‎….আমি জনসাধাৰণ…… (অভিজিত কুমাৰ হাজৰিকা)

 

এই বাটেৰেই মইও আহিছিলো

তুমি যি বাটৰ পথিক এতিয়া..

মই যেতিয়া আহিছিলো বাটটো পকী নাছিল

বোকা পানীৰে ভৰি আছিল বাটটো

তোমাৰ প্রেয়সীৰ অভিমানৰ দৰে

কেইবাৰ যে পিচলিছিলো বোকাত ভৰি ৰাখি..

কিমানটাযে কেকুৰী পাৰ হলো

এই বাটটোত এতিয়া যে মনত নাই

প্রতিটো কেকুৰীত চাইন ৰ্বড দেখিছিলো

শৈশৱ,কৈশোৰ,যৌৱন

হিংসা,প্রতিহিংসা আৰু ভালপোৱা

প্রেম,যৌনতা অথবা কবিতা

নিচা নহলে অভিনয়…..

হয়তোবা খেতিপথাৰ

নহলেবা ৰংগমঞ্চ

হব পাৰে ভূমিহীন বনাঞ্চল 

ধৰ্মান্ধ ৰাজনীতিৰ মেৰপাক

বেদখলকাৰী কৰোবাৰ

অবৈধ প্রেমৰ ৰাসলীলা

নাগৰিকৰ কৰ্মশালা

আৰু শেষত

সংবিধানৰ এটা নুবুজা অনুচ্ছেদ….

সঁহাৰি মাথো পৰৱৰ্ত্তী এটা কেকুৰী

য’ত শেষ হব মোৰ ইহকালৰ যাত্রা………..

তুমিও মোৰ অনুশৰনকাৰী সহযাত্রী

আমি কেতিয়াওঁ বুৰঞ্জী হব নোৱাৰো

কাৰণ আমি বুৰঞ্জী সৃষ্টিৰ

মামৰ লগা কিছুমান বৰ্ণমালা

যি কোনো ভাষাৰ……….

আমি জনসাধাৰণ ।।।

 

 

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক