‎বিশ্ব ইতিহাসৰ চুকে-কোণে-৩ (ৰক্তিম গোস্বামী)

(পৰৱৰ্ত্তী কালছোৱাত জামাৰ্নী আৰু ইউক্রেনৰ সহযোগত আইঅ’ন এন্টনেস্কুয়ে সহস্রাধিক ইহুদীৰ নৰমেধ যজ্ঞত ভাগ লয়। বংগদান’ভা নামৰ এক ৰোমানিয়ান কনচেনট্রেচন কেম্পত ১৯৪১ চনৰ ২১ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰায় ৫৪,০০০ গৰাকী ইহুদীক হত্যা কৰা হৈছিল। ৰোমানিয়ান বাহিনীয়ে তাৰ পিছত অডো নামৰ অঞ্চলত ১ লাখ, লাচিত ১৩ হাজাৰ ইহুদীক বৰ্বৰভাবে হত্যা কৰে। ইহুদী হত্যাৰ আন দুটা ৰোমানিয়ান কনচেনট্রেচন কেম্প হৈছে ড’মানেভকা, পিচ’ৰা আৰু আখমেটচিটকা। কোৱা হয় যে যুদ্ধৰ পূৰ্বৰ ৭,৬০,০০০ জন ইহুদীলোকৰ ৪,২০,০০০ জনে আইঅ’ন এন্টনেস্কুৰ শাসন কালত অমানৱীয় মৃত্যুক সাবটি লৈছিল।)
আইঅ’ন এণ্টনেস্কু : ৰোমানিয়াৰ ইতিহাসৰ এক অনাকাংক্ষিত নাম

বিশ্ব ইতিহাসৰ ৰাজনৈতিক বা সামৰিক প্রসিদ্ধ নামবোৰৰ কথা ভাবিলে আমাৰ বহুতৰ মনলৈ প্ৰথমে হিটলাৰ, চে-গুৱেভাৰা, মাও-চে-টুং, ষ্টেলিন অথবা ইডি আমিনৰ নাম আহে। কিন্তু ইতিহাসৰ ধূলিয়ে ঢাকি ৰখা বহু চৰিত্ৰ, ঘটনা আদি আছে যিবোৰৰ বিষয়ে সহজে জানিবলৈ পোৱা নাযায়। ইতিহাসৰ এনে বহুকেইজন সুপ্ত নায়ক, খলনায়কৰ মাজতে এটা অতি অভিশপ্ত আৰু ক্রুৰ অধ্যায় সামৰি থকা নাম হৈছে আইঅ’ন এন্টনেস্কু। আইঅ’ন এন্টনেস্কু হৈছে বিভীষিকাৰ আন এটা নাম। যাৰ নামত খোদিত আছে প্রায় ৩ লাখ ইহুদী আৰু ৫ লাখ ৰোমানিয়ান সৈন্য হত্যাৰ ৰক্তাক্ত ইতিহাস। এন্টনেস্কু প্ৰথমে এজন সৈনিক, তাৰ পিচত ৰাজনীতিবিদ। তেওঁ দ্বিতীয় বিশ্বযুদ্ধৰ কালছোৱাত বেছিভাগ সময় ৰোমানিয়াৰ প্রধানমন্ত্রীৰূপে অধিষ্ঠিত হৈ আছিল। তেওঁ এজন স্বেচ্ছাচাৰী শাসক আছিল।

ৰোমানিয়াৰ পিটেষ্টি নামৰ এক সৰু অঞ্চলৰ এক অতি সাধাৰণ পৰিয়ালত আইঅ’ন এন্টনেস্কুৰ জন্ম হৈছিল চনত। তেওঁ ফৰাছী সামৰিক বিদ্যালয়ত শিক্ষা গ্রহণ কৰিছিল। সেই শিক্ষাৰ আধাৰতে ১৯০৭ চনত সেনাৰ মৰ্যাদাপূৰ্ণ লেফটেনেন্টৰ পদবী লাভ কৰিছিল। আইঅ’নৰ তিনিগৰাকী ইহুদী মহিলাৰ লগত বৈবাহিক সম্পৰ্ক হৈছিল। আইঅ’নৰ পিতৃয়েও এগৰাকী ইহুদী মহিলাক বিবাহ কৰিবলৈ গৈ আইঅ’নৰ মাতৃৰ সৈতে বিবাহ বিচ্ছেদ কৰিছিল।

ৰোমানিয়াই অট’মেন সাম্রাজ্যৰ পৰা ১৮৭৮ চনৰ ৩ মাৰ্চত মুক্তি লাভ কৰিছিল। ১৮৮১ চনত ৰোমানিয়াত প্রথম সাংবিধানিক ৰাজতন্ত্র প্রতিষ্ঠা হয় আৰু ৰজা কেৰলে (প্ৰথম) প্রথমজন ৰজা হিচাপে শাসনত অধিষ্ঠি হয়। ৰোমানিয়াৰ নতুন শাসক স্বাধীনতা আৰু জাতীয়তাবাদত বিশ্বাসী আছিল আৰু প্রাধান্য দিছিল। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে ৰোমানিয়াৰ নতুন সাম্রাজ্যৰ পৰা ৰোমানিয়াৰ থলুৱালোক থকা বহু অঞ্চল বাদ পৰিছিল। তেনে বহু অঞ্চল হাংগেৰিৰ অন্তৰ্ভূক্ত হৈছিল।

অবাধ প্রব্ৰজনৰ বাবে ১৯ শতিকাত ৰোমানিয়াত ইহুদীলোকৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছিল। দেশখনত ১৮৯৯ চনত ইহুদিৰ সংখ্যা আছিল ২,৬৯,০০০ গৰাকী। ১৯৩৯ চনত সেই বৃদ্ধি পাই ৭,৬০,০০০ গৰাকী হয় আৰু পূব ইউৰোপত ৰোমানিয়া হৈ পৰে ইহুদী লোকৰ তৃতীয় বৃহৎ বসতি স্থল। ইহুদীসকলক লাহে লাহে বহু ৰোমানিয়ানে অৰ্থনৈতিক ভাবুকিৰূপে  গণ্য কৰিবলৈ আৰম্ভ কৰে। বহু ইহুদীক ৰোমানিয়াৰ নাগৰিকত্ব প্ৰদান পৰা বঞ্চিত কৰা হ’ল।

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত এক চূড়ান্ত ৰাজনৈতিক বিপৰ্যয়ৰ মধ্যাহ্নত আইঅ’ন এন্টনেস্কুৱে ইতিমধ্যে প্রতিপন্ন কৰা ৰাজনৈতিক তথা সামৰিক দক্ষতাৰ আধাৰত দেশৰ প্রধানমন্ত্রীৰ পদৰ বাবে মনোনীত কৰা হয়। দিনটো আছিল ১৯৪০ চনৰ ৫ চেপ্তেম্বৰ। ৰোমানিয়াত ইতিমধ্যে ৰাজতন্ত্র বিফল হৈছিল। শাসনত অধিষ্ঠিত হৈয়ে আইঅ’নে জামাৰ্নীৰ প্রত্যক্ষ সহযোগত ৰোমানিয়াত National Legionary Government ৰ প্রতিস্থা কৰে। ৭ অক্টোবৰত জামাৰ্নীয়ে ৰোমানিয়াত প্রৱেশ কৰে আৰু আইঅ’নে ২৩ নৱেম্বৰত দ্বিতীয় বিশ্বযুদ্ধত ‘এক্সিছ পাৱাৰ’ৰ হৈ জামাৰ্নী, ইটালী আৰু জাপানক সহযোগৰ আশ্বাসেৰে যুদ্ধত যোগদান কৰে। ইতিমধ্যে ইহুদীসকলৰ ওপৰত অন্যায় আৰম্ভ হৈছিল আৰু তেওঁলোকক ছোভিয়েট ৰাছিয়াৰ গুপ্তচৰ বুলি সন্দেহ কৰি আতিশয্য চলোৱা হৈছিল।

পৰৱৰ্ত্তী কালছোৱাত জামাৰ্নী আৰু ইউক্রেনৰ সহযোগত আইঅ’ন এন্টনেস্কুয়ে সহস্রাধিক ইহুদীৰ নৰমেধ যজ্ঞত ভাগ লয়। বংগদান’ভা নামৰ এক ৰোমানিয়ান কনচেনট্রেচন কেম্পত ১৯৪১ চনৰ ২১ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰৰ ভিতৰত প্ৰায় ৫৪,০০০ গৰাকী ইহুদীক হত্যা কৰা হৈছিল। ৰোমানিয়ান বাহিনীয়ে তাৰ পিছত অডো নামৰ অঞ্চলত ১ লাখ, লাচিত ১৩ হাজাৰ ইহুদীক বৰ্বৰভাবে হত্যা কৰে। ইহুদী হত্যাৰ আন দুটা ৰোমানিয়ান কনচেনট্রেচন কেম্প হৈছে ড’মানেভকা, পিচ’ৰা আৰু আখমেটচিটকা। কোৱা হয় যে যুদ্ধৰ পূৰ্বৰ ৭,৬০,০০০ জন ইহুদীলোকৰ ৪,২০,০০০ জনে আইঅ’ন এন্টনেস্কুৰ শাসন কালত অমানৱীয় মৃত্যুক সাবটি লৈছিল। পিছলৈ যুদ্ধৰ পৰিণতি হিটলাৰৰ বিপৰীতে যোৱা দেখি আৰু দেশৰ অৰ্থনীতিৰ কথা চিন্তা কৰি আইঅ’ন এন্টনেস্কুয়ে প্রায় ৩ লাখ ইহুদীক নাজী কনচেনট্রেচন কেম্পলৈ পঠিয়াবলৈ হিটলাৰে কৰা অনুৰোধ প্রত্যাখান কৰিছিল।

১৯৪৬ চনৰ ১ জুনত যুদ্ধসম্পৰ্কীয় বহু বৰ্বৰোচিত আৰু হিংসাত্মক কাণ্ডত লিপ্ত থকাৰ অপৰাধত ৰোমানিয়ান পিপলছ ট্রিবিউনেলে আইঅ’ন এন্টনেস্কুক মৃত্যুদণ্ডৰে দণ্ডিত কৰে।

–**–

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক