‎গল্পকাৰ জ্যোতিপ্ৰসাদ আগৰৱালা: অঞ্জনা তামুলী

(“বগীতৰা” বিদেশী গল্পৰ ছাঁ লৈ লেখা। কিন্তু গল্পটোত চিত্ৰিত হোৱা প্ৰাকৃতিক পৰিবেশ, সামাজিক ছবি, অসমৰ মানুহৰ ওপৰত বৰ লুইতৰ ভূমিকা আৰু ব‘হাগ বিহুৰ জীৱন্ত ছবিখনে গল্পটোৰ বিদেশীৰূপটো মচি জাতে-পাতে অসমীয়া ৰূপ দিছে।)

বহুমুখী প্ৰতিভাৰ অধিকাৰী জ্যোতিপ্ৰসাদ আগৰৱালাৰ হাতত অসমীয়া গল্প চহকী হোৱা নাছিল যদিও শিল্পীগৰাকীয়ে এইটো দিশতো স্ব-প্ৰতিভাৰ পৰিচয় দি গৈছে। তেখেতে সংখ্যাৰ ফালৰ পৰা মাত্ৰ নটা গল্প লিখি থৈ গৈছে।
সেই গল্পসমূহত লেখকগৰাকীৰ আগ বয়সৰ ছাপ দেখা পোৱা যায় । বেছিভাগ গল্পত লেখকৰ কল্পনাৰ সাবলীলতা লক্ষ্য কৰা যায়। উদাহৰণস্বৰূপে “ৰূপহী” গল্পত সাবলীল প্ৰাকৃতিক বৰ্ণনা আৰু কাহিনীৰ শিথিল বন্ধনৰ কথা উল্লেখ কৰিব পাৰি। গল্পটোৰ প্ৰাকৃতিক বৰ্ণনাৰ দ্বাৰা নিৰ্মিত পৰিবেশ অতি চিত্তাকৰ্ষক। সেইদৰে গল্পটোৰ নায়ক কলাই ৰূপহীৰ প্ৰণয়মধুৰ বৰ্ণনাও অতি আকৰ্ষণীয়। কিন্তু ৰূপহীৰ অভিভাৱকে কলাইলৈ বিয়া নিদি একে গাঁৱৰে বেণুলৈ বিয়া দিবলৈ স্থিৰ কৰে সেয়ে ৰূপহীয়ে নৈত জাঁপ দি প্ৰাণত্যাগ কৰে। কিন্তু ৰূপহীৰ মৃত্যু অতি আকস্মিক আৰু অবিশ্বাস্য।
“বগীতৰা” বিদেশী গল্পৰ ছাঁ লৈ লেখা। কিন্তু গল্পটোত চিত্ৰিত হোৱা প্ৰাকৃতিক পৰিবেশ, সামাজিক ছবি, অসমৰ মানুহৰ ওপৰত বৰ লুইতৰ ভূমিকা আৰু ব‘হাগ বিহুৰ জীৱন্ত ছবিখনে গল্পটোৰ বিদেশীৰূপটো মচি জাতে-পাতে অসমীয়া ৰূপ দিছে।গল্পৰ নায়িকা বগীতৰাৰ বনমালীৰ প্ৰতি থকা প্ৰেমৰ গভীৰতা আৰু ৰুদৰাম মেধিৰ পৌঢ়সুলভ উপলব্ধি মনোবিজ্ঞানসন্মত। গল্পটোৰ কাহিনীভাগে বেছ উৎকন্ঠা জগায়।
“সোণতৰা” নটা খণ্ডৰ এটা দীঘল গল্প। গল্পটোত নায়িকা সোণতৰাৰ জীৱনৰ দীঘল অংশ এটাৰ যন্ত্ৰণাক্লিষ্ট বৰ্ণনা আছে। গল্পটোত নায়ক দুজন। এজন চন্দ্ৰ আৰু আনজন গোলাপ। চন্দ্ৰ কম শিক্ষিত ডেকা। ঘৰত কাম বন নকৰি আনৰ ঘৰে ঘৰে ইটো-সিটো সহায় কৰি দি আমোদ লাভ কৰা ধিতিঙা চন্দ্ৰৰ চৰিত্ৰটো এক বিশেষ শ্ৰেণীৰ প্ৰতিনিধি। গাঁৱৰ সহজ সৰল আজলী ছোৱালী সোণতৰাৰ সৈতে চন্দ্ৰৰ দেহৰহে আকৰ্ষণ আছে; হৃদয় নিসৃত প্ৰেমৰ বান্ধোন নাই। সেয়ে সোণতৰাৰ সৈতে দৈহিক সম্পৰ্ক ঘটাই চন্দ্ৰ পলায়ন কৰি আঁতৰি গ‘ল। গোলাপ কিন্তু ব্যতিক্ৰম । অবৈধ সন্তানৰ মাতৃ হোৱা স্বত্বেও সোণতৰাৰ প্ৰতি আকৃষ্ট হৈ গোলাপে সোণতৰাক নিজৰ কৰি ল‘বলৈ সাহস কৰিছে। অৱশ্যে সোণতৰাৰ প্ৰতি গোলাপৰ আকৰ্ষণো যৌৱনসুলভ আৱেগ নিৰ্ভৰহে। গল্পটোত সোণতৰা গতিশীল আৰু জীৱন্ত চৰিত্ৰ। স্বভাৱজাত সৰলতাৰ বাবে সোণতৰাই জীৱনৰ যাত্ৰাপথত ভিন্ন প্ৰকৃতিৰ মানুহৰ পৰা নানান অভিজ্ঞতা আৰ্জন কৰিছে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ গল্পৰ আন নাৰী চৰিত্ৰৰ তুলনাত সোণতৰা বহু পৰিমাণে সফল সৃষ্টি।
“সোণটিৰ অভিমান” আনকেইটা গল্পৰ তুলনাত ব্যতিক্ৰম। ইয়াত গাঁৱৰ শিশুৰ স্বভাৱসুলভ দুষ্টালি অতি বাস্তৱ ৰূপত ফুটাই তোলা হৈছে। সোণটিৰ দুষ্টালি আৰু মাহীমাকৰ ৰুক্ষ আচৰণ আৰু সোণটিৰ মাতৃহীন মানসিকতাৰ অভিমান গল্পটোৰ অন্যতম বৈশিষ্ট্য।
“যুঁজাৰু” গল্পৰ পটভূমি ফ্ৰাঞ্চ। এই গল্পত অসমীয়া সৈনিক বীৰহুৱে ফ্ৰাঞ্চৰ স্বাধীনতা যুঁজত অংশগ্ৰহণ কৰি মৃত্যুক সাবটি ল‘ব লগা হয়। ইফালে অসমৰ গাঁৱলীয়া গাভৰু ৰূপহীৰ প্ৰণয়পাশত আবদ্ধ আৰু আনফালে ফ্ৰাঞ্চৰ ৰূপহী নাৰ্ছ মিছ এনাৰ বীৰহুৰ প্ৰতি গভীৰ ভালপোৱা- এয়ে গল্পটোৰ দ্বন্দ্ব। চাৰিটা খণ্ডত বিভক্ত দীঘল গল্পটোৰ কাহিনীভাগ অতি সৰল। চৰিত্ৰ হিচাপে মিছ এনাৰ মানসিক দ্বন্দ্ব যিমান গভীৰ, তাৰ তুলনাত ৰূপহীৰ মানসিক দ্বন্দ্ব গল্পটোত অপ্ৰকাশিত হৈয়ে ৰ‘ল।
“সতীৰ সোঁৱৰণি” এটি বিদেশী গল্পৰ ছাঁ লৈ অসমৰ বৰ লুইতৰ পাৰ, অসমৰ গ্ৰাম্য সমাজ আৰু অসমৰ সামন্তযুগীয়া পটভূমিত সজাই তোলা হৈছে। গল্পটো সাধুকথাধৰ্মী আৰু বক্তব্য গতানুগতিক। মালতী আৰু চম্পকৰ গভীৰ প্ৰেম আৰু আত্মহত্যাৰ মাজেদি মালতীৰ আত্মত্যাগৰ মহত্ব প্ৰকাশেই গল্পটোৰ মুখ্য উপজীৱ্য আৰু বক্তব্য।
“সন্ধি” গল্পটো অসমত মানৰ আক্ৰমণৰ পটভূমিত ৰচনা কৰা হৈছে। সোণপাহী আৰু ককায়েক ৰুদ্ৰকান্তৰ মাজেদি অসমত মানৰ আক্ৰমণৰ ভয়াৱহতা প্ৰদৰ্শন কৰিবলৈ যত্ন কৰা হৈছে। অসমীয়া তিৰোতাৰ সততা, সাহস আৰু নিষ্ঠাৰ বিপৰীতে ভীৰুতাৰ আভাস দিবলৈও যত্ন কৰা হৈছে।
শিল্পীগৰাকীৰ গল্পকেইটাৰ ভিতৰত “প্ৰত্নতাত্বিকৰ কলাঘুমটি” গল্পটো আনকেইটাৰ তুলনাত অগতানুগতিক।গল্পটোৰ বিষয়-বস্তু, চৰিত্ৰ আৰু পৰিবেশো নতুন ধৰণৰ। গল্পটোত লেখকে নিজে এজন তত্ববাগীশ প্ৰত্নতাত্বিকৰ চৰিত্ৰৰূপে আত্মপ্ৰকাশ কৰিছে আৰু তাৰ বিপৰীতে এজন শিলাকুটী ডেকাক যথাৰ্থ শিল্পীৰূপত প্ৰকাশ কৰোৱাইছে।গল্পটোত লেখকৰ বক্তব্য অতি স্পষ্ট।
“নীলা চৰাই” গল্পটো আপাত দৃষ্টিত শিশু উপযোগী গল্প যেন লাগে। কাৰণ ইয়াত শিশুৰ কল্পনাপ্ৰৱণ মনৰ উপযোগীকৈ ৰহস্যময় ঘটনাৰ আভাস আছে। তিলতিল আৰু মিতিল নামৰ দুটি শিশু চৰিত্ৰৰ নীলা চৰাইৰ সন্ধানৰ মাজেদি মানুহৰ চিৰন্তন শান্তি প্ৰয়াসী মনৰ নিৰন্তৰ ব্যাকুলতাকেই প্ৰকাশ কৰা হৈছে।
জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গল্পৰ বিষয়-বস্তু আৰু গঠন পদ্ধতি আৱাহন যুগৰ গল্পৰ সৈতে একে। সোণটিৰ অভিমান, সন্ধি, প্ৰত্নতাত্বিকৰ কলাঘুমটি আৰু নীলাচৰাই—এই চাৰিটা গল্পৰ বাহিৰে বাকীকেইটা গল্পৰ মুখ্য উপজীৱ্য নৰ-নাৰীৰ প্ৰেম। নৰ-নাৰীৰ প্ৰেমক উপজীৱ্য স্বৰূপে গ্ৰহণ কৰা গল্পকেইটা আৱাহন যুগৰ ৰোমাণ্টিক ধাৰাৰ । তেওঁৰ নাটকত যিদৰে পুৰুষ চৰিত্ৰৰ তুলনাত নাৰী চৰিত্ৰবোৰ অধিক ক্ৰিয়াশীল, সেইদৰে গল্পসমূহতো নাৰী চৰিত্ৰবোৰ পুৰুষ চৰিত্ৰৰ তুলনাত অধিক ক্ৰিয়াশীল। গল্পকাৰ হিচাপে জ্যোতিপ্ৰসাদ আগৰৱালা সফল লেখক নহয় যদিও কাহিনী গ্ৰন্ঠন, চৰিত্ৰ নিৰ্মাণ আৰু সামগ্ৰিক আবেদনৰ দিশত সোণতৰা, সোণটিৰ অভিমান, সতীৰ সোঁৱৰণি আৰু প্ৰত্নতাত্বিকৰ কলাঘুমটি নামৰ গল্পকেইটা তুলনামূলক বিচাৰত সফল সৃষ্টি বুলিব পাৰি। সামগ্ৰিকভাবে সকলোখিনি গল্পতে বিৰাজমান হৈ থকা মানৱীয় অনুভূতিৰ গভীৰ আবেদনটোৰ বাবেই জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গল্পকেইটা শ্ৰেষ্ঠ নহ‘লেও সুখপাঠ্য।
(সহায়ক পুথি-ড: প্ৰহ্লাদ কুমাৰ বৰুৱাৰ “জ্যোতি মনীষা”)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments