ৰৈ ৰৈ কেতেকী…আকৌ এবাৰ মাত.. (জয়ন্ত আকাশ বৰ্মন)

_তেতিয়া আমি হাইস্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ৷ পূজাৰ বন্ধৰ আগে আগে প্ৰতিবছৰ আমাৰ স্কুলত বিদ্যালয় সপ্তাহ আৰম্ভ হয়৷ তামাম ধূম-ধাম৷ এদিন আমাৰ সংগীতৰ ছাৰে কৈ আছিল- “বিদ্যালয়ৰ সকলো প্ৰতিযোগিতাতেই তোমালোকে অংশ লোৱা উচিত, সংগীত প্ৰতিযোগিতাতো৷ স্কুলৰ সংগীত প্ৰতিযোগিতাত কোনো ল’ৰা প্ৰতিযোগী নাই৷ তোমালোকে আচলতে গান গাব লাগে৷ কোনে জানে, তোমালোকৰ মাজতো লুকাই থাকিব পাৰে কোনো তানসেন, মহম্মদ ৰফি, কিশোৰ কুমাৰ৷ “কথাটো মোৰ সখীয়ে অলপ ছিৰিয়াচলি ল’লে চাগে’৷ আবেলি সখী আমাৰ ঘৰলে আহিল৷
ক’লে- সখী, কথা এটা ভাবিছোঁ৷
খেলি থকা মাৰ্বলকেইটা হাফপেণ্টৰ পকেটত ভৰাই মই ক’লো- কি??
’আমি কি গানৰ প্ৰতিযোগিতাৰ সব প্ৰাইজ আচ্মা, ডেইজী হতঁকে নিব দিম নেকি?
আচ্মা, ডেইজী আমাৰ স্কুলৰেই ওপৰ ক্লাছৰ ছোৱালী৷ বাৰ্ষিক অধিবেশনৰ ৰাভা সংগীত, জ্যোতি সংগীত, লোকগীত, জিকিৰ, আধুনিক গীত -সকলোবোৰ শিতানৰে প্ৰাইজবোৰ সিহঁতেই পায়৷ কেৱল ’বিশ্বৰ ছন্দে ছন্দে’ নাইবা ’তোৰে মোৰে আলোকৰে যাত্ৰা’ত হে ওপৰৰ ক্লাছৰ হোমেনদাহঁতে ষ্টেজত সিহঁতৰ লগত থিয় হবলৈ চান্স পায়৷ আমি কিন্তু হাত চাপৰি বজাই থাকোঁতেই যায়৷
মই ক’লোঁ- মানে?
সখীয়ে ক’লে- ’এইবাৰ ব’লা, আমিও গাম৷ আমিও প্ৰতিযোগিতা কৰিম৷ ল’ৰাই কি গান গাব নোৱাৰে!? এই স্কুলত আমিয়েই প্ৰথম গান গাই ল’ৰাই গান গোৱাটো আৰম্ভ কৰি দিম৷ ’
মই ক’লো- কেনেকৈ গাম৷ প্ৰেক্টিছ চেক্টিছ নাই আমাৰ৷ আৰু কেতিয়াও গায়েই পোৱা নাই!
সখীয়ে ক’লে- চেষ্টাৰ অসাধ্য একোৱেই নাই৷ কোনে জানে, আমাৰ মাজতেই লুকাই আছে তানসেন, মহম্মদ ৰফি, কিশোৰ কুমাৰ!!
পিছদিনা স্কুল ছুটীৰ পিছত মিজানুৰ দাৰ ওচৰলৈ গ’লোঁ দুয়ো৷ সিটো চুবুৰিত মিজানুৰদাহতঁৰ ঘৰ৷ মিজানুৰ দা তেতিয়া আমাৰ মনত এ.আৰ. ৰহমান৷
হাতযোৰ কৰি আমি প্ৰণাম কৰিলোঁ-দাদা৷ আমাক এটা গান শিকাই দিয়ক৷ পৰহিলৈ বাৰ্ষিক অধিবেশনত আমি গাম৷ মিজানুৰ দাই প্ৰথমে তামাম হাঁহিছিল যদিও আমাৰ অনমনীয় কন্ফিডেন্স দেখি আমাক গান শিকাব ল’লে৷ “ৰৈ ৰৈ কেতেকী বিনাই অ…“-গান চিলেক্ট হ’ল৷ অলপ এক্সট্ৰা কন্ফিডেন্স লাগিব৷ গতিকে সখী আৰু মই ডুৱেট গোৱাৰেই সিদ্ধান্ত ল’লোঁ৷
কিন্তু গানটো শিকোতে এটা সমস্যাই দেখা দিলে৷ ৰমেশদাই তবলা বজাই দিয়ে, মিজানুৰ দাই হাৰম’নিয়াম- সাংগীতিক পৰিবেশ আৰম্ভ হৈ যায়, কিন্তু কোনখিনিত আমি এণ্ট্ৰি মাৰিম তাতেই খেলি-মেলিটো লাগি যায়৷ মিজানুৰ দাই প্ৰব্লেমটো চ’ল্ভ কৰি দিলে৷ ক’লে- মিউজিক আৰম্ভ হোৱাৰ লগে-লগে নাগাবা৷ মই তোমাৰ ভৰিখন গচকি দিম, লগে লগে আৰম্ভ কৰিবা৷ একেসময়তেই সখীক ৰমেশদাই গচকি দিব৷ প্ৰব্লেম চ’ল্ভ্ড৷

ৰাভা সংগীত প্ৰতিযোগিতাৰ এইবাৰৰ প্ৰতিযোগী নৱজ্যোতি শৰ্মা আৰু আকাশ বৰ্মন-মাইকত আমাৰ সংগীতৰ চাৰে ঘোষণা কৰিলে৷ সখী আৰু মোৰ দুয়োৰে বুকুৱে ড্ৰাম ছেট বজালে৷ সমজুৱাৰ মাজেৰে, সহপাঠীসমূহৰ কাষেৰে, বিচাৰকবৃন্দৰ আগেৰে আগবাঢ়ি গৈ আমি ষ্টেজত উঠিলোঁ৷ হাৰ্মনিয়ামত মিজানুৰ দা আৰু তবলাত ৰমেশদা আছিলেই৷ থৰহৰি কম্পিত হস্তেৰে ৰাইজক এক নমস্কাৰ জনাই ’ৰৈ ৰৈ কেতেকী বিনাই অ—’ গাবলৈ মিজানুৰ দা আৰু ৰমেশদাৰ ষ্টাৰ্টাৰ গচকৰ বাবে আমি ’ৰৈ ৰৈ’ উদ্যত হ’লোঁ৷ (আজি পৰিবৰ্তন হব আমাৰ স্কুলৰ ইতিহাস৷ স্কুলৰ সাংগীতিক ইতিহাসত স্বৰ্ণলিপিৰে লিখা থাকিব নবজ্যোতি আৰু আকাশৰ নাম৷ ) সমুখত দৰ্শকৰ অতুল উৎসুক চাৱনি! হাৰ্মনিয়াম আৰম্ভ হ’ল, পিছে পিছে তবলা৷ মোৰ ভৰিত গচক পৰিল৷ এক মহাকাব্যিক কণ্ঠেৰে কম্পিত শব্দেৰে মই আৰম্ভ কৰিলোঁ-’ৰৈ ৰৈ কেতেকী বিনাই…’৷
—সখীয়েচোন আৰম্ভ কৰা নাই! ৰমেশদাই গচকি দিয়া নাই নেকি!! এইফালে মোৰ ’অমাতৰ মাত…’ গাবৰ হৈয়েই গ’ল৷ মই অলপ ’ৰৈ ৰৈ ’ দিলোঁ৷ সখীয়ে আৰম্ভ কৰিলে৷ সখীয়ে ’ফাষ্ট-ফৰৱাৰ্ড’ গালে যাতে মোক ’ কেটচ্ কৰিব পাৰে৷ কিন্তু মোৰখিনি আহি নাপায় হে নাপায়! ! ! মই ৰৈ ৰৈ থাকিলো৷ কিন্তু সখীয়ে এইবাৰ ’অমাতৰ মাত’ লাইনটো অমিট কৰি ডাইৰেক্ট ’ক’ৰে সমনীয়া -লগাই চেমনীয়া’ লাইনটো গাই দিলে৷ মই সখীৰ পেচ টু ধৰিবলৈ ’আহ উৰণীয়া মেলি দিওঁ হাত…’ আৰম্ভ কৰি দিওঁতে এইবাৰ সখীয়ে ’ৰৈ ৰৈ’ দিলে …৷
সমুখত দৰ্শকৰ জাউৰি জাউৰি হাত-চাপৰি…৷ সখীয়ে কি গাইছে বাদ দি মই এইবাৰ নিজৰ মতে গাব ধৰিলোঁ৷ সি বেয়া গালেও মইতো নোৱাৰোঁ৷ ইজ্জতৰ কথা আছে৷ মিজানুৰ দাৰ ইজ্জতৰ কথা আছে!! মই আঁৰ চকুৰে মিজানুৰ দালৈ চালো৷ মিজানুৰ দাই ইতিমধ্যেই হাৰ্মনিয়াম এৰি ’কৰ তালি’ সংগত কৰি আছিল আমাৰ লগত৷ ৰমেশদাই তবলা চুৱাই নাই! মাৰ্কাছটোহে ’ৰৈ ৰৈ’ বজাই আছে৷ বিচাৰক মণ্ডলীৰ মহিলা বিচাৰকগৰাকী হাঁহি হাঁহি চকীৰ পৰা পৰি গৈছে৷ সখীয়ে ’ৰৈ ৰৈ কেতেকী…’ লাইনটোৱেই ৰৈ ৰৈ ৰিপিট ম’ডত গাই আছে৷
আমি দুই মিনিটৰ বাবেহে প্ৰেক্টিছ কৰি আহিছিলোঁ৷ কাৰণ প্ৰতিযোগিতাত দুইমিনিটহে গাব দিছিল৷ পিছৰ লাইনকেইটা আমি মুখস্থ, কৰা নাছিলো৷ গতিকে আমি দুয়ো এইবাৰ সমস্বৰে ’ৰৈ ৰৈ কেতেকী বিনাই অ…’ লাইনটো ৰিপিট মোডত বিনাই থাকিলোঁ৷
আমি ষ্টেজত পাচঁমিনিটমান গাব লগা হৈছিল৷ কাৰণ ’টাইম কিপাৰ’ চাৰ গৰাকী মুখৰ হুইছেল হাঁহিত মুখৰ পৰা অজান দূৰ দিগন্তত চিটিকি পৰিছিল৷
গীত গাই সখী আৰু মই আমি দুয়ো কান্ধত ধৰা-ধৰিকৈ যেতিয়া ষ্টেজৰ পৰা নামি আহিছিলোঁ-সমজুৱাৰ মাজেৰে, সহপাঠীসমূহৰ কাষেৰে, বিচাৰকবৃন্দৰ আগেৰে, সকলোৱে আমাৰ লগত হাত মিলাইছিল৷ আমি প্ৰতিযোগিতাৰ ফলাফল ঘোষণালৈ অপেক্ষা কৰিব লগা নহৈছিল৷ নামি আহি থাকোঁতেই আমি বহুতো চুমা, কৰমৰ্দন আৰু ’থাম্ব্ছ্ আপ’ পাইছিলো৷
বিচাৰক মণ্ডলী আৰু সমজুৱা সকলে হৃদয়েৰে আমাক পুৰস্কাৰ স্বৰূপে ’নগদ ধন’ ও দি আহ্লাদিত কৰিছিল৷
সেই স্মৃতি আজিও মোৰ অন্তৰত ’ৰৈ ৰৈ বিনায়৷ ’ বহুযুগ হ’ল শৈশবৰ মোৰ একাত্ম সখীৰ সেই ’সমনীয়া অমাতৰ মাত’ শুনাৰ৷ মন যায় -আহ উৰণীয়া- মেলি দিবলে’ হাত! ! ! ৰ’দে বৰষুণে সেই চিৰন্তণ গছৰ ছাঁত….

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments