ৱেলেচলি ষ্ট্ৰীট আৰু ভায়’লিনখনৰ কথাৰে: (-ইন্দ্ৰনীল গায়ন)

প্ৰস্তাৱনা:-
ক্ৰমান্বয়ে তেওঁ মোৰ বুকুৰ পৰা আঁতৰি গৈছে।
কাংক্ষিত নাছিল,
দুখবোৰে হয়তো
এনেকৈয়ে ঘৰ সাজে!

“যদি তোর ডাক শুনে কেউ না আসে তবে একলা চলো রে।
একলা চলো, একলা চলো, একলা চলো, একলা চলো রে॥

এইয়া কলকতাৰ এটি ব্যস্ততাপূৰ্ণ ৱেলেচলী ষ্ট্ৰীটত থকা সেই বিশেষ ঘৰটোৰ পৰা ভায়’লিনখনৰে ভাহি অহা এক সুমধুৰ ৰবীন্দ্ৰ সংগীতৰ এটি স্বৰ।
ভিৰৰ মাজেৰে পাৰ হৈ গৈ আছে অজস্ৰজন লোক।
তথাপি সেই ঠাইখিনি যেন তাৰ বাবে অচিনাকি।।

আচলতে,
আজি সি তেনেধৰণেৰে অনুভৱহে কৰিছে।
কিয় বাৰু,
ট্ৰামখনৰ বাবে ৰৈ থাকি থাকি সি ভাবি আছিল।।

হঠাতে,

হাতত ভায়’লিনখন লৈ ছোৱালীজনী সেই বিশেষ ঘৰটোৰ পৰা উলাই আহিছিল।
প্ৰায়ে অহা যোৱা কৰে তাই এই পথৰে।
নামটোও সোধাঁ নহ’ল।
সদায়ে উভতি অহাৰ দৰে সি আজিও উভতি আহিল।।

“ কেতিয়াবা অহমিকা নিশাত ভায়’লিনৰ সুৰবোৰ নিগৰি আহে।
খিৰিকীমুখত যে
এতিয়া মৌনতাৰ সমদল।
হেৰুৱা সময়ৰ হেঁনো কোনো নাম নাথাকে! ”
কিবা এটা লিখি পেলাইছিল
সি ডায়েৰীৰ উকা পৃষ্ঠাটোত!

উপসংহাৰ:-

সি কাহানিও, ঘৰ সজা নাছিল।
কাৰণ,
অঘৰী মানুহবোৰ এনেকুৱাই নিঃসংগ!

টোকা:- ( ৱেলেচলী ষ্ট্ৰীট কলকতা চহৰৰ এটি পথৰ নাম)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments