‎হোষ্টেল ওৱান ন’ট ফোৰ: কল্লোল কুমাৰ বৰুৱা

হোষ্টেল ওৱান ন’ট ফোৰ

কল্লোল কুমাৰ বৰুৱা

ঘটনাটো বহু বছৰ আগৰ৷ তেতিয়া মই কলেজত পঢ়োঁ৷ আমাৰ হোষ্টেলখনক লৈ বহু ভৌতিক কাহিনী আছে৷ তাৰে এটা সৰু কাহিনী মই ইয়াতে লিখিলোঁ৷

আমাৰ হোষ্টেলবিল্ডংখন যথেষ্ট পুৰণি আৰু তাৰ ঠিক পিছফালেই এখন ডাঙৰ আৰু পুৰণি জৰাজীৰ্ণ কবৰস্থান আছিল৷ সন্ধিয়া নামি অহাৰ লগে লগেই সেইখনৰ চাৰিওফালৰ পৰিবেশেই যেন সলনি হৈ যায়৷
মই আছিলোঁ কেম্পাচ্ ১১ৰ ৰূম নং ১০২৷ আৰু যিটো সেই আছিল কবৰস্থানখনৰ বাউণ্ডাৰী ৱালৰ একেবাৰে গাতে লাগি থকা ৷ দেৰিকৈ হোষ্টেল জইন কৰা বাবে এই অৱস্থা ৷ মোৰ ৰূমমেট দুজনৰ এজন আছিল কলকাতাৰ (প্রাজ্ঞল সেনগুপ্ত) আৰু এজন অসমৰেই (বিজয় দত্ত) ৷ পিছত লাহে লাহে ল’কেল মানুহবোৰৰ পৰা গ’ম পাবলৈ ধৰোঁ এই কবৰস্থানখনৰ বিষয়ে ৷ কেতিয়াবা কিছুমান কাহিনী সাধুকথা যেনহে লাগিছিল ৷
ৰাতি ৰাতি বহু ধৰণৰ চৰাইৰ, ফেঁচাৰ মাত শুনিছিলোঁ ৷ কিন্তু মাজৰাতি বা শেষৰাতিৰ পিনে এনে মাতবোৰ বৰ ভয়লগা আছিল ৷ এনে বহু ৰাতি কেতিয়াবা আমি তিনিওটাই উজাগৰেও কটাইছিলোঁ ৷ ৰাতি টয়লেট যাবলৈ হ’লে লগত এজনক নিছিলোঁ ৷ কাৰণ সেই টয়লেটতেই আগতে দুজনমানে ওলমিছিল ৷ কেম্পাচ্ ১১ ৰ প্রায়ভাগ ফাৰ্ৰমাছিটিকেলৰ আছিল বাবে তেওঁলোকৰ লগত আমাৰ ক্লাছ বা বন্ধৰ তেনেকোৱা মিল নাছিল ৷ একেটা কেম্পাচ্ৰ ৰূম নং ১০৪ ত আমাৰ চিনিয়ৰ দুজন আছিল ৷ তেওঁলোক আৰু আমাৰ ৰুমৰ মাজত এটা ৭ফুটিয়া ক’ৰিডোৰ ৷ তেওঁলোকৰো অবস্হা তদ্রুপ ৷ ৰাতি ১২ টাৰ পিছত আমি পাৰাপক্ষত ৰুমৰপৰা বিশেষ কাম নাথাকিলে নোলাইছিলোঁ ৷

ঠিক এবাৰ তেনেকোৱা পৰীক্ষাৰ কিছুদিন আগৰ কথা আছিল ৷ ঘটনাটো সিদিনাই ঘটিল ৷ গ্রুপষ্টাডিৰ বাবে মোৰ ৰুমমেট বিজয় গৈছিল কেম্পাচ্ ০৩ লৈ ৷ ৰাতিখন নাহেই বুলি ধৰি লৈছিলোঁ ৷ কোৱা নহ’ল আমাৰ এইটো কেম্পাচৰ হোষ্টলটোৰ ইলেকট্ৰিক ৱাইৰবোৰ আগৰে পৰাই লুজ্ আছিল বাবে বতাহৰ প্রকোপ ছৰ্টছাৰ্কিট হৈ লাইটবোৰো নুমাই গৈছিল ৷ আমাৰ তেনে সৰু সুৰা অভিজ্ঞতা আগতে আছিল বাবে আগৰে পৰাই দুইপেকেট মান মম মজুত ৰাখিছিলোঁ ৷
ৰুমত মই আৰু প্রাজ্ঞল ৷ অহ্ !! কি যে প্রচণ্ড বতাহ বৰষুণৰ তাণ্ডৱ সিদিনা৷ পাচফালৰ খিৰিকিখন যেন কোনোবাই হাতেৰে যেন টানি খুলিব ৷ যেন কোনোবাই জোৰ কৰি চাব খুজিছে ৰুমটোৰ ভিতৰত কোন কোন আছে !! এক অজান আতংকৰ মাজত আমি দুয়োজনেই কঁপি আছিলোঁ৷ এনেদৰেই পাৰ হ’ল প্রায় দুঘন্টাৰো বেছি সময় ৷ লাহে লাহে যেনিবা বৰষুণৰ তাণ্ডৱ কিছু কমিল কিন্তু বতাহৰ বিভীষিকা যেন তেতিয়াও অব্যাহত আছিল৷ কাৰণ কবৰস্থানৰ ফালৰ পৰা বতাহৰ শব্দৰ লগতেই আমি দুয়োটাই কিছুমান বিকট চেঁপা আৱাজ শুনিছিলোঁ৷ বুকু কঁপি উঠিছিল সেই আৱাজত৷ এনে লাগিছিল যেন কোনোবাই কাৰোবাক হয়তো ডিঙি মুচৰি আছে,হয়তো ডিঙিত ধাৰাল অস্ত্রৰে ৰেপি আছে, যেন কোনোবা হ্রিংস জানোৱাৰে নিৰ্মম আক্রমণত পলাব নোৱাৰি চিৎকাৰ কৰিছে৷ ধৰিব পৰা নাছিলোঁ সেই আৱাজ মানুহৰ নে কোনোবা নিশাচৰ জন্তুৰ৷ আমাৰ দুয়োৰেই চকু সেই খিৰিকিখনত৷

তেনেকৈ কিমান সময় পাৰ কৰিলোঁ গম নাপালোঁ৷ প্রতিটো ছেকেণ্ড আমাৰ কাৰনে বিভীষিকা আছিল৷ প্রকৃতিৰ এই তাণ্ডৱ লীলা কিছু শাম কটাৰ পিছত আমাৰ দক্ষিণমুৱা দুৱাৰখনত টোকৰ পৰিল৷ দুৱাৰখনত টোকৰৰ আৱাজৰ লগতে ১০৪ নং ৰূমৰ তন্ময় ভাইয়াৰ টেটুফলা চিনাকি মাততহে যেন আমি আমাৰ সম্বিত ঘূৰাই পালোঁ৷ তথাপিও দুইজনেই বুকুত কিছু সাহস গোটাই অনিচ্ছাসত্বেও দুৱাৰখন খুলিলোঁ৷ তন্ময় ভাইয়াৰ চকু মুখে আতংকৰ চাপ দেখি আমাৰ আৰু বেছিহে ভয় লাগিল৷ সেই মুহূৰ্তত তন্ময় ভাইয়াক যেন তেওঁ বুলি মানি লবলৈ সাহস নহ’ল৷ ভালকৈয়ে জানিছিলোঁ এইটো কেম্পাচত বিহাৰৰ তন্ময় ভাইয়া আৰু উৰিষ্যাৰ অতি সাহসি তথা আমাৰ সবৰেই প্রিয় আৰু সকলোৰে বিপদৰ বন্ধু শশী ভাইয়াৰ বাহিৰে অইন কোনো নাই৷ বাকি যি চাৰিজন বেলেগ ক’ৰ্চৰ লৰা আছে সিহঁতে এইবোৰ চাগৈ কোনো ভু-কে নাপায়৷ দাৰু পানী খাই নিৰ্ঘাত শুই আছে৷ যিকি নহওক তন্ময় ভাইয়াইও চাগৈ আমাক দেখি কিবা গম পাইছিল৷ সময় আৰু অপব্যয় নকৰি সি সুধিলে “আব্বে শশী কাহা হে? ইছতৰপ জাতে হুৱেঁ দেখা থা৷ ” আমি সেপথোকি নাই অহা বুলি কথাতকৈ বেছি আকাৰে ইংগিতেৰে বুজাই দিলোঁ৷ অতি চমু কথোপথনত বুজিলোঁ যে প্রায় ১ ঘন্টাই হ’ল হেনো শশী ভাইয়া ৰূমত নথকা৷ তন্ময় ভাইয়াই আমাক দুয়োকে মম লৈ ওলাবলৈ দিলে৷ আমিও আৰু অযথা সময় নষ্ট নকৰি তন্ময় ভাইয়াৰ পিছে পিছে যাবলৈ ধৰিলোঁ।

বতাহৰ প্রকোপত আমাৰ হাতৰ মমবোৰ কেইবাৰযে নুমাই গৈছিল তাৰ কোনো হিচাব নাই৷ ক’বলৈ গ’লে একপ্রকাৰ মম জ্বলি শেষ নোহোৱালৈকে শশী ভাইয়াক বিছাৰিলোঁ কিন্তু কোনো উমঘামেই নাপালোঁ৷
আমি তিনিওজনে যেন শেষ আশা এৰি দিয়া নাছিলোঁ৷ টয়লেটটোৰ সন্মুখৰ কৰিডোৰটোত আমি তিনিওজনে একে লগেই শুনিলোঁ আচহুৱা গেঙনি৷ মানুহৰ নহয় বুলি যেন মনে কোৱা নাছিল৷ পলম নকৰি তিনিওটাই গেঙনিৰ উৎসৰ পিনে বেগাই গলোঁ৷ টয়লেটটোৰ ঠিক সন্মুখত দেখিলোঁ কলা কুকুৰ এটাই আচহুৱা আচৰণ কৰি বিভৎস ৰূপে গেঙাই আছে৷ মানুহৰ উপস্থিতি অনুভৱ কৰি তৎক্ষণাতেই সি নেদেখা হৈ গ’ল  নিয়তিয়ে যেন সিদিনা ভয় খুৱাবলৈ আমাৰ ওপৰত কোনো বাদবিচাৰ নকৰিলে৷ মই পিছে আজিলৈকে মানিব পৰা নাই যে সেইদিনা দেখা জন্তুটো কুকুৰেই আছিল বুলি৷ আমাৰ তিনিওটাৰ সন্দেহ একে ঠাইতেই আবদ্ধ হ’ল৷ তন্ময় ভাইয়াই টয়লেটটোৰ দুৱাৰ একেটানতেই খুলি দিয়াৰ পিছত যি দেখিলোঁ সেইয়া বৰ্ণনাতীত আছিল৷ হয়তো তেনেকুৱা একো নাছিল৷ দেখা পালোঁ শশী ভাইয়াৰ ভৰি দুখন ওপৰমূৱাকৈ ওলমি মূৰটো টয়লেটৰ পেনৰ ভিতৰত সোমাই আছে৷ সেয়া দেখি আমি তিনিওটাই চিঞৰি দিছিলোঁ৷ তেতিয়ালৈকে শশী ভাইয়াৰ দেহত প্রাণ নাছিল৷
লগে লগেই সেই আত্মচিৎকাৰৰ আঁৰৰ কৰুণ ৰহস্য যেন আনুমানিক ৰূপত উদ্ঘাটন হ’ল৷ কিন্তু ঘটনাটোৰ বহু দিনৰ পিছতো কবলৈ গ’লে আজিলৈকে সেই ঘটনাটিও অইনকেইটাৰ দৰে ৰহস্যই হৈ থাকিল৷ কোনেও নাজানিলে শশী ভাইয়া কেনেকৈ মৰিল৷ পোষ্টমোৰ্টেম ৰিপৰ্ট মতে শশী ভাইয়াৰ প্রিডিজিছ্‌ নাছিল৷ কোনে জানিছিল সেই জয়াল ৰাতিৰ চেঁপা আৰ্তনাদত যে কিমান যন্ত্রণা লুকাই আছিল ৷

কেম্পাচ্ ১১ ৰ ৰূম নং ১০৪ থকা বাসিন্দাই এতিয়াও তেনেকুৱা আৰ্তনাদ মাজে মাজ শুনে বুলি মই জানো৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক