ভোক – নিৰ্মালি সন্দিকৈ

পদ্মাৰ দাঁতবোৰ বাহিৰলৈ ওলোৱা৷
আনবোৰ মানুহৰ দৰে তাই বিড়িটো ওঁঠৰ চেপত ভৰাই খাব নোৱাৰে৷
তাই এটা বিশেষ কায়দাত থুঁতৰিটো বুকুত লাগো লাগোকৈ মুখখন তললৈ নমাই লয় আৰু বিড়িটো মুখত সুমুৱাই লৰালৰিকৈ হোপা দুটামান মাৰে৷ আগতে এই কাৰবাৰটোত তাই চৰ্চৰণি খাইছিল, আজিকালি নেখায়৷
আগতে জগন্নাথৰ গেমেহা ভুকুতো বুকু ধৰফৰাইছিল, আজিকালি একো
দুখ শোক অনুভৱেই কৰা নেযায়৷
ৰূপেছৰী, গুণেমাই, পুষ্প, বলৰাম আৰু মাণিকতকৈ তাই ডাঙৰ৷ কিন্তু বিয়া আটাইতকৈ শেষত৷ দাঁতকেইটাৰ বিন্যাসেই তাইৰ হ’ব লগা দৰাবোৰ খেদাই পঠিয়াই বুলি জনাৰ পাছত তাই ঘৰত চিধাচিধি কৈ দিলে বোলে তহঁতমখাই য’লৈকে যাৱ যা৷ যিজনীকে আনিব খুইছ আনহঁত৷
তাইৰ কথাষাৰলৈ বুলি ৰৈ থকা নাছিল যদিও বাই-ভনীমখাই অকন সকাহ পালে৷ এবছৰতে তিনিওজনী পলাই আজৰি হ’ল৷ পুষ্পইতো মাষ্টৰৰ ঘৰ এখন পালেগৈ৷
মাণিকহঁতে এজনী এজনী অনাৰ আগতেই পদ্মাই কলে বোলে, তহঁতৰ ঘৈণীয়েৰহঁতে আহি থেকেচ-নেকেচ কৰাৰ আগতেই মোক বাৰীৰ এচুকত একোঠালি সাজি দে৷ তাতে মই চৰু জুৰি কিবাকে খাম আৰু৷
মাণিকহঁতেও ভালেই পালে৷
তিনিওটাই তিনিজনী আনিলে৷
ভাইবোৱাৰীয়েকহঁতৰ মেখেলা-কাপোৰ ধুই দিয়াৰ বাদে পদ্মাই সিহঁতক পৰাখিনি কাম-বন কৰি দিয়ে৷ কেঁচুৱাৰ আল-পৈচান ধৰে৷ সিহঁতৰ মাকবোৰৰ ঘৰৰ মানুহ আহিলে নিজৰ বাৰীচুকৰ কোঠালিটোত সোমাই থাকে৷
পিছে, ঘটনাবোৰ পৰভূ ভগন্তই আগেই চুলি নোহোৱা কপালত লিখি গ’ল কাৰণে বলৰামৰ ঘৈণীয়েকৰ দদায়েকটো আহি ওলালহি নহয়!
বলৰামে বায়েকক মাতি নি বোলে, মাছকেইডোখৰ মান ভাজি দেহি চোন! দাইদৌ আহিছে৷
পদ্মা গ’ল৷ গুটি আলুৰে কুকুৰাৰ মঙহ, মাছ আৰু কচুশাক ৰান্ধিলে৷ খাই বৈ বলৰামৰ খুড়া শহুৰেকৰ জিভাখনত জুতি লাগিল৷
তাতোকৈ ভাল লাগিল আন এটা কথাত, পদ্মাৰ আপচু দাঁতকেইচটাৰ বাদে বাকী গোটেই মানুহজনীৰে গাত কোনো খুঁত নাই৷
তাৰো মানুহজনী নাই৷ কাল হোৱাই বছৰচেৰেক হ’ল৷
যাবৰ পৰত সি জোৰ কৈ পদ্মাক টকা কেইটামান গুজি দিলে৷ তাই সজোৰে আপত্তি কৰিলে৷
সি নেমানে৷
“লোৱাচোন একো নহয়!“ বুলি সি অদ্ভুদ চাৱনিৰে পদ্মালৈ চাই গ’লগৈ৷
তাৰ চাৱনিটোৰ বাবেই নে জুহালত সোমাই থকাৰ বাবেই পদ্মাৰ গাটো গৰম লাগিল৷ তাই নাদৰ পাৰলৈ গৈ বহুপৰ গা ধুলে৷
গা ধুই ধুই তাই আৱিষ্কাৰ কৰিলে, দাঁতকেইটাৰ বেয়া লগাকণে তাইৰ শৰীৰৰ ভাললগা উত্তাপকণ নিষ্প্ৰভ কৰিব পৰা নাই৷
কাপোৰ এসাজে তেল-সেন্দুৰ একণে দি পদ্মাক জগন্নাথে এদিন ৰাইজ দুজনমান গোটাই লৈ গ’লহি৷
বাই-ভনী মখাই স্বস্তিৰ নিশ্বাস এৰিলে৷ হওক তেও, হাড়কেইডালকে শুচি হব তাইৰ!
মনে মনে হিংসাও লাগিল সিহঁতৰ৷
জগন্নাথৰ ল’ৰা ছোৱালী নাই৷
সি ককায়েক বৌৱেকৰ লগতে অতদিনে আছিল, আগৰ ঘৈণীজনীও মৰিল৷ নিৰ্জঞ্জাল মানুহ৷
ককায়েকৰ জীয়েকজনীৰ পিছৰ মাহত বিয়া৷
ল’ৰাবোৰ ৰাজ্যৰ বাহিৰত কামে কাজে থাকে৷
গাঁৱলৈ ওভতাৰ অকণো সম্ভাৱনা নাই৷
পদ্মাই কইনা হৈ পিন্ধা কাপোৰসাজৰ দামেৰে সিহঁতৰ গোটেই জোৰোণৰ ভাৰখন আহিছিল৷
পদ্মাক চেইন খাৰু কাণফুলিও দিছে৷ মিহি হলে কি হ’ল, খাঁটি সোণৰ!
পদ্মাৰ বৰজনায়েকৰ ঘৰৰ শেষখন বিয়া৷
তাতে একেজনী মাথোঁ জী৷
তাই দেহে-কেহে লাগিছে৷
জায়েকে কৰিব পৰাখিনি কৰিছে, বাকী থকাখিনি নিশ্চিন্তে তাইৰ ওপৰত সঁপিছে৷
তায়ো এজনী মানুহ৷ তাইৰো দুখ ভাগৰ আছে৷ সেইটো কোনেও মনত ৰখা নাই৷ তায়ো পাহৰিবলৈ যত্ন কৰিছে৷
দৰা দূৰৈৰ৷ গোটেই ঘৰখনেই টাউনৰ বিবাহ ভৱনলৈ উঠি যাব৷
জোৰোণ তাতেই হ’ব৷ দৰাহে গাঁৱৰ ঘাই ঘৰলৈ আহিব৷ দৰাৰ মাকৰ গা বৰ ভাল নহয়৷ ঘোকোটৰ বেয়া ৰাস্তাৰে আহিব নোৱাৰে৷ তাতে জোৰোণ দিবলৈ অহা মানুহ হেনো ঢেৰ হ’ব৷ সেইবোৰ মানুহক বিবাহ ভৱনতে আপ্যায়ন কৰা হব৷
জোৰোণৰ বাবে বিবাহ ভৱনলৈ যাবৰ পৰত এলেকৰ পেলেক মাহীয়েক দুজনীমানলৈও বাছত চীট ওলাল৷ নোলাল অকল পদ্মালৈহে৷
জগন্নাথে ক’লে, “অলপহে দূৰ! তই থিয় হৈয়ে যা নহ’লে৷ “
কইনাই ককায়েকহঁতৰ গাড়ীৰ পৰা চিঞৰি ক’লে, “খুড়ী যাব নেলাগে৷ ঘৰখনত ইমানবোৰ বস্তু আছে৷ এনেকৈ এৰি যাব নোৱাৰি!“
হয়, হয়৷ পদ্মাই ভাবিলে ঠিকেইতো৷ ঘৰখনত মূল মানুহ এজনী লাগেতো! বাহিৰে ভিতৰে অতবোৰ বস্তু বেহানি মতা মানুহকেইটাই চাব পাৰিব জানো?
পদূলিত ৰৈ থকা পদ্মাৰ চকুৰ আগে দিয়েই গাড়ীবোৰ ওলাই গ’ল৷
নিজান ঘৰখনলৈ সোমাই আহোঁতেহে তাইৰ অনুভৱ হ’ল, তাইৰ ভোক লাগিছে৷
পাকঘৰৰ চৰু কেৰাহীবোৰ উদং৷ চিৰাৰ বস্তাটোৰ পৰা চিৰা দুমুঠি উলিয়াই তাকে ধুই তাই খাবলৈ ল’লে৷
চুৱা চৰু কেৰাহীবোৰ ধুই থব লাগিল৷
যেনি তেনি পিয়াপি থকা মতা মানুহ দুটামানক চাহ একাপো দিব লাগিল৷
পিন্ধি থকা পাটৰ মেখেলাখন সলাই তাই পুৰণি মেখেলা এখন পিন্ধি ল’লে৷
বাচনবোৰ ধুই হল কি নহ’ল, ধনটি উধাতু খাই আহিল৷
বোলে বৰমাই তোক এত্তিয়াই মাতি গৈছে৷
তাই শান্ত স্বৰেৰে সুধিলে, ক’লৈ?
: কি কলৈ? পৰজাপতি ভৱনলৈ আকৌ৷
পদ্মাৰ গেৰোঁ গেথোঁ লাগিল৷ যাব জানো তাই?
নগ’লেও জায়েকে মনত দুখ পাব৷ তেওঁতো নেজানে যে বাছত পদ্মালৈ ঠাই নোলাল৷ তেওঁ যে আগতেই গ’ল৷ এতিয়া চাগৈ পদ্মা নহাৰ কথাটো গম পাই তেওঁ বৰ বেয়া পাইছে৷
লৰালৰিকৈ সেন্দূৰৰ ফোঁটটোৰ ওপৰতে আৰু অকন সেন্দূৰ বোলাই মেখেলাখন সলাই তাই ধনটিৰ লগত যাবলৈ ওলাল৷
ধনটিয়ে যিহে উৎপাত কৰিলে, চুলিকেইডাল ফণিয়াবলৈও নহ’ল৷
মটৰ চাইকেলৰ পিছ চীটত বহি যাওঁতে তাইৰ চুলিকোচা আৰু বেছি আউল বাউল হ’ল৷
বিবাহ ভৱনৰ গেটতে এনেয়ে মূৰটোত হাতখন ফুৰাই ওৰণিখন টানি তাই খৰখোজেৰে ভিতৰ সোমাল৷
জোৰোণৰ মানুহ আহি পালেহি৷ কইনাক পাটীত বহুৱাই তেল সেন্দূৰো দিয়া হৈছে৷ কইনাৰ নাকতো সেন্দূৰৰ আভা জিলিকিছে৷
পদ্মাই ফটকে চকুহাল মচিলে৷ মাইকী ছোৱালীৰ জীৱন দেহি! সেন্দূৰকণ ললেই সকলো সলনি হৈ পৰে৷ সৰু ছোৱালী৷ এতিয়া কল্পনাত বিভোৰ হৈ আছে৷ ভাল হলে ভালেই৷ নহ’লে যম আৰু জোঁৱাইনো কিহত বেলেগ?
তাই থিয় হৈয়ে জোৰোণ পিন্ধোৱা চালে৷ বহিবলৈ ক’তো অকণো ঠাই নাই৷
জোৰোণৰ বস্তু বেহানিবোৰ চমজি লবৰ সময় হ’ল৷
জাক জমক কাপোৰ গহনা পিন্ধা মানুহবোৰৰ ভিৰত পদ্মাক তেনেই অলাগতিয়াল পদাৰ্থ এটাৰ দৰে কোনেও ঘূৰিকে নেচালে৷
দৰাঘৰীয়া মামীয়েকে যেতিয়া ’কোনোবা এগৰাকীয়ে চাবিকাঠি চমজি লওক’ বুলি সমজুৱাকৈ ক’লে, পদ্মাৰ হাতখন আপোনা আপুনি আগবাঢ়ি আহিল৷
দৰাৰ মামীয়েকে পদ্মাৰ মুখলৈ চাই হতভম্ব হ’ল৷ তেওঁৰ মেহেন্দী চিত্ৰিত হাতখন কোঁচ খাই আহিল৷
কইনাৰ কোনোবা বান্ধৱী এজনীয়ে “চাওঁ মোকে দিয়ক’ বুলি কৈ হে যেন তেওঁক বচালে৷
কইনাঘৰীয়া কোনোবা এগৰাকীয়ে চেপা মাতেৰে ক’লে, “দাঁতৰ ডিজাইন চোৱা! তাতে আকৌ বাঁজী!”
কাষৰ গৰাকীয়ে লগতে সুৰ মিলালে, “বাঁজী বুলি নকবি ৰহ এতিয়াই৷ অহা দুমাহ হৈছেহে! এইজনী আগৰজনী নহয় নহয়৷ আগৰজনী মৰিল৷ এওঁৰ গুটি গজিবও পাৰে৷ দাঁতৰ বাহিৰে বাকী চব ঠিকেই আছে৷
পদ্মাই লাহেকৈ তাৰ পৰা আঁতৰি আহিল৷
অকণমান নিজান এডোখৰ বিচাৰি তাই মজিয়াতে লেপেটা কাঢ়ি বহিল৷
ওৰণিখনো ওপৰলৈ টানি ল’লে৷
কি কৰো, কি নকৰোকৈ তাই যেনি তেনি চাবলৈ ধৰিলে৷
জাক জমক উৎসৱটোত পদ্মা নামৰ দঁতুৱা মানুহজনী যেন এডোখৰ লেতেৰা আৱৰ্জনা৷
জায়েকে এবাৰ তাইক দেখি ক’লেহি, “চাহ-তাহ অকণ খাই ল! পাত-চাত পেলাবলৈ যে মানুহ তিনিজনী মাতিছিলো, তাৰে এজনী নাহিল নহয়! তই চব ছিজিল কৰি বাচন বৰ্তনবোৰ ধুই মেলি থৈ যাবি দেই!“
তাইক লৰালৰিকৈ মতাৰ কাৰণটো তাই পলকতে বুজিলে৷
এপাকত তাইৰ মনত পৰিল, মেখেলাৰ খোচনিত বিড়ি এটা আছে৷
কাৰিকৰৰ ওচৰলৈ গৈ বিড়িটো জলাই তাই আকৌ আগৰ ঠাইলৈ উভতি আহিল৷
তাৰ পাছত মুখখন তললৈ কৰি বিশেষ কায়দাটোৰে তাই বিড়িটো হুপিব ধৰিলে৷
শেষ হোৱা বিড়িটো দূৰলৈ দলিয়াই তাই ঠিয় হ’ল৷
কঁকালৰ খোঁচনিত তাইৰ আৰু এটা ভাৰ৷
গুটিধানৰ ভঁৰাল, ষ্টোৰ ৰুম, জায়েকৰ বাকচ, আলমাৰী আৰু গোটেই ঘৰখনৰ মূল দুৱাৰত লগোৱা তলাৰ এজোকা ছাবি৷
ছাবিজোকা দিবলৈ তাই জায়েকক বিচাৰিলে৷
ইফালে সিফালে চাইও যেতিয়া তাই জায়েকক নেদেখিলে, তেতিয়া তাই কইনা বহা কোঠাটোত সোমালগৈ৷
কইনাই তাত বহি জিৰাইছে৷
পদ্মাই অলপ হাউলি ভতিজী জীয়েকৰ হাতত ছাবিকোচা দি ক’লে, “বাইদেউক কবি, মই ঘৰলৈ গ’লো বুলি৷ “
কইনাই একো বুজিবলৈ নেপাওঁতেই তাই বাট ল’লে৷
ধনটিক গেটৰ বাহিৰত পাই তাই বৰ ব্যস্ত যেন দেখুৱাই তাক ক’লে, “ঘৰলৈ ব’লচোন! দৰকাৰী কাম এটা আছে“
ধনটিয়ে মটৰ চাইকেলখন ষ্টাৰ্ট কৰে মানে পদ্মাই ভাবি ল’লে, চাৰিআলিটো পালেই তাই তাক ক’ব- “সোঁপিনে ব’ল! মই নিজৰ ঘৰলৈহে যাওঁ৷”
তাৰ পিছত তাই বাৰী চুকৰ কোঠাটোত সোমাই ভাত এসাজ ৰান্ধি খাব৷ তাইৰ পেটটো কলমলাই উঠিছে৷
আজি দুমাহে তাই নকন্দাকৈ ভাত এসাজ খোৱা নাই৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments