‎মেঘালীলৈ অনুৰ চিঠিৰ উত্তৰ… (অনামিকা বৰুৱা)

মেঘালীলৈ অনুৰ চিঠিৰ উত্তৰ

অনামিকা বৰুৱা


মৰমৰ মেঘালী,
মৰম ল’বি। অকস্মাৎ তোৰ চিঠিখন পাই মোৰ যে কেনে লাগিছে তোক কেনেকৈ বুজাওঁ এতিয়া! তোক যে মোৰ কিমান কথা ক’ব লগা আছে! মই জানো তই এতিয়াও কোনোবাখিনিত স্থবিৰ হৈ আছ। সেয়ে তেনেকৈ কলি কোনো অনুভূতিয়ে নাই বুলি। কিন্তু সেইটো সঁচা নহয়। সেই কথা তয়ো জান, ময়ো জানো। দুখ আছে, হতাশা আছে, বেদনা আছে, সংঘাতো আছে; সেইবুলি ৰং হেৰুৱাই বে-ৰং হৈ গ’লি বুলি যদি কৱ মই মানি নলওঁ। তোৰ ক্ষেত্ৰত তেনে হ’বই নোৱাৰে।
জান মেঘালী, জীৱনটো সঁচাই বৰ বিচিত্ৰ। কেতিয়া যে কি ৰূপত আহি ধৰা দিয়ে কোনেও গম নাপায়। ৰাজীৱৰ প্ৰতাৰণাৰ পাছত ভাবিছিলোঁ সকলো পুৰুষেই স্বাৰ্থপৰ বুলি। দেউতাৰ মৰম আৰু ভৰষাক অসন্মান কৰিব নোৱাৰি বিয়াত বহিলোঁ যদিও দ্বিধা আছিল মনত। বিশ্বাস কৰ মেঘালী, মধুযামিনীৰ নিশাটোত মোৰ সকলো ভয়-শংকা-সংকোচৰ অৱসান ঘটাই অনুভৱে যেতিয়া মোৰ চকুত চকু থৈ বন্ধুত্বৰ প্ৰস্তাৱ দিছিল আশ্চৰ্য্যত চকু মেল খাই গৈছিল মোৰ। সকলো দুৰ্ভাৱনাৰ অন্ত পেলাই অনুভৱে কৈছিল প্ৰথমে তুমি মোৰ বান্ধৱী হোৱা, মোক বুজি লোৱা, যিদিনা মোৰ দুচকুত তোমাৰ প্ৰতিবিম্ব বিচাৰি পাবা সেইদিনাই মই তোমাৰ হ’ম। এইয়া এক অনন্য অনুভৱ মেঘালী! তোক হয়তো মই ভাষাৰে বৰ্ণাব নোৱাৰিম। কাৰোবাক হাচিল কৰি পোৱাৰ আনন্দতকৈ কাৰোবাৰ মাজত বিলীন হৈ যোৱাৰ আনন্দ যে কি অনুভৱক নোপোৱা হ’লে মই কেতিয়াও বুজিব নোৱাৰিলোহঁতেন। মই সঁচাকৈ সুখী অনুভৱক পাই।
মানুহে কয় পুৰুষৰ পুৰুষ হোৱাটোৱেই অহংকাৰ। কিন্তু অনুভৱে কয় ‘কি হ’ব অহংকাৰ কৰি যদি মই কাৰো আধাৰ হ’ব নোৱাৰোঁ? কাকো ভৰসা দিব নোৱাৰোঁ? কাৰোবাৰ মনত প্ৰেম আৰু আস্থাৰ সেই ভাৱ জগাই তুলিব নোৱাৰোঁ, যিয়ে আনৰ মনত নিৰাপত্তাবোধ আনি দিব নোৱাৰে?’ আৰু বহুত কিবাই কয় অনুভৱে। তই আহিলে মুখামুখিকৈ বহি ভালকৈ সকলো কথা পাতিম দে।
তই চাকৰি কৰাৰ কথা সুধিছিলি নহয়। এতিয়াও মই সেই বিষয়ে একো নাই ভবা। এই সম্পৰ্কত অনুভৱে মোক সম্পূৰ্ণ স্বাধীনতা দিছে। আচলতে এই স্বাধীনতা শব্দটোও বৰ আচহুৱা চাগে। যেতিয়াই অধিকাৰৰ প্ৰসংগ আহে তেতিয়াই চাগে স্বাধীনতায়ো ভুমুকি মাৰে। তইতো জানই, মই সৰু চহৰৰ ছোৱালী। বিয়াৰ পাছত এই কংক্ৰিটৰ নগৰীত ভৰি দি গুৰি পৰুৱাৰ দৰে লানি নিছিগা মানুহৰ সোঁত দেখি স্তম্ভিত হৈ গৈছিলো মই। যন্ত্ৰৰ দৰে সকলোৱে মাথো জীৱিকা অৰ্জনত ব্যস্ত। ইয়াত মই উশাহ ল’বও নোৱাৰিম বুলি ভাবিছিলোঁ। তেতিয়াও মোক অনুভৱেই সকাহ দিলে। ধন-সম্পত্তি, টকা-পইচাই মানুহক আভিজাত্য নিদিয়ে। যি আভিজাত্যই মানুহৰ মনৰ আন্ধাৰখিনিকে নাশিব নোৱাৰে তেনে ভুৱা আভিজাত্যৰ কোনো মূল্য নাই। থাকিল আত্মনিৰ্ভৰশীলতাৰ কথা। মোৰ শিক্ষাগত অৰ্হতাৰে ইয়াতো এটা ভাল চাকৰি হয়তো পাম। অলপ সন্তুষ্টিও পাম চাগে তাৰ পৰা। কিন্তু তাৰবাবে মই কিজানি আৰু বহুত অসন্তুষ্টিক স্বীকাৰ কৰিব লগা হ’ব পাৰে। সেইয়া মই বিচৰা নাই। মোৰ মানুহজনে মোক আৱৰি ৰাখিব পাৰিছে। তাৰ বিনিময়ত ময়ো তেওঁক হিয়া উবুৰিয়াই মৰম দিব খোজোঁ। আশ্বাস দিব খোজোঁ। দুয়ো মিলি এখন সুখৰ সংসাৰ গঢ়িব খোজোঁ। তোক আন এটা কথাহে ক’ব খুজিছোঁ।
সিদিনা এগৰাকী মহিলাক লগ পালো। একমাত্ৰ পুত্ৰক হেৰুৱাই জঠৰ হৈ পৰিছিল তেওঁ। কিন্তু পতিৰ মৰম আৰু যত্নত সুস্থ হৈ উঠিল তেওঁ। এতিয়া স্বামী-স্ত্ৰী দুয়ো মিলি কেইজনমান শুভাকাংক্ষীৰ সহযোগত তেওঁলোকে এটা এন.জি.অ’ খুলিছে। যাৰ লক্ষ দুৰ্দশাগ্ৰস্ত মানুহক সহায় কৰা আৰু অনাথ শিশুসকলক প্ৰতিপালন কৰাৰ লগতে তেওঁলোকৰ ভৱিষ্যতৰ নিৰাপত্তা দিয়া। তাৰবাবে তেওঁলোকে বহুতো কাৰ্যসূচী হাতত লৈছে। কিছু সংখ্যক ৰূপায়নো কৰিছে। তাতেই লগ পাইছিলো আন এগৰাকী মহিলাক যি নিজে নি:শেষ হৈয়ো দুটা সন্তানক জীৱন দিলে। কিন্তু খুটি খাব পৰা হওঁতেই সেই সন্তানেই তেওঁলৈ পিঠি দিলে। মাতৃৰ মৰমে প্ৰতিদান নিবিচাৰে। কিন্তু সন্তান হিচাপে মাতৃক এবাৰ অন্তৰেৰে ধন্যবাদ দিয়াতো উচিত বুলি ভাবোঁ। ভাবিব নোৱাৰিবি মেঘালী, সেই মহিলাৰ বুকুত আজিও কি ধুমুহা চলে যি নিজৰ সন্তানৰ পৰাও উপেক্ষিত হৈ ৰয়! তথাপি মাতৃৰ হৃদয়ে সন্তানৰ মংগলেই কামনা কৰে। তেওঁৰ ৰিক্ততা মই মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ। কাইলৈ মই মাতৃ হ’ম নে নহ’ম নাজানো, কিন্তু এওঁলোকক পাই মোৰ মানুহৰ মাজত হেৰাই যাবলৈ মন গৈছে। মানুহ হৈ মানুহৰ কাষত থিয় দিবৰ মন গৈছে। দহ মাহ দহ দিন গৰ্ভত ৰাখি এটা সন্তান জন্ম দিয়াৰ সুখ মোৰো কাম্য। তথাপি এই কেও-কিছু নোহোৱা কনমানিহঁতক বুকুত সুমুৱাই মৰম কৰিবলৈ বৰ মন গৈছে। মই সিন্ধান্ত লৈছোঁ ময়ো এওঁলোকৰ সৈতে কাম কৰিম। অনুভৱেও মোক উত্সাহ দিছে। মোৰ চিনাকী আকাশখন হেৰাই গ’ল বুলি বৰ ভয় খাইছিলোঁ। কিন্তু আকাশ এখনেই—বৰ বিশাল। মাত্ৰ ওপৰলৈ মূৰ তুলি চাব লাগে আৰু অনুভৱ কৰিব লাগে তাৰ বিশালতা।
দম্ভ থাকিলেও পুৰুষৰো আচলতে ভয় আছে বুজিছ। নি:চিহ্ন হৈ যোৱাৰ ভয়। শিপা হেৰুৱাৰ ভয়। অস্তিত্বহীনতাত ভোগাৰ ভয়। সেয়ে ছলে-বলে-কৌশলে যেনেকৈয়ে নহওক নিজক ঢাকি ৰাখে আৰু তাকে কৰিবলৈ আনক দমন কৰে। তেওঁলোকে ভাবি নাচায় যে অহংকাৰ কৰিবলৈ, মূৰ দাঙি থিব দিবলৈ ভৰিৰ তলৰ মাটিও আমিয়ে দিছোঁ। সকলো পুৰুষ যদি অনুভৱৰ দৰে হ’লহেঁতেন নাৰীবাদৰ অবতাৰণাই নহ’লহেঁতেন চাগে! অধিকাৰ-সমঅধিকাৰৰ প্ৰশ্নই নুঠিলহেঁতেন চাগে। অধিকাৰৰ প্ৰসংগই ক’ত গা কৰি উঠে? য’ত শাসনৰ প্ৰশ্ন থাকে, দমনৰ নীতি থাকে। অন্যায়-অবিচাৰৰ কথা থাকে। অনুভৱে কোনোদিনে কোনো কথাৰ বাবে মোক জোৰ কৰা নাই, কোনো দাবী তোলা নাই। অধিকাৰ খটুওৱাৰতো প্ৰশ্নই নুঠে। কিন্তু অনুভৱৰ মাতত-কথাত, ব্যৱহাৰত-দুচকুত মোৰ প্ৰতি এনে এক আকুলতা ফুটি উঠা দেখোঁ যিয়ে মোক বান্ধি ৰাখিছে। হিয়াৰ অটল তলিলৈকে সিঁচি দিছে বিশ্বাসৰ সেই অমিয়া সুবাস যাৰ সুবাসেৰে আন্দোলিত মোৰ হৃদয়। কিজানি ইয়াৰ নামেই প্ৰেম-ভালপোৱা-আস্থা।
আচলতে কি জান মেঘালী, জীৱনক বিচাৰি যাবলৈ, চুই চাবলৈ, আপোন কৰি লবলৈ অনেক পথ খোলা আছে। মাত্ৰ সেই পথৰ সন্ধান লাগে। তাৰ বাবে অণ্বেষণ লাগে। অলপ সঁচা অনুভূতি লাগে। মই জানো তয়ো এটা শুদ্ধ পথ বিচাৰি উলিয়াই নিজৰ বাবে সুখৰ সন্ধান কৰিবি। নাই নাই বুলিও বহুত দীঘল হ’ল চিঠিখন। আজিলৈ সামৰোঁ দে। তই সোনকালেই আহিবি। আৰু বহুত কথা আছে তোক ক’বলৈ। মই বাট চাই থাকিম তোলৈ। হাঁহিবোৰ বিচাৰি ল’বি দেই…
তোৰ অনু।
 
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments