ষ্টিফেন হকিঙক দেখাৰ সৌভাগ্য – উদয় ভাস্কৰ বৰা

ষ্টিফেন হকিং বিশ্বৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ পদাৰ্থ বিজ্ঞানীসকলৰ ভিতৰত এজন৷ হকিং ২১ বছৰ বয়সত মটৰ নিউৰণ নামৰ স্নায়ুৰ এক বেমাৰত আক্ৰান্ত হয়৷ এই বেমাৰত আক্ৰান্ত ৰোগীৰ প্ৰথমে মাংসপেশী বিকল হৈ পৰে, পাছত মাত-কথা নোহোৱা হয় আৰু এক দুবছৰৰ ভিতৰত মৃত্যু৷ ষ্টিফেন হকিঙকো চিকিৎসকে খুব বেছি দুবছৰ জীয়াই থাকিব বুলি কৈছিল৷ কিন্তু এই বেমাৰে তেওঁৰ শৰীৰটোকহে পেৰেলাইছিছ কৰিলে, তেওঁৰ মনটোক ভাঙি পেলাব নোৱাৰিলে৷ কেৱল মনৰ জোৰত তেওঁ আৰু ৫৫ বছৰ জীয়াই থাকিল আৰু পদাৰ্থ বিজ্ঞানৰ জগতখনক চহকী কৰি থৈ গল৷ তেওঁ লিখা “সময়ৰ চমু ইতিহাস“ নামৰ গ্ৰন্থখন বিশ্বৰ প্ৰায় ২৫টা ভাষালৈ অনুবাদিত হৈছে আৰু এতিয়ালৈ প্ৰায় এক কোটিৰো অধিক কপি বিক্ৰী হৈছে৷

আন ৰোগীৰ দৰে তেৱোঁ মাত-কথা হেৰোৱাই পেলাইছিল যদিও এক বিশেষ যন্ত্ৰৰ সহায়ত তেওঁ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰিছিল৷

২০০১ চনত এক বক্তৃ‌‌তা প্ৰদান কৰিবলৈ ষ্টিফেন হকিং ভাৰতলৈ আহিছিল৷ বক্তৃতানুষ্ঠানৰ স্থান আছিল দক্ষিণ দিল্লীত অৱস্থিত চিৰি ফ’ৰ্ট প্ৰেক্ষাগৃহ৷ (এই প্ৰেক্ষাগৃহ ১৯৮২ চনৰ এছিয়াড গেমছৰ সময়ত নিৰ্মাণ কৰা হৈছিল৷) দিল্লী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগ আৰু আন এক সংস্থাই আমন্ত্ৰণ কৰি আনিছিল ষ্টিফেন হকিঙক৷ স্বাভাৱিকতে সাধাৰণ ৰাইজৰ কাৰণে মুকলি নাছিল এই অনুষ্ঠান৷ আয়োজকে প্ৰদান কৰা পাছ থকিলেহে আপুনি প্ৰেক্ষাগৃহত প্ৰৱেশ কৰিব পাৰিব৷

মই তেতিয়া ন‌য়দাত থাকোঁ৷ বিশ্ববিদ্যালয়ৰপৰা ওলোৱা ইতিমধ্যে এবছৰ হৈছিল৷ তদুপৰি মই পদাৰ্থ বিজ্ঞান বিভাগত নাছিলো৷ গতিকে পাছ যোগাৰ কৰাৰ কোনো সুবিধা নহ’ল৷ কি কৰা যায় এতিয়া? ষ্টিফেন হকিংটো বাৰে বাৰে ভাৰত আহি নাথাকে৷ এয়াই হয়তো তেওঁৰ প্ৰথম আৰু শেষ ভাৰত আগমন৷

বক্তৃতাৰ দিনা মনত এক আশা লৈ ওলালো চিৰি ফৰ্ট অভিমুখে৷ কিজানি পাছ এখন যোগাৰ কৰিব পাৰি৷ দুই আঢ়ৈ ঘণ্টা আগেয়েই চিৰি ফ’ৰ্ট গৈ পালো৷ দুই এজন লোক ইতিমধ্যে উপস্থিত হৈছে৷ সকলোৰে হাতত প্ৰৱেশ পত্ৰ বা পাছ৷ লাহে লাহে এজন দুজনকৈ লোক বাঢ়ি গৈ থাকিল আৰু পুলিচে এটা সময়ত সকলোকে শাৰী পাতিব দিলে৷

চিৰি ফ’ৰ্টত প্ৰৱেশৰ গেট দুখন৷ দুয়োখন গেটতে দীঘলীয়া শাৰী৷ মই দুয়োটা শাৰীতে চিনাকি মুখ বিচাৰিব ধৰিলো৷ দুই এজন লোকক সুধিও চালো, এক্সট্ৰা পাছ আছে নেকি৷ সকলোৰে এটাই উত্তৰ, নাই৷

এটা সময়ত প্ৰৱেশ আৰম্ভ হল আৰু চিকিউৰিটী গাৰ্ডে পাছ পৰীক্ষা কৰি এজন এজনকৈ মানুহক সোমাব দিলে৷ মই শেষ মুহূৰ্তলৈ গেটৰ ওচৰতে থাকিলো এই আশাত যে মোক হয়তো লাষ্টত সোমাব দিব৷ নাই, সোমাব নিদিলে৷ ভাবিলো এই জনমত ষ্টিফেন হকিঙক দেখা পোৱাৰ ভাগ্য নহ’ল৷

চিৰি ফ’ৰ্ট দক্ষিণ দিল্লীৰ ঘাই পথতে অৱস্থিত৷ পথৰ কাষত ফুটপাথ৷ মই লাহে লাহে ফুটপাথৰ ওপৰেদি তল মূৰ কৰি বাছ ষ্টপলৈ বুলি আগবাঢ়িলোঁ৷ হঠাতে দেখিলো সন্মুখৰপৰা চাৰিটা লৰা ছোৱালী দৌৰি দৌৰি আহি আছে৷ দেখিয়েই বুজিবলৈ বাকী নাথাকিল, সিহঁতো বক্তৃতা চাবলৈ আহিছে আৰু দেৰি হোৱা কাৰণে দৌৰি দৌৰি গৈ আছে মই এৰি থৈ অহা গেটখনৰ ফালে৷ মই ভাবিলোঁ কি ভাগ্য ইহঁতৰ৷

পাউলো কোৱেল‌ই কৈ গৈছে, যদি আপুনি অন্তৰৰপৰা কিবা বিচাৰে, তেন্তে সমগ্ৰ বিশ্বই ষড়যন্ত্ৰ কৰে যাতে আপোনাৰ মনোকামনা পূৰ্ণ হয়৷ মোৰ ক্ষেত্ৰতো চাগে সেয়ে হ’ল৷ মই দেখিলো, ফুটপাথত কিবা এখন পৰি আছে৷ সাধাৰণতে ফুটপাথত পৰি থকা বস্তু উঠাই চোৱা নহয়৷ কিবা ভাব হ’ল, সেইখন উঠাই চালো৷ ভগৱানৰে ষড়যন্ত্ৰ নেকি, সেইখন আছিল বক্তৃতানুষ্ঠানৰ পাছ!

এক চেকেণ্ডো নৰ’লো আৰু তীব্ৰ গতিত দৌৰ দিলো আনখন গেটৰ ফালে৷ (কাৰোবাৰ হাতৰপৰা পাছখন পৰি গৈছিল নেকি?) পাছ দেখুৱাই প্ৰেক্ষাগৃহত প্ৰৱেশ কৰিলো৷ গ্ৰাউণ্ড ফ্লৰত ঠাই নথকা কাৰণে বেলকনিত বহিব দিলে৷

বহাৰ পাছত যি দৃশ্য দেখিলো সেয়া জীৱনত কেতিয়াও পাহৰিব নোৱাৰোঁ৷ ষ্টেজৰ ঠিক সোঁমাজত এখন হুইল চেয়াৰত বহি আছে ষ্টিফেন হকিং৷ ডিঙিটো এফালে হলা৷ মই মন্ত্ৰ মুগ্ধৰ দৰে হৈ পৰিলো৷

এটা সময়ত বক্তৃতা আৰম্ভ হ’ল বুলি ঘোষণা কৰিলে আৰু হুইল চেয়াৰত লগাই থোৱা যন্ত্ৰটোৰপৰা এটা এটাকৈ শব্দ ওলাই থাকিল….|

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক