ৰেষ্টুৰেন্টৰ খাদ্য : দিগন্ত কুমাৰ ভট্টাচাৰ্য

ৰেষ্টুৰেন্টৰ খাদ্য

ৰেষ্টুৰেন্টখনত সোমায়েই আমাৰ কাৰণে দেখুৱাই দিয়া টেবুলখনৰ ওচৰ পাই দেখিলোঁ ওচৰৰ দীঘলীয়া টেবুলখনত এজাক ‘হাই-ফাই’ যুৱক-যুৱতীৰ ভীৰ। বোধকৰোঁ কোনোবা কল-চেন্টাৰত কাম কৰা হ’ব। এগৰাকী সুন্দৰীয়ে কে’ক কাটিছে। আনবোৰে চিঞৰি চিঞৰি গাইছে-‘হেপ্পী বাৰ্থ ডে…’। দুজনমানে কে’ক কটাৰ সময়ৰ ফ’টো ল’বলৈ বেঁকা হৈ মাটিত বাগৰি পৰি যোৱাৰ উপক্ৰম হৈছে যেন সেই মুহূৰ্তটিৰ ফ’টো নুতুলিলে এক ডাঙৰ অপৰাধ হ’ব! তাৰ পিছত সুন্দৰীৰ গালে-মুখে কে’ক লগোৱাৰ প্ৰতিযোগিতা। দুজনমান ‘কেয়াৰিং’ বন্ধুৱে তাইৰ চুলিত নাসানিবলৈ সকলোকে অনুৰোধ কৰিছে। ‘হে: হে: জমিছে কিন্তু ন ?’ বুলি শ্ৰীমতীক কৈ ময়ো সুন্দৰীক ভালকৈ চোৱাৰ চেষ্টা কৰিলোঁ। কিছু দেৰি পিছত সকলো খাবলৈ বহিল।
এক-ডেড়ঘণ্টামান পিছত সিহঁতৰ খোৱা হ’ল। ৱেইটাৰজনে তেওঁলোকৰ বিলখন আনিলে। আন এজনে সেউজীয়া চাটনিৰে ভৰা সৰু সৰু গ্লাছ এগালমান আনি তেওঁলোকৰ টেবুলত ৰাখিলে। আটাইকেইগৰাকীয়ে গিলাচকেইটালৈ চাই কি কৰোঁ, কি নকৰোঁ এনেকৈ ৰৈ আছে। ‘এয়া কি নো ?’ বুলি ৱেইটাৰজনক সুধিবলৈও তেওঁলোকে টান পাইছে।
‘পদিনাৰ চাটনি এতিয়া কিয় আনিছে বাৰু?’
‘আই থিংক, নট পদিনা! বেলেগ কিবা, বাট্ দেখাত কিন্তু য়াম্মি একদম। কাবাবৰ লগত মজ্জা লাগিলহেঁতেন।‘ মই তেওঁলোকৰ কথোপকথন শুনি হাঁহি আছোঁ।
অলপ পিছত আমাৰো বিল আহিল। লগত সেই সেউজীয়া চাটনিৰ গিলাচ। মই বিল পৰিশোধ কৰি ঠিয় হ’লোঁ। কাষৰ টেবুলখনৰ আটায়ে দেখাকৈ গিলাচৰ সেউজীয়াখিনি ঘোটঘোটকৈ গিলি এক তৃপ্তিৰ হাঁহি মাৰিলোঁ। এগৰাকীয়ে মুখখন বেঁকা কৰি দিলে, ‘ছি:, কেনেকৈ চাটনিখিনি গিলি খাব পাৰে’ এনে এটি ভাবত। মই তেওঁলোকে শুনাকৈ ক’লোঁ, ‘লিকুইড পাণ…মাউথ ফ্ৰেছনাৰ।’ সেয়া আছিল ‘পণীয়া পাণ’। খাবলৈ একেবাৰে মিঠাপাণৰ দৰে। আগতে মোৰ অভিজ্ঞতা হৈ গৈছিল (অকবতো লিখিছিলোঁ) বাবে জানিছিলোঁ।
তেওঁলোকৰ অৱস্থা দেখি মোৰ আমাৰ ঘৰৰ ওচৰৰ দাদা এজনলৈ মনত পৰিল। বহুবছৰ আগতে তেওঁ এবাৰ ক’লকাতালৈ ফুৰিবলৈ যাওঁতে ডাঙৰ ৰেষ্টুৰেন্ট এখনত সোমাইছিল। টেবুলত বহাৰ পিছত ৱেইটাৰজনে তেওঁৰ পেট-কোলা ঢকাকৈ টাৱেলজাতীয় কাপোৰ এখন ৰাখিলে। খোৱা হোৱাৰ পিছত সেইখন পকেটত ভৰাই আনি তেওঁ লগৰ এজনলৈ ফোন কৰিলে, ‘ইয়াৰ হোটেলবোৰ বৰ ভাল অ’। আমি কোনোবা আলহী ঘৰলৈ আহিলে যেনেদৰে গামোচা দিওঁ, ইয়াৰে ভাল হোটেলত খাবলৈ গ’লে তেনদৰে টাৱেল এখনকৈ দিয়ে !’
সেই দাদাৰে আন এটি ঘটনা। বিছবছৰমানৰ আগতে তেওঁ বন্ধু এজনক লৈ পাণবজাৰৰ ভাল অভিজাত হোটেল এখনত সোমাল। প্ৰথমবাৰৰ বাবে চামুচেৰে খালে লাহে-ধীৰে। খোৱা-লোৱা হৈ যোৱাৰ পিছত পইচা দিবলৈ কাউন্টাৰটো ক’ত তাৰ উমান ল’বলৈ চেষ্টা কৰিলে। এনেতে ৱেইটাৰ এজনে বিল দি গ’ল। লগতে দুটা বাটিত দুই টুকুৰা নেমুৰে সৈতে পানী অলপ।
‘হেৰৌ, নেমুৰ চৰবত অৰ্ডাৰ দিছিলি নেকি অ’?’, বন্ধুজনে সুধিলে।
‘নাই নাই, ফ্ৰিতে দিছে চাগে’; খাই দে’।
‘মানে নিজে কৰি ল’ব লাগিব চাগে। আৰু মোৰ চৰ্ডি লাগি থকা কথাটো বা কেনেকৈ গম পালে ! কুহুমীয়া গৰম পানী দিছে, বৰ ভাল ছাৰ্ভিছ দেই ইহঁতৰ !’
‘মই আকৌ চৰবতত চেনি নহ’লে নোৱাৰোঁ, পিছে চেনি দিয়া নাই’।
বন্ধুজনে ইতিমধ্যে নেমুৰ গৰম চৰবত পি খালেই। দাদাজনে পিছত চেনি বিচৰাতহে গম পালে, সেয়া হাত ধুবলৈ দিয়া ‘ফিংগাৰ বৌল’! তাৰপিছত তেওঁলোকে আজিলৈ বোলে কোনো হোটেলত কনফাৰ্মড নোহোৱাকৈ এগিলাছ পানীও মুখত দিয়া নাই !!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক