‪লভেৰিয়া ডেইজ‬ (বিপ্লৱ বৰা)

‘….তাই নিজেই আহি তোৰ…..।’ বাবাৰ কথা শেষ নহ’ল। স্বৰ্গদেউৰ চৰ, ভুকু আৰম্ভ হৈ গ’ল।
‘চাল্লা, ফুলচান্দে মোক কৈছে নহয় সিদিনা। এনৈকেয়ে তই তাক টুপী পিন্ধাই আছ’। মোকো চূণা লগাব আহিছ তই। আজি তোক ৰ’, বাপেৰক জোকাই ল’লি তই।’ স্বৰ্গদেউৰ গাত তেতিয়া লাচিতৰ তেজ।
‘চাল্লা, টুপি পিন্ধাব আহিছ’ । একশ টকা লাগে তোক। ৰ’, আজি তোক বাবাগিৰি শিখাই আছো ৰে।’ আশ্বিকীয়ো হাতৰ আস্তিন কোঁচাই হস্তকলা প্ৰদৰ্শনত লাগি গ’ল।
‘এৰি দে ৰে।মৰি যাম ৰে। বুঢ়া মানুষ আছো ৰে। মই মন্তৰ মাৰি….।’ বাবাৰ গালে, মুখে, বুকুৱে, পিঠিৱে, সৰ্ৱত্ৰে চাৰিখন হাত প্ৰায় দহ মিনিটমান বিভিন্ন তাল, লয় আৰু মুদ্ৰাত উঠা-নমা কৰিবলৈ ধৰিলে। মই চাই থকাতেই থাকিলোঁ আৰু সম্পূৰ্ণ দহমিনিটৰ পাছত শ্মশান কালী মন্দিৰ এৰি আমি তিনি বন্ধুৱে নিজ নিজ চাইকেল কেইখন আন্ধাৰ ফালি চেকুঁৰাই দিলো নিজ নিজ ঘৰ অভিমুখে । চাইকেলৰ বেল বজাই আন্ধাৰত কাকো আমাৰ অস্তিত্বৰ বিষয়ে জনোৱাৰ প্ৰয়োজন নাছিল;  ৰাস্তাৰ যি গতি, চাইকেলৰ বেল, হেন্দেল, চেইন্ কভাৰ, কেৰিয়াৰ, সকলো বাজি উঠিছিল। সমস্বৰে তিনিখনকৈ চাইকেলৰ ঐক্যতান।
পাঠকসকলক এইখিনিতেই চিনাকীবোৰ দি লওঁ ৰ’ব। মই মানে মই, এই কাহিনীৰ বক্তা।
স্বৰ্গদেউ মানে মোৰ বন্ধু সীমান্ত বৰগোঁহাই। গাত জোৰ বেছি, পাহোৱাল ডেকা। আৰু সেয়ে সি আমাৰ বছ। কথাই কথাই তাৰ গাত লাচিতৰ তেজ আছে বুলি কোৱা বাবে আমি ৰাইজে তাৰ নাম দিছিলোঁ ‘স্বৰ্গদেউ’। আৰু সিয়ো এই নামটো অকনো বেয়া নাপাইছিল, ভালেই পাইছিল।
আশ্বিকী মানে মোৰ লগৰ আকাশ খাটনিয়াৰ। ছোৱালী দেখিলেই প্ৰেমত পৰি হাবুডাবু খাব পৰা প্ৰতিভাখিনি সেইখিনি সময়ত আমাৰ মাজত বহুকেইটাৰেই আছিল যদিও সীমান্তৰ তুলনাত সকলো নিস্প্ৰভ। কাৰোবাক প্ৰপ’জ কৰিবলৈ গৈ লগৰজনীৰ প্ৰথম চাৱনিতে ফিদা হৈ প্ৰপ’জ কৰি দিয়া, বায়েকক প্ৰপ’জ কৰিবলৈ গৈ ভনীয়েকক প্ৰ’পজ কৰা, কাৰোবালৈ বুলি লিখাই লোৱা প্ৰেমপত্ৰত সময়ৰ অভাৱত বা তাৰ হাতৰ আখৰ বুজি নাপাবয়ো পাৰে বুলি কেৱলমাত্ৰ হোৱাইটনাৰ বা ব্লেডৰে আগৰজনীৰ নাম মোহাৰি নতুনজনীৰ নাম ভৰাই প্ৰেম নিবেদন কৰা, -এইবোৰ সীমান্তৰ বাবে নিত্য নৈমিত্তিক কথা আছিল। সেয়ে সি ‘আশ্বিকী’ নামে খ্যাত।
আমি তিনিওটা তেতিয়া নৱম নে দশম শ্ৰেণীত। তেতিয়াৰ দিনৰ কাহিনী এইটো। কেনেকৈ কি হৈছিল, কিয় আমাৰ চাইকেলবোৰ সেইদিনা তেনেকৈ চেঁকুৰিছিল, চমুকৈ কওঁ শুনক। চমুকৈহে দেই, মোৰ টাইপ কৰি থকা কামটো বৰ ‘ব’ৰিং’ লাগে। কাহিনীটোৰ শেষৰখিনি ইতিমধ্যেই ওপৰত লিখিলোৱেই। এইখিনিৰ পৰা খালী ফ্লেচবেক্হে দেই।
দৃশ্য ১ :
‘উপাসনাহঁত আহিল ৰে। মাক, বাপেক, ভায়েক, সৱকে দেখি আহিছো। খাটাং সিহঁতৰ ঘৰত কোনো নাই এতিয়া। ব’ল, এতিয়াই বস্তুটো পুতি আহোঁ।’ স্বৰ্গদেউ ক’ৰবাৰ পৰা উধাতু খাই আহিল।
‘‘মই নাযাওঁ বে। কোনোবাই দেখিব লাগিলে ইজ্জৎ কা ৱাটতো লাগিবই, চিপৰাঙেৰে সৈতে ধৰা পৰিব লাগিলে চোৰ বুলি ঢুলাই খোৱাৰো চান্স আছে। আৰু জুবিনদায়ো ষ্টেজত সোনকালে উঠিব বোলে। তই, আৰু আশ্বিকীয়েই যা।অল দা বেষ্ট।’’ মই ‘মিছন তাবিজ’ৰ পৰা কাটি খোৱাৰ বাবে লাষ্ট ট্ৰাই এটা দিলোঁ।
‘মইয়ো হ’লে আজি যাব নোৱাৰিম দেই। পৰহিলৈ সিখন বিহুত জিতুল দা আহিব। উপাসনাহঁত নিশ্চয় তালৈয়ো যাব।ঘৰত কোনো নাথাকিব। সেইদিনাই মিছনত যাম। তহঁত আজি গ’লেও যা। নয়নাক দেখিলি অথনি? মা কচম, আজিযে লাগিছে আৰু তাইক । মই এতিয়া সিহঁতৰ ওচৰতে ক’ৰবাত বহি লমগৈ।’ আশ্বিকীও যাবলৈ নাৰাজ।(অৱশ্যে সেইদিনা নয়নাক সঁচাই বেল্লেগ ধুনীয়া লাগিছিল। সঁচাই কৈছোঁ।)
তাৰ পিছত স্বৰ্গদেউৰ প্ৰায় আধা ঘণ্টামানৰ পেন্‌পেননি, ইপাটৰ পাছত সিপাট য়াৰী-দ’স্তিৰ চেন্টি বান মাৰি অত্যাচাৰ। চেন্টি খাই খাই শেষত মই আৰু আশ্বিকী যাবলৈ ৰেডি হ’লো। উদ্দেশ্য মিছন তাবিজ, গন্তব্যস্থল স্বৰ্গদেউৰ সপোনৰাণী উপাসনাৰ ঘৰ। বিনিময়ত স্বৰ্গদেউৱে আমাক নেক্সট্ ফ্ৰাইডে হলত লাগিব লগা ‘অগ্নিসাক্ষী’ চিনেমাখন দেখুৱাৰ প্ৰতিশ্ৰুতি দিলে, আৰু চিনেমা চাই উঠি গাইপতি এখনকৈ দ’চা খোৱাব বুলিও ক’লে। ফুল ফাইনেন্স তাৰ। চিনেমাখনৰ নায়িকা মনীষা কৈৰালাক চাবলৈ পোৱাৰ আশাত আশ্বিকীয়েও সেইদিনা অলপ সময়ৰ বাবে নয়নাক নোচোৱাকৈ থাকিবলৈ মান্তি হ’ল।
মঞ্চত তেতিয়া আগদিনাৰ বিহুকুঁৱৰী প্ৰতিযোগিতাত দ্বিতীয় স্থান পোৱা ‘মৃত্যুঞ্জয় সাংস্কৃতিক গোষ্ঠী’ দলটোৱে বঁটা লবলৈ উঠি বিহু পৰিবেশন কৰি আছিল- ‘এজনী ঐ থাকোতে/ আনিলো আন এজনী/ ঘনাই ঘনাই কাছাৰীলৈ/ যাওঁ ঐ ডালিম ডিমৰু/ ডেকা যৌৱন কি কৰোঁ ……।’
দৃশ্য ২ :
তিনিটা ছায়ামূৰ্তিৰ উপাসনাৰ ঘৰৰ চৌদিশ প্ৰদক্ষিণ। মাজে মাজে পেঞ্চিল টৰ্চৰ ঈষৎ পোহৰৰ আবিৰ্ভাৱ।
‘আবে, ইহঁতৰ আগফাল, পিছফাল সৱ ফালেই পকা দেখোন বে। কেনিও এচিকটাও উকা মাটি নায়েই। উপাসনাৰ বাপেকে টকা পিটিছে তাৰমানে। তই বৰ মালদাৰ পাৰ্টিত হাত দিছ বে।’ গাঁত এটা খান্দি বস্তুটো পুতিবলৈ উকা মাটি বিচাৰি নাপাই আশ্বিকীৰ টেমা লাহে লাহে চুটি আহিছে।
‘পাছফালে থকা খালটোতে বস্তুটো পুতি জল্‌ডি ইয়াৰ পৰা ফুটো বে, স্বৰ্গদেউ।’ মোৰো লোকৰ ঘৰত সেইদৰে ৰাতিখন পিট্পিটাই ফুৰিবলৈ ভয় লাগিছিল।
‘আবে, তহঁত মোৰ দ’স্ত নে দুছমন বে। সেইখন চুৱা-পাতনি। তাত পুতিব লাগিলে শাও লাগিব। উপাসনাক এইটো জনম বাদেই দে, আৰু দহটা জনমলৈ নাপাম।’ স্বৰ্গদেউৱে থুনথুনালে।
‘আবে, সন্মুখত থকা ফুলৰ টাব এটাতে বস্তুটো পুতি দিওঁ বুজিছ। পূৱফালে হ’ব, ভালেই হ’ব।’ আশ্বিকীৰ প্ৰস্তাৱ স্বৰ্গদেউৰ পচন্দ হ’ল। আশ্বিকীয়ে সেই অন্ধকাৰ ৰাতিয়ো কোনটো পূৱ দিশ কেনেকৈ গম পালে, তাত মনে মনে আচৰিত হ’লো যদিও একো মাত নামাতিলো। সোনকালে মিছন শেষ কৰি পলোৱাতহে জোৰ।
কথামাত্ৰেই কাম। স্বৰ্গদেউৱে বস্তুটো উপসনাহঁতৰ বাৰান্দাত থকা ফুলৰ টাব এটাত পুতি সাষ্টাংগে প্ৰণিপাত এটা জনালে। মিছন শেষ কৰি আমি আকৌ বিহুতলী অভিমুখে ৰাওনা হ’লো।
জুবিনদা তেতিয়াও মঞ্চত উঠা নাছিল। মোক এৰি স্বৰ্গদেউ উপাসনাৰ সন্ধানত আৰু আশ্বিকী নয়নাৰ সন্ধানত নাপাত্তা হ’ল। মইয়ো কাদিৰ, সোনাহঁতক মঞ্চৰ কাষতে নাচি থকা দেখি সেইফালে খোজ দিলো । মঞ্চত তেতিয়া আমাৰ লোকেল ষ্টাৰ নাৱাজদাৰ কণ্ঠত জিতুলদাৰ গান। ‘ ভনীটি অ’ ভনীটি/ সাজি কাচি ক’লৈ যোৱা/ কেৰাহিকৈ হ’লেও / এবাৰ মোলৈ চোৱা….।’
দৃশ্য ৩:
‘কি হ’ল বে স্বৰ্গদেউ। কালি বোলে উপাসনাই তোৰ চিঠি টুকুৰা-টুকুৰকৈ ফালি পেলাই টুকুৰাবোৰো গছকি গছকি তোৰ চৈধ্য পুৰুষ উজাৰি গালি দিছে। তইছোন কৈছিলি বস্তুটো পোতাৰ দুসপ্তাহৰ ভিতৰতে উপাসনা তোৰ উপৰত লট্টুহৈ পৰিব। আজিচোন দুমাহেই হবৰ হ’লহি।তোৰ নহব আৰু। বেলেগ কাৰোবাক লাইন দে। মই চাওঁ নেকি তোলৈ এজনী ?’ আশ্বিকীয়ে ক্ৰিকেট ফিল্ড আহি পোৱা স্বৰ্গদেউক দেখিয়েই খোঁচ এটা মাৰিলে।
আগদিনা স্বৰ্গদেউৱে নিজৰ হাত কাটি তেজ উলিয়াই সেই তেজেৰে উপাসনালৈ চিঠি এখন লিখিছিল । তাইক চিঠিখন দিছিলগৈ তাইৰ লগত একেলগে টিউশ্যন কৰা আমাৰ লগৰে হাজমোলাই। উপাসনাই ছাগলীৰ তেজেৰে চিঠি লিখি স্বৰ্গদেউৱে তাইৰ মন ভোলাব নোৱাৰে বুলি, চিঠিখন ফালিলেতো ফালিলেই, হাজমোলাকো পিটিবলৈহে বাকী আছিল বোলে। স্বৰ্গদেউলৈ বেয়াই লাগিছিল। সি মোৰ চকুৰ আগতে চিঠিখন লিখাৰ নামত ব্লেডৰে কেইবাবাৰো হাত কাটি যথেষ্টখিনি তেজ বোৱালে। আৰু উপাসনাৰ মতে সেইয়া ছাগলীৰ তেজহে, যিকোনো কচাইৰ তাতে পোৱা যায়।
‘কাইলৈ ওলাবি। সি বাবাই কাক চূণা লগালে গম পোৱা নাই। এতিয়ালৈকে তাৰ ফীজৰ নামত টিউশ্যনৰ ফীজ মাৰি মাৰি তিনিশ টকা বতিয়ালো। কাইলৈ তাক লাষ্ট লগ ধৰিম। আৰু আল্টু-ফাল্টু বকিলে তাক বজাইহে এৰিম।’ স্বৰ্গদেউৰ কথা শুনি লাগিল এইবাৰ কথা বিষম ! স্বৰ্গদেউৰ ধৈৰ্য্যৰ এৰাল চিঙি আহিছে হ’বলা।
দৃশ্য ৪:
বিয়লিৰ সময়। এন্ধাৰ নামিছে আৰু। মই, স্বৰ্গদেউ আৰু আশ্বিকী ৰাষ্টাত কোনো মানুহ-দুনুহ নথকাৰ চেগ চাই শ্মশান কালী মন্দিৰত সোমালো । মন্দিৰৰ পাছফালে বাবাক বিচাৰি পালোঁ । বাবা চিলিম এটা লৈ ব্যস্ত।
‘আৰে বাবা মানুষ কেইটা ৰে, আহ আহ। আৰু কি ৰেই। তোৰ ছোকৰিটোৱে তোক মাতিছেনে নাই ৰে? তোৰ কামটোতো হৈ গৈছে চাগে ৰে।’ বাবাই নাকে-মুখে ধোঁৱা এগাল এৰি দি কলে।
‘চাওঁক বাবা। তাই এতিয়ালৈকে মোক মতাতো দূৰৰে কথা, এবাৰো চোৱাও নাই। পৰহি মোৰ চিঠিও ফালি পেলাইছে। আৰু আপুনি কৈছিল বস্তুটো পোতাৰ দুসপ্তাহৰ ভিতৰত তাই মোলৈ পতি যাব, মোৰ উপৰত লট্টু হৈ যাব। সেইবোৰ একোডালেই নহ’ল। পইচা ঘূৰাই দিয়ক মোৰ।’ স্বৰ্গদেউ মাতত খং স্পষ্ট ।
‘নাই ৰে বাবা। তুই অধৈৰ্য্য কিয় হৈছ ৰে? তাই নিজে আহি তোৰ ঘৰ সোমাব ৰে। দে, মই তোৰ তাবিজটো আৰু একবাৰ জাৰি দিছো ৰে।’ বাবা বহাৰ পৰা উঠি আহি স্বৰ্গদেউৰ চোলাৰ হাত কোঁচাই সোঁহাতৰ বাউসীত পিন্ধি থকা তাবিজটো উলিওৱাত লাগিল।
‘আৰে কি কৰিলি ৰে বাবা তুই!! সব উল্টা-পাল্টা কৰি দিলে ৰে। তবে তোৰ কাম হোৱা নাই। তুই পুতিব দিয়া বস্তুটো পিন্ধি আছ ৰে। তাৰমানে তুই পিন্ধিব লগা বস্তুটো পুতি দিলি আৰু পুতিব লগা বস্তুটো পিন্ধি দিলি ৰে। দে, আৰু এশ টকা দে ৰে। মই এতিয়াই মন্তৰ মাৰি দুইটা বস্তু আকৌ উল্টা- পাল্টা কৰি দিম ৰে। তাই নিজ আহি তোৰ ঘৰ….।’– বাবাৰ কথা শেষ নহ’ল। স্বৰ্গদেউৰ চৰ, ভুকু আৰম্ভ হৈ গ’ল।
‘চাল্লা, ফুলচান্দে মোক কৈছে নহয় সিদিনা ! এনেকৈয়ে তই তাক টুপী পিন্ধাই আছ’। মোকো চূণা লগাব আহিছ তই । আজি তোক ৰ’, বাপেৰক জোকাই ল’লি।’ স্বৰ্গদেউৰ গাত তেতিয়া লাচিতৰ তেজ……………!!
উৎসৰ্গাঃ লভেৰিয়া অৰ্থাৎ প্ৰেমৰ মেলেৰিয়াত আক্ৰান্ত হৈ হাবুডাবু খাই কোনো বাবা, সন্যাসী, তান্ত্ৰিকৰ ওচৰত সহায়, সমিধান, তাবিজ বিচাৰি শৰণাপন্ন হোৱা প্ৰতিজন প্ৰেমিকৰ হাতত । আন দহজনে নুবুজিলেও এই অধমে আপোনালোকৰ অনুভূতিবোৰ বুজিব পাৰোঁ ।
পুনশ্চঃ সম্পূৰ্ণ কাল্পনিক কাহিনী। কোনো ব্যক্তিৰ লগত যিকোনো সাদৃশ্য কেৱল, আৰু কেৱলমাত্ৰ, কাকতালীয় সংযোগহে মাথোঁ ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments