ৰোগ (তুলিকা নিৰ্মলীয়া)


বহুত কথাই শুনিব নোৱাৰোঁ, শুনিলেও সহ্য কৰিব নোৱাৰোঁ! সহ্য কৰিলেও মানি ল’ব নোৱাৰোঁ, মানি ল’ব নোৱাৰিলেও একো ক’ব নোৱাৰোঁ, একো কৰিবও নোৱাৰোঁ। paralyzed version of Me!

ৰূমটো বিশৃংখল হৈ আছে। আলনাৰ কাপোৰবোৰো য’তে ত’তে পৰি আছে। টেবুলৰ কিতাপবোৰৰ ওপৰত ধূলিৰ চামনি। ৰূমৰ চাৰিকোণত মকৰাই ঘৰ সাজিছে। সাৰি পেলোৱা হোৱা নাই ৰূমৰ ধূলিবোৰ। বিচনাৰ চাদৰ জাৰি-জোকাৰি নতুনকৈ পাৰি দিয়া হোৱা নাই। গাৰুৰ গিলিপত শুকাই যোৱা সেয়া লেলাউটিৰ দাগ নে চকুপানীৰ দাগ চিনি উলিয়াব নোৱাৰি! ধুবলৈ থোৱা লেতেৰা কাপোৰবোৰ দ’ম বান্ধিছে। বেলকনিলৈ যাব পৰা দুৱাৰখন নোখোলা বহু দিন হ’ল। ৰূমৰ খিৰিকীবোৰো খোলা নাই। আচৰিত! অসহ্য লগা নাই মোৰ! আইনাত চাইছো নিজৰ শ্রীহীন চেহেৰা। চকুৰ তলৰ বলিৰেখাবোৰ, ৰুক্ষ শুকান চুলিখিনি, ক’লা পৰি যোৱা ওঁঠ… ওঁহো, একো সলনি হোৱা নাই! সব ঠিকেই আছে! গণ্ডগোলটো ক’ত হৈছে ধৰিব পৰা নাই। এনেকৈতো নাথাকোঁ মই! নিজকে চিকুটি চাইছো এবাৰ! দুখ পায় চিঞৰি দিছোঁ! ঠিকেইতো আছোঁ! তেন্তে বিশৃংখল হৈ মই কি শৃংখল হোৱাতো বিচাৰিছোঁ?

খৰ খোজেৰে গৈ আছোঁ। দেৰিতকৈয়ো দেৰি হৈছে। ‘কেজুৱেলিটি’ পাৰ হওঁ হওঁ। ডেকা ল’ৰা এটাই চিঞৰি চিঞৰি কান্দিছে! বয়স চাগৈ ৩০-৩২ বছৰ হ’ব। মই উভটি চাইছোঁ__ এবাৰ, দুবাৰ, তিনিবাৰ… খোজবোৰ লেহেম হৈছে কিন্তু মই ৰৈ যাব পৰা নাই! ওচৰে-পাজৰে থকা মানুহবোৰেও চাই আছে, কাষলে’ অহা নাই! ল’ৰাজন এবাৰ ইফালে গৈছে, এবাৰ সিফালে। কাক হেৰুৱালে তেওঁ? পত্নী? মা-দেউতাক? সন্তান? নে সহোদৰ? মই ইমানদিনে মানি আহিছোঁ পুৰুষে কেৱল প্রিয় নাৰীৰ সমুখতহে কান্দে! আৰু এই পুৰুষ? দুখ কিমান গভীৰ হ’লে এজন পুৰুষে এনেকৈ কান্দিব পাৰে? শোকৰ ভৰ কিমান বেছি হ’লে এজন পুৰুষে তাৰ ভৰ বব নোৱাৰা হয়? কি আশাৰে আহিছিল আৰু কি লৈ যাব! সোধা নহ’ল একো! জানো, তেওঁৰ অনুভৱখিনিক (?) মই কেতিয়াও তেওঁৰ দৰে অনুভৱ কৰিব নোৱাৰোঁ। কাষলৈ গৈ মাত এষাৰ দিয়া নহ’ল! গৈ থাকিলোঁ!

লেব’ৰেটৰীলৈ উঠি যোৱা চিৰিটোৰ কাষতে এনাট’মি বিভাগৰ মিউজিয়ামটো। সদায়ে দেখি থকা মানুহৰ কংকালকেইটালৈ চাবলৈ মোৰ প্রথম বাৰলৈ ভয় লাগিল! ‘ফৰমেলিন’ দি থৈ দিয়া ‘মানৱ শিশু’ বোৰ!! জন্মতেই যি মৃত্যুক লৈ আহিছিল একোটা বিভৎস্য শৰীৰৰ স’তে! ভাৱ হ’ল কেতিয়াবা সময় পালে মই জুমি জুমি চাই থকা সেই শিশুবোৰে যেন কান্দিবলৈ লাগিছে চিঞৰি চিঞৰি! আৰু কৈছে “আমাক মুকলি কৰি দিয়া ইয়াৰপৰা, মুকলি কৰি দিয়া! উশাহ ল’বলৈ দিয়া আমাকো!” আৰু ক্লাচৰ বাবে শৱচ্ছেদন ৰূমৰ টেবুলত শোৱাই থোৱা মৰা মানুহৰ শৰীৰকেইটা! কেনেকৈ কাটি-কুটি চিৰাচিৰ কৰে? চাগৈ হৃদয় বোলা বস্তুটো সোলোকাই থয় সেই সময়ত! তেনে কৰাটো জৰুৰী। সেয়ে শিকোৱা নহয় দুঃখবোৰ কোনবোৰ শিৰা উপশিৰাইদি গৈ কেনেকৈ চকু পায়গৈ! শিকোৱা হয় এয়া হাওঁফাওঁ, এয়া কলিজা, এয়া কিড্‌নী, হাড়বোৰ এনেকৈ যোৰা লাগি থাকে, তেজবোৰ এই পথেৰে যায় মগজুলৈ… এপদকৈ এপদকৈ খুলি আনে শৰীৰৰ এটা এটা অংগ! একেদৰেই এইবোৰ যোৰা দি প্রাণ দিব পৰা যাবনে সেই একেটা শৰীৰত? পৰাহেঁতেন!! যিমান পাৰি সিমান খৰকৈ প্রায় দৌৰি দৌৰি চিৰিখনত ভৰি থলোঁ। সোনকালে লেব’ৰ ভিতৰত সোমাব পাৰিলেই যেন মই ৰক্ষা পৰোঁ!

কেতিয়াবা কোনোবাজন বাটতে লুটি খাই পৰে মোৰ চকুৰ আগতে। মৃগী বেমাৰী। মানুহজনীয়ে হায়ৈ-বিয়ৈকৈ কান্দে, হঠাতে মানুহটোৰ কি হ’ল বুলি! কেতিয়াবা ৰৈ দিওঁ, কেতিয়াবা ৰ’ব নোৱাৰোঁ। কিয় ৰ’ব নোৱাৰা হৈ যাওঁ নিজেই নাজানো! আৰু ১৩ নম্বৰ বিচনাত থকা শুকুলা চুলিৰ বৃদ্ধজন! দুদিন আগতে লগ পাইছিলোঁ, কথা পাতিছিলোঁ। তেওঁৰ তেজত বাঢ়ি গৈছে শ্বেত ৰক্ত কণিকাৰ পৰিমাণ! লৈ আহিছিলোঁ ১০ মি.লি. তেজ! তেজকণ আনিবলৈকে মই মিঠা মিঠা কথা পাতিবলৈ কৃপণালি কৰা নাছিলোঁ। অৱশেষত তেওঁ হাঁহিমুখে দি পঠিয়াইছিল নিজৰ তেজ আৰু মনে মনে মই বিজয়ৰ হাঁহি মাৰিছিলোঁ! আন এদিন একেই শুকুলা চুলিৰ বৃদ্ধ এজনক দেখিলোঁ। শান্তিৰে শুই আছিল! কাষত পত্নী। কান্দি আছে। বৃদ্ধজনৰ বুকুলৈ চালোঁ, উঠা-নমা কৰি থকা নাই। কাষেদিয়েই পাৰ হৈ আহিলোঁ। আইতাজনীক মাত এষাৰ নিদিলোঁ। যিহেতু মোৰ স্বার্থ পূৰণ কৰিব পৰাকৈ আইতাৰ ওচৰত একো নাছিল!!

খাবলৈ লোৱা মাংসৰ টুকুৰাত যেতিয়া কামোৰ মাৰোঁ চিনেমাৰ ফাষ্ট প্লে হোৱাৰ দৰে মিউজিয়ামৰপৰা শৱচ্ছেদন টেবুললৈকে ছবিবোৰ চকুৰ আগেদি দৌৰি দৌৰি পাৰ হয়! ভয়তে চকুপানী ওলায়! কিহৰ ভয়ত নাজানো! ‘তন্দুৰী চিকেন’ৰ টুকুৰাটো খাবলৈ নোপোৱাৰ ভয়ত নে মাংসৰ টুকুৰা চোবাই থাকোঁতে হোৱা হাড়ৰ মৰমৰনিটোৰ ভয়ত? নে আন কিবা? ডেকা ল’ৰাজনলৈ মনত পৰে! মনত পৰে হাঁহিমুখীয়া শুকুলা চুলিৰ বৃদ্ধজনলৈ। কেনে আছে বা তেওঁ এতিয়া! নিজকে ড্রাকুলাৰ দৰে লাগে! উফ! কিমান ক্রুৰ আছিল চাগৈ মোৰ সেই হাঁহি! নিজলৈকে ভয় লাগে!

বজাৰৰ ফুটপাথতে পৰি থাকে পগলাটো। ওলমিপৰা অণ্ডাশয়, প্রকট যৌনাংগ ঢাকিবলৈ যাৰ কাপোৰৰ অভাৱ! পাগল বাবেই সি অভাৱী নে অভাৱী কাৰণে সি পাগল? কিহৰ অভাৱ আছিল তাৰ? টকা-পইচাৰ নে অকণমান আদৰৰ? নে জিনতে কঢ়িয়াই লৈ ফুৰিছিল সি পাগলৰ লক্ষণবোৰ? সকলোবোৰ আওকাণ কৰি যে আমাৰ চকুবোৰ পাৰ হৈ যায়! খোজবোৰ জোখতকৈয়ো খৰ হৈ যায়! দাষ্টবিনত পেলাই দিয়া উচিষ্ট খাই থকা ভিক্ষাৰীটো দেখিলেও জানো চকু তল কৰি খৰকৈ পাৰ হৈ নাযাওঁ সেই ঠাই? আমাৰ চকুৱে এনে কি দেখে যে মূৰ তুলি চাব নোৱাৰে সেই দৃশ্য? অথচ চানী লিয়ন বুলি ক’লেই যেন পিৰপিৰাই তেজবোৰ মূৰৰপৰা ভৰিলৈকে সঘনে অহা-যোৱা কৰে!! আৰু চকুবোৰ হৈ পৰে চঞ্চল! এবাৰ চাবলৈ পালেই যেন ধন্য হ’ব জীৱন!! অথচ পাৰিব জানো নিজৰ প্রেয়সীক কোনোবাই চানী লিয়নৰ স’তে ৰিজাব? অথবা নিজৰ পত্নী আন কাৰোবাৰ সমূখত নাঙঠ হোৱাটো সহ্য কৰিব পাৰিবনে? বহু সুন্দৰী নাৰীয়ে হেনো সাধু কথাৰ সাৱিত্রী হোৱাতকৈ ক্লিওপেট্রা হ’বলৈ ভাল পায়! ক্লিওপেট্রা হোৱাৰ অহংকাৰেৰে উজ্জ্বল! আৰু সেই উজ্জ্বলতাখিনিক ভাল পায় চঞ্চল চকুবোৰে! চকুবোৰ হৈ পৰে সৌন্দর্য্যৰ ভিক্ষাৰী। সুন্দৰতাই কৃতজ্ঞ হৈ চকুবোৰক দিয়ে তৃপ্তি! চকুবোৰে মানি লয় বশ্যতা! কিন্তু ময়োতো নহয় সুন্দৰৰ শত্রু!

জোঁট-পোঁট লগা এই কথাবোৰে যেতিয়া মগজুত কুণ্ডলী পকাই বহে, নিজকে মানসিক ৰোগীৰ দৰে লাগে! আচলতে অশ্লীল কোনবোৰ? পগলাটো? ভিক্ষাৰীটো? চানী লিয়ন? সুন্দৰী ক্লিওপেট্রা? চকুবোৰ? পলায়নবাদী মই নে মোৰ চিন্তাবোৰ? বেশ্যা বুলি ক’লেই ছিঃ ছিঃ কৰি নাকত ধৰা আমিবোৰ নে বেশ্যাৰ গ’লিত ঘূৰি ফুৰা ‘মানুহবোৰ’? আমাৰ বাবে যেন বেশ্যা শব্দটোতেই থূপ খায় ৰৈছে পৃথিৱীৰ সমস্ত নিষিদ্ধতা!

আচলতে মই এতিয়া মুক-বধিৰ মানসিক ৰোগী! মিউজিয়ামত থৈ দিয়া সেই শিশুবোৰৰ দৰে সংৰক্ষণ কৰি থ’ব পাৰি! মিউজিয়ামত থ’ব পৰাকৈ মোৰ পিছে পিছে এতিয়া দীঘলীয়া শাৰীত বহু ৰোগী! এই ৰোগক জয় কৰি, পেনপেনীয়া আৱেগক বর্জন কৰি কোনোবাদিনা মই ক’ব পাৰিম নে, “মই আছোঁ। ঈশ্বৰপুত্র তুমি আছা নহয়। আছাতো? তুমি ছাঁ হ’ব নালাগে। মানুহৰ বাবে মানুহ হোৱা। মই তোমাৰ উশাহ হ’ম।”

 

———————–

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments