ৰেডিঅ’ শুনা দিনবোৰ — আৰমান হাজৰিকা

আমাৰ ঘৰৰ ৰেডিঅ’টো হেনো চীনা যুদ্ধৰ সময়তে কিনা। অৰ্থাৎ মোৰ জন্মৰো এবছৰ আগৰ। ৰেডিঅ’টো মাৰ জীউটো যেন আছিল। মায়ে সদায়ে কয়, ‘এইটো মোৰ নিজৰ পইচাৰে কিনা! ‘ তাৰমানে, আব্বাৰ দৰমহাৰ পইচাখিনি আনি মাৰ হাতত দিয়াৰ পিছত, মায়ে পইচাৰ জাপটো ট্ৰাঙ্কত তলা মাৰি থয়। তেতিয়া সেইখিনি পইচা ঘৰৰ হয়। আব্বাক মায়ে মাহৰ প্ৰথম শনিবাৰে তাৰে কেইখন মান নোট দি কয়, “যাওক, দোকানৰ উঠনাৰ হিচাপটো কৰি আহকগৈ!” তেনেকৈয়ে ইটো-সিটো-বহুতো কৰি যদি কেনেবাকৈ মাহটোৰ শেষত কেইটামান ধন ৰাহি হয়গৈ, সেইকেইটা ধন ট্ৰাঙ্কৰ তলিত পাৰি থোৱা খবৰ কাগজখনৰ পৰা নামি গৈ খবৰ কাগজ খনৰ তলত সোমাইগৈ। তেতিয়া সেইকেইটা ‘মাৰ পইচা’ হৈ যায়। তাৰ লগতে, ঘৰৰ গাই কেইজনীৰ গাখীৰ এপোৱা, আধেৰ মানকৈ বেছি, লগতে আমাৰ পৰা লুকুৱাই ৰাখি ৰাখি বেচা ঘৰৰ কুকুৰাৰ কণীকেইটা বেচি পোৱা ধন কেইটাও মাৰ নিজৰ পইছা! গাখীৰ বেচাৰ লগত আমাৰ লেনদেন নাই। কিন্তু, “কুকুৰাৰ কণীবোৰ বেচি বেচি অকল ধন ঘটিলে হব নেকি” বুলি আমি বিষোদ্গাৰ কৰিলে মায়ে বুজনিৰ সুৰত কয়, “তহঁত সৰু ল’ৰা, বেছি কণী খাব নাপায়। বেছিকৈ কণী খালে হাইপ্ৰেচাৰ হয়।” বুলি আমাৰ ভালৰ কাৰণেহে মায়ে কণীবোৰ বেচিছে বুলি আমাক পতিয়ন নিয়ায়। অৱশ্যে মায়ে সেইদৰে গোটোৱা ‘নিজৰ পইছা’ৰে ঘৰখনলৈয়ে একো একোটা সম্পত্তি গোটায়। ৰেডিঅ’টোও তেনেকৈয়ে গোটোৱা। “ৰেডিঅটোৰ দাম কিমান আছিল” বুলি সুধিলে মায়ে এতিয়াও সেই তেতিয়াৰে ষ্টাইলতে কয়, “চাৰিকুৰি পোন্ধৰ টকা, এশলৈ মাত্ৰ পাঁচ টকা কম!”

চীনা যুদ্ধৰ কেইদিন হেনো নতুন ৰেডিঅ’টো ঘৰৰ চোতাললৈকে উলিয়াই দিছিল, চুবুৰীৰ প্ৰায়বোৰ মানুহেই চোতালতে চকী, মুঢ়া, পীৰা পাৰি লৈ বয়সানুসাৰে বহি সকলোৱে নীৰৱে বাতৰি শুনিছিল। বাতৰি শেষ হোৱাৰ পিছতো, এপৰমান সময় সকলোৱে পিছৰ পৰ্য্যায়ত কি হব পাৰে, তাকে লৈ বিচাৰ- বিমৰ্ষ কৰিছিল।

তেতিয়াৰ দিনত ৰেডিঅ’ ঘৰে ঘৰে নাছিল। ৰেডিঅ’ থকা মানুহ কেইঘৰক ওচৰ-চুবুৰীয়াই ধনী মানুহ বুলিয়ে ভাবিছিল। ৰেডিঅ’ থকা মানুহে চোতালৰ দুমূৰে দুটা জাতিবাঁহৰ খুটা পুতি, তাতে ইটো খুটাৰ পৰা সিটো খুটালৈ ক’লা বৰণীয়া সূতাৰ ইনচুলেশ্যন লগোৱা এদলীয়া তাঁৰ এডাল বান্ধে। তাৰে মাজ ভাগৰ পৰা আকৌ এডাল তেনে তাঁৰ জোৰা দি আনি এটা প্লাষ্টিকৰ কভাৰ লগোৱা ৰঙা পিন এটাত জোৰা দিয়ে। সেই পিনটো ৰেডিঅ’ৰ পিছফালে এটা বিন্ধাত গুজা মাৰি লগাই দিব লাগে, তেহে ৰেডিঅ’ৰ মাতষাৰ ওলায়। এই বাঁহৰ খুটা, তাঁৰ আদিৰে গোটেই যতনটোক ‘এৰিয়েল’ বুলি কৈছিল। আমাৰ মায়ে আকৌ আমি ডেকা হোৱালৈকে, আকাশত বেছিকৈ বিজুলী-ধেৰেকনী মাৰিলে, আখল ঘৰৰ য’ৰ কাম ত’তে পেলাই, ফোঁ-ফোৱাই আহি ৰেডিঅ’ৰ পিছফালৰ পৰা এৰিয়েল নামৰ পিনটো উলিয়াই থয়। আকাশত বিজুলী ঢেৰেকনী বেছিকৈ মাৰিলে, আমাক ঘৰত ৰেডিঅ’ বজোৱাটো সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰি দিছিল। পিছলৈ, এই দুটা খুটাৰ এৰিয়েলৰ সলনি, এটা জাতিবাহঁৰ খুটাৰ একেবাৰে ওপৰত পাইঠাগোৰাচৰ উপপাদ্যৰ নিচিনাকৈ ত্ৰিভুজ এটাৰ আকাৰত, বাহঁৰ টুকুৰা দুটা গজালদি লগাই তাৰ পৰাই এৰিয়েল লগাব পৰাৰ যোগাৰ হৈছিলগৈ। সেইটোকে সেই সময়ত এক বিশিষ্ট উদ্ভাৱন বুলি গণ‍্য কৰিছিল। তেতিয়াৰে পৰা প্ৰায় ১৯৭৫ চন মানলৈকে ঘৰত ৰেডিঅ’ ৰাখিলে, লাইচেঞ্চ ৰাখিবও লাগিছিল। পিছলৈ বছৰি প্ৰায় পোন্ধৰ টকা মানৰ ষ্টাম্প এটা ডাকঘৰত গৈ লগোৱাই আনিব লাগিছিল। মায়ে জানুৱাৰী মাহ সোমোৱাৰ লগে লগে আমাক ডাকঘৰলৈ পঠিয়াই ‘ৰেডিঅ’ৰ লাইচেঞ্চৰ ষ্টাম্প’ আহিলেনে নাই খবৰ কৰোৱাই থাকে। মোৰ মনত থকা ষ্টাম্পটোত মৃদঙ্গ, তবলা আদিৰ ফটো আৰু ‘আকাশবাণী’ বুলি হিন্দীত আৰু লগতে All India Radio বুলি ইংৰাজীত লিখা আছিল। মাজে মাজে চৰকাৰী ইঞ্চপেক্টৰ আহি কেতিয়াবা লাইচেঞ্চৰ বহীত টিকট লগোৱা হলনে নাই চাই যায়হি। মই এদিন মাক সুধিলোঁ, “আমি পইছা দিহে ৰেডিঅ’ কিনিলোঁ, আকৌ বছৰি লাইচেঞ্চৰ নামত কিয় ধন দিব লাগে?” মায়ে ৰেডিঅ’ ষ্টেশ্যনৰ কথাবোৰ মোক বুজাই বাতৰি, গীত আদিৰ কথাৰে কিবাকিবি বুজাইছিল। মই গোটেইবোৰ বুজি নাপালোঁ, কিন্তু, কেবাবছৰলৈকে এটা কথা মোৰ মগজুত নিগাজিকৈ বহি আছিল যে, ‘আমি দিয়া, বছৰি এই পোন্ধৰ টকাটোৰ কাৰণে লতা মঙ্গেশকাৰ, মহম্মদ ৰফী হঁতে পুৱাৰে পৰা নিশালৈকে ৰেডিঅ’ ষ্টেশ্যনত বহি গান গাই থাকে!

আমাক পুৱাতে শেতেলি এৰুৱাবলৈ মায়ে আহি ৰেডিঅ’টো বজাই দিয়ে, মানে আজিকালিৰ ভাষাত কবলৈ গলে ‘ৰেডিঅ’ অন কৰি দিয়ে। ‘ যদি ৰেডিঅ’ই একো মাতবোল নকৰে, তেতিয়া জানো, পুৱা ছয় বাজিবলৈ এতিয়া কমেও আধাঘণ্টামান আছে। তেতিয়া গাত লৈ থকা নিহালিখন অকণমান টানি আজুৰি লৈ কাণ-মূৰ ঢাকিহে লওঁ। তাকে নহৈ যদি ‘টোঁ……..’ কৈ শব্দ এটা হয়, তেনে কাপোৰখন এহাত এহাত মানকৈ ভৰিৰ ফালে ঠেলি এঙামুৰি এটা দি মাক চাহ একাপৰ কাৰণে ফৰমাইচ দি দিয়াই ভাল। মায়ে ৰেডিঅ’টো বন্ধ কৰি দি আঁঠুৱাখনৰ চাৰিটা মুৰ চাৰিওচুকৰ চাৰিটা গজালৰ পৰা এৰুৱাই আঁঠুৱাখন শুই থকা ‘মই’টোৰ ওপৰতে বাঘৰ জাল পেলোৱাদি পেলাই থৈ যায়। সেইটো ছিগনেল আওকাণ কৰা মানে, যিকোনো মুহূৰ্ততে বিছনীৰ নালটো আমাৰ ক’লাফুলত পৰাটো নিৰ্ঘাত।

তেতিয়া ল’ৰা-লৰিকৈ উঠি ভাল ল’ৰাৰ নিছিনাকৈ আখললৈ গৈ জ্বলি থকা কাঠখৰি এডালৰ আগটোৰ অঙঠাকন ভাঙিলৈ তাতে উতলি থকা কেটলীৰ পানী অকণ বাকী টুথপেষ্টৰ যোগাৰ কৰি লওঁ। পুৱাৰ সকলো কাম খৰ! মায়ে বাকী দিয়া চাহকাপৰ লগত কটা বিস্কুট এডোখৰ লৈ পঢ়া টেবুলত বহাৰ আগতেই ৰেডিঅটো বজাই দিওঁ। লগে লগে ৰেডিঅত টেঁ…. টেঁ…. কৈ আমাৰ ককাহঁতৰ দিনৰে পৰা চলি থকা বাজনা এটা বাজে। পিছত হে জানিছিলোঁ, সেই বাজনাটো ‘ৱাল্টাৰ কাফমান’ নামে এজন চেক লোকে বজাইছিল, ১৯৩৬ চনতে। পিছত সেইটো সঙ্গীত সমগ্ৰ স্বাধীন ভাৰতবৰ্ষৰে ‘আকাশবাণী’ত পুৱা, দুপৰীয়া আৰু সন্ধিয়াৰ অনুষ্ঠান আৰম্ভ হোৱাৰ আগে আগে বাজিছিল। এই যন্ত্ৰসঙ্গীতটো হেনো কিছুদুৰ ‘ৰাগ শিৱৰঞ্জনী’ৰ লগত মিল আছে। আন এটা কথাও আমাৰ ভালকৈ মনত আছে। দক্ষিণ ভাৰতৰ ফালে ভাৰতীয় ৰেডিঅ’ৰ বিষয়ে ঘোষণা কৰোঁতে All India Radio বুলিহে কয়। এবাৰ কেন্দ্ৰীয় চৰকাৰে দক্ষিণ ভাৰততো ‘আকাশবাণী’ কোৱাটো বাধ্যতামোলক কৰিছিল। পিছে, দক্ষিণৰ MGR আদিৰ দৰে নেতা সকলৰ পৰা ধমক খাই, দুই-চাৰিদিনতে আকৌ All India Radio বুলি কবলৈ এৰি দিছিল।

মিডিয়াম ৱেভৰ ৫২৬ দশমিক তিনি এক মিটাৰত এয়া আকাশবাণী ডিব্ৰুগড়…….. এনেকৈয়ে আমাৰ পুৱাৰ চাহকাপ, অঙ্কৰ কিতাপৰ ‘দ্বিঘাত সমীকৰণ’ আদিৰ দৰে অঙ্কবোৰ আৰু ৰেডিঅ’ত পুৱা ৬ বজাৰ পৰা আৰম্ভ হোৱা ভক্তিগীতি একেলগে চলিছিল। আধাঘণ্টা মান পিছত ৱাংচু, নক্তে আদি অনুষ্ঠানবোৰ আৰম্ভ হলে, একো বুজি নাপাওঁ বাবে ৰেডিঅ’টো বন্ধ কৰি থওঁ। ৭ বাজি ৫ মিনিটৰ আগে আগে আকৌ ৰেডিঅ’টো আৰম্ভ কৰি দিওঁ। তেতিয়াও নক্তে অনুষ্ঠান চলিয়ে থাকে। তাতো একো নুবুজোঁ যদিও “নক্তে প্ৰগ্ৰাম আটকলা টুৱেণ্টা” বুলি কলে বুজি পাওঁ যে, নক্তে অনুষ্ঠান শেষ হৈ এতিয়া দিল্লীৰ পৰা অসমীয়া বাতৰি দিব।

”এয়া আকাশবাণী, বাতৰি পঢ়িছোঁ লিলি দাস মালিকে…” এই বাক্যশাৰী এসময়ত প্ৰায় সকলো অসমীয়াৰ অতি মৰমৰ বাক্য আছিল। বাতৰিৰ পিছত যদিও ৰেডিঅ’টো চলি থাকে, তথাপিও তেতিয়া আমাৰ মগজু হোমৱৰ্ক কৰি নিবলৈ দিয়া অঙ্কবোৰ, আৰু উত্তৰবোৰেহে পাক খুৱাই ৰাখে। ‘সংস্কৃত শিক্ষাৰ অনুষ্ঠান’ আদি কথাবোৰ মগজুত নোসোমায়। চাৰে আঠবজাৰ গীতিমঞ্জৰীত ধুনীয়া ধুনীয়া অসমীয়া আধুনিক গীতবোৰ বাজিলেহে এটা কথা বুজি পাওঁ যে, ৰেডিঅ’ৰ ভলিউমটো ঘৰৰ সকলোৱে শুনাকৈ বঢ়াই দি স্কুললৈ যাবলৈ ওলাবৰ হয়।

ৰেডিঅ’ৰ ভলিউমৰ লগতে মনত পৰিছে, আগতে ৰেডিঅ’বোৰ বেটেৰীতহে চলিছিল। তেতিয়া চহৰৰ বাদে বাকী অঞ্চলৰ ৰাইজৰ ঘৰে ঘৰে বিজুলী সংযোগ নাছিল বুলিবই পাৰি। বহুতে বিজুলী সংযোগ থাকিলেও বেটেৰীতহে ৰেডিঅ’ চলাইছিল। বেটেৰীটোও প্ৰায় ইটা এচপৰাতকৈ অকণমানহে সৰু আছিল। ৰঙা ৰঙৰ বেটেৰীটোৰ ভল্টেজ বুজাবলৈ তাতে ৯ ভল্ট বুলি ইংৰাজীত 9 লিখা থাকে। তাৰ মাজতে ক’লা মেকুৰী এটা বহি থাকে। বেটেৰী শেষ হবৰ সময় হলে, ৰেডিঅ’ৰ মাতষাৰ সৰু হৈ আহে। তেতিয়া দুদিনমান ঘনাই ঘনাই বেটেৰীটো ৰ’দত দি বেটেৰীটোক জীৱনশক্তি বঢ়াবলৈ চেষ্টা কৰোঁ। সৰুতে এই পেলনীয়া বেটেৰীটোকে আমি আমাৰ খেলাঘৰত টেবুল হিচাপে সজাই থওঁ। বেটেৰী শেষ হলে বা ৰেডিঅ’ কিবা কথাত বেয়া হলে, সেই কেইদিন মাৰ মূৰটো গৰম হৈ থাকে, আৰু আমাৰো ঘৰখন মৰিশালি যেন লাগে।

ঘৰত থাকিলে দুপৰীয়া বাৰ বজাৰ লগে লগে আকাশবাণী ডিব্ৰুগড় বজাই দিওঁ। পিছে আমি পঞ্চম শ্ৰেণী মানত থকাৰে পৰা দুপৰীয়া বাৰ বাজি দহ মিনিটৰ পৰা বিদ্যাৰ্থীৰ অনুষ্ঠান দিবলৈ আৰম্ভ কৰিলে। অনুষ্ঠানৰ আগে পিছে ভূপেনদাৰ ‘জিলিকাব লুইতৰে পাৰ’ গীতটো যন্ত্ৰসংগীতত বাজে। অনুষ্ঠানটো যদিও ছাত্ৰ-ছাত্ৰীৰ বাবে আছিল, আমি পিছে সেইটো স্কুললৈ নোযোৱা বা অসম বন্ধ আদি থকাৰ দিনাহে শুনিবলৈ পাইছিলোঁ। তাৰপিছত পশ্চিমীয়া সংগীত, বাতৰি, কৃষি নিৰ্দেশনা আদি সকলোবোৰ শুনোৱাই হে ডেৰবজাৰ পৰা সৈন‍্যবাহিনীৰ অনুষ্ঠান আৰম্ভ হয়। তাৰপিছত আকাশবাণী ডিব্ৰুগড়ে জিৰণি লয় যদিও আমি ৰেডিঅ’ৰ পিছত ‘হাত ধুই পৰি যাওঁ’। মিডিয়ামৰ পৰা চৰ্ট ৱান ৱেভ বা চৰ্ট টু আৰু তাতো বিচাৰি নেপালে চৰ্ট থ্ৰী ৱেভ বদলাই গান বজোৱা চেণ্টাৰ বিছাৰি ফুৰোঁ। বিবিধ ভাৰতী বা নেপালৰ কাৰ্চিয়াং চেণ্টাৰত সেই সময়ত ভাল ভাল জনপ্ৰিয় হিন্দী গীত বাজে। বহুতে পিছে পুৱা-গধূলি যেতিয়াই তেতিয়াই ৰেডিঅ’ চিলোন হে বজায়। ৰেডিঅ’ চিলোনৰ অনুষ্ঠান পৰিবেশন কৰা ধৰণটো ৰাইজৰ মাজত খুব জনপ্ৰিয় হৈছিল। ‘বিনাকা গীতমালা’ আদিৰ দৰে অনুষ্ঠানবোৰে আজিও আমাৰচাম শ্ৰোতাক নষ্টালজিক কৰে। ‘বিনাকা টুঠপেষ্ট’ নাম সলাই ‘চিবাকা’ হলগৈ যদিও, শ্ৰোতাই ‘বিনাকা গীতমালা’ আৰু তাৰ পৰিবেশক আমিন চয়ানীৰ “বেহনোঁ ঔৰ ভাইওঁ..” বোলা মাতষাৰ পাহৰিব পৰা নাই। চৰ্ট ৱেভত ৰেডিঅ’ বজাবলৈ হলে কেতিয়াবা বৰ সমস্যায়ো দেখা দিয়ে। প্ৰায়ে শুনিব খোজা অনুষ্ঠানটোৰ ওচৰে পাজৰে চীনা ভাষাৰে কথা কোৱাৰ নিচিনা অনুষ্ঠান এটাই কোৰ্হাল কৰি থাকেহি। ঠিক আজিকালিৰ বজাৰত পুতলা কিনিবলৈ যোৱা নিচিনা হয়। ভাৰতীয় পুতলা বুলি কিনি আনি দেখিব যে, সেইটো মেড ইন চাইনা হে! তেতিয়া আমি চৰ্ট ৱেভত ৰেডিঅ’ শুনিবলৈ ললেও, চীনা নিচিনা অনুষ্ঠানবোৰে মুৰটো গৰম তুলি দিয়ে। আজিকালি FM ৰেডিঅ শুনাসকলে সেইটো সমস্যা বা তাৰ আঁৰত থকা সৌন্দৰ্য্যকণ বুজি নাপাব। অবশ্যে এটা কথা মানিবই লাগিব, ৰেডিঅ’ই একো একোটা অঞ্চলৰ ভাষাক এক মাত্ৰা প্ৰদান কৰাত সহায় কৰিছিল। ‘আকাশবাণী গুৱাহাটী’ কেন্দ্ৰ স্থাপন হোৱাৰ পিছত হেনো, নামনি অসমৰ মানুহে, উজনিৰ মানুহৰ কথা কলে, “ৰেডিঅ’ৰ নিচিনা কথা কৱা মানুহ” বুলি কয়। আজি এমাহ মানৰ আগতে, জাৰ্মানীত থকা অসমৰ এজন অৱসৰপ্ৰাপ্ত অধ্যাপকেও মোৰ লগত ফোনত কথা পাতোঁতে এই কথাষাৰ উল্লেখ কৰি কৈছিল যে, “এসময়ত সমগ্ৰ ইটালীতে অঞ্চল ভেদে ভাষাৰ তাৰাতম্য আছিল। ৰেডিঅ’ৰ অনুষ্ঠানবোৰেহে সমগ্ৰ ইটালীকে এটা উমৈহতীয়া ভাষাৰ আওঁতালৈ আনিলে।”

নিশাৰ অনুষ্ঠানবোৰ তুলনামুলক ভাবে বেছি জনপ্ৰিয় আছিল। দূৰদৰ্শন আৰম্ভ হওঁতে যিদৰে ‘চিত্ৰহাৰ’ বা দেওবাৰে পুৱা দিয়া ‘ৰংগোলী’ জনপ্ৰিয় আছিল, সেইদৰেই আমাৰ দিনত আকাশবাণী গুৱাহাটীৰ ‘কল্পতৰু’ বা আকাশবাণী ডিব্ৰুগড়ৰ ‘সুৰৰ সাতেসৰী’ জনপ্ৰিয় আছিল। এই অনুষ্ঠানবোৰৰ নামকৰণ কৰোঁতে যিটো সূক্ষ্ম আৰু মননশীলতাৰ পৰিচয় দিছিল, সেইটো ভাবিলে তবধ মানিব লাগে। শ্ৰোতাৰ অনুৰোধত তেওঁলোকে যিটোকে শুনিব বিছাৰে, সেই শ্ৰোতাসকলৰ দীঘল তালিকাখন পঢ়ি তেওঁলোকৰ মনে বিচৰা গীতটো শুনোৱাই দিয়া কাৰণে সৰগৰ কল্পবৃক্ষৰ অনুকৰণত ‘কল্পতৰু’ ৰখা; আকৌ ডিঙিত পিন্ধা সাতসেৰিয়া মণিডালৰ অনুকৰণত কেবল সাতটা গীতহে বজোৱা অনুষ্ঠান হিচাপে ‘সুৰৰ সাতেসৰী’ ৰখাটোৰ আঁৰত, অনুষ্ঠানৰ উদ্যোক্তা সকলৰ চিন্তা-চৰ্চাক শ্ৰদ্ধা জনাবই লাগিব। বাকীবোৰ অনুষ্ঠানৰো নামবোৰ ইমান খাপ খাই পৰিছিল। যেনে, আইদেউৰ বুলনি বা ঘৰজেউতি, ডাক পখিলী, যুৱবাণী, সেউজী চ’ৰা ইত্যাদি ইত্যাদি। পিছে সেই সময়ৰ আকাশবাণী ডিব্ৰুগড়ে শ্ৰোতাৰ মনোৰঞ্জন কৰিবৰ বাবে দেওবাৰৰ সন্ধিয়া আগবঢ়োৱা ‘বৰ্ণালী’ নামৰ অনুষ্ঠানটো বোধহয় জনপ্ৰিয়তাৰ শীৰ্ষত আছিল। এইটো অনুষ্ঠানৰ ঘোষক হিচাপে চৈয়দ চাদুল্লাই গমগমীয়া কণ্ঠস্বৰেৰে সৈতে, “নমস্কাৰ প্ৰিয় শ্ৰোতাবন্ধু..” বুলি আৰম্ভ কৰা বাক্যশাৰীয়ে আজিও বহুতকে গভীৰ নষ্টালজিয়াৰে আবেগিক কৰি তুলিব পাৰিব।

নাটক পৰিবেশনৰ দিশত আকাশবাণীয়ে সমাজত কিমান যে প্ৰভাৱ পেলাইছিল, ভাবিলে আচৰিত হব লাগে। তেতিয়াৰ শ্ৰোতাসকলো বাধ্যত পৰিয়ে ধৈৰ্য্যবান হব লগা হৈছিল। সপ্তাহত এবাৰকৈ আধাঘণ্টাৰ বাবে পৰিবেশিত হোৱা ধাৰাবাহিক নাটকখন শুনিবলৈ ৰাইজে ৰেডিঅ’ৰ সন্মুখত বহি বহি অপেক্ষা কৰাৰ কথা, বোধহয় আজিৰ চাম ল’ৰা- ছোৱালীয়ে কলেও বিশ্বাস কৰিবলৈ টান পাব। পিছে, সেই সময়তে অসমৰ সাহিত্য জগতৰ ৰথী- মহাৰথী সকলৰ সৌজন্যত অসমীয়া ৰাইজে বিভিন্ন সামাজিক, পৌৰাণিক, ধেমেলীয়া, কৰুণ, ৰহস্যমূলক আদি বিভিন্ন ৰসৰ নাটক উপভোগ কৰিবলৈ পাইছিল। ৰেডিঅৰ এই নাটকৰ জগতখনে মোক গভীৰভাবে আকৰ্ষিত কৰিছিল। মই নিজে মঞ্চ নাটকত অভিনয় কৰিছিলোঁ। ডেকা বয়সত নাটক লিখিবলৈ আৰম্ভ কৰিছিলোঁ। অবশেষত যেনিবা মই লিখা শিশু উপযোগী এখন নাটৰ পৰিচালনাৰে সেউজীচ’ৰাত আৰু আন এখন স্বৰচিত নাটক পৰিচালনা আৰু অভিনয়েৰে যুৱবাণী অনুষ্ঠানত ভাগ লৈ মোৰ এই আকৰ্ষণৰ জগতখনৰ লগত কিছু চিনাকি হৈ লৈছিলোঁ।

ৰেডিঅ’ৰ কথা কৈ কৈ মই নিজেই নষ্টালজিক হৈ পৰিছোঁ। পিছে কিছুদিনৰ আগতে বন্ধু এজনৰ মুখেৰে, বৰ্তমানৰ চৰকাৰে পৰ্য্যায়ক্ৰমে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ ইতি পেলাবলৈ পৰিকল্পনা কৰা বুলি শুনি গভীৰ দুখ অনুভৱ কৰিছোঁ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক