বনছাই – মনালিছা শৰ্মা

ইয়াৰ পিছত আৰু একো নাই
সলনি হোৱা দৃশ্যপট
ঘাই শিপা কাটি নিৰ্মাণ হয়
সপোনৰ বনছাই!

ওখ হবলৈ দিব নোৱাৰি
ভোক বাঢ়ি যায়
ওখ হবলৈ দিব নোৱাৰি
শোক বাঢ়ি যায়৷

বোধিদ্ৰুমৰ ছাঁত এপৰ জিৰাওঁতে
সপোনৰ শেলুৱৈ শয্যা হয়..
হাজাৰ অতসী কবিতাৰ উৎসৱ আওঁৰাওতে,
আকুল প্ৰেমৰ তৰ্জমাত অনাদৃত গধূলিবোৰ
মংগল আৰতি হওঁতে
সপোনৰ কোষ বাঢ়ি যায়৷
বাঢ়ি যোৱা কোষত উশাহ-নিশাহৰ নিৰ্বাণ
উভতি নহাৰ গান…

সপোনৰো থাকে পিয়াপি দি ফুৰিব পৰাকৈ
অতীত আৰু বৰ্তমান
একত এক লাগি হাজাৰ কোষেৰে বটবৃক্ষ হ’ব পৰাকৈ
গজগজীয়া শিপা৷

অনশ্বৰতাৰ ধুমুহাত সকলো সাময়িক!
এদিন সপোনৰ শিপা উঘালি
শোকাকূল হ্ৰদৰ ৰৈ থকা পানীত বিকুলৰ সুৰ বাজে৷
মাটিলৈ বহুদূৰ; আকাশলৈও৷
শিলত খোপনি ভাল
বনছাই হৈ ওখ নোহোৱাকৈ!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক