ৱেটিং লিষ্ট (পিনাক পি বৰুৱা)

সদ্য পৰিচিত কোলাহলৰ পৰিবেশ সেইৰাতি নাছিল ইঞ্জিনিয়াৰিং কলেজৰ পাঁচ নম্বৰ হোষ্টেলত৷ ওপৰৰ মহলাৰ বাৰাণ্ডাত চলি থকা কেৰম খেলৰ পৰা অহা দুই এটা মাতেই যি কপাইছিল জানুৱাৰীৰ কুৱলিৰ চাদৰ৷ দুপৰীয়া ঘোষিত চেমিষ্টাৰ ৰিজাল্টে সৃষ্টি কৰা এই উদাসিনতা হয়তো আৰু দুই তিনি দিন বিৰাজ কৰিব হোষ্টেলত৷ অবশ্যে ৰিজাল্ট বেয়া হোৱা বাকীবোৰৰ মন আগৰ অবস্থালৈ ঘূৰি আহিলেও ব্যতিক্ৰম হৈ ৰব বিক্ৰমৰ ক্ষেত্ৰত৷ দূপৰীয়া ৰিজাল্ট চোৱাৰ পৰাই হাঁহো নে কান্দো যেন ভাব লৈ থকা বিক্ৰমৰ কোঠাত শান্তনা দিবলৈ উপস্থিত হৈছিলহি ৰাজ আৰু অমৃত৷
“শিক্ষকৰ নামত কলংক সি এটা, ইমান পঢ়া লিখা মানুহ এটা ইমান তললৈ কেনেকৈ পৰিব পাৰে বে? ” –ক্ষোভত ৰাজে বিক্ৰমৰ বিছনাত ঘোচা এটা মাৰি কৈছিল৷
“নাপাই এনেকুৱা কৰিব কাৰ’বাৰ লগত, শাও খাই মৰিব সি”- অমৃতেও একে সুৰতে কৈছিল তল মূৰ কৰি থকা বিক্ৰমৰ দিশত চাই৷
“বহীখন ৰি-কল কৰো বুলি ভাবিছো”- বিক্ৰমে লাহেকৈ কলে৷
“ওহো, সি নিজে ইচ্ছা কৰি তোক ফেইল কৰাইছে যেতিয়া বহী ৰি-কল কৰি লাভ নহব৷ ”- চিগাৰেট এটা মূখত লৈ ৰাজে পুনৰ গৰজি ৰ্উঠিল-“ আমাৰ এই পৰীক্ষাৰ বহী চোৱাৰ চিষ্টেমটোৱে বেয়া বুজিছ’, নিজ ইচ্ছা মতে যি টি কৰিব পাৰে শিক্ষকবোৰে৷ ”
“কিন্তু কিবা এটা টো কৰিব লাগিব ন’৷ ”-ৰাজৰ কথাত নিৰাশ হৈ অমৃতে কলে৷
“অৰুনিমাই এক্স টেকৰ এইচ আৰ জনলৈ মেইল এটা কৰিছে অনুৰোধ কৰি, পৰীক্ষাৰ আগত বেমাৰ হৈছিল বুলি লিখিব’ কৈছো”৷ -বহুতদেৰিৰ মূৰত মূখত অলপ আশাৰ ভাব লৈ বিক্ৰ্মে কলে৷
“ৰিপ্লাই আহিছে কিবা? ”-ৰাজে সুধিলে৷
“নাই অহা বৰ্তমানলৈ৷ ”
“তোক নিৰাশ কৰিবৰ অলপো মন নাই পিছে যোৱা বছৰ অৰুপ দাই বেক থকাৰ বাবে বেমাৰৰ অজুহাত দেখুৱায়ে এক্স-টেকৰ কেম্পাচ ইণ্টাৰভিউত বহিব খুজিছিল, বহিব নিদিলে কিন্তু”৷ –ৰাজৰ কথাষাৰ শুনি পূনৰ তলফালে চাইছিল বিক্ৰ্মে৷
ৰাজে পূনৰ কিবা এষাৰ কব খুজোতেই দুৱাৰত কোনোবাই টোকোৰিয়ালে, “দাদা, আহিব পাৰোনে? ”
“আহ”-বিক্ৰ্মৰ পৰা সহাৰি পাই জুনিয়ৰ লৰা দুটা সোমাই আহিল৷ “ৰাজ দাকে বিচাৰি আহিছিলো”
“ক’”
“দাদা, বস্তু কেইটা আপোনাৰে কোঠাতে থৈ আহিছো, বাকী থকা টকা কেইটা লওক”- ৰাজে টকা কেইটা জেপত ভৰাই বিক্ৰমৰ দিশত চালে৷ “বীয়েৰ খাবি? ”
“তঁহতলৈ কম নহব? ”-খোৱাৰ ইচ্ছা লৈ বিক্ৰমে সুধিলে৷
“নাই ৰে, এক্সট্ৰা দুটা আনিছোয়েই৷ ”-বুলি অমৃতে কোৱাৰ লগে লগে ৰাজে লৰা কেইটাক বস্তুখিনি বিক্ৰমৰ কোঠালৈকে আনিবলৈ নিৰ্দেশ দিলে৷
প্ৰ্তি বছৰে অতি লোভনীয় পেকেজ আগবঢ়াই কেম্পাছ ইণ্টাৰভিউৰ বাবে আহি থকা মাল্টিনেচনেল আই টি কোম্পানী এক্স টেকৰ বাবে কলেজখনৰ শেষ বৰ্ষৰ প্ৰ্ত্যেক ছাত্ৰ-ছাত্ৰীয়ে আগ্ৰহেৰে বাট চাই ৰৈ থাকে৷ বছৰি দহ লাখ টকাৰ চি টি চি-ৰ লগতে তিনি বছৰ কোনো পশ্চিমীয়া দেশত চাকৰি কৰাৰ সুযোগ দিয়া কোম্পানীটোৰ সমান সা-সুবিধা দিয়া অন্য কোনো কোম্পানী কলেজখনলৈ অহা নাই বৰ্তমানলৈ৷ অবশ্যে প্ৰ্তিবছৰে বহুখিনি ছাত্ৰ-ছাত্ৰীয়ে এক্স-টেকৰ প্ৰাৰম্ভিক যোগ্যতা নথকাৰ বাবেই ইণ্টাৰভিউত বহাৰ পৰাই বিৰত আছিল৷ গড়ে ষাঠি শতাংশ নম্বৰ আৰু অন্তিম ষান্মাসিকলৈ প্ৰ্তিটো বিষয় একে বাৰতে উত্তীৰ্ণ হোৱাটোৱে আছিল প্ৰয়োজনীয় যোগ্যতা৷
প্ৰায় তিনিমাহ পূৰ্বে এক্স-টেকে এই বছৰ ডিগ্ৰী লাভ কৰিব লগীয়া ছাত্ৰ ছাত্ৰীখিনিৰ বাবে পতা সাক্ষাৎকাৰৰ পৰা বাছি বাছি পোন্ধৰজনক প্ৰদান কৰিছিল তেঁওলোকৰ প্ৰ্তিষ্ঠান যোগদান কৰাৰ আবেদন পত্ৰ৷ যাৰ ভিতৰত অন্যতম আছিল বিক্ৰম আৰু তাৰ প্ৰেয়সী অৰুনিমাৰ নাম৷ অভিযান্ত্ৰিকৰ প্ৰ্থম বৰ্ষতে প্ৰেমৰ বান্ধোনত বান্ধ খোৱা অৰুনিমা আৰু বিক্ৰমৰ হাতত একে প্ৰ্তিস্থানৰ চাকৰিটো গাখীৰতে মহৰ খুটি স্বৰূপ হৈছিল৷ ভবিষ্যত সুৰক্ষিত যেন অনুভব হোৱাত যুগ্ম জীবনৰ নতুন আশাৰে মন উপচি পৰিছিল দুয়োৰে৷ পিছে কণা বিধিয়ে যেন ৰৈ হে আছিল তিনিমাহে সুযোগ বিচাৰি, বিক্ৰমৰ সপ্তম ষান্মাসিকৰ ৰিজাল্ট শ্বীটৰ এটা বিষয়ৰ তলত অনুতীৰ্ণ বুলি চাপ খাই অহাৰ লগে লগে আশাবোৰ থানবান হৈ চিটিকি পৰিল৷ চাকৰিত যোগদানৰ যোগ্যতা হেৰুৱাৰ লগে লগে ভবিষ্যতে বিক্ৰম আৰু অৰুনিমাৰ মাজত অনিচ্ছাকৃত হলেও ব্যবধান অহাটো প্ৰ্যায় নিশ্চিত হৈ পৰিছিল৷ প্ৰ্শ্ন কাকতখন জটিল আছিল ঠিক, কিন্তু নিয়মীয় অধ্যয়নত বিশ্বাস কৰা মেধাবী বিক্ৰমক বশ কৰিব পৰাকৈ জটিল নাছিল৷ আশীৰো অধিক নম্বৰৰ প্ৰ্শ্নৰ উত্তৰ লিখি অহাৰ পাছতো উত্তীৰ্ন হ’ব নোৱাৰি স্বাভাবিকভাবেই আচৰিত হৈ পৰিছিল বিক্ৰমৰ লগতে তাৰ বন্ধুবৰ্গও, সন্দেহৰ আঙুলি ঠিয় হৈছিল উক্ত বিষয়ৰ শিক্ষক চন্দন দাসৰ দিশত৷ কাৰন আছিল দাসে চাৰিমাহ পূৰ্বে অৰুনিমাক দিয়া বিবাহৰ প্ৰ্স্তাব আৰু অৰুনিমাৰ দ্বাৰা সেই প্ৰ্স্তাবৰ প্ৰ্ত্যাখান৷ অৰুনিমাৰ দ্বাৰা প্ৰ্ত্যাখিত হোৱাৰ কথা গোটেই কলেজত বিয়পি পৰাত দাস লজ্জিত হৈছিল সঁচা৷
আঠ বাজি পঞ্চলিছ মিনিটত ডিনাৰ হলৰ বেলটো বাজি উঠাৰ লগে লগে বাগিচাখন পাৰ হৈ থিক সোমাজত থকা হলটোলৈ দুয়ো দিশৰ পৰা ঢাপলি মেলিছিল লৰাৰ জাকে৷ আনফালে বিক্ৰ্মৰ কোঠাত অব্যাহত আছিল মাদকীয় পৰিবেশ, পকাত পৰি ৰোৱা তিনিটা খালীবটলৰ লগত থিয় হৈ আছিল ভৰ্তি দুটা বটল৷
“মোৰ ইচ্ছা নাই আৰু, বাকী থকাখিনি তহঁতিয়ে শেষ কৰ”-বিক্ৰমে দীঘলিয়া উগাৰ এটা মাৰি বাকী দুটাক কৈছিল৷
“দুটাহে আছে, ভাত খাই উঠি খাম৷ খাই আহো ব’ল৷ ”-অমৃতে কলে৷
“মোৰ ভাত খাবও ইচ্ছা হোৱা নাই, তহঁতি যা”-বিক্ৰমে নিজকে বিছনাত পেলাই কলে৷
“আৰে অলপ খাই ল’ নহলে ৰাতিপুৱা বেয়াকে হেংগ মাৰিব, উঠ”৷ –ৰাজে জোৰ কৰি কলে৷
“হলত যাব মন নাই, এক ঠালি ৰুমতে পঠাই দিবি পাৰিলে, মন গলে খাই লম”
“পঠাই আছো, তই শুই নাযাবি৷ ”-বুলি কৈ ৰাজ ওলাই গল৷
নিচাত ভাবনাৰ চাকনৈয়াৰ সৃষ্টি হৈছিল বিক্ৰমৰ মনত, য’ত দুব গৈ ক্ষোভিত হৈ পৰিছিল তাৰ মন৷ কি কৰো কি নকৰো ভাবি উৱাদিহ নাপাই সি মবাইলত টিপিছিল চন্দন দাসৰ ফন নম্বৰ৷
“চাৰ” “কোনে কৈছে? ”
“মই বিক্ৰ্ম, চেভেনথ চেমৰ৷ ”–অতি গহীন হৈ পৰিছিল বিক্ৰমৰ মাত৷
“অ, কোৱাচোন বিক্ৰ্ম৷ ”
“চাৰ আপোনাৰ চাবজেক্টত মোৰ বেক লাগিব নালাগিছিল”-কথাত অস্পষ্টতা আছিল বিক্ৰমৰ৷ দাসে অনুমান কৰিছিল বিক্ৰম যে নিচাত৷
“আৰ ইউ ড্ৰাংক বিক্ৰ্ম? ”-প্ৰ্শ্নত খং আছিল দাসৰ৷
“য়েচ আই এম, কিন্তু গুৰুত্ব দিবলগীয়া কথা সেইটো নহয়৷ মোৰ জানিব লাগে মোৰ বেক কেনেকৈ লাগিল? ”–সমানেই খং আছিল বিক্ৰমৰ মাততো৷
“মানে? ক’ব কি বিচাৰিছা তুমি? ”-নিজৰ খ্ং অলপ পৰ লুকোৱাই দাসে সুধিলে৷
“মোৰ এট লিষ্ট চেভেণ্টি ফাইভ মাৰ্কচ কাৰেক্ট আছিল আপোনাৰ চাবজেক্টত, ফিফটিৰ ওপৰত পাম বুলি মই নিশ্চিত আছিলো৷ তাৰ পিছতো কিয় আৰু কেনেকৈ বেক লাগিল? ”
“পাগল হ’লা নেকি? আধা বহীচোন তুমি কাটি থৈয়ে আহিছিলা, বাকী থকা খিনিত চেভেণ্টি বাদ দিয়া থাৰ্টি মাৰ্কসো নাছিল৷ ”-অলপ আচৰিত হৈ দাসে কলে৷
“কি”-চিঞৰি উঠিছিল বিক্ৰম “কিয় কাটি আহিম মই? আপুনি জানে নে নাই যে এই এটা মাত্ৰ বেকৰ বাবেই মই এতিয়া পাই থকা চাকৰিটো হেৰুৱাব ওলাইছো? ফাকি কথা নকব, কিবা যদি হেৰফেৰ কৰিছে আপুনিয়ে কৰিছে”
“ কথাৰ সুৰ সলনি কৰা বিক্ৰম৷ কি গৰজ পৰিছে মোৰ তোমাৰ বহীত হেৰফেৰ কৰিবলৈ? ”-সমানেই উত্তেজিত হৈ পৰিছিল সহকাৰী অধ্যাপক দাসো৷
“ ইমান অভিনয় নকৰিব চাৰ, গোটেই কলেজে জানে অৰুনিমাই আপোনাৰ প্ৰ্স্তাব নাকচ কৰাৰ বাবে আপুনি এই কাম ইচ্ছাকৃত ভাবে কৰিছে বুলি”৷
“অহ গড, তুমি ভাবিব কেনেকৈ পাৰা এনেদৰে৷ ”-অলপ পৰ নিমাত হৈ থাকি চন্দনে বুজাবৰ চেষ্টা কৰিলে বিক্ৰ্মক, “এইটো সঁচা যে অৰুনিমাক মই নিজৰ কৰিব বিচাৰিছিলো কিন্তু তাই নিবিচৰাক লৈ মই অলপো বেয়া পোৱা নাছিলো৷ আৰু তাৰ বাবে যদি মই তোমাৰ জীবনটো ধ্বংস কৰাৰ চেষ্টা কৰিছো বুলি ভাবিছা তেন্তে তুমি বহুত অবান্তৰ এক ধাৰনা লৈছা মোৰ বিষয়ে, মই ইমান বেয়া মানুহ নহয় বিক্ৰ্ম”৷
“তেন্তে পাছ কৰিম বুলি নিশ্চিত থকা চাবজেক্টটোত বেক কেনেদৰে লাগিল মোৰ? ”
“মই আকৌ কৈছো বিক্ৰ্ম, মোৰ ভাল দৰে মনত আছে; তোমাৰ বহীখন মোৰ হাতত পৰাৰ আগতেই আধাতকৈও অধিক উত্তৰ কাটি থোৱা আছিল”
“সম্ভব কেনেকৈ হ’ব পাৰে সেইটো? ”
“মই নাজানো, কালিলৈ যদি তোমাৰ নিচা ফাটে তেন্তে মোক আহি এবাৰ লগ কৰিবাহি কলেজত, বহীখন দেখাই দিম মই তোমাক ”
বিশ্বাস-অবিশ্বাসৰ মাজেৰে “থিক আছে”-বুলি কৈ মবাইলতো টেবুলত থৈওতেই দোৱাৰত পৰিল কাৰোবাৰ আঙুলিৰ টোকৰ৷
“ভাত ইয়াতে থওনে? ”- মেচৰ যতীনে ভাতৰ থালিখন টেবুলতে থৈ শুধিলে৷
“অ থ, তলৰ পৰা কাগজ এখন উলিয়াই ঢাকি থৈ যাছোন”৷
যতীন যোৱাৰ পাছত নতুন কিছুমান চিন্তাই বিক্ৰমৰ মনটো হেচি ধৰিলে৷ দাস চাৰে কোৱা কথাবোৰ সঁচাযেন অনুভব হৈছিল তাৰ, কাৰন তাক জানিবুজি বেক লগোৱাত দাসৰ কোনো লাভ নাছিল; উলোটাই ধৰা পৰিলে লোকচান হোৱাৰ সম্ভাবনাই বেছি৷ কিন্তু তেও যদি নাই কৰা তেন্তে বহীখন কাটিলে কোনে? চিন্তাৰ গভীৰতাই নিচা খেদি পঠাইছিল, উজাগৰ হৈছিল নতুন নতুন প্ৰ্শ্নৰ৷ চন্দন চাৰে নাই কৰা বুলি ধৰি ললে অন্য কাৰ লাভ থাকিব পাৰে বহীখন কাটি পেলোৱাত? বেক লগাইটো কাৰো লাভ নাই, লাভ থাকিব পাৰে চাকৰিটো যোৱাৰ বাবে৷ যোৱা বছৰ দুই নম্বৰ হোষ্টেলৰ ৰাকেশ বৰুৱা নামৰ লৰাজনৰ অন্তিম ষান্মাসিকত এটা বিষয়ত উত্তীৰ্ন হব নোৱাৰাত তেওৰ সলনি ৱেটিং লিষ্টৰ পৰা একে হোষ্টেলৰ অৰুনাভে পাইছিল এক্স-টেকৰ চাকৰিত যোগদান কৰাৰ সুযোগ৷ এই বছৰ কাৰ নাম আছিল ৱেটিং লিষ্টত? ৰিজাল্ট তাৰ মেইলতে আছিল, নিজৰ নামতো দেখাৰ পাছত ফূৰ্তিত বাকীবোৰ নাম ছোৱাই নাছিল বিক্ৰমে৷ লেপটপটো অন কৰি হোষ্টেলৰ ৱাই-ফাইত সংযোগ কৰিলে সি ততাতৈয়াকৈ৷
জি-মেইলৰ লডিং চলি থাকোতেই ৰাজ সোমাই আহিল কোঠালৈ৷
“ভাত খাই ল’ আক’”-ঢাকি থৈ যোৱা থালিখন দাঙি সি কলে৷
“খাম”-লেপটপৰ ফালে চাই থাকিয়ে বিক্ৰ্মে কলে৷
“কিবা হ’ল নেকি? ইমান চিৰিয়াছ হৈ আছ’ যে মানুহটো৷
“তহঁতি যোৱাৰ পাছত মই চন্দন চাৰলৈ ফ’ন কৰিছলো৷ ”
“পাগল নেকি? কিয় মদ খাই ৰাতিখন তাক কল কৰিছ’? কলি কি তই? ”-বিক্ৰমৰ কাণ্ডত আচৰিত হৈ ৰাজে সুধিলে৷
“চিধা-চিধি সুধিছিলো কিয় মোৰ লগত এনেকোৱা কৰিলে বুলি? ”
“কি কলে? ”
“তেঁও ইচ্ছা কৰি বেক নাই লগোৱা বুলি কৈছে আৰু তেঁওৰ কথাবোৰৰ পৰা মোৰ লগা নাই যে তেঁও মিছা কৈছে৷ ঘটনাটো বেলেগ কিবাহে যেন লাগিছে বুজিছ’৷ ”
“ধেই, সিটো কবই ন’ নাই কৰা বুলি; তইও যে বৰ অকৰা ল’ৰা দেই৷ আৰে বেলেগ কোনে তাৰ ঘৰত সোমাই তোৰ বহীখন কাটিব যাব’ কচোন? ”-বীয়েৰ বটল দুটা হাতত লৈ ৰাজে সুধিছিল বিক্ৰমক৷ যাৰ উত্তৰ নিদি বিক্ৰম থৰ হৈ পৰিছিল ক্ষন্তেকৰ বাবে৷
“ৰাজ”৷ –উশাহ ঘন হৈ পৰিছিল বিক্ৰমৰ৷
“কি? ”
“মইটো তোক কোৱা নাছিলো বহীখন কাটি থোৱা আছিল বুলি, তই কেনেকৈ গম পালি? ”-সন্দেহৰ ভাব লৈ বিক্ৰ্মে চালে ৰাজৰ ফালে৷
“আৰে……….মানে….সেইটোৱে হব ন’? নহলেচোন ধৰাই পৰিব বহী ৰি-কল কৰিলে”৷ –কোঠাটোৰ পৰা ওলাই যাব খুজি পূনৰ কাষ চাপি আহিছিল ৰাজ বিক্ৰমৰ৷
মেইলটো ইতিমধ্যে খোল খাইছিল৷ পোনচাটেই বিক্ৰমৰ দৃষ্টি গৈছিল ৱেটিং লিষ্টত থকা নাম কেইটালৈ,
আৰু প্ৰ্থম নামটো দেখিয়েই তাৰ চকু আৰু অলপ ডাঙৰ হৈছিল সন্দেহত৷
আঠ নম্বৰ কোঠাত থকা প্ৰাঞ্জলৰ অভ্যাস পাত: ভ্ৰমণত যোৱাৰ, প্ৰ্তিদিনাৰ দৰে সেইদিনাও পুৱা ছয় মানে বজাতে মুখত ব্ৰাচদাল ভৰাই উলাই অহা প্ৰাঞ্জলৰ দৃষ্টি আকৰ্ষণ কৰিলে বিক্ৰমৰ কোঠাৰ পৰা বৈ অহা ৰঙা ৰঙৰ সোঁতে, ওচৰ চাপি আহি সেয়া তেজ বুলি চিনি পোৱাৰ লগে লগে হুলস্থুলৰ সৃষ্টি হল হোষ্টেলত৷ গ্লাচৰ মাজেৰে তেজেৰে ৰঙা হৈ থকা বিছনাত পৰি থকা বিক্ৰ্মৰ দেহ দেখি দুৱাৰ ভাঙি প্ৰবেশ কৰিলে প্ৰাঞ্জলহঁতে৷ দেখা পালে বাঁওহাতত থকা আঘাত, দেখা পালে সোহাঁতত লাগি থকা তেজ সনা চাকু এখন৷
আধা ঘণ্টামানৰ ভিতৰতে পুলিচ আৰু মেডিয়াৰ মানুহেৰে ভৰি পৰিল পাঁচ নম্বৰ হোষ্টেল৷ পিছে পুলিচে পোৱাৰ পূৰ্বেই বিক্ৰমৰ প্ৰিণ্টাৰত লাগি থকা চুইচাইড নটখনৰ কথাখিনি জ্ঞাত হৈছিল চাঞ্চল্যতা বিচাৰি ফুৰা টি ভি মেডিয়াৰ মানুহৰ, যত বিক্ৰমে উল্লেখ কৰ চন্দনক অলপো সময় খৰচ নকৰি কৰা হৈছিল ঘটনাটোৰ বাবে দায়ী৷ চন্দন দাসেই জানি বুজি বেক লগোৱা বুলি ভাবি থকা হোষ্টেলৰ লৰাখিনিৰ মনত মেডিয়াৰ এই কাৰ্য্যই জলা জুইত ঘিউ ধলাৰ দৰে কাম কৰিছিল.

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
পিনাক
5 years ago

গল্পটো অসম্পূৰ্ণ ভাবে প্ৰ্কাশ পাইছে।

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক