ৱোমেন দ্যো চি য়াং দা – আমি সকলো একেই (এটা প্ৰায় সত্য কাহিনী ) – জয়ন্ত আকাশ বৰ্মন

সোমবাৰৰ দিন৷ অফিছত এই দিনটোত ব্যস্ততা অলপ বেছি থাকে৷ তদুপৰি গোটেই সপ্তাহটোৰ কৰিব লগা কামখিনি এই দিনটোতে আমি প্লেনিং কৰি লওঁ‌৷ সপ্তাহটোৰ কাৰ্যপন্থা ঠিক কৰি ল’বলৈ এই দিনটোতেই বছৰ লগত সৰু-সুৰা দুই এখন মিটিঙো হয়৷ মুঠতে অফিছ চিৰিয়াছ ম’ডত থাকে৷ অফিছৰ ফেনবোৰো সিদিনা চিৰিয়াছ কৈ ঘুৰে৷ সহকৰ্মীবোৰো চুলি-দাঢ়ি কাটি অলপ বেছিকৈয়েই তেল-টেঙা ঘঁ‌হি আহে৷

অফিছ সোমাই মই মোৰ পি.চি.টো অন কৰি লৈ প্লেনিংবোৰ চাই আছোঁ‌৷ এনেতে দৌৰা-দৌৰিকৈ মোৰ ওচৰলৈ মণ্টু সোমাই আহিল৷ মণ্টু মোৰ সহকাৰী, মানে মোৰ এচিষ্টেণ্ট৷ তাৰ হাতত এখন বাতৰি কাকত৷ “কি হ’ল? কিবা ভাল খবৰ নেকি ঐ? “-মই তাক সুধিলোঁ‌৷

“চাওক চাওক, ৰামদেৱে উৰিবও পাৰে৷ মূৰত হাত দুখন দি মাটিৰ ওপৰত কেনেকৈ ওপঙি আছে চাওকচোন৷ কি আচৰিত! ! “-সি আচৰিত হৈয়েই ক’লে৷
“ৰামদেৱ উৰি আছে? কি ফাল্টু কথা ক’বলৈ আহিছ? “-মোৰ হাঁ‌হিও উঠিল আৰু খঙো উঠিল৷ ইম্প’ৰ্টেণ্ট প্ৰ’গ্ৰাম এখন বনাই আছিলোঁ‌ মই৷

“বিশ্বাস নকৰে? ? ? এয়া চাওক৷ “- সি বাতৰি কাকতৰ পৃষ্ঠাটো মোৰ আগত ডাঙি ধৰিলে৷ “যোগাসন কৰি কৰি তেওঁ‌ উৰিব পৰা হৈছে৷ “
কোঠাৰ বাকী সহকৰ্মীকেইজনো আগবাঢ়ি আহিল উৰি থকা ৰামদেৱক চাবলৈ৷

তাৰ পিছত কোঠাটো ফাটি যোৱাকৈ হাঁ‌হিৰ গিৰ্জনি৷ আমাৰ হাহাকাৰত সমুখৰ কোঠাত বহি থকা আমাৰ বছো উঠি আহিল৷ “কি হ’ল? ইমান হাঁ‌হি যে? ? ? ?“ -চাৰে সুধিলে আমাক৷ আৰু আমাৰ হাঁ‌হিত যোগ দিলে৷ মণ্টুৱে সেমেনা-সেমেনি কৰিব ধৰিলে৷

মোৰ অলপ বেয়াও লাগিল৷ মণ্টু সম্পূৰ্ণ নিৰক্ষৰ৷ বহুবছৰ আগতে কোনোবা এজন দয়ালু অফিছাৰে তাক কেজুৱেল পিয়ন পোষ্টত সোমাই দিছিল৷ বহু বছৰ খাটনিৰ পিছত তাৰ চাকৰিটো নিয়মীয়া হৈছে৷ বাতৰি কাকত খনত ৰামদেৱে শীৰ্ষাসন কৰি থকা ফটো এখন ছপা হৈছিল৷ আৰু সি বাতৰি কাকতখন ওলোটাকৈ ছাইছিল৷ ফলত ৰামদেৱক মূৰত হাত দি মাটিৰ ওপৰত উৰি থকা যেন দেখাইছিল৷

আমাৰ অফিছলৈ সিদিনা দিল্লীৰ পৰা হাই প্ৰ’ফাইল ডেলিগেট (গেষ্ট) এজন আহিছিল৷ অফিছৰ ফালৰ পৰা তেখেতক সম্ভাষন জনাই এয়াৰ পোৰ্টৰ পৰা আদৰি অনাৰ দায়িত্ব মোক দিয়া হৈছিল৷ মোৰ লগত মণ্টু৷ এয়াৰপোৰ্ট পাই খবৰ পালোঁ‌, ফ্লাইটখন এঘণ্টা পলম হব৷ মই গাড়ীতেই বহি থাকিলোঁ‌৷ সাধাৰণতে এনেকুৱা কামত গ’লে মই লগত কিতাপ এখন লৈ যাওঁ‌৷ তেতিয়া ফ্লাইট ডিলে’ হ’লেও আমনি নালাগে৷ পঢ়ি থাকোঁ‌৷ সিদিনাও গাড়ীত বহি আৰৱিং ষ্ট’নৰ ’লাষ্ট ফ’ লাইফখন’ পঢ়ি আছোঁ‌৷ “চাৰ, ফ্লাইট কিমান দেৰি হ’ব? “-মণ্টুৱে সুধিলে৷ ’এক ঘণ্টা৷ ’-মই ক’লো৷ তেনেহ’লে চাৰ আপুনি পঢ়ি থাকক৷ মই ওচৰতেই আছোঁ‌৷ এঘণ্টা হোৱাৰ আগত মই আপোনাক মাতি দিম৷ ’-ব’ৰ হৈ দ্ৰাইভাৰ জনৰ সৈতে হৈ মণ্টু নামি গ’ল৷ মই ইতিমধ্যে কিতাপখনত ডুব গ’লো৷ ভেন গ’গৰ যন্ত্ৰণাবোৰত নিজকে সমাধিস্থ কৰিলোঁ‌৷

এনেতে কোনোবাই আহি মোৰ গাড়ীৰ দৰ্জাখন খুলি দিলে৷ মণ্টু৷ লগত এজন চাইনীজ যেন লগা যুৱক৷ সি প্ৰায় হাতত ধৰিয়েই গাড়ীলৈ লৈ আহিছে৷ যুৱকজনৰ মুখাৱয়বত সৰলতা তথা কিছু সংশয়৷

“চাৰ, এখেতৰ লগত কথা পাতকচোন৷ মই লৈ আহিছোঁ‌৷ অসমীয়া-হিন্দী একো নাজানে৷ কিবা বহুত টেনচনত আছে৷ দুখ কৰি থিয় দি আছে৷ কোনোৱেই সহায় কৰা নাই এওঁ‌ক৷ ময়ো একো বুজি পোৱা নাই৷ “-মণ্টুৱে যুৱকজনক মোৰ ফালে দেখুৱাই দিলে৷

মই গাড়ীৰ পৰা নামি আহিলোঁ৷ যুৱকজনে মোৰ ফালে অসহায় ভাবে চালে৷ মই সুধিলোঁ‌- হাউ মে’ আই হেল্প য়ু?

যুৱকজনে একো বুজি নাপালে৷ মোক পাচপ’ৰ্টখন দেখুৱালে৷ চাইনীজ আৰু ইংৰাজীত লিখা আছে-নাম চেংলোং৷ কিবা বহুত সমস্যাত আছে৷ কিন্তুু মই বুজিব পৰা নাই যিহেতু তেওঁ ইংৰাজী নাজানে৷ মণ্টুৱে আকাৰে ইংগিতে, মুখেৰে-হাতেৰে বিভিন্ন অংগী-ভংগী কৰি বুজাব চেষ্টা কৰি আছে যে এখেত আমাৰ চাৰ৷ আপোনাক সহায় কৰিব৷ সমস্যাটো বুজাই দিয়ক৷ চেষ্টা কৰি-কৰি মণ্টু ঘামি গৈছে৷

ময়ো এটা এটা শব্দ কৰি তেওঁক ইংৰাজীতেই সুধি চেষ্টা কৰি আছোঁ‌ জানিবলৈ -সমস্যাটো কি? যুৱকজনে মোক পাচপ’ৰ্টখন দেখুৱাইছে আৰু নিজৰ মোবাইল ফ’নটো মোক দেখুৱাইছে৷ আৰু অভিব্যক্তিৰে বুজাইছে যে তেখেতৰ কিবা এক সমস্যা হৈছে৷

হঠাৎ মণ্টুৱে মোক ক’লে-চাৰ, আপোনাৰ মোবাইলত যে কিবা আছে! হিন্দী ক’লে ইংৰাজী হৈ যায়, তাত চাওকচোন কিবা কৰিব পাৰি নেকি?
অ’৷ মোৰ মনলৈ আইডিয়াটো আহিল৷ মই মোৰ মোবাইলত গুগল ট্ৰেন্সলেটৰ এপটো উলিয়াই ল’লো৷ আৰু লেংগুৱেজটো ইংলিছ><চাইনীজ কৰি ল’লো৷
তাৰ পিছত মই মোবাইলটোত চিঞৰিলোঁ‌- টেল মি য়’ৰ প্ৰ’ব্লেম৷ আই উইল হেল্প য়ু৷

গুগলে কৈ উঠিল – গাউচু ৱো নি দে ৱেণ্টি৷ ৱো হুই বাং নি৷ (告诉我你的问题৷ 我会帮你 )৷

এইবাৰ চেঙৰ মুখত হাঁ‌হি বিৰিঙি উঠিল৷ হাঁ‌হিবোৰচোন একেই৷ মণ্টুৰ মুখতো একেই হাঁ‌হিৰ বৰণ৷ মোৰো৷

এনেদৰেই আমি কথা পাতিলোঁ‌৷ পাতি গম পালো যে চেংলোঙৰ ঘৰ চীন দেশত৷ কিবা ৰিচাৰ্চৰ কামত অসমলৈ আহিছিল৷ টিকটটো মেইলত আছে৷ হাৰ্ড ক’পিটো হেৰাই থাকিল গাড়ীত আঁ‌হোতে৷ এইফালে দিল্লীৰ পৰা কানেক্টিং ইণ্টাৰনেছনেল ফ্লাইট আছে৷ কিন্তু মোবাইলৰ নেটৱ’ৰ্ক নাই৷ গতিকে টিকটটো গেটত দেখাব পৰা নাই৷ আৰু এয়াৰপ’ৰ্ট এণ্ট্ৰিগেটৰ চিকিউৰিটি অফিচাৰজনে তেওঁক খেদি দিছে৷ কথাবোৰ বুজাব পৰা নাই৷ এতিয়াও ফ্লাইটলৈ প্ৰায় পঞ্চল্লিছ মিনিট সময়হে আছে৷ ক’লে যে মণ্টুৱে দেখি নিজে আগবাঢ়ি গৈ তেওঁ‌ক মোৰ ওচৰলৈ লৈ আহিছে৷

মই মোৰ মোবাইলৰ ৱাই-ফাই অন কৰি হট স্পট দি চেঙৰ মোবাইলত ইণ্টাৰনেট কানেকচন কৰি দিলোঁ‌৷ তেওঁ‌ টিকটটো ডাউনল’ড কৰি ল’লে৷
তেওঁ‌ৰ মুখত কৃতজ্ঞতাৰ কি মৌন ভাষা! ! মই মোৰ মেইল আই দি দিলোঁ‌৷ তেৱোঁ‌ মোক তেওঁ‌ৰ আই দি দিলে৷

আমি তেওঁ‌ক দৌৰা-দৌৰিকৈ এয়াৰপ’ৰ্টৰ ভিতৰলৈ লৈ গ’লো৷ মণ্টুৱে প্ৰচণ্ড স্পীডত তাৰ লাগেজবোৰ এক্স ৰে কৰাই চেক ইন কৰি দিলে৷ ভিষ্টাৰা ফ্লাইটৰ মেনেজাৰজন মোৰ চিনাকি আছিল৷ দৌৰা-দৌৰিকৈ মই ব’ৰ্ডিং পাছ উলিয়াই দিলোঁ‌৷ আৰু চিকিউৰিটি চেকলৈ গৈ তেখেতক বিদায় দিলোঁ‌৷ যোৱাৰ আগতে কৃতজ্ঞতাত যুৱকজনে মোক সাৱটি ধৰিলে৷ মণ্টুকো৷ মণ্টুৱে ক’লে-হেপ্পি জাৰ্ণি দোষ্ট৷

আমি হাত জোকাৰিলোঁ‌, চেঙেও জোকাৰিলে৷

হাত জোকাৰি জোকাৰি তেৱোঁ‌ চিঞৰিলে-আই নি ফেং য়ো! ! !

সিদিনা এখন মেইল পালোঁ‌৷ চেংলোঙৰ পৰা৷ সি লিখিছে- ৱোমেন দ্যো চি য়াং দা৷ উই আৰ অল চে’ম৷ ইণ্ডিয়া-চাইনা আৰ জাষ্ট টু ৱ’ৰ্ডছ অ্যাণ্ড ইটচ্ অনলি দ্য পলিটিচিয়ানচ দ্যট মেকচ্ আচ চাফাৰ৷

মণ্টুৱে পঢ়িব নাজানে৷ সি নিৰক্ষৰ, কিন্তু সি অনুভূতিহীন নহয়৷ বাকী মানুহবোৰতকৈ মনৰ ভাষাচোন সি ভালকৈয়েই পঢ়িব পাৰে! ! !
■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক