‎ৰাৱন বধ (প্ৰদ্যুৎজ্যোতি শইকীয়া)

‎ৰাৱন বধ (প্ৰদ্যুৎজ্যোতি শইকীয়া)

আমাৰ গাঁৱত মানে মোৰ আগিয়াথুৰি গাঁৱত প্ৰায়েই ভাও (আমাৰ গাঁৱৰ বুঢ়া সকলে ভাও বুলি কয় কাৰনে ভাও বুলিয়েই কলো আৰু) হয়। ভাও মানে এখন ভগৱন্তৰ মহিমা সমূহৰ বৰ্ণনা কৰা ভাও। বোলো ধিন দাক দাওঁ, খিটি তাকো তাওঁ, তিঘি খিটা, খিটা খিটি ধিন দাক দাওঁ। মানে লাগিলেই নহয় আমাৰ চেঙেলীয়া মখাৰ মাজত উৎসাহ। ভাওনাৰ কথা গাঁৱৰ বুঢ়া মেথাৰ মাজত জু‍ইহালত ওলাবলৈ পালেহে,আমাৰ লালোৱাহঁতে আৰম্ভ কৰিলেই নহয় নৰা কাটি উদং হোৱা পথাৰত কলৰ শুকান ঠাৰিৰে যুদ্ধ। “আহ পাষণ্ড তোৰ শোনিতেৰে ধুৱাওঁ পাচালীৰ (পাঞ্চালী শব্দটো সিহঁতৰ মুখত নুফুটে) শিৰৰ খোলা চুলি। হওঁক মোৰ প্ৰতিজ্ঞা পূৰণ। আহ পাষণ্ড আহ।।” লালোৱা মোৰ ৮ বছৰীয়া ভাই। মানে ল’ৰাৰ পৰা বুঢ়ালৈ সকলোৰে ভাওৰ প্ৰতি আকৰ্ষণ। আমাৰ আকৌ লাভটো বেলেগ। ১৫ বছৰ বয়সতে লুকাই চুৰ কৰি চিগাৰেট এটা খোৱাকেইটাৰ কথাই ধৰক। ম‍ই নাখাওঁ। লগৰকেইটাক উচতাই জোল খাওঁ। আমি মখাই ভাওনাৰ কামৰ নামত আৰু কি কৰিবলৈ পাবা! সেই ৰভা সজা আৰু জংঘল বনোৱা। ভাও নোপোৱাই। বয়স নাই হোৱা। ভাও পোৱাৰ ভিতৰত ছোৱালীৰ চেহেৰা থকা, মাইকী মুৱা গোবিন্দ গায়নৰ পুতেক নিৰানন্দ‍ই পোৱালি কৃষ্ণৰ ভাওটো পায়। তাকো স্কুলত হেজাৰটা ঠাট্টা সহ্য কৰিব লাগে। গতিকে ভাওৰ ভাওলৈ পিঠি।

সেইবিলাক হোৱাৰ আগতেই আহে পাৰ্ট বিতৰণৰ সমস্যাটো। আমাৰ গাঁৱত আকৌ দুটা শ্ৰেণী আছে। ক’বলৈ লাজ নালাগে মোৰ। দেখি আহিছো। এচাম শংকৰ সংঘ। আৰু এচাম অ সংঘ। মানে বামুনীয়া। কিন্তু এচামেও অকলে ভাও পাতিব নোৱাৰে। কাৰোবাৰ যদি গায়নীয়া আছে। কাৰোবাৰ আকৌ বায়নীয়া। কাৰোবাৰ যদি ভাল অসুৰৰ বচন গোৱা মানুহ আছে, তেন্তে সিটো পাৰ্টিৰ আকৌ নায়কৰ পাৰ্ট কৰিব পৰা ৰাজকুমাৰজন আছে। গতিকে লেঠা ডাঙৰ হয়। দুই পাৰ্টিয়ে বিচাৰে দুইটা ডাঙৰ বচন নিজৰ ফালে। প্ৰথমেটো দুইটা পাৰ্টিয়ে বেলেগকৈয়ে ভাওনা পাতিম বুলি কয়। লগ হ’বলৈকো নাহে। পিছে সাহসে নুকুলাই বাবে প্ৰথমে শংকৰ সংঘৰ পাৰ্টিটোৱেই মিটিং পাতি ভাওনা কমিটি বনাবৰ বাবে ৰাইজক আমন্ত্ৰন কৰে। তাতে নাটকৰ চিলেকচন আৰু পাৰ্ট বিতৰণ হয়। তেতিয়াই দুই পাৰ্টিৰ ডিমাণ্ড আৰম্ভ হয়। সংঘৰ মখাই এবাৰ অসংঘৰ ভাল অসুৰৰ পাৰ্ট গোৱা বা ৰাজকুমাৰৰ পাৰ্ট গোৱাটোলৈ আঙুলিয়াই ক’ব, “সি দেখোন গোটেই দিনটো মদতে ডুবি থাকে। সি কেনেকৈ মেইন পাৰ্ট গাব?” অসংঘৰ কেইটাও কম নহয়। তপৰাই এটাই মাজৰ পৰা মাতিব, “অ বোলো সেইটো যদি কথা তেন্তে তহঁতৰ নাৰদৰ পাৰ্ট গোৱা নন্দ কাইটিয়ে যোৱা বছৰ গাঞ্জা খাই কি বচন মাতিছিলে পাহৰিলি নেকি?” বহুত বাক-বিতণ্ডাৰ মূৰত ভাও পাতিবলৈ ৰাজি হয় ৰাইজ। পাৰ্টবোৰো সেই দৰেই হয়। অসুৰৰ ভাও যদি সংঘৰখিনিয়ে পালে তেন্তে ৰাজকুমাৰৰ ভাও অসংঘৰ খিনিয়ে। মুঠতে ভাও পতাৰ কথা ঠিৰাং হয়। পিছে তাৰ পাছতো লেঠা। ৰিহাৰ্চেলৰ সময়ত সংঘৰখিনিয়ে চাহ-বুট দিলে ইমখাই নাখায়। অসংঘৰখিনিয়ে দিলে সি মখাই নাখায়। মাজতে অসংঘৰ দুই এজনে এটুপি ধৰিহে ভাওৰ আখৰা কৰিবলৈ আহে। তাতো গণ্ডগোল। কেতিয়াবা আখৰা নহয়েই। পিছে চলি থাকে তেনেকৈয়ে। তাৰ মাজতে নিয়ক পলুৱাই অসংঘৰ এটাই সংঘৰ এজনী। হ’লেই আৰু আখৰা বন্ধ ৪ বা ৫ দিন। মাজতে এবাৰ কেচ দিয়া দি হৈছিল আমি সৰু থাকোতে। পিছে আজিকালি অলপ কম।

এই বছৰো খেতি উঠাৰ পাছত ভাও পতাৰ সিদ্ধান্ত হ’ল। নাটক “ৰাৱণ বধ।” ৰামৰ চৰিত্ৰত ভাও শংকৰী মখাৰ ফালৰ পৰা বদন। এনেও সি যোৱা বাৰ “নিজম্ভাসুৰ বধ” নাটকত “চন্দ্ৰবীৰ” নামৰ ৰাজকুমাৰৰ চৰিত্ৰটো বৰ ভাল কৰিছে। সি তেনেই ঠাণ্ডা মুণ্ডা ল’ৰা। ৰাইজে ভাবিলে পাৰিব। ৰাইজে ভাবিলে মানে? তাৰ বাহিৰে সেইটো কৰিব কোনে? হাঃ হাঃ হাঃ। পিছে তাৰ আকৌ এটাই দুৰ্বলতা, নিশা! নিশা দেৱী। তাৰ লগৰে নিশাক সি ভাল পায়। মানে অসীম প্ৰেম! গতিকে তাইক ইমপেৰেছ কৰাৰ কথা এটাও আছে। পিছে তাৰ দুৰ্কপাল নে সুকপাল ক’ব নোৱাৰি, ৰাৱন হ’ল নিশাৰ ককায়েক। যদিও সি ৰামৰ চৰিত্ৰহে বিচাৰিছিল। নাপালে। তাৰ অৰিজিনেল নামটো‍ও ৰাৱন। আমি ৰাৱনদা বুলিয়েই মাতো। নামে কামে ধামে সকলো মিল আছে। সাহসো সিমান। নহ’লেনো সি গাওঁবুঢ়াৰ জীয়েক পুহেশ্বৰীকনো ঘৰত সোমোৱাব পাৰেনে? গাঁৱৰ ডেকামখাৰ মাজত তাৰ এটা সুনাম আছেই। তিনি বটল চোকা চুলাই খালেও কথাৰ হেৰফেৰ নহয় বুলি। গতিকে হৃষ্ট-পুষ্ট ভাবি আৰু আগতে গোৱা “জম্ভাসুৰ”ৰ পাৰ্টখনলৈ চাই দি দিলে ৰাইজে তাক ৰাৱনৰ চৰিত্ৰ। বাকী পাৰ্ট ভগোৱা হ’ল ভাগে ভাগে। আখৰাও আগতে কোৱাৰ নিচিনাকৈ খোৱা নোখোৱাৰ মাজেদি আগবাঢ়িলে। ভাও বৰ ভাল হ’ব যেন বোধ হ’ল। বায়নীয়াইও ক’লে, “যুদ্ধবোৰ বৰ ভাল হ’ব এইবাৰ।” আখৰাৰ মাজতে অখিল কাণ্ডটো গ’ল। ৰাইজে হুমুনিয়াহ কাঢ়িলে আখৰাথলীতে। অখিলৰ বাবে নহয়। নিজৰ বাবে। নিজৰ ভৱিষ্যতৰ বাবে। কিজানি সকলো ‘৮৩ৰ দৰে হয়! ফুলকুমলীয়া ছাত্ৰ মখাক গাদীত বহুৱাই ভাল শিক্ষা পালে ৰাইজে। গতিকে হুমুনিয়াহ কাঢ়িলেও শেষত মোখনী মাৰে এইদৰে, “দেখা যাওক কি হয়? খেতি খোলাৰ কথাই পাতিছে ল’ৰাটোৱে।” মানে আবেগত ডুব নেযায় এইবাৰ ৰাইজ। পিচে সিফালে আখৰা চলি থাকে। ধিন দাক দাওঁ। সীতাৰ প্ৰবেশ। বাহিৰত আমাৰ লগৰ মখাৰ কিৰিলী আৰু ডাঙৰ মখাই নেদেখাকৈ ফ্লেক চিগাৰেটৰ এহোঁপ। কি যে আমেজ পায় এই কেইটাই! ম‍ই কোনোবা আহিছে নেকি পহৰাত থাকোঁ। বাকীবোৰে টানি থাকে। ভাও হ’ব মাঘৰ পূৰ্ণিমাত। আখৰাও চলিব বহুত দিন। গতিকে এই কেইদিন আমাৰ ৰাম ৰাজ্য চলিব‍ই।

ভাও পালেহিয়েই। বৰ আখৰাৰ দিনাও খেলি মেলি। কোনে নাম প্ৰসঙ্গ কোনে কৰিব? আগৰ দৰে সলনা সলনিকৈ এইবাৰ পাল পৰিল শংকৰ সংঘৰ নামৰীয়াৰ। পিছে সংঘৰখিনিয়ে ঔ হৰি বুলিলে অসংঘৰখিনিয়ে ঔ ৰাম বুলি কয়। তথাপিও কিন্তু ভাও হয়। ভাওৰ নিচাই সকলোকে মোহে। ভাও হ’ব‍ই। ৰাতিলৈ বৰ আখৰা আৰম্ভ হ’ল। পিছে নাৰদ নাই। নন্দ কাইটি নন্দীৰাজৰ লগত গাঞ্জা খাই মত্ত। “গাঞ্জা খায়া মত্ত হৈয়া নাচে ভোলা নাথ।” তথাপিও ভাও চলে। বৰ আখৰা চলে। তাৰ পাছৰ দিনা আমাৰ কাম আৰম্ভ হ’ল। ৰভা দিয়াৰ পৰা কাপোৰ অনালৈকে। জেনেৰেটৰ অনা, স্ক্ৰীণ টেষ্ট কৰা, সকলো। মোক আকৌ বেচি কামৰ দায়িত্ব দিয়ে। ভালেই পাওঁ। ঘৰত থকাতকৈ এই মখা কৰি থকাই ভাল। পাছৰ দিনা ৰাতিপুৱাই জংঘল বনোৱাৰ কাম আৰম্ভ কৰিয়েই দিলো। শেষ হ’ল তিনি বজাত। কাৰণ ল’ৰা আমি দুইটাহে। বাকীবোৰ ভলণ্টিয়াৰ সংঘৰ হেনো। গতিকে নাহিল। পিছে এইবোৰ হ’লেও আমাৰ ভাও আৰম্ভ হ’ল ৭ টামান বজাত। গায়ন বায়ন শেষ হওঁতেই ৮.৩০ হ’ল। আৰম্ভ হ’ল ভাও কৃষ্ণৰ প্ৰৱেশেৰে। চলি থাকিল ভালকৈ প্ৰায় শেষ মূহুৰ্তলৈকে। ৰাম আৰু ৰাৱনৰ যুদ্ধহে বাকী ৰ’ল। ৰাৱন বধ আৰু তাৰ পাছত ভাও শেষ। পিছে ৰাৱনদাই ইতিমধ্যে চাৰি ফুল ফটিকা শেষ কৰিলেই ভাওনাৰ মাজতে। ৰাম ৰূপী বদন কিন্তু ধীৰ স্থিৰ। সংঘৰ মানুহযে! তাতে প্ৰম্পটাৰৰ কাষতে নিশা বহি আছে। ডাইল’গবোৰ আৰু স্পষ্ট হৈ উঠিছে বদনৰ। শেষ যুদ্ধ ঘোষণা কৰাৰ লগে লগে জকি উঠিল মনে মনে ৰামৰ চৰিত্ৰ বিচাৰি থকা ৰাৱনদা। ৰামৰ চৰিত্ৰ নাপাই সেই সময়তে বিদ্বেষ ঘোষণা কৰিলে ৰাৱনদাই। “ম‍ই নমৰো। আজিকালি ৰাৱন নমৰে। ৰামহে মৰে। ম‍ই নমৰো। হাঃ হাঃ হাঃ।” নিজস্ব ডাইলগ কেইফাঁকি ‘বিহাইণ্ড দা স্ক্ৰীণ’ মাতিলে বুলিহে! ৰাইজৰ আগত মতা হ’লে কামেই শেষ হ’লহেঁতেন। ইফালে যুদ্ধ শেষ হ’ব লাগে বুলি প্ৰম্পটাৰে ঘোষণা কৰি আছে। ইফালে খোলত যুদ্ধৰ চেওঁ “ধিন খিতি তাক তাক খিতি তাক।” খোলীয়াৰ এনেও ভাগৰ লাগিছে। তাতে আকৌ ৰাৱনদাই যুদ্ধ লাগিয়েই আছে। গীত গাই থকা লীলা কাইটিয়ে মাজতে গাঞ্জা এচিলিম টানি অহা কাৰণে যুদ্ধৰ গীত খুব ফুটি উঠিছে মুখত “ঐ দুই বীৰে যুদ্ধ কৰে…..” পৰিচালক মণিৰাম কাইটিৰ চিন্তা হ’ল ৰাৱনক কেনেকৈ শান্ত কৰা যায়। ইফালে ৰাম ৰূপী বদনৰ অৱস্থা শেষ। বাৰে বাৰে তৰোৱাল উফৰি পৰিছে। নিশাৰ আগত পৰিও দিব নোৱাৰে। মাজতে চকু চৰহা এটাই ৰাৱনক বদনৰ লগত নিশাৰ পিৰীতিৰ কথাও কৈ গ’ল। জ্বলা জুইত ঘিউ। এইবাৰ মঞ্চত ৰাৱনদাৰ নিজৰ বচন চলিল, “ঐ পাষণ্ড ৰাম, সীতাক এৰি ভণ্টি নিশাৰ স’তে প্ৰণয়! আহ ইয়াতে শেষ কৰোঁ তোৰ প্ৰাণ।” ৰাইজে কথাটো ভালকৈ ধৰিব নোৱাৰিলে বুলিহে! যুদ্ধ চলিয়েই থাকিল। প্ৰৱেশ কৰি যুদ্ধ কৰি কৰি প্ৰস্থান হৈ যায় বাৰে বাৰে ৰাৱনদা। শেষ কৰাৰ নামেই নলয়। পিছে মণিৰাম কাইটিক আমোঘ মন্ত্ৰ ফাঁকি শিকাই দিলে ৰাৱনদাৰ লগৰ কনপিতৌয়ে। কথা মতেই কাম। মণিৰামদাই ৰাৱনৰ ওচৰলৈ গৈ ক’লে, “তোক কি লাগিব ক? দিম। কিন্তু যুঁজ শেষ কৰ। বদনৰ হাতত মৰি দে।” ৰাৱনদাই লগালগ মিচিকিয়াই ক’লে, “অ.চি.ৰ হাফ এটা দে,লগালগ মৰি দিম, কিন্তু মোক দেখুৱাব লাগিব।” মণিৰাম কাইটিৰ পৰা টকা ১০০ লৈ কনপিতৌৱে হৰেনকাইটিৰ ধাবাৰ পৰা আনি দিলে হাফ এটা। ‘ধিন খিতি দাওঁ’ ৰাৱনদাই এবাৰ যুঁজৰ মাজতে স্ক্ৰীনৰ আঁৰত হাফটো খুলি ঘোট্‌কৈ ঢালি দিলে ডিঙিত অলপ। পানী লোৱাৰ সময় নাই। এইবাৰ যুদ্ধত পৰি দিলে ৰাৱনদাই। ‘ধিন দাওঁ খিত দাওঁ খিত।’ বদনে তৰোৱালখন ডাঙি ৰাৱনদাৰ গাত সোমোৱাবলৈ নাপালেই। ৰাৱনদা ফ্লেট। ৰাইজৰ গিৰ্জনি মৰা হাঁহিৰ লগতে হাত তালি। ভাওনা তাতেই শেষ। ৰাৱনদাৰ শৰীৰ ডাঙি অনা হ’ল। ইফালে হাফটোৰ বাকীখিনি কনপিতৌৱে কৃত্ৰিম জংঘলৰ মাজত শেষ কৰিলে। আমাৰ “ৰাৱন বধ” তাতেই সামৰণি পৰিল। আকৌ এবাৰ ৰাৱন বধ হ’ল আগিয়াথুৰি গাঁৱত।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক