ৰোমন্থন (জ্যোতি প্ৰকাশ নাথ)

Jyoti Prakash Nath

:

সেইদিনা সম্ভৱতঃ দুহেজাৰ আঠ চনৰ আঠাইশ নে উনত্ৰিশ ডিচেম্বৰ আছিল । মই গুৱাহাটীৰ পৰা নামনিমুৱা মানস ৰাইনো যাত্ৰীবাহী ৰেলত মোৰ ঘৰ অভিমুখে গৈ আছিলো, লগত মোৰ বন্ধু বিদ্যুত আৰু মোৰ ভাইটি । আমাৰ সন্মুখৰ আসনত আছিল এজন বৃদ্ধ আৰু তেওঁৰ সহধৰ্মিনী (অনুমান কৰিছিলো) । আকৰ্ষনীয় বিষয় আছিল মানুহজনীৰ প্ৰতি থকা মানুহজনৰ মৰম আৰু অকৃত্ৰিম ভালপোৱা । “তোমাৰ ঠাণ্ডা লাগিব স্বলখন ভালকৈ উৰি লোৱা” , “ভৰি দুখন উঠাই লৈ নবহা কিয় ? ” , ” গৰম চাহ বা কফি একাপ খাবা নেকি?”, “নাই কফি খাব নালাগে তোমাৰ গেষ্ট্ৰিক আছে, চাহকে খোৱা”—তেওঁ কৈ গৈছিল আৰু প্ৰত্যেকজন বেপাৰীকে ৰখাই থৈ মানুহজনীক তেখেতে সুধিছিল খাবা নেকি তুমি কিবা । মানুহজনীয়েও গিৰিয়েকৰ সমানে মৰমেৰে উত্তৰ দিছিল “মোৰ কথা এৰক নিজে যে ভঙা খিৰিকীখনৰ কাষত বহি লৈছে কেনেকৈ বতাহ সোমাইছে ঠাণ্ডা নাই লগা নেকি বাৰু, ঘৰত গৈ কাহি নাথাকিব আকৌ কৈ দিছো কিন্তু” । তেওঁ লোকৰ কথা-বতৰাত প্ৰকাশ পোৱা ইজনৰ আনজনৰ প্ৰতি থকা মৰমে মোক আকৌ এবাৰ ভৱাই তুলিছিল প্ৰেম-ভালপোৱাৰ কথা, সঁচা ভালপোৱাৰ কথা, পাৰ্কৰ আন্ধাৰ চুকৰ ভালপোৱাৰ কথা, ব্ৰেক-আপৰ কথা আৰু অমৰ প্ৰেমৰ কথা আৰু বহুতো কিবাকিবি । তেওঁ লোকৰ দুয়োৰে মুখত স্পষ্টকৈ ফুটি উঠিছিল পৰস্পৰৰ প্ৰতি থকা ভালপোৱা আৰু মৰম । খুৱ ভাল লাগিছিল সেইদিনা সন্ধিয়াৰ যাত্ৰাটোত ।
মানুহ্জনৰ হাতত কিতাপ এখন আছিল, মামণি বাইদেউৰ “থেংফাখ্ৰী তহচিলদাৰৰ তামৰ তৰোৱাল”, তেওঁ আঙুলি এটা কিতাপখনৰ মাজত সুমুৱাই ৰাখিছিল সম্ভৱতঃ আধা পঢ়া হৈছিল। সাধাৰণতে পঢ়িবলৈ মই খুৱ কম সময় পাওঁ আৰু য’ত যেনেকৈ কিতাপ পাওঁ তাকে পঢ়িবৰ চেষ্টা কৰোঁ । মই কিতাপখন তেখেতৰ পৰা লৈ পঢ়িব ধৰিলোঁ। তেতিয়ালৈকে গম পোৱা নাছিলো তেখেত কোন হয় ! মাজতে তেওঁ ফোনত কাৰোবাৰ লগত কথা পাতি ঘৈনীয়েকক কলে “হেৰা সমুজ্জলে আকৌ মাতিছেহে কাইলৈ এখন মিটিং আছে বোলে গুৱাহাটীত , যাব নোৱাৰিম বুলি কবলৈও বেয়া লাগিল, ছে: কি কৰা যায় এতিয়া বাৰু” ।

মোৰ মনত সন্দেহ হ’ল কোন হ’ব পাৰে বাৰু তেওঁ ?
মই খুৱ মনযোগেৰে কিতাপখন পঢ়ি থকা কাৰণে তেওঁ মোৰ প্ৰতি অলপ আগ্ৰহ দেখুৱাইছিল যেন লাগিল মোৰ। কাৰণ তেখেতে নিজেই জানিব বিচাৰিলে আমি কলৈ যাম ! বা আন কাৰণো হ’ব পাৰে । মই মোৰ থকা ঠাইৰ নাম কোৱাত তেওঁ মই পঢ়া হায়াৰ ছেকেণ্ডাৰীখনৰ নাম কলে আৰু কলে যে তেওঁ তালৈ তিনিবাৰ গৈছে বিশিষ্ট অতিথি হৈ বক্তৃতা দিবলৈ। মই আন একো উপায় নেদেখি অত্যন্ত লাজ লাজ কৈ তেওঁ ক নিজৰ পৰিচয় দিবলৈ অনুৰোধ কৰিলো । সেই মহান ব্যক্তিজনে অকণো গপ্-ভেম নহোৱাকৈ কলে তেওঁ ৰ নাম শ্ৰী অম্বিকাচৰণ চৌধুৰী। তিনিবছৰ আগৰ ডিচেম্বৰ মাহৰ শীতৰ সেই ৰেল যাত্ৰাটো তেখেতৰ সান্নিধ্যই উমাল কৰি তুলিছিল আৰু তেওঁ ৰ বহুতো উপদেশ মূলক কথাৰে আমাৰ কম্পাৰ্টমেন্টটোৰ পৰিৱেশ জীপাল হৈ উঠিছিল । চৌধুৰীদেৱৰ আকস্মিক দুৰ্ঘটনাত পতিত হৈ হোৱা মৃত্যুৰ খবৰ পাই মই মৰ্মাহত হৈছোঁ আৰু কেতিয়াও পাহৰিব নোৱাৰা সেই সন্ধিয়াটোৰ কথা মনত পৰি আজি মোৰ মন ভাৰক্ৰান্ত হৈ পৰিছে। তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ । ( যদিও মই আত্মা বিশ্বাস নকৰোঁ )

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক