‎চেনাইৰামৰ আঁত ধৰি কিছু খেলি মেলি চিন্তা (- পার্থ পি শর্মা)

(২০০৬ চনত আমি পঢ়া তিনিচুকীয়াৰ চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ৭৫ বছৰ পূৰ্ণ কৰাৰ উপলক্ষে প্ৰকাশ কৰা স্মৃতিগ্ৰন্থত প্ৰকাশৰ বাবে এই লিখাটো লিখিছিলোঁ যদিও ইয়াক সময়মতে পঠিয়াব নোৱাৰিলোঁ ৷ কথা বিলাক এতিয়াও প্ৰাসংগিক যেন লগাত সালসলনি নকৰাকৈ আপোনালোকৰ বাবে আগবঢ়ালোঁ ৷)

(১)

চাক্ষুষ আৰু শাৰীৰিক দূৰত্বই কিছুমান মানসিক সম্পৰ্ক অধিক গাঢ় কৰে ৷ চাব, যাব বা মিলিব নোৱাৰাৰ ক্ষোভ আৰু বেদনা,  ওচৰত পোৱাৰ হাবিলাসে মনৰ সেই টানখিনিক সাৰ-পানী দি প্ৰায় সকলো সময়তে জীপাল কৰি ৰাখে ৷ হয়তো আন অবস্থাত যিমান হ’লহেঁতেন,  তাতোকৈ বহু বেছি ৷ ভাৰতীয় দৃশ্যত বিয়া দি উলিয়াই দিয়া ছোৱালীৰ পতি, সন্তান আদিৰে নতুন সংসাৰত ডুব যোৱাৰ পাছতো আগৰ নিজৰ ঘৰ খনলৈ যি হেঁপাহ, বা ঘৰ-পৰিয়ালৰ হেঁচাত আনৰ সৈতে সংসাৰ পাতিবলগীয়া হোৱাৰ পাছতো হৃদয়, মগজুৱে বিচৰা গৰাকীৰ প্ৰতি ৰৈ যোৱা চিৰন্তন হাবিলাসটোৰ দৰেই এই টান ৷ চেনাইৰামে শাৰিৰিকভাবে আমাক বাইছ বছৰৰ আগতেই নিয়মমাফিক বিদায় দিছিল যদিও সেই টানটো থাকি গ’ল, যাব।

চেনাইৰামৰ উত্তৰণৰ এই সুক্ষণত আকৌ কৃতজ্ঞতাৰে সুঁৱৰিছোঁ সেই শিক্ষা আৰু জ্ঞানৰ দিগদৰ্শী ব্যক্তিসকলক যাৰ বাবে চেনাইৰাম বোলা বিদ্যালয়খন আমি পালোঁ;  সুঁৱৰিছোঁ আমাক পাঠদান কৰা আৰু সেইসময়ত থকা সমূহ শিক্ষাদাতা(দাত্ৰী)ক যাৰ দুৰদৰ্শিতা আৰু জ্ঞানৰ ছত্ৰ-ছাঁয়াত আমি শিক্ষিত হ’বলৈ আগবাঢ়িছিলোঁ (এই যাত্ৰা অনন্ত); সেই সহপাঠী, জ্যেষ্ঠ আৰু কনিষ্ঠ সকল যাৰ বন্ধুত্ব আৰু সান্নিধ্যই অনাবিল আনন্দৰ লগতে আমাক সামাজিক প্ৰাণী হোৱাৰ পথলৈও আগবঢ়াই দিছিল ৷ নক’লেও হয় সেই সময়ৰ আমাৰ সামূহিক উৎপাত আৰু উদ্ভণ্ডালিবোৰ এই জনা-নজনাকৈ হোৱা সামাজিককৰণৰে অংশ আছিল ৷কেইবাজনো শিক্ষক, দুজন অতি অন্তৰংগ, একে বেঞ্চতে বহা সহপাঠী আৰু এজন ভাল লগা কনিষ্ঠক আমি ইতিমধ্যেই হেৰুৱালোঁ ৷ বহুতৰে সৈতে বৰ্তমান আৰু ভবিষ্যৎ বিমূৰ্ত ৷ কিন্তু সকলোৰে সৈতে আছিল এটা চিৰযুগমীয়া অতীত যি ভাবি, শুনি, সুঁৱৰি ভাল লগা কোনো চিত্ৰকল্প, গীতৰ কলি বা সাহিত্যৰ শাশ্বত সত্যৰ দৰেই সময়ে সময়ে মনলৈ আহি মনটো ফৰকাল কৰি যায় ৷

চেনাইৰামৰ শিক্ষাৰ পৰা কি পালোঁ ? গতানুগতিক শিক্ষা পদ্ধতিত হোৱা মূল্যায়নৰ কিছু দাবী পূৰাবলৈ ব্যক্তিগত ভাবে অসমৰ্থ হোৱাৰ বাবে,  কেতিয়াবা পাঠ্যপুথিৰ পাঠলৈ আগ্ৰহ নোহোৱাৰ বাবে সৰহীয়া নম্বৰ পোৱাত প্ৰায়েই শোচনীয়ভাবে ব্যৰ্থ হৈছিলোঁ ৷পঢ়াত ভাল ল’ৰাৰ মাৰ্কা মৰা দলটোৰ পৰা কিছু আঁতৰত আমাৰ অৱস্থান আছিল ৷ অৱশ্যে আজি সেই নম্বৰ খিনিৰ কোনো মূল্য নাই ৷ কিন্তু নম্বৰৰ আঁৰ কাপোৰৰ আঁৰত থকা,  সততে চকুত নপৰা অথচ অতি মূল্যবান শিকনি,  চিন্তাহে আজি আমাৰ সমল ৷অংক, বিজ্ঞানত নিশকটীয়া আছিলোঁ । কিন্তু সেই নিশকটীয়া, লেৰেলা মনটোত এক গাণিতিক সমমিতি, সৌন্দৰ্য, স্পষ্টতাৰ পোখা মেলিছিল । এক বিশ্লেষনাত্নক, খুঁটি-নাটি মাৰি চোৱাৰ যুক্তি নিৰ্ভৰ মনৰ আৰম্ভণি হৈছিল ৷ বুৰঞ্জী মুখস্থহে কৰিছিলোঁ, কিন্তু বুজন হোৱাৰে পৰা তাৰ ভিত্তিত এক ইতিহাস সচেতনতাৰ শিপা মেলিছিল ৷ ভাষা-সাহিত্যৰ গভীৰতালৈ যাব পৰা নাছিলোঁ, কিন্তু ইয়াৰ ৰস পাইছিলোঁ, বিশালতা আৰু জটিলতাৰ কথা অনুমান কৰিছিলোঁ, কৰিব পৰা কৰিছিল ৷ ব্যাকৰণৰ কছৰৎবোৰ আৰু পাঁচজন শিক্ষাগুৰুৰ ভাষা-সাহিত্যৰ শিক্ষণ পদ্ধতিয়ে মোৰ এতিয়া ভাষাতত্ব, ভাষা-শিক্ষণ ভালপোৱাৰ খুটা,  তেওঁলোকৰ বাবেই হয়তো এই বিষয় সমূহত দ-লৈ যোৱাৰ উদ্গনি পাইছিলোঁ ৷ বুৰঞ্জীত বৃটিছৰ শোষণ আৰু দমনৰ নিষ্ঠুৰ কাৰবাৰ বিলাক পঢ়ি সেইসময়ত মোৰ সিহঁতৰ ভাষা বাবেই ইংৰাজীৰ প্ৰতি এটা ঘিণ ভাব সোমাইছিল ৷ মহাবিদ্যালয় পাইহে মই তাৰ পৰা মুক্তি পাইছিলোঁ ৷ হাঁহি উঠা কথা যে এতিয়া সেই ইংৰাজীয়েই মোৰ অৰ্থনৈতিক সমল ৷ ভূগোল, বুৰঞ্জীয়ে আমাৰ সৰু ঠাই খনৰ পৰা বাহিৰলৈ গৈ বহল বিশ্বখনক জনাৰ হেঁপাহটোক সদায়ে এটা উচটনি দি থাকে ৷ অনুসন্ধিৎসু মন এটাৰ ইয়াতেই গত লগা আৰম্ভ হৈছিল ৷দুজন শিক্ষাগুৰুৰ পাঠদানৰ কৌশল আৰু পদ্ধতিৰ বাবে তেতিয়া ধৰিব নোৱাৰা কিন্তু এতিয়া প্ৰতিখোজতেই লগা আন্ত:বিভাগ সংযোগী অধ্যয়ন পদ্ধতি (inter disciplinary approach)ৰ সৈতে পৰিচয় হৈছিলোঁ ৷চেনাইৰামৰ প্ৰতি মই কৃতজ্ঞ এইখিনিৰ বাবে ৷শিক্ষাৰ উদ্দেশ্য যদি নম্বৰৰ উৰ্দ্ধত তেনে কেইজনমান নমস্য চাৰ-বাইদেউৰ বাবে সেই শিক্ষা সফলতাৰে লৈছিলোঁ ৷ তেতিয়া বেয়া লাগিলেও তাত পোৱা কম নম্বৰ খিনিৰ বাবে আজি মোৰ কোনো আক্ষেপ নাই ৷ আজি  শিক্ষাৰ দামটোতকৈ গুৰুত্বটোৰ দিশটোৱেহে মোক অধিক আকৰ্ষণ কৰে ৷

(২)

চেনাইৰামতে পঢ়া আৰু বৰ্তমানেও তিনিচুকীয়াত থকা কিমান বাপেকে নিজৰ ল’ৰাহঁতক আজিৰ চেনাইৰামলৈ পঠিয়াই বা পঠিয়াবলৈ সাহস কৰে ? নিজে পঢ়া বিদ্যালয়খনতেই নিজৰ ল’ৰাটোক পঢ়ুৱাবলৈ কিয় ইমান ভয় বা সংকোচ  ?

কিছু বছৰ আগলৈকে চৰকাৰী শিক্ষা-ব্যৱস্থাটোৰ অৱস্থা মানুহে ইমান লেই-লেই চেই-চেই কৰিব লগীয়া বিধৰটো নাছিল ৷নিষ্ঠা, সততা, মেধা আৰু মানুহ গঢ়াৰ এটা ব্ৰত আছিল অধিকাংশ শিক্ষাদাতা(দাত্ৰী)ৰ ব্যক্তিগত সত্বাৰ সমাৰ্থক ৷ তেওঁলোকৰ বিষয়-বস্তুত দখল, অলেখ অসুবিধাৰ মাজতো শিকাৰুৰ মনত কৌতূহল পিয়াসীমন জাগ্ৰত কৰা তথা বাল্যকালৰ ঠেক মানসিক গণ্ডীৰ পৰা জ্ঞান, সমাজ তথা মানবিক মূল্যবোধৰ উচ্চতালৈ লৈ যাব পৰা গুণ আছিল এখন সভ্য, প্ৰগতিশীল, উন্নত হ’ব খোজা সমাজৰ বহুমূলীয়া সম্পদ ৷দুৰ্ভাগ্যবশতঃ এই সম্পদৰ অধিকাংশই ইতিমধ্যে অৱসৰ ল’লে আৰু বাকীথকা সকলো সোনকালেই তেনে স্তৰ পোৱাৰ পথত ৷ অতি কম সংখ্যক ব্যতিক্ৰম এৰি এই খালী ঠাই পূৰ কৰিবলৈ অহা অধিকাংশ লোকৰেই কিন্ত এই গুণ সমূহ বাৰুকৈয়ে বা শোকলগাকৈ অভাব ৷ য’ত শিক্ষকতাৰ মূল অৰ্হতা অৰ্থ আৰু কিছুমান চোৰ-ডকাইতৰ আশীৰ্বাদ তেনে এটা ব্যৱস্থাৰ পৰা ন্যূনতম সামাজিক আৰু বৌদ্ধিক নিৰাপত্তাৰ বাবে সধাৰণভাবে সচেতনলোকো ক্ৰমান্বয়ে আঁতৰি আহে, আঁতৰি আহিবলৈ বাধ্য হয় ৷শিক্ষকতাৰ সৈতে জড়িত সকলৰ মানসিক, বৌদ্ধিক, পেশাগত আৰু বৈষয়িক উন্নতিৰ বাবে দৰকাৰী চৰকাৰী আৰু সামাজিক ব্যৱস্থাও নিৰাশাজনক ৷নতুন মেধাবী চামৰ বেছিভাগৰেই শিক্ষাৰ কোনো স্তৰতেই শিক্ষকতাৰ প্ৰতি আগ্ৰহ নাই ৷ তেওঁলোকৰ বাবে ই জীৱিকাৰ শেষ পচন্দ ৷ চৰকাৰী ব্যৱস্থাটোৱে (লগতে সামাজিক মানসিকতাই) পাকে প্ৰকাৰে এই চামক এই বৃত্তিটোৰ প্ৰতি নিৰুৎসাহ কৰিছে ৷ অসমৰ শিক্ষা ব্যৱস্থাটোৰ সামান্য আও-ভাও পোৱা সকলেও জানে চৰকাৰে কিদৰে আঁচনি আৰু পৰিকল্পনাৰে অসমৰ সমগ্ৰ শিক্ষক সমাজখনক নগুৰ-নাগতি কৰিছে ৷ এইক্ষেত্ৰত হাতেই হওক বা হাতীয়েই হওক,  দুয়োটাৰে গোপন উদ্দেশ্য চৰকাৰী শিক্ষা-ব্যৱস্থাটো উৎখাত কৰা ৷ সংবিধানৰ গণ্ডীৰ ভিতৰত সাংবিধানিক, নীতিগত ভাবে কাম কৰা সকলে তিল তিলকৈ জাতিটো মৃত্যুৰফালে ঠেলি দিছে আৰু সংবিধানত বিশ্বাস নথকা চামে পৰোক্ষভাবে হাত-হাতীৰ বিকাশৰ বাবে অনিল বৰুৱাৰ দৰে নমস্য শিক্ষক, ব্যক্তিক কষ্ট ভুগিব নলগীয়াকৈ গুলীৰে চিৰ বিদায় দিছে ৷প্ৰথম চামে বাংলাদেশীক ৰক্ষণা বেক্ষণ দিয়ে ভাৰতীয় সংবিধান ৰক্ষা কৰিবৰ বাবে, আনচামে বাংলাদেশীৰ পদধূলিৰে নিজকে তৈয়াৰ কৰিছে আমাৰ সংবিধানৰ শৰাধ পাতিবলৈ ৷কমলাকান্তই কোৱাৰ দৰেই আমাৰ ৰাজ্যখন এক অভিশপ্ত শ্মশান হ’বলৈ বৰ বেছি কাল নাই৷

(৩)

এই সম্ভাব্য জাতীয় মৃত্যুৰ পৰা হাত সাৰিবলৈ আমাক লাগে বৰ্তমান চামতকৈ বেলেগ এদল ৰাজনীতিবিদ, নেতা আৰু ৰাজনৈতিক বোধসম্পন্ন সচেতন ৰাইজ । আমাক প্ৰয়োজন  সৎ, অধ্যয়নশীল, মেধাবী, দূৰদৃষ্টিসম্পন্ন, মানবীয় মূল্যবোধত বিশ্বাসী, কাম কৰিব আৰু কৰোৱাব পৰা নেতা, ৰাজনীতিবিদৰ ৷ ৰাজনীতি বুলিলেই আমাৰ সৰহভাগেই নাক কোঁচাওঁ যদিও প্ৰকৃততে ৰাজনীতিবিহীন সমাজ,  আনকি পৰিয়ালো অসম্ভব ৷গতিকে ৰাজনীতি অস্পৃশ্য বুলি নিলগাই নাৰাখি ইয়াৰ সৈতে অৰ্থবহ সহবাস আৰু সচেতন সক্ৰিয়তাৰে ইয়াত ভাগ লোৱা, ৰাজনৈতিক বোধ জাগ্ৰত কৰিবলৈ ল’ৰা-ছোৱালীক উদ্গনি দিয়া দৰকাৰ যাতে এটা সুস্থ, ৰাজনৈতিক বাতাবৰণ সৃষ্টি হয় ৷ এনে পৰিবেশ আৰু ৰাজনৈতিক বোধ সম্পন্ন শিক্ষিত, বিজ্ঞ সামূহিক জাতীয় মন এটাৰ সৃষ্টি আৰু বিকাশ নোহোৱালৈকে আমাৰ জড়াৱস্থা থাকিবই ৷পঢ়াশলীয়া দিনৰ পৰাই ইয়াৰ শুভাৰম্ভ কৰিবলৈ অভিভাৱক, শিক্ষাদাতা(দাত্ৰী) আৰু বিদ্বৎ সমাজে সমূহীয়া প্ৰচেষ্টা আৰম্ভ কৰাৰ আবশ্যক ৷

(৪)

চেনাইৰামৰ পুথিভঁড়ালটোৰ বৰ্তমান স্বাস্থ্য আৰু ৰূপ কেনেকুৱা নাজানো ৷আমি পঢ়াৰ সময়ত কিন্তু ই এটা প্ৰায়ে বন্ধ হৈ থকা আন্ধাৰ আৰু খুলিলে কিবাকিবি বেয়া গোন্ধ পোৱা কোঠা এটাহে আছিল ৷তালৈ যোৱাত আমাৰ বৰ আগ্ৰহ নাছিল ৷ তাতোকৈ বৰং প্ৰায় বিলাক ছাত্ৰ আৰু শিক্ষকে তিনিচুকীয়াৰ মহকুমা পুথিভঁড়াললৈ যোৱাটোহে পচন্দ কৰিছিল ৷

তিনিচুকীয়াত মহকুমা (এতিয়া জিলা)পুথিভঁড়ালৰ বাহিৰে আন ৰাজহুৱা পুথিভঁড়াল নাই বুলিলেও হয় ।  থকাটোৰো বা মহাবিদ্যালয় কিখনৰ পুথিভঁড়ালৰ সদব্যৱহাৰ কৰা ল’ৰা-ছোৱালীৰ সংখ্যাও বৰ বেছি নহয় । যিকোনো বিষয়ৰ পাঠ্যপুথিৰ উপৰিও বাহিৰা কিতাপ পঢ়া, নিজৰ ভাষা-সাহিত্য-সংস্কৃতিৰ লগতে কালজয়ী বিদেশী সাহিত্যৰ স্বাদ লোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ভৰতৰ প্ৰায় বিলাক ঠাইতে কমি আহিছে, বেছি ভাগৰে নিজা ভাষা-সাহিত্যৰ সৈতে পৰিচয়, বাটৰ চিনাকি মুখৰ দৰেহে ৷যোৱা দুটামান দশকৰ পৰা অতি জনপ্ৰিয় হোৱা কুইজ সংস্কৃতিয়েও যিকোনো বিষয়তে জ্ঞান তথ্যৰ পৰ্যায়তে সীমাবদ্ধ কৰিবলৈহে উদ্গনি দিয়ে ৷আমাৰ জাতীয় জীৱন, অস্তিত্বত এটা মহাশূন্যৰ সৃষ্টিৰ বাবে দীঘলীয়া অপেক্ষাৰ দৰকাৰ নাই ৷

কিছুমানত থকাৰ দৰে বিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে সপ্তাহত কমেও দুঘণ্টাৰ বাবে পুথিভঁড়ালৰ ব্যৱহাৰ বাধ্যতামূলক হোৱা দৰকাৰ ৷ পৰীক্ষাৰ ফলাফলৰ তালিকাত ইয়াৰ প্ৰতিফলন হ’ব লাগে ৷কিন্তু তাৰ বাবে পুথিভঁড়াল বিলাকো সকলোকে আকৰ্ষণ কৰিব পৰাকৈ সজোৱা আৰু তেনেধৰণেৰে সেইবিলাকত ভিন্ন স্বাদৰ, পৰ্যায়ৰ কিতাপ ৰখাটো দৰকাৰ ৷কিতাপৰ বাছনি আৰু কিতাপ ৰখা আয়োজনবিলাকো মোক চোৱা ধৰণৰ হ’লে ভাল ৷ কিতাপ বিলাক বন্ধ আলমাৰীত নথৈ ল’ৰা-ছোৱালীক কিতাপ নিজে (কোনোবাই আঁৰ চকুৰে নিশ্চয় মন কৰি থাকিব) বিচাৰি উলিয়াবলৈ, চুই চাবলৈ, গোন্ধ ল’বলৈ দিব লাগে ৷ প্ৰতি ক্ষেত্ৰতে বান্ধোনত নাৰাখি এইবিলাকৰ জৰিয়তে নিজে কিবা কৰা বা বিচৰাৰ আনন্দ দিয়াৰ লগতে দায়িত্ববোধো বঢ়োৱাত সহায় কৰিব ৷ তাৰোপৰি নিজে মনৰ পচন্দমতে বিচাৰি-খুচৰি উলিয়াই কিতাপ পঢ়াৰ আনন্দটোৱেও তেওঁলোকক আগলৈয়ো এই সুঅভ্যাসটোৰ সৈতে স্থায়ী সম্পৰ্ক এটা গঢ়াত সহায় কৰিব ৷ তেনেই সৰু ল’ৰা-ছোৱালীক এই অভ্যাসটো গঢ়াত সহায় কৰোঁতে বহু কিতাপেই হয়তো নষ্ট হ’ব, কিন্তু সেই ক্ষতিৰ দাম সামান্য !এইটো এটা জাতীয় অভ্যাসত পৰিণত হৈ এক  জাগৰণ সৃষ্টি হোৱাটো প্ৰয়োজনীয় ৷

কিতাপ-আলোচনীৰ উপৰিও এই পুথিভঁড়াল সমূহত থাকিব এটা তথ্য-বেংক য’ত বিদ্যাৰ্থীয়ে আগলৈ পঢ়িব পৰা সকলো বিষয়, পাঠ্যক্ৰম, অনুষ্ঠান, বিশ্ববিদ্যালয়ৰ নাম-ঠিকনা, যোগদানৰ সময় আদিকে ধৰি সকলোৰে বিতং তথ্য পোৱা যায় ৷ শুনিবলৈ বেয়া হ’লেও সঁচা যে তথ্যৰ সৰবৰাহৰ ক্ষেত্ৰত পিচপৰা বাবেই আমাৰ বহু যোগ্য আৰু সম্ভাৱনাপূৰ্ণ মানব সম্পদৰে দুখলগাকৈ অপচয় হৈ আহিছে ৷ আমাৰ বহু দুৰ্যোগৰ হেতু মেধাৰ অভাব নহয়, বৰং এতিয়াও তথ্যৰ সাগৰত এটা বিছিন্ন দ্বীপৰ বাসিন্দা হৈ থকাৰ লগতে কি হ’ব বা ক’ত পাৰিম জাতীয় কিছুমান মনত দকৈ পোতখাই থকা মানসিকতাহে ৷

ওপৰৰ কথাখিনি এক অলীক সপোনহে ৷ চৰকাৰী পৰ্যায়ত এনেকুৱা কিবা যে হ’ব, অতি বেছিকৈ নিচাই নধৰিলে সেইয়া ভাবিবও নোৱাৰি ৷আমাৰ দুৰ্ভাগ্য যে এনে কাম, চিন্তাৰ বাবে নেতাহঁতে মুখেৰে প্ৰলাপ বকিলেও আচলতে কোনো চৰকাৰী উৎসাহ নাই ৷ এইবিলাকৰ বাবে সদায় অৰ্থৰ অভাব ৷তথাপিও আশা কৰা বা আমাৰ নিজৰ জোৰেৰে পৰাকৈ কিবা কৰাততো বাধা নাই ৷ সেয়ে ভাবিছোঁ আপুনি ময়েই আমি কৰিব পৰা কিবাকিবিটো কৰিব পাৰোঁ ৷ আমাৰ চেনাইৰামখনেই এনে নতুন কিবাকিবিৰ বাটকটীয়া হওক ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments