ৰেলপথ – ড. স্মৃতিমালা শৰ্মা

আমি সমান্তৰালকৈ আগবাঢ়োঁ
অসীমৰ পৰা অসীমলৈ৷
কেতিয়াবা সেউজ পথাৰৰ মাজে মাজে
কেতিয়াবা অন্ধকাৰ সুৰংগেৰে
কেতিয়াবা গভীৰ অৰণ্য ফালি
আমি আগুৱাই যাওঁ৷
কেতিয়াবা নীলিম সাগৰৰ পাৰে পাৰে
কেতিয়াবা শিলাময় পাহাৰৰ কাষে কাষে
কেতিয়াবা কঠিন বৰফৰ বাধা নেওচি
আমি আগুৱাই যাওঁ৷
শাওণৰ বৰষুণত
আমি একেলগে তিতোঁ,
পূৰ্ণিমা নিশা
আমি জোনাকত স্নান কৰোঁ,
নিয়ৰৰ মুকুতাবোৰ
আমি মালা বুলি পিন্ধোঁ,
ফাগুনৰ পছোৱাই
আমাক জোকাই থৈ যায়৷
কেতিয়াবা ঘূৰ্ণীৰ মাজত
কেতিয়াবা ছুনামিত
কেতিয়াবা বনজুইত
কেতিয়াবা বানত
আৰু কেতিয়াবা সন্ত্ৰাসবাদীৰ কূটাঘাতত
আমি দুয়ো দুয়োৰে সাৰথি৷
আমাৰ মাজত দুৰ্দান্ত ভালপোৱা,
কেতিয়াবা জাগি উঠে
আলিংগনৰ তীব্ৰ বাসনা৷
স্লিপাৰবোৰে সোঁৱৰাই
আমাৰ সীমাবদ্ধতাৰ কথা৷
আমাৰ আলিংগনত
বাজি উঠিব পাৰে
শ শ জনতাৰ মৃত্যুঘণ্টা,
দুখন শৰবিদ্ধ হৃদয় লৈ
আমি চলাই যাওঁ ৷

■■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক