ট্ৰেইন ট্যু পাকিস্তান – অংকিনী বৰা

সৰুতে মাৰ লগত বহি ভাৰত-পাকিস্তানৰ ক্ৰিকেট মেটছ চাওঁতে সদায় ভাবিছিলোঁ পাকিস্তান হাৰিলেই হয়৷ পাকিস্তানক ভাল নোপোৱাৰ কাৰণ বহুত আছিল৷ ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধ ভালদৰে মনত আছে৷ মোৰ পেহা এজন আৰ্মিত আছিল৷ আমি সদায় টিভি, ৰেদিঅ’ত কাণ লগাই বহি ৰৈছিলোঁ, কিজানিবা কিবা বেয়া খবৰ আছে৷ জিণ্টু গগৈ শ্বহীদ হোৱাৰ দিনা টিভিত বাতৰি দেখি আনৰ লগতে ময়ো কান্দিছিলোঁ৷ যুদ্ধৰ সেই বিভীষিকাই সদায় পাকিস্তানক বেয়া পাবলৈ শিকাইছিল৷ কিন্তু ডাঙৰ হোৱাৰ লগে লগে এই ঘৃণা আঁতৰি তাৰ ঠাই পালে পাকিস্তানৰ প্ৰতি থকা কৌতূহলে৷ কেনেকুৱানো পাকিস্তান, কেনেকুৱা তাৰ মানুহ, আমাৰ কথা কি বুলি ভাবে, মনত অজস্ৰ প্ৰশ্ন৷ দিহিঙে-দিপাঙে ঘূৰি ফুৰোঁতে ভবা নাছিলোঁ ইমান সোনকালে যে এই সুবিধা আহিব৷ হঠাতে পঢ়িবলৈ পালোঁ, ২০১৯চনৰ ১২নৱেম্বৰত শিখ ধৰ্মৰ প্ৰথমজন গুৰু গুৰুনানকজীৰ ৫৫০ তম জয়ন্তী উপলক্ষে ভাৰত আৰু পাকিস্তানৰ মাজৰ কৰ্টাৰপুৰ কৰিডৰ মুকলি কৰি দিয়া হ’ব; মোৰ পাকিস্তান ভ্ৰমণৰ বাবে ইয়াতকৈ ভাল সুবিধা আৰু হ’ব নোৱাৰে। তেতিয়াই ঠিক কৰিলোঁ, অতি সোনকালে তালৈ যামেই৷ কৰ্টাৰপুৰ কৰিডৰ হ’ল, ভাৰতৰ পাঞ্জাৱৰ গুৰুদাসপুৰ জিলাৰ ডেৰা বাবা নানক আৰু পাকিস্তানৰ কৰ্টাৰপুৰৰ সংযোগী ৰাস্তা, যিটোৰে ভাৰতীয় লোকে পাকিস্তানৰ কৰ্টাৰপুৰত থকা কৰ্টাৰপুৰ গুৰুদ্বাৰা দৰ্শন কৰিবলৈ যাব পাৰে৷ ১৫০৪চনত প্ৰতিষ্ঠা কৰা এই গুৰুদ্বাৰাত গুৰু নানকজীয়ে ১৫৩৯চনত তেওঁৰ মৃত্যুৰ সময়লৈকে প্ৰায় ১৮বছৰ কাল ইয়াতে কটাইছিল৷ ৰাবি নদীৰ সোঁফালে অৱস্থিত এই গুৰুদ্বাৰাটো এসময়ত ভাৰতৰে অংশ আছিল, কিন্তু ১৯৪৭চনত স্বাধীনতাৰ সময়ত, পাকিস্তানৰ ভিতৰুৱা হয়৷ ১৯৭৫চনলৈ ৰাবি নদীত থকা এখন দলং পাৰ হৈ ভাৰতীয় শিখসকল সহজতে এই গুৰুদ্বাৰাটোলৈ যাব লাগিছিল যদিও ১৯৬৫চনত ভাৰত আৰু পাকিস্তানৰ যুদ্ধত এই দলং ধ্বংস হয় আৰু তাৰ পাছত সীমা সুৰক্ষা বঢ়াই দিয়াৰ ফলত এই গুৰুদ্বাৰালৈ ভাৰতীয় দৰ্শনাৰ্থী যোৱাটো বন্ধ হৈ পৰে৷ তাৰ পৰিৱৰ্তে ডেৰা বাবা নানকত থকা এখন প্লেটফৰ্মত উঠি টেলিস্কোপৰ সহায়ত ইয়াক চাব পাৰে৷

বাৰু যি কি নহওক, এই কৰিডৰ মুকলি কৰাৰ পাছত ভৰিত পাখি লাগি থকা মই ফেব্ৰুৱাৰীৰ মাহত তালৈ যাম বুলি মন বান্ধিলোঁ৷ তাৰবাবে প্ৰথমে http: //prakashpurab550.mha.gov.in ত গৈ যাবতীয় ৰেজিষ্ট্ৰেচন পুৰা কৰিলোঁ৷ তালৈ যোৱাৰ বাবে ভিছা নালাগে, মাত্ৰ পাছপোৰ্ট নাম্বাৰ দি এই ছাইটত যাত্ৰাৰ ১০/১৫ দিন আগতে অনলাইন ৰেজিষ্ট্ৰেচন কৰিব লাগে৷ যাত্ৰাৰ ৪দিন আগতে আপুনি confirmation mail পোৱাৰ পাছত ETA বা Electronic Travel Authority Document ডাউনলোড কৰি ল’লেই আপুনি পাকিস্তান ভ্ৰমণৰ বাবে সাজু হ’ব পাৰিব৷ তাৰ লগতে লাগিব ২০USD বা প্ৰায় ১৪৮০টকা যিটো পাকিস্তানত সোমোৱাৰ সময়ত entry fee হিচাপে দিব লাগিব৷ ETA পোৱাৰ পাছত মোৰ প্ৰকৃতাৰ্থত পাকিস্তান যাত্ৰা দিল্লীৰপৰা আৰম্ভ হ’ল৷ মই ফেব্ৰুৱাৰী মাহৰ ২৭তাৰিখে কৰ্টাৰপুৰ যোৱাৰ বাবে অনুমতি পাইছিলোঁ, সেয়ে ২৬ফেব্ৰুৱাৰী তাৰিখে দিল্লীৰপৰা অমৃতসৰ অভিমুখী শতাব্দী এক্সপ্ৰেছত যাত্ৰা আৰম্ভ কৰিলোঁ৷ প্ৰায় ৬ঘণ্টীয়া যাত্ৰা কালত ভাৰত আৰু পাকিস্তানৰ বিষয়ে নিৰ্মিত চিনেমাবোৰৰ অংশবোৰ মনলৈ আহি আছিল৷ প্ৰায় ১১ বজাত অমৃতসৰ ষ্টেচনত নামি এখন ৰিক্সাত উঠি আগতেই বুক কৰি থোৱা হোষ্টেলৰ বিছনাত গা এৰি দিওঁতে ভাগৰে হেঁচা মাৰি ধৰিছিল যদিও নতুন ঠাই দেখাৰ কৌতূহলে মোক শুই থাকিবলৈ নিদিলে৷ লৰালৰি কৈ ওলাই গ’লোঁ শিখ ধৰ্মৰ মূল পীঠস্থান স্বৰ্ণ মন্দিৰ বা হৰমন্দিৰ চাহেবলৈ৷ এয়াও এটা অতি ভাল লগা অভিজ্ঞতা, এই বিষয়ে পাছত লিখিম; এতিয়াৰ বাবে মোৰ লক্ষ্যস্থান কাৰ্টাৰপুৰ চাহেব৷ ৰাতি লংগৰত নিশাৰ আহাৰ খাই সোনকালে শুই থাকিলোঁ, পুৱা সোনকালে উঠিব লাগিব৷ ৰাতিপুৱা ৯.৫৭বজাত অমৃতসৰৰপৰা ৮কিলোমিটাৰ দূৰৰ ভেৰকা ষ্টেচনৰপৰা ডেৰা বাবা নানকলৈ ট্ৰেইন আছে৷

ৰাতিপুৱা এলাৰ্মৰ শব্দত সাৰ পাই উঠি গা পা ধুই সাজু হওঁ মানে আঠ বাজিলেই৷ বেগটো সাজু কৰি ওলাই আহি কোনফালে যাব লাগিব চিন্তা কৰি থাকোঁতেই চকুত পৰিল, এজন 70 বছৰমান বয়সৰ লোকে ৰাষ্টাৰ কাষত চাহ বিক্ৰী কৰি আছে৷ চাৰিওফালে থকা কুঁৱলীৰ আচ্ছাদনৰ মাজত গৰম চাহ একাপৰ প্ৰয়োজনীয়তা আছিল, লগতে ভেৰকালৈ কেনেদৰে যাব পাৰি সেই কথাও জানিব লগা আছিল৷ চাহ খাই খাই কথা পাতি থাকোঁতে অকলশৰীয়া ছোৱালী দেখি সহায় কৰিবলৈ কেইবাজনো আগবাঢ়ি আহিল৷ এজনে আগবাঢ়ি গৈ মোৰ বাবে এখন অ’টো লৈ আনিলেগৈ৷ চাহৰ পইচা দি সকলোকে ধন্যবাদ জনাই অ’টোত বহোঁ মানে ঘড়ীৰ কাঁটাই ৮.৩০ বজাৰ সংকেত দিলে৷ কুঁৱলী ফালি গৈ ভেৰকা ষ্টেচন পাই দেখোঁ এটা মৰমলগা সৰু মফচলিয়া ষ্টেচন৷ বাহিৰত দুই-এজন মানুহ ঘূৰি আছে৷ টিকট কাউণ্টাৰত ১৫টকাৰে টিকট এখন কিনি লৈ বেঞ্চ এখনত বহি অলেখ লেখ চাই থাকোঁতে ট্ৰেইন আহি পালেহি৷ খিড়িকীৰ কাষৰ ছিট এটাত বহি লোৱাৰ পাছত মনে ক’লে, এয়া মোৰ যাত্ৰা আৰম্ভ হল, এসময়ৰ আমাৰ অংশ পাকিস্তান আৰু এতিয়াৰ চিৰ বৈৰী দেশ পাকিস্তান৷ ৫টা ডবাৰ সৰু এখন ট্ৰেইন, এমুঠিমান মানুহ৷ মোৰ সন্মুখত সৰু ল’ৰা এটাৰ স’তে এগৰাকী মহিলা৷ কথা পতাত মই ভালেই, ময়েই কথা আৰম্ভ কৰিলোঁ, তেওঁৰ পৰা জানিব পাৰিলোঁ তেওঁ ডেৰা বাবা নানকত থাকে, অমৃতসৰত তেওঁৰ জীয়েকক লগ কৰিবলৈ আহিছিল৷ তেওঁৰপৰা জানিব পাৰিলোঁ, এই ট্ৰেইনখনে আমাক লৈ যাব ডেৰা বাবা নানক ষ্টেচনলৈ৷ ষ্টেচনৰপৰা ফ্ৰী বাছ আছে ডেৰা বাবা নানক গুৰুদ্বাৰালৈ৷ কিন্তু তাৰ পৰা indian immigration পইণ্টলৈ প্ৰায় ২কিঃমিঃ ৰাস্তা যাবলৈ দিনটোত মাত্ৰ দুখন বাছ; ৰাতিপুৱা ৮বজাত আৰু দুপৰীয়া ২বজাত আৰু মই ডেৰা বাবা নানক পামগৈ ৰাতিপুৱা প্ৰায় ১১বজাত৷ ৩ঘণ্টা সময় কি কৰিম গুণা-গথা কৰি থাকোঁতে মহিলাগৰাকীয়ে ক’লে, মোক স্কুটীৰে থৈ আহিবলৈ তেওঁ কাৰোবাক ফোন কৰি মাতি দিব৷ অচিনাকি মানুহ এগৰাকীয়ে এনেকৈ সহায় কৰাৰ কথা কোৱাত এনে লাগিল আমি যেন সঁচাকৈ অথিতি পৰায়ণ৷ বাৰু যি কি নহওক, ষ্টেচন আহি পালোঁ৷ হালধীয়া বাছখন ৰৈ আছে, এইটোৱে ভাৰত সীমান্তৰ শেষ ষ্টেছন৷ সকলো নামি বাছত বহিলোঁ৷ ড্ৰাইভাৰজন আকৌ ডেৰা বাবা নানক গুৰুদ্বাৰাৰে চৰ্দাৰ এজন৷ মোক অকণমান বেলেগ দেখি সুধিলে ক’লৈ যাম, কিয় আহিছোঁ৷ প্ৰায় ১০মিনিটমান পাছত নামিবৰ হ’ল৷ ট্ৰেইনত লগপোৱা মহিলাগৰাকীৰ লগত, তেওঁ মোক থৈ আহিবলৈ মতা মানুহজনলৈ ৰৈ থাকোঁতে কাষতে এখন বাইক ৰ’লহি৷ চাই দেখোঁ আমি অহা বাছখনৰ ড্ৰাইভাৰজন৷ তেওঁ মোক থৈ আহিবলৈ বাছখন পাৰ্ক কৰি লৰালৰিকৈ আহিছে৷ শিখ মানুহৰ অতিথিপৰায়ণতা কথা শুনি আছিলোঁ, আজি চকুৰে দেখা পালোঁ৷ মহিলাগৰাকীৰ পৰা বিদায় লৈ বাইকত বহি সাজু হ’লোঁ, লক্ষ্য ইণ্ডিয়ান ইমিগ্ৰেচন পইণ্ট৷ ইয়াত মোৰ কাগজ-পত্ৰৰ সম্পূৰ্ণ পৰীক্ষা কৰা হ’ব আৰু ইয়াৰেপৰা মোক থৈ অহা হ’ব জিৰ’ লাইনত, মানে ভাৰত-পাকিস্তানৰ সীমাত৷

বিল্ডিং সোমোৱাৰ পাছতে আৰম্ভ হ’ল কাগজ-পত্ৰৰ পৰীক্ষণৰ কাম৷ ইয়াৰ লগত প্ৰথমবাৰৰ বাবে অভিজ্ঞতা হল “পলিঅ’ দ’ বুণ্ড জিন্দেগী কে” খোৱাৰ৷ আচলতে পাকিস্তান এতিয়াও পলিঅ’ মুক্ত হোৱা নাই, তাৰপৰা যাতে বীজাণু আমাৰ দেশলৈ নাহে তাৰ বাবে এই সাৱধানতা৷ কাগজ-পত্ৰৰ কাম-কাজ শেষ হওঁতে এজনে আহি মাত দিলেহি, তাকো অসমীয়াত! মি. বেনাৰ্জী, তেওঁ আগতে অসমত কাম কৰিছিল আৰু এতিয়া কৰ্টাৰপুৰত কৰ্মৰত৷ তেওঁৰ পৰা গম পালোঁ, সেই বাটেদি পাকিস্তানলৈ যোৱা ময়ে প্ৰথম অসমীয়া৷ তেওঁৰপৰা বিদায় লৈ বিল্ডিংটোৰ পৰা ওলাই দেখিলোঁ, এখন ই-ৰিস্কা মোৰ বাবে ৰৈ আছে৷ সেইখনে মোক থৈ আহিব সীমান্তত৷ প্ৰায় ৮০০ মিটাৰমান যোৱাৰ পাছত দেখিলোঁ, ভাৰত-পাক সীমান্ত, দুয়োখন দেশৰ দুখন গেট মাজত টনা আছে এডাল বগা ৰেখা, সেয়াই জিৰ’ লাইন৷ ভাৰতৰ সীমাত থিয় হৈ আনফালে চাই ভাবিছোঁ, কিমান একে দুয়োখন দেশ কিন্তু এই ৰেখাডালৰ বাবে কিমান বেলেগ৷ মোৰপৰা দুখোজ দূৰত মোৰ সপোনৰ দেশ পাকিস্তান৷ মনত হাজাৰ ভাবৰ বুৰবুৰণি লৈ লাহেকৈ খোজ কাঢ়ি সীমান্ত পাৰ হ’লোঁ৷ মনতে নিজক ক’লোঁ, সকলোৱে ভয় খোৱা দেশখনলৈ অৱশেষত আহিলোঁ৷ সীমান্তৰ সিফালে ৰৈ থকা পাকিস্তানৰ জোৱানজনে হাঁহিমুখে আদৰণি জনালে৷ ইফালেও ৰৈ আছিল এখন ই-ৰিস্কা, এইখনে মোক লৈ যাব পাকিস্তানৰ ইমিগ্ৰেচন চেণ্টাৰলৈ৷ পাকিস্তানী ভাইয়াজনে আথে-বেথে লৈ গৈ নমোৱাৰ আগত ক’লে, “পাকিস্তানলৈ স্বাগতম”৷ পাকিস্তানৰ ইমিগ্ৰেচন চেণ্টাৰত আকৌ কাগজ-পত্ৰৰ পৰীক্ষা কৰিলে, যেতিয়া প্ৰায় ৩০০০কিঃমিঃ দূৰৰ পৰা অকলে আহিছোঁ বুলি ক’লোঁ তেতিয়া অলপ আচৰিতো হ’ল৷ ইমান আপোনভাবেৰে সকলো পৰীক্ষা কৰাৰ পাছত মোক আগবঢ়াই বহুৱাই থৈ গ’লহি বাহিৰত ৰৈ থকা এখন বাছত, আনকি মই পিঠিত লৈ যোৱা সৰু বেগটোও মোক ল’বলৈ নিদিলে৷ বাছখনে প্ৰায় ৪.৭কিঃমিঃ দূৰত থকা গুৰুদ্বাৰালৈ লৈ যাব৷ বাটত আমি পাৰ কৰিম ৰাবি নদী যাৰ পাৰত গুৰু নানকজীয়ে পাৰ কৰিছিল জীৱনৰ অন্তিম ১৮টা বছৰ৷ বাছৰপৰা নামি দেখিলোঁ, এশাৰী কাউণ্টাৰ, য’ত জমা দিব লাগে ২০ডলাৰ আৰু তাতে আছে মানি এক্সচেঞ্জ কাউণ্টাৰো৷ মই ভাৰতীয় ১০০০টকাৰ সলনি পালোঁ ১৮৭০পাকিস্তানী ৰূপী৷ তাৰপৰা ওলাই দেখিলোঁ এটা ডাঙৰ বগা বিল্ডিং, কৰ্টাৰপুৰ চাহেব গুৰুদ্বাৰাৰ বাটচ’ৰা৷ তাতে লগ পালোঁ চেলিম ভাইয়াক, তেওঁ মিঠা হাঁহিৰে সম্ভাষণ জনাই কৈ গ’ল কৰ্টাৰপুৰ চাহেবৰ বুৰঞ্জী৷ ১৫০৪চনত গুৰু নানকজীয়ে তেওঁৰ পৰিভ্ৰমী জীৱনৰ পাছত আহি ৰাবি নদীৰ পাৰত কৰ্টাৰপুৰ গাঁও পাতিলেহি আৰু তাতেই তেওঁ লগত থকা এমুঠি মান শিষ্যৰ লগত খেতি কৰিলে আৰু প্ৰথম লংগৰ আৰম্ভ কৰিলে৷ তাতেই তেওঁ জীৱনৰ শেষৰ ১৮টা বছৰ অতিবাহিত কৰিলে৷ তেওঁৰ মৃত্যুৰ পাছত হিন্দু আৰু মুছলিম দুয়ো পক্ষই দাবী কৰিলে নিজ নিজ নিয়ম মতে সৎকাৰ কৰিবলৈ, কাৰণ মুছলিমসকলৰ মতে তেওঁ এজন পয়গম্বৰ আৰু হিন্দুৰ মতে তেওঁ হিন্দুগুৰু৷ কিন্তু আচৰিতভাৱে ৰাতিয়ে নানকজীৰ শৱদেহ নাইকিয়া হল আৰু পৰি ৰ’ল এমুঠি ফুল৷ তাৰেই এভাগেৰে হিন্দুসকলে দাহ কৰি দুমহলীয়া কৰ্টাৰপুৰ চাহেবৰ তলৰ মহলাত সমাধি সাজিলে, যাক সমাধি চাহেব বুলি কোৱা হয় আৰু আনভাগেৰে মুছলিমসকলে মাঝাৰ সাজিলে, যিটো কৰ্টাৰপুৰ গাঁৱত আজিও আছে৷ ইমানখিনি কথা কোৱাৰ বাবে চেলিম ভাইয়াক ধন্যবাদ জনাই তাৰপাছত গ’লোঁ সৰোৱৰ চাহেবলৈ, য’ত পুৰুষ-মহিলাৰ বাবে বেলেগ বেলেগকৈ গা ধোৱাৰ সম্পূৰ্ণ সুবিধা আছে৷ সৰোবৰ চাহেবত হাত-ভৰি ধুই গুৰুদ্বাৰালৈ আগবাঢ়িলোঁ৷ প্ৰথম মহলাত আছে সমাধি চাহেব, তাত মূৰ দোৱাই দ্বিতীয় মহলাত থকা গুৰুগ্ৰন্থ চাহেবৰ আগত মূৰ দোৱালোঁ৷ ইমান দূৰৰ পৰা আহি ইয়াত মূৰ দোৱাবলৈ সুবিধা দিয়াৰ বাবে মনতে ধন্যবাদ জনালোঁ৷ চাৰিওফালে বিভিন্ন ঠাইৰপৰা অহা দৰ্শননাৰ্থী বহি আছে আৰু এটা দলে সুৰীয়াকৈ গুৰুগ্ৰন্থ চাহেব পঢ়ি আছে৷ ইমান পবিত্ৰ এটা পৰিবেশত মনটো নিজেই নিজেই ভাল হৈ পৰে৷ প্ৰায় এঘণ্টামান বহাৰ পাছত বাকী অংশ চাওঁ বুলি বাহিৰ ওলাই আহি ভাৰত আৰু পাকিস্তানৰপৰা অহা দৰ্শননাৰ্থী চাৰিওফালে ঘূৰি ফুৰা দেখিলোঁ। সকলো একে, পিন্ধন-উৰণ, মাত-কথা, দেখা-শুনাতো একে, মাত্ৰ আমাক পৃথক কৰিছে ডিঙিত ওলোমাই ল’বলৈ দিয়া কাৰ্ডখনে; ভাৰতৰখন হালধীয়া আৰু পাকিস্তানৰখন ৰঙা৷ প্ৰায় ৪২একৰ মাটিত থকা গোটেই কম্পলেক্সটো বগা মাৰ্বলেৰে সজা৷ লগত লাইব্ৰেৰী, মিউজিয়াম আৰু লংগৰ হল৷ সোঁফালে এখন বৃহৎ আকৃতিৰ কৃপান সজোৱা আছে, যাক তেওঁলোকে কৃপান চাহেব বুলি কয়৷ চোতালৰ মাজভাগত আছে এটা কুঁৱা, যিটোৰ পৰা পানী তুলি নানকজীয়ে খেতি কৰিছিল৷ কুঁৱাৰ কাষতে এটা বম্বৰ খালি শ্বেল সজাই থোৱা আছে আৰু কাষতে এখন বৰ্ডত লিখা আছে যে, ১৯৬৫ চনৰ যুদ্ধৰ সময়ত ইণ্ডিয়ান আৰ্মীয়ে এই গুৰুদ্বাৰাটো নষ্ট কৰাৰ বাবে ইয়াৰ ওপৰত বম্ব পেলাইছিল, কিন্তু গুৰুৰ মহিমাৰ ফলত বম্বটো কুঁৱাত পৰে আৰু ফলস্বৰূপে গুৰুদ্বাৰাটো বাচি যায়৷ কুঁৱাৰ কাষত বহি অলেখ-লেখ চাই থাকোঁতে, পাকিস্তানৰ এটা স্কুলীয়া ল’ৰা-ছোৱালী গ্ৰুপ চিনাকি হ’বলৈ, ফটো তুলিবলৈ আগবাঢ়ি আহিল৷ তেওঁলোকৰ লগত ফটো তোলাৰ পাছত আন এটা গ্ৰুপ, শেষত এনেকুৱা অৱস্থা হ’ল যে নিজকে চেলিব্ৰেটিৰ নিচিনা লাগিবলৈ ধৰিলে৷ সকলো আহি চিনাকি হৈছে, ফটো তুলিছে, কেতিয়াবা ভিছা লৈ পাকিস্তানলৈ মাতিছে৷ তেওঁলোকেও কেতিয়াবা ইণ্ডিয়ালৈ আহিব খোজে, তাজমহল চাব খোজে৷ এজন ল’ৰাই সুধিছে মই কেতিয়াবা শ্বাহৰুখ খানক লগ পাইছোঁ নেকি৷ ইমান আদৰ, ইমান আপোন ব্যৱহাৰ দেখি সেইদিনা মোৰ দুচকু ভৰি উঠিছিল৷ কিয় বা ইমান ঘৃণা আমাৰ সেই দেশখনৰ প্ৰতি! কিন্তু সেইদিনা যোৱাৰ পাছত গম পালোঁ ইমান আপোন মানুহ, একেই মন একেই ভাষা, এবুকু মৰম আমাৰ বাবে, ইণ্ডিয়াৰপৰা অহা ভাই-ভনীৰ বাবে৷ আনকি এজনে মোক লংগৰত খুৱাবৰ বাবে আগবঢ়াই লৈ গ’ল; যেন ঘৰলৈ অহা আলহীকহে মাতি নি খুৱাইছে৷ তৃপ্তিৰে এসাজ খোৱাৰ পাছত আগবাঢ়িলোঁ ভাই অজীতাজী বজাৰলৈ৷ এইখন এখন সৰু বজাৰ য’ত বিভিন্ন খোৱা বস্তু, স্মৃতি চিহ্ন কিনিবলৈ পোৱা যায়৷ বজাৰত ঘূৰি ঘূৰি আলেখ-লেখ চাই দুপদমান বস্তু ময়ো কিনিলোঁ৷ টকাৰ মূল্য আমাতকৈ কম, সেয়ে তেওঁলোকে ভাৰতীয় টকা ল’বলৈ বেয়া নাপায়৷ চাহ একাপ লৈ বহি থাকোঁতে এটা সৰু গ্ৰুপ আগবাঢ়ি আহিল, মোৰ চুটি চুলি আৰু মংগোলীয় মুখায়বৰ বাবে মোক চীনৰ বুলি ভাবিছিল, কিন্তু যেতিয়া মই অসমৰ বুলি ক’লোঁ, এগৰাকীয়ে ক’লে অসম চাহৰ বাবে বিখ্যাত নহয় জানো! মনটো আনন্দৰে ভৰি পৰিল, তেওঁলোকে আমাৰ অসমকো চিনি পায়৷ তেওঁলোকৰ লগত আড্ডা মাৰি থাকোঁতে আমাৰ উভতি যাবৰ সময় হ’ল৷ পাকিস্তানৰ স্থানীয় সময় মতে চাৰিবজাত তাৰ পৰা উভতিব লাগে৷ ভাৰত-পাক সীমান্তত আমাক থৈ আহিবৰ বাবে আকৌ সন্মুখত বাছ ৰৈ আছে৷ এটা আবেগেৰে ভৰা মন লৈ বাছত আহি বহিলোঁহি৷ মনতে ভাবিছোঁ, আকৌ এবাৰ আহিম পাকিস্তানলৈ, এইবাৰ ভিছা লৈ, লাহোৰ, ইছলামবাদ চাবলৈ আৰু আপোন মানুহবোৰক লগ পাবলৈ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক