ৰূপোৱালী মেঘৰ ছায়া – মৌচুমী বৰি

“মোক তোমাৰ মবাইল ফোনটো দিয়া”— অৰুন্ধতীয়ে তাইৰ ছাত্ৰ সৌৰিণৰ ফালে চাই ক’লে৷
“ছৰি মে’ম”
“মই কৈছোঁ, মোক তোমাৰ মবাইল ফোনটো দিয়া! ” অৰুন্ধতীয়ে যিমান পাৰি কঠিন সুৰত কৈ উঠিল৷
অৰুন্ধতীৰ মাতত শ্ৰেণীকোঠাটো কাঁহ পৰি জীণ গ’ল৷ সৌৰিণে তললৈ মূৰ কৰি ফোনটো অৰুন্ধতীৰ হাতত দিলে৷ তাই ফোন আৰু ৰেজিষ্টাৰ বহীখন লৈ অসন্তুষ্টিৰে শ্ৰেণীকোঠাৰ পৰা ওলাই আহিল৷

চেম্বাৰত সোমাওঁতেই কলিগ শ্বেতাই অৰুন্ধতীৰ মুখলৈ চাই কৈ উঠিল —
ঃ কি হ’ল! তোক নৰমেল দেখা নাই?
আচলতে সৌৰিণৰ কাণ্ডই তাইৰ মুডটো অফ কৰি দিলে! ইমান সাহস তাৰ—ক্লাছ কৰোঁতে ভিডিঅ’ কৰিবলৈ! তাই শ্বেতাক ফোনটো দেখুৱাই সকলো কথা ক’লে৷ অৱশেষত দুয়োজনীয়ে আলোচনা কৰি কথাটো ডিপাৰ্টমেণ্টৰ হেডক জনাবৰ বাবে হেডৰ চেম্বাৰলৈ গ’ল৷ হেডে দুইজনীকে দেখি বহিবলৈ দিলে৷ অৰুন্ধতীয়ে হেডক সৌৰিণৰ কথাটো জনালে৷
ঃছাৰ, অকল মোৰ ক্ষেত্ৰতে নহয়, বেলেগ ডিপাৰ্টমেণ্টতো ছাত্ৰই ভিডিঅ কৰি ধৰা পৰিছে৷ মই ভাবো ছাত্ৰ-ছাত্ৰীয়ে ক্লাছৰূমলৈ ফোন অনা বন্ধ কৰাই দিব লাগে আৰু ইয়াৰ বাবে বিহিত ব্যৱস্থা ল’ব লাগে৷
ঃফোনটো মোক দিয়া, মই সৌৰিণৰ লগত কথা পাতিম আৰু ডাইৰেক্টৰ ছাৰৰ স’তেও এই বিষয়ে কথা হ’ম৷
অৰুন্ধতী আৰু শ্বেতাই হেডক সৌৰিণৰ ফোনটো দি ধন্যবাদ জনাই চেম্বাৰৰ পৰা ওলাই আহিল৷

ঃঅ’ তোৰ ফোন বাজি আছিল বহু সময় ধৰি, ফোনটো বেগৰ ভিতৰত থকাৰ কাৰণে মই ৰিচিভ কৰা নাই – শ্বেতাই ক’লে৷
অৰুন্ধতীয়ে বেগৰ চেইন খুলি ফোনটো উলিয়াই আনিলে৷ ফোনৰ নাম্বাৰটোলৈ চাই তাইৰ মুখখন আনন্দত উজ্জ্বল হৈ পৰিল! প্ৰাপ্তিৰ ফোন; প্ৰাপ্তি অৰুন্ধতীৰ শৈশৱৰ বান্ধৱী৷ সুখ-দুখৰ লগৰী প্ৰাপ্তি৷ সময়েও ম্লান কৰিব নোৱাৰাকৈ আজিও সঁচা বন্ধুত্বৰ ডোলেৰে বান্ধ খাই আছে দুয়ো!

প্ৰাপ্তি থাকে শিলিগুৰিত৷ তাই শিলিগুৰিৰ অভিযান্ত্ৰিক মহাবিদ্যালয় এখনৰ সহকাৰী অধ্যাপিকা পদত কাম কৰি আছে৷ অৰুন্ধতীও চিকিমৰ মাজিতাৰত অৱস্থিত “চিকিম মানিপাল ইন্সটিটিউটৰ” ইলেক্ট্ৰিকেল বিভাগৰ সহকাৰী অধ্যাপিকা৷

ঃ ব’ল কেণ্টিনত চাহ খাব যাওঁ, হামি আহি আছে বুজিছ’ — শ্বেতাই ক’লে৷
ঃ ৰ’ মই ফোনটো কৰি লওঁ

অৰুন্ধতীয়ে প্ৰাপ্তিৰ লগত ফোনত কথা পাতি শেষ হোৱাৰ পিছত শ্বেতা আৰু তাই “ৰুফ টক”লৈ বুলি আগবাঢ়িল৷ ইন্সটিটিউটৰ চাদৰ ওপৰত থকা কেণ্টিনখনক অৰুন্ধতীহঁতে “ৰুফ টক” নাম দিছে৷ দুয়োজনীয়ে সিহঁতৰে কলিগ অমিতক কেণ্টিনত চাহখাই থকা দেখি তেওঁৰ ওচৰতে বহি ল’লেহি৷ অমিতে সিহঁত দুজনীক দেখি হাঁহি হাঁহি ক’লে – “বুঢ়াই আকৌ চেমিনাৰ পাতিছে, গম পায় আপোনালোকে? ”
বুঢ়া মানে অমিতে ডিপাৰ্টমেণ্টৰ হেডক উদ্দেশ্যি ক’লে৷
ঃ “নাপাওঁ, আপুনি কেনেকৈ গ’ম পালে? ”—অৰুন্ধতীয়ে সুধিলে৷
ঃআজি কৰিডৰত মোক লগ পাই কথাটো ক’লে৷ ফেকাল্টিৰ মাজত চেমিনাৰ পাতি থাকিলেহে টিচিং স্কিল উন্নত হ’ব, সেই বুলি ক’লে বুঢ়াই
ঃ এই বয়সত বাৰু বাৰে বাৰে ষ্টুডেণ্টৰ দৰে চেমিনাৰ দি থাকিব পাৰি নেকি! – শ্বেতাই বিৰক্তিৰে কৈ উঠিল৷
ঃ আমি সকলোৱে মিলি চাৰক চেমিনাৰ নাপাতিবলৈ অনুৰোধ কৰিব লাগিব – অৰুন্ধতীয়ে ক’লে৷
কেণ্টিনৰ মোহনে শ্বেতা আৰু অৰুন্ধতীক চাহ আৰু ব্ৰেড পকৰা দি থৈ গ’ল৷
ঃ কাইলৈ দেওবাৰ৷ মেডামহঁতৰ পিছে কি প্ল্যেন বা! –অমিতে সুধিলে
ঃমই কাইলৈ গেংটক যাম, অলপ বজাৰ কৰিব লগা আছে, অৰু যাবি নেকি? –শ্বেতাই সুধিলে অৰুন্ধতীক
ঃনাই অ’, কাইলৈ শিলিগুৰিত থকা মোৰ বান্ধৱী প্ৰাপ্তি আহিব৷ মোৰো বজাৰ আছিল, পিছে যাব নোৱাৰিম৷

০০০০০০০০০০

দেওবাৰৰ দিনটো অৰুন্ধতীৰ বৰ প্ৰিয়৷ গোটেই সপ্তাহটোত থকাৰ দৰে পুৱাৰ খদম দমখিনি সেইদিনা নাথাকে৷ অনুৰাগেও তাইক সেইদিনা দেৰিকৈ ফোন কৰি শোৱাৰ পৰা উঠাই দিয়ে, তাৰপিছত তাই আৰামত ব্ৰেকফাষ্ট কৰে আৰু টিভিত প্ৰগেম চাই৷ অৰুন্ধতীৰ স্বামী অনুৰাগ থাকে অসমত৷ অ.এন.জি.চিৰ ড্ৰিলিং বিভাগৰ অভিযন্তা অনুৰাগ, চৈধ্য দিনীয়া অন-অফ কৰে অনুৰাগে অৰ্থাৎ চৈধ্য দিন সংসাৰ আৰু চৈধ্য দিন চাকৰি৷ দুবছৰীয়া বিবাহিত জীৱনৰ ৰোমাণ্টিকতাখিনি এতিয়াও ৰজনীগন্ধাৰ সুবাসৰ দৰেই বিয়পি আছে দুয়োৰে মাজত৷ সদায় পুৱা অনুৰাগে অৰুন্ধতীক শোৱাৰ পৰা জগাই দিয়া নিয়ম, এই নিয়ম অনুৰাগে নিজেই সৃষ্টি কৰি লৈছে — অৰুন্ধতীৰ পুৱাৰ দুচকু মেল খাব লাগিব অনুৰাগৰ উমাল মৰমৰ স্পৰ্শৰে আৰু সেই নিয়মৰ কেতিয়াবা ব্যতিক্ৰম হ’লেই সৰু ল’ৰাৰ দৰে অনুৰাগে ওফোন্দ পাতে৷ ভাল লাগে অৰুন্ধতীৰ! অনুৰাগৰ মৰমখিনি হৃদয়ভৰাই অনুভৱ কৰে তাই৷ অৰুন্ধতীৰ মনত আছে – বিয়াৰ পিছত অনুৰাগে অৰুন্ধতীক কৈছিল –“তোমাক মই বিন্দুমাত্ৰ আনৰ হ’ব নিদিওঁ, তুমি মোৰ মোৰ আৰু মোৰ”৷ সেইকথা মনত পৰিলে মাজে মাজে ভয় হয় অৰুন্ধতীৰ – অত্যধিক মৰমে অনুৰাগক অভিমানী কৰি নুতুলেটো!

আজি প্ৰাপ্তি আহিব৷ অৰুন্ধতীয়ে তাইক দিনটো থকাকৈ মাতিছে৷ গা-পা ধুই তাই ভাতৰ যোগাৰ কৰাত লাগিল৷ মৃদু ভলিউমত গান বজাই গান শুনি শুনি পাকঘৰত কাম কৰি থাকিল৷ দুপৰীয়া বাৰ’ বজাত প্ৰাপ্তি আহিল৷ কোঠাত সোমায়েই অৰুন্ধতীৰ হাতত মিঠাইৰ টোপোলা আৰু সৰু গিফট এটা তুলি দিলে৷
ঃ মিঠাই আনিছ’ বাৰু বুজিছো, এই গিফটটো আকৌ কিয় দিছ’? মোৰ না জন্মদিন না এনিভাৰ্ছেৰী! —অৰুন্ধতীয়ে কৈ উঠিল৷
ঃ গিফটটো খুলি চা ছোন আগতে
প্ৰাপ্তিৰ কথাত অৰুন্ধতীয়ে গিফটটো খুলিলে – “ফাৰ্ষ্ট লভ”পাৰফিউম৷ –পাৰফিউমটোৱে অৰুন্ধতীক নষ্টালজিক কৰি তুলিলে৷
ঃ আমাৰ বেঞ্চত বহা আটাইকেইজনীয়ে যে “ফাৰ্ষ্ট লভ” পাৰফিউম লগাইছিলো, ফাৰ্ষ্ট লভ হওক বুলি! সেয়ে আজি শিলিগুৰি বজাৰত বিচাৰি বিচাৰি তোলৈ কিনি আনিছো
ঃ অঁ প্ৰাপ্তি, কি যে অকৰা চখ এটা আছিল, নহয় আমাৰ? হ’ব দে “থেংকছ আ লট”৷ প্ৰথমে আমি তই অনা মিঠাইৰে চাহ একাপ একাপ খাই লওঁ তাৰপিছত ভাত খাম, হ’ব!

ভাত-পানী খাই দুয়ো বান্ধৱী কথা পাতিবলৈ বুলি বিছনাতে বহি ল’লে৷ প্ৰাপ্তিয়েই কথা আৰম্ভ কৰিলে –
ঃঅৰু, মই মোৰ হোষ্টেল জীৱনৰ কথাবোৰ ডায়েৰি এখনত লিখিছোঁ৷ অকলশৰীয়া সময়বোৰত সেইবোৰকে লিখি সময় পাৰ কৰোঁ৷ পঢ়ি চাবি নেকি তই?
ঃআই ঐ দেহি সোণজনী! কিয় নপঢ়িম বাৰু? দিবি আকৌ – অৰুন্ধতীয়ে উছাহত কৈ উঠিল৷

ঃআচলতে কি জান’ প্ৰাপ্তি, আমাৰ জীৱনটোৱেই এখন কিতাপ, য’ত সুখ-দুখৰ সমষ্টিৰে এটি নিটোল কাহিনীৰ জন্ম হয়৷ মোৰ তেনেকৈ ডায়েৰি লিখা অভ্যাস নাই কিন্তু মোৰ জীৱনৰ কথাবোৰো ডায়েৰিত লিখিব পৰাকৈ ৰসাল৷ অতীতৰ কিমান স্মৃতিয়ে আমাক আমনি কৰে নহয়? সেইবোৰ একেলেঠাৰিয়ে লিখি গ’লে এখন উপন্যাসেই হ’বগৈ যেন লাগে৷

অৰুন্ধতীৰ কথাত প্ৰাপ্তিয়ে মূৰ দুপিয়ালে৷

এন্ধাৰ হোৱাৰ আগে আগে প্ৰাপ্তিয়ে অৰুন্ধতীৰ হাতত ডায়েৰিখন তুলি দি যাবলৈ ওলাল৷ অৰুন্ধতীয়ে প্ৰাপ্তিৰ লগত ৰংপোলৈকে গ’ল আৰু প্ৰাপ্তিক শিলিগুৰিলৈ যোৱা টেক্সিত উঠাই বিদায় দিলে৷ তাৰপিছত তাই প্ৰয়োজনীয় বস্তু কেইপদমান বজাৰ কৰি নিজৰ কোৱাৰ্টাৰলৈ উভতি আহিল৷

০০০০০০০০০০০০০০০
সপ্তাহটো বৰ ব্যস্ততাৰে অৰুন্ধতীৰ পাৰ হ’ল৷ প্ৰাপ্তিয়ে দি যোৱা ডায়েৰিখন পঢ়িবলৈ তাই দেওবাৰেহে সময় পালে৷ দুপৰীয়া ভাত-পানী খাই প্ৰাপ্তিৰ ডায়েৰিখন হাতত লৈ তাই বিছনাত পৰিল৷

হঠাতে কলিং বেলটো বাজি উঠিল৷ অৰুন্ধতীয়ে দুৱাৰ খুলি দেখিলে – দুজন ছাত্ৰ বাহিৰত ৰৈ আছে – এজন সৌৰিণ৷
ঃআঁহা – অৰুন্ধতীয়ে দুয়োকে ভিতৰলৈ মাতি বহিবলৈ দিলে
ঃমে’ম, ছৰি মে’ম –এইবাৰলৈ মাফ কৰি দিয়ক৷ —সৌৰিণে কান্দো কান্দোকৈ কৈ উঠিল৷
ঃনিজেই যে এটা বেয়া কাম কৰিছা, বুজি পাইছা তেন্তে! এইবাৰলৈ মাফ কৰি দিলোঁ বাৰু!
ঃমে’ম, মোক বেক লগাই নিদিব…
সৌৰিণৰ কথা শুনি অৰুন্ধতীৰ হাঁহি উঠিল৷ সি ভয় খাইছে তেন্তে! —ভাবিলে তাই৷
ঃভালকৈ পঢ়িবা৷ ভালকৈ পঢ়িলে বেক পোৱাৰ প্ৰশ্নই নুঠে! —অৰুন্ধতীয়ে ক’লে৷
অৰুন্ধতীৰ পৰা বহুবাৰ ক্ষমা খুজি অপৰাধী খোজেৰে সৌৰিণ লগত অহা ছাত্ৰজনৰ স’তে গ’লগৈ৷

ছাত্ৰদুজন যোৱাৰ পিছত অৰুন্ধতীয়ে এটা দীঘল হুমুনিয়াহ কাঢ়ি প্ৰাপ্তিৰ ডায়েৰিখনৰ পাত লুটিয়ালে —-

“এইয়া, স্মৃতিৰ এলবাম খুলি আত্মকথা লিখিবলৈ বহিছোঁ মই! কিমান যে সৰু বৰ কথাই আহি অগা দেৱা কৰিছে আজি! কিমানখন যে আপোন মুখে আহি আমনি কৰিছে মোক!

ঘৰৰ ডাঙৰ জীয়ৰী হিচাপে মোৰ যে ঘৰখনৰ প্ৰতি দায়িত্ববোধ আছে সেইকথা বুজিবলৈ সদায়ে চেষ্টা কৰি আহিছোঁ৷ মোৰ তলত এজনী ভণ্টি আৰু দুটা ভাইটি৷ মোৰ মা-দেউতাই শিক্ষকতা কৰিছিল৷ এখন সুখী ভৰা পৰিয়াল আমাৰ৷ মই মোৰ ভাইটি-ভণ্টিক বহুত মৰম কৰিছিলোঁ আৰু ঘৰৰ ডাঙৰ হিচাপে মা-দেউতাৰ আছিল মোৰ ওপৰত বহুত আশা৷ নিজৰ ভৱিষ্যতৰ লগতে ভাইটি ভণ্টিহঁতক লৈও মোৰ বহুত সপোন আছিল৷

মা-দেউতাৰ মৰমত আতোলতোলকৈ ডাঙৰ হোৱা আমি পৃথিৱীৰ কোনো জটিলতাকে বুজি পোৱা নাছিলোঁ৷ জীৱনটো গোলাপৰ পাহিৰ দৰেই কোমল যেন লাগিছিল৷ কিমান যে সুখৰ আছিল আমাৰ শৈশৱ! চিতপখিলীৰ দৰে ল’ৰি-ঢাপৰি ঘূৰি-ফুৰা মই কেতিয়াবা যে জীৱনৰ কেকুঁৰিত জটিল বাস্তৱৰ মুখামুখিও হ’ব লগা হ’ব পাৰে সেইকথা মোৰ বাবে সপোনৰো অগোচৰ আছিল৷ ”

ডায়েৰিৰ প্ৰথম পৃষ্ঠা পঢ়ি পঢ়ি অৰুন্ধতী দুপৰীয়াৰ মিঠা টোপনিত ঢলি পৰিল৷

প্ৰাপ্তি, তাই, বাৰ্বী, জুলী গোটেইকেইজনীয়ে ফুলেশ্বৰ ককাইদেউৰ ঘৰৰ বাৰীৰ শিলিখাজোপাৰ তলত শিলিখা বুটলিবলৈ লাগিল৷ বগা পলিথিন এটাত গোটেইকেইজনীয়ে মিলি ঢেৰ শিলিখা গোটালে৷ তাৰপিছত সিহঁতে গৈ সিহঁতৰ চিনাকি হাবিডৰা পালেগৈ, তাত থকা অমৰা গছজোপাৰ পৰা তলসৰা অমৰা বুটলিলে, তাৰপিছত ঢেঁকীয়া বুটলিলে৷ এনেকৈ ঢেঁকীয়া বুটলি থাকোঁতে গধূলী হ’ল৷ হাবিডৰাতে থকা ঔটেঙা জোপাত থকা ভূতজনীয়ে ধৰিব বুলি গোটেইকেইজনীয়ে নিজৰ নিজৰ ঘৰলৈ বুলি সেইদিনাৰ বাবে ভগাভগি হ’ল৷

হঠাতে ফোনটো বাজি উঠাত অৰুন্ধতী সাৰ পাই গ’ল৷ অনুৰাগৰ ফোন৷

ঃ কি কৰিছা?
ঃ শুই আছিলো৷ তুমি জগাই দিলা৷ ধুনীয়া সপোন এটা দেখি আছিলোঁ৷
ঃ ধুনীয়া সপোন যদি মোৰেই সপোন হ’ব লাগিব! —অনুৰাগে দুষ্টালিভৰা হাঁহিৰে কৈ উঠিল৷
ঃ মোৰ সোণটো, তোমাৰ সপোন যে দেখা নাই আৰু৷ মই মোৰ শৈশৱৰ সপোন দেখিছিলোঁ, ঢেঁকীয়া বুটলা সপোন….
ঃ কি, ঢেঁকীয়া বুটলা সপোন? –অনুৰাগে সশব্দে হাঁহি উঠিল আৰু পুনৰ ক’লে–
ঃ ঠিক আছে, তুমি শোৱা আৰু ঢেঁকীয়া বুটলি থাকা সপোনত৷ মই গেলেকীলৈ যাওঁ, ঘূৰি আহোঁতে ৰাতি হ’ব, অফিচৰ গাড়ীখন পালেহিয়েই, থওঁ দেই
ঃ ওঁ থোৱা—অৰুন্ধতীয়ে যিমান পাৰি সৰুকৈ কৈ উঠিল৷
ঃকি হ’ল, মনটো মাৰি পেলালা যে!
ঃসকলো জানিও অভিনয় কৰিব নালাগে – অভিমানে আৱৰি ধৰিলে অৰুন্ধতীক
ঃঅ’ সেইটো কথা…

অনুৰাগে হাঁহি হাঁহি ফোনতে মৰমসনা চুমা দি ফোনটো কাটি দিলে..
অৰুন্ধতীৰ অনুভৱ হ’ল – এই মুহূৰ্ত্তত অনুৰাগৰ পৰা মৰমসনা চুমা এটা নাপালে তাইৰ যেন বাকী থকা সকলো সময়েই বিবৰ্ণ হৈ পৰিব! এইবোৰ হয়তো তেনেই তুচ্ছ যেন লগা কথা অথচ “এই মুহূৰ্তত” এই অনুভৱেই তাইৰ বাবে অমূল্য যেন হৈ পৰিছে৷

অনুৰাগ তাইৰ পৰা বহু যোজন দূৰত থকা বাবেই এনে অনুভৱ হয় নেকি অৰুন্ধতীৰ নে ইয়াকে ভালপোৱা বুলি কয়! এইয়াই নেকি প্ৰেম! এইয়াই নেকি প্ৰিয়জনৰ প্ৰতি অনুৰাগ! এৰা, এইয়াই হয়তো অনুৰাগৰ প্ৰতি অৰুন্ধতীৰ অনুৰাগ-আকুলতা! —অৰুন্ধতীয়ে কথাবোৰ ভাবি চায় মনৰ মাজত মনে মনে৷

ফোনটো থৈ তাই পাকঘৰলৈ আহিল –একাপ চাহৰ প্ৰয়োজনীয়তা তাই অনুভৱ কৰিলে৷
(2)
অৰুন্ধতী থকা কোৱাৰ্টাৰটোৰ সন্মূখতে এটা সেউজীয়া পাহাৰ৷ কোৱাৰ্টাৰটো চাৰিমহলাৰ ওপৰত, সেয়ে বেলকনিৰ পৰা গোটেই কেম্পাছটোৰ এটি সম্যক প্ৰতিছবি দেখা পোৱা যায়৷ সেউজীয়া পাহাৰটোত এটি সৰু জলপ্ৰপাত আছে, গোটেই বছৰটো পানী বৈ থাকে৷ সৰু জলপ্ৰপাতটোৱে গোটেই পাহাৰটোকে শুৱনি কৰিছে, লগতে পাহাৰটোত মানুহৰ বসতি দেখা যায়৷ দূৰৈৰ পৰা ঘৰবোৰ সৰু সৰুকৈ দেখি৷ প্ৰেমত পৰিব মনযোৱাকৈ চিকিমখন ধুনীয়া – অৰুন্ধতীয়ে ভাৱে৷ ৰাস্তাৰ কাষেৰে বৈ যোৱা তিস্তা নদীৰ অপৰূপ শোভাত বাৰে বাৰে মুগ্ধ হয় অৰুন্ধতী!

অৰুন্ধতীৰ চিকিমলৈ অহা প্ৰথম দিনটোৰ কথা মনত পৰে৷ ইণ্টাৰভিউ দিবৰ বাবে দেউতাকৰ লগত আহিছিল তাই৷ তেতিয়া তাইৰ বিয়া হোৱা নাছিল৷ পাহাৰীয়া অকোৱা-পকোৱা ৰাষ্টা, কাষে কাষে বৈ যোৱা এখনি ধুনীয়া নদী! সৰু ছোৱালীৰ দৰে সুধিছিল তাই দেউতাকক –
ঃদেউতা, এইখন নদীৰ নাম কি?
ঃতিস্তা — দেউতাকে কৈছিল
তি-স্তা .. মুখৰ মাজতে কৈছিল তাই৷ প্ৰথম দৃষ্টিতে নদীখনৰ স’তে একাত্ম অনুভৱ কৰিছিল অৰুন্ধতীয়ে৷ নদীখনক যেন বহু কথা ক’ব আছে তেনে লাগিছিল অৰুন্ধতীৰ৷ পাহাৰৰ সেউজীয়া ৰং আহি নদীত পৰিছিল! সেউজীয়া পানীৰে ধুনীয়াজনী হৈ জিকমিকাই আছিল তিস্তা নৈ!

বেলকনিত বহি বহি প্ৰাপ্তিৰ কাহিনীয়ে অৰুন্ধতীক প্ৰাপ্তিৰ হোষ্টেল জীৱনলৈ লৈ গ’ল —

“জীৱনত প্ৰথমবাৰৰ বাবে ঘৰৰ পৰা দূৰণিত পঢ়িবলৈ যোৱাটো যিমান দুখৰ বিষয় সিমানেই ৰোমাঞ্চকৰো! ইঞ্জিনীয়াৰিঙত চিট পোৱাৰ পিছত মই যেতিয়া পঢ়িবলৈ যাবৰ বাবে সাজু হ’লোঁ, ঘৰ এৰি হোষ্টেলত থকাৰ দুখে মনটো সেমেকাই তুলিছিল৷ ভণ্টি-ভাইটি, মা-দেউতাহঁতক বহুদিনৰ মূৰে মূৰে হে লগ পাম – এনেকথা ভাবিলেও চোন বুকুখন দুখতে মোচৰখাই যোৱা যেন লাগিছিল৷ মা-দেউতাৰ শাসনৰ পৰা আঁতৰত সম্পূৰ্ণ নিজা স্বাধীনতাৰেভৰা হোষ্টেল জীৱনৰ কথা ভাবিও পিছে মনটো মাজে মাজে ৰোমাঞ্চিত হৈ পৰিছিল৷
মোৰ আজিও স্পষ্টকৈ মনত আছে সেই দিনটোৰ কথা যিদিনা মই মোৰ মৰমৰ ঘৰখন এৰি নতুন ঠাইলৈ পঢ়িবলৈ যাব ওলাইছিলো৷ ভাইটি-ভণ্টি, মাহঁতে মোক বিদায় দিবলৈ বাছ ষ্টেণ্ডলৈ আহিছিল৷ ভাইটি-ভণ্টি, মাহঁতৰ সেমেকা মুখকেইখনলৈ চাই মই কান্দোনটো ধৰি ৰাখিব পৰা নাছিলো৷ সৰ সৰকৈ দুফালে দুধাৰি চকুলো বৈ আহিছিল৷ মোৰ কান্দোন দেখি মায়েও কান্দিছিল৷ বাছখনে যেতিয়া গতি লৈছিল মই বহুদূৰলৈকে চকুপানী টুকি টুকি গৈ আছিলোঁ৷ মোৰ কাষত বহি যোৱা দেউতা মনে মনে আছিল৷ দেউতাৰ মৌনতাৰ ভাষাই দেউতাৰো যে মন বেয়া লাগিছে সেই কথা কৈছিল৷

০০০০০০০০০০০০০
অভিযান্ত্ৰিক মহাবিদ্যালয় চৌহদত ভৰি দিয়েই চাৰিওফালে চকু ফুৰালোঁ৷ ইয়াতে পঢ়ি থকা আমাৰ সম্বন্ধীয় দাদা এজনে আমাক লগ কৰিবলৈ আহি গোটেই চৌহদটোৰ এটা ধাৰণা দিলে দেউতা আৰু মোক৷ মহাবিদ্যালয়খন দেখিবলৈ ধুনীয়া, সন্মূখত এটা দীঘলীয়া পুখুৰী, পাৰে পাৰে আউজি বহিব পৰা বেঞ্চ, নাতিদূৰত মূল ৰাস্তাৰ কাষত একমাত্ৰ “ছাত্ৰী নিৱাস”টো আৰু চৌহদৰ ভিতৰফালে “ছাত্ৰাৱাস”কেইটা৷ “ছাত্ৰী নিৱাস”টো পোৱাৰ আগতে কেণ্টিন এখন পায় আৰু কেণ্টিনখন পাৰ হৈ ইটো পাৰে মহাবিদ্যালয় অডিটৰিয়াম৷ দাদাজনক এৰি দেউতা আৰু মই “ছাত্ৰী নিৱাস” পালোঁগৈ৷ ছাত্ৰী নিৱাসৰ গেইটখন পাৰ হৈয়েই হোষ্টেল চুপাৰৰ ঘৰটো৷ দেউতা আৰু মই চুপাৰ চাৰৰ ঘৰৰ বাৰাণ্ডাত থিয় হৈ কলিং বেল টিপিলোঁ৷ এজন বগা, ওখ সুঠাম দেহী লোক দুৱাৰখন খুলি ওলাই আহিল৷ দেউতাই নমস্কাৰ জনাই তেওঁৰ স’তে চিনাকি হ’ল৷ কথা-বতৰাৰ পৰা গম পালোঁ তেৱেঁই মিশ্ৰ চাৰ, আমাৰ হোষ্টেল চুপাৰ৷ ময়ো চাৰক নমস্কাৰ জনালোঁ৷ চাৰে আমাক মেট্ৰন বাইদেউক লগ কৰিবলৈ ক’লে আৰু আমাক বাৰাণ্ডাৰ পৰাই মেট্ৰন বাইদেউ থকা ঘৰটো দেখুৱাই দিলে৷ চাৰক “ধন্যবাদ” জনাই আমি মেট্ৰন বাইদেউৰ ঘৰ পালোঁহি৷ মেট্ৰন বাইদেউৰ ঘৰটো হোষ্টেলৰ পাছফালে হোষ্টেলৰ লগতে সংলগ্ন৷

আমি কলিংবেল টিপিলোঁ৷ ঘৰটোৰ পৰা এগৰাকী বগী, লাহি আদহীয়া মহিলা ওলাই আহিল৷ যিমানেই সময় আগবাঢ়িছিল মোৰ মনটোও এক অজান বিষাদে আৱৰি ধৰিবলৈ আৰম্ভ কৰিছিল৷ মেট্ৰন বাইদেউৰ মুখখনত মই কিবা এক আশ্বাস দেখা পালোঁ৷ দেউতাই মোক হোষ্টেলত এৰি থৈ যোৱাৰ ভয়াৱহ পৰিস্থিতিৰ পৰা যেন তেঁৱেই মোক উদ্ধাৰ কৰিব – মোৰ সেইমুহূৰ্তত তেনে লাগিল৷ তেওঁ আমাক হোষ্টেলৰ বাৰাণ্ডালৈ গৈ বহিবলৈ ক’লে আৰু ক্ষন্তেক পিছতে আহি আছোঁ বুলি জনালে৷ মেট্ৰন বাইদেউৰ কথামতে আমি বাৰাণ্ডাত পাৰি থোৱা চকী দুখনত বহিলোগৈ৷ দেউতাই মোৰ মুখলৈ এনে এক চাৱনিৰে চালে যে মই আৰু ৰ’ব নোৱাৰিলোঁ, দুচকু ভৰি উঠিল৷ দেউতাৰ সেই চাৱনিত ইমান কথা আছিল যে প্ৰকাশ কৰিলেই মন সেমেকি উঠিব!

“পঢ়িম বুলি ওলাই আহিলে বুকু ডাঠ কৰি পঢ়িব লাগিব৷ ছোৱালীবোৰৰ লগত মিলা-প্ৰীতিৰে থাকিবি৷ মই পইচা-পাতি নিয়মীয়াকৈ পঠাই থাকিম৷ নাকান্দিবি আইমানু, হোষ্টেলত তোৰ দৰে বহুত ছোৱালী থাকে, সিহঁতে যদি থাকিব পাৰিছে তই কিয় নোৱাৰিবি৷ ” – দেউতাৰ কথাবোৰ নীৰৱে শুনি থাকিলোঁ মই৷ হোষ্টেলৰ ছোৱালীসকল এজনী দুজনীকৈ বাৰাণ্ডাৰে অহাযোৱা কৰি থকা দেখা পালোঁ৷
ক্ষন্তেক পিছতে গুলপীয়া শাৰী এখন পিন্ধি মেট্ৰন বাইদেউ আহিল, বগী মানুহজনীক শাৰীখনে গুলপীয়া কৰি তুলিছিল৷ আমাক তেওঁ বাৰাণ্ডাৰ পৰা হোষ্টেলৰ ভিতৰত সোমায়েই বাওঁফালে থকা কোঠাটোলৈ লৈ গ’ল৷ দুৱাৰখন খোলাই আছিল৷ দেউতা আৰু মই আমাৰ লগতে লৈ ঘূৰি ফুৰা হল্ডলটোৰে সৈতে কোঠাত প্ৰৱেশ কৰিলোঁ৷ মেট্ৰন বাইদেৱে দেউতাক উদ্দেশ্যি ক’লে –
“ছোৱালী হোষ্টেলত সাধাৰণতে পুৰুষৰ প্ৰৱেশ নিষেধ থাকে৷ কিন্তু আপোনাক নতুনকৈ অহা ছাত্ৰীৰ অভিভাৱক বুলিয়েই আজি সোমাবলৈ দিয়া হৈছে৷ পিছত লগ কৰিবলৈ আহিলে এনেকৈ কোঠাত সোমাবলৈ নাপাব আৰু৷ ভিজিটৰ ৰূমতহে বহিব লাগিব৷ ”
ঃ হয়, হয়, আজিয়েই মোৰ ছোৱালীজনীৰ কোঠাটো চাই লওঁ বাৰু! —দেউতাই হাঁহি উত্তৰ দিলে৷
খালী থকা এজনীয়া বিছনাখনত দেউতা আৰু মই বহিলোঁ৷ ইখন বিছনাত কিতাপ এখন হাতত লৈ ছোৱালী এজনী বহি আছিল৷
ঃ এই ফৰিডা হুছেইন, শিলচৰত ঘৰ৷ তায়ো নতুন৷ ফৰিডা, এইয়া তোমাৰ নতুন লগৰী দেই, তোমাৰ নামটো কি আছিল? –মেট্ৰন বাইদেৱে মোলৈ চাই সুধিলে৷
ঃ মই প্ৰাপ্তি দত্ত, লক্ষ্মীমপুৰৰ৷ —মই ক’লো৷
ঃ খুড়া, নমস্কাৰ৷ – ফৰিডাই দেউতালৈ চাই নমস্কাৰ জনালে৷
মই ফৰিডালৈ চালোঁ – গাৰ বৰণ মিঠাবৰণীয়া, বাওঁচকুটো জাপখাই থকাৰ দৰে দেখিবলৈ৷
ঃ প্ৰাপ্তি, আমাৰ ক্লাছবোৰ আৰম্ভই হৈ গ’ল নহয়! তুমি কেইদিনমান দেৰি কৰিলা, একো নাই দিয়া, মোৰ পৰা নোটছবোৰ লৈ ল’ব পাৰিবা৷ —ফৰিডাই মোক ক’লে
ঃহ’ব বাৰু, থেংকিউ

দেউতাই মোক হোষ্টেলত থৈ গুছি গ’ল৷ দেউতা যোৱাৰ পিছত মোৰ এনে লাগিল – দেউতাই যেন মোক বিশাল জনসমুদ্ৰত অকলশৰে এৰি থৈ গ’ল৷ শূন্যতা, বিষাদ, ভয় – সকলোবোৰে আহি মোক বেৰি ধৰিলে৷ গাৰুত মুখ গুজি বিছনাত পৰি থাকিলোঁ, ঘৰলৈ মনত পৰি চকুৰ পানীৰে গাৰু তিতিল৷

০০০০০০০০০০০০

ঃ প্ৰাপ্তি উঠা, প্ৰেয়াৰৰ বাবে যাব লাগে – ফৰিডাই মোক গাত ধৰি হেঁচুকি দিলে
ফৰিডাৰ মাতত মই সাৰ পালোঁ, মই যে হোষ্টেলত আছোঁ পাহৰিয়েই আছিলোঁ৷ ফৰিডাৰ লগতে বাৰাণ্ডালৈ ওলাই গ’লোঁ৷ হোষ্টেলৰ বাৰাণ্ডাখন ছিনিয়ৰ-জুনিয়ৰ ছোৱালীৰে ভৰি পৰিছে৷ ফৰিডা আৰু ময়ো সেই ভীৰত সোমাই পৰিলোঁ৷ সকলো ছোৱালীয়ে হাতযোৰ কৰি সৰস্বতী বন্দনা গাবলৈ ধৰিলে –
“শ্বেতপদমা ছনা দেৱী/শ্বেত পুষ্পা পছুপিতা”…. মই এইটো “সৰস্বতী বন্দনা” আগতে কাহানিও গোৱা নাই, সেয়ে মই মনে মনে হাতযোৰ কৰি থাকিলোঁ৷ সৰস্বতী বন্দনা শেষ হোৱাৰ পিছত এগৰাকী ছিনিয়ৰ বাইদেৱে ক’লে—
ঃ আজি নতুন ছোৱালী কোন কোন আহিছা হাত ডাঙা চোন!
মোৰ সৈতে আৰু দুজনী ছোৱালীয়ে হাত ডাঙিলে৷ বাইদেউগৰাকীয়ে পুনৰ মাতটো যিমান পাৰি ডাঙৰ কৰি কৈ উঠিল –
ঃ প্ৰাৰ্থনাটো কাৰ কাৰ মুখস্থ নাই, লিখি ল’বা৷ নিজৰ লগৰ ছোৱালীবোৰৰ নামবোৰ মনত ৰখাৰ লগতে ৰূমে ৰূমে সোমাই চিনিয়ৰ বাইদেউ সকলৰ লগত চিনাকি হৈ নামবোৰ লিখি মুখস্থ কৰিবা৷ আমি সুধিলে যদি ভুল কৰা পানিছমেণ্ট হ’ব কিন্তু! অ’ আৰু এটা কথা, প্ৰতিদিনেই ছিনিয়ৰ বাইদেউ সকলক উইছ কৰিবলৈ নাপাহৰিবা, কোন দিনা কি উইছ কৰিব লাগে লগৰবোৰৰ পৰা জানি ল’বা৷

নিজৰ ৰূমলৈ অহাৰ পিছত ফৰিডাই মোক তাই লিখি ৰখা গোটেই “সৰস্বতী বন্দনা”টো লিখি ল’বলৈ ক’লে আৰু ছিনিয়ৰ বাইদেউসকলক কোনদিনা কি বুলি উইছ কৰিব লাগে সেই লিষ্টখন দেখুৱালে৷ মই পঢ়ি চালোঁ –
“সোমবাৰ — লস্কৰা ফস্কৰা মস্কৰা
মঙ্গলবাৰ – বন্দেমাতৰম
বুধবাৰ – চটছ্ৰিয়কাল
বৃহস্পতিবাৰ – ৱানাক্কাম
শুক্ৰবাৰ – আছেলাম আলেইকুম আদাব আদাব
শনিবাৰ – হেল্ল’
দেওবাৰ – বন্দেমাতৰম”

মই আটাইবোৰ উইছ নিজৰ বহীত টুকি ৰাখিলোঁ৷ যিহেতু সেইদিনা দেওবাৰ আছিল গতিকে ডাইনিং হললৈ ৰাতি ভাত খাবলৈ যাওঁতে আমি লগ পোৱা চিনিয়ৰ-জুনিয়ৰ সকলোকে “বন্দে মাতৰম বাইদেউ” বুলি উইছ কৰিবলৈ ধৰিলোঁ৷ কাৰণ চিনিয়ৰ-জুনিয়ৰ সকলোৰে সৈতে মই পৰিচিত নাছিলোঁ৷
“হেই হেই আমি তোমাৰ লগৰহে! ”—দুজনীমান ছোৱালীয়ে মোক তেনেকৈ কৈ মুখ টিপি হাঁহিলে৷ সিহঁতৰ হাঁহি দেখি ময়ো হাঁহিত ফাটি পৰিলোঁ পিছে ছিনিয়ৰ বাইদেউসকললৈ ভয় খাই শব্দ কৰি হাঁহিব নোৱাৰিলোঁ৷

পিছদিনা আমি ক্লাছলৈ যাবলৈ সাজু হ’লোঁ৷ ছিনিয়ৰসকলৰ হুকুম আৰু ফৰিডাই শিকাই দিয়ামতে দুইজনীয়ে মূৰত টেপটেপীয়াকৈ নাৰিকল তেল লগাই দুফালে দুকোছা চুলি বান্ধি ৰঙা ফিতা মাৰিলোঁ৷ মোৰ ওচৰত ৰঙা ফিতা নাছিলেই, ফৰিডাইহে যোগাৰ কৰি দিলে৷ তাৰপিছত মই চাদৰ-মেখেলা পিন্ধিলোঁ আৰু ফৰিডাই শাৰী পিন্ধিলে৷ আমি কোঠাৰ পৰা বাহিৰত ওলাই দেখিলোঁ – লগৰ সকলোৱে আমাৰ দৰে চুলিত তেল, ৰঙা ফিতা আৰু চাদৰ-মেখেলা, শাৰী আদি পিন্ধিছে৷
দুইজনীয়ে পুৱাৰ আহাৰৰ বাবে ডাইনিং হ’লৰ ফালে খোজ দিলোঁ আৰু যাওঁতে ছিনিয়ৰ বাইদেউ সকলক “লস্কৰা ফস্কৰা মস্কৰা বাইদেউ” বুলি উইছ কৰি কৰি যাব লগা হ’ল৷ ব্ৰেকফাষ্ট কৰি যেতিয়া দুইজনীয়ে কলেজ পালোঁগৈ তেতিয়ালৈ ফৰিডাৰ শাৰীখন খুলি মাটিত চুচঁৰি গ’ল৷ ফৰিডাই শাৰীখন ইমানেই ঢিলাকেই পিন্ধিছিল যে কলেজৰ বাৰাণ্ডা পাওঁতেই তাইৰ শাৰী খুলি পেটিকোটটো ওলাই পৰিল৷ ফৰিডাৰ এনে অৱস্থা দেখি মোৰ হাঁহিমেই নে কান্দিমেই তেনে লাগিল৷ মই ফৰিডাক লৰালৰিকৈ গ্ৰাউণ্ড ফ্লুৰত থকা বাথৰূমলৈ লৈ গৈ তাইৰ শাৰীখন ঠিকঠাক কৰি দিলোঁ৷ কলেজতো ছিনিয়ৰ বাইদেউ সকলক দেখিলেই “লস্কৰা ফস্কৰা মস্কৰা বাইদেউ” বুলি উইছ কৰিবলৈ ধৰিলোঁ৷ এজনী বাইদেৱে আমাক ক’লে যে হোষ্টেলৰ নিয়ম-কানুন হোষ্টেলৰ চাৰিবেৰৰ ভিতৰতে সীমাবদ্ধ থাকিব লাগে৷

ফৰিডা আৰু মই ক্লাছলৈ বুলি চিৰিৰে ওপৰলৈ উঠি গ’লোঁ৷ দুটা চিৰি পাৰ হৈ সোঁফালৰ দীঘলীয়া বাৰাণ্ডাখনৰ শেষ মূৰত প্ৰথম বাৰ্ষিকৰ শ্ৰেণীকোঠা তিনিটা—এ, বি, চি তিনিটা চেকচনত ভাগ কৰা৷ মই আৰু ফৰিডাই মাজৰ ক্লাছটোত অৰ্থাৎ “বি” চেকচনত সোমালোঁ৷

আমাৰ ক্লাছ আৰম্ভ হ’ল৷ প্ৰথম ক্লাছটো অংকৰ আছিল৷ মই ল’ৰাবোৰলৈ মন কৰিলোঁ – সকলো ল’ৰাৰে চুলিবোৰ মিলিটেৰী কাট, ফুল ছাৰ্ট, চিকিচিকিয়া ক’লা জোতা৷ স্মাৰ্ট দেখাইছে সকলোকে৷ আমাৰ ছোৱালীবোৰকহে শালিকী এজনী এজনী যেন লাগিছে৷ নিজৰ লগতে লগৰ ছোৱালীবোৰৰ চেহেৰাবোৰ দেখি মোৰ মনে মনে হাঁহি উঠিল৷ বিচিত্ৰ এক জগতত ভৰি দিয়া যেন লাগিল মোৰ! এই বিচিত্ৰ জগতখনৰ ক্লাছত মন দিবলৈ যত্ন কৰিলোঁ৷ হঠাতে চাৰে বুজাই থকা বন্ধ কৰিলে আৰু প্লেটফৰ্মৰ পৰা নামি আহি পিছবেঞ্চত বহি থকা বগা থুপোকা ল’ৰাটোৰ গালত এটা জোৰকৈ চৰ দিলে আৰু ক’লে –
ঃ ক্লাছত হাঁহি থাকিবলৈ আহিছ’, মাছৰ বজাৰত আছোঁ বুলি ভাবিছ’ নেকি? ওলাই যা এতিয়াই
চাৰৰ ৰঙা চকু আৰু ল’ৰাটোৰ ৰঙা গাল যেন মুহূৰ্ততে একাকাৰ হৈ পৰিল৷ ল’ৰাটো ৰঙা-চিঙা পৰি ক্লাছৰ পৰা ওলাই গ’ল৷
হঠাতে হৈ যোৱা এই কাণ্ডত সকলো নীৰৱ হৈ পৰিল৷ ব্লেকবৰ্ডৰ ওচৰলৈ গৈ চাৰে আকৌ বুজাবলৈ আৰম্ভ কৰিলে৷

অংকৰ ক্লাছটো শেষ হোৱাৰ পাছতে লগে লগে আন এজন চাৰ সোমাল৷ তেওঁ ব্লেকবৰ্ডত এখন এৰোপ্লেন আঁকিলে আৰু মুখেৰে বিৰবিৰাই কিবাকিবি ক’লে৷ যিমানদূৰ সম্ভৱ মোৰ দৰে আন ছাত্ৰ-ছাত্ৰী সকলেও একো বুজি নাপালে৷ পোন্ধৰ মিনিটমান কিবাকিবি কৈ তেওঁ ক্লাছটো শেষ কৰিলে৷ চাৰ যোৱাৰ পিছত মই ফৰিডাক সুধিলোঁ-
ঃ কিবা বুজিলানে?
ঃ নাই, একো নুবুজিলো৷ শুনামতে চাৰৰ মূৰৰ বিকৃতি ঘটিছে, তেওঁ নামতহে ক্লাছ কৰে, কোনেও বোলে একো বুজি নাপায়৷ চাৰ বোলে ইলেকট্ৰিকেল ব্ৰাঞ্চৰ আছিল, বহুত চোকা আছিল৷ পি এইচ ডি কৰোঁতে চাৰৰ থেচিচখন কোনোবাই পুৰি পেলালে আৰু চাৰ বোলে তেতিয়াৰ পৰাই পাগলৰ দৰে হ’ল৷

ফৰিডাৰ কথাই মোৰ মুখত চিন্তাৰ ৰেখা টানিলে৷

সেইদিনা “টি ব্ৰেক” ৰ পিছত আমাৰ গ্ৰাফিক্স ক্লাছ হ’ল আৰু “লাঞ্চ ব্ৰেক”ৰ পিছত “ফিজিক্স লেব” হ’ল৷ দিনটো কলেজত ক্লাছ কৰি ভাগৰে জোগৰে আমি নিজৰ ৰূম পালোঁহি৷ গধূলী “প্ৰাৰ্থনাৰ সময়ত” ছিনিয়ৰ সকলে জুনিয়ৰ সকলক ন’ বজাৰ লগে লগেই ফাৰ্ষ্ট ফ্লৰ’ত থকা “কমন ৰূম”ৰ বাহিৰত উপস্থিত হ’বলৈ নিৰ্দেশ দিলে—“চিনাকি পৰ্ব” আছে৷

০০০০০০০০০০

ৰাতি ঠিক ন’ বজাৰ লগে লগে নতুনকৈ হোষ্টেললৈ অহা সকলো ছোৱালী আহি কমন ৰূমৰ আগত ৰ’লহি৷ মোৰ বৰ ভয় লাগিছিল৷ কিতাপ-পত্ৰ, আলোচনী, বাতৰি পেপাৰ আদিতহে ৰেগিঙৰ বিষয়ে পঢ়িবলৈ পাইছোঁ, ৰেগিঙৰ বাস্তৱ অভিজ্ঞতা কাহানিও হোৱা নাই মোৰ৷ কথাবোৰ ভাবি থাকোঁতেই কমন ৰূমৰ পৰা লাহী, ওখ, মৰমলগা চেহেৰাৰ বাইদেউ এজনী ওলাই আহিল, ক’লে – “তোমালোক সকলোৱে হাতী, ঘোঁৰা, ভেকুলী, হৰিণ যাৰ যি মন যায় তেনে ভাওত ৰূমত প্ৰৱেশ কৰিব লাগিব আৰু হঁহা একেবাৰে নিষেধ৷ যি গৰাকীয়ে নিয়ম ভংগ কৰিব তাই গছ হৈ থাকিব লাগিব”৷ এইবুলি কৈ বাইদেউ গৰাকী পুনৰ কমন ৰূমৰ ভিতৰলৈ গ’ল আৰু চিঞৰি মাতিলে –“এজনী এজনীকৈ অহা আৰম্ভ কৰি দিয়া”৷ সকলো ছোৱালীয়ে বাইদেউ গৰাকীৰ কথামতে হাতী, ঘোঁৰা, বাঘ, হৰিণৰ ভাও লৈ ভিতৰলৈ সোমাবলৈ ধৰিলে৷ যেতিয়া মোৰ পাল আহিল, মই ভেকুলীৰ দৰে জঁপিয়াই জঁপিয়াই ৰূমত প্ৰৱেশ কৰিলোঁ৷ জুনিয়ৰ সকললৈ চাই চাই চিনিয়ৰ সকলৰ উচ্ছল হাঁহিৰে কমনৰূম গমগমাই উঠিল৷ তাৰপিছত এজনী এজনীকৈ নিজৰ চিনাকি দিবলৈ কোৱা হ’ল৷ সেইমতে উঠি উঠি প্ৰতিজনী ছোৱালীয়ে নিজৰ চিনাকি দিয়াৰ লগতে নিজৰ হবী কৈ গ’ল৷ এগৰাকী বাইদেৱে লিপি বোলা ছোৱালীজনীক ঘোঁৰাৰ হাঁহি মাৰি পৰিচয় দিবলৈ ক’লে৷ লিপিয়ে নিজৰ পৰিচয় দিলে এনেকৈ—

ঃহিঃহিঃহিঃ মোৰ নাম লিপি
হিঃহিঃহিঃ মোৰ ঘৰ গুৱাহাটিত
হিঃহিঃহিঃ মই কটন মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ

সৃষ্টিক গৰুৰ দৰে হেম্বেলিয়াই পৰিচয় দিবলৈ ক’লে৷ তাই কৈ গ’ল—
ঃহেম্বে… মোৰ নাম সৃষ্টি
হেম্বে…মই শিৱসাগৰৰ পৰা আহিছোঁ
হেম্বে…মই কটন মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ
তাৰপিছত সৃষ্টিক সুধিলে – গৰুৱে কেনেকৈ হাঁহে? তাই মুখখন জোঙা কৰি হাঁহি দেখুৱালে৷
ঃ “বঢ়িয়া”…সকলোৱে হাত তালি মাৰিলে তাইৰ প্ৰদৰ্শন দেখি!

প্ৰিয়াক চিনিয়ৰ বাইদেউহঁতে সুধিলে –“চিঠি কেইখন পাই আহিছ’? ” প্ৰিয়াই সেমেনা সেমেন কৰি ক’লে – “ক্লাছ এইটত থাকোঁতে ল’ৰা এটাই চিঠি এখন দিছিল তাৰপিছত আৰু বেলেগ চিঠি পোৱা নাই! ”
ঃবাহ! ক্লাছ এইটতে প্ৰেম! ক’ম বস্তু নহয় দেই এইজনী!

মোৰ যেতিয়া পাল পৰিল, মোক ক’লে – তই আমাক অভিনয় কৰি দেখুৱাব লাগিব৷ ধৰি ল’ তই ল’ৰা, বাইক চলাই পিছফালে ছোৱালী উঠাব লাগে৷ ময়ো বাইদেউহঁতৰ কথা মতে মুখেৰে বাইক ষ্টাৰ্ট দিয়াৰ শব্দ কৰিলোঁ….ভ্ৰুউং ভ্ৰুউং ভদ ভদ ভদ ভদ ভদ….. আৰু চকুৰে ইছাৰা কৰি ফৰিডাক মাতিলোঁ বাইকৰ পিছফালে বহিবলৈ৷ তায়ো বাইকৰ পিছত বহাৰ অভিনয় কৰিলে৷ আমি দুইজনী কমনৰূমৰ মুকলি ঠাইডোখৰত বাইক চলাই ঘূৰি থাকিলোঁ আৰু মই মুখেৰে কৈ থাকিব লগা হ’ল – ভদ..ভদ ভদ ভদ ভদ…..”

মণিমালাক ধ্যানমগ্ন ঋষিৰ অভিনয় কৰিবলৈ দিলে আৰু জুৰিক মেনকা হৈ নাচি বাগি ঋষিৰ ধ্যান ভংগ কৰিবলৈ ক’লে৷

স্বস্তিকাক বেডমিণ্টনৰ ক’ক হোৱাৰ অভিনয় কৰিবলৈ দিলে৷
অন্তৰাক নেওতা গাবলৈ দিলে – মেও এগুন মেও, মেও দুগুণ মেও, মেও তিনিগুণ মেও, মেও চাৰিগুণ মেও…..

মোৰ সৈতে তিনিজনীমানক চিনিয়ৰ বাইদেউ সকলে ফুলৰ টাব হ’বলৈ আৰু ফৰিডাক ফুলত পানী দিয়াৰ অভিনয় কৰিবলৈ ক’লে৷ বৰ্ণালীক ক’লে ম’হ মাৰি থাকিবলৈ—ম’হ থাকক বা নাথাকক! আৰু যি কেইজনীয়ে এইবোৰ কাৰুকাৰ্য দেখি হাঁহি ৰখাব নোৱাৰিলে সেইকেইজনীক গছ হৈ থাকিবলৈ দিয়া হ’ল৷ গছ মানে হাতদুখন ওপৰলৈ উঠাই বতাহ বলি থকাৰ ভংগীত লৰচৰ কৰি থাকিব লাগে৷ তাৰপিছত চিনিয়ৰ বাইদেউ সকলে প্ৰতিজনীকে সোঁহাতখন প্ৰশ্নবোধক চিনৰ দৰে কৰি জঁপিয়াই জঁপিয়াই নাচি নাচি “বাইদেউ, বাইদেউ আপোনাৰ নামটো কবনে, কবনে? ” বুলি সুধিবলৈ দিলে আৰু প্ৰতিজনী ছোৱালীয়ে নাচি নাচি এনে ভংগিমা কৰি কৰি চিনিয়ৰ বাইদেউসকলক পৰিচয় সুধিবলৈ ধৰিলে৷ মোৰো বৰ হাঁহি উঠিছিল কিন্তু গছ হোৱাৰ ভয়ত হাঁহিব পৰা নাছিলোঁ৷ মুখৰ ভিতৰত হাঁহি ৰাখি থোৱা কিমান কষ্ট সেইকথা মই জীৱনত প্ৰথম বাৰৰ বাবে উপলব্ধি কৰিছিলোঁ৷ সেইদিনাৰ ৰেগিং পিৰিয়ড শেষ কৰি নিজৰ ৰূমলৈ আহি মই ইমান সময়ে মুখৰ ভিতৰত জমা কৰি ৰখা হাঁহিৰ ফুৱাৰাটো এৰি দিহে শান্তি পাইছিলোঁ৷

এনেকৈ সপ্তাহটোত দুই তিনিদিনকৈ গোটেই মাহটো ৰেগিং হৈছিল আমাৰ৷ ৰেগিঙৰ পৰা মই এটা কথাই উপলব্ধি কৰিছিলোঁ যে চিনিয়ৰ বাইদেউ সকলৰ প্ৰতি শ্ৰদ্ধা ৰাখি তেওঁলোকৰ কথাবোৰ মানি চলিলে ৰেগিঙে এটা ধনাত্মক ৰূপ পায় কিন্তু যি সকলে বিৰোধিতা কৰে, সেই বিৰোধিতাৰ পৰা কিছুমান বেয়া পৰিস্থিতিৰহে সৃষ্টি হয়৷ অৱশ্যে যি সকলে ৰেগিং কৰে তেওঁলোকেও সীমা চেৰাই ৰেগিং কৰা উচিত নহয়৷ হোষ্টেলৰ ৰেগিং আজিও মোৰ বাবে এক সুখ-স্মৃতি হৈ আছে৷ ৰেগিঙৰ ভয়াবহতাক মই ঘৃণা কৰোঁ কিন্তু ৰেগিঙৰ নামত হোৱা চিনাকি পৰ্বই ইজনে সিজনক বুজিবৰ বাবে সহায় কৰাৰ উপৰিও একধৰণৰ ঐক্যবোধৰো সৃষ্টি কৰে—এইয়া মোৰ একান্ত ব্যক্তিগত অনুভৱ৷

আমাৰ “মহাবিদ্যালয় ৰেগিং” আৰু “হোষ্টেল ৰেগিঙ”ৰ অন্ত পৰাৰ দিন কাষ চাপি আহিল৷ লাহে লাহে হোষ্টেলৰ বাইদেউসকলে আমাৰ বেটচটোৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা পাতিবলৈ ধৰিলে৷ আকস্মিক বক্তৃতা প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা, আধুনীক গীতৰ প্ৰতিযোগিতা, প্ৰেমপত্ৰ লিখা প্ৰতিযোগিতা ইত্যাদি ইত্যাদি৷ নাজানো, ঈশ্বৰৰ কৃপাই আছিল নে কি আছিল মই সকলো প্ৰতিযোগিতাতে ভাগ লৈ সকলো বিষয়তে প্ৰাইজ পালোঁ৷ বিশেষকৈ হোষ্টেলৰ “প্ৰেমপত্ৰ লিখা” প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰাৰ লগতে পত্ৰখনে চিনিয়ৰ বাইদেউসকলৰ হৃদয় জিনিলে৷ ইয়াৰ পিছত “শ্ৰেষ্ঠা নৱাগতা” প্ৰতিযোগিতাৰ ভোটিং চিষ্টেমত মইয়ে “শ্ৰেষ্ঠা নৱাগতা” হ’লো৷
এনেকৈয়ে মহাবিদ্যালয় আৰু হোষ্টেল জীৱনৰ স’তে মিলি পৰিলোঁ৷

ইমানলৈকে পঢ়ি অৰুন্ধতীয়ে ডায়েৰিৰ পাত লুটিয়ালে৷ হঠাতে ফোনটো বাজি উঠিল৷ কলিগ জিমলী মেডামৰ ফোন৷
ঃঅৰুন্ধতী, চাহৰ পাৰ্টি এটা দিছোঁ, এতিয়াই আঁহা মোৰ কোৱাৰ্টাৰলৈ৷
ঃঅ’কে – অৰুন্ধতীয়ে প্ৰত্যোত্তৰত কৈ ঘড়ীলৈ চালে—আবেলি চাৰি বাজিছে৷
তাই চাহৰ পাৰ্টিলৈ যাবলৈ ৰেডি হ’ল৷
অৰুন্ধতীৰ ফোনটো আকৌ বাজি উঠিল৷ অনুৰাগৰ ফোন৷
ঃকি কৰিছা? মই এইমাত্ৰ ঘৰ সোমাইছোঁ অৰু!
ঃজিমলী মেডামে চাহৰ পাৰ্টি দিছে, তাইৰ কোৱাৰ্টাৰৰ পৰা আহোঁগৈ৷ তুমি জিৰণী লোৱা৷ —অৰুন্ধতীয়ে ক’লে৷
ঃদেৰিকৈ যাবা অৰু, মোৰ লগত অলপ দেৰি কথা পাতা! -অনুৰাগে কৈ উঠিল!
ঃএতিয়াই মাতিছে ৰাগ! মই যাওঁৱেই..
ঃঅৰু, মই কৈছো তুমি এতিয়া যাব নোৱাৰা.. ..অনুৰাগে আদেশৰ সুৰত কৈ উঠিল৷
ঃমোৰ কাৰণে সকলোৱে বাট চাই আছে ৰাগ..
ঃমই কৈছো –তুমি এতিয়া যাব নোৱাৰা – অনুৰাগে উষ্ণ কণ্ঠত কৈ উঠিল৷
ঃকিয় নোৱাৰিম যাব? মই যামেই..
ঃঅৰু, মই অফিচৰ পৰা অহাৰ পিছত মোক মায়ে আজিকালি ফোন নকৰা হ’ল আৰু তোমাৰ কাৰণেই নকৰা হ’ল! তুমি এতিয়া যাব নোৱাৰা, মোৰ লগত কথা পাতিবই লাগিব!
ঃমোৰ কাৰণে তোমাৰ মায়ে তোমালৈ ফোন নকৰা হ’ল! উল্টা-পুল্টা কথা বলকি নাথাকিবা৷ মই যাওঁ — এইবুলি কৈ অৰুন্ধতীয়ে ফোনটো কাটি দিলে৷ টিঙিচকৈ খংটো উঠি আহিল তাইৰ! অনুৰাগৰ কথাই তাইক আহত কৰিলে৷ ফোনটো পকাতে

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments