ৰোগী হিচাপে থাইলেণ্ডৰ স্বাস্থ্যসেৱাৰ অভিজ্ঞতা (শ্ৰীমন্ত বৰদলৈ)

ৰোগী হিচাপে থাইলেণ্ডৰ স্বাস্থ্যসেৱাৰ অভিজ্ঞতা

শ্ৰীমন্ত বৰদলৈ

মোৰ লেখাৰ পটভূমি কোনো উন্নত দেশ নহয়, বৰঞ্চ ভাৰতবৰ্ষতকৈ কম সৰ্বমুঠ ঘৰুৱা উৎপাদন কৰা (GDP) দেশ থাইলেণ্ড। কৃষি,পৰ্যটনৰ ক্ষেত্ৰত বিশ্বৰ দৰবাৰত এক সুকীয়া আসন গ্ৰহণ কৰিবলৈ সক্ষম হোৱা এইখন দেশৰ অন্য এটা দিশে মোক আকৰ্ষিত কৰিছে আৰু সেইটো হৈছে স্বাস্থ্যক্ষেত্ৰ। স্বাস্থ্যক্ষেত্ৰ বুলি কলে কেৱল অত্যাধুনিক চিকিৎসালয় তথা স্বাস্থ্য পৰ্যটনে (Health tourism) সামৰি লোৱা ব্যক্তিগত খণ্ডৰ কেইখনমান চিকিৎসালয়ৰ কথা মই উল্লেখ কৰিব বিচৰা নাই। মই সামগ্ৰিকভাবে ব্যক্তিগত তথা চৰকাৰী উভয়ক্ষেত্ৰক সাঙুৰি চিকিৎসক , চিকিৎসালয় তথা স্বাস্থ্যসেৱা সম্পৰ্কীয় কিছুমান দিশক আলোকপাত কৰিব বিচাৰিছোঁ।

থাইলেণ্ডৰ এখন চিকিত্সালয়ৰ বহিঃ ৰোগী বিভাগ

স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত থাইলেণ্ড স্বাৱলম্বী নহয়। দেশখন ঔষধৰ বাবে ক’বলৈ গলে সম্পূৰ্ণভাৱে আমদানিৰ ওপৰত নিৰ্ভৰশীল। তাৰোপৰি চিকিৎসাবিজ্ঞানৰ উৎকৃষ্ট বিশিষ্টতাৰ (Super specialty) বাবে চিকিৎসকসকলে মাৰ্কিন চিকিৎসা মহাবিদ্যালয়ৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। সৰ্বসাধাৰণৰ বাবে স্বাস্থ্যসেৱা অত্যন্ত ব্যয়বহুল, যদিও চৰকাৰৰ শক্তিশালী স্বাস্থ্যনীতিৰ কাৰণে কোনো নাগৰিক প্ৰাথমিক স্বাস্থ্যসেৱাৰ পৰা বঞ্চিত হ’বলগীয়া হোৱা নাই।

কোনো মানুহে জীৱনত ৰোগত আক্ৰান্ত হ’বলৈ পৰিকল্পনা নকৰে। তথাপিও যেন প্ৰত্যেক মানুহেই জীৱনৰ কোনো এক সন্ধিক্ষণত ঔষধ তথা চিকিৎসাৰ শৰণাগত হবলগীয়া হয়। ময়ো ইয়াৰ ব্যতিক্ৰম নহয়। সময়ে সময়ে ময়ো চিকিৎসালয়লৈ যাব লগা হয়। এজন ৰোগীৰ দৃষ্টিৰে মই থাইলেণ্ডৰ কিছুমান স্বাস্থ্যসেৱা সম্পৰ্কীয় ব্যক্তিগত অভিজ্ঞতাৰ কথা ইয়াত উল্লেখ কৰিছোঁ।

মানুহে এজন চিকিৎসকক মাচুল দিয়ে তেওঁৰ শ্ৰম, কষ্ট তথা মহানুভৱতাৰ বাবে। তথাপিও যেন কৃতজ্ঞতা মাপকাঠিত সেইয়া সদায় আধৰুৱা হৈ থাকে আৰু সেয়ে এজন ৰোগীৰ মনৰ মাজত অজানিতে চিকিৎসকৰ প্ৰতি সৃষ্টি হয় অগাধ বিশ্বাসবোধৰ। সেয়ে চিকিৎসক কেৱল ঔষধ দিয়া , বিচ্ছিন্ন হৈ পৰা শৰীৰৰ অংগক জোৰা লগোৱা নতুবা বিধস্ত হোৱা মানসিক অৱস্থাক সন্তুলিত কৰা ব্যক্তি বিশেষৰ নামান্তৰেই নহয় , বৰঞ্চ মানুহ আৰু ইশ্বৰৰ মাজৰ যোগসূত্ৰই হৈছে চিকিৎসক।

মৃত্যুক বাদ দি এজন মানুহে অনুভৱ কৰিব পৰা যন্ত্ৰণা হৈছে এটা ৰুগীয়া শৰীৰৰ যন্ত্ৰণা। যি যন্ত্ৰণাই ব্যক্তিগত তথা পাৰিপাৰ্শ্বিক পৰিবেশত এক মানসিক যন্ত্ৰণাৰ সৃষ্টি কৰে। কোনোৱেই ইয়াৰ ব্যতিক্ৰম নহয়। জন্ম , যন্ত্ৰণাৰ আৰু মৃত্যুৰ চক্ৰবেহুত পৰি এজন ৰোগীয়ে নিজক সমৰ্পিত কৰে এজন চিকিৎসকৰ ওচৰত। খ্ৰীষ্টপূৰ্ব চাৰিশ শতিকাতে হিপক্ৰেটছে কৈছিল যে এজন দুৰ্দশাগ্ৰস্ত ৰোগীয়ে ভালকৈয়ে অনুভৱ কৰে নিজৰ বিপদজনক অৱস্থাৰ কথা, তথাপিও এজন চিকিৎসকৰ মহানুভৱতা তথা সমাহিত অভিব্যক্তিয়ে সৃষ্টি কৰা সন্তুষ্টিয়ে যেন ৰোগীজনৰ মাজত তাক মোকাবিলা কৰিবলৈ প্ৰয়োজনীয় আত্মবিশ্বাসৰ সৃষ্টি কৰে। এজন আকৰ্ষিত কৰিব পৰা চিকিৎসকৰ ব্যক্তিত্বই এজন ৰোগীক বাৰুকৈয়ে প্ৰভাৱিত কৰে আৰু মোৰ থাইলেণ্ডৰ চিকিৎসককেন্দ্ৰীক অভিজ্ঞতা হিচাপে প্ৰথমে মই তাকেই উনুকিয়াব খুজিছোঁ। মই সান্নিধ্যলৈ অহা প্ৰতিজন চিকিৎসক অত্যন্ত অমায়িক আৰু হাঁহিমুখীয়া। স্বল্পভাষী প্ৰতিজন চিকিৎসকৰ নিজৰ বিভাগৰ কৰ্মচাৰীৰ লগত যি আচৰণ সেইয়া পাৰস্পৰিক শ্ৰদ্ধাজড়িত আৰু প্ৰতিজন ৰোগীৰ লগত সম্পৰ্ক সম্পূৰ্ণ আন্তৰিক। এই হাঁহিমুখীয়া অভিব্যক্তি কৃত্ৰিম নহয়, সম্পূৰ্ণভাৱে স্বাভাৱিক আৰু স্বতঃস্ফুৰ্ত। এনে ধনাত্মক আচৰণবিধিৰ প্ৰভাৱ সমগ্ৰ চিকিৎসালয়তে বাৰুকৈয়ে পৰে, যাৰফলত কোনো বিভাগীয় ব্যক্তিয়ে কেতিয়াও কাৰো ওচৰত বিৰক্তিদায়ক পৰিবেশৰ সৃষ্টি নকৰে। সকলোৱে এক হাঁহিমুখীয়া সুস্থ পৰিবেশৰ সৃষ্টিত যেন নিজকে উজাৰি দিয়ে। বিংশ শতিকাৰ আমেৰিকাৰ চিকিৎসাবিদ তথা লেখক মাৰ্টিন এইচ ফিচাৰে কৈছিল যে এটা ৰোগীৰ কোঠালীত দহ শতাংশ মানুহৰ মনঃস্তত্ব বুজিব পৰা গুণ দহ ডলাৰ মূল্যৰ চিকিৎসাবিজ্ঞানৰ সমান। মোৰ থাইলেণ্ডৰ চিকিৎসকৰ সংস্পৰ্শই যেন এই কথাষাৰকে প্ৰতিপন্ন কৰে।

মোক আকৰ্ষিত কৰা দ্বিতীয়তো অভিজ্ঞতা সম্পূৰ্ণ প্ৰতীকীমূলক। থাইলেণ্ডৰ কোনো চিকিৎসকে নিজৰ গাড়ীত সেউজীয়া নতুবা ৰঙা ৰঙৰ যোগচিন নতুবা এচকেলিপাচৰ চিহ্ন ব্যৱহাৰ নকৰে। যাতায়তৰ ভিৰৰ মাজত কোনখন গাড়ী চিকিৎসকৰ আৰু কোনখন চিকিৎসকৰ নহয় তাক চিনাক্ত কৰাটো অসম্ভৱ। কিন্তু আমাৰ নিজৰ ঠাইত সেই পাৰ্থক্য বিচাৰি পোৱাটো তেনেই সহজ।

তাৰোপৰি থাইলেণ্ডৰ চিকিৎসকসকল সম্পূৰ্ণ অনুশাসনবদ্ধ আৰু বিনয়ী। সময়মতে কামলৈ অহা আৰু নিৰ্দ্ধাৰিত সময়ত প্ৰস্থান কৰাটো থাই চিকিৎসকৰ বৈশিষ্ট। কৰ্মস্থানত থাই চিকিৎসকে সদায় বৰ্হি সাজ (Apron) পৰিধান কৰে। চিকিৎসালয়েই হওক বা ব্যক্তিগত ব্যৱস্থাই হওক, এপ্ৰন পৰিধান নকৰাকৈ কোনো চিকিৎসকে কেতিয়াও ৰোগীক পৰিচৰ্যা নকৰে। ব্যক্তিগত ৰক্ষামূলক আহিলা (Personal protective equipment) ব্যৱহাৰৰ ক্ষেত্ৰটো চিকিৎসক তথা অন্যান্য কৰ্মচাৰীসকল বিশেষভাৱে সচেতন। চিকিৎসালয় আৰু ঔষধালয়ত হাতমোজা (Disposable hand gloves) আৰু নাকৰ মুখা (Nose mask) নিপিন্ধাকৈ কাম কৰি থকা মানুহ দেখা পোৱাটো তেনেই দুৰ্লভ। মৌলিক সুৰক্ষা তথা পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি তেওঁলোকৰ সজাগতা দেখি এনে অনুভৱ হয় যেন ই এক সামগ্ৰিকভাৱে সাংস্কৃতিকগত জাতীয় অভ্যাস।

মোক বাৰুকৈয়ে প্ৰভাৱিত কৰা অন্য এটা দিশ হৈছে পৰিষ্কাৰ-পৰিচ্ছন্নতা। পৰিষ্কাৰ-পৰিচ্ছন্নতাই চিকিৎসালয়ৰ চৌপাশৰ পৰিবেশক স্পৰ্শ কৰে। ৰোগীক ৰখা কোঠালী, জিৰণি কোঠা, ভোজনালয়, ফুলনি, আলিবাট, নলা-নৰ্দমা, শৌচাগাৰ ইত্যাদি সকলোবোৰ ঠাই অত্যন্ত পৰিষ্কাৰ। অনবৰতে পৰিষ্কাৰ কৰা মানুহ চিকিৎসালয়ত মজুত থাকে আৰু এই প্ৰক্ৰিয়া সম্পূৰ্ণ স্বতঃস্ফুৰ্ত। কোনেও কোনোবাই কাম কৰিছেনে নাই তাক চাই থাকিব নালাগে। শ্ৰমৰ প্ৰতি থকা মৰ্যদাক শ্ৰদ্ধা জনাই সকলোৱে নিজৰ কাম নিজে কৰি থাকে। পৰিষ্কাৰ এক চিকিৎসালয়ৰ চৌহদে প্ৰতিজন অভ্যাগতক আপ্লুত কৰে আৰু চিকিৎসালয়ৰ প্ৰতিজন সদস্যক কৰি তোলে গৌৰৱান্বিত।

চৰকাৰৰ জনকল্যাণমূলক স্বাস্থ্যসেৱাৰ বিষয়ে উল্লেখ নকৰিলে এই লেখাটো আধৰুৱা হৈ ৰব। মই থাইলেণ্ডৰ স্বাস্থ্যসেৱাৰ বিষয়ে সম্পূৰ্ণ অৱগত নহয় তথাপিও মোৰ অভিজ্ঞতাৰ ভিত্তিত কিছুমান কথা উনুকিয়াব খুজিছোঁ। থাইলেণ্ডৰ প্ৰতিজন ব্যক্তি চিকিৎসা বীমা (Medical insurance) নতুবা সামাজিক সুৰক্ষা আঁচনিৰ (Social security scheme) অৰ্ন্তভূক্ত আৰু যি সকলোকে স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত নিশ্চিত সুৰক্ষা প্ৰদান কৰিছে। সামাজিক সুৰক্ষা আঁচনিয়ে বৃদ্ধাৱস্থা, নিবনুৱা, শিশুৰ স্বাস্থ্য, দুৰ্ঘটনা, বেমাৰ , প্ৰসূতি তথা মৃত্যু সকলোকে সাঙুৰি লৈছে। সকলো বৰ্গৰ কৰ্মচাৰী এই আঁচনিৰ অন্তভূক্ত – ব্যক্তিগতই হওক বা চৰকাৰীয়েই হওক। এই আঁচনিয়ে আমাৰ দৰে সকলো প্ৰবাসীলোককো সাঙুৰিছে। এজন থাই নাগৰিকে যিমান সুবিধা এই আঁচনিৰ জৰিয়তে পাব, এজন প্ৰবাসীলোকেও সিমানেই পাব – ই এক সম্পূৰ্ণ নিৰপেক্ষ আঁচনি। থাইলেণ্ডৰ প্ৰতিজন ব্যক্তিৰে চিকিৎসা বীমা আছে , যি মানুহৰ স্বাস্থ্যসেৱা সম্পৰ্কীয় সজাগতাক প্ৰকাশ কৰে। থাইলেণ্ডৰ চিকিৎসা বীমা অতি সুবিধাজনক আৰু সকলো সৰু ডাঙৰ চিকিৎসালয়ত বীমাৰ সুবিধা আছে। চিকিৎসালয়লৈ এজন ৰোগী আহিলে আৰু লগত বীমাৰ কাৰ্ড থাকিলে কোনো অভিভাৱক নাহিলেও সহজতেই নিজে চিকিৎসা কৰাব পাৰে। চিকিৎসাৰ খৰচ লগে লগে বীমাকাৰ্ডৰ জৰিয়তে ৰোগীয়ে চিকিৎসালয়ত পৰিশোধ কৰিব পাৰে, তাৰ কাৰণে কোনো বীমা কোম্পানীৰ কাৰ্যালয়লৈ যাব নালাগে আৰু ঠাইতেই সকলো মীমাংসা হৈ যায়। সামাজিক সুৰক্ষা আঁচনিৰ জৰিয়তে থাইলেণ্ডত কেঁচুৱা জন্মহলে মাক দেউতাকক চিকিৎসাৰ খৰচৰ বাবে ১২০০০ ভাট (ভাৰতীয় প্ৰায় ২২০০০ টকা) নগদ ধন বিনামূলীয়াকৈ দিয়ে আৰু শিশুৰ পাঁচবছৰ পৰ্যন্ত মাহিলি পুষ্টিকৰ খাদ্য খাবৰ বাবে প্ৰতিমাহে ৪০০ ভাট (ভাৰতীয় প্ৰায় ৭০০ টকা) বিনামূলীয়াকৈ দিয়ে। এজন প্ৰবাসীলোকৰ ক্ষেত্ৰতো ই প্ৰযোজ্য। বৃদ্ধাৱস্থাত এজন মানুহক প্ৰয়োজন হোৱা স্বাস্থ্যসেৱাক সহজলভ্য কৰি তুলিছে এনেবোৰ সহজ অথচ দক্ষ আঁচনিয়ে।

চিকিৎসালয়কেন্দ্ৰীক কিছুমান কথা যিবোৰ তেনেই নগণ্য কিন্তু যাৰ আঁৰত কিছুমান অন্য দিশো সোমাই থাকে তাক মই উনুকিয়াব খুজিছোঁ। থাইলেণ্ডত ঔষধালয় এখন চিকিৎসালয়ৰ অভিন্ন অংগ। বাটে ঘাটে , য’তে ত’তে ঔষধালয় থাইলেণ্ডত পাবলৈ নাই আৰু ই সম্পূৰ্ণ চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত ক্ষেত্ৰ। ঔষধালয়ৰ বাবে অনুজ্ঞাপত্ৰ লাভ কৰাৰ পৰা আৰম্ভ কৰি ঔষধ গ্ৰাহকৰ হাতলৈ যোৱা পৰ্যন্ত তাত সোমাই থকা দূৰ্নীতিৰ সম্ভাৱনীয়তাসমূহ যেন একেবাৰেই অদৃশ্য হৈ পৰিছে। যাৰ বাবে অসাধু মানসিকতা বহু পৰিমাণে নিয়ন্ত্ৰিত হৈ আছে যেন অনুভৱ হয়। প্ৰতিটো ঔষধৰ ক্ৰয় বিক্ৰয়ৰ বাবে ৰচিদ (Receipt) দিয়াটো আৰু লোৱাটো বাধ্যতামূলক আৰু কৰৰ (Tax) জালিয়াতিৰ পথটোও সম্পূৰ্ণৰূপে বন্ধ কৰি তুলিছে। ঔষধ দিয়াৰ সময়ত ৰোগীৰ সুবিধাৰ কাৰণে ঔষধৰ বাকচৰ ওপৰতে কেনেকৈ ঔষধটো গ্ৰহণ কৰিব লাগিব তাক সহজে বুজিপোৱাকৈ লেখি দিয়ে, যাৰ বাবে অনবৰতে চিকিৎসকৰ নিৰ্দেশনা (Prescription) চাই থাকিবলগীয়া নহয়।

ৰোগৰ পৰীক্ষাগাৰ (Pathological laboratory) প্ৰতিখন চিকিৎসালয়ৰ অভিন্ন অংগ। ৰোগীৰ ৰোগৰ পৰীক্ষাৰ বাবে বাহিৰৰ কোনো পৰীক্ষাগাৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহয়, হাততে পোৱাকৈ সকলোবোৰ চিকিৎসালয়খনতেই কৰি লব পাৰি – যি বহু পৰিমাণে ৰোগী আৰু ৰোগীৰ পৰিয়ালক সকাহ যোগায় যেন অনুভৱ হয়। চিকিৎসালয়ৰ বাহিৰত ক’তোৱেই ৰোগৰ পৰীক্ষাগাৰ (Pathological laboratory) দেখা পোৱা মোৰ মনত নপৰে।

থাইলেণ্ডৰ চিকিৎসালয়ত গ্ৰাহকৰ অভাৱ অভিযোগ সমাধান কৰা প্ৰক্ৰিয়া সম্পূৰ্ণ পেশাদাৰী মনোভাবৰ প্ৰতিফলন। কিবা অভিযোগ থাকিলে নিৰ্দিষ্ট প্ৰক্ৰিয়া অনুসৰণ নকৰিলে কোনো চিকিৎসালয়ে তাক গ্ৰহণ নকৰে, লাগিলে সি যিমান জৰুৰী নতুবা সাংঘাটিক নহওক কিয়। অভিযোগ প্ৰক্ৰিয়া অনুসৰি কৰিলে সম্পূৰ্ণ পেশাদাৰী মনোভাবেৰে চিকিৎসালয়ে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত তাক সমাধান কৰে। চিঞৰ-বাখৰ নতুবা আবেগৰ বশৱৰ্ত্তী হৈ হেঁচা দিলেও কোনো চিকিৎসালয়ৰ কৰ্তৃপক্ষই এই প্ৰক্ৰিয়াক অবমাননা নকৰে। এইক্ষেত্ৰত থাই মানুহেও ধৈৰ্যচ্যুতি নোহোৱাকৈ সকলো প্ৰক্ৰিয়াক সংযমেৰে সৈতে সম্পূৰ্ণ কৰে , যিটো নেকি অতি উল্লেখনীয়।

মোৰ ওপৰৰ স্বাস্থ্যসেৱা সম্পৰ্কীয় কথাবোৰৰ ভিত্তি সম্পূৰ্ণ নিজস্ব অভিজ্ঞতাৰ ওপৰত প্ৰতিষ্ঠিত। সমালোচনাত্মক দৃষ্টিভংগীৰ উদ্ধত থাকি লেখা কথাবোৰে মই ভাবো কিছুপৰিমাণে হলেও চিন্তাৰ খোৰাক যোগাব লগতে বিতৰ্কৰ অৱকাশো সৃষ্টি নকৰাকৈ নিশ্চয় নাথাকিব। মোৰ নিজস্ব অনুভৱ যে স্বাস্থ্যসেৱাৰ উন্নতিৰ কাৰণে কেৱল সবল অৰ্থনীতিৰ প্ৰয়োজন নহয়, বৰঞ্চ প্ৰয়োজন চৰকাৰৰ সদিচ্ছা ,শক্তিশালী স্বাস্থ্যসেৱাৰ নীতি , পৰিকল্পনাৰ বাস্তৱ ৰূপায়ণ, স্বাস্থ্য সজাগতা ইত্যাদি। কিন্তু সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰয়োজন হৈছে নিস্বাৰ্থভাৱে সকলো নাগৰিকৰে দেশৰ প্ৰতি ভালপোৱাৰ মনোভাব, দায়বদ্ধতা তথা সেৱাৰ মনোভাৱ। এইকথা কোনেও অস্বীকাৰ কৰিব নোৱাৰে যে এখন দেশৰ বিকাশ বুলি কলে কেৱল উন্নত যোগাযোগ ব্যবস্থা , বৃহৎ উদ্যোগ আদিবোৰকেই নুবুজায়। দেশৰ প্ৰগতিৰ বাবে সমানেই গুৰুত্বপূৰ্ণ হৈছে প্ৰাথমিক শিক্ষাৰ প্ৰসাৰৰ দৰে প্ৰাথমিক স্বাস্থ্যসেৱাৰ উন্নত মান, তড়িৎগতিত তাৰ বিকাশ আৰু সহজলভ্যতা সৃষ্টি যাতে দেশৰ কোনো নাগৰিকেই ইয়াৰ পৰা বঞ্চিত নহয়। দেশৰ প্ৰতিজন নাগৰিক আৰু শিশুৱেই আত্মাভিমানেৰে দেশৰ প্ৰগতিৰ গতিৰ সতে ছন্দোবদ্ধতাৰে নিজৰ জীৱনধাৰণৰ মানক উন্নত কৰিবৰ অধিকাৰ আছে। স্বাস্থ্যৰ স্বাৱলম্বীতাৰ ক্ষেত্ৰত প্ৰতিজন নাগৰিক আত্মনিৰ্ভৰশীল হৈ উঠিলেহে এখন দেশৰ বিকাশ হোৱাটো সম্ভৱ হ’ব বুলি মই ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক