সাক্ষাৎকাৰ: পৰ্বতাৰোহী পাৰ্বতী প্ৰসাদ গৌতমৰ সৈতে সাহিত্য ডট অৰ্গৰ প্ৰতিনিধি

সাহিত্য: ছাৰ সাহিত্য ডট অৰ্গৰ তৰফৰপৰা পোনপ্ৰথমে আপোনালৈ আন্তৰিক শ্ৰদ্ধা আৰু নমস্কাৰ জনাইছোঁ৷ আমি প্ৰথম প্ৰশ্নটি আৰম্ভ কৰোঁ; আপোনাৰ জন্ম ক’ত হৈছিল?

পাৰ্বতী প্ৰসাদ গৌতম: মোৰ জন্ম গুৱাহাটীতে৷

সাহিত্য: আপোনাৰ পৰিয়ালৰ বিষয়ে কওকচোন৷

পাৰ্বতী প্ৰসাদ গৌতম: মোৰ পত্নী, ছোৱালী এজনী আৰু ল’ৰা এটা৷

সাহিত্য: আৰু আপোনাৰ শিক্ষা জীৱন?

পাৰ্বতী প্ৰসাদ গৌতম: চিভিল ইঞ্জিনীয়াৰিঙৰ ডিপ্লমা অসম ইঞ্জিনীয়াৰিং ইনষ্টিটিউটৰ পৰা, কলেজিয়েট স্কুলৰ পৰা মেট্ৰিক পাছ কৰি কটন কলেজত নামভৰ্তি কৰাৰ পাছতেই মাউণ্টেনিয়েৰিঙৰ কৰ্চ কৰাৰ সুযোগ পাই পৰীক্ষা নিদিয়াকৈ গুচি গ’লো৷ ফলত এটা বছৰ ক্ষতি হয় আৰু তাৰ পাছতহে আহি বাকী পৰ্যায়ৰ পঢ়াশুনা সমাপ্ত কৰা হ’ল৷

সাহিত্য: মাউণ্টেনিয়েৰিঙৰ কৰ্চৰ প্ৰতি ইমান ধাউতি কেনেকৈ আহিল? যাৰ বাবে আপুনি পৰীক্ষা নিদিয়াকৈয়ে স্কুলৰ পৰা গুচি গৈছিল?

পাৰ্বতী প্ৰসাদ গৌতম: আমাৰ দিনত তেতিয়া পৰ্বতাৰোহণৰ বৰ বেছি সমাদৰ নাছিল৷ তেতিয়া ভালকৈ একো জনাই নাছিলো এই বিষয়ে৷ মাত্ৰ হিলাৰী আৰু টেনজিং নৰ্গেৰ বিষয়ে শুনিছিলোঁ৷ মই কিন্তু সৰুৰে পৰা খোজকাঢ়ি শ্বিলং, বশিষ্ঠ আদিলৈ গৈছিলোঁ, চাইকেল লৈও খুব কম সময়তে কেতিয়াবা শ্বিলং পাওঁগৈ, ঘূৰি ফুৰো৷ অভিজ্ঞতা তেনেকৈয়ে৷ এইবোৰ দেখি শুনি অসম মাউণ্টেনিয়েৰিঙৰ জন্মদাতা ৰোহিনী ভূঞাই মোক এদিন পৰ্বতলৈ যাবলৈ লগ ধৰিলে৷ তাৰপাছত তেওঁৰ কথা মতেই ১৯৭০ ত গুৱাহাটীতে লোকেল ট্ৰেইনিং লওঁ৷ তাত শিকাবলৈ আহিছিল দাৰ্জিলিংৰ পৰা অহা দুজন চেৰ্পাই৷

সাহিত্য: অসম পৰ্বতাৰোহণ সংস্থাৰ সৈতে আপুনি জন্মলগ্নৰে পৰা জড়িত৷ দুঃসাহসিক ক্ৰীড়াৰ ক্ষেত্ৰত আপুনি বহুকেইটা অভিযান কৰিছে৷ এই বিষয়ে আপোনাৰ অভিজ্ঞতা জানিব বিচাৰিছোঁ৷

পাৰ্বতী প্ৰসাদ গৌতম: মাউণ্টেনিয়েৰিঙ বস্তুটোৱেই হৈছে থ্ৰীলিং!

এবাৰ আমাৰ Indian sub-training ৰ বাবে বাচেন্দ্ৰী পাল, ফুদৰ্জী, এণ্ড্ৰি চাৰ্পা আদি সকলো আহিছিল৷ মই যিহেতু গোটেইকেইটা কেম্প এটেণ্ড কৰিছোঁ..৷ সেয়া ৮০ চন মানৰ কথা৷ কেম্পটোত প্ৰশিক্ষাৰ্থী এজন আহিছিল৷ সন্মুখত আমাৰ চেৰ্পা, মাজত মুম্বাইৰ ফাৰ্চী ল’ৰা তাৰাপুৰে আৰু পাছত মই৷ সেই তাৰাপুৰে বোলা ব্যক্তিজন ক্ৰেভাচত (পৰ্বতৰ ফাট) পৰিছিল৷ প্ৰায় ১০০ কেজিৰো অধিক মানুহজন যথেষ্ট গধুৰ আৰু ওখ-পাখ আছিল৷ তেওঁক আমি সকলোৱে মিলি উঠাইছিলোঁ ক্ৰেভাচৰ পৰা৷ সেয়া এটা ডাঙৰ অভিজ্ঞতা আছিল আমাৰ কাৰণে৷

আকৌ এবাৰ মাজৰাতি বৰফৰ ধুমুহা আহিছিল, ৰাতিপুৱালৈ কমিছিল যদিও আমাক আৰ্মী তিনিজনে বাহিৰলৈ যাব মানা কৰিছিল৷ কিন্তু আমি বতৰ ভাল হোৱা বুলি গৈছিলোঁ৷ গৈ দেখিবলৈ পাইছিলোঁ যে আৰতি দে নামৰ বঙালী ছোৱালী এজনীৰ স্ন’ ব্লাইণ্ডনেচ হৈ গৈছিল৷ স্ন ব্লাইণ্ডনেচ হ’লে চকুৰে একো নেদেখি, সব বগা বগা দেখি৷ চকু জ্বলি যোৱাৰ দৰে হয় আৰু ই এসপ্তাহ, এমাহ পৰ্যন্ত থাকে কেতিয়াবা৷ সেয়াও অভিজ্ঞতা, সেয়ে বৰফলৈ গ’লে পৰ্বতাৰোহণৰ উপযোগী ক’লা চান গ্লাছ পিন্ধি যাব লাগে৷

আৰু এটা ঘটনা ঘটিছিল মই তৃতীয় টিমটো পিক কৰাৰ সময়ত৷ লগত পাঁচজনমান মানুহৰ সৈতে মই নেতৃত্ব কৰিছিলোঁ টিমটোৰ৷ সিহঁত বহুত ভাল মাউণ্টেইনাৰ যদিও বহুত ধীৰগতিৰ আছিল, আৰু মই সদায়েই বহুত স্পীড লওঁ৷ পৰ্বতাৰোহণত সকলোৰে গাত একেডাল ৰছী বন্ধা থাকে, যিয়ে আমাক সুৰক্ষা দিয়ে৷ কিন্তু সেইদিনা মই ৰছী খুলি গ’লো সিহঁত লাহে লাহে অহা বাবে৷ অলপ দূৰ যোৱাৰ পাছত পিছপিনৰ পৰা ধনমাই ছেত্ৰী নামৰ অসমীয়া ছোৱালীজনীয়ে মোক মাতিলে৷ মোক দেখি তায়ো আহিছিল মোৰ পিছে পিছে৷ কিন্তু হঠাতে মই তাইক ঘূৰি চাওঁতেই দেখিলোঁ তাই ওপৰৰ পৰা তললৈ পৰি গ’ল৷ ভাগ্য ভাল তাত এখন বৰফৰ প্লেটফৰ্ম আছিল৷ তাই বৰফেৰে ঢাক খাই পৰিছিল যদিও ৰঙা চুৱেটাৰ এটা পিন্ধি থকাৰ বাবে তাইৰ হাত এখন দেখা পাইছিলোঁ৷ দৌৰি গৈ তাইক তুলিলোঁ, গাত থপৰিয়াব লাগে সেয়াও কৰিলোঁ আৰু শেষত ৱাৰ্ম আপ কৰাই তাইক ঠিক কৰালোঁ৷ কিন্ত ওপৰলৈ উঠি আহিহে মই এটা কথা মন কৰিলোঁ যে প্লেটফৰ্ম খনৰ তলত এখন নদী আছিল৷ কিবাকৈ যদি আমি তলত পৰি গ’লোহেঁতেন, কোনেও আমাৰ বডীকেইটা বিচাৰি নাপালেহেঁতেন, ইফালে সেই প্লেটফৰ্মখন ইমানো শক্তিশালী প্লেটফৰ্মো নাছিল৷ কথাটো ভাবি মই তেতিয়া খুব কান্দিছিলো আৰু কান্দি কান্দিয়েই পাৰোঁমানে হুইছেল বজাইছিলোঁ৷ তলৰ পৰা ফু দৰ্জী, এণ্ড্ৰি চাৰ্পা আদি আহি মোক কান্দি থকা দেখি হাঁহিছিল৷ সিহঁতে পাছত হেলিকপ্টাৰ আনি তাইক উঠালে৷ সন্ধিয়া বেচ কেম্পলৈ ঘূৰি অহাৰ পাছত গ্ৰুপ লীডাৰ কিৰণ কুমাৰে মোক খুব গালি পাৰিলে, আনকি মাৰিবলৈহে বাকী৷ আচলতে তেওঁ মোক খুব মৰম কৰিছিল৷ তেওঁ মোক বুজালে যে- আত্মবিশ্বাস ভাল, কিন্তু অতিমাত্ৰা হোৱাটো খুব বেয়া কথা৷ সেয়া মোৰ জীৱনৰ এটা খুব ডাঙৰ অভিজ্ঞতা আছিল৷ মই অনুভৱ কৰিছিলোঁ যে সেয়া মোৰ ভুল আছিল৷ মই আৰু ধনমাই ছেত্ৰী বহুত সৌভাগ্যৱান আছিলোঁ বাবেহে বাছিলোঁ৷ পিছত তাই সকলোকে কৈছিল ময়েই তাইৰ জীৱনদাতা বুলি৷ এইটোও এটা বহুত ডাঙৰ অভিজ্ঞতা মোৰ জীৱনৰ৷

সাহিত্য: উত্তৰ-পূব পাহাৰৰ সৈতে জড়িত এনেকুৱা কিবা অভিজ্ঞতা আছে নেকি?

পাৰ্বতী প্ৰসাদ গৌতম: মই তেনেকৈ উত্তৰ পূবলৈ অভিযানৰ বাবে যোৱা নাই৷ মোৰ নিজৰ ঠাই খিনিয়েই মই ভালকৈ দেখা নাই বুলি ক’ব পাৰি৷ সব বাহিৰতেই কৰিছোঁ৷

সাহিত্য: আপোনাক এই ক্ষেত্ৰত উৎসাহিত কৰাৰ আঁৰৰ ব্যক্তিসকলৰ বিষয়ে জানিবলৈ বিচাৰিছোঁ৷ সৰ্বপ্ৰথম পৰ্যায়ৰ পৰা বিশ্ব পৰ্যায়লৈ লৈ যাবলৈ কোনে উৎসাহিত কৰিছিল?

পাৰ্বতী প্ৰসাদ গৌতম: প্ৰথম মোক ৰোহিনী ভূঞাই উৎসাহিত কৰিছিল৷ তেখেত নিজে আহি মোৰ ড্ৰয়িং ৰুমত বহি মোৰ লগত এই বিষয়ে কথা পাতিছিল৷

সাহিত্য: আপোনাৰ বয়স কিমান আছিল তেতিয়া?

পাৰ্বতী প্ৰসাদ গৌতম: ২০ বছৰ৷

সাহিত্য: আপোনাক ঘৰৰ পৰা একো বাধা-নিষেধ দিয়া নাছিল নে?

পাৰ্বতী প্ৰসাদ গৌতম: প্ৰথমতে মোক ঘৰৰ পৰা যথেষ্ট বাধা-নিষেধ দিছিল৷ মোৰ পিতায়ে তেতিয়া ৰোহিনী ভূঞাক সুধিছিল- কি লাভ হ’ব মাউণ্টেনিয়েৰিঙ কৰি? কিন্তু পিছলৈ পিতায়ে মোক যথেষ্ট উৎসাহিত কৰিছিল৷ মায়ে অলপ ভয় কৰিছিল, তেওঁ সদায় গধূলি গোঁসাই ঘৰত ধূপ-চাকি জ্বলাইছিল মোৰ বাবে৷ ঘৰৰ পৰা এসপ্তাহৰ মূৰত কিবাকৈ চিঠি আহিছিল৷ পৰ্বতত গছ-গছনি বেছিকৈ নাই বুলি জানিও মায়ে সদায় মোক ফল-মূল খাবলৈ কৈছিল..!

সাহিত্য: আপোনালোকৰ সহোদৰ কেইজন?

পাৰ্বতী প্ৰসাদ গৌতম: আমি পাঁচ ভাই৷ বাইদেউ এজনী, ভণ্টি এজনী, দাদা দুজন, মই মাজু আৰু মোৰ ভাইটি দুজন৷

সাহিত্য: পৰ্বতাৰোহণৰ প্ৰথম শিক্ষা ক’ত লৈছিল আপুনি?

পাৰ্বতী প্ৰসাদ গৌতম: পশ্চিম হিমালয়, মানালিত৷

সাহিত্য: এই পৰ্বতাৰোহণৰ ক্ষেত্ৰত অসমৰ উৎসাহী নৱ-প্ৰজন্মটোৰ ওপৰত আপুনি কি দৰে আশাবাদী?

পাৰ্বতী প্ৰসাদ গৌতম: মই ভাবোঁ আমাৰ অসমৰ ল’ৰাখিনি যথেষ্ট সাহসী৷ গোটেইকেইটা ইনষ্টিটিউটতে আমাৰ অসমৰ ল’ৰাৰ নাম আছে৷ যদি সুযোগ পায় তেন্তে প্ৰত্যেক জনেই এভাৰেষ্ট বগাব পাৰিব৷

সাহিত্য: বৰ্তমান কোনোবা তেনেকুৱা আছে নেকি?

পাৰ্বতী প্ৰসাদ গৌতম: গুৱাহাটীৰ পৰ্বতাৰোহণৰ চেক্ৰেটাৰী মানস বৰুৱা আৰু মোৰ ভাই আৰ.পি গৌতমে পৰ্বতাৰোহণৰ ক্ষেত্ৰত ভাল কাম কৰি আছে৷ বৰ্তমান আপোনালোকৰ চিনাকি শেখৰ বৰদলৈয়েও খুব ভাল কাম কৰি আছে৷

সাহিত্য: আপোনাৰ নেতৃত্বত এটা দলে শদিয়াৰ পৰা গুৱাহাটীলৈ বেম্ব’ ৰাফটিং কৰিছিল, সেই অভিজ্ঞতাৰ বিষয়ে অলপ জনাব নেকি? কেনেকৈ সেইটো ধাৰণা আহিল মনলৈ?

পাৰ্বতী প্ৰসাদ গৌতম: সেই ধাৰণাটো আচলতে মোৰ নাছিল৷ মোৰ লগৰে প্ৰণৱ দাসৰ আছিল৷ তাৰ আগতে প্ৰফুল্ল ডেকাই এবাৰ কৰিছিল৷ তাৰ পাছত পৰ্বতাৰোহণ সন্থাই ল’লে এই আঁচনিটো৷ আমি ২০১৬ চনত কৰিছিলোঁ৷ শদিয়াৰ ঢলাৰ পৰা গুৱাহাটীলৈ প্ৰায় ১৪ দিন লাগিছিল আমাৰ ১৬ জনীয়া দলটোক৷ আমি সদায় ৰাতি আৰম্ভ কৰিছিলোঁ অকল পাৰতে নহয় চাপৰিটো৷ কেতিয়াবা বতাহে আমাক বৰ দিগদাৰ কৰিছিল যদিও ব্ৰহ্মপুত্ৰৰ ওপৰত বাঁহ চলাই ৰাফটিং কৰাটো খুব ৰোমাঞ্চকৰ আছিল৷ বিশেষকৈ সূৰ্যোদয়, পানীত হাঁহ পৰাৰ দৃশ্যবোৰ খুব উপভোগ কৰিছিলোঁ৷

সাহিত্য: পৰ্বতাৰোহণ আৰু ৰাফটিংৰ বাহিৰে বেলেগ ধৰণৰ কিবা অভিযান কৰিছিল নেকি আপুনি?

পাৰ্বতী প্ৰসাদ গৌতম: নাই, মই বেছিকৈ পৰ্বতাৰোহণহে কৰিছিলোঁ৷ তাৰ আগতে মই মাৰাথান দৌৰিছিলোঁ আৰু গোটেই অসমখন চাইকেল লৈ ফুৰিছিলোঁ, তেজপুৰ, গোৱালপাৰা ইত্যাদি সকলোবোৰ ঠাইলেকে চাইকেলতে গৈছিলোঁ৷ চাইকেলেৰে ১০ ঘণ্টাৰ বাজী ধৰি শ্বিলঙলৈও গৈছিলোঁ৷

সাহিত্য: এভাৰেষ্টলৈ যোৱাৰ কিবা পৰিকল্পনা কৰিছে নেকি?

পাৰ্বতী প্ৰসাদ গৌতম: এতিয়া মোৰ বয়স যথেষ্ট হ’ল, ৭০ বছৰ বয়স৷ যোৱা ২০১৪ চনত প্ৰি-এভাৰেষ্টলৈ গৈছিলোঁ, তেতিয়া মোৰ ৬৪/৬৫ বছৰ বয়স৷ মই এতিয়া আকৌ যোৱা মানে, কিবা এটা হয় বুলি সকলোৱে ভয় কৰে৷ খুব সন্মান কৰে মোক পৰ্বতাৰোহণ কৰা আনসকলে৷ মই এতিয়া সকলোৰে চিনিয়ৰ অৰ্থাৎ গুৰু৷ বাছনি বিলাকত প্ৰতিবাৰেই যাওঁ৷

সাহিত্য: পৰ্বতাৰোহণৰ বাবে খুব কঠিন বুলি কোৱা গণেশ পৰ্বতো আপুনি অভিযান কৰিছে, তাৰ বিষয়ে পাঠকলৈ দুআষাৰ বিচাৰিছোঁ

পাৰ্বতী প্ৰসাদ গৌতম: গণেশ পৰ্বত বুলি ক’লে নিজস্ব এটা সৌন্দৰ্য্য আৰু সন্মান আছে৷ গোটেই অসমৰ ভিতৰত আমি দুই ককাই-ভায়ে বগাইছিলোঁ ১৯৮১ চনত৷ বাকী সকলো এজন এজনকৈ ৰৈ গৈছিল, কিন্তু আমি দুয়ো শেষলৈকে আছিলোঁ৷ শেষ মুহূৰ্তত অলপ নাৰ্ভাচ হৈছিলোঁ, সমগ্ৰ অভিযানটোৱেই বৰ বিপদসংকুল আছিল৷ তদুপৰি গণেশ পৰ্বতৰ এটা দিশে চীন আৰু এটা দিশে ভাৰত হোৱাৰ বাবেও সেই অভিযান এক কঠিন কাম আছিল৷

সাহিত্য: পৰ্বতাৰোহণৰ বাবে সা-সৰঞ্জাম আৰু খোৱাবস্তুবোৰ কেনেকৈ লগত নিছিল?

পাৰ্বতী প্ৰসাদ গৌতম: সেইবোৰ সকলো লগত ৰাখিবই লাগে৷ আজিকালি সকলো পৰ্টাৰত যায়, বেছিভাগ দলৰে সদস্য সকলে নিজে লগত নিনিয়ে৷ কিন্তু সেই তেতিয়াৰ দিনত আমি নিজেই সকলো কঢ়িয়াই নিছিলোঁ৷

সাহিত্য: পৰ্বতাৰোহণ আৰম্ভ কৰিবৰ কাৰণে কেনেকৈ আৰম্ভ কৰিব লাগে চমু আভাস এটা বিচাৰিছোঁ; মানে কেনে ধৰণে যাব পাৰি? কিমান দিন লাগে আৰু কি কি সঁজুলি-পাতি কেনেকৈ ব্যৱহাৰ কৰিব লাগে?

পাৰ্বতী প্ৰসাদ গৌতম: আজিকালি এইবোৰ বহুত আধুনিকীকৰণ হৈছে৷ নতুন সকলো বস্তু আমি ভালকৈ নাজানো৷ আজিকালি জুমাৰ ওলাইছে, পিচলি পৰি গ’লেও সেইডালত মানুহ ৰৈ যায়, বহুত সুৰক্ষিত৷ আগেয়ে আমি ৰচী আৰু চিলিং বুলি সৰু বস্তু এটাৰে অভিযান আৰম্ভ কৰিছিলোঁ৷ চিলিং ডালেৰে ওপৰলৈ হেঁচা দিয়াৰ লগে লগে গৈ থাকে, কিন্তু তললৈ নামি নাহে, পিচলিলেও সেইডালেৰে আমি ৰৈ যাওঁ৷ আমাৰ লগত আইচ এক্স বুলিও এখন কুঠাৰ থাকে, যিখন পৰ্বতাৰোহীৰ তৃতীয় ভৰি বুলিও কোৱা হয়৷ সেইখন নহ’লে পৰ্বত বগাব নোৱাৰি৷

আজিকালি বহুত বস্ত আধুনিক হ’ল, কিছুমানৰ ব্যৱহাৰ কমিল বুলিয়েই ক’ব পাৰি৷ ’আইৰণ চুল’ বুলি কোৱা বস্তু এপদেৰে আজিকালি পৰ্বতাৰোহীয়ে বৰফত খোপনি পুতি আগবাঢ়ি গৈ থাকে৷ লগত অক্সিজেন লৈ যাব লাগে, নহ’লে কষ্ট হয়৷ মই অৱশ্যে এতিয়ালৈকে অক্সিজেন ব্যৱহাৰ কৰি পোৱা নাই৷ ১৬০০০ ফুট মান উচ্চতাৰ পৰা অক্সিজেনৰ অভাৱ অনুভৱ হয়৷ লগত থকাটো সেয়েহে জৰুৰী৷

সাহিত্য: আপুনি যিমান অভিযান কৰিলে, চৰকাৰৰ পৰা কিবা সা-সুবিধা পাইছেনে?

পাৰ্বতী প্ৰসাদ গৌতম: এতিয়ালৈকে পোৱা নাই৷ আচলতে মই নিজেও বিচৰা নাই৷ প্ৰয়োজনীয় টকা-পইচাৰ আয়োজনবোৰ মই নিজেই কৰোঁ৷ কিন্তু যি সকলে বিচাৰে তেওঁলোকৰ বাবে বহুতো সা-সুবিধা আছে৷ অৱশ্যে এইবছৰতে মোক ক্ৰীড়া পেঞ্চন হিচাবে ৫০,০০০ টকাৰ এককালীন সাহায্য দিয়াৰ কথা চৰকাৰৰ ফালৰপৰা জনাইছে৷

সাহিত্য: নতুন প্ৰজন্মক দুঃসাহসিক ক্ৰীড়াবোৰৰ প্ৰতি অধিক আকৰ্ষণ কৰিবলৈ কি কি ধৰণৰ পদ্ধতি ল’ব পাৰি?

পাৰ্বতী প্ৰসাদ গৌতম: বৰ্তমান সময়ত যথেষ্টখিনি উৎসাহী ল’ৰা ওলাইছে৷ যাৰ বাবে কোনো এটা অভিযানৰ বাবে বাছনি কৰিব লগাত পৰে৷ কিন্তু আমাৰ সময়ত আমি ঘৰে ঘৰে গৈ মানুহ মাতি আনিছিলো৷ আজিকালি আমাৰ শিশুসকলৰ বাবে ট্ৰেকিং আৰু গ্ৰীষ্মকালীন ট্ৰেইনিং আছে৷ তেওঁলোকৰ বয়সৰ সীমা ৫ বছৰৰ পৰা ১২ বছৰৰ ভিতৰত ৰখা হয়৷ আমাৰ ল’ৰা- ছোৱালী বহুত উৎসাহী৷ কৃত্ৰিম শৈলাৰোহণৰ কেম্পবিলাকত বহুত ল’ৰা-ছোৱালী আহে৷ ছোৱালীবিলাকৰ উৎসাহো শলাগ ল’বলগীয়া৷ আমাৰ শৈলক্ষেত্ৰবিলাকৰ আৰু উন্নতি কৰিব পাৰিলে ল’ৰা-ছোৱালীবোৰ অধিক আগ্ৰহী হ’ব৷ কামবোৰ মাত্ৰ পইচাৰ বাবে হ’ব নালাগে মাথোঁঁঁ, অন্তৰৰ পৰা হ’ব লাগে৷

সাহিত্য: উত্তৰ-পূবত দু: সাহসিক ক্ৰীড়াৰ বাবে সুচল কি কি ঠাই আছে?

পাৰ্বতী প্ৰসাদ গৌতম: উত্তৰ-পূব ভাৰত যদি খুলি দিয়ে, অৰুণাচলখনত গোটেই পৃথিৱীৰে মানুহ ভৰি পৰিব৷ ইয়াত বহুত ভাল ভাল শৃংগ আৰু ট্ৰেক আছে যিবিলাক এতিয়াও কোনেও জয় কৰিবলৈ সক্ষম হোৱা নাই৷ একমাত্ৰ চীনদেশখন সীমান্তত আছে কাৰণেই চৰকাৰে আজিলৈকে অনুমতি দিয়া নাই৷

সাহিত্য: পৰ্বতাৰোহণ কৰিবৰ বাবে নিজকে কি ধৰণে শাৰীৰিক আৰু মানসিক ভাৱে প্ৰস্তুত কৰিব লাগে?

পাৰ্বতী প্ৰসাদ গৌতম: শাৰীৰিক শক্তিতো লাগিবই৷ শাৰীৰিক শক্তিতকৈ মনৰ জোৰটো বেছি লাগিব আৰু আত্মবিশ্বাস যথেষ্ট লাগিব৷ কিন্তু অত্যধিক আত্মবিশ্বাস বেয়া, সেইয়া সদায় সীমাত থাকিব লাগে৷ সেই যে মই ৰচী খুলি দিছিলোঁ, সেইটো মোৰ অত্যধিক আত্মবিশ্বাস আছিল, আচলতে তেনেকুৱা কৰিব নালাগে৷

সাহিত্য: আপোনাৰ ফ্ৰষ্ট বাইটৰ অভিজ্ঞতা আছে নেকি?

পাৰ্বতী প্ৰসাদ গৌতম: মোৰ ক্ষেত্ৰত হোৱা নাই কিন্তু বন্ধু অমিয় মুখাৰ্জীৰ ভৰিৰ নটা আঙুলি ফ্ৰষ্ট বাইটৰ বাবে কটা গৈছিল, ঠাণ্ডাৰ বাবে ৰক্ত সঞ্চালন বন্ধ হৈ জঠৰ হৈ পৰিছিল আঙুলিবোৰ৷ এনেকুৱা হ’লে আঙুলিবোৰ মৰি যায়, গতিকে কাটি পেলোৱাৰ বাহিৰে একো উপায় নাথাকে৷ তাৰাপুৰে নামৰ এজনৰো আঙুলি কটা গৈছিল৷ আজিকালি দৰৱ ওলাইছে উপশমৰ বাবে, আমাৰ সময়ত তেনে সুবিধা নাছিল৷

সাহিত্য: অসম পৰ্বতাৰোহণ সংস্থাৰ বৰ্তমান কিবা পৰিকল্পনা আছে নেকি?

পাৰ্বতী প্ৰসাদ গৌতম: এইবছৰ এভাৰেষ্টলৈ যোৱাৰ পৰিকল্পনা আছিল কিন্তু কৰ’নাৰ বাবে নহ’ল৷ অহাবাৰলৈ আকৌ পৰিকল্পনা কৰিছে৷

সাহিত্য: এভাৰেষ্ট জয় কৰিবলৈ আনুমানিক খৰচ মানুহে প্ৰতি কিমান মান হয়? চৰকাৰৰ ফালৰ পৰা সাহায্য থাকেনে?

পাৰ্বতী প্ৰসাদ গৌতম: মানুহে প্ৰতি ৫০/৬০ লাখ খৰচ পৰে৷ আজিকালি পইচা থাকিলে চেৰ্পাবোৰে বোকোচাত লৈ হ’লেও এভাৰেষ্ট পোৱাই দিয়েগৈ৷ এজন মানুহে চাৰিজনকৈ চেৰ্পাও লগত ল’ব পাৰে৷

সাহিত্য: আপোনাৰ এই অভিযানবিলাক কিতাপ আকাৰে লিখাৰ পৰিকল্পনা আছে নেকি?

পাৰ্বতী প্ৰসাদ গৌতম: মোৰ সেইটোতেই দুৰ্বলতা৷ মোক চবেই কয় সেইটো কথা, কিন্তু মই লিখা-মেলাৰ ক্ষেত্ৰত দুৰ্বল৷ মোৰ ভাইটোৱে লিখে৷ ময়ো লিখাৰ কথা ভাবিহে আছোঁ৷

সাহিত্য: ভৱিষ্যতৰ বাবে কিবা অভিযানৰ পৰিকল্পনা কৰি ৰাখিছে নেকি?

পাৰ্বতী প্ৰসাদ গৌতম: এতিয়া বয়স মোৰ ৭০ বছৰ হ’ল৷ এনেইতো প্ৰতিবছৰেই যাওঁ, কিন্তু ২০১৪ৰ পাছত ডাঙৰ কিবা কৰা নাই৷

সাহিত্য: আপোনাৰ পৰ্বতাৰোহণৰ ফটো চাব বিচাৰিছিলোঁ?

পাৰ্বতী প্ৰসাদ গৌতম: ফটো খুব কম আছে৷ নাই বুলিলেও হয়৷ আচলতে মই পৰ্বতত বগাবৰ বাবে ইমান পাগল আছিলোঁ যে সেইটো ধান্দাতে ফটো তোলাই নহ’ল মোৰ বেছি৷

সাহিত্য: আমাৰ আলোচনী খনৰ বাবে কিবা ক’ব নেকি? আলোচনী খনলৈ কিবা উপদেশ?

পাৰ্বতী প্ৰসাদ গৌতম: যিমানেই আলোচনী ওলায়, সিমানেই ভাল আমাৰ বাবে৷ আমাৰ ক্ৰীড়া বা দুঃসাহসিক ক্ৰীড়াৰ ক্ষেত্ৰত আলোচনী প্ৰায় নাই বুলিয়েই ক’ব পাৰি৷ আপোনালোকে এইটো সংখ্যা দু: সাহসিক ক্ৰীড়া আৰু ভ্ৰমণক প্ৰধান বিষয় হিচাপে ৰখাৰ বাবে খুবেই ভাল পাইছোঁ৷ আপোনালোকৰ আলোচনী খনৰ বাবে শুভেচ্ছা থাকিল৷

সাহিত্য: আপোনাৰ বহুমূল্য সময় আমাক দিয়াৰ বাবে ধন্যবাদ জনালোঁ৷

পাৰ্বতী প্ৰসাদ গৌতম: ধন্যবাদ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments