তেজীমলাৰ বাবে এটা কবিতা – চন্দনা শৰ্মা

তই ডাঙৰ নহ’বি তেজীমলা
সময়ে তোক অশুচি
কৰিব৷
সপোনৰ পাখি দুখনত
নাবান্ধিবি জীৱন,
পদূলিত ৰাং কুকুৰৰ জাক৷
ফুলৰ পাঁহিত গজি উঠে
বিষাক্ত দাত৷

তোৰ মনত কৈ শৰীৰৰ
দাম বহুত বেছি;
কাপোৰেৰে ঢাক,
এন্ধাৰেৰে ঢাক,
অযুত নিযুত ’নাপাই’ৰে
ঢাকি থ’ নিজক৷
মন্দিৰৰ ঈশ্বৰক
হাত মেলি নিবিচাৰিবি আশিস,
অপবিত্ৰ হ’ব পাৰে
পাপ মুক্তিৰ দৰবাৰ৷
তই জুইৰ লগতে
খেলি থাক,
কলিজাক কবৰ দে
তুলসীৰ তলত
(তুলসীও হেনো নাৰী, অথচ
পূজাত অপৰিহাৰ্য)!
তই জীয়াই জীয়াই
মৰি যা, দীঘল উৰণি লৈ
অৰ্থহীন নিয়মৰ বোজাত
ফুল হৈ ফুল
নিজৰেই মৰিশালিত৷
তোক পূজা কৰিম,
কবিতা লিখিম,
সময় হ’লে শ্লোক দুটামানো
আওৰাম মোক্ষ প্ৰাপ্তিৰ বাবে৷

তই ডাঙৰ নহ’বি তেজীমলা,
নৰপিশাচে নেফানেফ কৰিব
তোৰ সমগ্ৰ সত্তা৷

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
দেবজিত শৰ্মা
9 months ago

খুব ভাল লাগিল পঢ়ি৷

দেবজিত শৰ্মা
9 months ago

পঢ়ি খুব ভাল লাগিল

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক