‎*আহত সময়ৰ গান (মিতালী গোস্বামী)

(কোনোবা অন্ধ হ’ল বুলি মইও অন্ধ হ’ম নেকি? তোমাক ইমান ঠেক মনৰ বুলি মই ভবা নাছিলো। যদি বেয়া পাইছা বা তোমাৰ যদি আপত্তি আছে তুমি নিজৰ বাটেৰে গুচি যোৱা। মোৰ নিচিনা ছোৱালীৰ কাৰণে চিন্তা কৰি ৰৈ থাকিব নালাগে। মই প্রেক্টিকেল ছোৱালী। তোমাৰ নিচিনা মানুহৰ লগত হয়তো মিলিব নোৱাৰিম। কিন্তু তাক লৈ মোৰ কোনো আক্ষেপো নাই।)

নিয়ৰ যেন সঁচাকৈ নিয়ৰকণাই হৈ পৰিছে। তাইৰ চকুৰ পানীবোৰ বাৰু কেতিয়াবা মচ খাবনে? দিনটোৰ হাড়ভঙা পৰিশ্রমৰ অন্তত আহি ঘৰ সোমায় তাই। দীঘলীয়া কর্মব্যস্ততাৰ অন্তত অলস চকুহাললৈ কোন মুহূৰ্তত নিদ্রাদেৱীয়ে ভিৰ কৰিবলৈ আহে, তাৰ তত্‌ তাই নিজেই ধৰিব নোৱাৰে। ভাত গৰাহ নোখোৱাকৈ প্রায়েই টোপনি যায় নিয়ৰে। দৰাচলতে তেনে মুহূৰ্তত ভাতমুঠি সিজাই খোৱাটো বৰ ভয়ঙ্কৰ কথা হৈ পৰে তাইৰ বাবে। কেতিয়াবা সময় পালে তাই ভাৱে, দুটা কোঠালিৰ এই অকমানি ঘৰখনত তাইৰ অন্নমুঠি যতনাই দিবলৈ কোনোবা যদি থাকিলহেঁতেন। মাকলৈ ঘনাই মনত পৰে সেই মুহূৰ্তবোৰত। কিয়যে ওচৰত নাই মাকজনী? মানুহেৰে গিজগিজাই থকা ঘৰ এখন থাকিলেও সেইখন ঘৰৰপৰা বহু দূৰত নিয়ৰৰ অৱস্থান।
: মাজনী, বহুদিন দেখা নাই তোক। ঘৰলৈ কেতিয়া আহিবি?

মাকৰ মুখৰ এইষাৰ কথা শুনিলে কিবা এটা হয় নিয়ৰৰ। দেওলগা পখিলী এজনীৰ দৰে হৈ পৰে তাই। আগপাছ একো নভবাকৈ ঘৰলৈ বুলি লৰ ধৰে। দৰকাৰী কামবোৰ য’ত যিদৰে থাকে, ত’ত তেনেদৰেই মুখথেকেচা খাই পৰি ৰয় কেইটামান দিনৰ বাবে; মাথোঁতাইৰ অপেক্ষাত। সদায়নো আৰু স্কুল-টিউচনকৈ কিমান থাকিব তাই? কিন্তু অতদূৰ ঢপলিয়াই গৈও ঘৰখনৰ মজিয়াত ভৰি থৈ শান্তি বুটলিব পাৰিলেহে? নোৱাৰে। ঘৰখনত গজি উঠি পোখা মেলিবলৈ ধৰা দ্বন্দ্ব-খৰিয়ালবোৰ মুঠেই ভাল নালাগে নিয়ৰৰ। সৰু সৰু কথাক লৈ, বস্তুক লৈ মানুহৰ কিয় জানো অতক হাঁহাকাৰ! দুটা দিন পাৰ হয় নে নহয়, ঘৰখনৰ মায়া এৰি গতানুগতিক জীৱনটো লৈ বাধ্য হৈ নিয়ৰে উভতি আহে। ভাল লাগিবলগীয়া একোৱেই যেন নোহোৱা হৈছে ঘৰখনত। ক’ত যে হেৰাই গ’ল অতীতৰ জীঁয়া জীঁয়া মাদকতাবোৰ? হাঁড়ে-ছালে লগা দেউতাকৰ শুকান চকুহাল চাবলৈ ইচ্ছা নহয় নিয়ৰৰ। আৰু মাকৰ ভিজি উঠা চকুৰ দুকোণ? নাই, সেয়াও ভাল নালাগে। কেতিয়াবা লাহ-বিলাসত মত্ত হৈ ৰোৱা নবৌৱেক দুজনীৰ মুখলৈ তাই ৰ’ লাগি চায়। তেওঁলোকলৈ চালে ওঁঠৰ দুকাষেদি হাঁহি বাগৰি অহাৰ উপক্ৰম হয়। চিঞৰী চিঞৰী সুধিবলৈ মন যায় নিয়ৰৰ- কিহৰ বাবে নবৌ, কিহৰ বাবে তোমালোকৰ ইমান অহঙ্কাৰ? ৰূপ-যৌৱন, ধন-সম্পদ? কিহৰ বাবে? কিন্তু সোধা নহয়। প্রকাশৰ বাট বিচাৰি নোপোৱা কথাবোৰে মনৰ ভিতৰতে কক’বক কৰে, মনতে পুনৰ মাৰ যায়। সেইবাবেই কষ্ট পায় তাই।

:নিয়ৰ!

কোমল পুৱাটোত কাৰোবাৰ যেন মৌসনা মাত এষাৰ শুনি শোৱাপাটীৰপৰা জাঁপ মাৰি উঠিল তাই। পৰিশ্রান্ত চকুহালক নিদ্রাৰ আৱেশে আধামেলা ফুলকলিটোৰদৰে ৰূপ দিছে। কলপাত, কলগছ, আমপাতৰ ধোঁৱা..! ভালকৈ একো মনত নপৰিল নিয়ৰৰ। একো তর্কিব নোৱাৰি আয়ত চকুহাল ঘূৰাই বেঙা মানুহৰ দৰে নিয়ৰে ইফালৰ পৰা সিফাললৈ চালে। নাই, কোনো নাই তাইৰ ওচৰত। সকলো একেই আছে। তাইৰ চিনাকি কোঠাটোত অচিনাকি যেন লগা কোনো ধৰণৰ স্পর্শ নাই। তেন্তে? অন্তৰখনে কান্দি উঠিল তাইৰ। যোৱা নিশা দুপৰলৈ সাৰে আছিল নিয়ৰ। মন আৰু মগজুৰ অন্তর্দ্বন্দ্বখনে বৰ বেয়াকৈ জুৰুলা কৰিছিল তাইক। ধৈর্য আৰু সহ্যৰ মজত চলিছিল অহৰহ সংগ্রাম। আৰু সেই সংগ্রামৰ মাজতে কোন মুহূৰ্তত জানো নিয়ৰ নিদ্রাদেৱীৰ কোলাত ঢলি পৰিছিল!

হালধীয়া সূতাৰে বুটা বচা ৰঙা ৰঙৰ বেনাৰসী পাট শাড়ীখনত চকু পৰিল তাইৰ। কোনো নিপুণ শিপিনীৰ হাতৰ পৰশত প্রাণ পাই উঠা শাড়ীখনে নিয়ৰলৈ চাই হাঁহিছে। কালি এই সাজ কাপোৰ পিন্ধি তাই বৰষাৰ বিয়ালৈ গৈছিল। বিশেষ ইচ্ছা নাছিল। কিন্তু নাযাওঁ বুলি নোযোৱাকৈ থাকিবও নোৱাৰিলে। দৰা আহি হোমৰ গুৰিত বহাৰ পাছত তাই তাৰ পৰা উভতিলে। দৰাচলতে দৰাৰ সাজত অনির্বাণক এবাৰ চোৱাৰ ইচ্ছা জাগিছিল নিয়ৰৰ। সেয়ে তাই তালৈ গৈছিল; মগজুৱে হেজাৰবাৰ বাধা দিয়া স্বত্ত্বেও। আস্, তাইৰ অতদিনীয়া চিনাকি মানুহজন! প্রাণভৰি তাই চাই ৰৈছিল তালৈ। সিও চাইছিল নেকি বাৰু তাইলৈ? কান্দিছিলনে বাৰু তাৰ অন্তৰে? নিয়ৰৰ কাণত বাৰে বাৰে বাজিছিল দুটামান চিনাকি শব্দ,

: ৰঙা সাজত তোমাক বৰ ধুনীয়া দেখি নিয়ৰ।

হঠাৎ সেমেকি উঠা চকুৰ গুৰিখিনি লুকুৱাবলৈ বহু কষ্ট কৰিবলগীয়া হৈছিল তাই। এনে দুর্বল কোনো-কাহানিও হয়তো হোৱা নাছিল নিয়ৰে। কিন্তু, অকস্মাৎ? অলপ বুজা-পৰাৰ অভাৱতে বহুত কিবাকিবি হেৰুৱালে নেকি বাৰু তাই? কিন্তু, কেৱল জানো তায়েই হেৰুৱাইছে?

:ককায়েৰাহঁতটো আছে। তেনে স্থলত তুমিয়েই কিয় ইমান কষ্ট কৰা?

মাত্র সেইষাৰ কথাই কৈছিল অনির্বাণে। কথাষাৰ মিছা নহয়। সুস্থ মস্তিষ্কৰ ব্যক্তিয়েই হয়তো ক’ব সেই একেষাৰ কথা। কিন্তু তাৰ উত্তৰত ক’ব নলগীয়াকৈ বহু কিবাকিবি কৈ পেলাইছিল নিয়ৰে। সেয়াই আছিল এক তিক্ততাৰ আৰম্ভণি।

:কোনোবা অন্ধ হ’ল বুলি মইও অন্ধ হ’ম নেকি? তোমাক ইমান ঠেক মনৰ বুলি মই ভবা নাছিলো। যদি বেয়া পাইছা বা তোমাৰ যদি আপত্তি আছে তুমি নিজৰ বাটেৰে গুচি যোৱা। মোৰ নিচিনা ছোৱালীৰ কাৰণে চিন্তা কৰি ৰৈ থাকিব নালাগে। মই প্রেক্টিকেল ছোৱালী। তোমাৰ নিচিনা মানুহৰ লগত হয়তো মিলিব নোৱাৰিম। কিন্তু তাক লৈ মোৰ কোনো আক্ষেপো নাই।

যুক্তি তথা বিবেকৰ এই সংঘাতখনত বাকপটুতাৰে বিজয় সাব্যস্ত কৰিলেও হৃদয়ৰ যুঁজখনত সমূলি বিধ্বস্ত হৈছিল নিয়ৰ। অনির্বাণৰ কথাষাৰ সঁচা। তাই নিজেও জানে সেই কথা। কিন্তু অন্যই আপোন ককায়েকহঁতৰ কথা বেয়াকৈ ক’লেচোন ভাল নালাগে। ভুল কৰিলে তাই। অনির্বাণক পৰ বুলি ভবাতো উচিত নাছিল তাইৰ পক্ষে। কিন্তু নিজক শুধৰাবলৈ এটা অৱকাশ পোৱাহেঁতেন সুখী হ’লহেঁতেন নিয়ৰে। নাপালে। বাটে-ঘাটে দেখা হ’লেও লাজ-সংকোচ আদিবোৰে আগবাঢ়ি গৈ অনির্বাণৰ ওচৰ চপাত বাধা দিলে তাইক। ভিতৰে ভিতৰে প্রচণ্ড যন্ত্রণা সহ্য কৰি অকলশৰীয়া মুহূৰ্তবোৰত বহুবাৰ কান্দিলে তাই। কিন্তু অঙহী-বঙহী, নিকতাত্মীয় সকলোৰে বাবে নিয়ৰ হৈ ৰ’ল একেই প্রাণোচ্ছ্বল; নীলৰঙী সাগৰখনৰ দৰে। বাহ্যিক দৃষ্টিত অশান্ত; ভিতৰত নিমাওমাও, গম্ভীৰ।

বিয়াঘৰ এৰাৰ সময়ত নিয়ৰে বৰষাক মাত এষাৰ লগোৱাটো উচিত আছিল। কিন্তু লগোৱা নহ’ল। সময়বোৰ বৰ নিষ্ঠুৰ হৈ পৰিছিল। অনির্বাণ নিয়ৰৰ জীৱনৰ প্রথম পুৰুষ বুলি জনাহেঁতেন বৰষাই বাৰু বিয়াখনত মত দিলেহেঁতেন নে? নাজানে তাই। খৰখেদাকৈ আহি ৰখাই থোৱা অ’ট’খনত উঠি অস্থিৰভাৱে ঘৰলৈ বুলি বাট বুলিছিল নিয়ৰে। বৰ কষ্টত পাৰ কৰিছে তাই কেউটা ক্ষণ। ঘৰত সোমাওঁতে নিশা প্রায় এঘাৰ বাজিছিল। অযত্নৰে সোলোকাই থোৱা কাপোৰসাজ কোঁচ-মোচ খাই চকীখনত বৰ বেয়াকৈ পৰি আছে। সেইসাজে যেন তাত ৰৈ তাইক জোকাইছে। সেইখন শাড়ী নিয়ৰৰ বৰ মৰমৰ। জীৱনৰ কোনো বিশেষ মুহূৰ্তত কোনো বিশেষ ব্যক্তিয়ে তাইক দিয়া বিশেষ উপহাৰ। পাহৰিব পৰা নাই তাই সেই বিশেষ দিনটো, যিদিনা প্রথমবাৰৰ বাবে শাড়ীখন তাই গাত মেৰিয়াই লৈছিল। সেই মধুক্ষণত ক্ৰিছেনথিমামৰ ৰঙা পাপৰিয়ে ৰঙীন কৰি তুলিছিল তাইৰ দেহ-মন। এই সকলো ঘটনাক আজি অপ্রয়োজনীয়তাৰ ৰঙেৰে বিধৌত কৰি শান্তি বুটলিবলৈ অহোপুৰুষার্থ কৰিলেও কিয় জানো বাৰে বাৰে উজুটি খাইছে তাই। মনটোক শান্ত কৰিবলৈ বৰ কষ্ট হৈছে।

এয়ানো বাৰু জীৱন হ’লনে? সহজ-সৰল গাৱঁলীয়া আঁকৰী নিয়ৰজনী কংক্রিটৰ মহানগৰীত ভৰি থৈ এক যন্ত্রলৈ পৰিৱর্তিত হ’ল। তাই যেন এটা টকা ঘটা যন্ত্রহে। মাহৰ মূৰত ঘৰলৈ পঠিয়াব পৰাকৈ টকা কেইটামান যোগাৰ কৰাটো হৈ পৰিছে তাইৰ আজি প্রধান প্রয়োজন। খাদ্য-পানী পুষ্টিৰ অভাৱত অন্যথা মৰহি যাব তাইৰ মৰমৰ মাক-দেউতাকহাল। ককায়েকহঁতৰ অপ্রয়োজনীয় প্রয়োজনবোৰচোন পূৰণ হৈ শেষ হোৱাৰ নামেই নলয়। কিয় যে দুনিয়াখন ইমান জটিল হ’ল?

খপজপকৈ বিছনাখনৰপৰা উঠিল নিয়ৰ। চকুৰ পতাহাল বৰ গধুৰ হৈ পৰিছে। নিয়ৰৰ দৰে এইমুহূৰ্ততে যেন সৰি পৰিব পতাহালত ভিৰ কৰি জমা হৈ ৰোৱা পানীৰ টোপালবোৰ। আজি কেইদিনমান ধৰি একেবোৰ কথাই তাইক খুলি খুলি খাইছে। জীৱনটো নিজৰ বাবে জীয়াই থকাহেঁতেন হয়তো বেছি মসৃণ হ’লহেঁতেন! ক’ত বাৰু ভুল হ’ল তাইৰ? মান-অভিমানবোৰক বাদ দি জীৱন জীওৱা যায়নে? প্রেম এইদৰে শুকাই নিঃশেষ হৈ মৰাসুঁতিত পৰিণত হয় বুলি তাই আগতে জনা নাছিল।

:নিয়ৰ, বিয়াখন পাত।

আজিকালি তাইক সেইষাৰ কথা কোনেও নকয়। তাকে লৈ সুখী অথবা দুখীও নহয় তাই। তাইৰ বাবেইতো সকলো হ’ল। অনির্বাণ-বৰষাৰ বিয়া আওপকীয়াকৈ গৈ হ’লেও তাত ক’ৰবাত, কোনোবাখিনিত তাইৰ ইচ্ছা বিলীন হৈ আছে। সংযত হ’বলৈ চেষ্টা কৰিলে নিয়ৰে। কিন্তু তথাপিও অন্তৰখনে কান্দি উঠিছেচোন তাইৰ। উলট-পালটকৈ একেবোৰ কথাই মনলৈ আহিছে। কেতিয়াবা ককায়েকহঁতৰ ওপৰতে খং উঠিছে আৰু কেতিয়াবা নিজৰ ওপৰত। অনির্বাণৰ ওপৰত? নাই, কোনো ধৰণৰ ক্রোধ অথবা অভিমান কৰিবলৈ মন নাযায় আজি আৰু তাৰ ওপৰত। জীৱনটো মনে বিচৰাধৰণে গঢ় দিয়াৰ অধিকাৰ সকলোৰে নিজৰ। কিয় যে কথাবোৰ তেনে হ’ল? আইনাখনৰ সম্মুখত থিয় দি থৰ লাগি নিয়ৰে দাপোনখনত নিজৰ মুখখন চালে। চুলিবোৰ আউল লাগিছে, কক্ষচ্যুত তাইৰ জীৱনটোৰ দৰে। চুলিখিনি সজাই ল’বলৈ বুলি হাতেৰে তাই ফণীখন তুলি ধৰিলে। চকুৰ গুৰিবোৰো বৰ বেয়াকৈ ক’লা পৰিছে। যোৱা নিশা তাইৰ চকুলৈ ভাল টোপনি নাহিল। যিকণ সময় তাই শুইছিল, সেইখিনি সময়ত তাইৰ অৱচেতন মনত সহস্র মুখে ক্রীড়া কৰি গ’ল। মুখাৱয়ৱৰ বালিৰেখাবোৰ ইমান উজ্জ্বল হৈ পৰিছে। সেইবোৰে ট ট কৈ নিয়ৰলৈ চাইছে।

মাহ-হালধিৰ ৰঙীন ৰঙেৰে নিয়ৰৰো দুগাল বোলাব পাৰিলে বেয়া নালাগিলহেঁতেন!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments