‎তোমাক লৈ এটা কবিতা লিখিছো (ত্ৰিদীপ টিকেন গগৈ)

ত্ৰিদীপ টিকেন গগৈ
 
তোমাকলৈ এটা কবিতা লিখিছো  
সময় পালে পঢ়িবা ।
কিনো লিখিম এই উকা কাগজত,
ৰঙ্গীন আখৰবোৰ উটি যায় মোৰ চকুপানীৰ কোবাল সোঁতত।
আচলতে সিমান সহজ নহয় লিখাৰ কথা
তোমাক লৈ এটা কবিতা।
তোমাৰ স্মৃতিবোৰৰ বাবে গোটেই ৰাতি শুবও নোৱাৰিলো…
বৈ যাব বুলি চকুপানীত তোমাৰ প্ৰতিচ্ছবি…
মাত্ৰ এই কথা ভাবি কান্দিবও নোৱাৰিলো!
এজনে মোক সুধিছিল -হৃদয় মানেনো কি?
মই হাঁহি এটি মাৰি ক’লো – তোমাৰ ঠিকনাটো।
তেওঁ মোক সুধিছিল- জীৱনৰ সুখ মানেনো কি?
মই ক’লো -তোমাৰ হাঁহিটো।
তেওঁ মোক পুনৰ সুধিছিল- মৃত্যু মানে কি?
মই চকুপানী মচি কৈছিলো- এই মায়াৰ সাগৰত মোক অকলশৰীয়া কৰি থৈ যোৱা তোমাৰ কথা…
বহুতৰ দৰে মইয়ো পৰিছো তোমাৰ প্ৰেমত,
সেয়ে পিন্ধিছো দুখৰ পোচাক…
আইনাখন ইমানেই চাঁও যে..
নিজৰ চেহেৰাটোৱেই পাহৰি গৈছো,
পাহৰি গৈছো মোৰ নিজৰ মাজতেই মোৰ কি সম্বন্ধ!
মোৰ আজিও মনত আছে তোমাৰ সেই শপতবোৰ…
ঘূৰি আঁহা যেন স্মৃতিবোৰৰ সতে তুমিও…
তোমাৰ প্ৰেমৰ অভিনয় চাই ভালপোৱা মই এটা মস্ত পাগল প্ৰেমিকটো….
সেইয়ে আজিও পদুলি মুখলৈ আশাৰে বাট চাই থাকোঁ…
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments