‎বনানী মামীৰ বিয়া: কৃষ্ণা নাথ

(বনানিক জোৰোণত দিয়া বস্তুবোৰ সামৰি শুবলৈ দিলে আৰু মাকক লৈ নিজেও বিচনালৈ গ’ল । মাকৰ মুখত এটাও শব্দ নাই । তাই অনুমান কৰিলে—মাকে ৰাতিটোৰ বেছিভাগ সময় চকু মোহাৰিছে আৰু সৰুকৈ নাক আৰু ডিঙিৰ পৰা বিশেষ ধৰণৰ শব্দ এটা হৈ আছে । পাৰমিতাই শেষ ৰাতি দুখ–ভাগৰত চকু দুটা মুদি দিলে। )

 

আজি দেওবাৰ। পাৰমিতা চৌধুৰীয়ে সোনকালে শুই উঠাৰপৰাই ব্যস্ত হৈ আছে। জলপান খাবলৈও সময় পোৱা নাই। পুত্ৰ নীলম আৰু গিৰিয়েক পাৰ্থ ভৰদ্বাজক কোনোমতে কৰ্নফ্লেকছ্‌ এবাতিকৈ দি আজৰি হৈ নিজৰ আৱশ্যকীয় কাম কৰি আছে । এপদ এপদকৈ বস্তুবোৰ মনত পেলাই গাড়ীখনত ঠাহ খুৱাই গৈছে। বনানিয়ে ফোন কৰি মাজে মাজে কিবাকিবি মনত পেলাই দি আছে। পাৰমিতাই বনানিৰ বিয়াৰ বাবে তিনিদিন আগতেই যাবলৈ বুলি সাজু হৈ আছে। গাঁৱৰ ঘৰত থকা পয়সত্তৰ বছৰীয়া মাক আৰু বনানিক সঁকাহ দিবলৈ। বিয়াক লৈ কিন্তু তাইৰ মনত কোনো ধৰণৰ উৎসাহ নাই। অনুপমৰ বিয়াখনেই শেষ বিয়া আছিল বুলি পৰিয়ালৰ সকলোৱে সেইখন বিয়াত বহুত ফূৰ্তি কৰিছিল । সেই দিনকেইটা তাই কেতিয়াও পাহৰিব নোৱাৰে। কথাবোৰ আৰু সজীৱ হৈ উঠিছে মনৰ মাজত । গাড়ীখনত বস্তুবোৰ থান-থিত লগাই থাকোতে পাঁচ বছৰ আগতে অনুপমৰ বিয়াৰ সময়ত চাকৰিসূ্ত্রে থকা দূৰণিবটীয়া চহৰখনৰপৰা আহিবলৈ কেনেকৈ যা-যোগাৰ কৰিছিল, কেনেদৰে সি ভালপোৱা চেইনডাল গঢ়াই আনিছিল, তাইৰ পাটৰ, মুগাৰ কাপোৰ কেইযোৰ, ল’ৰাৰ কাপোৰ আগতীয়াকৈ কেনেদৰে বেগ এখনত ভৰাই ৰাখিছিল—সকলোবোৰ কথাবোৰে বৰকৈ আমনি কৰি আছে । ঘড়ীটোলৈ এবাৰ চালে- ‘এহ, এক বাজিবই দেখোন! দুপৰীয়াৰ খোৱা ৰান্ধিবই আছে। তাৰ পাছত চল্লিশ কিলোমিটাৰ আঁতৰৰ গাঁৱখনলৈ যাত্রা কৰিব লাগিব । খৰধৰকৈ ভাত, দালি, অ’মলেটৰ লগতে তৰকাৰী এখনো ৰান্ধিব লাগিব’—তাই নিজকে ক’লে । গিৰীয়েকক পিঁয়াজখিনি কাটি সহায় কৰি দিবলৈ অনুৰোধ কৰিলে। নীলমৰ স্কুল থকা বাবে পার্থই তাৰ লগত থাকিব। দুয়ো বিয়াৰ আগদিনা আবেলিহে যাব। তাইৰো নৈমিত্তিক ছুটীখিনি শেষ কৰিবলৈ মন নাছিল। প্রয়োজনীয় প্রায় আটাইখিনি বস্তু তাইক কিনাৰ দায়িত্ব দিছিল বাবে আৰু বিয়াঘৰৰ নিমাওমাও পৰিবেশ আঁতৰাবলৈ কোনো থকা দৰকাৰ বাবে তাই নগ’লেই নহয় । চাৰিবছৰ আগতে অনুপমৰ গাড়ী দুৰ্ঘটনাটোৰ পাছত সি ঈশ্বৰৰ ওচৰলৈ গ’ল যে গ’লেই। তেতিয়াই পৰিয়ালৰ আটায়ে মুকলিভাৱেই বনানিক কৈ থৈছিল- ভাল ল’ৰা পালে বিয়া পাতি দিয়াৰ কথা । তাৰ পাছত বিচৰা ধৰণে অনিমেষ দত্তক পালে আৰু বনানিৰ সন্মতি লৈ বিয়াৰ আয়োজন কৰিলে ।
পাৰমিতাৰ ককায়েক অঞ্জন চৌধুৰী আৰু বায়েক মৌচুমীয়ে বহুত অসুবিধাৰ বাবে বিয়াত লাগি-ভাগি দিব পৰা নাই । ককায়েকৰ কথা মনলৈ অহাৰ লগে লগে তাইৰ মন আৰু গধুৰ হৈ পৰিল । বিশ্ববিদ্যালয়ৰ শেষ পৰীক্ষাৰ বাবে প্রস্তুতি চলাই থাকোতে অঞ্জন চৌধুৰীয়ে কিবা ৰোগত আক্ৰান্ত হৈ খোজ কাঢ়িব নোৱাৰা হৈছিল । বায়েক স্নাতক পৰ্যায়ত আৰু পাৰমিতা নৱম শ্রেণীত পঢ়ি আছিল । তাৰ ভৰিত বিষ, যন্ত্রণা আৰু চকুত সংশয়। তেনেদৰে থাকি যাব লাগিব নেকি বুলি । মাক-দেউতাকৰ চিন্তাত অৱস্থা নাই। ভালদৰে চিকিৎসা কৰিও বিশেষ ফল পোৱা নাছিল। পাৰমিতাই মানসিকভাৱে ভাঙি পৰিছিল। তাই সেই সময়ত  কথাবোৰ ভালদৰে বুজি নাপাইছিল আৰু কাকো দুখ লগা যেন নেদেখুৱাই নিজেই নিজকে চম্ভালি দিন পাৰ কৰিছিল। ককায়েকৰ ভৰিত তেলজাতীয় কিবা সানি মালিচ্ কৰি থাকোতে তাইৰ মানসিক কষ্ট বাঢ়ি গৈ আছিল । অনুপম সৰু আছিল বাবে সি বোধহয় বিশেষ নুবুজিছিল। নৱ্ম মানৰ বছৰেকীয়া পৰীক্ষাৰ ইংৰাজী বিষয়ৰ আগদিনা ৰাতি এক বজালৈ তাই ককায়েকৰ ৰুমত থাকিব লগা হৈছিল। সিদিনা তাৰ গা বেছি বেয়া আছিল । সেই নিশাৰ মানসিক অৱস্থা পাৰমিতাই কেতিয়াও নাপাহৰে। পৰীক্ষাৰ ভয়ৰ লগতে ঘৰৰ কাৰোবাৰ বেছি গা বেয়া হোৱা কথা এটাই মিশ্রিত ৰূপত সৰু ছোৱালী এজনীৰ ওপৰত কেনেদৰে ক্রিয়া কৰিব পাৰে। সেই অভিজ্ঞতা তাইৰ বাদে আৰু কিমানৰ হৈছে তাই নাজানে। ‘ধেৎ, সময়বোৰচোন এনেকৈয়ে শেষ হ’ব এতিয়া’—তাই ভোৰভোৰা্লে। নীলম আৰু পার্থৰ বাবে খোৱা টেবুলত ভাত সজাই দুয়োকে সোনকালে খাবলৈ নিৰ্দেশ এটাও দিলে। থাল-বাতিবোৰ সামৰি যাব লাগিব । তাই এইবাৰ যাবৰ বাবে কাপোৰযোৰ সলাই কিবা অকণমান খাবলৈ পুত্ৰৰ কাষতে বহিল। পার্থই তাইক সন্ধিয়াৰ আগতে গাঁও পোৱাকৈ গ’লে ভাল হয় বুলি কৈ থাকিল- বোধহয় পাৰমিতাই সন্ধিয়াৰ পাছত গাড়ী চলোৱাটোক লৈ তেঁও শংকামুক্ত হ’ব পৰা নাই । খৰধৰকৈ বাচন-বৰ্তন সামৰি পার্থ আৰু নীলমক বিয়াৰ আগদিনাখান সোনকালে পোৱাকৈ যাবলৈ কৈ তাই গাড়ী ষ্টাৰ্ট কৰিলে। অনুপমে তাইক কিবা কোৱা যেন লাগিল। তাৰ পৰাই পাৰমিতাই গাড়ী চলোৱাৰ অ,আ শিকিছিল।
তাই অনুভৱেৰে অনুপমক তাইৰ ওচৰৰ ছিটটোত লৈ গৈ থাকিল। তাইৰ অতি মৰমৰ ভায়েক অনুপমৰ বিধৱা পত্নী বনানিৰ বিয়ালৈ বুলি । হঠাতে পাৰমিতাৰ গাড়ীৰ সন্মুখৰ একো নেদেখা যেন লাগিল । গীয়েৰ সলাই গাড়ীৰ গতিবেগ কমাওতে গম পালে তাইৰ চকু অশ্ৰুৰে ভৰি পৰিছে । বাওঁহাতেৰে চকুপানী মচি গতি আকৌ বঢ়াই দিলে । পার্থই আশা কৰাৰ দৰেই সন্ধিয়াৰ আগতে গাঁও গৈ পাব লাগিব । ঠিকে ঠিকে গাড়ী গৈ গাঁৱত সোমাল । অনুপমৰ বহুত কথাই এইবাৰ একেলগে মনলৈ অহাত তাৰ উপস্থিতিৰ অনুভৱ আৰু বেছি হ’ল । ঘৰ পোৱাৰ প্ৰায় দুশ মিটাৰ আগত থকা কেঁকুৰি এটাত হৰ্ন নবজোৱাকৈ পূৰ্ণগতিত যাব ধৰোতে সন্মুএৰে বস্তা কঢ়িয়াই আহি থকা ঠেলা এখন দেখিহে পাৰমিতাৰ সম্বিত ঘূৰাই পোৱা যেন লাগিল। ক্লাটচ্ আৰু ব্রেক্ সজোৰে দবালে । পিছৰ ছিটৰপৰা দুটামান বস্তু ওফৰি তলত পৰিল আৰু পাৰমিতাক জোকাৰি গাড়ীখন ৰৈ গ’ল । তাই লক্ষ্য কৰিলে সন্মুখত ঠেলাৱালাজন বহুত বছৰ আগতে তাইৰ ঘৰত খেতি-বাতিৰ বাবে ৰখা ৰমেন কাকা। কোনোমতে অকণমান হঁহা যেন কৰি মূৰটো উলিয়াই ৰমেন কাকাক ভাল নে বুলি সুধিলে আৰু গাড়ীখন অলপ পিছুৱাই ঠেলাখন যাবলৈ সুবিধা কৰি দিলে ।

গাড়ী গৈ ঘৰৰ পদূলিমুখ পালেহি । একেবাৰে নিস্তব্ধ পৰিবেশ । মাকক আগবাঢ়ি অহা দেখিহে পাৰমিতাৰ মনত পৰিল অনুপম নথকা ঘৰখনলৈ চাৰি বছৰৰ মূৰত ৰাতি থকাকৈ আহিছে । মাকৰ দুখক তাইৰ দুখে চিনি পোৱাৰ ভয়কণ অনবৰতে মনত লাগি থকা বাবে ৰাতি থকাকৈ যাবলৈ সাহস গোটাব পৰা নাছিল। মাত্র বনানিৰ অবর্তমানত মাকক তাইৰ ঘৰলৈ নিবলৈ মাজে সময়ে অলপ সময়ৰ বাবে আহিছিল ঘৰলৈ । কিন্তু এইবাৰ উপায় নাই । বনানিৰ বিয়া ঠিক হোৱা কথাটো শুনাৰ লগে লগে নীলমৰ চলচলীয়া চকুযুৰিলৈ তাইৰ মনত পৰি থাকিল এইবাৰ। মাত্র নবছৰীয়া ল’ৰাটোৱে কেনেকৈ ইমান বিষণ্ণ হ’ব পাৰে! তাইৰ আচৰিত লাগে—ঘৰৰ পৰা মাত লগাই অহা সময়তো সি যেন বিষাদত ভ্রমি ফুৰিছিল । সযতনে চকুযোৰ মোহাৰি গাড়ীৰ পৰা বস্তুবোৰ নমাই মাকৰ কথামতে এটা আছুতীয়া কোঠাত ৰাখিলে । বনানি ওলাই তাইক সাবটি ধৰিলে ।পাৰমিতাৰ আকৌ সেই অৱস্থা আৰম্ভ হ’ল—ক’ত যাওঁ, ক’ত লুকাও অৱস্থা। মাকৰ সতে কথা পাতি ওচৰৰ দুজনমান মানুহ মাতি অনাৰ ব্যৱস্থা ক’ৰা হ’ল। চামিয়ানাৰ কাম অলপ বাকী আছেই । মানুহকেইজন অহাত তাই তেওঁলোকক পাছদিনা পুৱাৰ ভাগতে বাকী থকা আটাইখিনি কাম শেষ কৰিবলৈ অনুৰোধ কৰিলে আৰু কিছু অন্য কামৰ কথাও বুজাই দিলে । ককায়েক আৰু বায়েকক ফোনেৰে প্রস্তুতি সম্পৰ্কে জনাই থলে । ৰাতি খোৱাৰ বাবে কি যোগাৰ আছে জানিবলৈ পাকঘৰলৈ গৈ দেখিলে যে ওচৰ সম্পর্কীয় ছোৱালী দুজনীয়ে পাকঘৰ চম্ভালি লৈছে আৰু তাইৰ বাবে চাহ একাপ সাজু কৰিছে । তাই চকী এখনত বহি লৈ চাহত চুমুক দি গম পালে যথেষ্ট কাঢ়া চাহ । তাই কাঢ়া চাহ ভাল পায় আৰু অনুপমেও ভাল পাইছিল । অনুপম আকৌ যেন তাইৰ ওচৰত আহি ৰ’ল । চাহ কাপ শেষ কৰি তাই বনানিৰ ওচৰলৈ গ’ল । বনানিৰ চকুলৈ চাবলৈ এতিয়াও পাৰমিতাৰ ভয়-সংকোচ আঁতৰা নাই । বনানিয়ে অনিমেষহঁতৰ ঘৰৰ পৰা জোৰণ সম্পৰ্কে কোৱা কথা কেইটামান জনালে । এইবাৰ বনানিৰ চকুলৈ চাই পাৰমিতাই কিবা এটা ভাবিলে- যেন তাইৰ চকুৱে কি কৈছে পঢ়িব খুজিলে । এক পলকৰ বাবে বনানিৰ চকুত অনুপমৰ চকুৰ কাৰুণ্যখিনি মিলি যোৱা যেন লাগিল । পাৰমিতাই নিজৰ চকুপানীক বাধা দিব নোৱাৰা অৱস্থা হ’ল। তাই সংক্ষেপে গাড়ীত অনা বস্তুৰ বিষয়ে জনাই মূৰ কামুৰিছে বুলি কৈ শুবৰ বাবে মাকৰ বিচনাখনলৈ গ’ল । বনানি নিশ্চুপ হৈ বহি থাকিল । সেইনিশা পাৰমিতাই খাবলৈ উঠিও নগ’ল । আগেয়ে আহিলে বহুত ৰাতিলৈ তাই মাক, বনানি আৰু অনুপমৰ লগত কথা পাতিছিল । মাক শুবলৈ অহাৰ পাছত মাত্র পুৱা সোনকালে উঠিব লাগিব বুলিহে ক’ব পাৰিলে । গোটেই ৰাতি তাই পুৰণি কথাবোৰ মনৰ মাজত পাগুলি থাকোতে গাল তিতি থাকিল ।

পুৱা দুখবোৰ একাষৰীয়াকৈ থৈ তাই কামবোৰৰ তদাৰকী আৰম্ভ কৰিলে । সন্ধিয়ালৈ জোৰণৰ বাবে মানুহ আহিব। একাংশ গঞাৰ মতে সন্ধিয়া জোৰণ হ’লে ভাল হেনো । দিনত কামবোৰ সুকলমে শেষ হোৱাৰ পাছত অনিমেষহঁতৰ মানুহ আহি পালে । পাৰমিতাই মাকৰ ফালে চাওতে দেখিলে মাকে চাদৰৰ আঁচলেৰে নাক আৰু চকু মোহাৰি আছে । তাই অনুপমক দেখা যেন পালে। সি যেন মাক আৰু বনানিক চম্ভালিবলৈ তাইক চকুৰে ইংগিত দি আছে । নিয়মমতে সকলো হ’ল, খোৱা-বোৱাও হ’ল । মানুহবোৰ গ’লগৈ । বনানিক জোৰোণত দিয়া বস্তুবোৰ সামৰি শুবলৈ দিলে আৰু মাকক লৈ নিজেও বিচনালৈ গ’ল । মাকৰ মুখত এটাও শব্দ নাই । তাই অনুমান কৰিলে—মাকে ৰাতিটোৰ বেছিভাগ সময় চকু মোহাৰিছে আৰু সৰুকৈ নাক আৰু ডিঙিৰ পৰা বিশেষ ধৰণৰ শব্দ এটা হৈ আছে । পাৰমিতাই শেষ ৰাতি দুখ–ভাগৰত চকু দুটা মুদি দিলে । পুৱা ঘৰৰ সকলোৱে গা-পা ধুই এফলীয়া হোৱাৰ পাছত পাৰমিতাই উঠিল। তাই বাথৰূমত থাকোতে অনুপমে তাইক বাথৰূমত টোপনি গ’ল নেকি বুলি সুধি থকা যেন পালে । আগতে তাই গা ধুবলৈ গ’লেই সি তেনেকৈ সুধিছিল। তাই খৰধৰকৈ দিনটোৰ বাবে কাপোৰ এসাঁজ পিন্ধিলে। দিনত কৰিবলৈ বিশেষ কাম নাই। সন্ধিয়ালৈ সকলোৰে মংগলার্থে পূজা এভাগ হোৱাৰ কথা । দিনটো মাক, তাই আৰু বনানি একেলগে কটালে। বিয়াৰ দিনাখনৰ বাবে আৱশ্যকীয় আলোচনা কৰি ল’লে । আবেলি বায়েকৰ পৰিয়াল, ককায়েকৰ  কন্যাদ্বয়, নীলমহঁত আহি পালে । নীলমে দৌৰ মাৰি বনানিৰ ওচৰ পালে আৰু চকু সেমেকাই ওচৰতে বহি ল’লে। তাৰ একোতেই উৎসাহ নাই । পার্থই মাকক সেৱা কৰিলে আৰু ওচৰতে বহি যা-যোগাৰ সম্পর্কীয় কথাৰ বিনিময় কৰিলে । পাৰমিতাই সকলোৰে বাবে চাহ আনিবলৈ পাকঘৰলৈ গ’ল । ছোৱালী দুজনীক পূজাৰ সময়ত মানুহখিনিক চাহৰ যোগান ধৰিবলৈ বুজাই দিলে । সকলো কাম শেষ হোৱাৰ পাছত আৰু শুৱাৰ আগেয়ে পাৰমিতাই সুবিধা পাই গহনাৰ ছেট এটা উপহাৰ হিচাবে বনানিক পিন্ধাই দিলে । সিদিনা গাঁৱলৈ আহিব ওলাই আলমীৰাৰ পৰা গহনাৰ ছেটটো হাতত লোৱাৰ সময়ত তাইৰ ওচৰত থকা অনুপমৰ চেইনডালৰ ওপৰত এবাৰ হাত বুলাই আহিছিল । তাক নার্ছিং হো্মৰ আই চি ইউত নিয়াৰ সময়ত ডাক্তৰে সেইডাল কাটি তাইৰ হাতত দিছিল । অনুপমৰ ডিঙিৰ স্পর্শ এতিয়াও তাত লাগি আছে বাবে তাই চেইনডাল সযতনে ৰাখিছে। মন গ’লেই চুব পৰাকৈ । নীলমে বনানিৰ লগত শুলে । অনুপমৰ চকুৰ বিমৰ্ষতাই গোটেই ৰাতি পাৰমিতাক আবৰি থাকিল । মাজে মাজে নীলমৰ চলচলীয়া চকুৰ কথাও মনত পৰি থাকিল । মাকৰ আৰু তাইৰ দুখ সেই ৰাতি একাকাৰ হ’ল ।

পুৱা যিয়ে যেনেকৈ পাৰে সাজু হৈ ল’লে। বিয়াত আটাইখিনি নিয়ম কৰিব লাগিব। অনুপমে সেই নিয়মবোৰ ভাল পাইছিল । আমন্ত্ৰিত অতিথিসকলক ভালদৰে আপ্যায়ন কৰা হ’ল। ৰাতিলৈ দ’ৰাঘৰীয়া আহি পালে । মাকে সকলো চাই আছে চকু মোহাৰি মোহাৰি । বোধহয় তেঁওৰ কনিষ্ঠ পুত্ৰ অনুপমে ওপৰৰ পৰা চাই বিয়াখনত সন্তুষ্ট নে তাকে ভাবি আছে । পাৰমিতাই বিয়াৰ কথাবোৰত মন দিব পৰা নাই। মানুহৰপিনে চাবও পৰা নাই। কইনা বাহিৰলৈ ননালৈকে নীলমে এবুকু বিষাদ লৈ বনানিৰ ওচৰে-পাঁজৰে থাকিল । মাজতে মাকক ফুচফুচাই কিবা ক’লে- তাৰ পাছত বনানিৰ বিচনাত অকলে শুই থাকিল ।পাৰমিতাই মন দৃঢ় কৰি দৰকাৰী কামবোৰ কৰি গ’ল । পার্থই বহুত বিষয়ত সহায় কৰি দিলে । শেষনিশা সকলো নিয়ম শেষ কৰি বনানিয়ে জ্যেষ্ঠৰ পৰা আশীর্বাদ ল’লে । শুই থকা নীলমৰ কপালত চুমা এটা খালে। তাৰ চকুৰে পানী বৈ আহিল যদিও টোপনি অহাৰ দৰে পৰি থাকিল সি । শেষত পাৰমিতাক সাবটি বনানিয়ে চিঞৰি চিঞৰি কান্দিব ধৰিলে । পাৰমিতাই বেলেগৰ আগত নিজকে আৱেগিক হ’বলৈ এৰি দিব নোৱাৰে । তাই বনানিক মৰমেৰে অনিমেষৰ কাষত গাড়ীত বহুৱাই দিবলৈ যাওতে উচুপনিত কঁপি কঁপি বনানিক ক’বলৈ ধৰিলে, নীলমে কোৱা কথাখিনি । তাই জনালে যে নীলমে বনানিক মাত্র তাৰ সৰুমামাৰ বনানিমামী হিচাপে আটাইতকৈ বেছি ভাল পায় আৰু চাব বিচাৰে। কোনোবা অনিমেষ আংকলৰ লগত কেতিয়াও চাব নিবিচাৰে সি । তাৰ মতে নামটোৰ দৰেই তাৰ সৰুমামাক অনুপম, অতুলনীয় আৰু বনানিয়ে এইকথা মনত ৰাখিলে নীলমৰ লগতে পাৰমিতাও সুখী হ’ব বুলি বনানিক তাই স্পষ্টকৈ ক’লে ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক