ৰেড লেণ্ডস্কেপ – স্তূতি বন্দনা বৰকাকতী

কেঁকুৰিয়ে কেঁকুৰিয়ে জীৱনে বাট সলায়৷ পিঠিৰ বেগটোত কেমেৰাটো কঢ়িয়াই প্ৰতিটো কেঁকুৰিৰ ভাঁজবোৰক লিপিট খুৱাই দেৱালত আঁৰি থ’ব পৰাকৈ বহু ছবি থাকে৷

উৰি থকা লেন্স এখন আৱদ্ধ হোৱা এজাৰ-ৰঙৰ উপত্যকাখন কেতিয়াবা কল্পনাত অনুভৱ কৰিব পাৰি৷ উপত্যকাৰ মাজত ক’ত কাহিনী, ক’ত হাঁহি, ক’ত উচুপনি…এইখন কোনো দিন নিজম নপৰা উপত্যকা৷ মায়া লগা উপত্যকা, য’ত প্ৰেম ভ্ৰম৷ প্ৰেমৰ মৰিচীকা খেদি কাহানিও প্ৰেমত নপৰা প্ৰেমিকজন হাবাথুৰি খায়৷

ৰঙা ডাকঘৰ এটাৰ বাহিৰত এজন ডাকোৱাল বহি থাকে, গছে গছে হেঁপাহৰ ৰঙীণ ৰুমাল সিঁচিবলে৷ ডাকোৱালৰ মোনাত কাহানিও প্ৰেমৰ প্ৰস্তাৱ নোপোৱা গাভৰু অথবা ডেকাজনৰ বাবেও থাকে এখন গোপন চিঠি৷ প্ৰথম প্ৰেমৰ ধপধপনি৷

ডাকঘৰৰ ঠিক সন্মুখৰ লঠঙা শিমলুডালত জুইফুলে৷ ৰঙা ছাতিৰ আঁৰৰ ৰঙীণ দোপাট্টাখনে সাৰি যায় পদপথত পৰি থকা বহু কেইপাহ জুইফুল৷ কেমেৰাই সংগেপনে বন্দী কৰি থয় এখন লেণ্ডস্কেপ৷ জালুকবাৰীৰ মানেই সোঁৱৰণীৰ আমনিত এলবাম খুলি খুঁচৰি থাকিব পৰা স্মৃতিৰ ফটোগ্ৰাফ৷ কেমেৰাটোৱে বিচাৰি ফুৰে সৰু সৰু মুহূৰ্ত৷ আপুনি নেদেখাকৈ আপোনাক বন্দী কৰি থোৱাৰ আমেজ আপুনি বুজিব জানো?

মেঘালীৰ একোণত লাজে লাজে বহিবলৈ যোৱা চকুবোৰ এসময়ত পূৰঠ হৈ নিৰ্ভীক হৈ যায়৷ “জালুকবাৰীৰ ময়ে প্ৰেমিক” বুলি শেষৰটো চেমিষ্টাৰত চিঞৰিব পৰা হয়গৈ৷ নোটছ বহীৰ পাছফালে ঘঁহাই ঘঁহাই লিখি থোৱা নামবোৰত সুবাস থাকে, বয়জ হেষ্টেলৰ ধোঁৱাই থকা ৰাতিবোৰত দেৱালৰো নিচা লাগে৷ ধোঁৱাৰ মাজত আকৌ এখন চিত্ৰই প্ৰাণ পাই উঠে৷

উৎসৱৰ ৰাতিবোৰত ‘বিকেবি’ক ঘৰ বুলি ভাবি লোৱা ডেকাজনে পুৱা পাঁচ বজাত বিকেবিৰ চকীতে এঙামুৰি দি উঠি আহে চাহ একাপৰ সন্ধানত৷ গোপন কেমেৰাটোৱে কৰি উঠে ‘খিচিক’৷ আগৰ কবিয়ে কবিতা লিখা ‘মেঘালী’খন নাই অথচ প্ৰেমিকৰ অভাৱ নাই৷ পদপথৰে খোজকাঢ়ি যোৱা ইউনিভাৰ্ছিটিৰ ৰোমিঅ জনক পিছফালৰ পৰা লাহেকৈ মাতি গালত টোল পৰা ছোৱালীজনীয়ে নিৰ্ভীকভাৱে I love you বুলি কৈ বতাহতে চুমা দি গুছি যায় গ্ৰীষ্মৰ গৰমত ৰঙা ছিঙা পৰা ৰোমিঅক এজাক জুলিয়েটে চিঞৰি গুছি যায়-মাইনা তুমি জুই৷
সান্ধ্যভ্ৰমণত আৰ চি চি ১ বয়জ পাৰহৈ সোণাৰুৰ দলিচা গচকি কত লাজ লাজ কথা৷ হালধীয়া আকাশখনে কোনাবাদিনা মেঘমল্লাৰত মাতাল হৈ থাকে৷ ধোৱাই থকা চিগাৰেটটো সেমেকা হৈ থাকোঁতেই হাত এখনে সাৱটি ধৰে৷ ফিজিক্সৰ সূত্ৰ আঁউল লাগে৷

জালুকবাৰী আৰু বৰষুণৰ মাজত এক গোপন মিতিৰালি আছে৷ বৰষুণে জীপাল কৰে ৰং৷ ভাৰ্ছিটি উইকৰ নিশাবোৰত বৰষুণে ভিজাই পেলোৱা শৰীৰলৈ কাৰো খেয়াল নাথাকে৷ বিকেবিৰ ভিতৰত মনোৰঞ্জনৰ যুঁজখনলৈ বছৰজুৰি কিমান অপেক্ষা৷ গাৰ্লছ হোষ্টেললৈ প্ৰেমিকাক আগবঢ়াই দিবলৈ পুৱতি নিশা হাতত হাত থৈ ফাইনেল ইয়াৰৰ প্ৰেমিক যুগল গৈ থাকে, লগত এজাক চালনিৰে পিঠাগুৰি চলাৰ লেখিয়া বৰষুণ৷ কথা নাই, আছে বুকুৰ ধপধপনি…. কাহানিও ঘূৰি নহা ভাৰ্ছিটিৰ দিনবোৰৰ হুমুনিয়াহ, অনিশ্চিত প্ৰেমৰ বিষাদ৷

পুৱতি নিশা জালুকবাৰীৰ ৰজা হৈ পিয়াপি দিয়ে হাজাৰ প্ৰেমিক, প্ৰেমিকাবোৰ তেতিয়া টোপনিত৷ কিমান ৰোমাঞ্চকৰ ঘটনা ঘটে জালুকবাৰীৰ অভাৰব্ৰীজৰ থিক তলতে৷ সাক্ষী থাকে এটি নোশোৱা ৰাতি৷ জালুকবাৰীত দিন-ৰাতিৰ হিচাপ নাথাকে৷

লাহে লাহে চামে চামে মানুহবোৰে বিদায় লয়, লগতে লৈ যায় অজুহাতত উভতি অহাৰ অলিক্ষিত চুক্তি৷ মুখত ভালপোৱাৰ গান৷ বুকুত এচটা শিল৷ উভতি যোৱাৰ পথতো গোপন কেমেৰাই আৱদ্ধ কৰে আন এটি কাহিনী৷

কেতিয়াও নিজম নপৰা জালুকবাৰী যোৱা দুমাহে শুই আছে৷ ৰঙাবোৰ উপচি আছে অথচ মুঠি মাৰি ল’বলৈ কোনো নাই৷ ৰং আছে অথচ জীৱন নাই৷ এঙামুৰি দিয়ালৈ বাট চাইছে জালুকবাৰীৰ প্ৰত্যেক প্ৰেমিকে৷ শূন্য চহৰখনত কোলাহলৰ গান বাজিবলৈ পৃথিৱীয়ে বা আকৌ কেতিয়া হাঁহে!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক