‎:: জীৱনৰ অংকহে আচল অংক ::(মনজিৎ)

অংক হেনো জংক পংক অলপ খেলি মেলি হ’লেই লগাই ঘর্মঘন্ট । সেই তাহানিৰে পৰা শুনি অহা কথাষাৰৰ সাৰমৰ্ম স্কুলৰ দিনতেই হাড়ে হিমজুৱে বুজি উঠিছিল দেউতিয়ে । বাঘা বাঘা মানুহকো অংকই প্রায়েই জোত পোত খুৱাই । সেয়ে অংক বুলি ক’লেই আন দহজনৰ দৰে আমাৰ দেউতিও আঁতৰতেই সাত জাপ মাৰে । নামাৰিবই নো কিয় ? বছৰ জুৰি বছৰ চেষ্টাৰ পাচতো, কেৱল অংকৰ বাবেই যদি তাৰ নাম লিখা মেট্ৰিকৰ চাৰ্টিফিকেট এখন পোৱাৰ পৰা বঞ্চিত হৈ থাকিব লাগে । সাতজাপতো মাৰিবই লাগিব দিয়কচোন । যিদৰে ঋতু আহে ঋতু যায় সেইদৰে সেই বিশেষ শ্রেণীতোটো মানুহ আহে মানুহ যায় কিন্তু আমাৰ দেউতি ধ্রুৱকৰ দৰেই স্থিতপ্ৰজ্ঞ । অংকক খৰচী মাৰি বুজি হাড়ে হিমজুৱে সুমুৱাই নোলোৱালৈকে সি যেন নিজ আসন নেৰিবই । কিন্তু লেঠাটো লাগে সেই খিনিতেই, অংক কিতাপ মেলিলেই এলজেব্রা তাৰ বাবে হৈ পৰে জেব্রাৰ ৰঙ ক’লাত বগা বগাত ক’লা সনাৰ দৰে উত্তৰহীন , চক্রবৃদ্ধি সূতৰ সূত্র বুজোঁতে বুজোঁতে তাৰ মুৰত প্রতিবাৰেই চক্কৰেই আহি যায় , চাইন থিটাই কোনোদিনে তাৰ চাইনিং আনিব নোৱাৰিলে, টেন থিতাও অসমৰ্থ হ’ল টেন অন টেন দিয়াবলৈ , ষ্টেটিছটিকেলে তাক বাৰে বাৰে কিক মাৰি ওফৰাই দিয়ে । আনফালে জ্যামিতিত সমকোণ, বিষম কোণ বিচাৰোঁতে বিচাৰোঁতে সি নিজে কোন তাকো পাহৰি যায় মাজে মাজে । বিন্দু আৰু ৰেখাক ভালকে বুজোঁ বুলি এদিন ক্লাছৰ পৰা পলাই চিনেমা চোৱা গম পাই বাপেকে তাৰ পিঠিত সকলো ধৰণৰ ৰেখাই আঁকি দিলে বহু দিনলৈকে সজীৱ হৈ থকাকে । মুঠতে পৌনঃপুনিকৰ সেই দশমিকৰ পিছৰ সংখ্যাটোৰ দৰে তাৰ অংকক লৈ হোৱা সমস্যা লানি নিছিগা হৈয়েই গৈ থাকিল ।
দেউতি মানে শ্রীমান দেউতি হাজৰিকা , মিঠাবৰণীয়া এটা গাঁঠলু আকৃতিৰ মৰম লগা ল’ৰা, অংক বাদ দি তাক কোনো ফালেই ফেৰ মৰা টান । কামে কাজে, খেলা ধুলাই, হাই কাজিয়াই দেউতি মোটা মোটি এজন ৰকষ্টাৰেই আৰু । কেৱল এই অংক বোলা বস্তুটো পৃথিৱীত নথকা হ’লেই সি এটা অৱতাৰ বুলিয়েই স্বীকৃতি পালে হয় । মই যেতিয়া আহি আহি তাৰ শ্রেণী পাও তেতিয়ালৈ সি সেই শ্রেণীত ৪ বছৰ পুৰণি । বৰ দুখমনেৰে মোক তাৰ দুখৰ কথা কোৱাত মই বহুত চেষ্টা কৰিলোঁ তাৰ সেই অংকৰ পাক বোৰ মোকলাবলৈ । যিহেতু মোৰ অংক অন্যতম প্রিয় বিষয় সেয়ে তাক উপমা দি দি বুজাবলৈ চেষ্টা কৰিছিলোঁ, যে সি বাপেকে দৰমহা পোৱাৰ দিনা ফাঁক মাৰি অনা পইচা বোৰ নগেন আৰু পাপলুক ধাৰলৈ দি মাহৰ মুৰত সুত লয় আৰু সুত দিব নোৱাৰিলে যে সুতে মুলে যোগ হৈ আৰু যে সুত আৰু বাঢ়ি যায় সেই হিচাপটোকে চক্রবৃদ্ধি সূত বোলে । লগতে বুজাইছিলোঁ ক্লাছ এইটৰ চিত পখিলি মিছ ৰিমঝিম ৰূপালী জোনাকক কেন্দ্র কৰি যে গোটেই ল’ৰা মখা যে টাকুৰী ঘুৰা দি ঘুৰি ফুৰে তাক জ্যামিতিৰ ভাষাত ক’লে গোটেই ল’ৰা মখাক একেলগে এটা ঐককেন্দ্রিক বৃত্ত আৰু মিছ ৰিমঝিমক তাৰ কেন্দ্রবিন্দু বুলি কোৱা হ’ব । ষ্টেটিচটিক মানে হৈছে পৰিসংখ্যা য’ত ৫ বছৰ আগতে কিমান বাংলাদেশী আছিল তাৰ ৫ বছৰ আগতে কিমান আছিল আৰু আজিৰ তাৰিখত কিমান আছে এনেধৰণৰ হিচাপ বোৰ কৰা হয় । সি মুৰ দুপিয়াই দুপিয়াই কৈছিল অ’ তাৰমানে সি ক্লাছ ফাইভত অংক বুজিবলৈ কেইবছৰ লাগিছিল , আকৌ ক্লাছ চেভেনত কেইবছৰ আৰু এই ক্লাছ নাইনত আজিলৈকে কেইবছৰ লাগিল তেনেকুৱা টাইপৰ হিচাপ । মই হয়ভৰ দি কৈছিলোঁ একদম ঠিক ধৰিছ । মনতে ভাবিলোঁ এইবাৰ চাগৈ সি জাঁপটো ফাউল নোহোৱাকৈ মাৰিব ! পিছে নাই আগৰ দৰেই পৰীক্ষা হলত চিনাকী প্রশ্নৰ অচিনাকী উত্তৰ সন্ধান কৰোঁতে কৰোঁতে শেষ ৰক্ষা নহ’লগৈ আৰু । তাৰ এই ধাৰাবাহিকতাত উপায়হীন হৈ স্কুল কৰ্তৃপক্ষইও অৱশেষত তাৰ বাবে শ্রেণীকোঠাৰ দুৱাৰ তথা বিদ্যালয়ৰ মূল দুৱাৰ একেবাৰেই বন্ধ কৰি দিলে । মোৰ খুব বেয়া লাগিছিল,পিছে মই অসহায় আছিলোঁ ।
সময় বাগৰিল , বাগৰিল মানে ওচেইন বল্টৰ দহগুন স্পীডত দৌৰিল… মেত্রিক হায়াৰ চেকেন্দেৰী ইঞ্জিনীয়াৰিঙৰ বাটত পোৱা সকলো অংকৰ জংক পংক আঁতৰাই ময়ো সফলতাৰে ইঞ্জিনিয়াৰ হৈ এটি প্রতিষ্ঠিত কোম্পানীৰ চাকৰিত যোগদান কৰিলোঁ । এই বোৰৰ মাজত দেউতিক মনত পেলাবলে সময়েই পোৱা নাছিলোঁ । কিন্তু আজি কিছু দিন আগতে দেউতাৰ অসুখৰ বাবে ঘৰ আহোঁতে পাই গ’লো নহয় দেউতিক । তাক লগ পাই তাৰ মোৰ যিমান ফূৰ্তি পালো তাত কৈ বেছি আচৰিত হ’লো দেউতিৰ মাজত হোৱা পৰিৱৰ্তন তথা তাৰ উন্নতিৰ স্পীড দেখি । মোৰ দেউতাৰ চিকিৎসাৰ বাবে ভালৰো ভাল নার্চিং হোমৰ ভালৰ ভাল ডাক্তৰ ধৰি যিমান কম সময়তে আৰোগ্য কৰোৱাই দিলে নহয় কি ক’ম । চহৰ খনৰ সকলোৱে তাক বিৰাট সন্মান কৰে, দামী গাড়ীত ঘুৰে মন্ত্রী বিধায়কৰ সতে তাৰ সৰহভাগ সময়েই উঠা বহা । মনটো খু-দুৱাই থাকিলেও হস্পিটেলত থাকিব লগিয়া হোৱা বাবে প্রথম কেইদিন একোৱেই সোধা নহ’ল । দেউতাক ঘৰত থৈ চাকৰিলৈ উভতি যোৱাৰ আগে আগে তাক লগ ধৰিলোঁ আৰু খু-দুৱনিটো মাৰিবলেকৈ সুধিলোঁ যে এই বোৰ ক’ত কেতিয়া কেনেকৈ ?
সি মিচিকিয়াই উত্তৰ দিলে ..
: মই তাকেহে ভাবি আছো তই এই প্রশ্নটো কৰা নাই কিয় । সুধিলি যেতিয়া শুন আৰম্ভণিৰ পৰা । চা অনুৰাগ তইটো জানই অংকই মোৰ পঢ়া শুনাক সেই তাহানিতেই বানে বিধস্ত কৰাৰ দৰে বিধস্ত কৰি পেলালে .. সেই যে স্কুলৰ পৰা ওলালোঁ যি ওলালোঁৱেই আৰু । কিতাপৰ অংকৰে ৰাহি যোৰা নিমিলা দেখি জীৱনৰ অংক বুজাত লাগিলোঁ । নপঢ়া নুশুনা বাবে ঘৰতো মোক দেখিব নোৱাৰা হ’ল । খুজিলে পা পইচা নিদিয়া হোৱা বাবে দেউতাৰ গোটেই দৰমহাটোকে ফাঁক মাৰি ঘৰ এৰিলোঁ । পাপলুৱে তাৰ চেনেল মিলাই মোক আমাৰ লোকেল এম এল এ জনৰ ঘৰত তেওঁৰ গাড়ী বোৰ ধোৱা পখালা কামত লগাই দিলে । থকা খোৱা ফ্রী আৰু লগতে লাম চাম কিবা দৰমহা এটা । বছ সেইয়াই আৰম্ভণি । তাৰ পাছত লাহে লাহে গাড়ী শিকি ড্রাইভাৰলে প্ৰমোচন পালো । লগতে ঘৰৰ বজাৰ সমাৰ পৰা ধৰি প্রায় বোৰ কামৰ দায়িত্ব সুচাৰূপে পালন কৰাৰ বাবে কম সময়তে মই তেওঁৰ বিশ্বাসী হৈ উঠিলোঁ । ক’ব নোৱাৰকৈয়েই মই তেওঁৰ সোঁহাত যেন হৈ পৰিলোঁ । মোক বিশ্বাস কৰিলেও কামৰ কথা কেইটা বাদ দি মোৰ সতে কোনো দিনে বেলেগ কথা পতা নাছিল আনকি মোৰ ঘৰ ক’ত মোৰ কোন কোন আছে এই বোৰো জানিবৰ চেষ্টা কৰা নাছিল । কিন্তু এদিন কি বা হ’ল ঘপহকৈ সুধি দিলে মোক… মোৰ ছোৱালী জনীক বিয়া পাতিবা ? মইও থতমত খালো ভাবিলোঁ হঠাতে আকৌ কি হ’ল ? মই অঁকৰা লগা দেখি অভয় দি ক’লে বোলে ভয় খাব নালাগে তাইক তুমি লৈ যাব নালাগে মোৰ ঘৰতে থাকিবা জোৱাই নহয় একেবাৰে নিজৰ ল’ৰাৰ দৰেই । ময়ো বুঢ়া হৈ আহিছোঁ মোৰ এই সা সম্পতিৰ তায়েই একমাত্র উত্তৰাধিকাৰী, সেয়ে তাইৰ লগতে এই সকলো বোৰৰ কেয়াৰ ল’ব পৰাকে তোমাকেই উপযুক্ত বুলি ভাবিছোঁ । অৱশ্যে তোমাৰ ইচ্ছা সাপেক্ষেহে, কোনো জোৰ জবৰদস্তি নাই । কথাষাৰ শুনি মই তৎক্ষণাত্ মনৰ মেনুত জীৱনৰ অংক কৰা কেলকুলেটৰতো উলিয়ালোঁ তাতে ভেলু বোৰ এফালৰ পৰা ভৰাই গ’লো । বুঢ়াৰ জীয়েক ওজন হিচাপত এককুইন্টেল মান হ’ব, কিন্তু ধনে সোণে এককুইন্টেলত কৈও বেছি আহিব । তাই ক’লা যদিও দেখাত একেবাৰে বেয়াও নহয় সেই তুলনাত অফাৰটো কিন্তু বহুত বেছি ভাল । মাতটোতো কিন্তু বেছ ধুনীয়াই মোক দেউতি দা বুলি বৰ মৰমলাগে কে মাতে , কথাতে কয় নহয় চেহেৰা পাতি নো কি মাত কথাই হে মেইন । আৰু তাতে মোৰ দৰে এটাই সাত জনম ল’লেও এনে অফাৰ দুনাই নাপাওঁ । সকলো বোৰ যোগ বিয়োগ পূৰণ হৰণৰ অন্তত কেলকুলেটৰৰ ইকুৱেল চিনত এন্টাৰ মাৰিলোঁ পলকতে উত্তৰ আহিল ‘ হয় হয় হয় শুদ্ধ আৰু একদম নিখুত হিচাপ ’ । বছ সময় নষ্ট নকৰি দেউতা বুলি সাষ্টাঙ্গে ভৰিতে পৰি দিলোঁ আৰু । সেই যে এই দেউতিয়ে এম এল এ পৰমেশ্বৰ কলিতাক দেউতা বুলি মাত দিলোঁ তাৰ পিছত আৰু পিছলে ঘুৰি চোৱা নাই । তই শিকোৱা চক্র বৃদ্ধি সুতৰ হিচাপ প্রতিদিনে হয় মোৰ অফিছত তাৰ বাবে অংক জনা একাউটেন্ট ৰাখিছোঁ । ঐককেন্দ্রিক বৃত্তৰ মই এতিয়া কেন্দ্র সকলো মোৰ ওচৰলৈকে আহে সমস্যাৰ সমাধান বিচাৰি । পৰিসংখ্যাই পৰি পৰি সেৱা কৰে মোৰ উন্নতিৰ গ্রাফ দেখি । ভাগ্যই মোৰ কোলাত এৰি দি মোৰ ভাগ্যকেই সলনি কৰি পেলোৱা সেই ক’লাকে এককুন্টেল ওজনৰ ধুনীয়া মাতষাৰক বিদেশত নি অলপ মেৰামতি কৰিলোঁ । এতিয়া তেও ৰেখা বিন্দুক ফেৰ মাৰিব পৰাকৈ মোৰ পাৰফেক্ট শ্রী মতী । আগতে মোক উপলুঙা কৰা স্কুলৰ পিলিঙা কেইটা আৰু তিৰস্কাৰ কৰা মাষ্টৰ কেইটা আহে মোৰ সহায় বিচাৰি । মন গ’লে সহায় কৰো নগ’লে কুটা এগছো নলৰাওঁ । তোৰ সেই তাহানিৰ দিনৰ পৰা মোলে থকা আন্তৰিকতাৰ বাবেই তোক মই যিমান পাৰোঁ সহায় কৰিলোঁ । আগলেও কৰি যাম । গোটেই খিনি গাই দিলো আৰু লুক ধাক নকৰাকে । এতিয়া গমপালি নে অংকটো কি । পিছে মই এতিয়া এৰোঁ দেই কাম আছে তই যাবিগৈ । গৈ পাই খবৰ দিবি । বৰদেউতাৰ চিন্তা কৰিব নালাগে মই আছো দে । ”
: “ অ হ’ব । তই থাকোঁতে মই এনেও চিন্তা নকৰো । ” ইমান পৰে কথাবোৰ শুনি ভেবা লাগি গৈছিলোঁ । কম ভলিউমত হে ৰিপ্লাইটো ওলাল । সি একো নকৈ মিচিকিয়াই হাঁহি এটা মাৰি গাড়ীত উঠি গুছি গ’ল ।

ময়ো তাতে বহি গোটেই কথা বোৰ জুকিয়াই জুকিয়াই এটা সিদ্ধান্তত উপনীত হ’লো যে কিতাপৰ অংক সঁচাই তেনেই সহজ । সূত্র বোৰতো দিয়াই থাকে মাথো সেই মতে পাতি কৰি গ’লেই সমাধান ওলাই । কিন্তু জীৱনৰ অংক ? ইয়াৰ কোনো নিৰ্দিষ্ট সূত্র নাথাকে । সময় বা পৰিস্থিতি অনুযায়ী বেলেগ বেলেগ সূত্র উলিয়াব লাগে আৰু সেই মতে তাক সমাধান কৰিব লাগে । এই সময়ৰ সূত্র সময়মতে উলিয়াই সমাধান কৰিব পৰা জন হে আচল মানুহ তেওঁৰ বাবে জীৱনটোও সহজ হৈ পৰে বহু পৰিমাণে । দেউতিয়ে কিতাপৰ অংকত ফেইল হ’ল ঠিকেই পিছে জীৱনৰ অংকত সি লেটাৰ পাই পাছ । সেয়ে আন দহ জনৰ দৰে ময়ো কৈ উঠিলোঁ নিজে নিজে হয় “ জীৱনৰ অংকহে আচল অংক ” বাকী সকলো ফ’ ফ’ বেঙেনা ।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক