‎”সুখ, দুখ, প্ৰেম আৰু অন্যান্য”-(ভাৱানুবাদ:দিগন্ত কুমাৰ ভট্টাচাৰ্য)

এটি সৰু দ্বীপত সুখ, দুখ, প্ৰেম, ঐশ্বৰ্য, গৌৰৱ আদি আটাইকেইটা অনুভূতিয়ে একেলগে বাস কৰিছিল। হঠাতে এদিন সিহঁতে গম পালে অচিৰেই দ্বীপটোক সমুদ্ৰৰ পানীয়ে ডুবাই পেলাব আৰু দ্বীপটো সমুদ্ৰত জাহ যাব। সিহঁতৰ হাঁহাকাৰ লাগিল। সকলোৱে আন দ্বীপলৈ যাবলৈ নাও সজাত লাগি গ’ল। সিহঁতৰ দৌৰা-দৌৰি লাগিল। ‘প্ৰেম’ নামৰ অনুভূতিটোৱে ভাবিলে শেষ মূহুৰ্তলৈ বাট চোৱা যাওঁক কি হয়। প্ৰেমৰ বাহিৰে সকলোৰে নাও সঁজা হৈ গ’ল আৰু সেই নাৱত উঠি আন দ্বীপলৈ যাবলৈ সাজু হ’ল। ইতিমধ্যে পানীয়ে দ্বীপটোৰ আধাতকৈও বেচি বুৰাই পেলালে। তেতিয়া উপায়হীন প্ৰেমে আন অনুভূতিৰ ওচৰত সহায় ভিক্ষাৰ বাবে আগবাঢ়ি গ’ল।
এখন ডাঙৰ নাৱত উঠি যাত্ৰা আৰম্ভ কৰিছে ঐশ্বৰ্য। প্ৰেমে সুধিলে, ‘বন্ধু, মোকো তোমাৰ লগত নাৱত লৈ যাব পাৰিবানে? ঐশ্বৰ্যই ক’লে, ‘মোৰ নাও, সোণ-ৰূপৰ অলংকাৰেৰে ভৰ্তি হৈ আছে। তোমাৰ বাবে ঠাই নাই। বেয়া নাপাবা’।

দুখ গৈ আছিল আন এখন নাৱত উঠি। প্ৰেমে দৌৰি গৈ দুখৰ নাৱৰ ওচৰ পালে। দুখে ক’লে প্ৰেমক, ‘‘বন্ধু, মই বৰ দুখী… মোৰ নিজৰে অৱস্থা তথৈবচ… তোমাক কেনেকৈ নিওঁ বাৰু?’’ এনেতে পাৰ হৈ গ’ল সুখ। প্ৰেমে সহায়ৰ বাবে সুখক চিঞঁৰি মাতিলে কিন্তু সুখ ইমানেই সুখী আছিল যে প্ৰেমৰ চিঞৰ শুনাই নাপালে।
গুৰু-গম্ভীৰকৈ আন এখন নাৱত উঠি গৈ আছে গৰ্ব(গৌৰৱ)। এইবাৰ প্ৰেমে গৰ্বক অনুৰোধ কৰিলে তাকো গৰ্বৰ নাৱত উঠাই লৈ যাবলৈ।‘’মই তোমাক মোৰ নাৱত উঠিব দিব নোৱাৰিম। তুমি ইতিমধ্যে পানীত তিতি গৈছা। তোমাক নিলে মোৰ নাৱখন দেখিবলৈ অশুৱনি হ’ব পাৰে।’’
হঠাতে এখন নাৱ আহি প্ৰেমৰ ওচৰত ৰ’ল। কোনোবাই মাতিলে, ‘‘আহা প্ৰেম, মই তোমাক লৈ যাম।’’ প্ৰেম খৰধৰকৈ নাৱত উঠিল। গৈ গৈ তেওঁলোক এটি শুকান দ্বীপত উপস্থিত হ’ল। প্ৰেমক তাত নমাই তেওঁ তাৰপৰা আঁতৰি গ’ল। প্ৰেমৰ ইমানেই ফুৰ্তি লাগিল যে প্ৰেমে তেওঁ আচলতে কোন সুধিবই পাহৰি গ’ল। বেয়া লাগিল প্ৰেমৰ৷
সি ‘জ্ঞান’ক সুধিলে-‘‘মোক ইয়ালৈ লৈ অনাজন কোন আছিল, যিয়ে ইমান ডাঙৰ সহায় এটা কৰিলে?” ‘‘সময়’’ – জ্ঞানে উত্তৰ দিলে।‘‘সময়? কিন্তু সময়ে মোক কিয় সহায় কৰিলে??’’ হাঁহি মাৰি জ্ঞানে ক’লে, ‘প্ৰেম কিমান মূল্যবান সেয়া অকল সময়েহে বুজি পাবলৈ সমৰ্থ হয়। প্ৰেম-মৰম-স্নেহ যে অমূল্য সেয়া সময়েহে সকলোকে শিকাব পাৰে।’
(ভাবানুবাদ)
এইবাবেই শ্ৰেষ্ঠতম সেই সম্পৰ্ক, যাৰ নাম…
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments