‪‎অব তেৰা ক্যা হোগা কালীয়া‬? (অভিজিৎ কলিতা )

এই চকুচৰহাৰ শেন চকু কিছুবছৰ পৰা সমাজৰ ধাৰ্মিক, অতি ধাৰ্মিক, আধ্যাত্মিক, চেনী-ধাৰ্মিক, মিহি-ধাৰ্মিক, গৰম-ধাৰ্মিক, ভোগী-ধাৰ্মিক, চেমি-গড, ডেমি-গড আদি ভগৱানৰ একেবাৰে নিকট সম্বন্ধীয় সকলৰ ওপৰত পৰি আছে। তেওলোকৰ মানৱ জাতিৰ প্ৰতি অৱদান দেখি অমুকাৰ +২ পাৱাৰৰ চচমা জোৰো গৰম হৈ যোৱা যেন অনুমান হৈছে। হওঁতে অমুকাইয়ো ভগৱানক বিশ্বাস নকৰা নহয়, মানে সেই “বলে নোৱাৰা শিলৰ পৰি নমস্কাৰ” ফৰ্মুলামতে। জীৱনত কেতিয়াবা টানত পৰি, “হে ভগৱান ৰক্ষা কৰা” বুলি নোকোৱাকৈয়ো থকা নাই, আৰু সেই বিপদৰ পৰা উদ্ধাৰো নোপোৱাকৈ থকা নাই। মানে চকুচৰহাৰ ভগৱানৰ লগত সম্বন্ধটো তেনেই নিম্ন পৰ্যায়ৰ।মানে তুমি তোমাৰ ‘জেগা’ত মই মোৰ জেগাত, দৰকাৰ হ’লে লগ পাম টাইপৰ। উদাহৰণ স্বৰূপে, এই চকুচৰহাই ভাবে যে ৰাতি বিয়লি অকলে হাবি এখনৰ মাজেৰে পাৰ হৈ যাব লগা হ’লে, অমুকাই “ভগৱান মোৰ লগত আছে, গতিকে বাঘে মোক একো কৰিব নোৱাৰে” বুলি ভাৱ এটা কৰি আগুৱাই যায়। ইন ডেট কে’ছ, সঁচাসঁচিকে নৰখাদক বাঘ এটা ওলালে চকুচৰহাক ভগৱানে দ্ৰৌপদীক অন্তহীন শাৰী দিয়াৰ দৰে কামাল কৰি ৰক্ষা যে নকৰে সেইটোও চকুচৰহাই নিশ্চয়কৈ জানে। পিছে সেইকণ চিন্তাৰ লাভটো ইমানেই যে, কৰবাত খিৰিক শব্দ এটা হ’লেও এই চকুচৰহা সেই ফেৰি ভগৱান বিশ্বাসৰ বলতে “বাঘে খালে ঔ, মৰিলোঁ ঔ” বুলি হাৰ্টফেইল কৰি নমৰে। সেইকণ কৃপা অমুকাই বিনা ইনভেষ্টমেণ্টত নেদেখা-নুবুজাজনৰ পৰা আজিলৈকে পাই আহিছে, সেইটো কাৰণতেই অমুকাক আজিকোপতি কোনেও মন্দিৰলে দুটকীয়া কইন দলিওৱা, গণে‍শবাবাক গাখীৰ খুওৱা, ব’ল ব’ম, জয় কালী মাতা কী বুলি আনন্দত মতলীয়া হোৱা, বা সত্য চাই বাবাৰ ছবিত দিনে ৰাতিয়ে ধূপ জ্বলোৱা, বা নামঘৰত গৈ পৰচৰ্চাত ব্ৰতী হোৱা দেখা নাই।

পিছে সেই ওপৰত কোৱা মহান আত্মাবিলাকৰ কাৰুকাৰ্য্য দেখি পিতৃপ্ৰদত্ত চকুচৰহা স্বভাৱটোৱে কিছুদিনৰ পৰা মোৰ অন্তৰাত্মাক শান্তিত থাকিবলে দিয়া নাই। হেৰৌ, নুমলীগড়ৰ শিৱ মন্দিৰত সাপ এটা ওলাই মানৱজাতিৰ ভাল হওক বুলি দুষাৰ দৰকাৰী কথা ক’লে, তাকে সচেতন শিক্ষিত ৰাইজে সকলোলৈকে হোৱাটচ-এপ, ফে’চবুকৰ জৰিয়তে প্ৰেৰণ কৰিলে, বোলে ভগৱানৰ বাইক সকলোৱে গম পাওক। পিছে এই চকুচৰহাই চিধাই ডিলিট মাৰি কাম সামৰিলে, ৰাইজৰ ভাল হোৱা কাম অমুকাই কৰিব নোৱাৰে, সহিবও নোৱাৰে। এনে বহুতো বাৰ্তাত “ড’ণ্ট ব্ৰেক দা চেইন” বুলি বাৰম্বাৰ সোঁৱৰাই দিয়াৰ পাছতো (মানে সেই পোষ্টকাৰ্ডৰ দিনৰ মাডুৰাইৰ ব্ৰাহ্মণজনৰ দিনৰে পৰা) এই চকুচৰহাই চেইন ব্ৰেক কৰি সমগ্ৰ মানৱ জাতিক অনায়াসে ধ্বংসৰ মুখলে ঠেলি দিলে, লগতে নিজলেও অমংগল কঢ়িয়ালে। ইয়াকে কয় বোলে “আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ।”

অৱশ্যে এই চকুচৰহা স্বভাৱৰ বাবেই অমুকাৰ ৰাধে মা, আচাৰাম বাপু, শ্ৰীশ্ৰী ১০৯ নং সচ্চিদানন্দ বেদপ্ৰকাশ জ্যোতিষাধিপতি মংগলময় আদিৰ লগত কশ্মিনকালেও পোনে পোনে সংযোগ হোৱা নাই, আৰু নহ’বও, কাৰণ এই সকল ত্ৰিকালজ্ঞই অমুকাৰ দৰে পাপীষ্ঠক দেখাক দৰ্শন দি পাপমুক্ত নকৰে বুলি অমুকা চিয়’ৰ। হওক, চকুচৰহা নামৰ খিয়াতিৰ কাৰণে ৰৌ ৰৌ নৰক গ্ৰহণ কৰাত অমুকাৰ কোনো আপত্তি নাই। মাদ্ৰাজ মানে চেন্নাইৰ ২৩ বছৰীয়া ল’ৰা এজনে হঠাৎ নিজে ঘোষণা কৰিলে যে তেওঁ সাইবাবাৰ অৱতাৰ, আৰু গুণীৰ গুণ বুজা ভক্ত ৰাইজ তেখেতৰ চৰণত লুটিখাই পৰি তেখেতক কোটি কোটি টকাৰ মালিক “বনাই” দিলে। আধাখিনি মানুহে ভালকৈ খাবলে নোপোৱা দেশ এখনৰ ৰাইজে হাজাৰ কোটি টকা খৰছ কৰি ভগৱান, আল্লা, গড আদিক থাকিবলে বাসস্থান সাজি নিজৰ ভক্তি প্ৰদৰ্শন কৰিলে, কিছুমান স্বামী, পাদ্ৰীয়ে ফিমেল ভক্তসকলৰ লগত লীলাখেলা কৰি তেওঁলোকৰ পৰমব্ৰহ্মৰ ওচৰ চপাই নিলে, আইচিচে ধৰ্মৰ নামত বিধৰ্মী শিশুক ধৰ্ষণ কৰিলে, চাৰ্বিয়া হাৰ্জগোভিনাত ২১ শতিকাতো ৰাইজে ‘এথনিক ক্লীনজিং’ কৰি জগত উধাৰিলে। ভাল কথা, এইবিলাক ভগৱান, আল্লা গডৰ ইচ্ছা পুৰণ কৰা পূণ্য কাৰ্য, পিছে এই নৰাধম চকুচৰহা তেওলোকৰ মহৎ কৰ্ম দেখি জ্বলিপুৰি মৰিল নহয়। উপায় নাই, এনে চকুচৰহাক ৰৌ ৰৌ নৰকৰ পাৰমানেণ্ট ৰেছিডেণ্টশ্বিপ চাৰ্টিফিকেট দিয়াৰ বাদে কোনো গত্যন্তৰ নাই।
বিখ্যাত “সৰু ভগৱান” সকলৰ লগত সাক্ষ্যাৎ নহলেও, দুই এজন “আৰু অলপ সৰু ভগৱান”ৰ লগত এই চকুচৰহাৰ ভেটাভেটি নোহোৱা নহয়। কিছুদিনৰ আগৰ কথা, অফিচয়েল টুৰ এটাত হিমাচল প্ৰদেশৰ পাৱাৰ ষ্টেচন এটালে যাওঁতে এই চকুচৰহাই, সেই কোম্পানীটোতে কাম কৰা “চেমি-ভগৱান” এজন লগ পালে। তেখেতৰ অৱতাৰ বোলে জন্মাষ্টমীৰ দিনা ৰাতি ১২ বজাত, সেইদিনা হেনো প্ৰচণ্ড ধুমুহা বৰষুণো আছিল। আৰু বাই ভাৰ্চু অৱ ডেট অৱ বাৰ্থ এণ্ড প্ৰিভেইলিং চাৰকামষ্টেন্সেজ, তেখেতে কিছু অলৌকিক শক্তি লাভ কৰিলে, আৰু সেই শক্তিৰ বলতে তেখেতে ওচৰে পাজৰে অলেখ ভক্ত গোটাবলে সক্ষম হ’ল। তেখেতৰ বচেও তেওঁ যি কৰে কৰিবলৈ দিয়ে, অফিচলে নগলে’ও আপত্তি নকৰে, চিনিঅ’ৰ জুনিঅ’ৰ সকলোৱে দেখা পালেই প্ৰণাম কৰে। তেখেতৰ সাফল্য দেখি লগে লগে অমুকাৰ চকুত চৰহা পোকৰ আক্ৰমণ আৰম্ভ হ’লেই নহয়। সুবিধা বুজি ৰাইজৰ মাজতে (মানে ইম্পেক্ট হোৱাকৈ) অমুকাই তেখেতক চেলেঞ্জ মাৰিলে বোলে- “ভগৱানে কোনো নৰমনিচক ঐশ্বৰিক শক্তি নিদিয়ে, কাৰণ সেইটো ভগৱানৰ মডাচ অপাৰেণ্ডিৰ বাহিৰৰ বস্তু, আপুনি আজি মোৰ ওপৰত আপোনাৰ ঐশ্বৰিক শক্তি প্ৰয়োগ কৰক, তাৰ বাবে মই মৰি গ’লেও আপুনি দোষী নহ’ব!” মোৰ লগত যোৱা সাতজন লোকক সাক্ষী ৰাখিলোঁ, দৰকাৰ হ’লে দলিলত লিখি দিম বুলিও কলোঁ। খেল জমি উঠিল, “সৰু ভগৱান”ক চেলেঞ্জ কৰা বুলি গম পাই দৰ্শকো গোট খালে। প্ৰথমতে ছোটা ভগৱানে আৰম্ভ আৰম্ভ কৰিলে ভীতি প্ৰদৰ্শন- “ঘৰ মে কৌন কৌন হেঁ?” বোলে, তোৰ নাওমান ছোৱালী একণ আছে, তই মৰি গ’লে কি হ’ব তাইৰ? মইয়ো লগে লগে শ্ৰীমতীক ফোন লগাই স্পীকাৰত দি ৰাইজক শুনালোঁ। শ্ৰীমতীয়ে ক’লে বোলে “ ‘সৰু ভগৱান’ৰ ওপৰত চকু চৰহাগিৰি কৰাৰ বাবে তোমাৰ প্ৰাণো যদি যায়, মই কিবা কৰি ছোৱালীজনীক খুৱাম, তুমি কিন্তু নেৰিবা তাক”। ভীতিৰে কাম নোহোৱা দেখি ‘সৰু ভগৱানে’ বহুত চালে-বেৰে কোবালে, পিছে অমুকাৰ চকুৰচৰহা শক্তিৰ ওচৰত তেওঁৰ ঐশ্বৰিক শক্তিয়ে হাৰ মানিলেগৈ, প্ৰায় ২০-২৫ জন দৰ্শকৰ আগত। শেষত তেখেতে মাৰণাস্ত্ৰ প্ৰয়োগ কৰিলে- নিজৰ আসনৰ পৰা উঠি আহি মোক আলিংগন কৰি ক’লে বোলে মোৰো হেনো বহুত ঐশ্বৰিক শক্তি আছে, সেয়ে তেওঁৰ তন্ত্ৰ মন্ত্ৰ মোৰ গাত ফঁপা নাই।
“মে কৃষ্ণ হুঁ, ত’ তু চুদামা হেঁ, আ মেৰে য়াৰ, গলে মিল!! আজ মে মিলা হু তুঝে, কাঁহা চুপা থা তু? আচাম কি জংগল মে?”

সকলোতকৈ ইণ্টাৰেষ্টিং কথা, দৰ্শক ৰাইজে মোৰ চকুচৰহাগিৰিতকৈ মই সুদামা হোৱাৰ কথাটোহে বেছিকে বিশ্বাস কৰিলে। ৰাতি গেষ্ট হাউচৰ খানা ফ্ৰী হৈ গ’ল মোৰ।
কথাটো হ’ল, এই পৰম শক্তিধৰ ‘ছোটা ভগৱান’ সকলৰ ওপৰত চকুচৰহাগিৰি কৰিমেই বুলি শপত ল’লোঁ অমুকাই। কাৰোবাৰ কিবা যাদু মন্ত্ৰ, ঐশ্বৰিক শক্তি, বীৰা-ভূত, কালা যাদু, এনিথিং চুপাৰনেচাৰেলৰ ওপৰত দখল আছে যদি, অপেন চেলেঞ্জ- মোৰ আৰু মোৰ পৰিয়ালৰ ওপৰত প্ৰয়োগ কৰি দেখুৱাওক। মইয়ো চাম চকুচৰহা ডাঙৰ নে “ছোটা ভগৱান” ডাঙৰ।

বি. দ্ৰ.:- আপুনি যদি নিজকে শিক্ষিত বুলি ভাবে, তেন্তে সমাজত প্ৰচলিত অন্ধবিশ্বাসবিলাকৰ বিৰূদ্ধে থিয় হোৱা আপোনাৰ নৈতিক দ্বায়িত্ব, তাৰ বাবে প্ৰয়োজন অকণমান যুক্তিবাদী হৈ কথাবোৰ বিশ্লেষণ কৰাৰ। ভগৱানক বিশ্বাস কৰিব বিচাৰিছে, কৰক; কিন্তু ভগৱানক এজন স্বাৰ্থপৰ, তোষামোদপ্ৰিয়, দুৰ্নীতিপৰায়ণ, সংকীৰ্ণ আৰু দ্বায়িত্বজ্ঞানহীন নীচ মানুহৰ শাৰীলৈ অৱনমিত নকৰিব। তেতিয়াহে আপোনাক পাপে চুব; বলি, কোৰবানি নকৰিলে নোচোৱে। ভগৱানক ভাল পাওক, ভয় নকৰিব। চোৰেহে পুলিচলে ভয় কৰিব লাগে, আপুনি নালাগে নহয়।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments