ৰেঙনি – মল্লিকা শৰ্মা বৰদলৈ

“ইতাল্লেগি হাইহালৰ চৌকাত জুয়ে যাৱা নাই। কেত্তিয়া ৰান্ধভু, কেত্তিয়া অইন কামগিলা কৰবো? সেই মাঘ ফাগুণতে লগাৱা শালৰ কাপোৰ শালতে পচবু ইতা। চকুৰ আগতে মিনতিৰ বৰীয়াকে তিনবাৰ লগালা কাপোৰ। একহাল চলিও আছেই ইফালে, সেইগিলাহে মানহু। আমাৰ নাই যি নাই একোৱে নাই, কেৱল খাৱা আৰু ঘূমাৱা…”

কথাখিনি কাণত পৰিছে যদিও নিৰ্বিকাৰ হৈয়েই মিঠাতেলখিনি হাতৰ তলুৱাত মোহাৰি মুখখনত ঘঁহি ল’লে আনন্দীয়ে। তেলৰ চিপচিপীয়া ভাৱটো ৰৈ যোৱা হাত দুখন কঁপালৰ পৰা পিছফাললৈ চুলিখিনিত দুবাৰমান অগা-পিচাকৈ জোৰে জোৰে ঘঁহিলে। কাণৰ কাষৰ ৰূপালী চুলিকেইডাল তেল লাগি চিকচিকাই উঠিল। শেষ হ’বলৈ ধৰা সেন্দূৰৰ টেমাটোৰ পৰা অনামিকা আঙুলিৰে ঠেপেককৈ কঁপালতে ফোঁট এটাও ল’লে। সেন্দূৰৰ টেমাটো শেষ হ’বলৈ ধৰা কথাটোৱে তাইৰ মনটোত এক পলৰ কাৰণে চন্দ্ৰৰ ছবিখন আঁকি থৈ গ’ল। অ’ সেই চন্দ্ৰ দোকানীৰ ছবিখনেই যিয়ে দোকানৰ বস্তু দুটামানৰ লগতে সেন্দূৰৰ টেমা এটাও কিনোঁতে সেইটোৰ দামটো আনে গম নোপোৱাকৈ এৰি দিছিল। কিয় নল’লে তাইৰ সোধো বুলিও আজিলৈকে সোধাই নহ’ল। কথাটো ভাবিবলৈ লৈও আকৌ সামৰি থ’লে তাই, এতিয়া এইবোৰ ভাবিবলৈ বহিলে মাকে সুদাই নেৰিব। এনেই কমখন কথা শুনাইনে আনন্দীক?  এতিয়াও সেয়া বকিয়েই আছে। আনন্দীয়ে মাকনো ক’ত আছে জানিবলৈ কাণ পাতি ৰ’ল। আজিকালি মাত দিয়াৰ প্ৰয়োজনেই নহয়, মাকৰ পুৱাৰ পৰা তাইক বকি বকিয়েই দিনটো পাৰ হয়। হওক তেওঁ ঘৰখনৰ উদং ভাৱটো মাকৰ মাততেই কিছুপৰলৈ হেৰাই থাকে। বকক, যিমান বকিলেও আজিকালি তাইৰ দুখ নালাগে। মাকৰ বাহিৰে আৰু গালি পাৰিবলৈ আছেই বা কোন?

পুৱাই গাটো ধুই এয়া তাই পাকঘৰলৈ আহিছে। ভাতকেইটামান সিজাই মাকক দি ল’ব পাৰিলে দিনটোলৈ আৰু সেইফালে মুখ নকৰে। তাই আজিকালি এবাৰেই ভাত খায়। কালিয়েই আনি থোৱা ঢেঁকীয়াকেইডাল বাচি থাকোঁতে নাভাবো বুলি ভবা কথাবোৰেই আকৌ ঘূৰি ঘূৰি মনলৈ আহি থাকে তাইৰ। আনন্দী! কোনে কিয় বা দিছিল এই নামটো?  আনন্দৰ ছাঁটোকেইচোন আজিলৈকে দেখি নাপালে তাই। নাই যে নাই মাক-পিতাক একেলগে থাকোঁতেও, জীৱনলৈ তাই সুখ অহা দেখা নাই। কেতিয়াবা তাইৰ সুধিবলৈ মন যায়,-

“মই আহাৰ আগতে তোহোঁত সুখী আছিলিনেৱেই আই?”

পিছে তাই নোসোধে। মাকজনীৰ বুকুৰ ঘাঁবোৰ খুচৰি দিবলৈ তাইৰ সাহসে নুকুলায়। ভবাৰ মাজতে শুকান চৰুটোৰ তলিতে অকণমান তেল দি ঢেকীয়াখিনি বহাই ঢাকোন মাৰি দিলে তাই। ঢেঁকীয়াখিনি সিজিলেই চেঙেৰি টেঙাৰ জোলখন বনাই মাকক ভাতমুঠি দিব পাৰিব। খাওঁতে মাকে দুমুঠিমানহে ভাত খায়। কিন্তু পুৱাৰ ভাগতে সেইকণ নাপালে বুকু জ্বলা পোৰা কৰিবলৈ ধৰে। সেয়ে কিঞ্চিতমানো দেৰি হ’লে মাকৰ মুখখন খোল খায়। আৰম্ভ হ’লে আৰু বন্ধ হোৱাৰ নামেই নলয়। আগতে আনন্দীয়ে মাকৰ কথাবোৰত মুখে মুখে উত্তৰ দিছিল।

“কিমান আৰু জুই জ্বালি থাকা মোক?, পিতেই যাৱাৰ নিচিনাকে ময়ো গুচি যাম ৰহ, তেতিয়া থাকবি শান্তিত। পিতেই গেল ভালে হ’ল, তোৰ নিচিনা মুখচোকা তিৰি এটাৰ লগত কেংকে থাকিল হয়েই?”

“যা যা, ৰাখবু যা পিতেৰে, সেই মানহুখাইতীয়ে মোৰ বুকত কামোৰ মাল্লা। মুনহীৰ কথা কি ক’মেই, নিজৰ চলি হান মৰম কৰা বৈনীটোৱে যদি এইখিনি কৰবা পাচ্ছি, আৰু কাৰ ভাইগ’ক দোষ দিম?  সেই বাপেৰেৰহে চলি তই, ক’ত মাৰেৰ দুখ বুজবি। যা ইত্তেয়ে যা…”

কথাখিনি কৈ সেইদিনা মাকে বুকুত চপৰিয়াই চপৰিয়াই কান্দিছিল। আনন্দীয়ে নিজকে নিজকে চৰিয়াই লৈছিল। তাইনো কিয় ক’লে ইমান বেয়াকৈ মাকজনীক? নিজৰ ভনীয়েকেই যদি বায়েকৰ লগত এনে কৰে, সেই মানুহজনী আৰু মনেৰে সুস্থ হৈ থাকিবনে? সেই দুখেই মাকজনীৰ বাহিৰে ভিতৰে বুকু জ্বলাই থকা হ’ল। তাই সেইদিনাই শপত খালে মাকক আৰু পিতাকৰ কথা কোনোদিনেই একো নকয় তাই।

মাকক ভাতমুঠি বাঢ়ি দি তাঁতশালত বহিলগৈ আনন্দী। সেয়া মিনতিৰ বোৱাৰীয়েকে খৰকৈ মাকোঁ মাৰিছে। খিটিক্-খিট্ খিটিক্-খিট্ শব্দটো তাইৰ কাণত একেৰাহে পৰি আছে, তথাপিও বাৰে বাৰে খালী হ’বলৈ ধৰা সেন্দূৰৰ টেমাটো আৰু চন্দ্ৰৰ মুখখন অগা দেৱা কৰি আছেহি! আচলতে হৈছে কি তাইৰ আজি?  সেন্দূৰৰ ফোঁট লোৱাটো এতিয়াৰ কথাটো নহয়, সেই কলপুলিৰ তলত গাঁধোৱা দিনাৰেপৰা তাই মাকৰ সেন্দূৰৰ টেমাৰ পৰাই ফোঁট লৈ আছে। পিতাক যোৱাৰ পিছতো আনকি টেমাটো একেদৰেই আছিল। এটা সময়ত সেন্দূৰৰ টেমাটো মাকে নোখোলা হৈছিল, তেতিয়াৰ পৰা তায়ে ব্যৱহাৰ কৰি আহিছে। সেন্দূৰৰ ৰঙাখিনিয়ে তাইক কেতিয়াবা যদি সপোন দেখুৱাইছিল এতিয়া সেইবোৰ ধূলিত পোত যোৱা অতীত হৈ পৰিল। এতিয়া কোনো ৰঙেই মন প্ৰাণ পুলকিত কৰি নোতোলে। কেৱল কঁপালত ফোঁট লৈ লৈ বহি যোৱা দাগটো ঢাকিবলৈহে যেন এতিয়া সেন্দূৰৰ টেমাটো ঘৰলৈ আহে। চন্দ্ৰ দোকানীৰ ঘৈণীয়েক ঢুকোৱা পাঁচবছৰমান হ’ল নেকি? ল’ৰা ছোৱালী তিনিটা দেখোন ডাঙৰেই। সৰুজনীয়েই হাইস্কুলত পঢ়ি আছে। মাজুজনী ঘৰতে থাকে। ল’ৰাৰ বিয়াই পাতিব পৰা হৈছেগৈ। তেনেক্ষেত্ৰত চন্দ্ৰই কি কাৰণত? কথাখিনি ভাবি তাই উকমুকাই উঠিল। ক’ৰবাত তাইক পইচা নোলোৱাকৈ টেমাটো দি, বেলেগ কিবা আশা কৰিছে নেকি?  নাই নাই, তাই তেনে ছোৱালী যে নহয় কথাটো খোলাখুলিকৈ কৈয়েই দিয়া ভাল হ’ব। তেনেকৈ সুযোগ ল’ব জনা হ’লে আজিলৈকে এইদৰে থাকেনে তাই?  কালিলৈ দোকানলৈ গৈ চেগ চাই কথাটো সুধিব লাগিব।

ৰাতিলৈ আনন্দীৰ টোপনি নাহিল। জীৱনৰ কত সময় পাৰ হৈ গ’ল, সপোনবোৰো ৰূপালী ৰঙৰ হৈ পৰিল এতিয়া। এনেকুৱা সময়বোৰত সৰু কাললৈ বৰকৈ মনত পৰে তাইৰ। মুকুললৈ মনত পৰে। ভাল আছিল, যিমান যি হ’লেও সেই সময়খিনি বৰ ভাল আছিল। মুকুল এই এটাই মাত্ৰ নাম যিয়ে তাইক কোনো কাৰণ নোহোৱাকৈ ভাল পাইছিল কেতিয়াবা। আইতাকৰ লগত ডাঙৰ হোৱা ল’ৰাটো পিছে তাই ভবাৰ দৰে চিৰদিনৰ কাৰণে তাইৰ আশে পাশে থাকি যাব পৰা নাছিল। আইতাকৰ মৃত্যুত আশ্ৰয়হীন হৈ পৰা ল’ৰাটোক, সম্বন্ধীয় মোমায়েক এজনে কিবা কামত সোমোৱাই দিম বুলি কৈ লৈ গৈছিল। সেই যে গুচি গৈছিল মুকুল, সেইদিন ধৰি আৰু তাৰ নামটোও কাৰো মুখত শুনা মনত নপৰে তাইৰ। একো নাপালেও তাইৰ ভিতৰৰ মানুহজনীয়ে ভাবে, ঈশ্বৰে যদি মুকুলক ভালে ৰাখিছে, এতিয়া চাগৈ ক’ৰবাত তাৰো সংসাৰ এখন হ’ল। যোৱাৰ আগদিনা সি তাইক লগ ধৰি সুধিছিল,-

“এই জীৱনত মোৰ কোনোৱে নাই আনন্দী, তোকে মই নিজৰ বুলি ভাবোঁ,  তই ভাবা নে?”

আনন্দীয়ে উত্তৰ দিবলৈ পোৱা নাছিল। উত্তৰ দিবলৈ তাক লগ পোৱাৰ আগতেই মোমায়েকে লৈ গৈছিল তাক। তাইৰ কথাষাৰ শুনিবলৈ সময়বোৰ ৰৈ যোৱা নাছিল। সেয়াই প্ৰথম আৰু শেষ আছিল কোনোবাই তাইক আগ্ৰহেৰে কিবা সোধাৰ। তাৰ পিছত আৰু কোনেও কেতিয়াও তাইক তেনে কথা সুধি পোৱা নাই। তাইক বাৰু মুকুলে মনত ৰাখিছেনে?  তাই দেখোন পাহৰিব নোৱাৰিলেই অতদিনে! উকা যেন লগা জীৱনটোতো কত যে ভৰুণ পৃষ্ঠা থাকে, নিৰৱ সময়বোৰত সেই অদৃশ্য পৃষ্ঠাবোৰ খুলি লোৱা হয় নিজৰ বাবেই। আনন্দীৰো একেই…!

শেহৰাতিলৈ তাইৰ টোপনি আহে। বহুদিনৰ মূৰত সপোন এটাও দেখে তাই। এহাতত সৰু আইনাখন আৰু আনখন হাতত সেন্দূৰৰ টেমাটো লৈ তাই ৰৈ আছে খিৰিকীমুখত। পুৱাৰ বেলিটো তাইৰ খিৰিকীয়েদি সোমাই আহিছে। টেমাৰপৰা অকণমান ৰং আঙুলিত লগাই নাকৰ পৰা ক্ৰমশঃ ওপৰলৈ যাবলৈ ধৰিছে হাতখন। বেলিৰ পোহৰৰ ৰং আৰু সেন্দূৰৰ ৰং একাকাৰ হৈ গাল মুখ ৰাঙলী কৰি তুলিছে তাইৰ আৰু…!

সাৰ পাই নিজৰ সপোনটোৰ ওপৰতে হাঁহি উঠিল তাইৰ। সদায়ৰ দৰে মাকৰ গালিকেইটাৰে দিনটো আৰম্ভ কৰি কামত লাগিল। ৰন্ধা-বঢ়া শেষ কৰি মাকে বকিলেও তাঁতশালত বহাৰ আগতেই দোকানৰ পৰা আহোঁগৈ বুলি ওলাল তাই। পিছলৈ মানুহৰ ভিৰ বাঢ়িলে কথাটো পাতিবলৈ অসুবিধা হ’ব। পিন্ধি থকা কাপোৰখিনি জাৰি জোকাৰি তাই দোকানলৈ বুলি ওলাই গ’ল।

দোকানত কোনো নথকা দেখি চিন্তা কিছু কমিল। লাহে লাহে আগবাঢ়ি গৈ তাই চন্দ্ৰক কথাটো সুধিবলৈ লওঁতে সিয়েই আগভেটি সুধিলে,-

“তোক কিবা লাগছিল?”

“অ, সিন্দূৰৰ টেমা এটা…”

কি বুলি কথাটো আৰম্ভ কৰিব আকৌ এবাৰ মনতে ভাবি ল’লে তাই।

“হো এইটো, আৰু কিবা?”

এইবাৰ পইচাটো হাতত দিবলৈ লৈ, একো নালাগে বুলি মূৰ দুপিয়ালে। চন্দ্ৰই অলপ সময় ইচ্ছা কৰিয়েই তাইলৈ চাই ৰ’ল। তাৰ পিছত নিজেই ক’লে,-

“তই সিন্দূৰৰ দামটো নেদিলিও হ’বো দে মোক”

“কিয়া?  সেইদিনাও লৱা নাছিলি দেখোন? কাৰণটো কোউছু মোক”

আনন্দীৰ মাতটোত অলপ খং উঠা যেন লাগিছিল। চন্দ্ৰই শান্তভাৱেই ক’লে,-

“সিন্দূৰৰ ফোঁটাটো ল’লি তোৰ মুখখান পোহৰ পোহৰ দেখি, সেই পোহৰটো দেখিলি এনেয়ে মনটো ভাল লাগেই দেখোন। মই একো বেলেগ ভাবা নাই দে, চিন্তা নকৰবি। তই বেয়া পাইছা যদি এইবাৰৰ পে এনেই নেদো, ভালকে গাখীৰ দিয়া চাহ এককাপ খুৱেবি হ’বোনে…!”

পিছৰ কথাষাৰ যে সি এনেই ক’লে, সেইটো বুজিবলৈ আনন্দীৰ এক মুহূৰ্তও লগা নাছিল। কিন্তু কথাটোত তাইৰ আপত্তি কিয় কৰিবলৈ মন নগ’ল, সেইটোৱেহে তাইক আচৰিত কৰিলে। ঘৰলৈ আহি তাই বহুদিন ভালকৈ নোচোৱা মুখখন সৰু আইনাখনত জুমি জুমি চালে। আছে নেকি?  এতিয়াও তাইৰ চকু মুখত পোহৰ আছে নেকি?  নিজৰ কঁপালখনলৈ চকু গ’ল। অসমানকৈ লোৱা সেন্দূৰৰ ফোঁটটো অকণমান বিয়পি পৰিছে। গাৰ চাদৰখনেৰেই অ’ত ত’ত লগাখিনি মচি ল’লে তাই। খিটিক্  খিট্ খিটিক্ খিট্, মিনতিৰ বোৱাৰীয়েকৰ তাঁতশালৰ শব্দটো আজি আৰু খৰকৈ তাইৰ বুকুতে বাজি থকা যেন লাগিল। কিয় জানো, কঁপালৰ সমান ফোঁটটো, আঙুলিৰে ঘূৰাই ঘূৰাই উজ্বল ঘূৰণীয়া কৰি তুলিবলৈ মন গ’ল আনন্দীৰ …

০০০০০

বি: দ্ৰ: (কথোপকথনত দৰং জিলাৰ উপভাষা প্ৰয়োগ কৰা হৈছে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক