ৰৈ যোৱা স্মৃতি

বিভা বড়ো

১)
অক্টোবৰ মাহৰ পৰা ফেব্ৰুৱাৰী এই কেইটা মাহ মোৰ বৰ প্ৰিয় । শেৱালি ফুল এপাহ দুপাহ ফুলাৰে পৰা মনটো ভাল লাগি যায় । ৰাতিপুৱা শেৱালি ফুলৰ দলিচা খন দেখিলেই মনটো আনন্দত নাচি উঠে । এনেকুৱা সময়ৰ পৰাই দেউতা জাৰকালি হোৱা পাচলিৰ খেতিত লাগি যায় । সৰু সৰু ঢিপ বনায় প্ৰতিবিধ পাচলিৰ কাৰণে ‌- ফুলকবি , বন্ধাকবি , বেঙেনা , বিলাহী , ওল-কবি , লাই শাক , পালেং , লফা , গাজৰ , ধনিয়া , আৰু যে ক’ত কি । দোকমোকালিতে উঠি দেউতা বাৰীৰ কামত লাগে অফিচলৈ যোৱাৰ আগলৈকে । অফিচৰ পৰা আহিয়ে শুকান ৰুটি, গুৰ আৰু ৰঙা চাহ একাপ খায়েই পুনৰ বাৰীৰ কামত লাগে ৰাতি ভাত খাবৰ হোৱা পৰৰ লৈকে । কিমান মৰমৰে প্ৰতিপাল কৰে পাচলি বোৰ যেন নিজৰ লৰা ছোৱালী কেইটাহে । সেই কেইদিন মায়ে ৰন্ধা প্ৰতিবিধ ব্যঞ্জনেই সুস্বাদু হয় । ধোঁৱা ওলাই থকা ভাতৰ সতে পোৰা বেঙেনাৰ পিয়াঁজ আৰু ধনিয়া দি কৰা পিটিকা খন, ফুলকবি, ওল-কবিৰ মটৰ দি ৰন্ধা তৰকাৰীখন , লাই –লফা শাকৰ বিলাহী ৰন্ধা সিদ্ধ আঞ্জা খন , লগতে ধনিয়াৰ চাটনি , আহ কিমান যে সোৱাদ । মনলৈ আহিলেই মুখলৈ পানী আহি যায় । লাই শাকবোৰ চিঙি আনি মোহাৰি দিলেই নাকত ফেৰফেৰাই ধৰে । বগা হৈ লাগি থকা বক ফুল বোৰ বেচন লেটিয়াই ভাজি খাবলৈ কিমান যে মজা লাগিছিলে । আজিকালি পিচে দেউতাই আগৰ দৰে পাচলিৰ খেতি নকৰে আৰু কৰিলেও আগৰ দৰে লহপহকৈ নাবাঢ়ে ।
২)
আমাৰ ঘৰ ৰাজ্যিক চিৰিয়াখানাৰ পাছফালে থকা সংৰক্ষিত বনাঞ্চলখনৰ ওচৰত হোৱা হেতুকে আমি মহানগৰী বাসী হলেও প্ৰকৃতিৰ প্ৰতিটো ঋতুতে পৰিৱৰ্তন হোৱা ৰূপ উপভোগ কৰিবলৈ পাইছিলোঁ ।
আজিৰে পৰা প্ৰায় ১৫-২০ বছৰৰ আগতে আমাৰ ঘৰৰ প্ৰায় চাৰিওফালে আছিল মুকলি পথাৰ । এই পথাৰবোৰত সমনীয়াৰ সৈতে আমি গধূলি ভাগৰ নলগা লৈকে খেলিছিলোঁ । শৰতৰ শেৱালি ফুল বোৰে আমাৰ অঞ্চলটোলৈ শৰালি হাঁহবোৰক নিমন্ত্ৰণ কৰি আনে আগতিয়াকৈ শীতক আদৰিবলৈ । ৰাতিপুৱাৰ শেতেলিত অকণ অকণ ঠাণ্ডাৰ আমেজ লৈ এনেয়ে অলপ দেৰি পৰি থাকো আৰু তেনেতে কেতিয়াবা শুনিবলৈ পাও এটা দুটা খৰালি হাঁহৰ মাত । এটা দুটাকৈ আহিবলৈ ধৰা খৰালি হাঁহ বোৰ ডিচেম্বৰ মাহলৈকে জাক জাক হৈ পৰে । সেই কেই মাহ সিহঁতৰ মাতেৰে ৰাতিপুৱাবোৰ মুখৰিত হৈ থাকে । পুৱতী নিশাৰ পৰা ৰাতিপুৱা ন মান বজালৈ হাঁহবোৰে মুকলি আকাশত কেবাটাও জাকত ভাগ হৈ উৰণৰ কুজ-কাৱাজ কৰি থাকে।  পুনৰ সন্ধিয়া সিঁহতৰে মাতেৰে আকাশ মুখৰিত হৈ উঠে । আমিবোৰে পথাৰত খৰালি জাকৰ লগে লগে খেলো । আনন্দত হিয়া মন ভৰি পৰে এনেকুৱা লাগে যেন খুব জোৰেৰে উশাহ টানি গোটেই বোৰ আনন্দ বুকুৰ মাজত আবদ্ধ কৰি থম ।
আজিকালি পিচে খৰালি হাঁহ জাক নাহে । এটা দুটাকৈ কমি অহা হাঁহ জাক কিবা অভিমান কৰি কংক্ৰিটৰ মহানগৰীলৈ শীতৰ আগমৰ বতৰা লৈ নহা হল ।
৩)
অক্টোবৰ নবেম্বৰ মাহ দুটা আনন্দ উৎসৱ আৰু আলহী অতিথিৰ সতে কেতিয়া পাৰ হয় টলকিবই নোৱাৰোঁ । মা – দেউতাৰ গালিত যেতিয়া সম্বিৎ ঘুৰি আহে তেতিয়া পৰীক্ষা নিচেই কাষত । সৰস্বতী মাক স্মৰণ কৰি দিনে নিশাই পঢ়োঁ – মনতে কওঁ মা এই বাৰলৈ পাছ কৰাই দিয়া অহা বছৰ আৰাম্ভনীৰ পৰা পঢ়িম । বাইদেউ আৰু মই একেটা কোঠাতে পঢ়োঁ । এবাৰ বৰকৈ টোপনি ধৰাত বাইদেউক কলো ইমান টোপনি ধৰিছে কি কৰো । বাইদেউয়ে ক’লে – “মোৰ বেছিকৈ টোপনি ধৰিলে মই এটা চকু অলপ পৰ মুদি তাক শুবলৈ দিও আৰু আনটোৰে পঢ়ি থাকো” । তেতিয়া মই ষষ্ঠ শ্ৰেণীত আৰু বাইদেউ কলেজত ।বাইদেউৰ কথা মতে এটা চকুক আৰাম দি পঢ়ি থাকোঁতে কেতিয়া টোপনিৰ কোলাত ঢলি পৰিলোঁ কোনে বিচনালৈ নিলে একো গমেই নাপালোঁ । পাছদিনা ৰাতিপুৱা মোৰ পঢ়া লোকচান কৰা বুলি বাইদেউক গালি দিয়াত বাইদেউয়ে খুকখুকাই হাঁহি হাঁহি ক’লে—“ তই টোপনি ৰ জালত একেটা বাক্যকে ইমানকৈ পঢ়িছিলি , সেইকাৰণে মোৰ অসহ্য লাগি বুদ্ধি কৰি তোক শুৱাই থলো” । মই মুখস্থ কৰা বাক্য কেইষাৰি বাইদেউৰ এতিয়াও মনত আছে আৰু মোক জোকাবলৈ মন গলে এতিয়াও তাই মই শুনাকৈ মাতে ।
৪)
পৰীক্ষা শেষ মানে টোপনিও শেষ আৰু সৰস্বতী মাৰ ওচৰত কৰা প্ৰতিজ্ঞাও শেষ । মা – দেউতাৰ হাজাৰ গালি , ৰঙা চকুৱে পঢ়া টেবুলত মোক বহুৱাব নোৱাৰে । প্ৰাণ ভৰাই খেলো চুবুৰিৰ লৰা ছোৱালী বোৰৰ সৈতে । গধুলীবোৰত যে ঘৰৰ ভিতৰত থাকিবই নোৱাৰোঁ ।  আমাৰ দেউতাই চখতে বাৰিৰ চুকত এটা পুখুৰী খন্দাই লৈছিলে । খৰালি পুখুৰীটোৰ পানী একেবাৰে শুকাই যায় । মাছ বোৰ আমি চুবুৰিৰ মানুহৰ লগত ভগাই খাঁও । কেতিয়াবা কোনোবাটো মাছৰ প্ৰতি আমাৰ চুবুৰিৰ লৰা ছোৱালী কেইটাৰ বেছি দৰদ লাগিলে আমি মাছটোৰ সদগতিৰ কাৰনে শ্ৰাদ্ধ পাতো । মাছটো পুখুৰীৰ পাৰতে পোতো আৰু ফুল তুলসী ধুপ চাকি জ্বলাই প্ৰাৰ্থনা এটা গাই প্ৰসাদ বিতৰণ কৰো । প্ৰসাদ মানে বিস্কুট , বুট ভজা নাইবা অইন একো নাথাকিলে মৰ্টন । আবেলি পৰত মায়ে চুবুৰিৰ মামী ,খুৰী ,পেহীহঁতৰ লগত কথাৰ মহলা মাৰে আৰু লগতে খৰাহী এটাত বাৰীতে লগা শাকবোৰ তোলে । এতিয়া পুখুৰীটো নাই আৰু চুবুৰিৰ মামি ,খুৰী ,পেহী সকলৰ লগতো আগৰ মধুৰ সম্পৰ্ক বোৰ লাহে লাহে স্তিমিত হবলৈ লৈছে । আমি যেন সকলোবোৰ লাহে লাহে আত্মকেন্দ্ৰিক হৈ পৰিছোঁ । সকলোবোৰ কেৱল নিজক লৈয়ে ব্যস্ত । যেন আচল মহানগৰবাসী এতিয়াহে হৈছো ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক