সূতা – জোনমণি দাস

(মাইৰ হাতত)

সূতাৰ সাধু সদায় সনাতন

গামোচাত আঁচু দিবলৈ আয়ে
ববিন লোৱা ৰঙা সূতাবোৰে শৈশৱত
মোৰ চকুক চৰাই কৰিছিল

চৰাই হৈ চকুহালে
ৰঙা সূতাবোৰত চাই ফুৰিছিল
গুটিমালী সপোন

খনীয়া ব’বলৈ
বগা সূতাবোৰ বাতি কাঢ়োঁতে
মহুৰা ফুৰোৱা আঙুলিকেইটাই
ছিগা সূতাবোৰ জোৰাই থাকোঁতে
গুটিমালি সপোনে নেফানেফ কৰিছিল
মোৰ চকু৷

বগা সূতাবোৰৰ দৰেই
আইৰ চাদা চাদৰখন আৰু উকা সেওতাই
কাবু কৰিছিল মোৰ কৈশোৰ

বিচিত্ৰ ৰঙৰ সূতাবোৰে
মাকোৰ মাতত বিলীন কৰি লৈছিল
আইৰ বাঁৰী বুকুৰ বেদনা

সূতাৰ মাজতে সোমাই আছিল
আইৰ সাঁচতীয়া সপোন
গৰকাত গিপগিপনি তুলি
শালৰ সূতাত তেওঁ খুন্দিছিল সমস্ত শোক
শোকবোৰ গুণাফুটুকী হৈ ফুলিছিল
সূতাৰ সাধুকথাত৷

আইৰ আছুতীয়া আকাশ নাছিল
অথচ ব তোলা চুঙাটোতে ব্ৰহ্মাণ্ড৷

পকোৱা সূতাৰ পাক খুলি
মহুৰা ফুৰাওঁতে
আয়ে কৈছিল-
সূতাৰ সাধু সদায় সনাতন
খনীয়াৰে শ ঢাকিব নোৱাৰি বোপাই
গামোছাৰে কেনেকৈ ঢাকিবি!

ছহতীয়া চেলেং ব’বলৈ
আয়ে যেতিয়া বাতি কাঢ়িছিল
তেতিয়াই

বগা সূতাবোৰে বুকুত
অনাহূত বিষাদৰ বাট এটা কাটি
মোক বুৰাই পেলাইছিল
এলান্ধুৰ এন্ধাৰত৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক