ৱৰ্ক ফ্রম হম ( উজ্জ্বল ফুকন )

ৱৰ্ক ফ্রম হম (WFH)

উজ্জ্বল ফুকন

“আই নিড এ ৱৰ্ক ফ্রম হম টুমৰু” ৰাজে তামিল মেনেজাৰটোক কলে।
কথাটো শুনি কম্পিউটাৰ স্ক্রীনখন নিজৰ মানুহজনীৰ মুখখনৰ দৰে চাই থকা তামিল মেনেজাৰটোৰ চকুদুটা ৰাজৰ ফালে ঘূৰিল।
“হুৱাই?” শব্দটোৰ লগত মেনেজাৰটোৰ কপালখন কোঁচ খাই গল।
তাৰ প্রশ্ন শুনি মনৰ ভিতৰৰ বেয়া ৰাজটোৱে মাত লগালে “অই কয়লা, কপাল কিয় কোঁচ খোৱাইছ? তোৰ জীয়েৰক উঠাই লৈ যাম বুলি কৈছো নেকি। ”
বেয়া ৰাজৰ কথা শুনি ভাল ৰাজটোৱে খকমকাই সাৰ পাই কলে “হেৰৌ মনে মনে থাক। ইয়েই ইমান কলা। ইয়াৰ জীয়েকক চাবলৈ দিনতে টৰ্চ মাৰিব লাগিব।”

“কাইলৈ মোৰ জ্বৰ হব বুলি ক।” বেয়া ৰাজটোৱে আকৌ মাত লগালে।
“হেৰৌ ভূপণ্ডিত তোৰ যে জ্বৰ হব তই আগতিয়াকৈ কেনেকৈ গম পালি। কৈ দে সচা কথা তই কাইলৈ ইন্টাৰভিউ দিবলৈ  যাবি বুলি।”
“তহঁত দুটা মনে মনে থাকিবিনে? মোক কথা পাতিবলৈ দে।” ৰাজে মুখৰ ভিতৰতে কলে।
“ইয়েছ ৰাজ টেল মি হুৱাই ইঊ ৱান্ট ৱৰ্ক ফ্রম হম টুমৰু? ” তামিল মেনেজাৰটোৱে আকৌ সুধিলে ৰাজক।
“আই হেভ টু ৰিছিভ মাই ব্রাদাৰ ফ্রম এয়াৰপৰ্ট। ইট উইল টেক হাৰ্ডলি টু আৱাৰচ। চ আই দন্ত ৱান্ট টু টেক এনি লিভ। বেটাৰ টু ৱৰ্ক ফ্রম হম।” ৰাজে উত্তৰ দিলে।
“ৱাহ ৱাহ তামাম বাহানা। তিনিটা চাপৰি।” ৰাজৰ মনৰ ভিতৰৰ পৰা ভাল বেয়া দুয়োটা ৰাজে একেলগে চাপৰি বজাই চিঞৰি উঠিল।
“অকে” শব্দটো যেন বহুত কষ্ট  কৰি মেনেজাৰৰ মুখৰপৰা ওলাল।
কেতিয়াবা ৰাজৰ ভাব হয় এই তামিল মেনেজাৰটোৰ মুখখনত কিয় সদায় এক অসন্তোষীয়া ভাব লাগি থাকে। হয়তো তাক সৃষ্টি  কৰাৰ দিনা ভগৱানো কনষ্টিপেছনত ভুগি আছিল।
“হাঁ হাঁ হাঁ” কথাটো ভাবি মনৰ ভিতৰতে হাঁহিলে ৰাজে।
“বাট ইফ এনি ক্রিটিকেল ইচু এৰাইজ , ইউ হেভ টু লগ ইন ফ্রম অফিছ।” ৰাজৰ ফালে চাই মেনেজাৰটোৱে কলে।
“ফাইন” ৰাজৰ উত্তৰ।
“উহ ৰক্ষা। যেনে তেনে ৱৰ্ক ফ্রম হমটো পালো। এটলিষ্ট  কিবা অলপ পঢ়ি ইন্টাৰভিউটো দিব পাৰিম। ” ৰাজে ভাবিলে।

“সাপ সাপেই অ জান। সৰু হওক ডাঙৰ হওক।” সন্মুখেদি যোৱা কলেজৰ ছোৱালী কেইজনী চাই চাই বাবলুৱে ৰণক কলে।
“কানাড়াই হওক অসমীয়াই হওক।” ৰণই বাবলুৰ কথা সমৰ্থন কৰি কলে।
“কিন্তু বাবলু তই মেট্রিক দিওতে এইকেইজনী ভূমিষ্ঠ  হৈছিল নে? হৈছিল যদিও কাপোৰো যে পিন্ধিব লাগে নাজানিছিল চাগৈ।” পিছফালৰপৰা এইটো মৃদুৰ মাত।
“খিল খিল খিল খিল” ৰণে কাৰোবাৰ জ্বলা জুইত ঘিউ ধালিবলৈ এই হাঁহিটো মাৰে।
বহুদিন বিদেশত কাম কৰি মৃদু আকৌ ঘূৰি অহা বেছিদিন হোৱা নাই। কিন্তু কথা কাণ্ড অকনো সলনি হোৱা নাই। হোষ্টেলৰ দিনৰ মস্ত চাধা টেমাটো নাই যদিও এতিয়াও ৰাজাচাপ খৈনি আঙুলীৰে পিহি আছে।
একালত সিহঁতৰ গ্রুপৰ বিশাল মোছ থকা মৃদুক কলেজত বিৰাপ্পান বুলি জোকাইছিল। বন্ধুসমাজত পিছলৈ নামটো চুটি হৈ হলগৈ বীৰু।
হাতত পিহি থকা এমুঠি চাধাৰে সি গোটেই কলেজৰ লৰাবোৰক জাতি , ধৰ্ম , বয়স ,  হোষ্টেল , ব্রাঞ্চ নিৰ্বিশেষে একগোট কৰি বান্ধি ৰাখিছিল। চাধা বিলাওতে কোৱা তাৰ বিখ্যাত ডাইলগটো আছিল
“হুইস্কি বীৰ ব্রেণ্ডি বীৰ
ভাং  বলৱান
নহব নোপজিব
চাধাৰ সমান।”
আহক খাওক , চস্তা টিকাও এপালি চাধা। যি নাখায় চাধা,  সি গৰুতকৈও গাধা।

“অই ৰণ তোৰ এই খিলখিলনি বন্ধ কৰ।  এইটোৱে আকৌ বেয়া কথাবোৰ মনত পেলাই দিছে।” বাবলুৱে মৃদুলৈ চাই কলে।
“মুন্না এক চায় দেনা।” ৰণে চাহ দোকানি মুন্নাক কলে।
তাৰ ভাল নাম কি কোনেও নাজানে। বাবলুৱে তাক প্রথম দিনাৰ পৰাই মুন্না বুলি মাতি মাতি এতিয়া সচাকৈয়ে তাৰ নামটো মুন্না হৈ থাকিল। মুন্নাৰ সৰুতে পলিঅ হোৱা বাবে এটা ভৰি বেয়া।
উত্তৰ প্রদেশৰ সৰু গাওঁ এখনৰ পৰা আহি চাহৰ দোকান দি মুন্নাই নিজে চলি থকাৰ লগতে ঘৰত থকা মাক আৰু বায়েকক সহায় কৰি আছে।
দূৰৰ পৰা ৰাজে তিনিওটাকে দোকানৰ সন্মুখত দেখি ভাবিলে “আমি খাৰখোৱাকেইটাও কম নহয়। দক্ষিন ভাৰততো চাহ দোকান এখন বিছাৰি উলিয়ালোহি আদ্দা মাৰিবলৈ।
আৰু এই চাহ দোকানি মুন্না সিও মিলি গল আদ্দাটোৰ লগত।”
“ৰাজ বাপু গুছোৱা পিয়াজটোৰ দৰে মুখখন লৈ কত গৈছিলি। আৰু গোটেইটো ফৰ্মেলত যে।” মৃদুৱে ৰাজলৈ চাই কলে।
“এহ নোসোধিবি আৰু কত গৈছিলো। বহুদিনৰ মূৰত দোকান খুলিবলৈ  গৈছিলো।” ৰাজৰ উত্তৰ।
“ইন্টাৰভিউ?” ৰণে সুধিলে।
“তই বুঢ়াই চেঙেলী ধৰাদি ধৰ। বহুদিনৰ মূৰত আজি ইন্টাৰভিউ দি আহিলো।” ৰাজে ৰণলৈ চাই কলে।
“কি হল কচোন। কি সুধিলে। বহুদিন ইন্টাৰভিউ দিবলৈ যোৱাই  নাই।” বাবলুৱে ৰাজৰ কাষ চাপি আহি সুধিলে।
“মইও সেই কাৰণেই গৈছিলো। কিন্তু মোৰ ভিতৰত থকা কেইটাই শান্তি দিলেহে। আজিটো ভাল ৰাজটোৱেও মোক বেয়া বুদ্ধি দিয়া যেন হে লাগিল।” ৰাজে ভোৰভোৰাই উঠিল।
“কি হল ভালকৈ খুলি ক।” মৃদুৱে কলে।
ৰাজে ইন্টাৰভিউৰ কাহিনী  কৈ যাবলৈ  ধৰিলে।
“কোম্পানীটোত সোমোৱাৰ অলপ পিছত লৰা এজনে মোক ইন্টাৰভিউ লৈ থকা ৰূমটোৰ ফালে আগবঢ়াই লৈ গল। ইন্টাৰভিউ লবলৈ দুজন ভদ্রলোক বহি আছিল তাত। আমাতকৈ বয়সত অলপ  ডাঙৰ হব দুয়োজন।
‘অকে টেল মি চামথিঙ এবাউট ইউৰচেল্ফ।'” সিহঁতৰ সন্মুখত বহাৰ লগে লগে এজনে সূধিলে।
বহুদিনৰ মূৰত শুনা পালো আকৌ সেই চিনাকি প্রশ্নটো। কিন্তু মই কিবা উত্তৰ দিয়াৰ আগতেই ভিতৰৰ ভাল বেয়া দুয়োটা ৰাজে একেলগে চেলবেলাই উঠিল।
বেয়া ৰাজে মনৰ ভিতৰতে জেমছ বণ্ডৰ ৰূপ ললে। দুয়োকাষে দুজনী ষোড়শী লৈ সেই বিখ্যাত বেকগ্রাউণ্ড মিউজিকৰ মাজেৰে সি আহি আছে।
‘টিনেনেনেট টি নেনেনেওওওও মাই নেম ইজ কন। ৰাজ ফুকন।’
ইফালে ভাল ৰাজটোৱে যিমান পাৰে চিঞৰিছে ‘সিহঁতক চিভিখন চাবলৈ ক। সকলো দেখোন তাত লিখা আছেই। আৰু তই ক্রিকেট বেডমিন্টন খেলি ভালপাও বুলি কলে তোক কি সিহঁতে চাকৰি দিব নেকি।’

এইবাৰ বেয়া ৰাজৰ মাতটো হঠাত গলগলীয়া হৈ আহিল। জেমছ বণ্ড এতিয়া কৰবাত উৰি গল। অগ্নিপথৰ অমিতাভৰ মাত নে ঋত্বিকৰ মাত থিক বুজা নগল।
নাম : ৰাজ
পূৰা নাম : ৰাজ ৰাজেন ফুকন
বাপ কা নাম : ৰাজেন ফুকন
ঘৰ : শিৱসাগৰ
মা কা নাম:
“ধেই চুপ থাক দুয়োটা।” ৰাজে চিঞৰি উঠিল।

“তাৰপিছত কি হল?” বাবলুৱে সূধিলে।
“কি হব আৰু। চুপ থাক বুলি অসমীয়াত কলো যদিও কিবা এটাতো বুজি পালে সিহঁতে। এনেই কিবাকিবি সুধি পথাই দিলে আৰু পিছপিনে সেই গোৰ মাৰাতকৈ দুখ পোৱা দাইলগটো দিলে ‘উইল গেট বেক টু ইউ।'”
“অ’ সেইটো কিন্তু ইন্টাৰভিউ চিনেমাবোৰৰ হিট দাইলগ। একেবাৰে ভিলেইন টাইপ আহে।” মৃদুৱে চাধা অকমান উঠৰ কাষত ভৰাই কলে।
“তোৰ কিন্তু মনৰ ভিতৰৰ দুটা ৰাজৰ মাজত তই ভাল জীয়াই আছ।” মৃদুৱে ৰাজলৈ চাই কলে।
“তেৰা জৰা চা ভি ডলা য ইমান টু চালা কাম চে গয়া।” হঠাত ৰাজৰ মবাইলটো বাজি উঠিল। গানটোৰ লগে লগে ৰাজৰ মুখখনো বিকট খাই আহিল। মেনেজাৰটোৱে কল কৰিছে।
“ৰাজ হুৱেৰ আৰ ইউ? কাম অনলাইন ইমিডিয়েটলী। দেয়াৰ ইজ এ হাই প্রায়ৰিটি ইছ্যু। বেটাৰ ইউ লগ ইন ফ্রম অফিছ।” শব্দকেইটা এটা এটা কানতলিয়া চৰ যেন লাগিল ৰাজৰ।
“অকে” যেনে তেনে শব্দটো ওলাল ৰাজৰ মুখৰপৰা।
“অই মই যাও। পিছত লগ পাম। কিবা হাই প্রায়ৰিটি ইছ্যু আহিছে প্রজেক্টত।” ৰাজে গোটেইকেইটালৈ চাই কলে।
“সি এনেই ইন্টাৰভিউ দিবলৈ  ষ্টাৰ্ট কৰা নাই। শান্তি পোৱা নাই চাগৈ।” মৃদুৱে ৰাজৰ যোৱালৈ চাই কলে।
অফিছত লগ ইন কৰি ৰাজৰ প্রথমবাৰৰ বাবে এ.চিৰ ভিতৰত ঘাম ওলোৱা যেন অনুভৱ হল। ঘৰলৈ যাওতে সৰুকালৰ বন্ধু এজনে কোৱা কথা এষাৰ তাৰ মনত পৰিল।
“তহঁত  হলি এচিত বহি কাম কৰা মানুহ। তহঁতে কি জানিবি গেলা গৰমত মাৰ্কেটিঙৰ কামত ঘূৰি ফুৰাটো কিমান কষ্টকৰ।”
বেয়া ৰাজটোৱে ভিতৰৰ পৰা মাত লগালে “চুলিকোচাত ধৰি লৈ আহ তাক আৰু দেখুউৱাই দে কেনেকৈ এচিৰ ভিতৰতো ঘাম ওলাই তহঁতৰ।”
“অই সেইবোৰ ভাবিবলৈ এৰ আৰু কামত লাগি যা।” ভাল ৰাজটোৱে কামৰ কথা মনত পেলাই দিলে।
সেই যি ৰাজে কামত ধৰিলে সম্পূৰ্ণ ২৪ ঘন্টাৰ পিছতহে সি অফিছৰপৰা ওলাই আহিব পাৰিলে। নতুনকৈ জইন কৰা লৰা এটাৰ ভুলৰ কাৰণে গোটেই গণ্ডগোলবোৰ হল।
আৰু পোৱালী ইছ্যু ক্রিয়েত কৰি ছুটিত আছে। কিন্তু সমস্যাটো সমাধান হোৱাৰ পিছত ৰাজে তাক অহাৰ পিছত কি কব সেইটো ভাবিবলৈ মন যোৱা নাই।
অফিছৰ পৰা পোনে পোনে মুন্নাৰ দোকানত একাপ চাহৰ অৰ্ডাৰ দিলে ৰাজে। মৃদু আৰু ৰণ তাতে আছিল।
“ৰিজল্ভ হল নে তোৰ প্রব্লেম?” চাহত শোহা মাৰি ৰণে সুধিলে।
“হল যেনে তেনে। পোৱালী এটাই গণ্ডগোল লগাই চুটিত গুছি গল।” ৰাজে কলে।
হঠাত দোকানৰ চুক এটাত পেটত খামুছ মাৰি বহি থকা বাবলুক দেখি ৰাজে সুধিলে “অই কি হল তোৰ? মাতবোল নাই যে?”
“অ’ তেখেতে ভাত খোৱাৰ দৰে কৰবাত পপকন খালে। এতিয়া পেটটো ভাইব্রেছন মুডত আছে আৰু পপকনে মিছ কল দি আছে।” মৃদুৱে কলে।
“কুকুৰৰ জানো ঘিউ হজম হয়। তেখেতে পিঠাগুৰি আৰু পপকনৰ মাজত পাৰ্থক্য বুজি নাপালে। আৰু সেই গাল চোবাই মুন্নাৰ চাহ খাই দিছে। এতিয়া বোলে পেছাব কোনফালে দি ওলাইছে বুজিয়েই পোৱা নাই।
এতিয়া টেবলেট এটা আনি খোৱাই দিছো। থিলা লাগিব চাগৈ” ৰণে কলে।
“খিল খিল খিল খিল” ৰাজে ৰণৰ দৰে হাঁহিব ধৰিলে। কিন্তু হাঁহি শেষ হবলৈ নাপালেই ফোনটো বাজি উঠিল। সি ভবাটোৱেই , তামিল মেনেজাৰটোৰ ফোন।
“হেই ৰাজ, গুড জব। বাট নাউ ক্লাইন্ট ৱান্ট ৰুট কজ অফ দি প্রব্লেম। প্লীজ প্রিপেয়াৰ দা ৰুট কজ এনালায়চিছ ডকুমেন্ট।” মেনেজাৰে ফোনৰ সিপাৰৰ পৰা কলে।
“অকে আই উইল চেণ্ড ইউ বাই টুমৰু অৰ দে আফ্টাৰ টুমৰু। আই নিড চাম ৰেষ্ট  টুডে।” ৰাজে খঙত উত্তৰ দিলে।
“ফাইন। ন প্রব্লেম” মেনেজাৰে হয়তো ৰাজৰ কথাৰ সুৰটো ভালকৈ বুজি পালে।
“আকৌ এটা প্রেচাৰ দিলে। সেই পোৱালীটোকে ফচাই দিম।তাৰ কাৰণেই যত গণ্ডগোল হল।” ৰাজে দুয়োটাৰ ফালে চাই কলে।
“কিহৰ প্রেচাৰৰ কথা কৈছ ৰাজ। মই কিন্তু প্ৰেচাৰত পৰিলে সদায় এই মুন্নাৰ কথা ভাবো। সেই সৰু লৰাটোৱে এখন বেয়া ভৰি লৈ যি জীৱন সংগ্রাম কৰি গৈছে তাৰ তুলনাত আমাৰ সমস্যা তেনেই নগন্য।
আৰু মোৰ ভাব হয় অনবৰত তাৰ মুখত লাগি থকা হাঁহিটোৰ আগত দুখ কষ্ট  প্রেচাৰ এই শব্দবোৰে একো পাত্তাই নাপায়।” ৰণে কলে।
চাৰিওটাই একেলগে মুন্নাৰ ফালে চালে। সি তেতিয়াও মুখত সেই চিনাকি হাঁহিটো লৈ গ্রাহকক চাহ দি আছে।
“থিক কৈছ ৰণ। টেনচন যাওক পেনচন লবলৈ। বল মোৰ ৰূমত আজি বহো।” ৰাজে কলে।
‘King Of Good Times’ দূৰত কিঙফিছাৰৰ বিজ্ঞাপনৰ হৰ্ডিঙ এখনত বিজয় মালিয়াৰ হাঁহি থকা ফট এখন দেখি মৃদুৱে কলে “বিজয় দাৰো দিন ভাল যোৱা নাই।
সুখে দুখে বিজয় দা সদায় আমাৰ লগত থাকে। বল আজি দাদাৰ প্রডাক্ট দুটামান গ্রহণ কৰি দাদাৰ দুখৰ সমভাগী  হও।” ৰণে কলে।
“খিল খিল খিল খিল” তিনিওটাই ৰণলৈ চাই হাঁহিব ধৰিলে।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Jaysankar
9 years ago

awesome story Ujjal da..enekua lagise je apunar kogote kotha pati asu

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক