষ সীমা নাপালেগৈ৷আধাতে উভতি সেইদিনা গংগামায়া পাৰ্কৰ সামৰণি মাৰিলে৷পিছদিনা পুৱাই অৰুন্ধতী-অনুৰাগে “বাটাছিয়া লুপ” চাবলৈ গ’ল৷বাটাছিয়া লুপৰ মনোমোহা পৰিপাটি দৃশ্যই মোহিত কৰিলে অৰুন্ধতীক৷ইয়াত ভাৰতৰ স্বাধীনতাৰ সময়ত প্ৰাণ বিসৰ্জন দিয়া এজন গোৰ্খা সৈণিকৰ মূৰ্তি প্ৰতিস্থা কৰি থোৱা আছে৷বাটাছিয়া লুপৰ পৰা শুভ্ৰ বৰফময় কাঞ্চনজংঘাৰ দৃশ্য দেখিবলৈ পোৱা যায়৷এজন প্ৰফেশ্যনেল কেমেৰা মেনে অৰুন্ধতী-অনুৰাগক নেপালী বেশ-ভূষাৰে ফটো তুলিলে আৰু অনুৰাগৰ পৰা ঠিকনাটো লৈ ডাকযোগে ফটোকেইখন পঠিয়াই দিব বুলি ক’লে৷ “বাটাছিয়া লুপ” চাই লৰালৰিকৈ অনুৰাগ-অৰুন্ধতী নিজৰ হোটেললৈ উভতি আহিল৷

কোঠাত সোমায়েই অৰুন্ধতী কাপোৰ জপাত ব্যস্ত হৈ পৰিল৷কাপোৰ পেকিং কৰা শেষ কৰি ফ্ৰেছ হৈ অনুৰাগ-অৰুন্ধতীয়ে “জননী ভিলা”ৰ কোঠা এৰিলে আৰু হোটেলৰ ফৰ্মেলিটি খিনি শেষ কৰি দুয়ো উলাই আহিল৷বুক কৰি থোৱা টেক্সিত উঠি অনুৰাগ-অৰুন্ধতীয়ে সেইদিনা দাৰ্জিলিং এৰিলে৷ ■■

খণ্ড-৮

দাৰ্জিলিঙৰ পৰা ঘূৰি আহিয়েই অৰুন্ধতী কলেজৰ ক্লাছবোৰত ব্যস্ত হ’ব লগা হ’ল৷সেইদিনা অৰুন্ধতী কলেজলৈ যোৱাৰ পিছত অনুৰাগ কোৱাৰ্টাৰটোত অকলশৰীয়া হৈ পৰিল৷অকলশৰীয়া মুহুৰ্তকেইটা পাৰ কৰিবৰ বাবে অনুৰাগে বুকছেল্ফৰ কিতাপ খুচৰিলে৷এনেকৈ কিতাপ খুচৰি থাকোঁতে এখন ডায়েৰি অনুৰাগৰ হাতত লাগিল৷ডায়েৰি খনত কিনো আছে বুলি পাত লুটিয়ালে অনুৰাগে৷অৰুন্ধতীৰ হাতৰ আখৰ দেখি তাৰ অনুসন্ধিৎসা বাঢ়ি গ’ল৷
“এইবোৰচোন অৰুৱে লিখা কবিতা!মোৰ অৰুৱে তেন্তে কবিতাও লিখে!মোকটো তাই কোনোদিন কবিতা লিখে বুলি কোৱা নাই!!”—অনুৰাগৰ অভিমান হ’ল৷অভিমানী মনটোৰেই সি কবিতাবোৰ পঢ়ি গ’ল —
“বন্ধু,
তোমাৰ পৰা মোলৈ
এটা দীঘলীয়া বাট
স্মৃতিভ্ৰংশ মানুহৰ দৰে
তুমি পাহৰিলা
মোৰ ঠিকনা…”

“অৰুৰ জীৱনত কোনোবা ক্লজফ্ৰেণ্ড আছিল যি অৰুৰ জীৱনৰ পৰা আঁতৰি গ’ল – কবিতাটোৱে সেইটোৱে কৈছে বোধহয়”—অনুৰাগে ভাবিলে ৷
“পুৰণি চিনাকী বিষাদ
কোন সূদুৰৰ পৰা ভাঁহি অহা
বাঁহীৰ কৰুণ সুৰ যেন
বিষাদে বিষাদক আবৰা…”

“অৰুৰ মনত কিবা দুখ আছে কবিতাটোৱে সেইটোকে কৈছে নেকি!মোৰ লগত দুখ শ্বেয়াৰ নকৰে নহয়!!”—অনুৰাগে এইবাৰ অভিমানত নিজৰ মাজতে মুখ ফুলালে৷
“বুকুত জীপাল হৈ উঠে
সেউজীয়া নিয়ৰ তিতা ঘাঁহনি এডৰা..
কবিতাৰ শাৰী গুণগুণাই গুণগুণাই
এটোপাল গানৰ চকুলোৰে মই
সান্নিধ্যৰ উশাহ বিচাৰি….”

“আপোনজনৰ সান্নিধ্য বিচৰা বিষাদৰ কবিতাচোন এইয়া !!”—অনুৰাগে ভাবিলে৷
তাৰপিছত “তুমি” নামৰ এটা কবিতাত অনুৰাগৰ চকু থৰ হৈ গ’ল—
“তুমি
এপাহ ৰঙা গোলাপ
ধুমুহা-বৰষুণৰ এছাটি বতাহ
তুমি গান
চিনাকি-আপোন গান
তুমি
পুৱাৰ নিয়ৰকণা
বৰ্ণনাতীত তুমি
তুমি সাৰথি ভঙা-গঢ়াৰ
তুমি বন্ধু বুজা-নুবুজাৰ
জীৱন-মৰণে উশাহে নিশাহে
মাথোঁ তুমি,তুমি আৰু তুমি”

কবিতাটো পঢ়ি অনুৰাগৰ উশাহটো চুটি হৈ যোৱা যেন লাগিল৷অৰুৰ কোনোবা ভালপোৱা আছিল৷অৰুৰ যদি তেনে এটা অতীতেই আছিল তাই মোক কিয় আজিলৈকে কোৱা নাই!!অনুৰাগৰ কান্দিবৰ মন গ’ল৷ “নাই আৰু পঢ়িব নোৱাৰি”—ডায়েৰিখন জপাই থ’লে অনুৰাগে৷

কলেজৰ পৰা আহি অনুৰাগৰ মুখত ফুটি উঠা বিবৰ্ণ চেহেৰাই অৰুন্ধতীক চিন্তাত পেলালে৷
:তোমাৰ কিবা হৈছে নেকি ৰাগ?গা ভাল নাই নেকি?
:নাই,একো হোৱা নাই – অনুৰাগে বৰ কষ্টৰে কথাকেইটা ক’লে৷
:মিছা কথা নক’বা৷মোৰ আৰু তোমাক চিনি পাবলৈ অকনো বাকী নাই ৰাগ৷তোমাৰ সঁচাই কিবা হৈছে৷কোৱা ৰাগ,কি হৈছে তোমাৰ?

অনুৰাগে তললৈ মূৰটো কৰি অলপদেৰি মনে মনে থাকিল তাৰপিছত অৰুন্ধতীৰ ডায়েৰিখন আনি অৰুন্ধতীৰ হাতত দিলে৷
:আজি তোমাৰ কবিতা পঢ়িলোঁ৷তুমিটো কবিতা লিখা বুলিও মোক কোনোদিন কোৱা নাই!!-অনুৰাগে অভিমানেৰে কৈ উঠিল৷অৰুন্ধতীয়ে এইবাৰহে উৰহী গছৰ ওৰ ধৰিব পাৰিলে৷অৰুন্ধতীৰ হাঁহি উঠিল যদিও অনুৰাগৰ চিৰিয়াছ মুখখন দেখি হাঁহিটো সামৰি থ’লে তাই৷
:ৰাগ, কবিতা লিখোঁ বুলি তোমাক কবলৈ সময়েই বা কেতিয়া পাইছোঁ৷আৰু ডায়েৰিত লিখা এইবোৰ যে কবিতাও নহয়,মোৰ মাথোঁ অনুভৱৰ টুকুৰা৷তোমাক ক’ব লাগিব বুলিও কোনোদিন মনলৈ অহাই নাই৷আৰু ৰাগ,এইখন মোৰ পুৰণি ডায়েৰি,বিয়াৰ আগৰ৷
:বুজিছোঁ…অৰু,তুমি কাৰোবাক ভাল পাইছিলা?ডায়েৰিত “তুমি” নামৰ কবিতা এটা পঢ়িলোঁ!

অনুৰাগৰ কথা শুনি অৰুন্ধতীৰ হাঁহিমেই নে কান্দিম তেনে লাগিল৷তাই মৰমেৰে অনুৰাগক ক’লে—
:ৰাগ,তুমিয়েই মোৰ প্ৰিয়তম,মোৰ প্ৰেম মাথো তোমাৰ বাবে৷কাৰোবাক হয়তো ভাল লাগিছিল কেতিয়াবা কিন্তু সেইয়া প্ৰেম নাছিল৷ “তুমি” কবিতাটো মই কোনো বিশেষজনক লৈ লিখা নাছিলোঁ ৰাগ৷ “তুমি” শব্দটো মোৰ বাবে মাথোঁ এটি চিম্বলহে সেইয়া ফুলো হ’ব পাৰে,শিলগুটিও হ’ব পাৰে, আকাশ হ’ব পাৰে, প্ৰেৰণা হ’ব পাৰে, প্ৰেমৰ অনুভৱো হ’ব পাৰে….
:তোমাৰ কোনোবা ক্লজফ্ৰেণ্ড আছিল?বন্ধু নামৰ কবিতাটো যে লিখিছা!! – অনুৰাগে জেৰা কৰি গ’ল৷
:আছিল ৰাগ, এজনী মোৰ খুউব ভাল বান্ধৱী আছিল৷তাই মোক এদিন ভুল বুজি আঁতৰি গ’ল৷মনত বৰ দুখ পাইছিলোঁ,ক’ম বাৰু তোমাক বেলেগ এদিন৷
:আৰু যে আৰু এটা কবিতাত লিখিছা – সান্নিধ্যৰ উশাহ বিচাৰি….
:উস ৰাম!তোমাক এতিয়া সৱ কবিতাৰে ব্যাখ্যা দিব লাগিব দেখিছোঁ …সান্নিধ্যৰ উশাহ বিচাৰি মানে মই তোমাকে বিচাৰি আছিলোঁ কিন্তু তুমি মোৰ কাষত তেতিয়া নাছিলা… হ’বনে?
অনুৰাগৰ মুখলৈ উজ্জ্বলতা ঘূৰি অহা দেখি অৰুন্ধতীয়ে স্বস্তিৰ নিশ্বাস এৰিলে৷
:ৰাগ, এটা কথা কওঁ..আমাৰ সম্বন্ধৰ ভেটিটোৱেই হ’ল – প্ৰেম,বিশ্বাস আৰু বুজাবুজি..তুমি মোক সম্পূৰ্ণৰূপে বিশ্বাস কৰিব লাগিব ৰাগ৷তুমি জানানে–সন্দেহ আৰু অভিমানে সম্বন্ধৰ ভেটিলৈ শিথিলতা আনে৷
:অৰু,মোৰ সোণজনী৷মই সাহিত্যৰ মানুহ নহয়৷যি বুজি পাওঁ চিধাচিধিকৈয়েই বুজি পাওঁ৷আজিৰ পৰা মই তোমাৰ পৰা কেতিয়াও তোমাৰ কবিতাৰ ব্যাখ্যা নিবিচাৰোঁ৷এইয়া কাণত ধৰিছোঁ চোৱা৷বহুত আঘাত দিলোঁ তোমাক৷মোক ক্ষমা কৰিবা৷—অনুৰাগে কাণদুখনত ধৰিয়েই ক’লে৷
হঠাতে অৰুন্ধতীৰ জোৰকৈ হাঁহি উঠি গ’ল৷হাঁহি হাঁহি তাই ডায়েৰিখনৰ পাত এখিলা মেলি ল’লে আৰু অনুৰাগক কাষলৈ মাতিলে৷অনুৰাগে অৰুন্ধতীৰ কোলাত মূৰটো থ’লে আৰু ক’লে-
:কি পঢ়ি শুনাবা,শুনুৱা
:“তুমি”ৰ বিষয়ে পঢ়ি শুনাম,শুনা—
“নাজানো,বন্ধুৰ দৰে তুমিচোন মোৰ নিচেই কাষত আহি থিয় হোৱা৷এই যে তুমি, “তুমি” বাৰু কোন?তুমি নিসংগতা,তুমি কবিতা অথবা তুমিয়েই মই?তুমি অশৰীৰি সত্তা যাৰ লগত মোৰ খুবেই অন্তৰংগতা৷তুমি মোৰ গাৰ ছাঁটোৰ দৰে৷তুমিয়েই জীৱন৷
মনটো যেতিয়া দুখেৰে ভৰি পৰে তুমি নিটোল কবিতাৰ দৰে মোৰ আগত থিয় হোৱা৷জীৱনৰ কথা ভাবিলে তুমি মোৰ কাষত থাকা,প্ৰেমত পৰিলে তুমি মোৰ বুকুৰ মাজত সুহুৰি বজাই ঘূৰি ফুৰা৷ তুমি অশৰীৰি মোৰ আজীৱন আত্মীয়৷মোৰ যিদিনা মৃত্যু হ’ব তুমিও সেইদিনা মোৰ লগতে মাটিত শুই পৰিবা৷আত্মাৰ স’তে তুমি মিলি পৰিবা৷তুমি মোৰ বাবে ঈশ্বৰৰ উপহাৰ”
কথাখিনি পঢ়ি অৰুন্ধতীয়ে অনুৰাগলৈ চালে৷অনুৰাগ তেতিয়া টোপনিত…..
০০০০০০০
চিকিমৰ চৈধ্যদিনীয়া অফ ডিউটি সামৰি অনুৰাগ কৰ্মস্থলীলৈ যাব ওলাল৷অনুৰাগৰ সান্নিধ্যৰে মন-প্ৰাণ ভৰি থকা অৰুন্ধতীৰ মনটো জঁই পৰি যোৱা ফুল পাহিৰ দৰে হৈ পৰিল৷এটি বিষাদভৰা মনলৈ টোকেন্দ্ৰৰ ভেনখনতে অনুৰাগক অসম অভিমুখী ট্ৰেইনত উঠাই দিবৰ বাবে অৰুন্ধতীও ওলাল৷বহু দেৰি অৰুন্ধতী অনুৰাগৰ বুকুৰ মাজত সোমাই থাকিল, টোকেন্দ্ৰই বজোৱা কলিং বেলৰ শব্দতহে তাই অনুৰাগৰ বুকুৰ পৰা ওলাই আহিল৷ ড্ৰাইভাৰ টোকেন্দ্ৰই অনুৰাগৰ বেগটো লৈ চিৰিৰে তললৈ নামি গ’ল আৰু অনুৰাগ-অৰুন্ধতীও তাৰ পিছে পিছে তললৈ নামি গ’ল৷

দুঘন্টামানৰ পিছতে অনুৰাগহঁত নিউ-জলফাইগুৰি ট্ৰেইন ষ্টেচন পালেগৈ৷ষ্টেচনৰ ভিতৰতে থকা ৰেষ্টুৰেন্টএখনত তিনিও কফি খালে৷ট্ৰেইন এৰিবৰ হ’লত অনুৰাগে অৰুন্ধতীক জোৰকৈ চুমা এটা দি ডবাত উঠিল৷এজন পুলিচে সিহঁতৰ ফাললৈ চাই মিচিক-মাচাক কৈ হাঁহি থকা অৰুন্ধতীৰ চকুত পৰিল৷ট্ৰেইনখনে গতি ল’লে,ট্ৰেইনখনৰ স’তে অনুৰাগো অৰুন্ধতীৰ পৰা শাৰীৰিকভাৱে দূৰলৈ গৈ থাকিল কিন্তু অনুৰাগৰ মৰম-সুবাস অৰুন্ধতীৰ বাহিৰে-ভিতৰে বৈ থাকিল৷চলমান ট্ৰেইনখনলৈ চাই তাই ভাবিলে – জনমে জনমে তাই মাথোঁ অনুৰাগৰ, অনুৰাগৰ আৰু অনুৰাগৰ৷

এটি ভাগৰুৱা অৱস দেহাৰে অৰুন্ধতী নিজৰ কোৱাৰ্টাৰ পালেহি৷কিবা এক শূন্যতাই চুই গ’ল তাইক৷কাপোৰ-কানি সলাই ফ্ৰেছ হৈ ল’লে তাই৷পাৰ্ট টাইম কাম কৰা ছোৱালী পুষ্পা আহিল৷ পুষ্পাক চাহ বনাবলৈ কৈ তাই বিচনাত পৰি প্ৰাপ্তিৰ ডায়েৰিখন লৈ এনেয়ে চকু ফুৰালে৷

হঠাতে কলিং বেলটো বাজি উঠিল৷পুষ্পাই দুৱাৰ খুলি দিলে৷অৰুন্ধতীৰ কলিগ অমৃতা সোমাই আহিল৷প্ৰাপ্তিয়ে ডায়েৰিখন টেবুলত থৈ শোৱা কোঠাৰ পৰা ড্ৰয়িং ৰূম পালেহি৷
:কি কৰি আছিলা ?—অমৃতাই সুধিলে অৰুন্ধতীক
:এনেয়ে বিচনাত পৰি আছিলো, আজি অনুৰাগ গ’লগৈ নহয়৷—অৰুন্ধতীয়ে ক’লে৷
:আচ্ছা,সেইকাৰণে মন বেয়া নহয়?—অমৃতাই হাঁহি সুধিলে

অমৃতাৰ কথাত অৰুন্ধতীয়ে মাথোঁ হাঁহিলে৷
:আজি গধূলি মোৰ ঘৰত চাহৰ পাৰ্টি দিছোঁ, আহিবা –অমৃতাই ক’লে
:কিয়, কিবা স্পেচিয়েল আছে নেকি?
:নাই, নাই এনেয়ে, আমি গোটেই কেইগৰাকী লেডিজ বহুদিন লগ হোৱা নাই যে, সেইকাৰণে গেট-টুগেদাৰ ৰাখিছোঁ
:ঠিক আছে, যাম বাৰু – অৰুন্ধতীয়ে নিমন্ত্ৰণটো পাই ভালেই পালে, অন্তত: অনুৰাগৰ অনুপস্থিতিয়ে মনলৈ অনা বিষাদখিনি অকনমান পাতলাই ৰাখিব পাৰিব৷

পুষ্পাই দুয়োলৈকে চাহ আনি চেন্টাৰ টেবুলত থ’লেহি৷চাহ খাই দুই এটা কথা পাতি অমৃতা গ’লগৈ৷পুষ্পাও সেইদিনাৰ কাম সামৰি বিদায় ল’লে৷

অৰুন্ধতীয়ে প্ৰাপ্তিৰ ডায়েৰিখনৰ কেইটামান পৃষ্ঠা পঢ়িবলৈ বুলি মেলি ল’লে—–

বিৰিণাই এনেকৈ ক’ব পাৰে বুলি মই সপোনতো ভবা নাছিলোঁ৷বিৰিণা আৰু মই এটা মাহৰ “মেছ চেক্ৰেটেৰী” হৈছিলোঁ৷আমি মেছৰ বজাৰ কৰিবলৈ গ’লে বজাৰ কৰি উঠি চাহ-মিঠাই খাইছিলোঁ মেছৰ টকাৰেই৷মেছ চেক্ৰেটেৰীৰ সেই সুবিধাকণ আছে বুলিয়েই মই ভাবিছিলোঁ সেয়ে সমজুৱা টকাৰে চাহ-মিঠাই খাই মোৰ বিশেষ অপৰাধবোধ হোৱা নাছিল কিন্তু তাই মোক এদিন ক’লে –
“প্ৰাপ্তি, মেছৰ টকাৰে ঘৰৰ মানুহৰ বাবে কাপোৰৰ বজাৰ কৰোঁ ব’লা৷”
বিৰিণাৰ কথাত মোৰ চকু কঁপালত উঠিল,মই প্ৰতিবাদ কৰিলোঁ—
“কৃষ্ণ প্ৰভু, এনে কথা মোৰ আগত নক’বা”
“প্ৰাপ্তি,তুমি তেনেই আকৰীজনীয়েই হৈ আছা৷তুমি নাজানা, কিমান ছোৱালীয়ে মেছৰ টকা মাৰি মাকলৈ শাৰী,ভনীয়েকলৈ চুৰিডাৰ পিচ লৈ যায়!”
বিৰিণাৰ কথাত মোৰ খং উঠি আহিল,মই ক’লো—
“মই তেনে নিকৃষ্ট কাম কৰিব নোৱাৰোঁ!!”
খঙতে বিৰিণাক বজাৰৰ মাজতে এৰি মই হোষ্টেললৈ উভতি আহিলোঁ৷প্ৰিয়াহঁতক বিৰিণাই মোক কোৱা কথাখিনি ক’লোহি ৷প্ৰিয়াই মোক ক’লে—
“জানানে, তাই তোমাৰ বিষয়ে বহুত কিবাকিবি কৈ থৈছে,তুমি বেয়া পাবা বুলি ইমানদিনে কোৱা নাছিলোঁ—তুমি বোলে মেছৰ বজাৰ কৰিবলৈ গ’লে অনবৰতে মেছৰ টকাৰে খাওঁ খাওঁ কৰি থাকা”
বিৰিণাই মোৰ বিষয়ে ইমান বেয়াকৈ লগোৱা শুনি মনটো দুখেৰে ভৰি পৰিল৷যেন তেন মেছৰ বাকী দিনবোৰ পাৰ হ’বলৈ দিলোঁ মই৷বিৰিণাৰ লগত মাত-বোলো বন্ধ কৰিলোঁ মই৷মোৰ এনে আচৰণত এদিন বিৰিণাই মোৰ ওচৰত ক্ষমা খুজিলে –মই বিৰিণাক ক্ষমা কৰি দিলোঁ আৰু হৃদয়ত লগা আঘাতখিনি পাহৰিবলৈ চেষ্টা কৰিলোঁ৷

মোৰ হোষ্টেল জীৱনত বিৰিণাকেই আটাইতকৈ আচৰিত যেন লাগে৷

সিদিনা বিৰিণাই ফোনত কাৰোবাক কৈ থকা শুনিলোঁ – “আজিৰ পৰা তোমাৰ স’তে মোৰ সম্বন্ধ শেষ, মোলৈ আৰু ফোন নকৰিবা৷” কৰিডৰত লগ পাই মই বিৰিণাক সুধিলোঁ – “তই কাক ইমান দম দিলি অ’ বিৰিণা?” বিৰিণাই হাঁহি হাঁহি ক’লে – “প্ৰাঞ্জলক..তাক সলাবৰ হ’ল আৰু বুজিছ’?ব’ৰ লাগিছে মানুহটো মোৰ”!বিৰিণাৰ কথাত বিশেষ আচৰিত নহ’লো মই৷সকলোৱে জানে, তাই এনেকুৱাই৷দিল্লীত চাকৰি কৰি থকা প্ৰাঞ্জল দা লৈহে বেয়া লাগিল!বেচেৰা প্ৰাঞ্জল দা, অলপ দিনৰ আগতে বিৰিণালৈ চুৰিদাৰ পিচ, টেডি বিয়েৰ পঠাইছিলহে!

বিৰিণা বাৰু কিয় এনেকুৱা? সপোন ভাঙি ভাল পায়!!

০০০০০০০০০০০

কলেজৰ ক্লাছবোৰ পুৰাদমে হৈছিল৷ তৃতীয় বৰ্ষ হোৱাৰ বাবে আমি পঢ়াত আগতকৈ বেছি গুৰুত্ব দিব লগা হৈছিল৷কলেজৰ শিক্ষাগুৰুসকলে লোৱা ক্লাছবোৰলৈ আজিও ৰিণি ৰিণি মনত পৰে৷চেমিনাৰৰ বাবে প্ৰস্তুতি হোৱা দিনবোৰ, লেবৰ ভাইভাৰ সময়কণ – কি যে ভয় লগা সময় আছিল সেইয়া!লেবৰ ভাইভা শেষ হ’লে সাগৰ সাঁতুৰি পাৰ হোৱা যেন লাগিছিল মোৰ!

হোষ্টেললৈ নতুন ছোৱালী আহিছিল৷এজনী মৰম লগা পৰীৰ দৰে ভন্টী এজনীও আমাৰ ৰূমমেট হৈছিল৷আমাৰ সময়ৰ ৰেগিংবোৰ নাইকীয়া হৈছিলগৈ৷নৱাগতা সকলৰ পৰিচয় পৰ্বতে সকলো সামৰনি পৰিছিল৷হোষ্টেলৰ চিনিয়ৰ আৱাসী হিচাপে নতুনকৈ অহা ল’ৰা-ছোৱালীবোৰক কেচুৱা কেচুৱা লাগিছিল মোৰ৷মনত পৰিছিল জয়া বাইদেউহঁতলৈ৷ জয়া বাইদেৱে যে আজিও মোক ফোনত “কিড” বুলিয়েই মাতে৷

বৃত্তৰ দৰে ঘূৰি আছিল জীৱন!এই জীৱনৰ মাজতে ঘটি যোৱা দুই এক ঘটনাই হোষ্টেলীয়া জীৱনৰ অভিজ্ঞতাৰ ভঁৰাল চহকী কৰিছিল৷

সেইদিনা নাজমা বাইদেউক সকলোৱে ঘেৰি আছিল আৰু তেওঁলৈ প্ৰশ্নবান নিক্ষেপ কৰা হৈছিল—
“আপুনি চুৰ কৰিছে বুলি স্বীকাৰ কৰিব লাগিব!!”
নাজমা বাৰ উত্তৰ—
“মই চুৰ নকৰিলে কেনেকৈ স্বীকাৰ কৰিম?মোক চোৰ সজোৱা হৈছে!!”
“নহয় আপুনিয়েই চুৰ কৰিছে”
“নাই কৰা”
—এনেকৈ এঘন্টা পাৰ হ’ল তথাপি নাজমা বাই স্বীকাৰ নকৰিলে তাই চুৰ কৰিছে বুলি!!

আচলতে সেইদিনা নাজমা বাৰ ৰূমমেট আৰ্চীৰ আঠহাজাৰ টকা হেৰাইছিল৷কথাটো গধূলি প্ৰাৰ্থনা কৰা সময়ত সকলোকে জনোৱাত সকলো কোঠাৰে ভি.আই.পিৰ তালাচী চলোৱাৰ সিদ্ধান্ত লোৱা হৈছিল৷যেতিয়া নাজমা বাৰ ভি.আই.পি খোলাৰ পাল আহিল তেতিয়া নাজমা বাই তাইৰ ভি.আই.পিৰ ছাবি বয়ফ্ৰেণ্ডৰ হাততহে থাকে বুলি জনালে৷শেষত হোষ্টেলৰ ছোৱালীবোৰে ভি.আই.পিৰ বেলেগ বেলেগ ছাবি লৈ খুলিবলৈ চেষ্টা কৰোঁতে ভি.আই.পিটো খোল খাই গ’ল আৰু আৰ্চীৰ আঠহাজাৰ টকাখিনি ওলাই পৰাৰ উপৰিও আনগৰাকী ৰূমমেটে পিন্ধা কেইযোৰমান চুৰিডাৰ পিচো ওলাল৷নাজমা বাই তেনেকৈ ধৰা পৰি যোৱাত তাই সজোৰে প্ৰতিবাদ কৰিলে যে তাইক চোৰ সজোৱা হৈছে – এইবোৰ সকলো ৰূমমেট সকলৰ ফন্দি৷কোনোপধ্যে নিজে কৰিছোঁ বুলি তাই স্বীকাৰ নকৰিলে৷

আচলতে নাজমা বাৰ যে চোৰ স্বভাৱ আছে সেইটো হোষ্টেলত “অপেন চিক্ৰেট” আছিল৷নাজমা বাই কেৱল এইবোৰেই চুৰ কৰা নাছিল, ইটো সিটো ৰূমৰ পৰা কফি কাপ, ফণি, পাউডাৰ আদিও চুৰ কৰিছিল৷পিছত সকলোৱে বুজি পাইছিল যে নাজমা বাৰ এই চোৰ স্বভাৱটো মানসিক সমস্যাৰ অন্তৰ্গত যাক ডাক্তৰী ভাষাত ক্লেপট’মেনিয়া বুলি কোৱা হয়৷

০০০০০০০০০০০০০০০০০

“ভেলেন্টাইন ডে”ৰ দিনা মই নিবিড়ৰ পৰা এখন চিঠি পাইছিলোঁ৷মই চিঠিখন প্ৰিয়াৰ যোগেৰে পাইছিলোঁ৷ এইবাৰ এইকথা জনাবলৈ মোৰ মৰমৰ জয়া বাইদেউ নাছিল৷প্ৰিয়াই মোক নিবিড়ৰ পক্ষত কৈছিল আৰু চিঠিখন পঢ়ি চাবলৈ অনুৰোধ কৰিছিল৷

মই ভয়ে ভয়ে কৌতুহলেৰে মেলি চাইছিলোঁ চিঠিখন৷চিঠিখন খুলি চায়েই অবাক হৈ ৰৈ গৈছিলোঁ মই!ইমান সুন্দৰ আখৰ!!যেন মুকুতা-মণি!!তাৰ চকু দুটাৰ দৰেই ধুনীয়া তাৰ আখৰবোৰো!কি লিখিছিল নিবিড়ে? ভালপোৱাৰ কথা!!এৰা, ভালপোৱাৰ কথাই লিখিছিল সি!চিঠিখন পঢ়ি সেইদিনা ৰাতি মই জোনৰ জোনাকলৈ চাই ৰৈছিলোঁ৷মনৰ চেতাৰখন যেন বাজিছিল!এক স্নিগ্ধ কোমল সুবাসে চুই গৈছিল মোক!

মই ভাবি ৰৈছিলোঁ –মানুহ এনেকৈয়ে প্ৰেমত পৰে নেকি? মোৰ সপোনৰ ৰাজকুমাৰ এইজনেই নে যাক মই বছৰ ধৰি মনৰ গহণত লুকুৱাই ৰাখিছোঁ?এইজনেই নে সেইজন পুৰুষ যাৰ স’তে মই বিয়াত বহিম!!

সেইদিনা এটি উজাগৰী ৰাতি পাৰ কৰিছিলোঁ মই!কিমান যে কথা ভবা নাছিলোঁ!জীৱনৰ কথা!! নিবিড়ৰ কথা!!

০০০০০০০০০০০০০
পিছদিনা দেওবাৰ আছিল৷নিবিড় আহিছিল মোক লগ কৰিবলৈ৷গেইটৰ মুখতে ৰৈ আছিল সি!মই প্ৰিয়াক লৈ তাৰ ওচৰলৈ গৈছিলোঁ৷কিবা এক লাজত ৰঙা-চিঙা পৰিছিলোঁ মই৷প্ৰিয়াই বাহানা উলিয়াই নিবিড়ৰ লগত কথা পাতিবলৈ মোক সুবিধা কৰি দিছিল৷সি মোক সুধিছিল –
:কালি চিঠিখন পাই তুমি কিবা ভাবিলানে?
মই কৈছিলোঁ—
:মই মা-দেউতাৰ সমৰ্থনতহে বিয়া সোমাম৷মা-দেউতাৰ পছন্দক মই অগ্ৰাধিকাৰ দিম৷মা-দেউতাৰ সিদ্ধান্তই মোৰো সিদ্ধান্ত হ’ব৷
:অ’কে, মই তোমাৰ মনৰ কথা জানিলোঁ৷তথাপি কওঁ-তুমি মোৰেই কইনা হ’বা মানে মই তোমাকেই বিয়া পাতিম – নিবিড়ে কৈছিল
:মই মৌন হৈ আছিলোঁ

নিবিড়ে মোৰ পৰা বিদায় লৈ গুছি গৈছিল কিন্তু এৰি থৈ গৈছিল যেন সুবাসিত সময়!!প্ৰিয়াই আহি মোক জোৰকৈ চিকুটি দিয়াত হে সম্বিত ঘূৰাই পাইছিলোঁ৷
:ব’ল, এতিয়া গা ধুব লাগে
প্ৰিয়াই মোক টানি নিয়াদি হোষ্টেললৈ লৈ গৈছিল আৰু মণিমালাহঁতক চিঞৰি মাতিছিল,তাৰপিছত মোৰ ওপৰত বাল্টিয়ে বাল্টিয়ে পানী ঢালিছিল সিহঁতে ফূৰ্তিতে!!মই চিঞৰিছিলোঁ—মই এতিয়াও নিবিড়ক “য়েছ” বুলি কোৱা নাই, কিন্তু সিহঁতে মোৰ কথা নুশুনিলে!!নিবিড়ৰ নামত জুৰুলি-জুপুৰিকৈ গা ধুব লগা হৈছিল মই!!
০০০০০০০০০০০০০০
কলেজীয়া জীৱনত কোনোদিন প্ৰেমত নপৰোঁ বুলি ভবা মই প্ৰাপ্তিয়ে নিবিড়ৰ প্ৰেমত পৰিছিলোঁ৷নিবিড়ে মোলৈ লেণ্ডলাইনত ফোন কৰিছিল৷সদায় ফোন কৰাৰ শেষত সি মোক কৈছিল –“এক মিনিট ৰ’বা”, মই ৰৈছিলোঁ, সি মাথোঁ হাঁহিছিল আৰু ফোনটো কাটি দিছিল৷

সি বাৰু কিয় কয় “এক মিনিট ৰ’বা”, মই ভাবি পোৱা নাছিলোঁ৷

সি মোক এদিন তথাকথিত “ডেটিঙ”ত লগ ধৰিছিল৷সেইদিনা মই ডেটিঙত যাবলৈ ৰেডি হ’বলৈ লৈ নাৰ্ভাছ কৰিছিলোঁ৷কলগেটেৰে নিজৰ দাঁতকেইটা কিমানবাৰ যে মজা নাছিলোঁ এনেয়ে, কমলা ৰঙৰ চুৰিডাৰযোৰ পিন্ধি আইনাৰ আগত ৰৈছিলোঁ বহুত সময়, ভাবিছিলোঁ বাৰে বাৰে–“মোক বাৰু ধুনীয়া দেখাইছেনে?”

নিবিড়ে আকাশ নীলা ছাৰ্ট এটা পিন্ধিছিল৷পাৰ্ফিউমৰ মৃদু গোন্ধ এটা আহি নাকত লাগিছিলহি মোৰ!
: “ক’ত যাবা?” – নিবিড়ে সুধিছিল মোক
: “তুমি যলৈকে নিয়া তালৈকে যাম”
মোৰ কথা শুনি সি হাঁহিছিল৷

সেইদিনা আমি উডলেণ্ড গৈছিলোঁ……..

এনেকৈয়ে মাজে মাজে নিবিড় আৰু মই ফুৰিছিলোঁ৷প্ৰায়ে গধূলি “লেইক”ৰ পাৰত বহিছিলোঁ৷নিবিড়ৰ নিবিড় সান্নিধ্যৰে উন্মনা হৈছিলোঁ মই৷এৰা, দেউতাৰ পিছতেই নিবিড়েই যেন হৈ পৰিছিল মোৰ প্ৰিয় পুৰুষ৷

হোষ্টেললৈ আহি পঢ়া টেবুলত বহি মাজে মাজে নিবিড়ৰ কথাই ভাবি ৰৈছিলোঁ৷নিবিড়ে সিহঁতৰ হোষ্টেলৰ কাহিনী কৈ মোক হহুঁৱাইছিল৷এদিন সি তাৰ লগৰ ধৰ্মজিতৰ কথা কৈছিল৷ ধৰ্মজিতে এইখন কলেজলৈ পঢ়িবলৈ অহাৰ আগতে এজনী ছোৱালীক টিউচন কৰিছিল৷ লাহে লাহে সি সেই ছোৱালীজনীৰ প্ৰেমত পৰিল আৰু ছোৱালীজনীও তাৰ প্ৰেমত পৰিল৷কলেজলৈ পঢ়িবলৈ অহাৰ পিছত সি নিয়মীয়াকৈ দুখন চিঠি লিখা কৰিলে – এখন তাৰ প্ৰেয়সীলৈ আৰু এখন ছোৱালীজনীৰ মাকলৈ৷এদিন ভুলবশত: তাৰ প্ৰেয়সীৰ চিঠিখন প্ৰেয়সীৰ মাকলৈ দিয়া চিঠিখনৰ খামত সোমাল য’ত সি তাৰ প্ৰেয়সীক “দেহা” বুলি সম্বোধন কৰিছিল৷প্ৰেয়সীৰ মাকে তাৰ চিঠিখন পাই ধৰ্মজিতৰ প্ৰেম বাহিৰ কৰিলে৷

এবাৰ এজনী অচিন ছোৱালী আহি তাৰ বন্ধু বিকাশক ভাল পাওঁ বুলি কৈ বিকাশৰ কোঠাত গোটেই দিনটো বহি ৰৈছিল আৰু সেইদিনা বিকাশ পলাই আছিল ছোৱালী জনীৰ পৰা৷পিছত হোষ্টেল চুপাৰে বুজাই বঢ়াই ছোৱালীজনীক হোষ্টেলৰ পৰা পঠাব লগা হৈছিল৷ ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments