ৰেবেকাৰ দেশত দুটা দিন: (তিৰুজ্যোতি বৰা দাস)

৫ বছৰমান আগতে ৱিটনেচ(Witness, 1985) নামৰ এখন চিনেমা চাইছিলো। চিনেমাখনত এটি হত্যাকান্ডৰ সাক্ষী হৈছিল চেমুৱেল (অভিনেতা-Lukas Haas) নামৰ এটি সৰু এমিচ ল’ৰা। চিনেমাখনৰ  নীলা উজ্জ্বল চকুৰ চেমুৱেলৰ মুখখনে মোক ইমান অনুভৱী কৰি তুলিছিল যে, তাৰপিছত লুকাচ হাজে সৰুকালত অভিনয় কৰা আটাইকেইখন চিনেমাই বিচাৰি বিচাৰি চাইছিলো। ৱিটনেচ চিনেমাৰ মাকৰ চৰিত্ৰত(ৰাচেল লেপ) অভিনয় কৰিছিল মোহময়ী কেলি মেকগিলচে (Kelly McGills) আৰু চিনেমাখনৰ মূল ভূমিকাত(ডিটেকটিভ জন বুক) আছিল হেৰিচন ফর্ড (Harrison Ford)। এই চিনেমাখনতে মই প্ৰথমবাৰৰ বাবে এমিচসকলৰ থকা ঘৰ, পৰম্পৰা, তেওঁলোকৰ খেতিপথাৰ  আৰু আজি যিখন ঠাইৰ বিষয়ে লিখিবলৈ লৈছো পেনচিলভেনিয়াৰ লেংকেচটাৰ কান্ট্ৰীৰ (Lancaster Country) অপৰূপ প্ৰাকৃতিক সৌর্ন্দয্য দেখা পাইছিলো। এমিচসকলৰ ওপৰত কৰা আন দুখন ভাল লগা চিনেমা হৈছে দা চানিং (The Shunning)  আৰু এ ষ্টনিং ইন ফুলহাম কান্ট্ৰী(A Stoning in Fulham Country)। দা চানিং চিনেমাখনৰ শ্বুটিংও  লেংকেচটাৰ কান্ট্ৰীতেই লোৱা হৈছিল।

গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ দিনত, পুঁৱতি নিশা ছাত্ৰীনিবাসৰ চাদৰ পৰা ৰাস্তাৰে গৈ থকা ঘোঁৰাগাড়ী দেখা পাইছিলো। আন্ধাৰ আৰু পোহৰৰ ৰহস্যময়তাৰ মাজত সেই ঘোঁৰাগাড়ীৰ খট খট শব্দই বুকুত অদ্ভূত এক শিহৰণ জগাই তুলিছিল। বিদেশৰ মাটিত, সেই মধূৰ ৰহস্যময়তা আৰু ঘোঁৰাগাড়ীৰ তালত হোৱা শব্দ একাকাৰ হৈ পৰিছিল। এক দূর্বাৰ আকর্ষনে অহৰহ ক্ৰিয়া কৰিছিল, এমিচসকলৰ গাওঁ ওচৰৰ পৰা চোৱাৰ, তেওঁলোকক দেখাৰ।

সুযোগটো আহিছিল ২০১১ চনৰ অক্টোবৰ মাহত। পেনচিলভেনিয়াৰ এক বৃহৎ এলেকাজুৰি এমিচসকলে বসবাস কৰি আহিছে। আমি তাৰে লাংকেচটাৰ কান্ট্ৰীলৈ যোৱাৰ সিদ্ধান্ত ললো। আমি থকা ঠাই নিউজার্চিৰ চমাৰভিলৰ পৰা ইচটন (Easton) এলেনটাউন হৈ (Allentown) লেংকেচটাৰ  কান্ট্ৰীলৈ গাড়ীৰে সময় লৈছিল আঢ়ৈ  ঘন্টা। দুপৰীয়া যেতিয়া লেংকেচটাৰ  কান্ট্ৰী পালোগৈ আমাৰ বাবে ৰৈ আছিল অন্য এখন জগত। অক্টোবৰ মাহ “ফল কালাৰ”ৰ সময়(Fall color)। শাৰী শাৰী মেপল আৰু ওক গছবোৰে যেন প্ৰতিযোগিতাহে পাতিছিল, প্ৰতিজোপা গছেই আছিল ৰঙেৰে ৰাঙলী,ইজোপাতকৈ সিজোপাৰ ৰং বেছি যেন অনুভব হৈছিল। ৰঙা, কমলা,মুগাবৰণীয়া, হালধীয়া হৈ পৰিছিল মেপল আৰু ওকগছৰ পাতবোৰ। গাড়ীৰে গৈ থাকোতে দূৰৰ লেংকেচটাৰ এমিচ গাওঁখন জুইৰঙী হৈ উঠিছিল। সেউজীয়া বিস্তীর্ণ ঘাঁহনিৰ মাজত গাওঁখনৰ মেপল গছবোৰ দূৰৰ পৰা তেজৰ দৰে ৰঙা দেখা গৈছিল, শিল্পীৰ তুলিকাৰ পৰশতহে যেন সাৰ পাই উঠিছিল গাওঁখন, সেউজীয়া, হালধীয়া, ৰঙা, কমলা। ৰং আৰু ৰং। সেই সৌর্ন্দয্য বর্ণনা কৰিবলৈ মোৰ শব্দৰ যেন অভাব। তেতিয়াই এলবার্ট কেমুৰ সেই বিখ্যাত শাৰীটো মোৰ মনত পৰিছিল , “Autumn is a second spring when  every leaf is a flower.” সচাই শৰত ২য়টো বসন্ত য’ত প্ৰতিখিলা পাতেই একোপাহি ফুল।

এমিচসকল(The Amish) জার্মান মূলৰ। ১৮শ শতিকাত তেওঁলোকৰ বহুলোক বিভিন্ন কাৰণত আমেৰিকালৈ আহিছিল। পেনচিলভেনিয়াত তেওঁলোকে স্থায়ীভাবে বসবাস কৰিবলৈ ল’লে সেই সময়ৰ পৰাই। পেনচিলভেনিয়াৰ উপৰিও নিউয়র্ক, ইলিনইচ, ইনডিয়ানা, আইৱা, মিচৌৰি, অহিঅ’ আদিতো তেওঁলোকে নিজাকৈ বসতি স্থাপন কৰিছিল। আমেৰিকাৰ সাধাৰণ জনতাৰ জীৱন যাপনৰ পদ্ধতিৰ লগত এমিচসকলৰ জীৱন যাপনৰ পদ্ধতি সম্পূর্ণ পৃথক। তেওঁলোকৰ নিজা কথিত আৰু লিখিত বিশ্বাস আছে যাক অৰডাং (Ordnung) বোলা হয় আৰু সকলোৱে সেই নীতি নিয়ম মানি চলে। সাধাৰণ সাজ পোচাক, কোনো ধৰণৰ আধুনিক কাৰিকৰী প্ৰযুক্তি বা মেচিনৰ ব্যৱহাৰ নকৰাকৈ সাধাৰণ ভাৱে জীৱন যাপনেই হৈছে অৰডাংৰ মূল নিয়ম। অৱশ্যে ঠাইবিশেষে অৰডাংৰ নিয়ম কিছুমান কম কঠোৰ আৰু কিছুমান অত্যন্ত কঠোৰ। এমিচসকলে দৈনন্দিন জীৱন যাপনৰ বাবে বিদ্যুৎ ব্যৱহাৰ নকৰে। ৰাতি তেওঁলোকে কেৰাচিনৰ লেম্প বা লন্ঠন জ্বলাই ঘৰ পোহৰাবৰ বাবে। তেওঁলোকে গাড়ী মটৰ ব্যৱহাৰ নকৰে, ঘোঁৰাবাগী ব্যৱহাৰ কৰে। খেতিপথাৰত ট্ৰেক্টৰ ব্যৱহাৰ নকৰে, ঘোঁৰাৰে হাল বায়। মোবাইল আৰু টেলিভিচন তেওঁলোকে ব্যৱহাৰ নকৰে। গাঁৱৰ মাজত কেৱল এটা টেলিফোন থাকে যিটো প্ৰয়োজনৰ সময়ত সকলোৱে ব্যৱহাৰ কৰে। বিদ্যুৎশক্তিৰ ব্যৱহাৰ কেতিয়াবা কেতিয়াবা হয় , অত্যন্ত জাৰ পৰিলে শীতকালত ঘৰ গৰম কৰিবলৈ, গৰু বা ঘোঁৰাবোৰক বতাহ দিবলৈ ফেনৰ ব্যৱহাৰ কৰিবলৈ বা কেতিয়াবা তেওঁলোকৰ ঘোঁৰাবাগীত লাইট জ্বলাবলৈও তেওঁলোকে বিদ্যুৎশক্তিৰ ব্যৱহাৰ কৰে। প্ৰাকৃতিক বিদ্যুৎশক্তিৰ ব্যৱহাৰ কৰিবলৈ তেওঁলোকে ৱিন্ডমিল(Windmill) ব্যৱহাৰ কৰে। Swartzentruber  আৰু Andy Weaver (এমিচসকলৰ দুটা ভাগ) সকল অত্যন্ত গোড়া  আধুনিক প্ৰযুক্তি ব্যৱহাৰৰ ক্ষেত্ৰত। তেওঁলোকৰ মাজত বেটাৰীৰ সহায়ত জ্বলা লাইট জ্বলোৱাৰো অনুমতি নাই। Old order Amish সকলৰ মাজত আধুনিক প্ৰযুক্তিৰ সামান্য ব্যৱহাৰ দেখা যায়। তেওঁলোকে গাড়ী মটৰত উঠিব পাৰে কিন্ত নিজাকৈ কিনিব নোৱাৰে।

লেংকেচটাৰ  কান্ট্ৰীত আমি দুটা দিন কটাইছিলো। প্ৰথমদিনা  আমি এমিচসকলৰ আর্হি ঘৰ চাবলৈ গৈছিলো। ৪৫ মিনিটৰ  এই হাউচ টুৰ ত গাইডে আমাক খুউব সাবলীল ভাবে বর্ণনা কৰি দেখুৱাইছিল ঘৰৰ প্ৰতিটো কোঠা আৰু বুজাই গৈছিল এমিচসকলৰ সংস্কৃতিৰ বিষয়ে। তেওঁলোকৰ এটা কোঠাৰ নিজা ব্যক্তিগত বিদ্যালয় থাকে। তাতে সকলোৱে অষ্টম শ্ৰেণীলৈকে পঢ়ে। সেই সময়ছোৱাত লিখিবলৈ আৰু পঢ়িবলৈ শিকোৱা হয়। লগতে অংক, ভূগোল, গান আৰু এমিচসকলৰ সমাজ ব্যৱস্থা, ইতিহাস শিকোৱা হয়। জার্মান ৰ লগতে বিদ্যালয়ত ইৰাংজীও শিকোৱা হয়।  আমি দেখা সেই কোঠাটোৰ নাম আছিল, “The Fisher one room school and orientation room”

ঘৰৰ আন এটা কোঠাৰ নাম আছিল Aaron’s room, সেই কোঠাটো আছিল এমিচসকলৰ ল’ৰাবোৰে ব্যৱহাৰ কৰা কোঠাৰ আর্হি। তাত তেওঁলোকৰ কাপোৰবোৰ দেৱালত কাঠৰ চটি এটিত হুক লগাই ওলোমাই থোৱা আছিল। ৱিটনেচ চিনেমাৰ মৰমলগা চেমুৱেলে খেলা মার্বল ৰ’লাৰ নামৰ খেলটো সেই কোঠাত দেখা পাই মই বৰ আনন্দ পাইছিলো।

ঘৰটোৰ আন এটা কোঠা আছিল Display room, সেই কোঠাত এমিচসকলৰ কাৰোবাৰ মৃত্যু হ’লে কেনেকৈ ঘোৰাবাগীৰ সৈতে সমদল উলিওৱা হয়, কবৰস্থানৰ ফটো, কফিনৰ আর্হিও দেখুওৱা হৈছিল।

চাৰাহ আৰু ৰাচেলৰ কোঠাটো আছিল যুৱতী আৰু কিশোৰীসকলৰ কোঠা। তাত তেওঁলোকৰ কাপোৰৰ আর্হি দেখুওৱা হৈছিল। ইয়াৰ পিছত আছিল Parents bedroom, সেই কোঠাত কেচুৱাৰ কাপোৰ, বিচনা, পুতলা, ডাঙৰ মানুহ আৰু মহিলাৰ কাপোৰৰ আর্হি আৰু টুপী দেখুওৱা হৈছিল।

পাকঘৰ আৰু বহাকোঠাও আছিল বৰ পৰিপাটি আৰু সুন্দৰ। তেওঁলোকে গেছ ব্যৱহাৰ নকৰে ষ্টভৰ ভিতৰত কাঠেৰে জুই জ্বলাই খোৱাবস্তু ৰান্ধে।

এমিচসকলৰ পৰিয়ালৰ সকলোৱে একেলগে থাকে। একোটা পৰিয়ালত সাতৰ পৰা এঘাৰটা ল’ৰা ছোৱালী দেখা যায়। দেউতাকজনক পৰিয়ালৰ মূৰব্বী বুলি ধৰা হয়। মহিলাসকলে ৰন্ধা বঢ়াৰ কামকে ধৰি ঘৰৰ সকলো কাম কৰে। পুৰুষসকলে খেতিপথাৰত কাম কৰে। বিয়া বাৰুৰ ক্ষেত্ৰত সাধাৰনতে এমিচসকলৰ মাজতহে বিয়া হয়। তেওঁলোকে এমিচ পৰিয়ালৰ বাহিৰত বিয়া নহয়। বিবাহ বিচ্ছেদ তেওঁলোকৰ বাবে নীতি বিৰুদ্ধ কথা। স্বামী স্ত্ৰী বেলেগ বেলেগ হোৱাটোও খুউব কম দেখা যায়।

এমিচসকল সৰল জীৱন যাপনত বিশ্বাসী। সেয়েহে তেওঁলোকৰ কাপোৰ কানিও বৰ সৰল। কাপোৰত সূতাৰ কোনো কাম নাথাকে, কোনো নক্সা নাথাকে। একেবাৰে উকা আৰু এটা ৰঙৰ হয়। এমিচ মহিলাসকলে দীঘল হাতৰ চোলা, দীঘল স্কার্ট আৰু তাৰ ওপৰত এখন এপ্ৰন মেৰিয়াই লয়। কেতিয়াবা স্কার্ট নিপিন্ধি দীঘল মেক্চী ফ্ৰক পিন্ধে আৰু ওপৰত এখন এপ্ৰন মেৰিয়াই লয়। তেওঁলোকে কেতিয়াও চুলি নাকটে। চুলিত ক্লিপ বা পিন নামাৰে, খোপা বান্ধি বগা ৰঙৰ বনেট মেৰিয়াই ৰাখে। কাণফুলি, ডিঙি আৰু হাতৰ অলংকাৰ তেওঁলোকে নিপিন্ধে।  ক’লা ৰঙৰ মোজা আৰু জোতা পিন্ধে। তেওঁলোকে সাধাৰনতে ক’লা, চিয়াঁহীৰ দৰে নীলা ৰঙৰ, পাতল নীলা ৰঙৰ পোচাক পিন্ধে। এপ্ৰনবোৰ ক’লা আৰু বগা ৰঙৰ হয়। ঠান্ডা দিনত তেওঁলোকক ক’লা ৰঙৰ জেকেট বা চুৱেটাৰ পিন্ধা দেখা যায়।

পুৰুষসকলৰ পেন্টত চেইন, বুটাম আৰু বেল্ট লগোৱা নিষেধ। টাই ব্যৱহাৰ নকৰে । পেন্টবিলাক ফিটাৰে(suspender) চার্টৰ লগত সংলগ্ন কৰি ৰাখে। তেওঁলোকৰ চার্টত বুটাম থাকে, কোটবিলাকত হুক ব্যৱহাৰ কৰে। যুৱকসকলে বিয়া পতাৰ আগতে দাঢ়ি নাৰাখে। বিয়াৰ পিছত তেওঁলোকে দীঘলীয়াকৈ দাঢ়ি  ৰাখে কিন্ত মোচ নাৰাখে। সাধাৰণতে তেওঁলোকৰ চার্টৰ ৰঙ বগা, চিয়াঁহীৰঙী আৰু আকাশী হোৱা দেখা যায় যদিও পেন্টবিলাক আৰু কোটবোৰ ক’লা ৰঙৰ হয়। ক’লা ৰঙৰ টুপী আৰু বেটৰ ডাঙৰ টুপী তেওঁলোকে ব্যৱহাৰ কৰে।

এমিচসকল খুউব শান্তিপ্ৰিয় মানুহ। তেওঁলোক সাধাৰণতে যুদ্ধ বিৰোধী। কোনোবাই শাৰীৰিক ভাবে প্ৰহাৰ কৰিলেও তেওঁলোকে ওলোটাই কাকো প্ৰহাৰ নকৰে। এমিচসকলৰ মাজত কোনোবাই অৰডাংৰ নিয়ম ভংগ কৰিলে তেওঁলোকক শাস্তি দিয়া হয়, তাক মেইডাং (Maidung- Shunning ) বোলা হয়। এই শাস্তি মতে দোষী ব্যক্তিক এমিচসকলে আওকান কৰি চলে, তেওঁক পৰিয়াল বা সমাজৰ কোনো লোকে নামাতে, একেলগে বহিবলৈ আৰু খাবলৈ দিয়া নহয়। যদি তেওঁ নিজৰ দোষৰ বাবে ক্ষমা নোখোজে তেতিয়াহ’লে তেওঁৰ মৃত্যুলৈকে মেইডাং বা শাস্তি মানি চলিব লাগে।

হাউচ টুৰ হোৱাৰ পিছত আমি জেকব চইচ( Jacob’s Choice) নামৰ থিয়েটাৰ বা চিনেমাখনো চালো। কাহিনীটোত আছিল জেকব, তাৰ ককাদেউতাক, মাক ,দেউতাক ,ল’ৰা ছোৱালীৰে এটি পৰিয়াল। জেকব নামৰ ল’ৰাটো ডাঙৰ হোৱাৰ পিছত ধর্মসংকটত পৰে, সি এমিচসকলৰ গীর্জাঘৰত যোগদান কৰিব নে আধুনিক জীৱন যাপন কৰিবৰ বাবে পৰিয়ালৰ সকলোকে এৰি আগুৱাই যাব সেই দোধোৰ মোধোৰ অৱস্থাৰ কৰুণ পৰিস্থিতিয়েই হৈছে মূল কাহিনী। আচলতে জেকবৰ কাহিনীটো হৈছে প্ৰতিজন এমিচ যুৱকৰে কাহিনী। জেকবৰ কাহিনীয়ে চকু সেমেকাই তুলিলে।

থিয়েটাৰ চোৱাৰ পিছত আমাৰ বাবে ৰৈ আছিল ঘোঁৰাবাগীৰ যাত্ৰা। মোৰ সপোন এটিহে যেন পূৰণ হ’ল। সেমেকা দুচকু মচি ঘোঁৰাবাগীত উঠি ডুলি ডুলি আগবাঢ়িলো এমিচসকলৰ গাঁৱৰ মাজেৰে।  ৰঙা পপিঞ্চ এটা হৈ বেলিটো ডুবিবলৈ আৰম্ভ কৰিছিল। আকাশখনত ফাকুগুড়ি সনা ৰংবোৰ বেছি মোহনীয় নে শৰতত বসন্তৰ ৰূপ লোৱা গছবোৰ বেছি মোহনীয় সেই কথা ভাবি মই অবাক হ’লো। গহীন ভাব এটা লৈ সেউজ পাইনবোৰেই সেই চিত্ৰপট অঁকাত সহায় কৰিছিল। সন্মুখত সেই বর্ণিল চিত্ৰপট লৈ আমি আগবাঢ়িছিলো ঘোঁৰাবাগীৰে, ঘোঁৰাবাগীৰ খট খট শব্দই মোক আনমনা কৰি তুলিছিল। ঘৰৰ সন্মুখত খেলি আছিল কণ কণ শিশুবোৰে। তেওঁলোকে মাক দেউতাকক সহায় কৰাও দেখা পালো।  ঘোঁৰাবাগীৰ চালক এৰনে আমাক কৈছিল, এমিচসকলক একেথৰে চাই যেন অপ্ৰস্তুত নকৰে। সেয়ে আমি প্ৰথমৰে পৰা সতর্ক  আছিলো। ঘোঁৰাবাগীত  উঠি মোৰ দা চানিং চিনেমাৰ কেটি লেপলৈ মনত পৰিছিল। হয় এই পথৰেই তাই বাগী চলাইছিল, তাইৰ অনুভবৰে তাইৰ কাষত বহি আছিল তাইৰ শৈশবৰ বন্ধু ডেনিয়েল, তাই কথা কৈছিল ডেনিয়েলৰ সৈতে। ডেনিয়েলে তাইক শিকাইছিল গীটাৰ বজাবলৈ, গান গাবলৈ। জীৱনৰ পাঠ শিকাই ডেনিয়েলে এৰি গৈছিল কেটি লেপক, পানীত ডুবি হেৰাই গৈছিল ডেনিয়েল। বিচপক বিয়া নকৰোৱাৰ অপৰাধত মেইডাংৰ ৰোষত পৰিছিল তাই।  তাইক ভালপোৱা মানুহবোৰে নামাতিছিল, তাইৰ খোৱা টেবুল বেলেগ কৰি দিয়া হৈছিল, তাইৰ মৰমৰ গীটাৰখন দেউতাকে ভাঙি টুকুৰা-টুকুৰ কৰি পেলাইছিল। তাই অকলশৰীয়া হৈ পৰিছিল। হয়, এই পথেৰেই ৰাতি ৰাতি ঘোঁৰাবাগী চেকুৰাই আগবাঢ়িছিল কেটি লেপ, যন্ত্ৰনা কঢ়িয়াই চকুলো মচি তাই কথা পাতিছিল ডেনিয়েলৰ সৈতে।

ৰাতিটো হোটেলত কটোৱাৰ পিছত পিছদিনা আমি এমিচসকলৰ খেতি পথাৰ চাবলৈ গৈছিলো। ১৪ জন আৰোহী বহিব পৰা এখন মিনিবাচেৰে আমাক লৈ যোৱা হৈছিল খেতিপথাৰৰ মাজলৈ। এটা কথা দেখি মই বৰ অভিভূত হৈ পৰিছিলো। বাচৰ চালকে বাচ ৰখাই গাড়ীৰ দুৱাৰৰ সন্মুখত ৰৈ বয়সীয়া আৰু সৰু ল’ৰা ছোৱালীক সকলোকে হাতত ধৰি বাচৰ পৰা নামিবৰ বাবে সহায় কৰি দিছিল। বহুদিনৰ মূৰত মই ঘেঁহুৰ খেতি দেখা পালো। ঘেঁহুৰ পথাৰদৰাই মোৰ মন শৈশৱৰ মাজুলীলৈ উৰুৱাই লৈ গৈছিল। কহুৱাবোৰৰ দৰে বতাহত হালি জালি আছিল ঘেঁহুৰ গছবোৰ। এমিচসকলে হাল বাবৰ বাবে ঘোঁৰা ব্যৱহাৰ কৰে। গোমধানৰ সেউজ শোভাই আমাৰ মন চুই গ’ল। ল’ৰা ছোৱালীবোৰে আনন্দত কিৰিলিয়াই উঠিল খেতিপথাৰ দেখি। আমাক গৰু আৰু ঘোঁৰা ৰখা ঠাইলৈকো লৈ যোৱা হৈছিল।

আমাৰ গাইডে আমাক ক’লে ৱিটনেচ চিনেমাৰ শ্বুটিং হোৱা ঠাইলৈ যোৱাৰ কথা। কিন্ত আমাৰ হাতত সময় কম আছিল, ঘৰলৈ  উভটিব লাগে। এৰা চেমুৱেল, ৰাচেল লেপ ৰ ঘৰ চোৱা নহ’ল, দেখা পোৱা নগ’ল জন বুক আৰু ৰাচেল লেপৰ গীতৰ ৰোমান্টিক সেই ঠাই । কোনো কথা নাই, আমি আকৌ আহিম। মোৰ হেঁপাহৰ কথা বুজি শ্ৰীমানে মোক ক’লে।

লেংকেচটাৰ কান্ট্ৰীত আমি দুটা দিন কটালো। লগ পালো ৰাচেল, জেকব, ৰেবেকা, এৰণক। আধুনিকতাৰ পৰশ নপৰাকৈ প্ৰকৃতিৰ শান্ত সৌম্য পৰিবেশত সৰল জীৱন যাপন কৰা এই মানুহখিনিলৈ মোৰ আজিও মনত পৰে।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক