‎মোবাইল (-দিগন্ত কুমাৰ ভট্টাচাৰ্য)

(মোবাইল ফোন ক’ত, কেনেকৈ, কেতিয়া ব্যৱহাৰ কৰিব লাগে বহুতে জানেই৷ কিছুমানে নাজানে৷ মই কেইটামান কিটিপ আগবঢ়ালোঁ নজনাসকললৈ৷)

হ’স্পিটেললৈ গৈছে কিবা কামত৷ মোবাইলটো চাইলেন্ট ভুলতেও নকৰিব৷ ৰোগীৰ এটেণ্ডেন্টবোৰ ৰৈ আছে৷ মুখত উৎকন্ঠা, বেজাৰ, হতাশা৷ হঠাতে মোবাইলটো বাজি উঠিল৷ ৰিংটোন যদি ‘ধিংকাচিকা’ নহ’লে ‘শীলা কি জৱানী’ হয়, অতি উত্তম৷ বাজি উঠাৰ লগে লগে নধৰিব বা কাটিও নিদিব, সকলোকে ৰিংটোনৰ মজাটো ল’বলৈ সুযোগ দিয়ক৷ দুবাৰমান চাওঁক নম্বৰটো৷ তাৰ পিছত উঠায়ে জোৰেৰে হাঁহক, চিঞঁৰক, কথা পাতক, সন্মুখত থকা ‘চাইলেন্স প্লিজ’ লিখা থকা ফলকখনলৈ চকু টিপিয়াই৷

বাইক বা স্কুটাৰ চলাই গৈ আছে৷ হঠাতে যদি বাজি উঠে আপোনাৰ মোবাইল ফোনটো, বাইকখন কাষলৈ নি, ৰখাই ফোনটো ৰিচিভ কৰাৰ চেষ্টা নকৰিব৷ তাতকৈ মানুহক দেখাওঁক এখন হাতেৰে বাইক চলাই আনখন হাতেৰে ফোনটো উঠাই কেনে সুন্দৰ ভাবে আপুনি কথা পাতিব পাৰে৷ হঠাতে ক্লাচ টানিবৰ প্ৰয়োজন হ’লে ডিঙিটো বেঁকা কৰি মোবাইলটো কাণ আৰু কান্ধৰ মাজত স্থাপন কৰি কথা পতা কামটো অব্যাহত ৰাখক৷ তেনেকুৱা কৰোতে আপোনাৰ বেলেন্সৰ হেৰ ফেৰ হৈ বাইকখন একাঁ-বেঁকা হ’লে আপোনাৰ ঠিক পিছে পিছে আহি থকা গাড়ীখনেও ক্ষন্তেক সময়ৰ বাবে বেলেন্স হেৰুৱাই ৰৈ যাব পাৰে৷ গাড়ীৰ আৰোহীয়ে আপোনাৰ ফালে পেন্দোৱাকৈ চালে আপুনি খিক খিককৈ হাঁহি মাৰি পুণৰ কথা পতাত মত্ত হওক৷

ৰাজহুৱা মন্দিৰলৈ গ’লে ফোনটো চাইলেন্ট বা অ’ফ কৰি থোৱাটো একপ্ৰকাৰ পাপ বুলিয়ে গণ্য কৰা যায়৷ দেৱীৰ মূৰ্তিৰ সন্মুখত আঁঠু লৈছে, পূজাৰীয়ে মংগলাৰ্থে মন্ত্ৰ মাতিবলৈ আৰম্ভ কৰিছে – ঠিক এনে সময়তে বাজি উঠক আপোনাৰ মোবাইলটো৷ ৰিংটোনটো যদি ‘জ্বালৱা’ জাতীয় গানৰ হয়, তেনেহ’লে সোণত সুৱগা চৰিব৷ কলটো ৰিচিভ কৰি কথা পাতিবলৈ কুণ্ঠাবোধ নকৰিব৷ পূজাৰী আৰু ওচৰত আঁঠু লোৱাসকলৰ মুখকেইখন চাই, মন্দিৰৰ দৰে পৱিত্ৰ ঠাইতো তেওঁলোকৰ মুখলৈ খং আৰু বিৰক্তি আনিব পাৰি মনৰ ভিতৰতে দুটা সাফল্যৰ হাঁহি মাৰক৷

ফ্লাইটত উঠাৰ পিছতে যাত্ৰীসকলক মোবাইল আৰু ইলেকট্ৰনিক সামগ্ৰী বন্ধ কৰি থবলৈ অনুৰোধ কৰে৷ অনুৰোধ কৰিলে বুলিয়েই আপুনি শুনিব নে? নুশুনিব৷ ফ্লাইটে টেক-অ’ফ কৰিব আৰু, এনেতে আপোনাৰ ফোনটো বাজি উঠিল৷ আপুনি সৌভাগ্যবান৷ সুন্দৰী এয়াৰ-হোষ্টেজে দৌৰি আহি আপোনাক আকৌ অনুৰোধ কৰিব৷ আপুনি বুৰ্বকৰ দৰে ভেঁকৈ হাঁহি পুণৰ কথা পতাত ব্যস্ত হওক৷ পাৰিলে লগৰজনক এক-দুই মিনিটমানৰ মূৰে মূৰে ‘মিছ কল’ দিবলৈ কওক, কিমান ওপৰলৈ আপুনি নেটৱ’ৰ্ক পায় তাক পৰীক্ষা কৰাটোও হৈ যাব৷ এইবাৰ এয়াৰ-হোষ্টজজনীয়ে অলপ টানকৈ ক’ব পাৰে যদিও টেনশ্যন নল’ব৷ সুন্দৰী এয়াৰ-হোষ্টজৰ শুৱলা মাতৰ গালি আপোনাৰ ৰোমান্টিক গানৰ কলি যেনেই লাগিব৷

মোবাইলত এফ.এম আছে নহয় আপোনাৰ? হেডফোনটো প্ৰতি মূহুৰ্ততে কাণত ওলোমাই গানৰ আমেজ ল’বলৈ নাপাহৰিব৷ তেনেকৈ গানত ডুবি ডুবি ৰাস্তা পাৰ হওক৷ কেৰেচকৈ বিকট শব্দ এটাৰে চাৰিচকীয়া এখন ৰৈ যাব৷ আপুনি মূৰ ঘুৰাই চাওক৷ গাড়ীখনৰ পিছে পিছে আহি থকা বাইকখনে ভালকৈ ব্ৰেক লগাব নোৱাৰি গাড়ীত খুণ্ডা মাৰিছে, বাইক চালকজন বাগৰি পৰিছে৷ গাড়ীৰ আৰোহীয়ে আপোনাক ‘ইমানকৈ হৰ্ণ মাৰি আছোঁ, কি ভাবি খোজ কাঢ়ে হে? মৰিবলে আহিছে?’ বুলি দুই-এক কথা শুনাব পাৰে, আপুনি হাঁহি এটা মাৰি “ছ’ৰি” বুলি পুণৰ কাণত হেড’ফোনটো ওলমাই আগবাঢ়ক৷ “ছ’ৰি” ক’বলৈ নাপাহৰিব কিন্তু, নহ’লে ‘পাব্লিক ধুলাই’ খোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments