ৰেডিঅ’ৰ অনুভৱ (মিতালি বৰ্মন)

আগতে সময় পালেই ৰেডিঅ’ শুনো। এতিয়াও তাৰ ব্যাতিক্রম নহয়… সময় পালেই মোবাইল ফোনৰ এফ.এম.টো চলাই দিওঁ। কালি ৰেডিঅ’ৰ কোনোবাটো চেনেলত শুনা কথাকেইষাৰমানে মনটো ভৰাই তুলিলে। কথাখিনিৰ ভাবানুবাদখিনি আপোনালোকৰ স’তে ভগাই ল’বলৈ মন মেলিলোঁ…

“… এতিয়া হয়তো আমি আমাৰ চুবুৰীৰ বা একেটা ফ্লেটতে থকা মানুহখিনিকো ভালদৰে চিনি নাপাওঁ। কিন্তু এনেকুৱা সময়ো আমি অতিবাহিত কৰি আহিছোঁ, যিসময়ত প্রতিটো চুবুৰীৰ প্রতিঘৰ মানুহকে আমি চিনি পাইছিলোঁ। এনে এটা সময় আছিল যেতিয়া এটা চুবুৰীত মাথোঁ এটাহে টি.ভি. আছিল। আমি সকলোৱে মিলি-জুলি টি.ভি. চাইছিলোঁ। ৰামায়ণ আৰম্ভ হোৱাৰ আগে আগে সৰু সৰু ল’ৰা-ছোৱালীবোৰে আহি কঠ-ঢাৰি আদি পাৰি বহি গৈছিল আৰু ডাঙৰবোৰে চকী, টুল, মুঢ়া আদি যিয়ে যেনেকৈ পাৰি তাতে বহি গৈছিল। সকলোৱে একেলগে ক্রিকেট খেল চাইছিল। সন্ধিয়া কামৰ পৰা আহিও দেউতাহঁত সমবয়সীয়াসকলৰ স’তে লগ হৈ আড্ডা মাৰিছিল। অ’ফিচৰ জঞ্জাল, ঘৰুৱা সমস্যা আদি সকলো আলোচনা কৰিছিল… লগে লগে মনবোৰো মুকলি হৈ পৰিছিল। কিন্তু আজিৰ ব্যস্ত জীৱনত আমাৰ চুবুৰীৰ বা একেটা ফ্লেটত থকা কাৰোবাক হাঁহি এটা মাৰি কুশল-বার্তা সুধিবলৈয়ো আমাৰ আহৰি নাই। কাৰণ আমি তেওঁলোকক ভালদৰে চিনি নাপাওঁ।

এনেকুৱাও এটা সময় আছিল যেতিয়া গোটেই গাঁওখনৰ মাত্র এঘৰতহে টেলিফোন আছিল। সেই এটাই মাথোঁ টেলিফোন আছিল ঘৰৰ পৰা আঁতৰত থকাসকলৰ ঘৰখনৰ স’তে সুচল যোগাযোগৰ মাধ্যম। গাঁৱৰ আন কাৰোবালৈ ফোনকল আহিলে সেই ফোন থকা মানুহঘৰৰ কোনোবা এজন দৌৰ মাৰি গৈ খবৰ দিছিল “আপোনালোকৰ অমুকে ফোন কৰিছে। আকৌ ১৫ মিনিট পাচত কৰিব। আপোনালোক সোনকালে আহক।” কিন্তু আজি সকলোৰে হাতে হাতে মোবাইল ফোন। কোনেও কাকো আনৰ ঘৰলৈ ফোন কৰাৰ দৰকাৰ নাই, কোনেও কাকো খবৰ দিয়াৰ দৰকাৰ নাই।…”

কথাখিনি শুনাৰ পাচত শৈশৱলৈ মনটো উৰা মাৰিছিল আৰু তাৰ পাচত বহু সময় মনটো উৰুঙা উৰুঙা লাগি আছিল…!!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments