‎লক্ষ্য (দিগন্ত কুমাৰ ভট্টাচার্য)

লক্ষ্য

দিগন্ত কুমাৰ ভট্টাচার্য

ৰাতিপুৱাতে এটা ত্ৰিশ ফুট মান দীঘল ষ্টিলৰ খুটা গাঁওৰ স্কুলৰ পথাৰখনত পোতা হ’ল। এজনে জখলাৰে উঠি গোটেই খুটাডালত মিঠাতেল ঘঁহি দিলে। আজি গাঁওবুঢ়াই আয়োজন কৰিছে এক বিশেষ প্ৰতিযোগিতা। যিয়ে এই খুটাডাল বগাই ওপৰ পাবলৈ সক্ষম হ’ব তেওঁকেই নিঃসন্তান গাঁওবুঢ়াই দান কৰি যাব সমস্ত সম্পত্তি। গাঁওবুঢ়াৰ সম্পত্তিৰ আশাত ওচৰৰ গাঁওৰ পৰাও বহুত আহিছিল কিন্তু তেলেৰে চিপচিপিয়া খুটাডাল দেখি সকলোৰে মন মৰি গ’ল। তাতে আকৌ খুটাত বগোৱাৰ আগেয়ে সকলোৰে গোটেই গাত ঘঁহি দিয়া হ’ব তেল।
সকলোৱে চিঞৰ বাখৰ আৰম্ভ কৰিলে।
‘এয়া অসম্ভৱ। কোনেও নোৱাৰে এই কাম’।
‘কোনোবাই দহ ফুটও উঠিব পাৰিলে মই নাম ওলোটাই থম হে’।
‘ইয়াত উঠাৰ চেষ্টা কৰি হাত-ভৰি ভগাতকৈ ঘৰলৈ যোৱাই ভাল হ’ব’।

দহজনমান যুৱক আগবাঢ়ি আহিল খুটাত বগোৱাৰ চেষ্টা দিবলৈ।
উপস্থিত সকলোৱে সিহঁতক চাই হাঁহিলে।
‘অ’ বোপাহঁত, পৰি কঁকাল ভাঙিলে চিৰজীৱন ঘূণীয়া হ’বি’
‘মহাজনে সম্পত্তি দিয়াৰ মতলব নায়েই। নহ’লে এই অসম্ভৱ কাম এটা দিয়েনে?’
প্ৰায় সকলোৱে পাঁচফুটৰ বেছি উঠিব নোৱাৰিলে। এজনে কিন্তু প্ৰায় পোন্ধৰ ফুট মান উঠিলে কষ্ট কৰি। মানুহবোৰে চিঞৰিলে ‘হেৰৌ সাৱধান, ইমান ওপৰৰ পৰা পিচলিলে জান ও যাব পাৰে। লাভ নাই উঠাৰ চেষ্টা কৰি’।
সেইজনো পিচলি পৰিল।
শেষত আহিল এজন ক্ষীণ-মীণ যুৱক। একান্তমনে ওপৰলৈ বগাবলৈ ধৰিলে খুটাটো। মানুহবোৰে আকৌ চিঞৰিলে। বহুসময় চেষ্টাৰ অন্তত সি ওপৰ পাবলৈ সক্ষম হ’ল। উপস্থিত সকলো হতবাক। তাৰ ওচৰলৈ গৈ সকলোৱে সুধিলে তাক, কেনেকৈ কৰিলে সি এই অসাধ্য সাধন? সি মুখেৰে একো নামাতিলে। তাৰ লগত অহা আন যুৱক এজনে ক’লে ‘তাক সুধি বা কিবা ক’লে কেনেকৈ উত্তৰ দিব? সি কাণেৰে নুশুনে – ‘কলা’।”

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments